পিএম স্বনিধি যোজনাৰ জৰিয়তে এক লাখৰ অধিক লাভাৰ্থীৰ স্বীকৃত ঋণৰ হস্তান্তৰ আৰম্ভ কৰে
মুম্বাই মেট্ৰো ৰে'ল লাইন ২এ আৰু ৭ৰ লোকাৰ্পণ কৰে
ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পুনৰ্বিকাশ আৰু সাতটা ছিৱেজ ব্যৱস্থাপনা প্লাণ্টৰ শিলান্যাস কৰে
২০ হিন্দুহৃদয়সম্ৰাট বালাচাহেব ঠাকৰে আপলা দৱাখানা উদ্বোধন কৰে
মুম্বাইত প্ৰায় ৪০০ কিলোমিটাৰ পথৰ বাবে পথ পকীকৰণ পৰিকল্পনা আৰম্ভ কৰে
"সমগ্ৰ বিশ্বই ভাৰতৰ সংকল্পৰ ওপৰত বিশ্বাস দেখুৱাই আছে"
"ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা প্ৰেৰণা লৈ, ডবল ইঞ্জিনৰ চৰকাৰত 'সুৰাজ' আৰু 'স্বৰাজ'ৰ ভাবনা স্পষ্ট ৰূপত দেখা যায়"
"আজি ভাৰতে ফিউচাৰিষ্টিক চিন্তা আৰু মডাৰ্ণ এপ্ৰোচেৰে নিজৰ ফিজিকেল আৰু ছচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত খৰচ কৰি আছে"
"আজিৰ প্ৰয়োজন আৰু ভৱিষ্যতৰ সম্ভাৱনা দুয়োটাৰ ওপৰত কাম চলি আছে"
"অমৃত কালৰ সময়ছোৱাত, মহাৰাষ্ট্ৰৰ কেইবাখনো চহৰে ভাৰতৰ বিকাশক আগবঢ়াব"
"চহৰসমূহৰ বিকাশৰ বাবে ক্ষমতা আৰু ৰাজনৈতিক ইচ্ছাশক্তিৰ কোনো অভাৱ নাই"
"মুম্বাইৰ বিকাশৰ বাবে কেন্দ্ৰ, ৰাজ্য আৰু স্
ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা প্ৰেৰণা লৈ, ডবল ইঞ্জিনৰ চৰকাৰত 'সুৰাজ' আৰু 'স্বৰাজ'ৰ ভাবনা স্পষ্ট ৰূপত দেখা যায়"।
তেওঁ কয়, "ই আজিৰ ভাৰতৰ সংকল্পবদ্ধতাক প্ৰতিপন্ন কৰে আৰু এখন বিকশিত ভাৰতৰ অৱধাৰণাও প্ৰতিবিম্বিত কৰে।"

ভাৰত মাতাৰ– জয়!

ভাৰত মাতাৰ – জয়!

মুম্বাইৰ মোৰ সকলো ভাই-ভনীলৈ নমস্কাৰ!

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগৎ সিং কোশ্যৰীজী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দেজী, উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাভিছজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী, বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰাহুল নাৰ্ভেকাৰজী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ইয়াত উপস্থিত থকা মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল!

আজি মুম্বাইৰ উন্নয়ন সম্পৰ্কীয় ৪০,০০০ কোটি টকাৰ প্ৰকল্পসমূহ উৎসৰ্গা কৰা হয় আৰু ইয়াত আধাৰশিলা স্থাপন কৰা হয়। মুম্বাইৰ বাবে অতি গুৰুত্বপূৰ্ণ মেট্ৰ' হওক, ছত্ৰপতি শিৱাজী টাৰ্মিনাচৰ আধুনিকীকৰণ, পথ উন্নত কৰাৰ এক বৃহৎ প্ৰকল্প, আৰু বালাচাহেব ঠাকৰেৰ নামেৰে আপলা দাৱাখানা মুকলি কৰা, এই সকলোবোৰ প্ৰকল্পই মুম্বাই চহৰৰ উন্নতিত এক ডাঙৰ ভূমিকা পালন কৰিব। অলপ আগতে, মুম্বাইৰ পথ বিক্ৰেতাসকলেও প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত তেওঁলোকৰ বেংক একাউণ্টত ধন লাভ কৰিছিল। মই এনে সকলো হিতাধিকাৰী আৰু প্ৰতিজন মুম্বাইকাৰক অভিনন্দন জনাইছো।

