স্মাৰক অনুষ্ঠানৰ বাবে লগো মুকলি কৰে
"মহৰ্ষি দয়ানন্দ সৰস্বতীয়ে দেখুওৱা পথে কোটি কোটি লোকৰ মাজত আশাৰ সঞ্চাৰ কৰে"
"যিবোৰ দুষ্টতাক মিছাকৈ ধৰ্মৰ বাবে দায়ী কৰা হৈছিল, স্বামীজীয়ে সেইবোৰ ধৰ্মৰ পোহৰেৰে আঁতৰাই দিছিল"
"স্বামীজীয়ে সমাজত বেদৰ পোহৰ পুনৰুজ্জীৱিত কৰিলে"
"অমৃত কালত, মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ তম জন্ম জয়ন্তী এক পবিত্ৰ অনুপ্ৰেৰণা হিচাপে বিবেচিত হৈছে"
"আজি দেশখনে আত্মবিশ্বাসেৰে আমাৰ ঐতিহ্যক লৈ গৌৰৱৰ আহ্বান জনাইছে"
"আমাৰ সৈতে, ধৰ্মৰ প্ৰথম ব্যাখ্যা হৈছে কৰ্তব্যৰ বিষয়ে"
"দৰিদ্ৰ, পিছপৰা আৰু দলিত লোকসকলৰ সেৱা আজি দেশৰ বাবে প্ৰথম যজ্ঞ"

কাৰ্যক্ৰমত উপস্থিত গুজৰাটৰ ৰাজ্যপাল শ্ৰীমান আচাৰ্য দেৱব্ৰত জী, সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী সুৰেশ চন্দ্ৰ আৰ্য জী, দিল্লী আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী ধৰ্মপাল আৰ্য জী, শ্ৰী বিনয় আৰ্য জী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ জি কিষন ৰেড্ডী জী, মিনাক্ষী লেখী জী, অৰ্জুন ৰাম মেঘৱাল জী, প্ৰতিনিধিগণ, উপস্থিত ভাতৃ আৰু ভগ্নীসকল!

মহৰ্ষি দয়ানন্দ জীৰ ২০০তম জন্ম জয়ন্তীৰ এই অনুষ্ঠান ঐতিহাসিক আৰু ভৱিষ্যতৰ ইতিহাস নিৰ্মাণ কৰাৰ অনুষ্ঠানো। এয়া সমগ্ৰ বিশ্বৰ বাবে, মানৱতাৰ ভৱিষ্যতৰ বাবে প্ৰেৰণাৰ পল। স্বামী দয়ানন্দ জী আৰু তেওঁৰ আদৰ্শ আছিল– "কৃণ্বন্তো বিশ্বমাৰ্যম্"।। অৰ্থাৎ, আমি সমগ্ৰ বিশ্বক শ্ৰেষ্ঠ কৰিব লাগে, আমি সমগ্ৰ বিশ্বত শ্ৰেষ্ঠ বিচাৰৰ, মানৱীয় আদৰ্শৰ সঞ্চাৰ কৰিব লাগে। সেয়ে, ২১শ শতিকাত আজি যি সময়ত বিশ্ব অনেক বিবাদত আৱদ্ধ, হিংসা আৰু অস্থিৰতাত আচ্ছন্ন, সেই সময়ত মহৰ্ষি দয়ানন্দ সৰস্বতী জীয়ে দেখুওৱা পথে কোটি কোটি লোকৰ মাজত আশাৰ সঞ্চাৰ কৰে। এনে গুৰুত্বপূৰ্ণ সময়ত আৰ্য সমাজৰ ফালৰ পৰা মহৰ্ষি দয়ানন্দ জীৰ ২০০তম জন্ম জয়ন্তীৰ এই পৱিত্ৰ কাৰ্যক্ৰম দুবছৰ চলিব আৰু মই আনন্দিত যে ভাৰত চৰকাৰেও এই মহোৎসৱ পালনৰ সিদ্ধান্ত লৈছে। মানৱতাৰ কল্যাণৰ বাবে এই যি অবিৰত সাধনা চলিছে, এক যজ্ঞ চলিছে, এতিয়াৰ পৰা অলপ সময়ৰ আগতে মোৰো আহুতি দিয়াৰ সৌভাগ্য হ'ল। এতিয়া আচাৰ্য জীয়ে কৈ আছিল, এয়া মোৰ সৌভাগ্য যে যি পৱিত্ৰ মাটিত মহৰ্ষি দয়ানন্দ সৰস্বতী জীয়ে জন্ম ল'লে, সেই মাটিত ময়ো জন্ম হোৱাৰ সৌভাগ্য হ'ল। সেই মাটিৰ পৰা পোৱা সংস্কাৰ, সেই মাটিৰ পৰা পোৱা প্ৰেৰণাই আজি মোকো মহৰ্ষি দয়ানন্দ সৰস্বতীৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত কৰি থাকে। মই স্বামী দয়ানন্দ জীৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত কৰিছো আৰু আপোনালোক সকলোকে হৃদয়ৰ পৰা বহুত শুভকামনা জনাইছো।

