“First steps towards cleanliness taken with Swachh Bharat Abhiyan with separate toilets built for girls in schools”
“PM Sukanya Samruddhi account can be opened for girls as soon as they are born”
“Create awareness about ills of plastic in your community”
“Gandhiji chose cleanliness over freedom as he valued cleanliness more than everything”
“Every citizen should pledge to keep their surroundings clean as a matter of habit and not because it’s a program”

প্ৰধানমন্ত্ৰীঃ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লাভাসমূহ কি কি? 

শিক্ষাৰ্থীঃ ছাৰ, ইয়াৰ ফলত আমাৰ কোনো ৰোগ হ'ব নোৱাৰে, আমি সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিম ছাৰ, আৰু যদি আমাৰ দেশ পৰিষ্কাৰ হৈ থাকে তেন্তে সকলোৱে জানিব যে এই ঠাইবোৰ পৰিষ্কাৰ ৰাখিব লাগে।

প্ৰধানমন্ত্ৰীঃ যদি শৌচাগাৰ নাথাকে, তেন্তে কি হ'ব পাৰে?

শিক্ষাৰ্থীঃ ছাৰ, ৰোগ বিয়পে।

প্ৰধানমন্ত্ৰী: ৰোগ বিয়পে... চোৱাচোন, আগৰ সময়বোৰত যেতিয়া শৌচালয় নাছিল, ১০০ গৰাকীৰ ভিতৰত ৬০ গৰাকীৰ ঘৰতে শৌচালয় নাছিল। তেওঁলোকে বাহিৰলৈ গৈ মুকলিত শৌচ কৰিছিলগৈ আৰু ইয়েই বিভিন্ন ৰোগৰ কাৰণ হৈ পৰিছিল। আৰু ইয়াৰ বাবে মাতৃ আৰু ভগ্নী আৰু কন্যাসকলে আটাইতকৈ বেছি কষ্ট পাইছিল। যেতিয়াৰ পৰা আমি এই ‘স্বচ্ছ ভাৰত অভিযান’ আৰম্ভ কৰিছো, প্ৰথমতে স্কুলসমূহত শৌচালয় নিৰ্মাণ কৰিছিলো, ছোৱালীহঁতৰ বাবে পৃথককৈ শৌচালয় নিৰ্মাণ কৰিছিলো আৰু ইয়াৰ ফলত আজি ছোৱালীহঁতৰ ‘ড্ৰপআউট’ৰ হাৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে, ছোৱালীহঁতে বিদ্যালয়সমূহত পঢ়ি আছে। তেন্তে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰা উপকৃত হৈছোঁ নে নাই। 

শিক্ষাৰ্থীঃ হৈছোঁ ছাৰ।

প্ৰধানমন্ত্ৰীঃ আজি বাৰু কাৰ জন্ম জয়ন্তী?

শিক্ষাৰ্থীঃ গান্ধী জী আৰু লাল বাহাদুৰ শাস্ত্ৰী জীৰ।

প্ৰধানমন্ত্ৰীঃ আচ্ছা, তোমালোকৰ কোনোবাই বাৰু ‘যোগ’ কৰানে... বাঃ বাঃ ইমানবোৰে কৰা। বাৰু কোৱাচোন আসনৰ পৰা কি লাভ হয়?  

শিক্ষাৰ্থীঃ ছাৰ, আমাৰ শৰীৰলৈ ‘ফ্লেক্সিবিলিটী’ আহে।

প্ৰধানমন্ত্ৰী: ‘ফ্লেক্সিবিলিটী’ আৰু? 

