মান্যবৰ,

মই আপোনালোকে সকলোকে আদৰণি জনাইছোঁ৷

মান্যবৰ,

দ্বিতীয় ভইচ অফ গ্ল’বেল ছাউথ ছামিটৰ উদ্বোধনী অধিৱেশনত ১৪০ কোটি ভাৰতীয়ৰ হৈ মই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো৷ ভইচ অফ গ্ল’বেল ছাউথ একবিংশ শতিকাৰ পৰিৱৰ্তিত বিশ্বৰ আটাইতকৈ অনন্য মঞ্চ৷ ভৌগোলিকভাৱে গ্ল’বেল ছাউথ সদায় আছে৷ কিন্তু তাৰ পৰা এইধৰণৰ কণ্ঠ প্ৰথমবাৰলৈ শুনিবলৈ পোৱা গৈছে৷ আৰু আমাৰ সকলোৰে যৌথ প্ৰচেষ্টাৰ বাবেই এইটো সম্ভৱ হৈছে। আমি ১০০খনতকৈও অধিক ভিন্ন দেশ, কিন্তু আমাৰ স্বাৰ্থ একে, আমাৰ অগ্ৰাধিকাৰ একে।

বন্ধুসকল,

যোৱা বছৰৰ ডিচেম্বৰ মাহত যেতিয়া ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া আমি এই মঞ্চত গ্ল’বেল ছাউথৰ দেশসমূহৰ কণ্ঠ বৃদ্ধি কৰাটো আমাৰ দায়িত্ব বুলি বিবেচনা কৰিছিলোঁ। আমাৰ অগ্ৰাধিকাৰ আছিল জি-২০ক বিশ্ব সৰ্বাংগীন আৰু মানৱকেন্দ্ৰিক কৰি তোলা। আমাৰ প্ৰচেষ্টা এই যে জি-২০ৰ কেন্দ্ৰবিন্দু হ’ব লাগে-জনসাধাৰণৰ, জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে উন্নয়ন। এই উদ্দেশ্যৰেই আমি চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে ভইচ অৱ গ্ল’বেল ছাউথ ছামিটৰ আয়োজন কৰিলোঁ। ভাৰতৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত ২০০ৰো অধিক জি-২০ বৈঠকত আমি গ্ল’বেল ছাউথৰ অগ্ৰাধিকাৰক প্ৰাধান্য দিলোঁ। ফলত আমি নতুন দিল্লী নেতাসকলৰ ঘোষণা পত্ৰত গ্ল’বেল ছাউথৰ বিষয়সমূহত সকলোৰে সন্মতি লাভ কৰাত সফল হ’লোঁ।

 

মান্যবৰ,

জি-২০ অনুষ্ঠানত গ্ল’বেল ছাউথৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি লোৱা কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকৰ সৈতে বিনম্ৰভাৱে শ্বেয়াৰ কৰিব বিচাৰিছো। সেই ঐতিহাসিক মুহূৰ্তটো মই পাহৰিব নোৱাৰো যেতিয়া ভাৰতৰ প্ৰচেষ্টাৰ বাবে আফ্ৰিকান ইউনিয়নে নতুন দিল্লী শীৰ্ষ সন্মিলনত জি-২০ৰ স্থায়ী সদস্যপদ লাভ কৰিছিল। জি-২০ৰ সকলোৱে এই কথাত একমত হৈছিল যে বহুপাক্ষিক উন্নয়ন বেংকসমূহত বৃহৎ সংস্কাৰ আনিব লাগে আৰু উন্নয়নশীল দেশসমূহক বহনক্ষম বিত্ত প্ৰদানৰ ওপৰত গুৰুত্ব দিব লাগে।