বন্ধুসকল,

যি সময়ত মহৰ্ষি দয়ানন্দ জীৰ জন্ম হৈছিল, সেই সময়ত দেশে কেইবা শতিকাৰ দাসত্বত দুৰ্বল হৈ নিজৰ আভা, নিজৰ তেজ, নিজৰ আত্মবিশ্বাস, সকলো হেৰুৱাই গৈ আছিল। প্ৰতি মুহূৰ্তত আমাৰ সংস্কাৰক, আমাৰ আদৰ্শক, আমাৰ প্ৰমূল্যক তচনচ কৰাৰ লাখ লাখ চেষ্টা চলিছিল। যি সময়ত কোনো সমাজত দাসত্বৰ হীন ভাবনাই ঠাই লয়, সেই সময়ত আধ্যাত্ম আৰু আস্থাৰ ঠাইত আড়ম্বৰতা অহাটো স্বাভাৱিক হৈ পৰে। মনুষ্যৰ জীৱনলৈও চালে দেখিম যে যি আত্মবিশ্বাসহীন হয় তেওঁ আড়ম্বৰতাৰ ভৰষাত জীয়াই থকাৰ চেষ্টা কৰে। এনে পৰিস্থিতিত মহৰ্ষি দয়ানন্দ জীয়ে আগবাঢ়ি আহি বেদৰ জ্ঞান সমাজ জীৱনত পুনৰুজ্জীৱিত কৰে। তেওঁ সমাজক দিশ দেখুৱালে, নিজৰ যুক্তিৰে এয়া সিদ্ধ কৰিলে আৰু তেওঁ এই কথা বাৰে বাৰে ক'লে যে অপূৰ্ণতা ভাৰতৰ ধৰ্ম আৰু পৰম্পৰাত নাই। অপূৰ্ণতা হৈছে আমি তাৰ বাস্তৱিক স্বৰূপ পাহৰি গৈছো আৰু বিকৃতিৰে ভৰি গৈছো। আপোনালোকে কল্পনা কৰক, এক এনে সময়ত যেতিয়া আমাৰ এই বেদৰ বিদেশী ভাষ্যক, বিদেশী বৰ্ণনাক গঢ়াৰ চেষ্টা চলাই থকা হৈছিল, সেই নকল ব্যাখ্যাৰ আধাৰত আমাক হীন দেখুওৱাৰ, আমাৰ ইতিহাসক, পৰম্পৰাক ভ্ৰষ্ট কৰাৰ অনেক প্ৰচেষ্টা চলিছিল, তেতিয়া মহৰ্ষি দয়ানন্দ জীৰ এই প্ৰয়াস এক বহুত ডাঙৰ সঞ্জীৱনি হিচাপে, এক ঔষধ হিচাপে সমাজত এক নতুন প্ৰাণ শক্তি হৈ আহিছিল। মহৰ্ষি জীয়ে, সামাজিক ভেদভাৱ, উচ্চ নীচ, অস্পৃশ্যতাৰ দৰে এনে সমাজত থিতাপি লোৱা বহু বিকৃতি, বহু বেয়াৰ বিৰুদ্ধে এক শক্তিশালী অভিযান চলায়। আপোনালোকে কল্পনা কৰক, আজিও সমাজৰ কোনো বেয়াৰ ফালে কিবা ক'ব লাগিলে, যদি ময়ো কেতিয়াবা কওঁ যে ভাই কৰ্তব্য পথত চলিবই লাগিব, তেতিয়া কিছুমান মানুহে মোক ঠাট্টা কৰে যে আপুনি কৰ্তব্যৰ কথা কৈছে, অধিকাৰৰ কথা কোৱা নাই। যদি ২১শ শতিকাত মোৰ এই অৱস্থা তেন্তে দেৰশ বছৰৰ আগতে মহৰ্ষি জীয়ে সমাজক পথ দেখুওৱাত কিমান সংকট আহিছিল চাগৈ। যিবোৰ বেয়াৰ স্থিতি ধৰ্মৰ ওপৰত হৈছিল, স্বামী জীয়ে সেইবোৰ ধৰ্মৰেই পোহৰেৰে দূৰ কৰিলে। আৰু মহাত্মা গান্ধীজীয়ে এটা বহুত ডাঙৰ কথা কৈছিল আৰু বহুত গৰ্বেৰে কৈছিল, মহাত্মা গান্ধীজীয়ে কৈছিল– "আমাৰ সমাজক স্বামী দয়ানন্দ জীৰ বহুত অৱদান আছে। কিন্তু তাৰ ভিতৰত অস্পৃশ্যতাৰ বিৰুদ্ধে ঘোষণা সবাতোকৈ ডাঙৰ অৱদান।" মহিলাক লৈও সমাজত যি ৰুক্ষতাই থিতাপি লৈছে, মহৰ্ষি দয়ানন্দ জীয়ে তাৰ বিৰুদ্ধেও এক যুক্তিসংগত আৰু প্ৰভাৱশালী কণ্ঠ হৈ ভূমুকি মাৰিছিল। মহৰ্ষি জীয়ে মহিলাৰ বিৰুদ্ধে ভেদভাৱ খণ্ডন কৰে, মহিলা শিক্ষা অভিযান আৰম্ভ কৰে। আৰু এই কথা দেৰশ বছৰৰ আগৰ। আজিও বহু সমাজ এনেকুৱা, য'ত কন্যাসকলক শিক্ষা আৰু সন্মানৰ পৰা বঞ্চিত হৈ থাকিবলৈ বাধ্য কৰে। স্বামী দয়ানন্দ জীয়ে এই বিউগল পৰ্যন্ত বজাইছিল, যি সময়ত পশ্চিমীয়া দেশসমূহতো মহিলাৰ বাবে সন্মান অধিকাৰ দূৰৈৰ কথা আছিল।

