মহামহিম,

এই আদৰণিৰ বাবে, এই ভব্য সন্মানৰ বাবে আৰু আজি আমি চেকাৰ্ছত এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ ওলাইছো আৰু ভাৰত আৰু ব্ৰিটেইনে একেলগে নতুন ইতিহাসৰ ভেটি গঢ়িছে।

মহামহিম,

চলিত বৰ্ষত আপোনাক তৃতীয়বাৰৰ বাবে লগ পোৱাৰ সুযোগ পাইছো। মই ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰোঁ। ব্ৰিটেইন আৰু ভাৰত, আমি এক স্বাভাৱিক অংশীদাৰ। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। আজি আমাৰ দুয়োখন দেশেই পাৰস্পৰিকভাৱে লাভজনক এফটিএ আৰু ডাবল কনট্ৰিবিউচন কনভেনচন সম্পন্ন কৰিবলৈ ওলাইছে। ই ভাৰত আৰু ব্ৰিটেইনৰ বাবে, ভৱিষ্যত প্ৰজন্মৰ বাবে এক অতি শক্তিশালী পথ প্ৰস্তুত কৰি তুলিছে। ইয়াৰ দ্বাৰা বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হৈছে। আমাৰ কৃষক, আমাৰ এমএছএমই, আমাৰ যুৱক-যুৱতী, তেওঁলোকৰ বাবে বহুতো নতুন সুযোগ সৃষ্টি হ’ব বুলি মই ভাবো। কেৱল ইমানেই নহয়, একবিংশ শতিকাটো প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত শতিকা। এনে পৰিস্থিতিত ভাৰত আৰু ব্ৰিটেইনৰ যুৱক-যুৱতীসকলে আৰু সেইজনো দক্ষ যুৱক-যুৱতীসকলে মিলি এখন নতুন পৃথিৱী গঢ়ি তোলাত এক বৃহৎ অৱদান আগবঢ়াব। একবিংশ শতিকাৰ প্ৰযুক্তিবিদ্যাৰ বাবে অহৰহ উদ্ভাৱনৰ প্ৰয়োজন। ব্ৰিটেইন আৰু ভাৰতৰ দক্ষ যুৱক-যুৱতীসকলে যেতিয়া তেওঁলোকৰ মন আৰু দক্ষতাই হাত মিলি যায়, তেতিয়া ই বিশ্বৰ বাবে উন্নয়নৰ এক বৃহৎ নিশ্চয়তা প্ৰদান কৰে। ইয়াৰ ফলত কৰ্মসংস্থাপন বৃদ্ধি পাব আৰু এক প্ৰকাৰে ই দক্ষ গতিশীলতাক এক উদগনি যোগাব। আৰু মোৰ বিশ্বাস যে ‘ভিজন ২০৩৫’ৰ বাবে আমাৰ বিস্তৃত কৌশলগত অংশীদাৰিত্বই নতুন গতি আৰু নতুন শক্তি লাভ কৰিব৷

মহামহিম,

আকৌ এবাৰ আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই সুন্দৰ আৰম্ভণিতে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ অংশীদাৰিত্ব শক্তিশালী কৰাত আপোনাৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। আপোনাক বহুত বহুত অভিনন্দন জনাইছো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress