প্ৰধানমন্ত্ৰীঃ আজি মই আপোনালোকৰ কথা শুনিব বিচাৰিছো। আপোনালোকৰ অভিজ্ঞতা কি আছিল?তাত আপোনালোকে নিশ্চয় বহুত মানুহ লগ পাইছিল; নিশ্চয় কিছুমান ইতিবাচক ঘটনা ঘটিছে। সেইবোৰ কথা শুনিবলৈ পালে ভাল পাম।

কপিল পৰমাৰ: নমস্কাৰ, ছাৰ। হৰ-হৰ মহাদেৱ।

প্ৰধানমন্ত্ৰীঃ হৰ-হৰ মহাদেৱ।

কপিল পাৰমাৰ: ছাৰ, মই কপিল পাৰমাৰ। মই ৬০ কেজি শাখাত ব্লাইণ্ড জুডোত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰো। ২০২১ চনৰ পৰা মই ১৬খন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছো ইয়াৰে ১৪খন প্ৰতিযোগিতাত পদক লাভ কৰিছো, য’ত আঠটা সোণৰ পদক আছে। ব্ৰাউন ছিলভাৰ এছিয়ান গেমছত ৰূপ, বিশ্ব গেমছত ব্ৰঞ্জ আৰু বিশ্ব চেম্পিয়নশ্বিপত আন এটা ব্ৰঞ্জৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছো। এই অভিজ্ঞতাৰ বাবেই অলিম্পিকক লৈ মোৰ ভয়-শংকা নাইকিয়া হৈ গৈছিল, আৰু মই অলিম্পিকৰ বাবে বেছি চিন্তিত নাছিলো, কিয়নো ইতিমধ্যে মই অসংখ্য প্ৰতিযোগিতাত খেলিছিলো।

অৱশ্যে অলপ হেঁচা অনুভৱ কৰিলোঁ। কিন্তু দেৱেন্দ্ৰ ভাই ছাহাব ঝাঝাৰিয়া জীয়ে মোক মোৰ শ্ৰেষ্ঠখিনি উজাৰি দিয়াত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিলে, আৰু তেওঁ মোক অনুশীলনৰ সময়ত যি কাম কৰো তাৰ প্ৰতিলিপি কৰিবলৈ ক’লে।

মই প্ৰায়ে খোজ কাঢ়িবলৈ মোৰ প্ৰশিক্ষকৰ হাতখন ধৰি ৰাখোঁ, আৰু মোৰ সীমিত দৃষ্টিশক্তিৰে মই মোৰ কাম কৰিবলৈ সক্ষম হওঁ। ছাৰ, আপোনাৰ আশীৰ্বাদ সদায় মোৰ লগত আছে।

প্ৰধানমন্ত্ৰীঃ বাৰু কপিল, আপুনি উল্লেখ কৰিছিল যে সেইদিনা ষ্টেডিয়ামৰ পৰা অহা শব্দ ইমানেই আৱৰি ধৰিছিল যে আপোনাৰ প্ৰশিক্ষকৰ নিৰ্দেশনা শুনিব পৰা নাছিল। সেইটো মই নিজেই অনুভৱ কৰিব বিচাৰো। আপোনাৰ প্ৰশিক্ষক ক’ত? ছাৰ, প্ৰত্যাহ্বানটো বুজাই দিয়কচোন!

প্ৰশিক্ষকঃ ব্লাইণ্ড জুডোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি বাহিৰৰ পৰা দিয়া নিৰ্দেশনা, যিবোৰ আমি তেওঁলোকৰ প্ৰশিক্ষণৰ সময়ত ক’ড কৰো। আমি কিছুমান কথা কওঁতে কি কৰিব লাগে সেই বিষয়ে আগতেই নিৰ্দেশ দিওঁ কাৰণ তেওঁলোকে মেটত একো দেখা নাপায়। সেইদিনা দুটা মেটৰ ঠাই আছিল। আমাৰ মেচখন এটা মেটত আছিল, আনহাতে ফ্ৰান্সৰ মেচখন আনখন মেটত আছিল। ফ্ৰান্সৰ মেচখনৰ সময়ত ভিৰ বহুতেই বেছি আছিল—প্ৰায় ১৫,০০০ৰ পৰা ১৮,০০০ দৰ্শক আছিল। গতিকে, কপিলে যেতিয়া ছেমি ফাইনেল খেলিবলৈ গৈছিল, তেতিয়া কোলাহলৰ বাবে মোৰ নিৰ্দেশনা শুনিব পৰা নাছিল। ইয়াৰ উপৰিও মূৰত ছেমি ফাইনেলৰ হেঁচা আছিল আৰু এছিয়ান গেমছৰ ছেমি ফাইনেলত কপিলে ইৰাণী খেলুৱৈগৰাকীৰ হাতত পৰাস্ত হৈছিল।দুৰ্ভাগ্যজনকভাৱে এইবোৰ কাৰকৰ বাবেই আমি সেইদিনা ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিলো।

প্ৰধানমন্ত্ৰীঃ নিশ্চয় বিপক্ষৰ প্ৰশিক্ষকগৰাকীয়েও একেদৰেই নিজৰ খেলুৱৈসকলক পথ প্ৰদৰ্শন কৰিছিল?

প্ৰশিক্ষকঃ হয়, কিন্তু প্ৰশিক্ষক অনুসৰি সেইটো বেলেগ বেলেগ হয়। আমাৰ খেলুৱৈসকলৰ সৈতে আমাৰ সম্পৰ্ক এনেকুৱা যে আমি প্ৰতিজন প্ৰশিক্ষকে কেনেকৈ শিকায় তাক পৰ্যবেক্ষণ কৰো, গতিকে তাৰ ওপৰত ভিত্তি কৰি আমি নিজৰ নিজৰ কৌশল প্ৰস্তুত কৰো।

প্ৰধানমন্ত্ৰীঃ গতিকে, প্ৰশিক্ষকে নিজৰ নিৰ্দেশনা আনৰ পৰাও গোপন কৰি ৰাখিব লাগিব।

প্ৰশিক্ষকঃ একেবাৰেই। যদি আমি বিপক্ষৰ প্ৰশিক্ষকৰ দৰে একে ভাষা ব্যৱহাৰ কৰো তেন্তে আমাৰ খেলুৱৈয়ে পাৰ্থক্য বুজি নাপাব।

প্ৰধানমন্ত্ৰীঃ যদি আপুনি কপিলক বাওঁফালৰ পৰা আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিব বিচাৰে, তেন্তে সেই কথা কেনেকৈ বুজাব?

প্ৰশিক্ষকঃ আমি ঠিক তেনেকৈয়ে পৰিচালনা কৰোঁ ছাৰ।

প্ৰধানমন্ত্ৰীঃ কপিল, এনেকৈয়ে কাম কৰে নহয়নে?

কপিল পাৰমাৰ: ছাৰ, মই প্ৰায়ে কওঁ যে মই ষ্ট্ৰাইক কৰিম, কিন্তু যেতিয়া মই ষ্ট্ৰাইক কৰো, তেতিয়া কেতিয়াবা খোজটো লেণ্ড নহয়, আৰু মই পিছুৱাই যাওঁ।

প্ৰশিক্ষকঃ আমি কৌশলৰ বাবে নিৰ্দিষ্ট নাম ব্যৱহাৰ কৰো। আগলৈ হওক বা পিছলৈ ভৰিৰ অৱস্থান নিৰ্দেশনাৰ অংশ। গতিকে, আমি শিকোৱা কৌশলটোৰ নাম উল্লেখ কৰো, আৰু তাৰ পিছত খেলুৱৈয়ে সেইটো প্ৰয়োগ কৰে। প্ৰতিপক্ষৰ ভাৰসাম্য ক’ত আছে তাৰ ওপৰত নিৰ্ভৰ কৰে, আগলৈ হওক বা পিছলৈ হওক, তেতিয়া আমি উপযুক্ত কৌশল দিওঁ।

প্ৰধানমন্ত্ৰীঃ গতিকে, আপুনিও তেওঁলোকক তেওঁলোকৰ প্ৰতিদ্বন্দ্বীজনৰ স্থিতিৰ বিষয়ে অৱগত কৰেনে?

প্ৰশিক্ষকঃ হয় ঠিক। আমি প্ৰতিপক্ষৰ গতিবিধি পৰ্যবেক্ষণ কৰো। যদি তেওঁলোকে নিজৰ শক্তি আগলৈ স্থানান্তৰিত কৰে আৰু আগবাঢ়ি যায় তেন্তে আমি আগুৱাই যোৱাৰ কৌশল ব্যৱহাৰ কৰো। একেদৰে যদি সিহঁত পিছলৈ যোৱাৰ স্থিতি লয়, তেন্তে আমি পিছলৈ যোৱাৰ কৌশল প্ৰয়োগ কৰো। এই কৌশলবোৰে আমাক পইণ্ট লাভ কৰাত সহায় কৰে।

 

প্ৰধানমন্ত্ৰীঃ যেতিয়া আপুনি তাত বহি থাকে তেতিয়া আপুনিও নিশ্চয় উত্তেজনা অনুভৱ কৰে?

