The development works launched today will strengthen infrastructure and accelerate the growth of Andhra Pradesh: PM
Amaravati is a land where tradition and progress go hand in hand: PM
NTR Garu envisioned a developed Andhra Pradesh, Together, we have to make Amaravati, Andhra Pradesh, the growth engine of developed India: PM
India is now among the countries where infrastructure is rapidly modernising: PM
Viksit Bharat will be built on four pillars - poor, farmers, youth and Women power: PM
The Navdurga Testing Range will strengthen the country's defense power just like Maa Durga, I congratulate the country's scientists and the people of AP for this: PM

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী চন্দ্ৰবাবু নাইডু জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ মন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সকলো সাংসদ আৰু বিধায়ক, আৰু অন্ধ্ৰপ্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল!আজি এই পবিত্ৰ অমৰাৱতী ভূমিত থিয় দিওঁতে মই কেৱল এখন নগৰ দেখা নাই, এটা সপোন বাস্তৱায়িত হোৱা দেখিছোঁ। এখন নতুন অমৰাৱতী, নতুন অন্ধ্ৰ। অমৰাৱতী সেই ভূমি য'ত পৰম্পৰা আৰু প্ৰগতি একেলগে আগবাঢ়ে, য'ত আছে বৌদ্ধ ঐতিহ্যৰ শান্তি আৰু লগতে উন্নত ভাৰত গঢ়াৰ শক্তি। আজি ইয়াত প্ৰায় ৬০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ কেৱল কংক্ৰিট নিৰ্মাণ নহয়, অন্ধ্ৰ প্ৰদেশৰ আকাংক্ষা আৰু উন্নত ভাৰতৰ আশাৰ মজবুত ভেটিও। ভগৱান বীৰভদ্ৰ, ভগৱান অমৰলিংগেশ্বৰ আৰু তিৰুপতী বালাজীৰ চৰণত প্ৰণাম কৰি অন্ধ্ৰ প্ৰদেশৰ সন্মানীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।লগতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণ জীলৈও শুভেচ্ছা জ্ঞাপন কৰিছো।

বন্ধুসকল,

আমি সকলোৱে জানো, ইন্দ্ৰলোকৰ ৰাজধানীৰ নাম আছিল অমৰাৱতী আৰু এতিয়া অমৰাৱতী অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী। এয়া কেৱল কাকতলীয়া কথা নহয়। “সোণৰ অন্ধ্ৰ” সৃষ্টিৰ বাবেও এয়া এক শুভ লক্ষণ। “সোণৰ অন্ধ্ৰ”ই উন্নত ভাৰতৰ পথ শক্তিশালী কৰিব আৰু অমৰাৱতীয়ে “সোণৰ অন্ধ্ৰ”ৰ দৃষ্টিভংগীক শক্তিশালী কৰিব। অন্ধ্ৰ প্ৰদেশ এখন আধুনিক ৰাজ্য হৈ নতুন সক্ষমতা লাভ কৰিব।

 

বন্ধুসকল,

অমৰাৱতীয়ে অন্ধ্ৰ প্ৰদেশৰ প্ৰতিজন যুৱকৰ সপোন বাস্তৱায়িত কৰিব। তথ্য প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, সেউজ শক্তি, স্বচ্ছ উদ্যোগ, শিক্ষা আৰু স্বাস্থ্যকে ধৰি সকলোবোৰ খণ্ডতে  আগন্তুক কেইটামান বছৰত অমৰাৱতী আগশাৰীৰ চহৰ হিচাপে আত্মপ্ৰকাশ কৰিব। এই সকলোবোৰ খণ্ডৰ বাবে যিয়েই আন্তঃগাঁথনিৰ প্ৰয়োজন নহওক কিয়, কেন্দ্রীয় চৰকাৰে ইয়াক অভিলেখ গতিত সম্পূৰ্ণ কৰাত ৰাজ্য চৰকাৰক সম্পূৰ্ণ সহায় কৰিছে। মাত্ৰ এতিয়া আমাৰ চন্দ্ৰবাবু জীয়ে মোক প্ৰযুক্তিৰ সন্দৰ্ভত বহুত প্ৰশংসা কৰি আছিল। কিন্তু আজি এটা গোপন কথা কওঁ। মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিলোঁ, তেতিয়া মই হায়দৰাবাদত বহি চন্দ্ৰবাবুৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে ভালদৰে অধ্যয়ন কৰিছিলোঁ। আগতে ইয়াৰ পৰা বহু কথা শিকিছিলোঁ আৰু আজি কাৰ্যকৰী কৰাৰ সুযোগ পাইছো আৰু কাৰ্যকৰী কৰি আছো।আৰু মই মোৰ অভিজ্ঞতাৰ পৰা কওঁ, যদি ই ভৱিষ্যতৰ প্ৰযুক্তি আৰু কাম অতি বৃহৎ পৰিসৰত কৰিব লাগিব আৰু ইয়াক ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিব লাগিব, তেন্তে চন্দ্ৰবাবুৱে সেই কামটো সম্ভৱপৰ উত্তম পদ্ধতিৰে কৰিব পাৰিব।

