Quoteপ্ৰথম কাৰ্য্যবিধিত প্ৰধানমন্ত্ৰীয়ে নাৰীশক্তি বন্দন অধিনিয়ম উত্থাপন কৰে
Quote“অমৃত কালৰ আৰম্ভণিতে ভাৰতে নতুন সংসদ ভৱনত প্ৰৱেশেৰে ভৱিষ্যতৰ সংকল্প গ্ৰহণেৰে অগ্ৰসৰ হৈছে”
Quote“এয়া সংকল্পৰাজি পৰিপূৰণ তথা নতুন উদ্যম আৰু শক্তিৰে নতুন যাত্ৰা আৰম্ভৰ সময়”
Quote“চেংগোলে আমাক আমাৰ অতীতৰ এক অতি গুৰুত্বপূৰ্ণ অংশৰ সৈতে সংযোগ কৰিছে”
Quote‘নতুন সংসদ ভৱনৰ ৰাজকীয়তাই আধুনিক ভাৰতক মহিমামণ্ডিত কৰিছে। আমাৰ অভিযন্তা আৰু শ্ৰমিকসকলৰ শ্ৰম ইয়াত নিহিত আছে”
Quote“নাৰীশক্তি বন্দন অধিনিয়মে আমাৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰিব” “ভৱন (বিল্ডিং)ৰ লগতে ভাৱো (অনুভৱ) সলনি হ’ব লাগে”
Quote“আমি সকলোৱে সংসদীয় পৰম্পৰাৰ লক্ষ্মণ ৰেখা অনুসৰণ কৰা উচিত”
Quote“কেন্দ্ৰীয় কেবিনেটে মহিলা সংৰক্ষণ বিধেয়কত অনুমতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯ ছেপ্টেম্বৰ, ২০২৩ৰ ঐতিহাসিক দিনটো ভাৰতৰ ইতিহাসত স্মৰণীয় হৈ থাকিব”
Quote“মহিলা-নেতৃত্বাধীন উন্নয়নৰ সংকল্পক আগুৱাই নি আমাৰ চৰকাৰে আজি এখনি গুৰুত্বপূৰ্ণ সাংবিধানিক সংশোধনী বিধেয়ক উত্থাপন কৰিছে। বিধেয়কখনৰ উদ্দেশ্য হৈছে লোকসভা আৰু বিধানসভাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰা”
Quote“ৰাষ্ট্ৰখনৰ সকলো মাতৃ, ভগ্নী আৰু

সন্মানীয় অধ্যক্ষ, 

নতুন সংসদ ভৱনত এয়া প্ৰথম আৰু ঐতিহাসিক অধিৱেশন। সকলো সন্মানীয় সাংসদ আৰু দেশবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ।  

সন্মানীয় অধ্যক্ষ, 

আজি প্ৰথম দিনাৰ প্ৰথম অধিৱেশনত আপোনালোকে মোক নতুন সদনত ভাষণ দিয়াৰ সুযোগ প্ৰদানৰ বাবে আপোনালোকৰ প্ৰতি মোৰ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে আপোনালোক সকলো সন্মানীয় সাংসদক এই নতুন সংসদ ভৱনলৈ আন্তৰিকতাৰে আদৰণি জনাইছো। এই সুযোগ বহু দিশেৰে অভূতপূৰ্ব। ভাৰতে একাধিক কৃতিত্ব লাভ কৰিছে, নতুন সংকল্প গ্ৰহণেৰে নতুন ভৱনত নিজৰ ভৱিষ্যৎ নিৰ্ণয় কৰিছে। বিজ্ঞানৰ জগতখনত চন্দ্ৰযান-৩ৰ আকাশলংঘী সফলতাই প্ৰতিগৰাকী দেশবাসীক গৌৰৱান্বিত কৰিছে। ভাৰতৰ অধ্যক্ষতাত জি-২০ সন্মিলন ভাৰতৰ বিশ্বত আকাংক্ষিত প্ৰভাৱৰ ক্ষেত্ৰত এক সুযোগ হৈ পৰিল। ইয়াৰ আলোকত আজি আধুনিক ভাৰত আৰু আমাৰ প্ৰাচীন গণতন্ত্ৰৰ প্ৰতীক নতুন সংসদ ভৱন উদ্বোধন কৰা হৈছে। গণেশ চতুৰ্থীৰ শুভ দিনটোতে আমি ইয়াত প্ৰৱেশ কৰিছো। গণেশ হৈছে মংগল আৰু সফলতাৰ দেৱতা, গণেশ প্ৰজ্ঞা আৰু জ্ঞানৰো দেৱতা। এই শুভ দিনটোত সংকল্পৰপৰা সাফল্যলৈ এক নতুন বিশ্বাসেৰে যাত্ৰা আৰম্ভ কৰাই আমাৰ উদ্দেশ্য।