প্ৰশিক্ষক: একেবাৰেই, আৰু আমি প্ৰশিক্ষক হিচাপে মেটত ভৰি দিব নোৱাৰো।

কপিল পাৰমাৰঃ ছাৰ, ছেমি ফাইনেলৰ সময়ত মোক হাতত ধৰি গাইড কৰি থকা ৰেফাৰীজন কঁপি উঠিছিল। এনে উত্তেজনাপূৰ্ণ মেচত ৰেফাৰীয়েও আনকি ভুল সিদ্ধান্ত লয়। ক্ৰিকেটত তৃতীয় আম্পায়াৰে সিদ্ধান্তসমূহ পৰ্যালোচনা কৰাৰ দৰেই মোৰ ক্ষেত্ৰতো সঠিক পৰ্যালোচনা হ’ব লাগিছিল, কিন্তু তেওঁলোকে সেয়া নকৰাকৈয়ে সিদ্ধান্তটো খৰখেদাকৈ লৈছিল। সেইটোও আংশিকভাৱে মোৰে দোষ আছিল; কাৰণ ছেমি ফাইনেলত মই ছন্দ হেৰুৱালোঁ। কিন্তু ছাৰ, মই আপোনাক প্ৰতিশ্ৰুতি দিছো যে অহাবাৰ ভাল প্ৰদৰ্শন কৰিম।

প্ৰধানমন্ত্ৰীঃ আপুনি ইতিনধ্যে উৎকৃষ্ট কাম কৰি আছে, বহুত অভিনন্দন।

কপিল পাৰমাৰ: ধন্যবাদ ছাৰ। অশেষ ধন্যবাদ।

প্ৰশিক্ষকঃ জয় হিন্দ ছাৰ। মই সৈনিক, আৰু মোৰ পত্নী ছিমৰন শৰ্মা, আৰু আমাৰ সৈতে প্ৰীতি আছে। মই এজন এথলেটিকছ প্ৰশিক্ষকৰ লগতে পেৰা-এথলেটিকছ প্ৰশিক্ষকো। মই দুগৰাকী খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰো, দুয়োগৰাকীয়েই ১০০ আৰু ২০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰে। এথলেটিকছৰ প্ৰথম ট্ৰেক পদক মোৰ খেলুৱৈসকলে লাভ কৰিছিল আৰু আমি মুঠ তিনিটা পদক লাভ কৰিছিলো। অভিজ্ঞতাৰ পৰা আমি বহু কথা শিকিলোঁ ছাৰ। উদাহৰণস্বৰূপে, এটা ইভেণ্ট যেনে ১০০ মিটাৰত আমি দুটা পদক লাভ কৰিলোঁ। এতিয়া কল্পনা কৰকচোন, দুজন খেলুৱৈয়ে একেটা কোঠাতে আছে, প্ৰথমবাৰৰ বাবে ১০০ মিটাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, আৰু দুয়োজনে প্ৰথমবাৰৰ বাবে দেশৰ হৈ ট্ৰেক পদক লাভ কৰিছে। যেতিয়া এটা কোঠাত দুটা পদক ৰখা হয়, আৰু দ্বিতীয়জন খেলুৱৈৰ ইভেণ্ট এতিয়াও আৰম্ভ হোৱা নাই, তেতিয়া মোৰ ওপৰত প্ৰশিক্ষক আৰু স্বামী উভয় হিচাপে হেঁচা বাঢ়ি যায়।সেই হেঁচা দূৰ কৰাত সহায় কৰিবলৈ মই তেওঁক গোটেই দিনটো নিয়োজিত কৰি ৰাখিব লাগিছিল, নিশ্চিত কৰিব লাগিছিল যে তেওঁ যাতে খেলত মনোনিৱেশ কৰি থাকে। আমি ১০০ মিটাৰত পদক নাপালো, কিন্তু বহুত অভিজ্ঞতা লাভ কৰিলোঁ ছাৰ।

প্ৰধানমন্ত্ৰীঃ বাৰু, আপুনি তাত সময় কটালে, কিন্তু ঘৰ পালে আপোনাৰ কি হ’ব ছিমৰন?

ছিমৰনঃ ছাৰ, ইয়ালৈ অহাৰ আগতে আমাৰ মাজত আলোচনা হৈছিল। আমি আগতে কথা পাতিছিলো কোনে প্ৰথম ট্ৰেক মেডেল আনিব। ইভেণ্টৰ তালিকাখন ওলোৱাৰ লগে লগে আমি উপলব্ধি কৰিলোঁ যে প্ৰীতিৰ ইভেণ্টটোৱেই প্ৰথম, গতিকে আমি আত্মবিশ্বাসী আছিলো যে তেঁও প্ৰথম পদক লাভ কৰিব। আমি অহাৰ আগতে আমাৰ  প্ৰশিক্ষকজনে মোক এমাহৰ জিৰণি দিব বুলি ক’লে। কিন্তু এবাৰ ইয়াত উপস্থিত হোৱাৰ পিছত আমি পুৱা আড্ডা মাৰি আছিলো, তেতিয়া তেওঁ মোক কৈছিল যে মই মাত্ৰ এসপ্তাহৰ জিৰণি পাম, আৰু নাপাম। মই তেওঁক কিয় বুলি সুধিলোঁ, তেওঁ ক’লে, “এইবোৰ সকলো ব্ৰঞ্জৰ পদকৰ বাবে।”

প্ৰধানমন্ত্ৰীঃ বাৰু, এতিয়া আপুনি কোনো খাদ্য নাপাব!

প্ৰশিক্ষকঃ ধন্যবাদ ছাৰ।

খেলুৱৈঃ এইটো মোৰ তৃতীয় পেৰালিম্পিক আছিল। শেষৰটোতো আপোনাক লগ পোৱাৰ সৌভাগ্য হৈছিল, আৰু আপুনি মোক অপৰিসীমভাৱে প্ৰেৰণা দিছিল, তথাপি এইবাৰো মই অলপৰ বাবে পদক লাভ কৰিব নোৱাৰিলো। ৰিঅ’ পেৰালিম্পিকত চতুৰ্থ, টকিঅ’ত চতুৰ্থ আৰু এতিয়া পেৰিছতো মই পুনৰ চতুৰ্থ স্থানে লাভ কৰিলোঁ ছাৰ। চাৰি নম্বৰটোৰ সৈতে যেন মোৰ এক শক্তিশালী সম্পৰ্ক আছে। অৱশ্যে এই চতুৰ্থ স্থানটোক মই প্ৰেৰণাৰ উৎস হিচাপে লওঁ, আৰু মই ভাবো যে মোৰ পৰৱৰ্তী পেৰালিম্পিক, মোৰ চতুৰ্থটো, সেইটোৱেই হ’ব য’ত মই সঁচাকৈয়ে কিবা এটা অৰ্জন কৰিম। ছাৰ, মই নিজকে ব্যৰ্থ বুলি নাভাবো। আচলতে মই একমাত্ৰ পেৰা এথলীট, যিয়ে কেৱল ভাৰততে নহয়, বিশ্বজুৰি ইমানবাৰ এই মৰ্যাদাপূৰ্ণ ইভেণ্টত অংশ লোৱাৰ সুযোগ পাইছে!

অলিম্পিকৰ ইতিহাসত এনেধৰণৰ বহু কাহিনী আছে। উদাহৰণস্বৰূপে, ফ্ৰান্সৰ এজন ডিছকাছ থ্ৰ’ৱাৰ আছে যিয়ে পঞ্চম অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল। ইয়াৰ উপৰিও আমেৰিকাৰ এজন ট্ৰিপল জাম্পাৰ আছে, যিয়ে পঞ্চম অলিম্পিকত পদক লাভ কৰিছিল। গতিকে মই এই কাহিনীবোৰ ব্যৱহাৰ কৰি নিজকে প্ৰেৰণা যোগাই আনক অনুপ্ৰাণিত কৰা প্ৰথমজন পেৰা-এথলীট হোৱাৰ লক্ষ্য ৰাখোঁ, “যদি মই চতুৰ্থ স্থান দখল কৰিব পাৰো আৰু হাৰ নামানিব পাৰো, তেন্তে আপুনি প্ৰথম প্ৰচেষ্টাৰ পিছত কিয় খেল ত্যাগ কৰিব?” গুডিয়াৰ দৰে খেলুৱৈয়ে চতুৰ্থ স্থান দখল কৰিছে আৰু বহুতে ইয়াৰ বাবে হতাশ অনুভৱ কৰিছে। কিন্তু তেওঁলোকৰ প্ৰশিক্ষকসকলে মোক উদাহৰণ হিচাপে চায় বুলি জানি মই সান্ত্বনা পাওঁ।

 

প্ৰধানমন্ত্ৰীঃ মোৰ বিশ্বাস যে জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীয়েই হয়তো আপোনাৰ সৰ্বাধিক শক্তি। আপুনি ইয়াক এইদৰে চাব পাৰে: ধাৰাবাহিকভাৱে চতুৰ্থ স্থান দখল কৰি, আপুনি আন নজনক আপোনাৰ আগলৈ ঠেলি দিয়াত সহায় কৰিছে, যিয়ে বিশ্বলৈ যথেষ্ট অৰিহণা যোগাইছে।

খেলুৱৈ: ছাৰ, মোৰ বাবে এতিয়া কোনো গুৰুত্ব নাই; এই সময় শিষ্যসকলৰ বাবে। আমি তিনিজন খেলুৱৈ যিয়ে এতিয়া নিজৰ শিষ্যসকলক মেণ্টৰিং কৰি আছো। দেৱেন্দ্ৰ ভাই চাহাবৰ শিষ্যই সোণ, সোমনৰাণৰ শিষ্যই ব্ৰঞ্জ, আৰু মই নৱদীপৰ অফিচিয়েল প্ৰশিক্ষক নহ’লেও মই তেওঁৰ গুৰু। জেভেলিনত মোৰ যাত্ৰা, আৰম্ভণিৰ পৰা এতিয়ালৈকে, তেওঁৰ ডাঙৰ ভাইটি আৰু পথ প্ৰদৰ্শক হিচাপে।এইবাৰ নৱদীপক ক’লোঁ, “তোমাৰ পাল, লোৱা।” কিন্তু ছাৰ, মই আপোনাক প্ৰতিশ্ৰুতি দিছো, পিছৰবাৰ মোৰ হ’ব। যোৱা তিনিখন পেৰালিম্পিকৰ অংশ হৈছো, আৰু লক্ষ্য কৰিছো যে মানুহে সদায় এই দেশবোৰ ডাঙৰ বুলি কয়, গতিকে প্ৰতিযোগিতা তীব্ৰ হ’ব বুলি আশা কৰা হৈছে। কিন্তু ছাৰ, মোৰ বিশ্বাস যে যদি ভাৰতে ২০৩৬ চনৰ অলিম্পিক আৰু পেৰালিম্পিক আয়োজন কৰে তেন্তে সেয়া হ’ব পৃথিৱীত এতিয়ালৈকে অনুষ্ঠিত হোৱা আটাইতকৈ ডাঙৰ ইভেণ্ট। আৰু ছাৰ, বয়স বঢ়াৰ লগে লগে দেৱেন্দ্ৰ ভাই চাহাব আমাৰ প্ৰেৰণা হৈ থাকিব। আমি সেই খেলবোৰত খেলিবলৈ চেষ্টা কৰিম, যদিও ইয়াৰ অৰ্থ হ’ল কেৱল পাৰ হ’বলৈ আমাৰ হাড় আৰু ভৰি দুখন অক্ষত ৰখা।