ভাতৃ আৰু ভগ্নীসকল!

সেই কালখণ্ডত স্বামী দয়ানন্দ সৰস্বতীৰ পদাৰ্পণ, সমগ্ৰ যুগৰ প্ৰত্যাহ্বানৰ সন্মুখত তেওঁৰ থিয় হোৱা, এয়া অসামান্য আছিল, কোনো ৰূপত সেয়া সামান্য নাছিল। সেয়ে, ৰাষ্ট্ৰৰ যাত্ৰাত তেওঁৰ জীৱন্ত উপস্থিতি আৰ্য সমাজৰ দেৰশ বছৰ হ'ল, মহৰ্ষি জীৰ দুশ বছৰ হ'ব পাৰে আৰু ইমান ডাঙৰ জন সাগৰ কেৱল ইয়াত নহয়, পৃথিৱীজুৰি আজি এই সমাৰোহত সংযুক্ত হৈছে। ইয়াতকৈ ডাঙৰ জীৱনৰ উচ্চতা কি হ'ব পাৰে? জীৱনে যেনেকৈ দৌৰি আছে, মৃত্যুৰ দহ বছৰৰ পাছতো জীয়াই থকাটো অসম্ভৱ। দুশ বছৰ সত্ত্বেও আজি মহৰ্ষি জী আমাৰ মাজত আছে আৰু সেয়ে আজি যি সময়ত ভাৰতে স্বাধীনতাৰ অমৃত কাল পালন কৰি আছে, সেই সময়ত মহৰ্ষি দয়ানন্দ জীৰ ২০০তম জন্ম জয়ন্তীয়ে এক পূণ্য প্ৰেৰণা লৈ আহিছে। মহৰ্ষি জীয়ে যি মন্ত্ৰ তেতিয়া দিছিল, সমাজৰ বাবে যি সপোন তেতিয়া দেখিছিল, দেশে আজি তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস সহকাৰে আগবাঢ়ি আছে। স্বামী জীয়ে তেতিয়া আহ্বান জনাইছিল– বেদৰ ফালে উভতি যাওক। আজি দেশে অত্যন্ত স্বাভিমান সহ নিজৰ ঐতিহ্যৰ ওপৰত গৌৰৱৰ আহ্বান কৰি আছে। আজি দেশে সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৈ আছে যে আমি দেশলৈ আধুনিকতা অনাৰ সমান্তৰালকৈ নিজৰ পৰম্পৰাও সমৃদ্ধ কৰিম। ঐতিহ্যও, বিকাশো, এই পথেৰেই দেশে নতুন উচ্চতালৈ দৌৰিছে।