শিক্ষাৰ্থীঃ ছাৰ, ইয়াৰ ফলত ৰোগো হ্ৰাস পায় ছাৰ, ৰক্ত সঞ্চালনো বহুত ভাল হয়।  

প্ৰধানমন্ত্ৰীঃ বাৰু কোৱাচোন, তোমালোকে ঘৰত ইয়াৰ ভিতৰত কোনবিধ বস্তু খাবলৈ পচন্দ কৰিবা। মায়ে চাগৈ কয় শাক-পাচলি খোৱা, গাখীৰ খোৱা, সেই সময়ত তোমালোকৰ বাৰু কোনে কোনে কাজিয়া কৰা। 

শিক্ষাৰ্থী: সকলো শাক-পাচলিয়েই খাওঁ।

প্ৰধানমন্ত্ৰীঃ সকলোৱে সকলো পাচলি খোৱা, তিতা কেৰেলাও খোৱা।

শিক্ষাৰ্থী: তিতা কেৰেলাৰ বাহিৰে।

প্ৰধানমন্ত্ৰীঃ বাৰু বাৰু তিতা কেৰেলাৰ বাহিৰে।

প্ৰধানমন্ত্ৰীঃ ‘সুকন্যা সমৃদ্ধি যোজনা’ৰ বিষয়ে তোমালোকে কিবা জানেনে?

শিক্ষাৰ্থীঃ হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ এয়ানো কি?

শিক্ষাৰ্থীঃ ছাৰ, এয়া হৈছে আপুনি শুভাৰম্ভ কৰা কৰা এখন আঁচনি যিখন আঁচনিয়ে বহু সংখ্যক ছোৱালীক উপকৃত কৰি আহিছে। যেতিয়া আমি জন্ম হওঁ আৰু আমি ইয়াক ১০ বছৰৰ বাবে খুলিব পাৰো, তেতিয়া ছাৰ যেতিয়া আমি ১৮ বছৰীয়া হওঁ, ই আমাৰ পঢ়া-শুনাত যথেষ্ট সহায় কৰে। যদি কোনো বিত্তীয় সমস্যা নাথাকে, তেন্তে আমি ইয়াৰ পৰা ধন উলিয়াব পাৰোঁ। 

প্ৰধানমন্ত্ৰীঃ চোৱা, কন্যাৰ জন্মৰ লগে লগে ‘সুকন্যা সমৃদ্ধিৰ একাউণ্ট’ খুলিব পাৰি। বছৰি ছোৱালীহঁতৰ মাক দেউতাকে বেংকত এহেজাৰ টকা জমা দি থাকিব, বছৰত একহাজাৰ টকা মানে মাহে ৮০-৯০ টকা। ধৰি লোৱা ১৮ বছৰৰ পিছত তেওঁক ভাল শিক্ষাৰ বাবে ধনৰ প্ৰয়োজন হৈছে, তেতিয়া তেওঁ এইদৰে জমা হোৱা ধনৰ আধাখিনি ধন ল'ব পাৰিব। আৰু ধৰি লোৱা ২১ বছৰ বয়সত বিয়া হোৱাৰ বাবে টকাৰ প্ৰয়োজন হৈছে, যদি এহাজাৰ টকাকৈ জমা ৰাখিছিল, তেন্তে সেই সময়ত যেতিয়া সেয়া উলিয়াব তেন্তে প্ৰায় ৫০ হাজাৰ টকা পাব, প্ৰায় ৩০-৩৫ হাজাৰ টকাৰ সূত পাব। আৰু সাধাৰণতে হাৰৰ যি সূত হয় নহয়, বেঙ্কে কন্যাসকলক বেছি হাৰত সুত দিয়ে ৮.২ শতাংশ হাৰত।

শিক্ষাৰ্থী: এখন ছবি ওলোমাই ৰখা হয় যে বিদ্যালয়সমূহ আমি পৰিষ্কাৰ কৰিব লাগে আৰু ছবিখনত শিশুসকলে চাফাই কৰি থকা দেখুওৱা হৈছে। 