প্ৰধানমন্ত্ৰীঃ জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী সঁচাকৈয়ে প্ৰেৰণাদায়ক। ভৱিষ্যতে কিবা এটা লাভৰ বাবে দায়বদ্ধ হৈ থকা আৰু কেতিয়াও হাৰ নমনাটো সঁচাকৈয়ে প্ৰশংসনীয়। আপোনাক অভিনন্দন জনাইছো।

খেলুৱৈ : ধন্যবাদ ছাৰ।

প্ৰশিক্ষক: নমস্কাৰ, ছাৰ।

প্ৰধানমন্ত্ৰী: নমস্কাৰজী।

ৰাধিকা সিং: মই ৰাধিকা সিং, শ্বুটিং দলৰ মেণ্টেল কোচ। আপুনি আমাক আমাৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিবলৈ কৈছিল, আৰু মোৰ বিশ্বাস আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল দলৰ ভিতৰত থকা প্ৰেমৰ বান্ধোন। শ্বুটিং দলত কোনেও ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিযোগিতা নকৰে; সকলোৱে নিজৰ লগত প্ৰতিযোগিতা কৰে। তেওঁলোকে নিজৰ শক্তি বা দুৰ্বলতা যিয়েই নহওক কিয়, নিজৰ ক্ষমতা উন্নত কৰাত মনোনিৱেশ কৰে আৰু খেলবিধৰ প্ৰতি থকা প্ৰেমে তেওঁলোকক আগুৱাই লৈ যায়। দলটোৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে, আৰু একেটা ইভেণ্টৰ বাবে দুজন খেলুৱৈক প্ৰশিক্ষণ দি থাকিলেও প্ৰতিদ্বন্দ্বিতাৰ কোনো ভাৱ নাছিল।বৰঞ্চ ইজনে সিজনৰ প্ৰতি থকা পাৰস্পৰিক সন্মান আৰু যতনে তেওঁলোকৰ প্ৰদৰ্শন উন্নত কৰাত সহায় কৰিছিল। এই প্ৰেম তেওঁলোকৰ প্ৰদৰ্শনত স্পষ্টকৈ প্ৰতিফলিত হৈছে ছাৰ।

প্ৰধানমন্ত্ৰীঃ আৰু যেতিয়া আপুনি মানসিক স্বাস্থ্যৰ ওপৰত কাম কৰে, তেতিয়া আপুনি ঠিক কি বিষয়ত গুৰুত্ব দিয়ে?

ৰাধিকা সিং: ছাৰ, আমি মনটোৰ ৯০% অংশ গঠন কৰা অৱচেতন মনটোৰ ভিতৰত থকা যিকোনো দুৰ্বলতাক শক্তিলৈ ৰূপান্তৰিত কৰাৰ কাম কৰোঁ। আমি তেওঁলোকৰ শক্তিক আগুৱাই নিয়া, তেওঁলোকৰ ব্যক্তিত্বৰ সৈতে সংযোগ স্থাপন কৰা, আৰু তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰাত মনোনিৱেশ কৰোঁ।

প্ৰধানমন্ত্ৰীঃ যোগ বা ধ্যান সম্পৰ্কীয় কোনো নিৰ্দিষ্ট প্ৰশিক্ষণ প্ৰদান কৰে নেকি?

ৰাধিকা সিং: হয় ছাৰ, যোগাসনো তেওঁলোকৰ প্ৰশিক্ষণৰ এক অংশ। আমাৰ দলটোৱে নিয়মিতভাৱে যোগাসন কৰে, আৰু তেওঁলোকে প্ৰতিদিনে পুৱা ধ্যান কৰিছিল।সন্ধিয়া খেলুৱৈসকলে দিনটোত শিকি অহা কথাবোৰৰ ওপৰত চিন্তা-চৰ্চা কৰিছিল আৰু এই মানসিক প্ৰশিক্ষণ দৈনন্দিন কাম আছিল। ৰেঞ্জত অনুশীলনৰ লগতে তেওঁলোকে নিজৰ প্ৰশিক্ষণত যোগাসন অন্তৰ্ভুক্ত কৰিছিল, যিয়ে দলটোলৈ এক বৃহৎ অনুশাসন আৰু শৃংখলাৰ অনুভূতি আনিছিল ছাৰ।

প্ৰধানমন্ত্ৰীঃ বিশ্বৰ বহু দেশৰ খেলুৱৈসকল হয়তো যোগ আৰু ধ্যানৰ সৈতে পৰিচিত নহয়। ইয়াৰ ফলত আমাৰ খেলুৱৈসকলৰ মানদণ্ডত কি পাৰ্থক্য আহি পৰে?

ৰাধিকা সিং: হয়, ইয়াৰ ফলত যথেষ্ট পাৰ্থক্য দেখা যায়। যেতিয়া আপুনি আপোনাৰ অন্তৰ্নিহিত মনটোৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে, তেতিয়া আপুনি আপোনাৰ খেলক পৰৱৰ্তী স্তৰলৈ লৈ যাব পাৰে। আমাৰ দেশত যোগাসনৰ প্ৰচাৰ কৰি আপুনি সঁচাকৈয়ে উল্লেখযোগ্য কাম এটা কৰিছে, আৰু মই বিশ্বাস কৰোঁ যে ইয়াক বিদ্যালয়ত বিষয় হিচাপে প্ৰৱৰ্তন কৰা উচিত। যোগৰ আঁৰৰ বিজ্ঞানৰ শক্তি অতুলনীয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ অভিনন্দন।

প্ৰশিক্ষকঃ প্ৰথম কথা, কপিলে ভাৰতে প্ৰথমটো পদক লাভ কৰাটো এক বৃহৎ সন্মান, কেৱল পেৰা জুডোতে নহয়, সক্ষম জুডোতো।এতিয়ালৈকে সক্ষম বা পেৰা জুডোত কোনো পদক নাছিল আৰু কপিলে দৃষ্টিহীন লোকৰ যিকোনো খেলতে ভাৰতৰ বাবে পদক লাভ কৰা প্ৰথমজন হৈ ইতিহাস ৰচনা কৰিছে। গতিকে, এই কৃতিত্বৰ বাবে আমাৰ সকলোকে অভিনন্দন। বিশ্বৰ শীৰ্ষ জুডো বিষয়াসকলে ব্যক্তিগতভাৱে মঞ্চৰ পৰা নামি আমাক অভিনন্দন জনাই কৈছিল যে তেওঁলোকে পেৰা জুডোৰ ইমান দ্ৰুত উত্থান আশা কৰা নাছিল। ইয়াৰ সৈতে জড়িত সকলোকে প্ৰণাম জনাইছো।

ছাৰ, আমি অকলে এইখিনি লাভ কৰিব নোৱাৰিলোহেঁতেন। আমি SAI, OGQ, আৰু অৱশ্যেই ভাৰত চৰকাৰৰ পৰা সাংঘাতিক সমৰ্থন লাভ কৰিছো, যিটো কোৱা বাহুল্য। গতিকে, আপোনাক বহুত বহুত ধন্যবাদ। আমাৰ ভাল বন্ধু ব্ৰিটেইন, আমেৰিকা আৰু কোৰিয়াৰ প্ৰশিক্ষকসকলে আমাৰ ওচৰলৈ আহি কৈছিল, “আমি জানিছিলোঁ যে আপোনালোক আগবাঢ়িছে, কিন্তু আমি গম পোৱা নাছিলো যে আপোনালোক ইমান সোনকালে আগবাঢ়িব।” এইবোৰ কথা শুনি আমি অবিশ্বাস্যভাৱে গৌৰৱ অনুভৱ কৰিছিলোঁ। গোটেই দলটোক ধন্যবাদ যিয়ে আমাক সমগ্ৰ সময়ছোৱাত সহায় কৰিছে। বহুত বহুত ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰী- বহু অভিনন্দন।

প্ৰশিক্ষক: সন্দীপ চৌধুৰী জীৰ বাবে কিবা এটা ক'ব বিচাৰিছো - "যুদ্ধক্ষেত্ৰত কেৱল ঘোঁৰাচালকহে পৰে; আঁঠু লৈ খোজ কঢ়া শিশু কেনেকৈ পৰিব পাৰে।" গতিকে, আপুনি সকলোকে দেখুৱাইছে যে ঘোঁৰাত উঠি যোৱাসকলেহে পৰিব পাৰে, ল’ৰা-ছোৱালী কেতিয়াও নপৰে। এইটো আপোনাৰ বাবে এটা ডাঙৰ বক্তব্য।