 

ভাতৃ আৰু ভগ্নীসকল,

আজি ভাৰতে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ডাঙৰ সপোন দেখিবলৈ আৰু সেই সপোনবোৰ পূৰণ কৰিবলৈ সাহস কৰিছে। অন্যথা, যোৱা শতিকাৰ এটা দীঘলীয়া সময় কেৱল দৰিদ্ৰতাৰ বিষয়ে আলোচনা কৰা, বিশ্বৰ পৰা সহায় বিচৰা আৰু যিকোনো প্ৰকাৰে জীৱন নিৰ্বাহ কৰাত অতিবাহিত হৈছিল। স্বাধীন ভাৰতৰ ইতিহাসত এইটো প্ৰথমবাৰৰ বাবে ঘটিছে, যেতিয়া বিশ্বইও ভাৰতৰ ডাঙৰ সংকল্পৰ ওপৰত বিশ্বাস ৰাখিছে। সেয়েহে, স্বাধীনতাৰ 'অমৃত কাল'ত উন্নত ভাৰত গঢ়ি তুলিবলৈ ভাৰতীয়সকলৰ যিমান আগ্ৰহ আছে, বিশ্বতো একেই আশাবাদ দেখা গৈছে। আৰু এতিয়াই সিন্দেজীয়ে দাভোছত তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰি আছিল। এই ধাৰণাটো সকলোতে দৃশ্যমান। আজি যদি ভাৰতৰ বিষয়ে বিশ্বত ইমান ইতিবাচকতা আছে, ইয়াৰ কাৰণ হৈছে সকলোৱে অনুভৱ কৰে যে ভাৰতে ইয়াৰ সম্ভাৱনাক ভালদৰে ব্যৱহাৰ কৰিছে। আজি সকলোৱে উপলব্ধি কৰিছে যে ভাৰতে দ্ৰুত বিকাশ আৰু সমৃদ্ধিৰ বাবে যি প্ৰয়োজন সেয়া কৰি আছে। আজি ভাৰতৰ হৃদয় অভূতপূৰ্ব আত্মবিশ্বাসেৰে ভৰি আছে। ছত্ৰপতি শিৱাজী মহাৰাজৰ অনুপ্ৰেৰণাত আজিৰ ভাৰতৰ লগতে দ্বৈত ইঞ্জিন চৰকাৰসমূহত 'স্বৰাজ' (স্ব-শাসন) আৰু 'সুৰাজ' (সুশাসন)ৰ আত্মা শক্তিশালীভাৱে প্ৰকাশ পাইছে।

ভাতৃ আৰু ভগ্নীসকল,

উন্নত ভাৰত গঢ়াত আমাৰ চহৰসমূহৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু যদি আমি মহাৰাষ্ট্ৰৰ কথা কওঁ, তেন্তে ৰাজ্যখনৰ বহুতো চহৰে অহা ২৫ বছৰত ভাৰতৰ বিকাশ ত্বৰান্বিত কৰিব। সেয়েহে, মুম্বাইক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাটো দ্বৈত ইঞ্জিন চৰকাৰৰ অগ্ৰাধিকাৰ। আমাৰ প্ৰতিশ্ৰুতি মুম্বাইত মেট্ৰ' নেটৱৰ্কৰ সম্প্ৰসাৰণতো প্ৰতিফলিত হয়। ২০১৪ চনলৈকে, মেট্ৰ' মুম্বাইত কেৱল ১০-১১ কিলোমিটাৰ চলিছিল। আপোনালোকে ডাবল ইঞ্জিন চৰকাৰ গঠন কৰাৰ লগে লগে, ই দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। কিছু সময়ৰ বাবে কামটো লেহেম হৈ পৰিছিল, কিন্তু সিন্দেজী আৰু দেৱেন্দ্ৰজীয়ে একেলগে অহাৰ লগে লগে, এতিয়া কামটোৱে পুনৰ গতি লাভ কৰিছে। আমি মুম্বাইৰ ৩০০ কিলোমিটাৰ দীঘল মেট্ৰ' নেটৱৰ্কৰ দিশে দ্ৰুত গতিত আগবাঢ়িছো।

