ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য জী, শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী ড° এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, অন্যান্য মন্ত্ৰীগণ, সাংসদগণ, বিধায়ক, সকলো শিল্পী বন্ধু আৰু অসমৰ মোৰ ভাতৃ আৰু ভগ্নীসকল,

সোবইকে হমাৰ জোহাৰ, মোৰ ভাই বহিন সব, তহনিকেৰ কি খবৰ?

আপোনালোক আটাইকে মোৰ আন্তৰিক ওলগ জনাইছোঁ।

আজি ইয়াত উপস্থিত হৈ, মই বৰ আনন্দিত হৈছোঁ।

ভাতৃ-ভগ্নীসকল,

আজি অসমত ইয়াত এক অদ্ভুত পৰিবেশ। শক্তিৰে ভৰপূৰ পৰিৱেশ। উৎসাহ, উল্লাস আৰু উত্তেজনাৰে এই সমগ্ৰ ষ্টেডিয়াম প্ৰতিধ্বনিত হৈ আছে। ঝুমইৰ নৃত্যৰ আপোনালোক সকলো শিল্পীৰ প্ৰস্তুতি, সকলো দিশতে দেখা গৈছে। এই জবৰদস্ত প্ৰস্তুতিত চাহ বাগিচাৰ সুগন্ধিও আছে, আৰু তাৰ সুন্দৰতাও আছে। আৰু আপোনালোকে তো জানেই, চাহৰ সুগন্ধি আৰু চাহৰ ৰং এজন চায়ৱালাতকৈ বেছি কোনে জানিব? সেয়ে ঝুমইৰ আৰু বাগান সংস্কৃতিৰ লগত যেনেকৈ আপোনালোকৰ বিশেষ সম্পৰ্ক আছে নহয়, তেনেকৈ মোৰো সম্পৰ্ক আছে।

 

বন্ধুসকল,

ইমান বৃহৎ সংখ্যাত আপোনালোক সকলো শিল্পীয়ে যেতিয়া ঝুমইৰ নৃত্য কৰিব, তেতিয়া ই স্বৰূপাৰ্থতে এটা অভিলেখ সৃষ্টি কৰিব। ইয়াৰ আগতে, মই ২০২৩ চনত যেতিয়া অসমলৈ আহিছিলোঁ, তেতিয়া ১১ হাজাৰৰো অধিক লোকে একেলগে বিহু নৃত্য কৰি অভিলেখ সৃষ্টি কৰিছিল। সেই দৃশ্য মই তো কেতিয়াও পাহৰিবই নোৱাৰোঁ, কিন্তু যিসকলে টিভিত দেখিছিল নহয়, তেওঁলোকেও মোক বাৰে বাৰে সোঁৱৰাই দিয়ে। এতিয়া আজি আকৌ এবাৰ মই তেনেকুৱাই দৃশ্যৰ আশ্চৰ্যকৰ প্ৰস্তুতিৰ অপেক্ষা কৰি আছোঁ। মই এই সাংস্কৃতিক আয়োজনৰ বাবে অসম চৰকাৰক আৰু শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীক অভিনন্দন জনাইছোঁ।

আইজ অসমকেৰ চাহ জনগোষ্ঠী, আৰু আদিবাসী মানুষেৰ সংগে, অসমকেৰ একটা গৰ্বৰ দিন লাগে। এই দিনতে সবাইকে শুভেচ্ছা জানাচ্ছি।

বন্ধুসকল,

এনেধৰণৰ ভব্য আয়োজনৰ সৈতে অসমৰ গৌৰৱ তো সংযুক্ত হৈ আছেই, ইয়াত ভাৰতৰ মহান বৈচিত্ৰ্যও দেখা যায় আৰু এতিয়া মোক কোৱা হ’ল যে ৬০খনতকৈও অধিক বিশ্বৰ বেলেগ বেলেগ দেশৰ ৰাষ্ট্ৰদূতো অসমক অনুভৱ কৰিবলৈ ইয়াত উপস্থিত আছে। এটা সময় আছিল, যেতিয়া দেশত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰো উপেক্ষা হৈছিল আৰু ইয়াৰ সংস্কৃতিকো আওকাণ কৰা হৈছিল। কিন্তু এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিৰ ব্ৰেণ্ড এম্বেছেদৰ স্বয়ং মোদীয়েই হৈ পৰিছে। মই অসমৰ কাজিৰঙাত থকা, বিশ্বক ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে কোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী। আৰু এতিয়া হিমন্ত দাই ইয়াৰ বৰ্ণনা কৰিলে আৰু আপোনালোক সকলোৱে থিয় হৈ ধন্যবাদ প্ৰস্তাৱ দিলে। আমি কেইমাহমান আগতেই অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদাও দিছোঁ। অসমৰ ৰাইজে নিজৰ ভাষাৰ প্ৰতি এই সন্মানৰ বাবে দশক দশক ধৰি অপেক্ষা কৰি আছিল। একেদৰে, চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যতো অন্তৰ্ভুক্ত কৰোৱা হৈছে। ইয়াতো ভাজপা চৰকাৰৰ প্ৰয়াসৰ ডাঙৰ ভূমিকা আছে।

 

