"মণিপুৰ সাংগাই উৎসৱে মণিপুৰৰ জনসাধাৰণৰ আত্মা আৰু আবেগক আলোকপাত কৰে"
"মণিপুৰ ঠিক এডাল সুন্দৰ মালাৰ দৰে য'ত সকলোৱে এখন মিনি ইণ্ডিয়া প্ৰত্যক্ষ কৰে"
"সাংগাই উৎসৱে ভাৰতৰ জৈৱ বৈচিত্ৰ্য উদযাপন কৰে"
"যেতিয়া আমি প্ৰকৃতি, জীৱ-জন্তু আৰু উদ্ভিদক আমাৰ উৎসৱ আৰু উদযাপনৰ অংশ কৰি তুলিম, তেতিয়া সহাৱস্থান আমাৰ জীৱনৰ এক স্বাভাৱিক অংশ হৈ পৰিব"

সম্ভাষণ গ্ৰহণ কৰিব! সংগাই মহোৎসৱৰ সফল আয়োজনৰ বাবে মণিপুৰৰ সকলো ৰাইজকে আন্তৰিক অভিনন্দন জনালো!

ক’ৰোনা মহামাৰীটোৰ বাবে দুবছৰৰ পিছত সংগাই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই কাৰ্য্যসূচী পূৰ্বৰ তুলনাত অধিক ব্যাপক আয়োজনেৰে উদযাপিত হোৱাত মই সন্তোষ পাইছো। ইয়াৰ জৰিয়তে মণিপুৰৰ ৰাইজৰ উদ্দীপনা আৰু আগ্ৰহ প্ৰকাশ পাইছে। বিশেষকৈ মণিপুৰ চৰকাৰে ইমান ব্যাপক দৃষ্টি আগত ৰাখি আয়োজন কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়! ইয়াৰ বাবে মই মুখ্যমন্ত্ৰী এন. বিৰেন সিং জী আৰু তেওঁৰ সমগ্ৰ চৰকাৰৰ শলাগ লৈছো।


বন্ধুসকল,

মণিপুৰ হৈছে প্ৰাকৃতিক সৌন্দৰ্য্য, সাংস্কৃতিক সমৃদ্ধি আৰু বৈচিত্ৰ্যৰে ভৰপূৰ এখনি ৰাজ্য। যিখনি ৰাজ্যক সকলোৱে এবাৰ হ’লেও চাব বিচাৰে। মণিপুৰ যেন এডাল সূতাত নানা ৰঙী ৰত্ন খচিত এধাৰি সুন্দৰ মালা। সেইবাবেই, আমি মণিপুৰত এখনি ক্ষুদ্ৰ ভাৰত দেখিবলৈ পাওঁ। এই ‘অমৃতকাল’ ৰ সময়ছোৱাত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ উদ্দীপনাৰে দেশখন আগবাঢ়িছে। এনে পৰিস্থিতিত "একতাৰ উৎসৱ" শীৰ্ষক সংগাই মহোৎসৱৰ সফল আয়োজনে আমাক অধিক শক্তি প্ৰদান কৰিব আৰু ভৱিষ্যতে এক নতুন প্ৰেৰণা যোগাব। সংগাই কেৱল মণিপুৰৰ ৰাজ্যিক প্ৰাণীয়েই নহয়, বৰঞ্চ ভাৰতৰ সামাজিক প্ৰমূল্যবোধ আৰু পৰম্পৰাতো ইয়াৰ এক বিশেষ স্থান আছে। সেয়ে ভাৰতৰ জৈৱ বৈচিত্ৰ্যক উদযাপনৰ ক্ষেত্ৰতো সংগাই মহোৎসৱে এক অনন্য ভূমিকা পালন কৰিছে। ইয়াৰোপৰি, ইয়াৰ জৰিয়তে প্ৰকৃতিৰ সৈতে ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্কক উদযাপন কৰা হয়। আৰু একে সময়তে এই উৎসৱে বহনক্ষম জীৱনশৈলীৰ বাবে প্ৰয়োজনীয় সামাজিক সংবেদনশীলতাও জাগ্ৰত কৰিছে। আমি প্ৰকৃতি, জীৱ-জন্তু আৰু উদ্ভিদক আমাৰ উৎসৱ আৰু উদযাপনৰ অংশ কৰি লোৱা মাত্ৰেকে সহ-অস্তিত্ব আমাৰ জীৱন যাত্ৰাৰ স্বাভাৱিক অংগ হৈ পৰে।


ভ্ৰাতৃ-ভগ্নীসকল,

মই জানিব পাৰিছো, "একতাৰ উৎসৱ" ৰ উদ্দীপনাক সৰোগত কৰি এইবাৰ সংগাই মহোৎসৱ কেৱল ৰাজধানী চহৰতে নহয়, সমগ্ৰ ৰাজ্যখনতে উদযাপন কৰা হৈছে। নাগালেণ্ড সীমান্তৰপৰা ম্যানমাৰ সীমান্তলৈকে প্ৰায় ১৪ টা স্থানত এই উৎসৱৰ বিভিন্ন ৰং দেখা গৈছে। এয়া এক প্ৰশংসনীয় পদক্ষেপ! অধিক সংখ্যক লোক এনে উদযাপনত জড়িত হ’লে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনা চৰ্চালৈ আহে।

 
বন্ধুসকল,

আমাৰ দেশখনত শতিকা পুৰণি উৎসৱ, উদযাপন, মেলাৰ পৰম্পৰা আছে। এনে উৎসৱে আমাৰ সংস্কৃতিক সমৃদ্ধ কৰাই নহয়, বৰঞ্চ থলুৱা অৰ্থনীতিকো এক নতুন মাত্ৰা প্ৰদান কৰে। সংগাই মহোৎসৱৰ দৰে অনুষ্ঠানে বিনিয়োগকাৰী আৰু ব্যৱসায়সমূহকো আকৰ্ষিত কৰে। ভৱিষ্যতেও এই উৎসৱ ৰাজ্যখনৰ আজিৰ দৰে এনে উল্লাস আৰু উন্নয়নৰ এক শক্তিশালী মাধ্যম হৈ থাকিব বুলি মোৰ বিশ্বাস।


এই আশাৰেই সকলোকে বহু-বহু ধন্যবাদ জনালো!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Fiscally fit: The counterintuitive move that helped India tame inflation

Media Coverage

Fiscally fit: The counterintuitive move that helped India tame inflation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of benevolent actions and welfare of others
August 19, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that the true fulfilment of human life lies in constantly working for the welfare and well-being of other living beings.

The Prime Minister shared a Sanskrit Subhashitam-

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।
प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”

The Subhashitam conveys that the ultimate fulfillment of human life in this world lies in constantly performing benevolent and welfare-oriented actions toward other living beings through one's physical capabilities, wealth, intellect, and speech.

The Prime Minister wrote on X;

“एतावज्जन्मसाफल्यं देहिनामिह देहिषु।

प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा॥”