আৰু, ছাৰ, হৰবিন্দৰৰ বিষয়েও ক’ব বিচাৰিছো। শীতল, হৰবিন্দৰ আৰু মই ধনুৰ্বিদৰ, আৰু মেডামে উল্লেখ কৰা মতে হৰবিন্দৰ হৈছে পেৰালিম্পিকত পদক লাভ কৰা প্ৰথমজন ধনুৰ্বিদ। টকিঅ’ত ব্ৰঞ্জৰ পদক লাভ কৰি সক্ষম ধনুৰ্বিদৰ সমতুল্য গুলীচালনা কৰি ইতিহাস ৰচনা কৰিছিল, ২৮, ২৮ আৰু ২৯ ৰান কৰিছিল।শেষ কাঁড়ডালত ছাৰ, আপুনি নিশ্চয় দেখিছে যে ই অতি ওচৰত আছিল। ১০ টা হ’লে আমি কিম ৱুজিন আৰু ব্ৰেডি এলিছনৰ সমপৰ্যায়ত শ্বট দিলেহেঁতেন।

আমিষা: নমস্তে ছাৰ। মোৰ নাম আমিষা, আৰু মই উত্তৰাখণ্ডৰ। এইটো মোৰ প্ৰথম পেৰালিম্পিক আছিল, আৰু মই অতিশয় কৃতজ্ঞ যে মই মোৰ খেল আৰম্ভ কৰাৰ মাত্ৰ ২ বছৰৰ ভিতৰতে ইমান ডাঙৰ অভিজ্ঞতা লাভ কৰিলোঁ। মাত্ৰ ২ বছৰ হ'ল, জীৱনত বহুত শিকিছো। মোৰ প্ৰশিক্ষকক ধন্যবাদ, যিয়ে মোক আত্মবিশ্বাস দিছিল যে মই কৰিব পাৰিম, কাৰণ মই বহুত ভয় খাইছিলো। আপুনি তাত থকা মানুহবোৰক নিৰীক্ষণ কৰিবলৈ কৈছিল।

প্ৰধানমন্ত্ৰীঃ এতিয়া মানুহ ভয় খাব লাগিব; আগতে আপুনি ভয় খাইছিল, এতিয়া মানুহে আপোনাক ভয় খাইছে নিশ্চয়।

আমিষা: আপুনি মোক মানুহক পৰ্যবেক্ষণ কৰিবলৈ কৈছিল, গতিকে মই সেইটো বহুত কৰিলোঁ, আৰু বহুত শিকিলোঁ।

প্ৰধানমন্ত্ৰীঃ আপোনাৰ পৰিয়ালৰ পৰা এতিয়া কি সঁহাৰি? আপোনাৰ পৰিয়ালৰ সদস্যসকলে কি কয়?

আমিষা: এতিয়া পৰিয়ালটো বৰ সুখী। তেওঁলোকে মোক সদায় সমৰ্থন কৰিছিল, কিন্তু এতিয়া তেওঁলোকে মোক আৰু বেছি সমৰ্থন কৰে।

প্ৰধানমন্ত্ৰীঃ তেওঁলোকে আপোনাক আৰু অধিক সমৰ্থন দিছে।

সুমিত আণ্টিলঃ: নমস্তে, ছাৰ। মোৰ নাম সুমিতআন্টিল, আৰু মই বেক টু বেক দ্বিতীয় স্বৰ্ণ পদক লাভ কৰিছো। মোৰ আজিও মনত আছে ছাৰ, টকিঅ’ৰ পৰা সোণৰ পদক আনিলে আপুনি মোৰ পৰা এটা প্ৰতিশ্ৰুতি লৈছিল যে আপুনি তেনেকৈ আৰু দুটা সোণৰ পদক বিচাৰে।গতিকে, এই দ্বিতীয়টো আপোনাৰ বাবেই ছাৰ। পেৰালিম্পিকৰ আগতে আমি যথেষ্ট নাৰ্ভাছ হৈ পৰিছিলো কাৰণ মই লেখা পঢ়ি আছিলো আৰু সোণৰ পদক ৰক্ষা কৰিবলৈ প্ৰিয় সেই খেলুৱৈসকলৰ মাজত মোৰ নামটো ওলাই আহিছিল। কিন্তু ২০ আগষ্টত যেতিয়া মই আপোনালোকৰ লগত কথা পাতিছিলো, তেতিয়া ই মোক টকিঅ’ৰ মুহূৰ্তটোৰ কথা মনত পেলাই দিলে, যে এইবাৰ মই আকৌ ভাল প্ৰদৰ্শন কৰিব লাগিব।মোৰ সমগ্ৰ দলটো—মোৰ ফিজিঅ’, মোৰ প্ৰশিক্ষক, আমি সকলোৱে—আপোনাৰ প্ৰতি অতিশয় কৃতজ্ঞ ছাৰ, কাৰণ আমি অনুভৱ কৰোঁ যে যেতিয়া আমি পদক আনিম, তেতিয়া আমি আপোনাক লগ পাম, আপোনাৰ লগত ব্যক্তিগতভাৱে কথা পাতিম। বহুত বহুত ধন্যবাদ ছাৰ।

 

প্ৰধানমন্ত্ৰীঃ অভিনন্দন!

এথলীটঃ আমাৰ বেছিভাগেই চৰকাৰ বা বিভিন্ন সংগঠনৰ পৃষ্ঠপোষকতা কৰা খেলুৱৈ। গতিকে, কেতিয়াবা পৰিবেশন কৰিবলৈ হেঁচা থাকে। যেতিয়া আপুনি কয়, "যাওক আৰু কেৱল খেলক, জয়-পৰাজয় খেলৰ অংশ", যেতিয়া আপোনাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে আপোনাক প্ৰেৰণা দিয়ে, তেতিয়া এই হেঁচাবোৰ অতি সৰু যেন লাগে।

যোৱাবাৰ ছাৰ, যেতিয়া মই আপোনাৰ লগত কথা পাতিছিলো, তেতিয়া টকিঅ’ত মোৰ অভিনয় ইমান ভাল নাছিল; মই ৮ম স্থান লাভ কৰিলোঁ। তথাপিও মই আপোনাক এটা প্ৰশ্ন সুধিলোঁ যে আপুনি বিদেশ ভ্ৰমণ কৰিলে কেনে অনুভৱ কৰে, আপুনি নাৰ্ভাছ অনুভৱ কৰে নেকি। আপোনাৰ সঁহাৰি আছিল যে আপুনি সমগ্ৰ দেশক প্ৰতিনিধিত্ব কৰে, আৰু ইয়াৰ ফলত আত্মবিশ্বাসৰ সৃষ্টি হয়।

সেই কথাবোৰ মনত ৰাখিয়েই মই এইবাৰ গৈছিলো, আত্মবিশ্বাসী অনুভৱ কৰি, আগৰ দৰে কোনো হেঁচা নোহোৱাকৈ। এইবাৰ বৰ আত্মবিশ্বাসী হৈ পৰিলোঁ। আমাৰ দল, চৰকাৰ, আমাৰ প্ৰশিক্ষক, আৰু সকলোৱে আমাক ভালদৰে সমৰ্থন কৰিছিল, আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো এটা ডাঙৰ অভিজ্ঞতা আছিল। ধন্যবাদ ছাৰ!

প্ৰধানমন্ত্ৰীঃ অভিনন্দন!

প্ৰশিক্ষক আৰু খেলুৱৈ: ছাৰ, নমস্কাৰ। অৱশেষত মই যি ১৬ বছৰীয়া নিষ্ঠাৰ ফল লাভ কৰিলোঁ, আৰু স্বৰ্ণ পদক লাভ কৰা মোৰ ছাত্ৰ ধৰ্মবীৰ সেই সফলতাৰ এটা অংশ। আমি দুয়োজন প্ৰতিযোগী, আৰু মই ব্যক্তিগতভাৱে তেওঁক এইখিনিলৈকে প্ৰশিক্ষণ দিলোঁ।

২০ তাৰিখে আপোনাৰ লগত কথা পতাৰ পিছত মই মোৰ শ্ৰেষ্ঠখিনি দিব লাগিব বুলি জানিও এটা অতি ইতিবাচক ভাইব অনুভৱ কৰিলোঁ। এজন প্ৰশিক্ষক হিচাপে ইয়াতকৈ ডাঙৰ অনুভৱ নাই, আৰু হয়তো মই পৃথিৱীৰ একমাত্ৰ খেলুৱৈ যিয়ে খেলপথাৰত নিজৰ ছাত্ৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

ধৰমবীৰৰ পদকৰ জৰিয়তে মোৰ সমৰ্পণ পূৰণ হ’ল আৰু এই সফলতাত আমাৰ সমগ্ৰ দলৰ অৱদানে বৃহৎ ভূমিকা পালন কৰিলে।

আমাৰ শিতানত আটাইতকৈ গুৰুতৰ অক্ষমতা আছে, কিন্তু এছ এ আই (ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ) আৰু মন্ত্ৰালয়ে সহায়ক কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰি মূল সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰথম অৱস্থাত মাত্ৰ ৩৩% সহায়ক কৰ্মচাৰীকহে ভিতৰলৈ সোমাবলৈ দিয়া হৈছিল, কিন্তু দেৱেন্দ্ৰঝাঝাৰিয়া ভাই জীৰ সিদ্ধান্তৰ বাবেই তেওঁলোকে সহায়ক কৰ্মচাৰীক এনেদৰে ঘূৰণীয়া কৰিছিল যাতে আমাৰ অনুষ্ঠান অনুষ্ঠিত হ’লে আমাৰ মানুহক ভিতৰলৈ সোমাবলৈ দিয়া হয় আৰু আনক ঘূৰণীয়াকৈ বাহিৰলৈ উলিয়াই দিয়া হয়। এই স্মাৰ্ট কম্বিনেচনৰ ফলস্বৰূপে আমি ইমানবোৰ পদক লাভ কৰিলোঁ। বিশেষকৈ নিৰামিষভোজীৰ বাবে খাদ্যৰ সমস্যা আছিল যদিও ছাইয়ে গাঁওখনতে স্বাস্থ্যসন্মত খাদ্যৰ বিশেষ ব্যৱস্থা কৰিছিল, আৰু খাদ্যৰ ক্ষেত্ৰত কোনেও কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল। বহুত বহুত ধন্যবাদ ছাৰ, আমাৰ সমগ্ৰ দলটোক প্ৰেৰণা দিয়াৰ বাবে। বহুত বহুত ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ অভিনন্দন!

