Quote“এগৰাকী কৃষিক মন্ত্ৰীৰ দায়িত্ব কেৱল অৰ্থনীতিৰ এটা খণ্ড চম্ভালিব পৰাতে সীমাবদ্ধ নহয়, বৰঞ্চ মানৱতাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশতো বিস্তৃত”
Quote“ভাৰতৰ নীতি হৈছে ‘মৌলিকতাৰ দিশে ঘুৰি যোৱা’ আৰু ‘ভৱিষ্যত দিশে অগ্ৰসৰ’ হোৱাৰ সংমিশ্ৰণ”
Quote“আহক আমি শ্ৰী অন্ন বাজৰাক আমাৰ পছন্দৰ খাদ্য হিচাপে আকোৱালি লওঁ”
Quote“বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰম্পৰাগত পদ্ধতিয়ে আমাক পুনৰ উৎপাদনশীল কৃষিৰ বিকল্প বিকশিত কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে”
Quoteপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জি-২০ কৃষি মন্ত্ৰীসকলৰ বৈঠকত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ প্ৰদান কৰে।

মহামহিম, মহিলা আৰু ভদ্ৰলোকসকল, নমস্কাৰ!

মই আপোনালোক সকলোকে ভাৰতলৈ স্বাগতম জনাইছো। কৃষি হৈছে মানৱ সভ্যতাৰ হৃদপিণ্ডস্বৰূপ। আৰু সেয়েহে, কৃষি মন্ত্ৰী হিচাপে, আপোনালোকৰ কাম কেৱল অৰ্থনীতিৰ এটা খণ্ড চম্ভালি লোৱাই নহয়। আপোনালোকে মানৱতাৰ ভৱিষ্যতৰ বাবে এটা ডাঙৰ দায়িত্ব বহন কৰিছে। বিশ্বৰ কৃষিয়ে দুই দশমিক পাঁচ বিলিয়নতকৈয়ো অধিক লোকৰ বাবে জীৱিকা প্ৰদান কৰে। ‘গোলকীয় দক্ষিণ’ত কৃষি ‘জিডিপি’ৰ প্ৰায় ৩০ শতাংশ, আৰু নিয়োগৰ ৬০ শতাংশৰো অধিক। আৰু আজি, এই খণ্ডটোৱে কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। মহামাৰীৰ ফলত ব্যাহত হোৱা যোগান শৃংখলাৰ অৱস্থা ভূ-ৰাজনৈতিক উত্তেজনাৰ ফলত অধিক অৱনতি ঘটিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত বতৰৰ অত্যাধিক পৰিঘটনাসমূ অধিক সঘনাই ঘটিবলৈ ধৰিছে। এই প্ৰত্যাহ্বানবোৰ ‘গ্লোবেল ছাউথ’-য়ে আটাইতকৈ বেছি অনুভৱ কৰিবলগীয়া হৈছে।

