Releases book 'Lachit Borphukan - Assam's Hero who Halted the Mughals'
“Lachit Borphukan's life inspires us to live the mantra of 'Nation First'”
“Lachit Borphukan's life teaches us that instead of nepotism and dynasty, the country should be supreme”
“Saints and seers have guided our nation since time immemorial”
“Bravehearts like Lachit Borphukan showed that forces of fanaticism and terror perish but the immortal light of Indian life remains eternal”
“The history of India is about emerging victorious, it is about the valour of countless greats”
“Unfortunately, we were taught, even after independence, the same history which was written as a conspiracy during the period of slavery”
“When a nation knows its real past, only then it can learn from its experiences and treads the correct direction for its future. It is our responsibility that our sense of history is not confined to a few decades and centuries”
“We have to make India developed and make Northeast, the hub of India’s growth”

মহান নায়ক লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উপলক্ষে দেশৰ ৰাজধানীলৈ অহা আৰু ইয়াত সমৱেত হোৱা আপোনালোক সকলোকে মোৰ আন্তৰিক অভিবাদন আৰু সেৱা জনাইছো।

অসমৰ ৰাজ্যপাল শ্ৰী জগদীশ মুখী জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰ তথা মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ সৰ্বানন্দ সোণোৱাল জী, বিধানসভাৰ অধ্যক্ষ শ্ৰীমান বিশ্বজিৎ জী, ৰিটায়াৰ্ড চিফ জাষ্টিচ ৰঞ্জন গগৈ, তপন কুমাৰ গগৈ জী, অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা জী, সাংসদগণ, আৰু এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত, আৰু দেশ-বিদেশত অসম সংস্কৃতিৰে সংযুক্ত সকলো মহানুভৱ।

সকলোতকৈ আগত মই অসমৰ সেই মহান ভূমিক প্ৰণাম জনাইছো, যি মা ভাৰতীক লাচিত বৰফুকনৰ দৰে অদম্য বীৰ দিলে। কালি সমগ্ৰ দেশত বীৰ লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী পালন কৰা হয়। এই উপলক্ষে দিল্লীত ৩ দিনৰ বিশেষ কাৰ্যক্ৰমৰ বিশেষ আয়োজন কৰা হৈছে। এয়া মোৰ সৌভাগ্য যে এই কাৰ্যক্ৰমৰ সৈতে সংযুক্ত হোৱাৰ মই সুযোগ পালো। মোক কোৱা হৈছে যে এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হ'বলৈ বৃহৎ সংখ্যাত অসমৰ লোকো এই কেইদিনত দিল্লীলৈ আহিছে। মই আপোনালোক সকলোকে, অসমৰ জনতাক, আৰু ১৩০ কোটি দেশবাসীক এই উপলক্ষে অনেক-অনেক অভিনন্দন জনাইছো, শুভকামনা জনাইছো।

 

বন্ধুসকল,

আমি বীৰ লাচিতৰ ৪০০তম জন্ম জয়ন্তী পালনৰ সৌভাগ্য সেই কালখণ্ডত লাভ কৰিছো, যি সময়ত দেশে নিজৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে। এই ঐতিহাসিক সুযোগ, অসমৰ ইতিহাসৰ এক গৌৰৱপূৰ্ণ অধ্যায়। মই ভাৰতৰ অমৰ সংস্কৃতি, অমৰ শৌৰ্য আৰু অমৰ অস্তিত্বৰ এই পৰ্বত এই মহান পৰম্পৰাক প্ৰণাম জনাইছো। আজি দেশে দাসত্বৰ মানসিকতা এৰি নিজৰ ঐতিহ্যৰ ওপৰত গৌৰৱ কৰাৰ ভাবেৰে পৰিপূৰ্ণ। আজি ভাৰতে কেৱল নিজৰ সাংস্কৃতিক বিবিধতাক উদযাপন কৰি থকা নাই, বৰং নিজৰ সংস্কৃতিৰ ঐতিহাসিক নায়ক-নায়িকাসকলক গৌৰৱেৰে স্মৰণো কৰি আছে। লাচিত বৰফুকনৰ দৰে মহান বিভূতিসকল, ভাৰত মাৰ অমৰ সন্তানসকল, এই অমৃত কালৰ সংকল্প সম্পূৰ্ণ কৰিবলৈ আমাৰ অবিৰত প্ৰেৰণা, নিৰন্তৰ প্ৰেৰণা। তেওঁলোকৰ জীৱনৰ জৰিয়তে আমি নিজৰ পৰিচয়ৰ, নিজৰ আত্মসন্মানৰ বোধো হয়, আৰু এই ৰাষ্ট্ৰৰ বাবে সমৰ্পিত হোৱাৰ শক্তিও পাওঁ। মই এই পূণ্য উপলক্ষত লাচিত বৰফুকনৰ মহান শৌৰ্য আৰু পৰাক্ৰমক নমন কৰিছো।