স্বাধীনতাৰ সোণালী যুগত, আমি নতুন সংকল্পেৰে আগবঢ়াৰ সময়তে আজি গণেশ চতুৰ্থী উৎসৱৰ দিনা লোকমান্য তিলকক স্মৰণ কৰাটো অতি স্বাভাৱিক। স্বাধীনতা আন্দোলনত লোকমান্য তিলক জীয়ে গণেশ উৎসৱক ৰাজহুৱা গণেশ উৎসৱ হিচাপে পালনৰ প্ৰস্তাৱ জনাই সমগ্ৰ ৰাষ্ট্ৰখনত স্বৰাজৰ শ্ল’গান প্ৰদানৰ মাধ্যম হিচাপে গঢ়ি তুলিছিল। লোকমান্য তিলক জীয়ে গণেশ উৎসৱৰ জৰিয়তে স্বৰাজৰ ধাৰণাক শক্তি প্ৰদান কৰিছিল। আজি গণেশ চতুৰ্থীৰ এই উৎসৱ, একে আলোকতে লোকমান্য তিলক জীয়ে স্বাধীন ভাৰতৰ বাবে স্বৰাজৰ কথা কৈছিল। আজি আমি সমৃদ্ধিশালী ভাৰতে গণেশ চতুৰ্থীৰ পবিত্ৰ দিনত তেখেতৰ প্ৰেৰণা লৈ আগবাঢ়িছো। আকৌ এবাৰ দেশবাসীক এই উপলক্ষে অভিনন্দন জনাইছো।         

সন্মানীয় অধ্যক্ষ,

আজিৰ দিনটোত ক্ষমাৰ উৎসৱ এটিও পালন কৰা হয়। এই উপলক্ষ হৈছে যদি আপোনাৰ কৰ্ম বা কথাই জ্ঞাতে বা অজ্ঞাতে কাৰোবাক আঘাত দিছে তেন্তে ক্ষমা বিচৰাৰ সুযোগ। মোৰ ফালৰপৰাও, সম্পূৰ্ণ বিনম্ৰতাৰে, অন্তৰেৰে আপোনালোক সকলোকে, সকলো সাংসদ আৰু দেশবাসীকে আহ্বান জনাব খুজিছো, আজি আমি নতুন আৰম্ভণি কৰাৰ পৰিপ্ৰেক্ষিতত আমি অতীতৰ প্ৰতিটো তিক্ততা পাহৰি আগবাঢ়ি যাব লাগিব। ইয়াৰপৰা আমি যি কাম আত্মাৰে, আমাৰ আচৰণৰ যোগেদি, আমাৰ কথাৰ যোগেদি, আমাৰ সংকল্পেৰে কৰিম, সেয়া দেশৰ বাবে, জাতিৰ প্ৰতিজন নাগৰিকৰ বাবে প্ৰেৰণাৰ উৎস হ’ব লাগে আৰু আমি সকলোৱে এই দায়িত্ব পালন কৰিব লাগিব। 