 

বন্ধুসকল,

আজি সমগ্ৰ দেশৰ ৰে'লপথৰ আধুনিকীকৰণৰ বাবে মিছন মোডত কাম চলি আছে। মুম্বাইৰ স্থানীয় আৰু মহাৰাষ্ট্ৰৰ ৰেল সংযোগো ইয়াৰ পৰা লাভান্বিত হৈছে। ডাবল ইঞ্জিন চৰকাৰে সাধাৰণ মানুহক একেই আধুনিক সুবিধা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু উচ্চ গতিৰ অভিজ্ঞতা প্ৰদান কৰিব বিচাৰে, যিটো এসময়ত কেৱল সম্পদশালী লোকসকলৰ বাবে উপলব্ধ আছিল। সেয়েহে, ৰে'ল ষ্টেচনবোৰো আজি বিমানবন্দৰৰ দৰে বিকশিত কৰা হৈছে। এতিয়া দেশৰ আটাইতকৈ পুৰণি ৰে'ল ষ্টেচন সমূহৰ ভিতৰত ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচৰো পৰিৱৰ্তন হ'বলৈ গৈ আছে। আমাৰ এই ঐতিহ্য এতিয়া একবিংশ শতিকাৰ ভাৰতৰ গৌৰৱত বিকশিত হ'বলৈ গৈ আছে। স্থানীয় আৰু দীঘলীয়া দূৰত্বৰ ৰেলৰ বাবে পৃথক সুবিধা থাকিব। ইয়াৰ উদ্দেশ্য হৈছে সাধাৰণ যাত্ৰীসকলক উন্নত সুবিধা প্ৰদান কৰা আৰু কামৰ বাবে যাত্ৰা সহজ কৰা। এই ষ্টেচনটো কেৱল ৰে'লৰ সুবিধাতে সীমাৱদ্ধ নহ'ব, কিন্তু ই বহুমুখী সংযোগৰ কেন্দ্ৰও হ'ব। অৰ্থাৎ বাছ, মেট্ৰ', টেক্সি, অটো হওঁক, পৰিবহনৰ প্ৰতিটো উপায় ইয়াত একেখন চালৰ তলত উপলব্ধ হ'ব। ই যাত্ৰীসকলক এক নিৰ্বিঘ্ন সংযোগ প্ৰদান কৰিব। এইটো বহুমুখী সংযোগ যিটো আমি দেশৰ প্ৰতিখন চহৰতে বিকশিত কৰিবলৈ গৈ আছো।

ভাতৃ আৰু ভগ্নীসকল,

আজি আমি দেশৰ চহৰসমূহৰ সম্পূৰ্ণ ৰূপান্তৰৰ ওপৰত কাম কৰি আছো। প্ৰদূষণৰ পৰা পৰিষ্কাৰ পৰিচ্ছন্নতালৈকে চহৰসমূহৰ প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি উলিওৱা হৈছে। সেইকাৰণে আমি বৈদ্যুতিক গতিশীলতা আৰু ইয়াৰ বাবে আন্তঃগাঁথনি সৃষ্টিৰ ওপৰত ইমান গুৰুত্ব আৰোপ কৰি আছো। আমি জৈৱ ইন্ধন আধাৰিত পৰিবহণ ব্যৱস্থা দ্ৰুতগতিত আনিব বিচাৰো। হাইড্ৰজেন ইন্ধনৰ সৈতে জড়িত পৰিবহণ ব্যৱস্থাৰ বাবে দেশত মিছন মোডত কাম চলি আছে। কেৱল এয়াই নহয়, আমি নতুন প্ৰযুক্তিৰ সহায়ত আমাৰ চহৰসমূহত আৱৰ্জনা আৰু জাবৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিৰন্তৰ পদক্ষেপ গ্ৰহণ কৰি আছো। দেশখনত সম্পদৰ বাবে আৱৰ্জনাৰ এক বৃহৎ অভিযান চলি আছে। পানী শোধন প্ৰকল্প স্থাপন কৰা হৈছে যাতে লেতেৰা পানী নদীত প্ৰৱেশ নকৰে।