বন্ধুসকল,

এই আটাইতকৈ গুৰুত্বপূৰ্ণ খণ্ডটোত ভাৰতে কি কৰি আছে মই আপোনালোকক সেই বিষয়ে জনাব বিচাৰিছো। আমাৰ নীতি হৈছে এক সংমিশ্ৰণ- 'বেক টু বেছিকছ' আৰু 'মাৰ্চ টু ফিউশ্যাৰ'। আমি প্ৰাকৃতিক কৃষিৰ লগতে প্ৰযুক্তি-সক্ষম কৃষিক উদগণি দিয়াৰ প্ৰয়াস কৰি আহিছো। সমগ্ৰ ভাৰতৰ কৃষকসকলে এতিয়া প্ৰাকৃতিক কৃষি আদৰি লৈছে। তেওঁলোকে সংশ্লেষিত সাৰ বা কীটনাশক ব্যৱহাৰ কৰা নাই। তেওঁলোকৰ গুৰুত্ব হৈছে ধৰিত্ৰী আইক পুনৰুজ্জীৱিত কৰা, ভূমি-স্বাস্থ্য সুৰক্ষিত কৰা, 'প্ৰতি টোপালত, অধিক শস্য' উৎপাদন কৰা, আৰু জৈৱিক সাৰ আৰু কীট ব্যৱস্থাপনা সম্পৰ্কীয় সমাধানক উত্সাহিত কৰা। একে সময়তে, আমাৰ কৃষকসকলে উৎপাদনশীলতা বৃদ্ধিৰ বাবে সক্ৰিয়ভাৱে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আছে। তেওঁলোকে তেওঁলোকৰ খেতিপথাৰত সৌৰশক্তি উৎপাদন আৰু ব্যৱহাৰ কৰি আছে। তেওঁলোকে শস্য বাছনি অনুকূলিত কৰিবলৈ ভমি-স্বাস্থ্য পত্ৰ ব্যৱহাৰ কৰি আছে, আৰু পুষ্টিদ্ৰব্যৰ সিঞ্চন কৰিবলৈ আৰু তেওঁলোকৰ শস্য নিৰীক্ষণ কৰিবলৈ ‘ড্ৰোন’ ব্যৱহাৰ কৰি আছে। মই বিশ্বাস কৰোঁ যে কৃষিৰ কেইবাটাও সমস্যা সমাধান কৰাৰ বাবে এই ''ফিউজন পদ্ধতি'' হৈছে সৰ্বশ্ৰেষ্ঠ উপায়।

বন্ধুসকল,

আপোনালোকে জানেনে, ২০২৩ বৰ্ষটো ‘আন্তৰ্জাতিক বাজ্ৰা বৰ্ষ’ হিচাপে উদযাপন কৰা হৈছে। আপোনালোকে হায়দৰাবাদত আপোনালোকৰ ভোজনৰ সময়ত ইয়াৰ প্ৰতিফলন দেখিবলৈ পাব, বাজ্ৰাক আধাৰ কৰি বহুতো ব্যঞ্জন, বা যাক আমি ভাৰতত ‘শ্ৰী অন্ন’ বুলি কওঁ। এই ‘ছুপাৰফুড’সমূহ কেৱল খোৱাৰ বাবেই স্বাস্থ্যকৰ নহয়, বৰঞ্চ, ইহঁতক কম পানী ব্যৱহাৰ কৰি উত্পাদন কৰিব পাৰি। ইহঁতক কম সাৰৰ প্ৰয়োজন, আৰু ইহঁত অধিক কীট-প্ৰতিৰোধী হোৱাৰ বাবে আমাৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাত সহায় কৰে। অৱশ্যে, বাজ্ৰাৰ খেতি নতুন নহয়। এইবোৰৰ হাজাৰ হাজাৰ বছৰ ধৰি খেতি কৰা হৈছে। কিন্তু বজাৰ আৰু বিপণনে আমাৰ পছন্দবোৰক ইমান প্ৰভাৱিত কৰিছিল যে আমি পৰম্পৰাগত ভাৱে উৎপাদিত খাদ্য শস্যৰ মূল্য পাহৰি গৈছিলো। আহক আমি শ্ৰী অন্ন মিলেটছ বা বাজ্ৰাবোৰক আমাৰ পচন্দৰ খাদ্য হিচাপে গ্ৰহণ কৰাৰ পৰম্পৰা গঢ়ো আহক। আমাৰ নিজৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে, ভাৰতে বাজ্ৰাত সৰ্বশ্ৰেষ্ঠ পদ্ধতি, গৱেষণা আৰু প্ৰযুক্তিসমূহৰ বিনিময় কৰাৰ বাবে ‘উৎকৰ্ষতাৰ কেন্দ্ৰ’ হিচাপে এক বাজ্ৰা গৱেষণা প্ৰতিষ্ঠান বিকশিত কৰি আছে।

 

বন্ধুসকল,

 