বন্ধুসকল,

সাধাৰণতে পৃথিৱীত যেতিয়াই ধৰ্মৰ কথা হয় তেতিয়াই তাৰ পৰিসৰ কেৱল পূজা পাৰ্বন, আস্থা আৰু উপাসনা, তাৰ ৰীতি-নীতি, তাৰ পদ্ধতি, সিমানলৈকে সীমিত বুলি গণ্য কৰা হয়। কিন্তু, ভাৰতৰ সন্দৰ্ভত ধৰ্মৰ অৰ্থ আৰু নিহিতাৰ্থ একেবাৰেই বেলেগ। বেদে ধৰ্মক এটা সম্পূৰ্ণ জীৱন পদ্ধতি হিচাপে পৰিভাষিত কৰিছে। আমাৰ ইয়াত ধৰ্মৰ প্ৰথম অৰ্থ কৰ্তব্য বুলি বুজা হয়। পিতৃ ধৰ্ম, মাতৃ ধৰ্ম, পুত্ৰ ধৰ্ম, দেশ ধৰ্ম, কাল ধৰ্ম, এয়া আমাৰ কল্পনা। সেয়ে, আমাৰ সন্ত আৰু ঋষিসকলৰ ভূমিকাও কেৱল পূজা আৰু উপাসনাতে সীমিত নহয়। তেওঁলোকে ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতিটো দিশৰ দায়িত্ব পালন কৰিছে, holistic aproach লয়, inclusive appoach লয়, integrated approach লয়। আমাৰ ইয়াত ভাষা আৰু ব্যাকৰণৰ ক্ষেত্ৰক পাণিনীৰ দৰে ঋষিয়ে সমৃদ্ধ কৰিছে। যুগৰ ক্ষেত্ৰক পতঞ্জলিৰ দৰে মহৰ্ষিয়ে বিস্তাৰ দিছে। আপোনালোকে দৰ্শনত, ফিলছফিত পাব যে কপিলৰ দৰে আচাৰ্যই বৌদ্ধিকতাক নতুন প্ৰেৰণা দিছে। নীতি আৰু ৰাজনীতিত মহাত্মা বিদূৰৰ পৰা আৰম্ভ কৰি ভৰ্তহৰি আৰু আচাৰ্য চাণক্যলৈকে, কেইবাজনো ঋষিয়ে ভাৰতৰ বিচাৰক পৰিভাষিত কৰি আছে। আমি গণিতৰ কথা ক'লেও ভাৰতৰ নেতৃত্ব আৰ্য্যভট্ট, ব্ৰহ্মগুপ্ত আৰু ভাস্কৰৰ দৰে মহানতম গণিতজ্ঞই কৰিছে। তেওঁলোকৰ প্ৰতিষ্ঠাত অলপো নাটনি নাই। বিজ্ঞানৰ ক্ষেত্ৰতো কণাড আৰু বৰাহমিহিৰৰ পৰা আৰম্ভ কৰি চৰক আৰু সুশ্ৰুতলৈকে অগণন নাম আছে। যেতিয়া স্বামী দয়ানন্দ জীলৈ চাওঁ তেতিয়া আমি গম পাওঁ যে সেই প্ৰাচীন পৰম্পৰাক পুনৰুজ্জীৱিত কৰাত তেওঁৰ কিমান ডাঙৰ ভূমিকা আছে আৰু তেওঁৰ ভিতৰত আত্মবিশ্বাস কিমান ভৰপূৰ।