প্ৰধানমন্ত্ৰীঃ এদিন মই গুজৰাটত আছিলো। বিদ্যালয়ৰ এজন শিক্ষকে এটা অদ্ভুত কাম কৰিছিল। এনেকুৱা এটা এলেকা যত সাগৰৰ উপকূল আছিল, পানী খাৰুৱা আছিল, মাটিও এনেকুৱা আছিল, গছ-গছনি নাছিল। সেউজীয়াৰ কোনো চিন-মোকামেই নাছিল। তেওঁ ল'ৰা-ছোৱালীখিনিক কলে, তেওঁ সকলোকে একোটা বটল দিছিল, একোটা ‘বিছলেৰী’ৰ খালী বটল দিছিল, এইবোৰ হৈছে খালী হোৱা তেলৰ ‘কেন’, তেওঁ এইবোৰ ধুই পৰিষ্কাৰ কৰে আৰু সকলো শিশুকে দিয়ে, আৰু কয় যে ঘৰত খোৱাৰ পিছত মাকহঁতে যেতিয়া বাচনবোৰ পৰিষ্কাৰ কৰিব তেতিয়া তেওঁলোকে বাচন ধোৱা পানীবোৰ তেওঁলোকে সংগ্ৰহ কৰিব আৰু সেই পানীখিনি এই বটলবোৰত ভৰাই প্ৰতিদিনে বিদ্যালয়লৈ লৈ আনিব। আৰু তেওঁলোক প্ৰত্যেককে একোজোপা গছ দেখুৱাই কৈছিল "এইজোপা গছ তোমাৰ। তেওঁলোকে ঘৰৰ পৰা অনা বাচন ধোৱা পানীবোৰ তেওঁলোকৰ বাবে নিৰ্দিষ্ট কৰি দিয়া গছবোৰৰ গুৰিত ধালিব লাগে। এতিয়া যেতিয়া মই ৫-৬ বছৰৰ পিছত বিদ্যালয়লৈ গৈছিলো... গোটেই বিদ্যালয়খন তাতকৈও বেছি।

শিক্ষাৰ্থীঃ এয়া শুকান আৱৰ্জনা। যদি আমি ইয়াত শুকান আৱৰ্জনা ৰাখোঁ আৰু ইয়াত তিতা আৱৰ্জনা ৰাখোঁ, তেন্তে যদি আমি এনে ঠাইত কৰোঁ, তেন্তে সাৰ উৎপন্ন হয়।

প্ৰধানমন্ত্ৰীঃ তেন্তে তোমালোকে ঘৰত এনেকুৱা কৰা?

প্ৰধানমন্ত্ৰীঃ মায়ে শাক-পাচলি আনিবলৈ ওলাই গৈছে আৰু খালী হাতেৰে গৈছে, তাৰ পিছত তেওঁ শাক-পাচলিখিনি প্লাষ্টিকৰ মোনাত আনিছে, তাকে দেখি তোমালোক সকলোৱে মাৰ সৈতে কাজিয়া কৰানে যে মা মা ঘৰৰ পৰা মোনা এটা লৈ নগ’লা কিয়, তুমি এই প্লাষ্টিক কিয় আনিছা, ঘৰলৈ কিয় আৱৰ্জনা আনিছা, এনেকৈ কোৱানে... কোৱানে নোকোৱা।

শিক্ষাৰ্থীঃ ছাৰ কাপোৰৰ মোনা।

প্ৰধানমন্ত্ৰীঃ কোৱানে?

শিক্ষাৰ্থীঃ হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ বাৰু বাৰু।

প্ৰধানমন্ত্ৰীঃ এইটো আক’ কি? তুমি গান্ধীজীৰ চশমা আৰু গান্ধী জীক দেখিছা নে? স্বচ্ছতা কৰি আছা নে নাই। তোমালোক মনত থাকিব কিয়নো গান্ধী জীয়ে গোটেই জীৱন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে কাম কৰিছিল। গান্ধী জীয়ে প্ৰতিবাৰেই চাই আছে পৰিষ্কাৰ-পৰিচ্ছন্নতা কোনে কৰে আৰু কোনে নকৰে। কিয়নো গান্ধী জীয়ে গোটেই জীৱন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে কাম কৰিছিল... তোমালোকে জানানে, তেওঁ কৈছিল যে যদি মই স্বাধীনতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা দুয়োটাৰে পৰা এটা বস্তু পছন্দ কৰিব লাগে তেন্তে মই পৰিষ্কাৰ-পৰিচ্ছন্নতাক পছন্দ কৰিম। অৰ্থাৎ, তেওঁ স্বাধীনতাতকৈয়ো পৰিষ্কাৰ-পৰিচ্ছন্নতাক অধিক গুৰুত্ব দিছিল। এতিয়া মোক কোৱাচোন আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান আগবাঢ়িব লাগে নে নালাগে?