 

বন্ধুসকল,

চহৰসমূহৰ উন্নয়নৰ বাবে দেশত ক্ষমতা আৰু ৰাজনৈতিক ইচ্ছাশক্তিৰ কোনো অভাৱ নাই। কিন্তু আমি এটা গুৰুত্বপূৰ্ণ কথা বুজিব লাগিব। মুম্বাইৰ দৰে এখন চহৰত, স্থানীয় সংস্থাইও দ্ৰুত বিকাশক অগ্ৰাধিকাৰ নিদিয়ালৈকে প্ৰকল্পবোৰ দ্ৰুততাৰে গ্ৰহণ কৰিব নোৱাৰি। যেতিয়া ৰাজ্যখনত উন্নয়নৰ বাবে এক সমৰ্পিত চৰকাৰ থাকে, যেতিয়া চহৰবোৰত সুশাসনৰ বাবে এক সমৰ্পিত চৰকাৰ থাকে, তেতিয়াহে এই কামবোৰ দ্ৰুতগতিত ৰূপায়ণ কৰিব পাৰি। সেয়েহে, মুম্বাইৰ বিকাশত স্থানীয় সংস্থাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মুম্বাইৰ উন্নয়নৰ বাবে বাজেটৰ কোনো অভাৱ নাই। মুম্বাইৰ সঠিক ধন সঠিক স্থানত খৰচ কৰিব লাগে। যদি ধন দুৰ্নীতিত খৰচ কৰা হয়, বা বেংকৰ ভল্টত বন্দী হৈ থাকে আৰু উন্নয়নৰ কাম বন্ধ কৰাৰ প্ৰৱণতা থাকে তেন্তে মুম্বাইৰ ভৱিষ্যত কেনেকৈ উজ্জ্বল হ'ব?

যদি মুম্বাইৰ সাধাৰণ মানুহে ক্ষতিগ্ৰস্ত হৈ থাকে আৰু এই চহৰখনে উন্নয়নৰ বাবে আকাংক্ষা কৰি থাকে, তেন্তে একবিংশ শতিকাৰ ভাৰতত এই পৰিস্থিতি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু শিৱাজী মহাৰাজৰ মহাৰাষ্ট্ৰত কেতিয়াও এয়া ঘটিব নোৱাৰে। মুম্বাইৰ জনসাধাৰণৰ প্ৰতিটো সমস্যা বুজি মই এই কথা অতি দায়িত্বৰ সৈতে উল্লেখ কৰিছো। বিজেপি চৰকাৰ বা এনডিএ চৰকাৰে কেতিয়াও ৰাজনীতিক উন্নয়নত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিয়ে। উন্নয়ন হৈছে আমাৰ আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ। বিজেপি আৰু এনডিএ চৰকাৰে কেতিয়াও তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে উন্নয়নমূলক কামত গতিৰোধ নকৰে। কিন্তু আমি অতীতত মুম্বাইত বাৰে বাৰে এইটো ঘটি থকা দেখিছোঁ। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাও ইয়াৰ এক উদাহৰণ। প্ৰথমবাৰৰ বাবে, আমি চহৰখনৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ পদপথ বিক্ৰেতাসকলৰ বাবে এক আঁচনি আৰম্ভ কৰিছো। আমি এই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে বেংকৰ পৰা সস্তা আৰু আনুষংগিক-মুক্ত ঋণ নিশ্চিত কৰিছো।

সমগ্ৰ দেশৰ প্ৰায় ৩৫ লাখ পথ বিক্ৰেতাই ইয়াৰ সুবিধা লাভ কৰিছে। এই আঁচনিৰ অধীনত মহাৰাষ্ট্ৰত পাঁচ লাখ সহযোগীকো ঋণ মঞ্জুৰ কৰা হৈছে। আজিও, এক লাখতকৈও অধিক বন্ধুৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰা হৈছে। এইটো বহু আগতে কৰা উচিত আছিল। কিন্তু মাজৰ সময়চোৱাত, ডাবল ইঞ্জিন চৰকাৰৰ অনুপস্থিতিৰ বাবে প্ৰতিটো কামতে বাধাৰ সৃষ্টি হৈছিল। ফলস্বৰূপে, এই সকলো হিতাধিকাৰীয়ে ভুগিব লগা হৈছিল। এইটো পুনৰ ঘটিব নালাগে সেয়া নিশ্চিত কৰাৰ বাবে, দিল্লীৰ পৰা মহাৰাষ্ট্ৰ আৰু মুম্বাইলৈকে সকলোৱে প্ৰচেষ্টা কৰাটো প্ৰয়োজনীয় আৰু এক উন্নত সমন্বিত ব্যৱস্থা থাকিব লাগে।