খেলুৱৈঃ এছিয়ান গেমছত অংশগ্ৰহণ কৰিছিলোঁ যদিও পদক লাভ কৰিব পৰা নাছিলো। পদক বিজয়ীসকলক লগ পোৱাৰ সময়ত মোৰ অতি ওচৰৰ পৰা পাৰ হৈ গ’ল, কিন্তু মই আপোনাক ব্যক্তিগতভাৱে লগ পোৱাৰ সুযোগ নাপালোঁ, যাৰ ফলত ভিতৰত এটা জোকাই থকা অনুভৱ এটা ৰৈ গ’ল৷ ইয়াৰ পিছত মই আপোনাক লগ কৰিবলৈ বদ্ধপৰিকৰ আছিলো আৰু সেই প্ৰচেষ্টাই মোক এছিয়ান গেমছৰ পিছত উদ্গনিযোগালে৷ মই মোৰ সৰ্বস্ব উজাৰি দিলোঁআৰু মই ভাবো সেই প্ৰেৰণাই মোক সফলতা লাভ কৰাত সহায় কৰিলে। ল’ৰা-ছোৱালীহালক শেষবাৰৰ বাবে লগ পোৱা ছমাহ হ’ল, ঘৰলৈ যোৱা নাই৷ মোৰ ল’ৰাটো এতিয়াও সৰু, মই যেতিয়াই তাক উলিয়াই আনিছিলো, আমি ফোনত জিপিএছ ব্যৱহাৰ কৰি বাট বিচাৰিছিলো। তেওঁ এতিয়া কয়, “মামা, তুমি ঘৰৰ বাট পাহৰি গ’লা। অন্ততঃ জিপিএছ ব্যৱহাৰ কৰি ঘৰলৈ উভতি আহা।” গতিকে ছাৰ, আপোনাৰ সকলো সহায় আৰু আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ। আপুনি, আমাৰ দলআৰু আমাৰ প্ৰশিক্ষকৰ বাবেই আমি এইখিনি লাভ কৰিবলৈ সক্ষম হৈছো। বহুত বহুত ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ বহু অভিনন্দন!

শাৰদ কুমাৰঃ ছাৰ, মই শাৰদ কুমাৰআৰু এইটো মোৰ দ্বিতীয় পদক। এতিয়ালৈকে তিনিবাৰ পেৰালিম্পিকলৈ গৈছো৷

প্ৰধানমন্ত্ৰীঃ যদি মই শাৰদ আৰু সন্দীপ দুয়োকে ভাষণ দিবলৈ কওঁ, তেন্তে ইয়াতকৈ ভাল কি হ’ব পাৰে?

শাৰদ কুমাৰঃ ছাৰ, সন্দীপে বৰ ভাল কথা কয়, হয়তো সেইবাবেই চতুৰ্থ স্থানত আহিছিল (ধেমালিতে)। কিন্তু এজন খেলুৱৈ হিচাপে মই ক’ব বিচাৰো যে পেৰা আন্দোলন আৰম্ভ হোৱাৰ পৰাই মই ইয়াৰ অংশ হৈ আহিছোআৰু আজি এই পৰ্যায়ৰ সকলো খেলুৱৈক দেখি মোৰ গৌৰৱ অনুভৱ হৈছে। আমি যেতিয়া আমাৰ প্ৰশিক্ষক, ফিজিঅ’থেৰাপিষ্টআৰু সমগ্ৰ দলৰ সৈতে বিদেশলৈ যাওঁ, তেতিয়া মানুহে ভাৰতক এতিয়া বেলেগ ধৰণেৰে চায়। আগতে তেওঁলোকে ভাবিছিল, "এই খেলুৱৈসকলে সঁচাকৈয়ে শীৰ্ষলৈ উঠিব পাৰিবনে?" কিন্তু এতিয়া, তেওঁলোকে ভাৰতক ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে শ্ৰেণীভুক্ত কৰিছে, আনকি পেৰা স্প’ৰ্টছতো। এই যাত্ৰা আৰম্ভ হৈছিল ছাই (Sports Authority of India) ৰ দ্বাৰা সৃষ্টি কৰা ইমেজৰ পৰা। সময়ৰ লগে লগে সহায়ক কৰ্মচাৰীসকল বৃদ্ধি পালেআৰু খেলুৱৈসকলৰ মাজত ইতিবাচকতা বিয়পি পৰিল। ছাৰ, আটাইতকৈ ভাল কথাটো হ’ল আপোনাক লগ পোৱা। যোৱাৰ আগতে, যেতিয়া আপুনি আমাৰ লগত কথা পাতিবআৰু উভতি অহাৰ পিছত, যেতিয়া আপুনি আমাৰ সকলোকে লগ পায়—এইটো এনেকুৱা এটা কথা যিটো প্ৰতিজন পদক বিজয়ী আৰু খেলুৱৈয়ে অনুভৱ কৰাৰ সপোন দেখা যায়। ছাৰ, এতিয়াও মানুহে পেৰা স্প’ৰ্টছক আপোনাৰ দৰে সম্পূৰ্ণৰূপে আকোৱালি লোৱা নাই।

 

পলক কোহলীঃ নমস্তে ছাৰ, মই পলক কোহলীআৰু এইটো আছিল মোৰ একেৰাহে দ্বিতীয় পেৰালিম্পিক। টকিঅ’ত মই চতুৰ্থ স্থান লাভ কৰিলোঁআৰু ইয়াত মই পঞ্চম স্থান লাভ কৰিলোঁ। কিন্তু দুয়োখন পেৰালিম্পিকলৈ যাত্ৰা সম্পূৰ্ণ বেলেগ আছিল। টকিঅ’ পেৰালিম্পিকৰ পিছত ২০২২ চনত মোৰ হাড়ৰ টিউমাৰ, ষ্টেজ ১ কেন্সাৰ ধৰা পৰিছিল আৰু প্ৰায় ডেৰ বছৰ ধৰি মই কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিলো বা একো কৰা নাছিলো। যোৱা বছৰ ২০২৩ চনত মই পুনৰ প্ৰত্যাৰ্তনকৰিলোঁআৰু মই অতি সুখী আৰু গৌৰৱান্বিত, মোৰ প্ৰশিক্ষক আৰু গৌৰৱ ছাৰৰ সহায় আৰু পথ প্ৰদৰ্শনৰ বাবেই মই পেৰিছলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিলো। টকিঅ’ৰ পিছত বহু ডাঙৰ টুৰ্ণামেণ্টত মই মিছ কৰিছিলো, যেনে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে মই ৱাকঅভাৰ দিবলগীয়া হৈছিলআৰু এছিয়ান গেমছত মই ক’ভিডত আক্ৰান্ত হৈছিলো। এই বছৰ মই বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰি ব্ৰঞ্জৰ পদক লাভ কৰিলোঁ, তাৰ পিছত বেক টু বেক পেৰিছলৈ যোগ্যতা অৰ্জন কৰিলোঁ। মোৰ বিশ্ব ৰেংকিং ৩৮লৈ নামি আহিছিল কাৰণ মই কোনো প্ৰতিযোগিতাত খেলা নাছিলো, কিন্তু এতিয়া মই পুনৰ শীৰ্ষ ৪ৰ ভিতৰত আছোআৰু পেৰিছলৈ যোগ্যতা অৰ্জন কৰিলোঁ। পদক লাভ কৰিব নোৱাৰাটো হতাশাজনক, কিন্তু আপোনালোকৰ আশীৰ্বাদ আৰু সকলোৰে সমৰ্থনত মই LA 2028 লৈ আগ্ৰহেৰে বাট চাই আছো।মই নিশ্চিতভাৱে আপোনাৰ সৈতে মঞ্চত এখন ছবি তুলিব বিচাৰো ছাৰ। ধন্যবাদ ছাৰ!

 

প্ৰধানমন্ত্ৰীঃ যোৱাবাৰ আপোনাৰ প্ৰশিক্ষণ লক্ষ্ণৌত হৈছিল নহয়?

পলক কোহলী: হয় ছাৰ।

প্ৰধানমন্ত্ৰীঃ আপোনাৰ পিতৃ-মাতৃৰ লগতো কথা পাতিছিলোঁ।

পলক কোহলী: হয় ছাৰ, টকিঅ’লৈ যোৱাৰ আগতে।

প্ৰধানমন্ত্ৰীঃ এইবাৰ কেনে লাগিছে?

পলক কোহলী: ছাৰ, মই গৌৰৱ ছাৰৰ অধীনত লক্ষ্ণৌত প্ৰশিক্ষণ লৈ আছো, আৰু তেওঁৰ নিৰ্দেশনাতেই পেৰা বেডমিণ্টনৰ সৈতে জড়িত হ’লোঁ। যেতিয়া মোৰ হাড়ৰ টিউমাৰ ধৰা পৰিছিল, তেতিয়া বহুতে কৈছিল যে পলকৰ ক্ৰীড়াৰ কেৰিয়াৰ শেষ হৈ গৈছে। ডাক্তৰসকলে মোক ক’লে যে মই আনকি স্বাভাৱিক জীৱন এটাও জীয়াই থাকিব পাৰিম নেকি বুলি আশ্বাস দিব নোৱাৰে৷ টিউমাৰৰ পিছত বহু জটিলতা দেখা দিছিল। ইতিমধ্যে মোৰ হৃদযন্ত্ৰৰ সমস্যা আছিলআৰু টিউমাৰৰ পিছত মোৰ ভৰিখনত অক্ষমতা আহিছিল, যাৰ ফলত ভৰিৰ দৈৰ্ঘ্যৰ পাৰ্থক্য আৰু অন্যান্য জটিলতা আহিছিল। কিন্তু মোৰ পৰিয়ালে মোক সদায় সুখীহিচাপে চাব বিচাৰে, আৰু তেওঁলোকৰ আশীৰ্বাদত তেওঁলোকে নিশ্চিত কৰিছে যে মই আশা হেৰুৱাব নোৱাৰো।

প্ৰধানমন্ত্ৰীঃ চোৱা পলক, আপোনাৰ কাহিনী এনেকুৱা যে আপুনি বহুতকে অনুপ্ৰাণিত কৰিব পাৰে। ইমানবোৰ কষ্টৰ মাজতো আপুনি ট্ৰেকত থাকিল, জীৱনত বাধাৰ সন্মুখীন হ’ল, কিন্তু কেতিয়াও লক্ষ্যৰ পৰা হাৰ নামানিলে৷ সেয়া এক বৃহৎ কৃতিত্ব। আপোনাক অভিনন্দন!