সন্মানীয় অধ্যক্ষ, 

এই ভৱনটো নতুন, ইয়াৰ সকলো নতুন, সকলো ব্যৱস্থা নতুন। সকলো নতুন কিন্তু ইয়াত কালি আৰু আজি সংযোগী এক বিশাল ঐতিহ্যৰ প্ৰতীকো আছে, সেয়া নতুন নহয়, পুৰণি। ই আমাক আমাৰ চহকী ইতিহাসৰ সৈতে সংযোগ কৰে আৰু আজি আমি যেতিয়া নতুন গৃহত প্ৰৱেশ কৰিছো, যেতিয়া সংসদীয় গণতন্ত্ৰৰ এই নতুন গৃহটো সাক্ষী হৈ আছে, ইয়াত আমি প্ৰত্যক্ষ কৰিছো স্বাধীনতাৰ প্ৰথম আলোক, যিয়ে আগন্তুক প্ৰজন্মকো অনুপ্ৰাণিত কৰিব। সেয়া পবিত্ৰ চেংগোল আৰু এইটোৱেই হৈছে সেই চেংগোল, যাক ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৱে স্পৰ্শ কৰিছিল। আৰু সেইবাবেই এই চেংগোলে আমাক এটা অতি গুৰুত্বপূৰ্ণ অতীতৰ সৈতে সংযোগ কৰে। ই কেৱল তামিলনাডুৰ মহান পৰম্পৰাৰ প্ৰতীক নহয়, ই দেশক একত্ৰিত কৰাৰ প্ৰতীক, দেশৰ ঐক্যৰ প্ৰতীক। আজি এয়া আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে, ইয়াতকৈ ডাঙৰ গৌৰৱ কি হ’ব পাৰে?         

সন্মানীয় অধ্যক্ষ, 

নতুন সংসদ ভৱনে আধুনিক ভাৰতৰ গৌৰৱো বৃদ্ধি কৰে। আমাৰ শ্ৰমিক, আমাৰ অভিযন্তাসকলে এই কামত যিমান নিষ্ঠাৰে আত্মনিয়োগ কৰিছিল, সেয়া অতুলনীয়। ক’ৰোনাৰ সময়ছোৱাতো তেওঁলোকে কাম অব্যাহত ৰাখোতে মই তেওঁলোকৰ সৈতে বাৰ্তালাপৰ সুযোগ পাইছিলো আৰু বিশেষকৈ মই তেওঁলোকৰ স্বাস্থ্য সন্দৰ্ভত কথা-বতৰা পাতিছিলো। আজি আমি সকলোৱে আমাৰ শ্ৰমিক, আমাৰ অভিযন্তাসকলক অন্তৰৰপৰা ধন্যবাদ জনাইছো। কাৰণ তেওঁলোকে গঢ়া এই কামে ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। আৰু ৩০ হাজাৰৰো অধিক শ্ৰমিকে কঠোৰ পৰিশ্ৰমেৰে এই ভৱিষ্যৎ ব্যৱস্থাটো গঢ়ি তুলিছে। 

সন্মানীয় অধ্যক্ষ, 

মই সেই শ্ৰম যোগীসকলক প্ৰণাম জনাইছো। লগতে এক নতুন পৰম্পৰা আৰম্ভ হোৱাত মই অত্যন্ত সুখী হৈছো। ইয়াত এখন ডিজিটেল কিতাপ ৰখা হৈছে। এই ডিজিটেল গ্ৰন্থখনত সেই সকলো শ্ৰমিকৰ সম্পূৰ্ণ পৰিচয় এনেদৰে ৰখা হৈছে যাতে অনাগত প্ৰজন্মই জানিব পাৰে কোনজন শ্ৰমিকে ভাৰতৰ কোন প্ৰান্তৰপৰা আহি এই ভৱিষ্যৎ অট্টালিকাটোক অমৰত্ব প্ৰদানৰ প্ৰয়াস কৰিছিল। ১৪০ কোটি দেশবাসীৰ হৈ এই সুযোগতে এইসকল কৰ্মীক অভিনন্দন জনাইছো।