ভাতৃ আৰু ভগ্নীসকল,

স্বামী দয়ানন্দ সৰস্বতী জীয়ে নিজৰ জীৱনত কেৱল এটা মাৰ্গেই কোৱা নাই, বৰং তেওঁ অনেক বেলেগ বেলেগ সংস্থা, সংস্থাগত ব্যৱস্থাৰো সৃষ্টি কৰিলে আৰু মই ক'ম যে ঋষি জীয়ে নিজৰ জীৱন কালত, ক্ৰান্তিকাৰী বিচাৰ লৈ আগবাঢ়ে, সেয়া যাপন কৰে। তেওঁ প্ৰতিটো বিচাৰক ব্যৱস্থাৰ সৈতে সংযুক্ত কৰিলে, institutionalised কৰিলে আৰু প্ৰতিষ্ঠান জন্ম দিলে। এই সংস্থাসমূহে দশক দশক ধৰি ভিন ভিন ক্ষেত্ৰত কেইবাটাও বৃহৎ ইতিবাচক কাম কৰি আছে। পৰোপকাৰিনী সভাৰ স্থাপন মহৰ্ষি জীয়ে নিজেই কৰিছিল। এই সংস্থাই আজিও প্ৰকাশন আৰু গুৰুকুলৰ মাধ্যমত বৈদিক পৰম্পৰাক আগবঢ়াই আছে। কুৰুক্ষেত্ৰ গুৰুকুল হওক, স্বামী শ্ৰদ্ধানন্দ ট্ৰাষ্ট হওক বা মহৰ্ষি দয়ানন্দ সৰস্বতী ট্ৰাষ্ট হওক, এই সংস্থাসমূহে ৰাষ্ট্ৰৰ বাবে সমৰ্পিত কিমান যে যুৱক-যুৱতী গঢ়িছে। মোৰ মনত আছে যে ২০০১ত যেতিয়া গুজৰাটত ভূমিকম্প আহিছিল, যোৱা শতাব্দীৰ ভয়ংকৰ ভূমিকম্প আছিল। সেই সময়ত জীৱন প্ৰভাত ট্ৰাষ্টৰ সামাজিক কাৰ্য আৰু উদ্ধাৰ অভিযানত তেওঁলোকৰ ভূমিকা মই নিজে দেখিছো। সকলোৱে মহৰ্ষি জীৰ প্ৰেৰণাৰে কাম কৰিছিল। যি বীজ স্বামী জীয়ে ৰোপণ কৰিছিল সেয়া আজি বিশাল বট বৃক্ষৰ ৰূপত সমগ্ৰ মানৱতাক ছাঁ দি আছে।

বন্ধুসকল,

স্বাধীনতাৰ অমৃত কালত আজি দেশ সেই সংশোধনৰ সাক্ষী হৈ আছে, যি স্বামী দয়ানন্দ জীৰো প্ৰাথমিকতা আছিল। আজি আমি দেশত কোনো ভেদভাব নোহোৱাকৈ নীতি আৰু প্ৰয়াস আগবাঢ়ি থকা দেখিছো। বঞ্চিতসকলক অগ্ৰাধিকাৰ, এই মন্ত্ৰক সাৰোগত কৰি প্ৰত্যেক দুখীয়াৰ বাবে ঘৰ, তেওঁলোকৰ সন্মান, প্ৰত্যেক লোকৰ বাবে চিকিৎসা, উন্নত সুবিধা, সকলোৰে বাবে পোষণ, সকলোৰে বাবে সুযোগ, 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ এই মন্ত্ৰ দেশৰ বাবে এটা সংকল্প হৈ পৰিছে। যোৱা ৯ বছৰত মহিলা সৱলীকৰণৰ দিশত দেশ দ্ৰুতগতিত আগবাঢ়িছে। আজি দেশৰ কন্যাসকলে কোনো বাধা নোহোৱাকৈ প্ৰতিৰক্ষাৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে প্ৰতিটো ভূমিকাত ৰাষ্ট্ৰ নিৰ্মাণক গতি দি আছে।