 

বন্ধুসকল,

আমি মনত ৰাখিব লাগিব যে স্বনিধি যোজনা কেৱল ঋণ দিয়াৰ আঁচনি নহয়, কিন্তু ই আমাৰ সহযোগী পথ বিক্ৰেতাসকলৰ অৰ্থনৈতিক শক্তি বৃদ্ধি কৰাৰ এক অভিযান। এই স্বনিধি হৈছে আত্মসন্মানৰ বিষয়ে। মোক কোৱা হৈছে যে ডিজিটেল লেনদেনত স্বনিধি হিতাধিকাৰীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে মুম্বাইত ৩২৫ টা শিবিৰৰ আয়োজন কৰা হৈছে। ইয়াৰ ফলস্বৰূপে, আমাৰ হাজাৰ হাজাৰ পথ বিক্ৰেতাই ডিজিটেল লেনদেন আৰম্ভ কৰিছে। সমগ্ৰ দেশৰ স্বনিধি যোজনাৰ হিতাধিকাৰীসকলে ইমান কম সময়ৰ ভিতৰত প্ৰায় ৫০,০০০ কোটি টকাৰ ডিজিটেল লেনদেন কৰিছে বুলি জানি বহুলোক হতবাক হ'ব। যিসকলক আমি নিৰক্ষৰ বুলি বিবেচনা কৰোঁ, যাক আমি অপমান কৰি থাকো, মোৰ সেই বন্ধুসকল যিসকলে আজি মোৰ সন্মুখত বহি আছে, তেওঁলোকে তেওঁলোকৰ মোবাইল ফোনৰ জৰিয়তে ৫০,০০০ কোটি টকাৰ অনলাইন লেনদেন কৰিছে।

 

এই কৃতিত্ব আৰু পৰিৱৰ্তন হতাশাবাদীসকলৰ বাবে এক ডাঙৰ উত্তৰ, যিসকলে পদপথৰ বিক্ৰেতাসকলৰ দ্বাৰা ডিজিটেল পৰিশোধৰ সফলতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। ডিজিটেল ইণ্ডিয়াৰ সফলতা এটা উদাহৰণ যে সকলোৰে প্ৰচেষ্টাৰ সৈতে জড়িত থাকিলে একো অসম্ভৱ নহয়। 'সবকা প্ৰয়াস'ৰ এই মনোভাৱৰ সৈতে আমি মুম্বাইক উন্নয়নৰ এক নতুন উচ্চতালৈ লৈ যাম। আজি মই মোৰ পদপথৰ বিক্ৰেতা ভাতৃসকলক মোৰ সৈতে খোজ কাঢ়িবলৈ ক'ব বিচাৰো।  যদি আপুনি ১০ টা পদক্ষেপ লয়, মই আপোনাৰ বাবে ১১ টা পদক্ষেপ লম। মই এইটো কৈছো কাৰণ আগতে আমাৰ পদপথৰ বিক্ৰেতা ভাই-ভনীসকলে ধনদাতাৰ ওচৰলৈ গৈছিল যিয়ে সূতৰ সৈতে টকা ধাৰ দিব। যদি কাৰোবাক এদিনৰ বাবে ব্যৱসায় কৰিবলৈ এক হাজাৰ টকাৰ প্ৰয়োজন হয়, ধনদাতাই আগতীয়াকৈ ১০০ টকা কৰ্তন কৰি তেওঁক মাত্ৰ ৯০০ টকা দিছিল। আৰু যদি তেওঁ সন্ধিয়ালৈ এক হাজাৰ টকা ঘূৰাই নিদিয়ে, তেন্তে পিছদিনা তেওঁ টকা নাপালেহেঁতেন। আৰু যদি তেওঁ কিছু দিনত নিজৰ সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে আৰু এক হাজাৰ টকা ঘূৰাই দিয়াত বিফল হয়, তেন্তে তেওঁৰ ওপৰত অতিৰিক্ত সূতৰ বোজা পৰিব। তেওঁৰ ল'ৰা ছোৱালীবোৰে ৰাতি ভোকত শুবলৈ বাধ্য হৈছিল। এই সকলো সমস্যাৰ পৰা আপোনাক সুৰক্ষিত কৰিবলৈ স্বনিধি যোজনা আছে।