 

বন্ধুসকল,

মানৱ ইতিহাসৰ হাজাৰ হাজাৰ বছৰত পৃথিৱীৰ কিমান যে সভ্যতাই জন্ম ল'লে। সিবিলাকে সফলতাৰ ডাঙৰ ডাঙৰ শিখৰ স্পৰ্শ কৰিলে। এনেকুৱা সভ্যতাও হ'ল, যাক দেখি লাগিছিল যে সেয়া অমৰ, অপৰাজেয়। কিন্তু, সময়ৰ পৰীক্ষাই বহুত সভ্যতাক পৰাস্ত কৰিলে, চূৰ্ণ বিচূৰ্ণ কৰি দিলে। আজি পৃথিৱীয়ে তাৰ অৱশেষৰ জৰিয়তে ইতিহাসৰ অনুমান কৰে। কিন্তু, আনফালে এয়া আমাৰ মহান ভাৰত। আমি অতীতৰ সেই অপ্ৰত্যাশিত ধুমুহাৰ সন্মুখীন হ'লো। আমাৰ পূৰ্ব পুৰুষসকলে বিদেশৰ পৰা অহা আততায়ীৰ অকল্পনীয় আতংক সহিলে, সন্মুখীন হ'ল। কিন্তু, ভাৰত আজিও নিজৰ সেই চেতনা, সেই শক্তি আৰু সেই সাংস্কৃতিক গৌৰৱৰ সৈতে জীৱন্ত হৈ আছে, অমৰত্বৰ সৈতে জীৱন্ত। এনেকুৱা এইবাবেই, কিয়নো ভাৰতত যেতিয়াই কোনো বিপদ আহে, কিবা প্ৰত্যাহ্বান থিয় দিয়ে, তেতিয়া তাৰ মোকাবিলা কৰিবলৈ কোনোবা নহয় কোনোবা বিভূতি অৱতৰিত হৈছে। আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিচয় বচাবলৈ প্ৰত্যেক কালখণ্ডত সন্ত আহিছে, মনীষী আহিছে। ভাৰতক তৰোৱালৰ জোৰেৰে তচনচ কৰাৰ মানসেৰে অহা আক্ৰমণকাৰীক মা ভাৰতীৰ গৰ্ভত জন্ম বীৰসকলে শক্তিশালী ৰূপত মোকাবিলা কৰিলে। লাচিত বৰফুকনো দেশৰ এনেকুৱাই বীৰ যোদ্ধা আছিল। তেওঁ দেখুৱাই দিলে যে কট্টৰতা আৰু আতংকৰ প্ৰত্যেক জুই নুমাই যায়, কিন্তু ভাৰতৰ অমৰ-জ্যোতি, জীৱন-জ্যোতি অমৰ হৈ থাকে।