সন্মানীয় অধ্যক্ষ,

সংসদ হৈছে ৰাষ্ট্ৰীয় সেৱাৰ সৰ্বোচ্চ স্থান। এই সংসদ দলীয় স্বাৰ্থৰ বাবে নহয়, আমাৰ সংবিধানৰ প্ৰণেতাসকলে কেৱল জাতীয় স্বাৰ্থৰ বাবেহে এনে পবিত্ৰ অনুষ্ঠান সৃষ্টি কৰিছে। নতুন ভৱনত আমি সকলোৱে আমাৰ কথা, চিন্তা আৰু আচৰণৰ জৰিয়তে সংবিধান আৰু নীতি-নিয়মৰ মনোভাৱ, নতুন সংকল্প অনুসৰি, নতুন মনোভাৱেৰে গ্ৰহণ কৰিম। আশা কৰো অধ্যক্ষ মহোদয়, কাইলৈ আপুনিও একেই কথা ক’ব। সাংসদসকলৰ আচৰণৰ সন্দৰ্ভত, মই আপোনালোকক মোৰ ফালৰপৰা আশ্বস্ত কৰিছো যে আমি সকলো প্ৰচেষ্টা চলাম আৰু সকলো সাংসদে ৰাইজৰ আশা পূৰণ কৰা উচিত। আমি অনুশাসন মানি চলিব লাগে, দেশে আমাৰ ফালে চায়, সেয়ে আমি গাইডলাইন মানি চলিব লাগে।      

কিন্তু সন্মানীয় অধ্যক্ষ, 

নিৰ্বাচন এতিয়াও বহু দূৰত আৰু এই সংসদত আমাৰ যিমান সময় বাকী আছে, মোৰ দৃঢ় বিশ্বাস যে ইয়াত আমি কৰা আচৰণে পৰৱৰ্তী ফলাফল নিৰ্ণয় কৰিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে বহি থাকিব বিচৰাজনৰ আচৰণ আৰু ভৱিষ্যতে আহি বহিব বিচৰাজনৰ আচৰণ কি হ’ব, আগন্তুক মাহত দেশখনে ইয়াৰ পাৰ্থক্য দেখিব।    

সন্মানীয় অধ্যক্ষ, 

বেদত কৈছে, ‘সমিচ, সব্ৰত, ৰুতবা বচাম বদত’, অৰ্থাৎ আমি সকলো একত্ৰিত হৈ একেধৰণৰ সংকল্প লওঁ আৰু কল্যাণৰ বাবে এক অৰ্থপূৰ্ণ আলোচনা কৰোঁ। ইয়াত আমাৰ চিন্তা বেলেগ হ’ব পাৰে, আলোচনা বেলেগ হ’ব পাৰে কিন্তু আমাৰ সংকল্প এক হৈ থাকে। আৰু সেয়েহে ইয়াৰ ঐক্যৰ বাবে আমি সকলো প্ৰচেষ্টা অব্যাহত ৰখা উচিত।  

সন্মানীয় অধ্যক্ষ,

আশাকৰোঁ এই নতুন আৰম্ভণিৰ জৰিয়তে, এই আলোচনাৰ পৰিবেশত আৰু এই সংসদৰ সমগ্ৰ বিতৰ্কত আমি যিমানেই সেই মনোভাৱক শক্তিশালী কৰিম, সিমানেই আমাৰ ভৱিষ্যৎ প্ৰজন্ম অনুপ্ৰাণিত হ’ব। আমি সকলোৱে সংসদীয় পৰম্পৰাৰ লক্ষ্মণ ৰেখা অনুসৰণ কৰা উচিত আৰু অধ্যক্ষৰ আশা পূৰণৰ বাবে আমি নিশ্চিতভাৱে চেষ্টা কৰা উচিত। 

সন্মানীয় অধ্যক্ষ, 

গণতন্ত্ৰত ৰাজনীতি, নীতি আৰু ক্ষমতাৰ ব্যৱহাৰ সমাজৰ ফলপ্ৰসূ পৰিৱৰ্তনৰ এক মহান মাধ্যম। আৰু সেয়েহে মহাকাশেই হওক বা সমৰ্থনেই হওক, ষ্টাৰ্টআপেই হওক বা আত্মসহায়ক গোটেই হওক, বিশ্বই প্ৰতিটো ক্ষেত্ৰতে ভাৰতীয় মহিলাৰ শক্তি দেখিবলৈ পাইছে। জি-২০ত মহিলা-নেতৃত্বাধীন উন্নয়নৰ বিষয়ে আলোচনা হৈছে। আজি বিশ্বই ইয়াক আদৰি লৈছে আৰু গ্ৰহণ কৰিছে। বিশ্বই উপলব্ধি কৰিছে যে কেৱল নাৰীৰ বিকাশৰ কথা ক’লেই যথেষ্ট নহয়। যদি আমি মানৱ জাতিৰ উন্নয়ন যাত্ৰাৰ নতুন পৰ্য্যায়ত উপনীত হ’ব লাগে, যদি ৰাষ্ট্ৰখনৰ উন্নয়ন যাত্ৰাত নতুন স্থানত উপনীত হ’ব লাগে, তেন্তে আমি মহিলা-নেতৃত্বাধীন উন্নয়নক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। 