বন্ধুসকল,

২০১৫ চনত প্ৰজা ৰাজধানীৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। বিগত বছৰবোৰত কেন্দ্ৰীয় চৰকাৰে অমৰাৱতীক সম্ভৱপৰ সকলো প্ৰকাৰে সহায় আগবঢ়াই আহিছে। ইয়াত মৌলিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া চন্দ্ৰবাবু গৰুৰ নেতৃত্বত ৰাজ্য চৰকাৰ গঠন হোৱাৰ পিছত বতাহত থকা সকলো গ্ৰহ গুচি গৈছে। ইয়াত উন্নয়নৰ কাম ত্বৰান্বিত হৈছে। উচ্চ ন্যায়ালয়, বিধানসভা, সচিবালয়, ৰাজভৱনৰ দৰে বহু গুৰুত্বপূৰ্ণ ভৱন নিৰ্মাণৰ কামকো অগ্ৰাধিকাৰ দিয়া হৈছে।

 

বন্ধুসকল,

NTR garu এ উন্নত অন্ধ্ৰপ্ৰদেশৰ সপোন দেখিছিল। আমি সকলোৱে মিলি অন্ধ্ৰ প্ৰদেশৰ অমৰাৱতীক উন্নত ভাৰতৰ বৃদ্ধিৰ ইঞ্জিন হিচাপে গঢ়ি তুলিব লাগিব। আমি NTR garu ৰ সপোন পূৰণ কৰিব লাগিব।

বন্ধুসকল,

যোৱা দহ বছৰত ভাৰতে দেশৰ ভৌতিক, ডিজিটেল আৰু সামাজিক আন্তঃগাঁথনিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। আজি ভাৰত বিশ্বৰ সেই দেশসমূহৰ ভিতৰত অন্যতম, যাৰ আন্তঃগাঁথনি দ্ৰুত গতিত আধুনিকীকৰণ হৈছে। অন্ধ্ৰ প্ৰদেশেও লাভ কৰিছে ইয়াৰ সুবিধা। আজিও অন্ধ্ৰপ্ৰদেশে ৰেল আৰু পথৰ লগত জড়িত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প লাভ কৰিছে। ইয়াত অন্ধ্ৰ প্ৰদেশত সংযোগৰ এক নতুন অধ্যায় লিখা হৈছে। এই প্ৰকল্পসমূহে এখন জিলা আৰু আন এখন জিলাৰ মাজত সংযোগ বৃদ্ধি কৰিব। চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সংযোগ উন্নত হ’ব, যাৰ ফলত কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বৃহৎ বজাৰলৈ পৰিবহণ কৰাত সহজ হ’ব আৰু উদ্যোগসমূহৰ বাবেও সুবিধাজনক হ’ব। পৰ্যটন খণ্ড আৰু তীৰ্থযাত্ৰাই লাভ কৰিব বুষ্ট। যিহেতু ৰেনিগুন্টা-নাইডুপেটা ঘাইপথৰ পৰা তিৰুপতি বালাজী দৰ্শন সহজ হৈ পৰিব, সেয়েহে অতি কম সময়ৰ ভিতৰতে ভেংকটেশ্বৰ স্বামীৰ দৰ্শন ৰাইজে লাভ কৰিব পাৰিব।

 

বন্ধুসকল,

দ্ৰুতগতিত বিকশিত হোৱা বিশ্বৰ সকলো দেশেই নিজৰ ৰেলপথৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। বিগত দশকটো ভাৰতৰ ৰে’লপথৰ ৰূপান্তৰৰ সময়। ভাৰত চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ ৰেলৱেৰ উন্নয়নৰ বাবে অভিলেখ ধন প্ৰেৰণ কৰিছে। ২০০৯ চনৰ পৰা ২০১৪ চনলৈ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ বাবে মুঠ ৰেল বাজেট আছিল ৯০০ কোটিতকৈও কম। আনহাতে আজি কেৱল অন্ধ্ৰৰে ৰেল বাজেট ৯ হাজাৰ কোটিতকৈও অধিক। অৰ্থাৎ ১০ গুণতকৈও অধিক বৃদ্ধি হৈছে।