বন্ধুসকল,

অসমৰ ইতিহাস, নিজে নিজেই ভাৰতৰ যাত্ৰা আৰু সংস্কৃতিৰ এক অমূল্য সম্পদ। আমি বেলেগ বেলেগ চিন্তা-চিন্তাধাৰাক, সমাজ-সংস্কৃতিক, আস্থা-পৰম্পৰাক একত্ৰিত কৰো। আহোম শাসনত সকলোকে লগত লৈ নিৰ্মিত শিৱসাগৰৰ শিৱদৌল, দেৱী দৌল আৰু বিষ্ণু দৌল আজিও ইয়াৰ উদাহৰণ। কিন্তু, যদি কোনোবাই তৰোৱালৰ জোৰেৰে আমাক সেও মনাব বিচাৰে, আমাৰ শাশ্বত পৰিচয় সলনি কৰিব বিচাৰে, তেন্তে আমি তাৰ উত্তৰ দিবও জানো। অসম আৰু পূৰ্বোত্তৰৰ ভূমি ইয়াৰ সাক্ষী। অসমৰ মানুহে অনেকবাৰ তুৰ্ক, আফগান, মোগলৰ আক্ৰমণৰ মোকাবিলা কৰিলে, আৰু আক্ৰমণকাৰীক খেদি পঠিয়ালে। নিজৰ সমস্ত শক্তি প্ৰয়োগ কৰি মোগলে গুৱাহাটীৰ ওপৰত কব্জা কৰি লৈছিল। কিন্তু, আকৌ এবাৰ লাচিত বৰফুকনৰ দৰে যোদ্ধা আহিল, আৰু অত্যাচাৰী মোগল চুলতানৰ হাতৰ পৰা গুৱাহাটীক স্বাধীন কৰিলে। ঔৰংজেবে পৰাজয়ৰ সেই কালিমা নোহোৱা কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিলে, কিন্তু তেওঁ চিৰকাল অসফলেই হৈ থাকিল। বীৰ লাচিত বৰফুকনে যি বীৰত্ব দেখুৱালে, শৰাইঘাটত যি সাহস দেখুৱালে, সেয়া মাতৃভূমিৰ বাবে অগাধ প্ৰেমৰ পৰাকাষ্ঠাও আছিল। অসমে নিজৰ সাম্ৰাজ্যৰ প্ৰতিজন নাগৰিকক প্ৰয়োজনত নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে প্ৰস্তুত কৰিছিল। তাৰ প্ৰতিজন যুৱক নিজৰ মাটিৰ চিপাহী আছিল। লাচিত বৰফুকনৰ দৰে সাহস, তেওঁৰ দৰে নিৰ্ভিকতা, এয়াই অসমৰ পৰিচয়। আৰু সেইবাবেই আমি আজিও কওঁ- শুনিছানে ল'ৰাহঁত, লাচিতৰ কথা মোগল বিজয়ী বীৰ, ইতিহাসে লিখা।

 

বন্ধুসকল,

আমাৰ হাজাৰ হাজাৰ বছৰৰ জীৱন্ততা, আমাৰ পৰাক্ৰমৰ নিৰন্তৰতা, এয়াই ভাৰতৰ ইতিহাস। কিন্তু, আমাক শতিকাজুৰি এই কথা কোৱাৰ চেষ্টা কৰা হ'ল যে আমি সদায়েই লুণ্ঠনকাৰী, পৰাজিত লোক। ভাৰতৰ ইতিহাস, কেৱল দাসত্বৰ ইতিহাস নহয়। ভাৰতৰ ইতিহাস যোদ্ধাৰ ইতিহাস, বিজয়ৰ ইতিহাস। ভাৰতৰ ইতিহাস, অত্যাচাৰীৰ বিৰুদ্ধে অভূতপূৰ্ব শৌৰ্য আৰু পৰাক্ৰম দেখুওৱাৰ ইতিহাস। ভাৰতৰ ইতিহাস জয়ৰ, ভাৰতৰ ইতিহাস যুদ্ধৰ, ভাৰতৰ ইতিহাস ত্যাগৰ, তপস্যাৰ, ভাৰতৰ ইতিহাস বীৰত্বৰ, বলিদানৰ, মহান পৰম্পৰাৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে, আমাক স্বাধীনতাৰ পাছতো সেই ইতিহাস পঢ়ুৱাই থকা হ'ল, যি দাসত্বৰ কালখণ্ডত ষড়যন্ত্ৰমূলকভাৱে ৰচা হৈছিল। স্বাধীনতাৰ পাছত প্ৰয়োজন আছিল, আমাক দাস বনোৱা বিদেশীৰ এজেণ্ডাবোৰ সলনি কৰিব লাগে, কিন্তু এনে কৰা নহ'ল। দেশৰ প্ৰতিটো কোণত মা ভাৰতীৰ বীৰ, পুত্ৰ-কন্যাসকলে কেনেকৈ আততায়ীৰ মোকাবিলা কৰিলে, নিজৰ জীৱন সমৰ্পণ কৰিলে, এই ইতিহাসক জানিবুজি দবাই ৰখা হ'ল। লাচিত বৰফুকনৰ শৌৰ্যৰ কোনো মূল্য নাই? দেশৰ সংস্কৃতিৰ বাবে, পৰিচয়ৰ বাবে মোগলৰ বিৰুদ্ধে যুঁজ দিয়া অসমৰ হাজাৰ হাজাৰ লোকৰ বলিদানৰ কোনো মূল্য নাই? আমি সকলোৱেই জানো যে অত্যাচাৰেৰে ভৰা দীঘলীয়া কালখণ্ডত অত্যাচাৰীৰ ওপৰত বিজয়ৰো হাজাৰ হাজাৰ গাঁথা আছে, জয়ৰ গাঁথা আছে, ত্যাগৰ গাঁথা আছে, তৰ্পণৰ গাঁথা আছে। এইবোৰ ইতিহাসৰ মুখ্য ধাৰাত ঠাই নিদি আগতে যি ভুল হ'ল, এতিয়া দেশে তাক শুদ্ধ কৰি আছে। ইয়াত দিল্লীত হৈ থকা এই আয়োজন ইয়াৰেই প্ৰতিবিম্ব। আৰু মই হিমন্ত জী আৰু তেওঁৰ গোটেই টীমক অভিনন্দন জনাইছো যে এই কাৰ্যক্ৰম দিল্লীত কৰিছে।

বীৰ লাচিত বৰফুকনৰ শৌৰ্য গাঁথা, অধিক লোকৰ মাজলৈ লৈ যাবৰ বাবে অসম চৰকাৰে কেইদিনমানৰ আগতে এটা মিউজিয়াম বনোৱাৰ কথা ঘোষণা কৰিছে। মোক কোৱা হৈছে যে হিমন্ত জীৰ চৰকাৰে অসমৰ ঐতিহাসিক নায়কসকলৰ সন্মানত এটা মেমৰিয়েল নিৰ্মাণ কৰাৰো পৰিকল্পনা কৰিছে। নিশ্চয় এনেধৰণৰ প্ৰয়াসৰ ফলত আমাৰ যুৱক-যুৱতীসকল আৰু অনাগত প্ৰজন্মই ভাৰতৰ মহান সংস্কৃতিক অধিক গভীৰভাৱে উপলব্ধি কৰাৰ সুযোগ পাব। অসম চৰকাৰে নিজৰ ভিজনৰ সৈতে সকলোকে সংযুক্ত কৰিবলৈ এটা থীম ছঙো লঞ্চ কৰিছে। ইয়াৰ কথাও বহুত অদ্ভুত। অসমৰ আকাশৰ, অসমৰ আকাশৰ, ভোতাতৰা তুমি, সাহসৰ শকতি, পৰিভাষা তুমি। সঁচাই, বীৰ লাচিত বৰফুকনৰ জীৱনে আমাক দেশৰ সন্মুখত উপস্থিত যিকোনো প্ৰত্যাহ্বানৰ শক্তিশালী ৰূপত মুখামুখী হোৱাৰ প্ৰেৰণা দিয়ে। তেওঁৰ জীৱনে আমাক প্ৰেৰণা দিয়ে যে- আমি ব্যক্তিগত স্বাৰ্থক নহয়, দেশহিতক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিওঁ। তেওঁৰ জীৱনে আমাক প্ৰেৰণা দিয়ে যে- আমাৰ বাবে পৰিয়ালবাদ, ভাই-ভতিজাবাদ নহয় বৰং দেশ সকলোতকৈ ডাঙৰ হোৱা উচিত।