মহিলা সবলীকৰণৰ বাবে আমাৰ প্ৰতিখন আঁচনিয়ে মহিলা নেতৃত্বৰ দিশত অতি অৰ্থপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। অৰ্থনৈতিক অন্তৰ্ভুক্তিৰ কথা মনত ৰাখি জন ধন যোজনা আৰম্ভ কৰা হৈছিল, ৫০ কোটি হিতাধিকাৰীৰ ভিতৰত সৰ্বাধিক সংখ্যক মহিলা বেংক একাউন্টধাৰী আছে। এয়া এক নতুন বিশ্বাসো। মুদ্ৰা যোজনাৰ আৰম্ভণিৰে এই দেশে গৌৰৱ কৰিব পাৰে যে ১০ লাখ টকাৰ ঋণ লাভ সহজ হৈ উঠিছে আৰু সমগ্ৰ দেশৰ সৰ্বাধিক সংখ্যক মহিলাই ইয়াৰ সুবিধা গ্ৰহণ কৰিছে। পিএম আৱাস যোজনা পকী ঘৰৰ পঞ্জীয়ন বেছিভাগেই মহিলাৰ নামত কৰা হৈছে। 

সন্মানীয় অধ্যক্ষ, 

এনে মাইলৰ খুঁটিৰে আজি আমি নতুন ইতিহাস ৰচনা কৰিছো। জীৱনত এনে মুহূৰ্ত কমেইহে আহে। 

আৰু সন্মানীয় অধ্যক্ষ, 

নতুন ভৱনত প্ৰথম অধিৱেশনৰ প্ৰথম ভাষণত মই অতি আত্মবিশ্বাস আৰু গৌৰৱেৰে কৈছো যে আজিৰ এই মুহূৰ্ত, আজিৰ দিনটো স্মৰণীয় হৈ ৰ’ব। এই মুহূৰ্ত আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। বহু বছৰ ধৰি মহিলাৰ সংৰক্ষণক লৈ একাধিক আলোচনা আৰু বিতৰ্ক অব্যাহত আছে। ইতিমধ্যে মহিলাৰ সংৰক্ষণ সন্দৰ্ভত সংসদত একাধিক প্ৰচেষ্টা চলোৱা হৈছে। ইয়াৰ সৈতে জড়িত বিধেয়কখন প্ৰথমবাৰৰ বাবে ১৯৯৬ত উত্থাপন কৰা হৈছিল। অটল জীৰ কাৰ্য্যকালত মহিলাৰ সংৰক্ষণ বিধেয়ক কেইবাবাৰো উত্থাপন হৈছিল। কিন্তু আমি এয়া গৃহীত হ’বলৈ পূৰ্ণ সমৰ্থন লাভ কৰিব নোৱাৰিলো আৰু সেয়ে সপোনটো অপূৰ্ণ হৈ আছিল। নাৰীক শক্তিশালী কৰাৰ সেই কাম, নাৰীৰ শক্তিক ব্যৱহাৰ কৰা, হয়তো ঈশ্বৰে মোক এনে পবিত্ৰ কামৰ বাবে বাছি লৈছে। 