বিগত কেইবছৰমানৰ পৰা মন্থৰ হৈ পৰা বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ ত্বৰান্বিত কৰাৰ বাবেও এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। ইয়াৰ দ্বাৰা গ্ল’বেল ছাউথৰ দেশসমূহত চলি থকা দৰিদ্ৰতা হ্ৰাস কাৰ্যসূচী শক্তিশালী হ’ব। এইবাৰ জি-২০ দলে জলবায়ু বিত্তৰ ক্ষেত্ৰত অভূতপূৰ্ব গুৰুত্ব দেখুৱাইছে। গ্ল’বেল ছাউথৰ দেশসমূহক সহজ চৰ্তত জলবায়ু পৰিৱৰ্তনৰ বাবে বিত্ত আৰু প্ৰযুক্তি প্ৰদানৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰা হৈছে। লাইফ, অৰ্থাৎ পৰিৱেশৰ বাবে জীৱনশৈলী, জলবায়ুৰ কাৰ্য্যৰ বাবে ইয়াৰ উচ্চ পৰ্যায়ৰ নীতি গ্ৰহণ কৰা হৈছিল। এই সন্মিলনত বিশ্ব জৈৱ ইন্ধন মৈত্ৰী আৰম্ভ কৰা হৈছে৷ গ্ল’বেল ছাউথৰ দেশসমূহৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ। আৰু আমি আশা কৰিছো যে আপোনালোক সকলোৱে ইয়াত যোগদান কৰিব।

ভাৰতৰ মতে নতুন প্ৰযুক্তি উত্তৰ আৰু দক্ষিণৰ মাজৰ দূৰত্ব বৃদ্ধি কৰাৰ নতুন উৎস হ’ব নালাগে। আজি কৃত্ৰিম বুদ্ধিমত্তা(এআই)ৰ যুগত, প্ৰযুক্তিবিদ্যাক দায়িত্ব সহকাৰে ব্যৱহাৰ কৰাৰ অতি প্ৰয়োজন। ইয়াক আগুৱাই নিবলৈ অহা মাহত ভাৰতত এআই গ্ল’বেল পাৰ্টনাৰশ্বিপ ছামিটৰ আয়োজন কৰা হৈছে। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি অৰ্থাৎ ডিপিআই জি-২০য়ে গ্ৰহণ কৰিছে, যিয়ে অত্যাৱশ্যকীয় সেৱাসমূহৰ প্ৰান্তীয় লোকসকলক যোগানত সহায় কৰিব আৰু ইয়াৰ অন্তৰ্ভুক্তি বৃদ্ধি কৰিব। ইয়াৰ উপৰি এটা বিশ্ব ডিপিআই ভঁৰাল সৃষ্টিৰ বাবেও সন্মতি দিয়া হৈছে। ইয়াৰ অধীনত ভাৰত সমগ্ৰ গ্ল’বেল ছাউথৰ সৈতে নিজৰ সামৰ্থ্য শ্বেয়াৰ কৰিবলৈ সাজু।

 

গ্ল’বেল ছাউথৰ দেশসমূহ যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। ইয়াৰ বাবে ভাৰতে দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনিৰ বাবে জোট অৰ্থাৎ চিডিআৰআই আৰম্ভ কৰিছিল। এতিয়া দুৰ্যোগৰ আশংকা হ্ৰাস আৰু সুস্থিৰতা আন্তঃগাঁথনিৰ বাবে জি-২০ত এটা নতুন কৰ্মগোটো গঠন কৰা হৈছে।

ভাৰতৰ উদ্যোগত ৰাষ্ট্ৰসংঘই এই বছৰটো আন্তঃৰাষ্ট্ৰীয় বাজৰাৰ বছৰ হিচাপে উদযাপন কৰিছে। জি-২০ৰ অধীনত ছুপাৰফুড বাজৰাৰ ওপৰত গৱেষণা কৰাৰ নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাক আমি ভাৰতত শ্ৰীঅন্নৰ পৰিচয় দিছো। ইয়াৰ দ্বাৰা গ্ল’বেল ছাউথে জলবায়ু পৰিৱৰ্তন আৰু সম্পদৰ অভাৱৰ ফলত উদ্ভৱ হোৱা খাদ্য সুৰক্ষাৰ উদ্বেগসমূহ মোকাবিলা কৰিবলৈ সক্ষম হ’ব।