বন্ধুসকল,

স্বামী দয়ানন্দ জীয়ে আমাক জীৱন যাপনৰ আৰু এটা মন্ত্ৰ দিলে। স্বামী জীয়ে বহুত সৰল শব্দত, তেওঁ কৈছিল যে অৱশেষত পৰিপক্ক কোন হয়? আপুনি কাক পৰিপক্ক বুলি ক'ব? স্বামী জীয়ে কৈছিল আৰু বহুত অৰ্থপূৰ্ণ, মহৰ্ষি জীয়ে কৈছিল– "যি ব্যক্তিয়ে আটাইতকৈ কম গ্ৰহণ কৰে আৰু আটাইতকৈ অধিক যোগদান দিয়ে, তেৱেঁই পৰিপক্ক। আপোনালোকে কল্পনা কৰিব পাৰে যে কিমান সৰলতাৰে তেওঁ কিমান গম্ভীৰ কথা কৈছিল। তেওঁৰ এই জীৱন মন্ত্ৰই আজি কিমান যে প্ৰত্যাহ্বানৰ সমাধান দিয়ে। আজি যেনেকৈ ইয়াক পৰিৱেশ সন্দৰ্ভতো চাব পাৰি। সেই শতিকাত, যি সময়ত গ্লবেল ৱাৰ্মিং, ক্লাইমেট চেঞ্জ এনেধৰণৰ শব্দই জন্মই লোৱা নাছিল, সেই শব্দবোৰৰ বাবে কোনেও ভাবিবই পৰা নাছিল, তেওঁৰ ভিতৰত মহৰ্ষি জীৰ মনলৈ এই বোধ ক'ৰপৰা আহিল? ইয়াৰ উত্তৰ হৈছে– আমাৰ বেদ, আমাৰ চেতনা! স্বামী জীয়ে বেদৰ সেই জ্ঞান গম্ভীৰভাৱে বুজিছিল, তাৰ সাৰ্বভৌমিক বাৰ্তা তেওঁ নিজৰ কালখণ্ডত বিস্তাৰ দিছিল। মহৰ্ষি জী বেদৰ শিষ্য আছিল আৰু জ্ঞান মাৰ্গৰ সন্ত আছিল। সেয়ে, তেওঁৰ বোধ নিজৰ সময়তকৈ বহুত আগৰ আছিল।

ভাতৃ আৰু ভগ্নীসকল,

আজি পৃথিৱীয়ে যি সময়ত sustainable developmentৰ কথা কৈ আছে, তাত স্বামী জীয়ে দেখুওৱা পথে ভাৰতৰ প্ৰাচীন জীৱন দৰ্শনক বিশ্বৰ সন্মুখত ৰাখিছে, সমাধানৰ পথ প্ৰস্তুত কৰিছে। পৰিৱেশৰ ক্ষেত্ৰত ভাৰতে আজি বিশ্বৰ বাবে এক পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰি আছে। আমি প্ৰকৃতিৰ সৈতে সমন্বয়ৰ এই দৃষ্টিভংগীৰ আধাৰতে 'গ্লবেল মিছন লাইফ' LiFE আৰু তাৰ অৰ্থ হৈছে Lifestyle for Environment. এই Lifestyle for Environment-য়ে এটা life missionৰ আৰম্ভণিও কৰে। আমাৰ বাবে গৌৰৱৰ কথা যে এই গুৰুত্বপূৰ্ণ পৰিক্ৰমাত পৃথিৱীৰ দেশসমূহে জি20ৰ অধ্যক্ষতাৰ দায়িত্বও ভাৰতক অৰ্পণ কৰিছে। আমি পৰিৱেশক জি20ৰ বিশেষ এজেণ্ডা হিচাপে আগবঢ়াই আছো। এই সময়ত দেশে আৰু যেনেকৈ আচাৰ্য জীয়ে বৰ্ণনা কৰিছে, আচাৰ্য জী তো তাৰ বাবে বহুত সমৰ্পিত। প্ৰাকৃতিক খেতিৰে জড়িত ব্যাপক অভিযান আমি গাঁৱে গাঁৱে পোৱাব লাগিব। প্ৰাকৃতিক খেতি, গো-আধাৰিত খেতি, আমি ইয়াক আকৌ গাঁৱে গাঁৱে লৈ যাব লাগিব। মই বিচাৰো যে আৰ্য সমাজৰ যজ্ঞত এক আহুতি এই সংকল্পৰ বাবেও দিয়া হওক। এনেকুৱাই আৰু এটা বিশ্বজনীন আহ্বান ভাৰতে মিলেট, মোটা শস্য, বজৰা, জোৱাৰ আদি যাৰ সৈতে আমি পৰিচিত আৰু মিলেটক এতিয়া আমি এক বিশ্বজনীন পৰিচয় গঢ়িবৰ বাবে আৰু এতিয়া সমগ্ৰ দেশৰ প্ৰতিটো মিলেটৰ এটা পৰিচয় গঢ়িবলৈ এতিয়া তাৰ বাবে এটা নতুন নামকৰণ কৰা হৈছে। আমি মিলেটক কৈছো শ্ৰী অন্ন। এই বছৰ ৰাষ্ট্ৰসংঘই ইণ্টাৰনেচনেল মিলেট ইয়েৰ পালন কৰি আছে। আৰু আমি জানো যে আমি তো যজ্ঞ সংস্কৃতিৰ মানুহ আৰু আমি যজ্ঞত আহুতিত যি সৰ্বশ্ৰেষ্ঠ সেয়াই দিওঁ। সেয়ে, যজ্ঞৰ লগতে সকলো মোটা শস্য- শ্ৰীঅন্নই দেশবাসীৰ জীৱন আৰু আহাৰত যিমান পাৰি বেছি সংযুক্ত হওক, নিজৰ নিত্য আহাৰত সেয়া অংশ হওক। ইয়াৰ বাবে আমি নতুন প্ৰজন্মকো সজাগ কৰা উচিত আৰু আপোনালোকে এই কাম সহজে কৰিব পাৰে।