বন্ধুসকল,

ৰে’লৱেৰ বাজেট বৃদ্ধিৰ বাবে অন্ধ্ৰপ্ৰদেশত ৰে’লৱেৰ শতকৰা বিদ্যুৎকৰণ কৰা হৈছে। ইয়াত আঠখন আধুনিক বন্দে ভাৰত ৰে’ল চলি আছে। লগতে আধুনিক সা-সুবিধাৰে অমৃত ভাৰত ৰে’লখনো অন্ধ্ৰ প্ৰদেশৰ মাজেৰে পাৰ হৈ যায়। অন্ধ্ৰ প্ৰদেশত বিগত ১০ বছৰত ৭৫০ টাতকৈও অধিক ৰেলৱে ফ্লাই অভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অন্ধ্ৰ প্ৰদেশৰ ৭০ টাতকৈও অধিক ৰেল ষ্টেচন গঢ়ি তোলা হৈছে।

বন্ধুসকল,

যেতিয়া আন্তঃগাঁথনিৰ বাবে ইমান কাম কৰা হয়, তেতিয়া ইয়াৰ এক বৃহৎ বহুগুণক প্ৰভাৱ পৰে। আন্তঃগাঁথনি নিৰ্মাণত ব্যৱহৃত কেঁচামালে উৎপাদন উদ্যোগক শক্তিশালী কৰে। চিমেণ্টৰ কামেই হওক, তীখাৰ কামেই হওক বা পৰিবহণৰ কামেই হওক, এনে প্ৰতিটো খণ্ডই ইয়াৰ পৰা লাভৱান হয়। আন্তঃগাঁথনি উন্নয়নে পোনপটীয়াকৈ আমাৰ যুৱক-যুৱতীসকলক উপকৃত কৰে, তেওঁলোকে অধিক কৰ্মসংস্থাপন লাভ কৰে। এই আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰা অন্ধ্ৰ প্ৰদেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়েও নতুন কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিছে।

 

বন্ধুসকল,

মই লালকিল্লাৰ পৰাই কৈছিলোঁ যে উন্নত ভাৰতবৰ্ষ এই চাৰিটা স্তম্ভৰ ওপৰত নিৰ্মাণ হ’ব – দুখীয়া, কৃষক, যুৱক-যুৱতী আৰু নাৰী শক্তি। এন ডি এ চৰকাৰৰ নীতিৰ কেন্দ্ৰবিন্দু চাৰিটা গুৰুত্বপূৰ্ণ স্তম্ভ। বিশেষকৈ কৃষকৰ স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আমি কাম কৰি আছো। যাতে কৃষকৰ পকেটত কোনো বোজা নাথাকে, বিগত দহ বছৰত কেন্দ্ৰীয় চৰকাৰে প্ৰায় ১২ লাখ কোটি টকা খৰচ কৰি সস্তা সাৰ যোগান ধৰিছে। হাজাৰ হাজাৰ নতুন আৰু আধুনিক বীজো কৃষকসকলক দিয়া হৈছিল। পি এম শস্য বীমা আঁচনিৰ অধীনত অন্ধ্ৰ প্ৰদেশৰ কৃষকসকলে এতিয়ালৈকে ৫৫০০ কোটি টকাৰ দাবী লাভ কৰিছে। প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ অধীনত অন্ধ্রৰ লাখ লাখ কৃষকৰ হিচাপত সাড়ে সোতৰ হাজাৰ কোটিতকৈও অধিক টকা৷

বন্ধুসকল,

আজি সমগ্ৰ দেশতে জলসিঞ্চন প্ৰকল্পৰ নেটৱৰ্ক স্থাপন কৰা হৈছে। নদী সংযোগৰ অভিযানো আৰম্ভ কৰা হৈছে। আমাৰ উদ্দেশ্য প্ৰতিখন খেতিপথাৰত পানী পোৱা, কৃষকসকলে পানীৰ কোনো সমস্যাৰ সন্মুখীন নহয়। ইয়াত নতুন চৰকাৰ গঠনৰ পিছত পোলাভাৰম প্ৰকল্পইও নতুন গতি লাভ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে অন্ধ্ৰ প্ৰদেশৰ লাখ লাখ মানুহৰ জীৱন সলনি হ’বলৈ গৈ আছে। পোলাভাৰম প্ৰকল্পটো যাতে ক্ষিপ্ৰতাৰে সম্পূৰ্ণ হয় তাৰ বাবে কেন্দ্ৰৰ এন ডি এ চৰকাৰে ৰাজ্য চৰকাৰক সম্পূৰ্ণ সহায় আগবঢ়াইছে।

 