পলক কোহলী: বহুত বহুত ধন্যবাদ ছাৰ!

শ্যাম সুন্দৰ স্বামী: নমস্তে ছাৰ, মই শ্যাম সুন্দৰ স্বামীআৰু মই ৰাজস্থানৰ বিকানেৰৰ পৰা আহিছো। মই এজন পেৰা-আৰ্চাৰ৷ আমাৰ বিকানেৰত কৰ্ণী সিঙে পাঁচখন অলিম্পিকত অংশ লৈছিল। দেৱেন্দ্ৰ ভায়াৰ পৰা বহু কথা শিকিছো কাৰণ ৪০ বছৰৰ পাছত টকিঅ’ অলিম্পিকত অংশ লৈছিলো। ভায়াই কেনেকৈ খেলিছিল দেখি ভাবিলোঁ, "এইদৰে খেল খেলিব পাৰি৷" পেৰা স্প’ৰ্টছত যোগদান কৰাৰ আগতে মই সক্ষম ক্ৰীড়াত অংশগ্ৰহণ কৰিছিলোঁ। ২০১৬ চনত পেৰা স্প’ৰ্টছৰ বিষয়ে গম পাইছিলোঁ কাৰণ বাতৰি কাকতত ভায়াৰ বিশাল ছবি এখন দেখা পাইছিলোঁ। তেওঁৰ পৰা শিকি মই ৪০ বছৰৰ পাছত টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিলোঁ।

এথলীটঃ এইবাৰ বহু কথা শিকিলোঁ, বিশেষকৈ মোৰ শাখাৰ স্বৰ্ণ পদক বিজয়ী নিতেশ কুমাৰ জীৰ পৰা। গোটেই জীৱনত সোণৰ পদক লাভ কৰিবলৈ পৰাস্ত কৰা ব্যক্তিজনৰ বিৰুদ্ধে তেওঁ কেতিয়াও মেচত জয়ী হোৱা নাছিল। আৰু মই নিতেশ জীৰ কাৰণে আগতে তেওঁক পৰাস্ত কৰিছিলো। তেওঁৰ পৰাই মই শিকিলোঁ যে তেওঁ কৰিব পাৰিলে মই নিশ্চিতভাৱে তেওঁক পুনৰ পৰাস্ত কৰিব পাৰিমআৰু পৃথিৱীৰ যিকোনো ব্যক্তিক পৰাস্ত কৰিব পাৰিম।

প্ৰধানমন্ত্ৰীঃ অভিনন্দন!

খেলুৱৈ: ধন্যবাদ ছাৰ।

প্ৰশিক্ষক : মোৰ নাম ডাঃ সত্যপাল, আৰু মই এজন পেৰা এথলেটিকছ প্ৰশিক্ষক। ইয়াত হয়তো মোৰ আগতে পেৰা খেলুৱৈৰ প্ৰশিক্ষণ আৰম্ভ কৰা কোনো প্ৰশিক্ষক নাথাকিব। ২০০৫-০৬ চনত পেৰা খেলুৱৈৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিলো।

প্ৰধানমন্ত্ৰীঃ এইটো আৰম্ভ কৰাৰ ধাৰণা কেনেকৈ আহিল?

প্ৰশিক্ষক: ছাৰ, মই নেহৰু ষ্টেডিয়ামলৈ গৈছিলোঁ খেলুৱৈক প্ৰশিক্ষণ দিবলৈআৰু তাত কেইজনমান খেলুৱৈক দিব্যাংগৰূপত দেখা পাইছিলোঁ। মই তেওঁলোকক পৰ্যবেক্ষণ কৰিলোঁ, তেওঁলোকৰ অৱস্থাৰ বিষয়ে পঢ়িলোঁ, তাৰ পিছত ২০০৪ চনৰ এথেন্স অলিম্পিকত সোণৰ পদক লাভ কৰা দেৱেন্দ্ৰ জীৰ কথা শুনিলোঁ। তেতিয়াই মই ইয়াৰ বিষয়ে অধিক অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু পেৰা-খেলুৱৈক অলপ অলপকৈ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলোঁ৷ প্ৰথম অৱস্থাত নেহৰু ষ্টেডিয়ামৰ সকলো প্ৰশিক্ষকে মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাইছিল কাৰণ মই দীপা মালিক জীৰ হুইল চেয়াৰখন ঠেলি দিছিলো বা ষ্টেডিয়ামত ঘূৰি ফুৰোতে অংকুৰ ধমাক তেওঁৰ হাতত ধৰি গাইড কৰিছিলোঁ। তেওঁলোকে ভাবিছিল মই মোৰ সময় নষ্ট কৰি আছো। কিন্তু আজি সেই একেখিনি পেৰা খেলুৱৈ আৰু এসময়ত মোক সমালোচনা কৰা প্ৰশিক্ষকসকলে এতিয়া পেৰা খেলুৱৈক প্ৰশিক্ষণ দিব বিচাৰিছে। এই ক্ষেত্ৰত মই অন্তৰৰ পৰা কৈছো কাৰণ মই এই ক্ষেত্ৰত কাম কৰিছো। মই বৰ সুখী, আৰু মই আপোনাক প্ৰতিশ্ৰুতি দিছো, ছাৰ, যে অহাবাৰ, আমি কেৱল ২৯টা পদক নহয়, ৫০টা পদক দেশলৈ আনিম কাৰণ আমি ইমান কঠোৰ পৰিশ্ৰম কৰিছো।

প্ৰধানমন্ত্ৰীঃ ভাল লাগিল!

 

প্ৰশিক্ষক : ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ বন্ধুসকলক চাওক, এইটো সঁচা যে প্ৰতিটো খেলতে সহায়ক কৰ্মচাৰী বা প্ৰশিক্ষকে কঠোৰ পৰিশ্ৰম কৰিব লাগে। কিন্তু বিশেষভাৱে সক্ষম ব্যক্তিৰ সৈতে কাম কৰাৰ সময়ত তেওঁলোকক শিকোৱাৰ আগতে তেওঁলোকৰ জীৱনটো জীয়াই থাকিবলৈ আৰু হৃদয়ৰ পৰা বুজিবলৈ মানসিকভাৱে প্ৰস্তুত হ’ব লাগিব। আপুনি নিজকে তেওঁলোকৰ স্থানত ৰাখিব লাগিব, তেওঁলোকে নিজৰ জীৱনত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰিব লাগিব, তেতিয়াহে আপুনি তেওঁলোকক পথ প্ৰদৰ্শন কৰিব পাৰিব। নহ’লে কেৱল “দৌৰা!” কিন্তু খেলুৱৈজনে হয়তো ক’ব, “মই দৌৰিব নোৱাৰো।” এজন প্ৰশিক্ষকে বুজি পায় যে তেওঁলোকে কিয় দৌৰিব নোৱাৰে আৰু ইয়াৰ কাষ চাপিবলৈ সঠিক উপায় উলিয়ায়। সেইবাবেই মই বিশ্বাস কৰোঁ যে পেৰা-খেলুৱৈক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকসকল অসাধাৰণ; তেওঁলোকৰ ভিতৰত অসাধাৰণ শক্তি আছে। এই কথাটো সঁচাকৈয়ে বুজিব পৰা মানুহ কমেইহে আছে, কিন্তু মই ইয়াক সম্পূৰ্ণৰূপে চিনি পাওঁ। মই বহু কথা-বতৰাত এই কথা উল্লেখ কৰিছো, আনকি ফোনযোগেও৷ নিয়মীয়া খেলুৱৈক কেৱল কৌশল শিকাব লাগে যদিও পেৰা খেলুৱৈকো কেনেকৈ জীয়াই থাকিব লাগে শিকাব লাগে। এইটো এক প্ৰকাৰৰ গভীৰ সমৰ্পণআৰু মই বিশ্বাস কৰোঁ যে আপোনালোকৰ মাজৰ যিসকলে এই কাম কৰি আছে তেওঁলোকে সৰ্বোচ্চ প্ৰশংসাৰ যোগ্য।

প্ৰশিক্ষক: ছাৰ, মই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰাৰ ৩০ বছৰ হ’ল, এজন খেলুৱৈ আৰু প্ৰশাসক দুয়োটা হিচাপে। এটা সময় আছিল যেতিয়া এখনো ভাৰতীয় পতাকা দেখা পোৱা নাছিল। এতিয়া ভাৰতৰ পতাকা উৰুওৱা হৈছে আৰু আমাৰ খেলুৱৈসকলে পুনৰ আহি আছে, “পেৰা স্প’ৰ্টছৰ বাবেই আমি পদক লাভ কৰিব পাৰো।” আগতে কেৱল অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যদিও এতিয়া সেই ধাৰণাটো সলনি হৈছে। ধন্যবাদ জনাইছো ছাৰ। বহুতকে কওঁ, আমাৰ ব্ৰেণ্ড এম্বেছাদৰ আন কোনো নহয় আমাৰ মোদী জী—আপুনি আমাৰ ব্ৰেণ্ড এম্বেছাদৰ। আৰু ছাৰ, সক্ষম ক্ৰীড়াতো ভাৰতে অধিক পদক লাভ কৰিব পাৰে। মই পূব জাৰ্মানী আৰু চেন্নাইলৈ গৈছোআৰু এতিয়া ভাৰতত আমাৰ বহুত ভাল সুবিধা আছে। আমি মাত্ৰ সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব, শাৰীৰিক শিক্ষাৰ শিক্ষকসকলক সক্ৰিয় কৰিব লাগিবআৰু ১০০%, আমি আৰু অধিক পদক লৈ আহিম। ধন্যবাদ ছাৰ!