মই আপোনালোকক বিশ্ব জুৰি খাদ্য সুৰক্ষা আহৰণ কৰাৰ বাবে কেনেদৰে সামূহিক পদক্ষেপ ল'ব লাগে সেই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ অনুৰোধ জনাইছো। আমি প্ৰান্তীয় কৃষকসকলৰ ওপৰত গুৰুত্ব দি বহনক্ষম আৰু সামগ্ৰিক খাদ্য প্ৰণালী গঢ়ি তোলাৰ উপায় বিচাৰি উলিয়াব লাগিব। আমি বিশ্বজুৰি সাৰ যোগান শৃংখলা শক্তিশালী কৰাৰ উপায় বিচাৰি উলিয়াব লাগিব। একে সময়তে,  উন্নত ভূমি-স্বাস্থ্য, শস্যৰ স্বাস্থ্য আৰু উৎপাদনৰ বাবে কৃষি পদ্ধতি গ্ৰহণ কৰিব লাগিব। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত প্ৰথাই আমাক পুনৰ্গঠনকাৰী কৃষিৰ বিকল্প বিকশিত কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। আমি আমাৰ কৃষকসকলক উদ্ভাৱন আৰু ডিজিটেল প্ৰযুক্তিৰে শক্তিশালী কৰিব লাগিব। আমি গোলকীয় দক্ষিণৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বাবে সমাধানসূত্ৰসমূহ সুলভ কৰি তুলিব লাগিব। কৃষি আৰু খাদ্য আৱৰ্জনা হ্ৰাস কৰাৰ আৱশ্যকতা আছে, আৰু তাৰ পৰিৱৰ্তে, আৱৰ্জনাৰ পৰা সম্পদ সৃষ্টি কৰাত বিনিয়োগ কৰাৰো প্ৰয়োজন আছে।

 

বন্ধুসকল

 

কৃষিক্ষেত্ৰত ভাৰতৰ ‘জি-২০’ অগ্ৰাধিকাৰসমূহে আমাৰ 'এক পৃথিৱী'ক আৰোগ্য কৰা, আমাৰ 'এক পৰিয়াল'ৰ মাজত সমন্বয় সৃষ্টি কৰা আৰু এক উজ্জ্বল 'এক ভৱিষ্যত'ৰ আশা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰে। মই জানি সুখী হৈছো যে আপোনালোকে দুটা দৃঢ় লক্ষ্য সাৰোগত কৰি কামত আগবাঢ়িব খুজিছে। ''খাদ্য সুৰক্ষা আৰু পৰিপুষ্টিৰ ওপৰত ডেক্কান উচ্চ স্তৰীয় নীতি''; আৰু, বাজ্ৰা আৰু অন্যান্য শস্যৰ বাবে ''মহাঋষি'' উদ্যোগ। এই দুটা পদক্ষেপৰ সমৰ্থন হৈছে সামগ্ৰিক, বহনক্ষম আৰু স্থিতিস্থাপক কৃষিৰ সমৰ্থনত এক বিবৃতি। মই আপোনালোকৰ আলোচনাৰ সফলতা কামনা কৰিছো।

ধন্যবাদ।

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • Reena chaurasia September 03, 2024

    मोदी
  • Reena chaurasia September 03, 2024

    बीजेपी
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻✌️
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Devaraj July 02, 2023

    Bharat Mata Ki Jai Thank you very much to the Honorable Prime Minister for declaring this as the International Year of Small Grains. I am happy to say that I have planted rye in my one acre land.
  • SHIVANAND R. NAVINALE June 25, 2023

    Bharat bhagya Vidhata Modiji
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s development story and the PM’s contribution

Media Coverage

India’s development story and the PM’s contribution
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Gukesh for his first-ever win against Magnus Carlsen in Norway Chess 2025
June 02, 2025

Prime Minister, Shri Narendra Modi, has congratulated Gukesh for his first-ever win against Magnus Carlsen in Round 6 of Norway Chess 2025."Congratulations to him for triumphing over the very best. His first-ever win against Magnus Carlsen in Round 6 of Norway Chess 2025 showcases his brilliance and dedication", Shri Modi stated.

The Prime Minister posted on X;

"An exceptional achievement by Gukesh! Congratulations to him for triumphing over the very best. His first-ever win against Magnus Carlsen in Round 6 of Norway Chess 2025 showcases his brilliance and dedication. Wishing him continued success in the journey ahead."

@DGukesh