প্ৰথমবাৰৰ বাবে জি-২০ত বহনক্ষম আৰু সাগৰভিত্তিক অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। গ্ল’বেল ছাউথৰ সৰু দ্বীপ উন্নয়নশীল দেশসমূহৰ বাবে এইবোৰ অতি গুৰুত্বপূৰ্ণ, যিবোৰক মই বৃহৎ সাগৰীয় দেশ বুলি গণ্য কৰোঁ। এই সন্মিলনত বিশ্ব মূল্য শৃংখল মেপিং আৰু ডিজিটেল প্ৰমাণপত্ৰৰ স্বীকৃতিৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ দ্বাৰা গ্ল’বেল ছাউথৰ দেশসমূহত এমএছএমই খণ্ড আৰু ব্যৱসায়ৰ বাবে নতুন সুযোগ মুকলি হ’ব।

 

মান্যবৰ,

বিশ্বৰ সমৃদ্ধিৰ বাবে সকলোৰে সমৰ্থন আৰু সকলোৰে বিকাশ অতি প্ৰয়োজনীয়। কিন্তু আমি সকলোৱে দেখিবলৈ পাইছো যে পশ্চিম এছিয়া অঞ্চলৰ পৰিঘটনাৰ পৰা নতুন প্ৰত্যাহ্বানৰ উন্মেষ ঘটিছে। ৭ অক্টোবৰত ইজৰাইলত সংঘটিত হোৱা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে ভাৰতে। সংযমৰ লগতে আলোচনা আৰু কূটনীতিৰ ওপৰতো আমি গুৰুত্ব দিছো। ইজৰাইল আৰু হামাছৰ সংঘাতত সাধাৰণ নাগৰিকৰ প্ৰাণহানিক আমি তীব্ৰ গৰিহণা দিছো। ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে কথা পতাৰ পাছত আমি পেলেষ্টাইনৰ জনসাধাৰণলৈও মানৱীয় সাহায্য প্ৰেৰণ কৰিছো। গ্ল’বেল ছাউথৰ দেশসমূহে বৃহত্তৰ বৈশ্বিক কল্যানৰ বাবে এক কণ্ঠেৰে কথা কোৱাৰ সময় আহি পৰিছে৷

“এক পৃথিৱী এক পৰিয়াল, এটা ভৱিষ্যত”ৰ বাবে, আহক আমি সকলোৱে ৫-চিৰ সৈতে একেলগে আগবাঢ়ি যাওঁ৷ এই ৫-চি হৈছে– পৰামৰ্শ, সহযোগিতা, যোগাযোগ, সৃষ্টিশীলতা আৰু সামৰ্থ্য বিকাশ।

 

মান্যবৰ,

প্ৰথম ভইচ অৱ দ্য গ্ল’বেল ছাউথ ছামিটত মই গ্ল’বেল ছাউথৰ বাবে এটা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিছিলো। মই সুখী যে আজি DAKSHIN – উন্নয়ন আৰু জ্ঞান বিনিময় পদক্ষেপ– গ্লবেল ছাউথ উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন কৰা হৈছে। জি-২০ সন্মিলনৰ সময়ত মই ভাৰতৰ পৰা গ্ল’বেল ছাউথৰ বাবে বতৰ আৰু জলবায়ু নিৰীক্ষণৰ বাবে উপগ্ৰহ উৎক্ষেপণৰ প্ৰস্তাৱ দিছো। আমি এই দিশত দ্ৰুতগতিত কাম কৰি আছো।

বন্ধুসকল,

এই চিন্তাধাৰাৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। এতিয়া আপোনালোকৰ চিন্তাধাৰা শুনিবলৈ মই বৰ উৎসাহিত হৈ আছো। আৰু ইমান বৃহৎ পৰিসৰত আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বহুত বহুত ধন্যবাদ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।