নিশাদ কুমাৰ: ছাৰ, মোৰ নাম নিশাদ কুমাৰ, আৰু মই T47 হাই জাম্পত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰো। বেক টু বেক পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰিছো। ছাৰ, মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিছো। আমাৰ দলটো যেতিয়া টকিঅ’ত উপস্থিত হৈছিল, তেতিয়া ক’ভিড আছিল, গতিকে আমি কোনো দৰ্শক নোহোৱাকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো। কিন্তু এইবাৰ পেৰিছ পেৰালিম্পিকত ষ্টেডিয়ামখন সম্পূৰ্ণ ভৰি পৰিছিল। মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দিনটোত সমগ্ৰ দৰ্শকে "ভাৰত, ভাৰত" বুলি উল্লাস কৰিছিল, যিটোৱে অতি প্ৰেৰণাদায়ক আছিল। ই মোক ভাল প্ৰদৰ্শন কৰিবলৈ আৰু পদক নিশ্চিত কৰিবলৈ এটা উদগনিযোগালে। পিছদিনা মোৰ পদক অনুষ্ঠান আছিল। পদক লাভ কৰাৰ পিছত মই মোৰ আন দলৰ সদস্যসকলক হাই জাম্পত সহায় কৰিবলৈ গৈছিলো। মেডেলটো মোৰ ডিঙিত আছিলআৰু এটা ফৰাচী পৰিয়ালে মোক চাই আছিল। মোৰ লগত ফটো উঠিবলৈ আশা কৰি আছিল। প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে মই ফটো উঠিলোঁআৰু তেওঁলোকে ফটো এখন বিচাৰিলে, তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰ, যিবোৰৰ বয়স প্ৰায় ৬ বা ৭ বছৰ যেন লাগে, পদকটো দেখি ৰোমাঞ্চিত হৈ পৰিল। ল’ৰা-ছোৱালীবোৰে মোৰ বাবে উল্লাস কৰিছিল, এতিয়া মোৰ লগত থিয় হৈ ফটো উঠিছে। ল’ৰা-ছোৱালীকেইটাৰ মাকে মোক ক’লে যে পেৰিছলৈ আহি প্ৰতিযোগিতা চোৱাটো সাৰ্থক হ’ল কাৰণ আপুনি ইয়াত আমাৰ ল’ৰা-ছোৱালীৰ সৈতে আছে, ফটো তুলি অটোগ্ৰাফ দি আছে। গোটেই পৰিয়ালটো বৰ সুখী হৈ পৰিল। মোৰ বাবে এইটো আছিল এক সুন্দৰ অভিজ্ঞতা ছাৰ।

প্ৰধানমন্ত্ৰীঃ বৰ ভাল।

বিশাল কুমাৰ- ধন্যবাদ ছাৰ।

যোগেশ কথুনিয়া: নমস্কাৰ, ছাৰ! মোৰ নাম যোগেশ কথুনিয়া। মই দুবাৰকৈ ৰূপৰ পদক বিজয়ী। মোৰ অভিজ্ঞতাৰ বিষয়ে এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছো—এয়া কেৱল অভিজ্ঞতাৰ কথা নহয়, বৰঞ্চ সামঞ্জস্যৰ কথা। এই সামঞ্জস্যতা আপোনাৰ বাবেই আহিছে, কিয়নো আপুনি ভাৰতত আৰম্ভ কৰা বিভিন্ন আঁচনি, সেয়া টপছ আঁচনিয়েই হওক, খেলো ইণ্ডিয়া আঁচনিয়েই হওক, বা এনএছইউয়েই হওক, সকলোবোৰ আপোনাৰ বাবেইসম্ভৱ হৈছে। এইবাৰ আমি ২৯টা পদক লাভ কৰিছো, আৰু ছাৰ, বাকীবোৰৰ বাবে আৰু এটা কথা যোগ দিব বিচাৰিছো যে আপোনালোকৰ বাবে পি এম মানে প্ৰধানমন্ত্ৰী, কিন্তু আমাৰ বাবে পি এম মানে পৰম মিত্ৰ (বেষ্ট ফ্ৰেণ্ড)।

প্ৰধানমন্ত্ৰীঃ বাঃ। আপুনি মোক দিয়া উপাধিটোত মই অতিশয় সন্তুষ্ট। মইও আপোনাৰ সৈতে এজন প্ৰকৃত বন্ধু হিচাপে কাম কৰাৰ ইচ্ছা কৰিছো।

নৱদীপ: ছাৰ, মোৰ নাম নৱদীপ।

প্ৰধানমন্ত্ৰীঃ এইবাৰ আটাইতকৈ জনপ্ৰিয় ৰিলবোৰ আছিল আপোনাৰ আৰু শীতলৰ।

নৱদীপ: ছাৰ, মই F41 শাখাত জেভেলিন থ্ৰ’ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰো। এয়া মোৰ দ্বিতীয় পেৰালিম্পিক। মোৰ অনুষ্ঠানটো আছিল শেষ দিনটোতআৰু মই ২১ তাৰিখৰ আশে-পাশে তালৈ গৈছিলো। মেডেল আহিবলৈ ধৰাৰ লগে লগে মোৰ মেডেলটো কি হ’ব তাক লৈ মই উদ্বিগ্নতা অনুভৱ কৰিবলৈ ধৰিলোঁ। কিন্তু ছাৰ, সুমিত ভাই, অজিত ভাই, সন্দীপ ভাই, আৰু দেৱেন্দ্ৰ ছাৰৰ দৰে জ্যেষ্ঠ খেলুৱৈৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অনুভৱ আৰু মই কি কৰা উচিত সেই বিষয়ে জানি অভিজ্ঞতা লাভ কৰিলোঁ। শেষলৈকে মই সম্পূৰ্ণ মুক্ত মন এটাৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সক্ষম হৈছিলো।

প্ৰধানমন্ত্ৰী : আচৰিত।

নৱদীপ: ধন্যবাদ ছাৰ।

 

ৰক্ষিতা ৰাজু: নমস্কাৰ ছাৰ, মই ৰক্ষিতা ৰাজু, দৃষ্টিহীন খেলুৱৈ। এইটো মোৰ প্ৰথম অলিম্পিক আছিল। মই বহুত সুখী আৰু বহুত অভিজ্ঞতা লাভ কৰিছো। পেৰা এছিয়ান গেমছত মই দুবাৰৰ স্বৰ্ণ পদক জয় কৰিছিলোঁ। মোৰ গাইড ৰানাৰ্ছ আৰু মোৰ প্ৰশিক্ষক ৰাহুল বালকৃষ্ণ ছাৰক ধন্যবাদ জনাইছো। মোৰ লগত ঠিক ইয়াতেই আছে। গাইড ৰানাৰ অবিহনে মই দৌৰিব নোৱাৰো। মই অতি সুখী অনুভৱ কৰিছো আৰু ২০২৮ চনত পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।

প্ৰধানমন্ত্ৰীঃ বাঃ, অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।

ৰক্ষিতা ৰাজু: মোৰ গাইড ৰানাৰ আৰু মোৰ প্ৰশিক্ষকে মোক বহুত প্ৰেৰণা দিছিল। মই বহুত বহুত ধন্যবাদজনাইছো কাৰণ তেওঁলোকে মোৰ লগত পুৱা গধূলি নিস্বাৰ্থভাৱে সময় কটালে। বহুত বহুত ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ বাৰু বন্ধুসকল, আপোনালোক সকলোৰে সৈতে কথা পতাৰ সুযোগ পাই মই বৰ আনন্দিত হৈছো। এইবাৰ আপোনালোকে যোৱাৰ সময়ত মই আপোনাক শাৰীৰিকভাৱে লগ কৰিব নোৱাৰিলোঁ কাৰণ আপোনালোকৰ বহুতেই বিভিন্ন ঠাইত প্ৰশিক্ষণ লৈ আছিল আৰু কিছু সময়ৰ অভাৱ আছিল। গতিকে, মই আপোনাৰ সৈতে ভাৰ্চুৱেলি সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু সেইদিনা মই এনেকুৱা এটা কথা উল্লেখ কৰিছিলোঁ যিটো আপোনালোকৰ মনত আছে বুলি আশা কৰিলোঁ। মই ক'লো যে মই ইয়াত দেশবাসীৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ আহিছো, আৰু সেই বাৰ্তা আছিল "বিজয়ী ভৱ" (আপোনাৰবিজয়হওক)। আপুনি দেশৰ আৱেগক হৃদয়ত লৈছিল যিবোৰ আমি আপুনি লাভ কৰিব বুলি আশা কৰিছো। মই বুজি পাওঁ যে এইটো নিজৰ মাজতে এক অতি উল্লেখযোগ্য কথা। দ্বিতীয়তে, মই পৰ্যবেক্ষণ কৰি আছো যে, কাৰণ মই আপোনাৰ লগত কিছু বেছি সংযুক্ত, এনে লাগে যে হয়তো ঐশ্বৰিকতাই আপোনাক এটা অতিৰিক্ত গুণ দিছে। কিছুমান শাৰীৰিক সীমাবদ্ধতা থাকিব পাৰে, কিন্তু ঐশ্বৰিকতাই আপোনাক আপোনাৰ ব্যক্তিত্বত অতিৰিক্ত কিবা এটা দিছে।