আকৌ এবাৰ আমাৰ চৰকাৰে এই দিশত পদক্ষেপ লৈছে। মহিলা সংৰক্ষণ সম্পৰ্কীয় বিধেয়কখনত মন্ত্ৰীসভাই অনুমোদন জনাইছে। সেইবাবেই ১৯ ছেপ্টেম্বৰৰ এই দিনটো ইতিহাসত খোদিত হৈ থাকিব। আজি মহিলাসকলে প্ৰতিটো খণ্ডতে দ্ৰুতগতিত আগবঢ়া আৰু নেতৃত্ব গ্ৰহণৰ পৰিপ্ৰেক্ষিতত নীতি নিৰ্ধাৰণত আমাৰ মাতৃ, ভগ্নী, আমাৰ মহিলা শক্তিয়ে সৰ্বাধিক অৱদান আগবঢ়োৱাৰ বাট প্ৰশস্ত হৈছে। কেৱল অৰিহণা যোগোৱাই নহয়, তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

আজি নতুন সংসদ ভৱনত প্ৰথম কাৰ্য্যবিধি হিচাপে আমি দেশৰ এই নতুন ৰূপান্তৰৰ আহ্বান জনাইছো আৰু সকলো সাংসদে মিলি নাৰী শক্তিৰ বাবে নতুন দুৱাৰ মুকলি কৰিব খুজিছো। মহিলা-নেতৃত্বাধীন উন্নয়নৰ সংকল্পক আগুৱাই নি আমাৰ চৰকাৰে আজি এখনি গুৰুত্বপূৰ্ণ সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিছে। এই বিধেয়কখনৰ লক্ষ্য হৈছে লোকসভা আৰু বিধানসভাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰা। নাৰী শক্তি বন্দনা আইন - ইয়াৰ জৰিয়তে আমাৰ গণতন্ত্ৰ শক্তিশালী হ'ব। 

নাৰী শক্তি বন্দনা আইনৰ বাবে দেশৰ মাতৃ, ভগ্নী আৰু কন্যা সকলক অভিনন্দন জনাইছো। এই বিধেয়কখন আইনত পৰিণত কৰিবলৈ আমি দৃঢ়প্ৰতিজ্ঞ বুলি সকলো মাতৃ, ভগ্নী আৰু কন্যাক আশ্বাস দিছো। সদনৰ সকলো সতীৰ্থকে আহ্বান জনাইছো, সৰ্বসন্মতিক্ৰমে, এই বিধেয়কখন আইনত পৰিণত হ’লে ইয়াৰ শক্তি বহুগুণে বৃদ্ধি পাব। আৰু সেইবাবেই মই সকলো সাংসদকে সৰ্বসন্মতিক্ৰমে এই বিধেয়ক গৃহীত কৰিবলৈ অনুৰোধ জনাইছো। এই নতুন ভৱনৰ প্ৰথম অধিৱেশনত আপোনাসৱে মোক মোৰ অনুভৱ প্ৰকাশৰ সুযোগ দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

  • Jitendra Kumar May 16, 2025

    ❤️🇮🇳
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻👏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Uma tyagi bjp January 28, 2024

    जय श्री राम
  • Pankaj kumar singh January 05, 2024

    🙏🙏
  • Babla sengupta December 24, 2023

    Babla sengupta
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Big ‘Make in India’push! Cabinet approves four new semiconductor projects; cumulative investment of around Rs 4,600 crore eyed

Media Coverage

Big ‘Make in India’push! Cabinet approves four new semiconductor projects; cumulative investment of around Rs 4,600 crore eyed
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister receives a telephone call from the President of Uzbekistan
August 12, 2025
QuotePresident Mirziyoyev conveys warm greetings to PM and the people of India on the upcoming 79th Independence Day.
QuoteThe two leaders review progress in several key areas of bilateral cooperation.
QuoteThe two leaders reiterate their commitment to further strengthen the age-old ties between India and Central Asia.

Prime Minister Shri Narendra Modi received a telephone call today from the President of the Republic of Uzbekistan, H.E. Mr. Shavkat Mirziyoyev.

President Mirziyoyev conveyed his warm greetings and felicitations to Prime Minister and the people of India on the upcoming 79th Independence Day of India.

The two leaders reviewed progress in several key areas of bilateral cooperation, including trade, connectivity, health, technology and people-to-people ties.

They also exchanged views on regional and global developments of mutual interest, and reiterated their commitment to further strengthen the age-old ties between India and Central Asia.

The two leaders agreed to remain in touch.