শিক্ষাৰ্থী: ছাৰ আগবাঢ়িব লাগে।

প্ৰধানমন্ত্ৰীঃ আচ্ছা, তোমালোকে পৰিষ্কাৰ-পৰিচ্ছন্নতা এক কাৰ্যসূচী হ'ব লাগে বুলি ভাবানে, নে পৰিষ্কাৰ-পৰিচ্ছন্নতা এক অভ্যাস হ'ব লাগে বুলি ভাবা।

শিক্ষাৰ্থী: অভ্যাস হোৱা উচিত।

প্ৰধানমন্ত্ৰীঃ চাব্বাচ। মানুহে ভাবেনে যে পৰিষ্কাৰ পৰিচ্ছন্নতাতো হৈছে মোদীৰ এক কাৰ্যসূচীহে?। কিন্তু বাস্তৱটো হ'ল পৰিষ্কাৰ-পৰিচ্ছন্নতা এদিনৰ কাম নহয়, পৰিষ্কাৰ-পৰিচ্ছন্নতা এজন ব্যক্তিৰো কাম নহয়, পৰিষ্কাৰ-পৰিচ্ছন্নতা পৰিয়ালৰো কাম নহয়। এয়া হৈছে প্ৰতিদিনে, ৩৬৫ দিন আৰু যিমান দিন জীয়াই থাকা, প্ৰতিদিনেই কৰিবলগীয়া কাম। আৰু তাৰ বাবে কিহৰ প্ৰয়োজন? যদি দেশৰ প্ৰতিগৰাকী নাগৰিকে সিদ্ধান্ত লয় যে তেওঁলোকে আৱৰ্জনা সৃষ্টি নকৰে, তেন্তে কি হ'ব?

শিক্ষাৰ্থীঃ তেতিয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্ভৱ হ'ব।

প্ৰধানমন্ত্ৰীঃ মোক কোৱাচোন। তোমালোকে এতিয়া কি অভ্যাস গঢ়ি তুলিব লাগিব। মই লেতেৰা নকৰোঁ, প্ৰথম অভ্যাসটো হ'ল এইটো। হব নে, খাটাং নে।

শিক্ষাৰ্থীঃ হয় ছাৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Current growth trajectory paves way for India to be a developed nation by 2047: Jeffrey Sachs

Media Coverage

Current growth trajectory paves way for India to be a developed nation by 2047: Jeffrey Sachs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
উৎসাহ আৰু ইতিবাচক শক্তিয়ে কেনেদৰে সফলতা লাভ কৰে তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ
April 30, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে য'ত উল্লেখ কৰা হৈছে যে উৎসাহ আৰু ইতিবাচক শক্তিয়ে এজন ব্যক্তিক তেওঁলোকৰ কামত নিৰন্তৰ সক্ৰিয় হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অটল উৎসাহে সেই সকলো প্ৰচেষ্টাক সফলতাৰ দিশে লৈ যায়, যিবোৰ এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰাৰ সংকল্প লয়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

কঠোৰ পৰিশ্ৰমী আৰু উদ্যমী দেশবাসীসকল হৈছে দেশৰ আটাইতকৈ ডাঙৰ শক্তি, যাৰ কঠোৰ পৰিশ্ৰমে উন্নয়নৰ নতুন পথ প্ৰশস্ত কৰে। তেওঁলোকৰ প্ৰচেষ্টাত দেশখনে সমৃদ্ধি, আত্মনিৰ্ভৰশীলতা আৰু প্ৰগতিৰ শিখৰ স্পৰ্শ কৰে।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।

करोति सफलं जन्तोः कर्म यच्च करोति सः॥"

উৎসাহ আৰু ইতিবাচক শক্তিয়ে এজন ব্যক্তিক তেওঁলোকৰ কৰ্মত নিৰন্তৰ সক্ৰিয় হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। এই অটল উৎসাহে সেই সকলো প্ৰচেষ্টাক সফলতাৰ দিশে লৈ যায় যাক এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰাৰ সংকল্প লয়।