মই দেখিছোঁ যে আপোনালোকে বহুতো ব্যক্তিগত প্ৰত্যাহ্বান সহ্য কৰিছে, সেইবোৰৰ মাজেৰে সংগ্ৰাম কৰিছে, আৰু হয়তো কেতিয়াবা উপহাস আৰু উপলুঙাৰ সন্মুখীন হৈছে। আপোনালোক বিভিন্ন ধৰণৰ কষ্টৰ সন্মুখীন হৈছে, আৰু মই দেখিছোঁ যে ক্ৰীড়াত জয় বা পৰাজয়ৰ প্ৰভাৱে আপোনাৰ মনোভাৱত কোনো প্ৰভাৱ পেলোৱা যেন নালাগে। এইটো এটা উল্লেখযোগ্য বৈশিষ্ট্য। নহ’লে পৰাজিত ব্যক্তিয়ে পদক লাভ নকৰিলে প্ৰায়ে বোজা অনুভৱ কৰে। আপোনালোকৰ কোনোৱেই যেন সেই বোজা কঢ়িয়াই নিব নোৱাৰে, যিটো জীৱনৰ এক বৃহৎ সাফল্য আৰু আগুৱাই যোৱাৰ শক্তি প্ৰদান কৰে। মই বিচাৰো যে অধিক লোকে এই খেলত যোগদান কৰক আৰু অধিক পদক লাভ কৰক; সেইটো বৰ ভাল হ’ব আৰু সেয়া হ’ব লাগে। অৱশ্যে আপোনালোকৰ যোগেদি মই দেশত এক সংস্কৃতি গঢ়ি তুলিব বিচাৰো। এই সংস্কৃতি এনেকুৱা হ’ব লাগে য’ত প্ৰতিজন নাগৰিকে বিশেষভাৱে সক্ষম লোকসকলক চালে নিজৰ দৃষ্টিভংগী সলনি কৰে। তেওঁলোকে তেওঁলোকক কৰুণাৰে নহয়, সন্মানেৰে চাব লাগে। আমি কৰুণা নিবিচাৰো; আমি সন্মান বিচাৰোআৰু মই বিচাৰো যে দেশত এই মানসিকতা সৃষ্টি হওক। খেল খেলক বা নেখেলক, তেওঁলোকে হতাশ অনুভৱ কৰাৰ কোনো প্ৰয়োজন নাই। মোৰ বাবে আপোনালোকৰ অংশগ্ৰহণ আৰু আপুনি কৰা কষ্ট, পুৱা ৪বা ৫ বজাত সাৰ পাই বহু বছৰ ধৰি ঘামবাহিৰকৰি, কেতিয়াও হতাশ নহ’ব। সেই কথা মই আপোনালোকক আশ্বাস দিছো।

কাৰণ এতিয়া সমাজত সকলো দিব্যাংগজন (অক্ষম ব্যক্তি)ৰ বাবে এক নতুন পৰিবেশৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে। ব্যৱস্থাবোৰো বিকশিত হৈ আছে। সকলোৱে অনুভৱ কৰে যে তেওঁলোকেও সহায় আৰু সমৰ্থন কৰা উচিত। যদি মই বহি আছো আৰু আন কোনোবা থিয় হৈ আছে তেন্তে মই থিয় হৈ তেওঁলোকক আসন আগবঢ়াব লাগে। এই পৰিৱৰ্তন হয়। আপোনাৰ অৱদান কেৱল পদক লাভ কৰাটোৱেই নহয়; সমগ্ৰ সমাজৰ মানসিকতা সলনি কৰাৰ কথা। আপোনালোকে এনে এক পৰিৱেশ সৃষ্টি কৰিছে য’ত প্ৰতিজন অক্ষম ব্যক্তিয়ে অনুভৱ কৰে যে তেওঁলোক কম নহয়। মই বিশ্বাস কৰোঁ যে আমিও একে মনোভাৱেৰে এই কামটো আগবঢ়াই নিব লাগিব। শেষত আজিৰ যুগত পদক আৰু ইয়াৰ সংখ্যা গণনা কৰা হয়। কিন্তু ১৪০ কোটি জনসংখ্যাৰ এখন দেশ কেৱল জয়ী নহয়, খেলিবলৈ যি মনোভাৱেৰে থিয় হয়, সেয়া তাৎপৰ্যপূৰ্ণ। কেৱল অংশগ্ৰহণকাৰী নহয়, পৰিবেশক হোৱাৰ এই মনোভাৱেই দেশৰ শক্তি হৈ পৰে। সেই শক্তিত আপোনালোকে শক্তি যোগ কৰি আছে। গতিকে, মোৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত অভিনন্দন। সকলোৰে মেজাজ দেখি ভাল লাগিল৷ অন্যথা আগৰ প্ৰদৰ্শনত আবদ্ধ হৈ পৰাৰ বাবে পৰৱৰ্তী অলিম্পিকলৈকে হাঁহিও নোলোৱা কিছুমান মানুহক দেখিছোঁ। মই ইয়াত সেইটো দেখা নাই; মোৰ অনুভৱ হৈছে যে আপুনি ইতিমধ্যে পৰৱৰ্তী অলিম্পিকত জয়ী হৈছে। সেইটো মই আপোনালোকৰ চকুত পঢ়িব পাৰো; আপোনালোকৰ ভিতৰত থকা আত্মবিশ্বাস মই দেখিছোঁ। গতিকে বন্ধুসকল, আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ। আকৌ এবাৰ অভিনন্দন। ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Successfully Tests Advanced Agni Missile With Multiple Payloads

Media Coverage

India Successfully Tests Advanced Agni Missile With Multiple Payloads
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, a saffron sun has risen from the land of Bengaluru, says PM Modi on witnessing the massive crowd at the Bengaluru rally
PM Modi says women in Karnataka and across the country will never forgive Congress for obstructing greater political participation of women
People repeatedly bring BJP governments back because they trust our governance and development agenda: PM Modi in Bengaluru
NDA forming the government in Assam for the third consecutive time, the BJP receiving such a massive blessing in Bengal for the first time: PM

Prime Minister Narendra Modi today addressed a massive public meeting in Bengaluru, Karnataka and hailed the BJP’s growing support across southern India, asserting that the people of the country are choosing ‘stability, speed and solutions’ over instability and scams. He said that today, a saffron sun has risen from the land of Bengaluru.

Addressing party karyakartas and supporters, PM Modi said, “As a BJP karyakarta myself, I know that only BJP workers can gather in such large numbers, in such an organized manner, this early in the morning. I am deeply grateful to all of you for coming here in such huge numbers.”

Recalling the historic significance of May 10, PM Modi said the day marked the beginning of the First War of Independence in 1857, which later transformed into a nationwide movement against colonial rule.

The PM said that inspired by this spirit, the nation had recently marked the first anniversary of Operation Sindoor. He also informed the gathering that he would be visiting Somnath in Gujarat tomorrow to participate in the celebrations marking 75 years of the reconstruction of the Somnath Temple.

Calling Karnataka a major pillar of BJP’s southern expansion, PM Modi highlighted the NDA’s electoral successes in multiple states and Union Territories. “Puducherry has voted for an NDA government for the second consecutive time, Assam has chosen NDA for the third straight term, BJP has received historic blessings in Bengal, and in Gujarat, BJP has broken all previous records in panchayat and civic polls,” he added.

“These results carry a very strong message, in a world surrounded by instability, the people of India are giving the mantra of stability. The people are saying they want speed, not scams; solutions, not excuses; and politics driven by national interest,” he said.

“When BJP was not as big a party as it is today, Karnataka gave BJP tremendous strength. Today, NDA is in power in Andhra Pradesh, BJP is number one in Karnataka in terms of Lok Sabha representation, BJP is the second-largest force in Telangana, NDA has formed government again in Puducherry and BJP has also opened its account in Tamil Nadu,” he said. Referring to Kerala, the PM expressed confidence about the BJP-NDA’s future prospects in the state.

“There was a time when BJP had only three MLAs in Bengal and today we have a government there with over 200 MLAs. In Kerala too, we have moved from one to three MLAs. The day is not far when BJP-NDA will cross the majority mark there as well,” he remarked.

Launching a sharp attack on the Congress party, PM Modi contrasted BJP’s ‘pro-incumbency’ with what he termed Congress’ growing anti-incumbency. “We have been in power at the Centre for 12 years and BJP-NDA governments are serving in more than 21 states. People repeatedly bring BJP governments back because they trust our governance and development agenda,” he said.

The Prime Minister alleged that Congress governments fail to retain public confidence because of poor governance and internal conflicts. “Congress has no chapter on governance in its political book. In Karnataka, instead of solving people’s problems, the government spends most of its time resolving internal fights. In Himachal Pradesh, government employees are struggling to receive salaries and in Telangana, farmers are being pushed towards distress,” he said.

Accusing Congress of betraying women on the issue of women’s reservation, PM Modi iterated, “For decades, Congress misled the women of this country. BJP ended that politics and enacted the law for 33 percent reservation for women. But Congress remains the biggest anti-women party and opposed the Nari Shakti Vandan legislation.”

He asserted that women in Karnataka and across the country would never forgive Congress for obstructing greater political participation of women.

Referring to Tamil Nadu politics, the PM said Congress had repeatedly depended on its allies for survival but later turned against them for political gains. “Look at Tamil Nadu. For nearly 25-30 years, Congress had a close relationship with the DMK. Time and again, the alliance with DMK rescued Congress from political crises and strengthened it at the Centre. But a power-hungry Congress stabbed DMK in the back at the first available opportunity,” he said.

“The world is facing multiple crises today. The continuing instability in West Asia has impacted the entire world, and India too is affected. At such a time, we must strengthen our sense of restraint and responsibility. We must make every effort to reduce unnecessary expenditure of foreign exchange and protect national resources,” PM Modi said.

Drawing parallels with the collective response during the COVID-19 pandemic, PM Modi called upon citizens to stand united once again in the national interest.