কোৱা হয় যে ৰাষ্ট্ৰ ৰক্ষাৰ বাবে নিজৰ দায়িত্ব পালন কৰিব নোৱৰাত বীৰ লাচিতে মোমায়েককো শাস্তি দিছিল। তেওঁ কৈছিল- "দেশতকৈ মোমাই ডাঙৰ নহয়"। অৰ্থাৎ, ক'ব পাৰি যে কোনো ব্যক্তি, কোনো সম্পৰ্ক, দেশতকৈ ডাঙৰ নহয়। আপোনালোকে কল্পনা কৰক, যেতিয়া বীৰ লাচিতৰ সেনাই এই কথা শুনে যে তেওঁলোকৰ সেনাপতিয়ে দেশক কিমান অগ্ৰাধিকাৰ দিয়ে, তেতিয়া সেই সৰু সৈনিকজনৰ উদ্যম কিমান বাঢ়ি গৈছিল চাগৈ। আৰু বন্ধুসকল এই উদ্যমেই জয়ৰ আধাৰ। মই আনন্দিত যে আজিৰ নতুন ভাৰতে ৰাষ্ট্ৰ প্ৰথম, নেচন ফাৰ্ষ্টৰ এই আদৰ্শকে লৈ আগুৱাই গৈ আছে।

বন্ধুসকল,

যেতিয়া কোনো ৰাষ্ট্ৰই নিজৰ সঠিক অতীতক জানে, সঠিক ইতিহাস জানে, তেতিয়াই সেই দেশে নিজৰ অনুভৱৰ পৰা শিকেও। সেই দেশে ভৱিষ্যতৰ বাবে সঠিক দিশ লাভ কৰে। আমাৰ এইটো দায়িত্ব যে আমি নিজৰ ইতিহাসৰ দৃষ্টিক কেৱল কেইটামান দশক বা কেইটামান শতিকালৈকে সীমিত ৰাখিব নালাগিব। মই আজি অসমৰ প্ৰসিদ্ধ গীতিকাৰৰ দ্বাৰা ৰচিত আৰু ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ দ্বাৰা সুৰাৰোপিত এটা গীতৰ দুটা শাৰী দোহাৰিব বিচাৰিছো। ইয়াত কোৱা হৈছে- মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইতপৰীয়া ডেকা দল। অৰ্থাৎ, নিৰন্তৰ স্মৰণ কৰিহে আমি অনাগত প্ৰজন্মক সঠিক ইতিহাসৰ সৈতে পৰিচিত কৰাব পাৰো। অলপ সময়ৰ আগতে মই লাচিত বৰফুকন জীৰ জীৱনৰ ওপৰত আধাৰিত এখন প্ৰদৰ্শনী চালো, বহুত প্ৰভাৱিত কৰিব পৰা, শিক্ষা দিব পৰা। লগতে মোৰ তেওঁৰ শৌৰ্য গাঁথাৰ ওপৰত লিখা কিতাপ উন্মোচনৰো সৌভাগ্য হ'ল। এনেধৰণৰ আয়োজনৰ জৰিয়তেহে দেশৰ সঠিক ইতিহাস আৰু ঐতিহাসিক ঘটনাৱলীৰ সৈতে সৰ্বসাধাৰণক সংযুক্ত কৰিব পাৰি।