আৰু বন্ধুসকল,

আপোনালোকে অধিক ডিজিটেল লেনদেন ব্যৱহাৰ কৰা উচিত। যেতিয়া আপোনালোকে বৃহৎ পৰিমাণে সামগ্ৰী ক্ৰয় কৰিবলৈ যায়, ইয়াৰ বাবে ডিজিটেল পৰিশোধ কৰিব। আপুনি আপোনালোকৰ ক্ৰেতাসকলক ডিজিটেল পৰিশোধ কৰিবলৈও কয়। যদি আপোনালোকে এইটো ধাৰাবাহিকভাৱে কৰে, তেনেহ'লে আপোনালোকৰ পৰা এক পইচাও সূত লোৱা নহ'ব। আপোনালোকে কল্পনা কৰিব পাৰে যে সন্তানৰ শিক্ষা আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে কিমান টকা সঞ্চয় কৰিব পাৰিব। সেয়েহে মই কওঁ, বন্ধুসকল, মই আপোনালোকৰ সৈতে থিয় হৈ আছোঁ, আপোনালোকে ১০ খোজ খোজ কাঢ়ে, মই ১১ খোজ খোজ কাঢ়িবলৈ সাজু। এইটো মোৰ প্ৰতিশ্ৰুতি। বন্ধুসকল, আজি মই মুম্বাইলৈ আহিছো আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আপোনালোকক এই প্ৰতিশ্ৰুতি দিবলৈ। আৰু মই নিশ্চিত যে এই লোকসকলৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা দেশখনে নতুন উচ্চতা অৰ্জন কৰিব। এই বিশ্বাসেৰেই মই আজি আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই উন্নয়নমূলক কামৰ বাবে মই সকলো হিতাধিকাৰী, সকলো মুম্বাইবাসী, সমগ্ৰ মহাৰাষ্ট্ৰ আৰু মুম্বাইক অভিনন্দন জনাইছো। মুম্বাই হৈছে দেশৰ হৃদয়। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে সিন্দেজী আৰু দেৱেন্দ্ৰজীয়ে একেলগে আপোনালোকৰ সপোনবোৰ বাস্তৱায়িত কৰিব।

মোৰ সৈতে কওক

ভাৰত মাতাৰ – জয়!

ভাৰত মাতাৰ – জয়!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Big tax relief for disabled employees: Travel deduction raised under draft tax rules 2026

Media Coverage

Big tax relief for disabled employees: Travel deduction raised under draft tax rules 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Welcomes French President to India, Emphasises Strengthening Bilateral Ties
February 17, 2026

Prime Minister Shri Narendra Modi extended a warm welcome to President Emmanuel Macron of France, expressing confidence that the visit will elevate India–France relations to new heights.

Highlighting the significance of the visit, Prime Minister Modi noted that the engagements in Mumbai and later in Delhi will provide fresh momentum to the strategic partnership between the two nations. He reaffirmed that their collaboration will continue to benefit not only both countries but also the wider global community.

In separate posts on X, Shri Modi wrote:

“Welcome to India!

India looks forward to your visit and to advancing our bilateral ties to new heights. I am confident that our discussions will further strengthen cooperation across sectors and contribute to global progress.

See you in Mumbai and later in Delhi, my dear friend @EmmanuelMacron.”

  “Bienvenue en Inde !

L’Inde se félicite de votre visite et entend donner un nouvel élan à notre partenariat stratégique. Je suis convaincu que nos discussions renforceront davantage la coopération dans divers secteurs et contribueront au progrès mondial.

À très bientôt à Mumbai, puis à Delhi, mon cher ami @EmmanuelMacron.”