বন্ধুসকল,

অসমৰ গৌৰৱ বীৰ পুত্ৰ লাচিত বৰফুকন, যি মোগলৰ বিৰুদ্ধে যুঁজ দি অসমৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিছিল। আমি তেওঁৰ ৪০০ সংখ্যক জন্মদিৱস ইমান ব্যাপক স্তৰত উদযাপন কৰিলোঁ, গণতন্ত্ৰ দিৱসত লাচিত বৰফুকনৰ প্ৰতীকপটো অন্তৰ্ভুক্ত হ’ল আৰু দেশজুৰি মানুহে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছিল। ইয়াত অসমত তেওঁৰ ১২৫ ফুটৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰা হৈছে। একেদৰে, আদিবাসী সমাজৰ ঐতিহ্য উদযাপনৰ বাবে আমি জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ আৰম্ভণিও কৰিছোঁ। আৰু অসমৰ ৰাজ্যপাল তো নিজেই আমাৰ লক্ষ্মণ প্ৰসাদ জী আদিবাসী সমাজৰ সন্তান আৰু আজি নিজৰ পুৰুষাৰ্থৰে এইখিনিত পাইছেহি। দেশত জনজাতীয় সমাজৰ যিসকল নায়ক-নায়িকা আছে, তেওঁলোকৰ অৱদানক অমৰ কৰি তোলাৰ বাবে আদিবাসী সংগ্ৰহালয়ো নিৰ্মাণ কৰি থকা হৈছে।

 

বন্ধুসকল,

ভাজপা চৰকাৰে অসমৰ উন্নয়নো কৰি আছে আৰু ইয়াৰ ‘টী ট্ৰাইব’ৰ সেৱাও কৰি আছে। বাগিচা শ্ৰমিকৰ আয় বৃদ্ধি হওক, এই দিশত Assam Tea Corporationৰ শ্ৰমিকসকলৰ বাবে বোনাছৰ ঘোষণাও কৰা হৈছে। বিশেষকৈ, বাগিচাত কাম কৰা আমাৰ ভগ্নী, আমাৰ কন্যাসকল, গৰ্ভাৱস্থাত তেওঁলোকৰ সন্মুখত আয়ৰ সংকটৰ সৃষ্টি হৈছিল। আজি এনেকুৱা প্ৰায় ডেৰ লাখ মহিলাক গৰ্ভাৱস্থাত ১৫ হাজাৰ টকাৰ সাহায্য দি থকা হৈছে, যাতে তেওঁলোকৰ খৰচৰ চিন্তা নাথাকে। আমাৰ এই পৰিয়ালসমূহৰ সুস্বাস্থ্যৰ বাবে অসম চৰকাৰে চাহ বাগিচাসমূহত ৩৫০ টাতকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ মুকলি কৰিছে। টী ট্ৰাইবৰ ল’ৰা-ছোৱালীৰ বাবে ১০০খনতকৈও অধিক মডেল টী গাৰ্ডেন স্কুলো মুকলি কৰা হৈছে। প্ৰায় ১০০খন বিদ্যালয় আৰু মুকলি কৰি থকা হৈছে। টী ট্ৰাইবৰ যুৱক-যুৱতীসকলৰ বাবে অ’বিচি কোটাত ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থাও আমি কৰিছোঁ। অসম চৰকাৰেও এই যুৱক-যুৱতীসকলক স্বনিয়োজনৰ বাবে ২৫ হাজাৰ টকাৰ সাহায্য দি আছে। চাহ উদ্যোগ আৰু ইয়াৰ শ্ৰমিকসকলৰ এই বিকাশে আগন্তুক সময়ত সমগ্ৰ অসমৰ বিকাশ ত্বৰান্বিত কৰিব। আমাৰ উত্তৰ-পূবে উন্নয়নৰ নতুন উচ্চতা স্পৰ্শ কৰিব। এতিয়া আপোনালোক সকলোৱে নিজৰ চমকপ্ৰদ প্ৰদৰ্শন আৰম্ভ কৰিব। মই আপোনালোক সকলোকে অগ্ৰিম ধন্যবাদ দিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে সমগ্ৰ হিন্দুস্তানতে আজি আপোনালোকৰ, আপোনালোকৰ এই নৃত্যৰ প্ৰশংসা হ’ব। সকলো টিভি চেনেলৰ লোকে অপেক্ষা কৰি আছে, কেতিয়া আৰম্ভ হ’ব। আজি সমগ্ৰ দেশ আৰু বিশ্বই এই ভব্য নৃত্য চাবলৈ গৈ আছে।

সুন্দৰ ঝুমইৰ প্ৰদৰ্শন কৰেৰ খাতিৰ সবাইকে হামি ধন্যবাদ জানাচ্ছি। আপোনালোক ভালে থাকিব, আকৌ লগ পাম, বহুত বহুত ধন্যবাদ!

ভাৰত মাতা কী জয়!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits Pahadpur village in Odisha with President of India, Smt. Droupadi Murmu on her birthday
June 20, 2026

The Prime Minister, Shri Narendra Modi, said that he was honoured to be in Pahadpur village in Odisha with President of India, Smt. Droupadi Murmu on her birthday.

The Prime Minister noted that Pahadpur is the President’s village and said that the work done by her is truly inspiring.

Shri Modi prayed for the President’s long and healthy life.

The Prime Minister wrote on X;

“Honoured to be in Pahadpur village, Odisha with Rashtrapati Ji and that too on her birthday. This is her village and the work that she has done is truly inspiring.

Praying for her long and healthy life.

@rashtrapatibhvn”