বন্ধুসকল,

যেতিয়া মই চাই আছিলো তেতিয়া মোৰ মনলৈ এটা চিন্তা আহিছিল অসমৰ আৰু দেশৰ কলাকাৰসকলক একত্ৰিত কৰি আমি ইয়াৰ ওপৰত ভাবিব পাৰো যেনেকৈ ছত্ৰপতি শিৱাজী মহাৰাজৰ ওপৰত একো একোখন ৰাজন্য নাট্য প্ৰয়োগ আছে। প্ৰায় ২৫০-৩০০জন কলাকাৰ, হাতী, ঘোঁৰা গোটেই কাৰ্যক্ৰমত থাকে আৰু অত্যন্ত প্ৰভাৱিত কাৰ্যক্ৰম হয়। আমি লাচিত বৰফুকন জীৰ জীৱনৰ ওপৰত এনেধৰণৰ এক নাট্য প্ৰয়োগ প্ৰস্তুত কৰি হিন্দুস্তানৰ প্ৰতিটো প্ৰান্তলৈ লৈ যাব নোৱাৰোনে। 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ যি সংকল্প আছে তাত এই সকলো কথাই বহুত ডাঙৰ শক্তি দিয়ে। আমি ভাৰতক বিকশিত ভাৰত বনাব লাগিব, পূৰ্বোত্তৰক ভাৰতৰ সামৰ্থ্যৰ কেন্দ্ৰবিন্দু বনাব লাগিব। মোৰ বিশ্বাস আছে, বীৰ লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তীয়ে আমাৰ এই সংকল্প শক্তিশালী কৰিব, আৰু দেশে নিজৰ লক্ষ্য আহৰণ কৰিব। এই ভাবনাৰেই, মই আকৌ এবাৰ অসম চৰকাৰৰ, হিমন্ত জীৰ, অসমৰ জনসাধাৰণৰ হৃদয়েৰে কৃতজ্ঞ। এই পৱিত্ৰ সমাৰোহত ময়ো পূণ্য অৰ্জনৰ সুযোগ পালো। মই আপোনালোকৰ ওচৰত বহুত বহুত কৃতজ্ঞ।

ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nagaland gets its first natural gas supply via National Gas Grid

Media Coverage

Nagaland gets its first natural gas supply via National Gas Grid
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves a road upgradation project in Bihar at a total capital cost of Rs.3590.73 crore
August 19, 2026

The Cabinet Committee on Economic Affairs, chaired by the Prime Minister Shri Narendra Modi, today has approved the Upgradation of the Muzaffarpur-Sitamarhi-Sonbarsa Section of NH-22 to four-Lane Standard in Bihar. The project will be developed on Hybrid Annuity Mode (HAM) at a total capital cost of Rs.3590.73 crore with a total length of 82.578 km.

The proposed project holds significant strategic and economic relevance due to its integration with Bihar’s expanding National Highway network. It acts as a key feeder corridor connecting the India–Nepal border at Sonbarsa with economic centers like Muzaffarpur at NH-27 (East–West Corridor). The project will significantly reduce congestion in densely populated areas of Muzaffarpur, Muksudpur, Runni Saidpur, Thumma, Dumra, Bhutahi, and Sonbarsa.

The project is expected to enable faster and safer movement of passengers and freight, improve travel efficiency and strengthen regional connectivity. It has been designed for a speed of 100 kmph with an average speed of 80 kmph, having no at-grade median openings, ensuring fast and safe travel.

Planned in accordance with the principles of the PM GatiShakti National Master Plan, the project will enhance multimodal integration by improving connectivity to key economic, social and logistics nodes, including industrial areas and major railway stations. Improved connectivity will facilitate efficient movement of goods and agricultural supply chains, support regional economic growth, and provide better access to important cultural and religious destinations such as the Buddhist Circuit and historic Janaki Punaura Dham Temple, Sitamarhi.

The Muzaffarpur–Sitamarhi–Sonbarsa stretch of NH-22 holds significant strategic and economic relevance, ensuring seamless linkage to the national freight grid. It is in synergy with existing corridors such as NH-31 and NH-122 enhances connectivity to industrial zones like Barauni and riverine logistics hubs along the Ganga It also enhances cross-border passenger and cargo movement via the nearby Land Port at Bhithamore.

In addition, the project has provision for seven Major Bridges (including a 340m long major bridge over the perennial Bagmati River), three Railway Over Bridges (ROBs), and two Flyovers (1170m & 270m) to maintain cross movement of the traffic and ensure safe, high-speed travel.

The project will increase average travel speeds, reduce travel time, and improve overall road safety, fuel efficiency, and vehicle operating costs, thereby enhancing regional mobility and socio-economic development.

The project provides seamless connectivity to key economic, social, and logistics nodes across Bihar. Additionally, the upgraded corridor will enhance connectivity to five PM Gati-Shakti Economic Nodes (four Industrial Estates and one Mega Food park), four Social Nodes (Baba Garibnath Temple, Mata Janki Temple, Punaura Dham, Muzaffarpur & Sitamarhi aspirational Districts), and two Logistic Nodes (Muzaffarpur & Sitamarhi Railway Stations), thereby facilitating faster movement of goods and passengers across the region.