মহামহিম,

মই আপোনাৰ সম্ভাষণ, উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আপোনাৰ লগতে সমগ্ৰ ৰাজ পৰিয়াললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

মই প্ৰথমেই ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোকৰ স্বাধীনতাৰ ৪০ বছৰীয়া জয়ন্তী উপলক্ষে আপোনাৰ লগতে ব্ৰুনেইবাসীক আন্তৰিক শুভেচ্ছা জনাইছোঁ।

 

মহামহিম,

আমাৰ মাজত শতিকা-পুৰণি সাংস্কৃতিক সম্পৰ্ক আছে। এই মহান সাংস্কৃতিক পৰম্পৰাই হৈছে আমাৰ বন্ধুত্বৰ আধাৰ। আপোনাৰ নেতৃত্বত আমাৰ সম্পৰ্ক দিনক-দিনে সুদৃঢ় হৈ পৰিছে। আমাৰ ২০১৮ৰ গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণৰ অৰ্থে আপোনাৰ ভাৰত ভ্ৰমণৰ কথা এতিয়াও মনত আছে ভাৰতবাসীৰ।

 

মহামহিম,

মই অত্যন্ত আনন্দিত হৈছোঁ যে মোৰ তৃতীয় কাৰ্য্যকালৰ আৰম্ভণিতেই এইদৰে ব্ৰুনেই ভ্ৰমণেৰে আপোনাৰ সৈতে আগন্তুক দিনৰ বিষয়সমূহত আলোচনা কৰাৰ সুযোগ লাভ কৰিছোঁ। আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ ৪০ বছৰীয়া জয়ন্তী উদযাপনো সুখৰ কথা। ব্ৰুনেই ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হোৱাটো আমাৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা। আমি পৰস্পৰে-পৰস্পৰৰ আৱেগক সন্মান কৰোঁ। এই ভ্ৰমণ আৰু আমাৰ আলোচনাই আগন্তুক সময়ৰ বাবে আমাৰ সম্পৰ্কক এক কৌশলগত দিশ প্ৰদান কৰিব বুলি মোৰ বিশ্বাস জন্মিছে। আকৌ এবাৰ এই উপলক্ষে আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Apple exports record $2 billion worth of iPhones from India in November

Media Coverage

Apple exports record $2 billion worth of iPhones from India in November
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 ডিচেম্বৰ 2025
December 17, 2025

From Rural Livelihoods to International Laurels: India's Rise Under PM Modi