ভাতৃ আৰু ভগ্নীসকল,

স্বামী দয়ানন্দ জীৰ ব্যক্তিত্বৰ পৰাও আমি বহু কথা শিকিবলৈ পাওঁ। তেওঁ কিমান যে স্বাধীনতা সেনানীৰ ভিতৰত ৰাষ্ট্ৰপ্ৰেমৰ বন্তি জ্বলাইছিল। কোৱা হয় যে এজন ইংৰাজ বিষয়াই তেওঁক লগ কৰিবলৈ আহিছিল আৰু তেওঁক কয় যে ভাৰতত ইংৰাজ শাসন চিৰকাল থাকিবলৈ প্ৰাৰ্থনা কৰিব লাগে। স্বামী জীৰ নিৰ্ভিক উত্তৰ আছিল, চকুত চকু থৈ ইংৰাজ অফিচাৰক কৈছিল- "স্বাধীনতা মোৰ আত্মা আৰু ভাৰতবৰ্ষৰ কণ্ঠ, এয়াই মোৰ প্ৰিয় মই বিদেশী সাম্ৰাজ্যৰ বাবে কেতিয়াও প্ৰাৰ্থনা কৰিব নোৱাৰো" অগণন মহাপুৰুষে, লোকমান্য তিলক, নেতাজী সুভাষ চন্দ্ৰ বসু, বীৰ ছাভাৰকাৰ, লালা লাজপত ৰায়, লালা হৰদয়াল, শ্যামজী কৃষ্ণ বাৰ্মা, চন্দ্ৰশেখৰ আজাদ, ৰামপ্ৰসাদ বিস্মিলৰ দৰে লাখ লাখ স্বাধীনতা সেনানী আৰু ক্ৰান্তিকাৰী মহৰ্ষি জীৰ দ্বাৰা অনুপ্ৰাণিত আছিল। দয়ানন্দ জী, দয়ানন্দ এংলো বৈদিক বিদ্যালয় আৰম্ভ কৰা মহাত্মা হংসৰাজ জী হওক, গুৰুকুল কাংগড়ী প্ৰতিষ্ঠা কৰা স্বামী শ্ৰদ্ধানন্দ জী হওক, ভাই পৰমানন্দ জী হওক, স্বামী সহজানন্দ সৰস্বতী হওক, এনে কিমান যে দেৱতুল্য ব্যক্তিত্বই স্বামী দয়ানন্দ সৰস্বতী জীৰ পৰাই প্ৰেৰণা পাইছিল। মোৰ বিশ্বাস আছে যে আৰ্য সমাজে ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি এই কৰ্তব্য যজ্ঞৰ আয়োজন কৰি থাকিব, যজ্ঞৰ প্ৰকাশ মানৱতাৰ বাবে প্ৰচাৰ কৰি থাকিব। অহা বছৰ আৰ্য সমাজৰ প্ৰতিষ্ঠাৰ ১৫০তম বৰ্ষও আৰম্ভ হ'বলৈ গৈ আছে। এই দুয়োটা অনুষ্ঠান মহত্বপূৰ্ণ অনুষ্ঠান। আৰু এতিয়া আচাৰ্য জীয়ে স্বামী শ্ৰদ্ধানন্দ জীৰ মৃত্যু তিথিৰ এশ বছৰ অৰ্থাৎ একপ্ৰকাৰৰ ত্ৰিবেণীৰ কথা হৈছে। মহৰ্ষি দয়ানন্দ জী নিজেই জ্ঞানৰ জ্যোতি আছিল, আমি সকলো এই জ্ঞানৰ জ্যোতি হ'ব লাগে। যি আদৰ্শ আৰু প্ৰমূল্যৰ বাবে তেওঁ জীয়াই আছিল, যি আদৰ্শ আৰু প্ৰমূল্যৰ বাবে তেওঁ জীৱন পাত কৰিলে আৰু বিহ পান কৰি আমাৰ বাবে অমৃত দি গ'ল, অনাগত অমৃত কালত আমাক মা ভাৰতীৰ আৰু কোটি কোটি দেশবাসীৰ কল্যাণৰ বাবে নিৰন্তৰ প্ৰেৰণা দিয়ক, শক্তি দিয়ক, সামৰ্থ্য দিয়ক, মই আজি আৰ্য প্ৰতিনিধি সভাৰ সকলো মহানুভৱকো অভিনন্দন জনাইছো। যিদৰে আজিৰ কাৰ্যক্ৰম প্লেন কৰা হৈছিল, মই আহি এই যি ১০-১৫ মিনিট এই সকলো বস্তু চোৱাৰ সুযোগ পালো, মই মানো যে প্লেনিং, মেনেজমেণ্ট, এডুকেচন সকলো ধৰণৰ আয়োজনৰ বাবে আপোনালোক সকলো অভিনন্দনৰ যোগ্য।

বহুত বহুত শুভকামনা।

বহুত-বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created

Media Coverage

Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves Startup India Fund of Funds 2.0 to Mobilize Venture Capital for India’s Startup Ecosystem
February 14, 2026
Rs. 10,000 crore corpus to support deep tech, tech-driven innovative manufacturing startups, and early-growth stage startups

In a major boost to India’s growing startup ecosystem, the Union Cabinet chaired by the Prime Minister, Shri Narendra Modi, has approved the establishment of the Startup India Fund of Funds 2.0 (Startup India FoF 2.0) with a total corpus of Rs. 10,000 crore for the purpose of mobilizing venture capital for the startup ecosystem of the country.

The Scheme is designed to accelerate the next phase of India’s startup journey by mobilising long-term domestic capital, strengthening the venture capital ecosystem, and supporting innovation-led entrepreneurship across the country.

Launched under the Startup India initiative, Startup India FoF 2.0 builds on nearly a decade of sustained efforts to make India one of the world’s leading startup nations. Since the launch of Startup India in 2016, India’s startup ecosystem has witnessed an extraordinary transformation growing from fewer than 500 startups to over 2 lakh Department for Promotion of Industry and Internal Trade (DPIIT)-recognised startups today, with 2025 marking the highest ever annual startup registrations.

Building on Fund of Funds for Startups 1.0

The Startup India FoF 2.0 follows the strong performance of the Fund of Funds for Startups (FFS 1.0), which was launched in 2016 to address funding gaps and catalyse the domestic venture capital market for startups.

Under FFS 1.0, the entire corpus of Rs. 10,000 crore has been committed to 145 Alternative Investment Funds (AIFs). Such supported AIFs have invested over Rs. 25,500 crore in more than 1,370 startups across the country in sectors such as agriculture, artificial intelligence, robotics, automotive, clean tech, consumer goods & services, e-commerce, education, fintech, food & beverages, healthcare, manufacturing, space tech, and biotechnology amongst others.

FFS 1.0 played a pivotal role in nurturing first-time founders, crowding in private capital, and helping build a strong foundation for India’s venture capital ecosystem.

Key Features of the Scheme:

While the first phase built the ecosystem, Startup India FoF 2.0 is designed to take Indian innovation to the next level. The new fund will have a targeted, segmented funding approach to support:

  1. Deep tech and tech-driven innovative manufacturing: Prioritizing breakthroughs in high-tech areas that require patient, long-term capital.
  2. Empowering early-growth stage founders: Providing a safety net for new and innovative ideas, reducing early-stage failures caused by lack of funding.
  3. National reach: Encouraging investment beyond major metros so that, the innovation thrives in every corner of the country.
  4. Designed to address high‑risk capital gaps: Directing greater capital to priority areas which are important for self-reliance and boosting economic growth.
  5. Strengthen India’s domestic venture capital base, particularly smaller funds to further boost the domestic investment landscape.

Startup India FoF 2.0 is expected to play a pivotal role in shaping India’s economic trajectory, leading to transformational impact.

Startup India Fund of Funds 2.0 is expected to play a critical role in advancing India’s innovation-led growth agenda. By supporting startups that build globally competitive technologies, products, and solutions, the Fund will contribute to strengthening India’s economic resilience, boosting manufacturing capabilities, generating high-quality jobs, and positioning India as a global innovation hub.

Aligned with the national vision of Viksit Bharat @ 2047, the Fund represents the Government’s continued commitment to empowering entrepreneurs, fostering innovation, and unlocking the full potential of India’s startup ecosystem.