বন্ধুসকল,

দশক দশক ধৰি ভাৰতক মহাকাশ শক্তি হিচাপে গঢ়ি তোলাত অন্ধ্ৰ ভূমিয়ে বৃহৎ ভূমিকা পালন কৰি আহিছে। শ্ৰীহৰিকোটাৰ পৰা যেতিয়াই কোনো অভিযান আৰম্ভ হয়, তেতিয়াই কোটি কোটি ভাৰতীয়ক গৌৰৱেৰে ভৰাই তোলে। এই ক্ষেত্ৰখনে কোটি কোটি ভাৰতীয় যুৱক-যুৱতীক মহাকাশৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। এতিয়া আজি দেশে আমাৰ প্ৰতিৰক্ষা খণ্ডক শক্তিশালী কৰাৰ বাবে এটা নতুন প্ৰতিষ্ঠানো পাইছে। কিছুদিনৰ আগতে আমি ডি আৰ ডি অ’ৰ নতুন মিছাইল পৰীক্ষণ ৰেঞ্জৰ আধাৰশিলা স্থাপন কৰিছিলো। নাগায়ালংকাত নিৰ্মাণ হ’বলগীয়া নৱদুৰ্গা টেষ্টিং ৰেঞ্জে দেৱী দুৰ্গাৰ দৰে দেশৰ প্ৰতিৰক্ষা শক্তিক শক্তিশালী কৰিব। ইয়াৰ বাবেও দেশৰ বিজ্ঞানী আৰু অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণক অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি ভাৰতৰ শক্তি কেৱল আমাৰ অস্ত্ৰ-শস্ত্ৰই নহয় আমাৰ একতাও। আমাৰ একতা মলসমূহত এই ঐক্যৰ অনুভূতি অধিক শক্তিশালী হৈ উঠে। দেশৰ বহু চহৰত নিৰ্মাণ কৰি থকা হৈছে একতা মল। মই সুখী যে এতিয়া বিশাখাপট্টনতো একতা মল নিৰ্মাণ কৰা হ’ব। এই একতা মলত দেশৰ বিভিন্ন প্ৰান্তৰ শিপিনী আৰু হস্তশিল্পীৰ দ্বাৰা নিৰ্মিত সামগ্ৰী একেখন চালিৰ তলত উপলব্ধ হ’ব। ইয়াৰ দ্বাৰা সকলোকে ভাৰতৰ বৈচিত্ৰ্যৰ সৈতে সংযোগ স্থাপন কৰিব। একতা মলে স্থানীয় অৰ্থনীতিকো এক উত্থান দিব আৰু ‘এক ভাৰত, মহান ভাৰত’ৰ মনোভাৱ অধিক শক্তিশালী হ’ব।

 

বন্ধুসকল,

মাত্ৰ এতিয়াই আমি শুনিলোঁ চন্দ্ৰবাবু জী, তেওঁ ২১ জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কথা ক’লে। চন্দ্ৰবাবু, অন্ধ্ৰ চৰকাৰ আৰু অন্ধ্ৰবাসীক অন্ধ্ৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে দেশৰ ডাঙৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো, ইয়াৰ বাবে আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আপুনি কোৱাৰ দৰে মই নিজেও ২১ জুনত অন্ধ্ৰবাসীৰ সৈতে যোগাসন কৰিম আৰু ইয়াত এটা বিশ্ব কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই কাৰ্যসূচীও গুৰুত্বপূৰ্ণ কাৰণ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দহ বছৰীয়া যাত্ৰাৰ দশম বৰ্ষৰ এইটো এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। সমগ্ৰ বিশ্বতে যোগৰ প্ৰতি আকৰ্ষণ, এইবাৰ ২১ জুনত সমগ্ৰ বিশ্বই অন্ধ্ৰ ফালে চাব আৰু মই বিচাৰিম যে আগন্তুক ৫০ দিনত সমগ্ৰ অন্ধ্ৰত যোগৰ বাবে এক মহান পৰিৱেশৰ সৃষ্টি হয়, প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু অন্ধ্ৰ প্ৰদেশে বিশ্ব অভিলেখ গঢ়ি সমগ্ৰ বিশ্বক আচৰিত কৰি তোলে আৰু মোৰ বিশ্বাস, চন্দ্ৰবাবুৰ নেতৃত্বত এইটো হ'ব।

 

বন্ধুসকল,

মাত্ৰ এতিয়াই আমি শুনিলোঁ চন্দ্ৰবাবু জী, তেওঁ ২১ জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কথা ক’লে। চন্দ্ৰবাবু, অন্ধ্ৰ চৰকাৰ আৰু অন্ধ্ৰবাসীক অন্ধ্ৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে দেশৰ ডাঙৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো, ইয়াৰ বাবে আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আপুনি কোৱাৰ দৰে মই নিজেও ২১ জুনত অন্ধ্ৰবাসীৰ সৈতে যোগাসন কৰিম আৰু ইয়াত এটা বিশ্ব কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই কাৰ্যসূচীও গুৰুত্বপূৰ্ণ কাৰণ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দহ বছৰীয়া যাত্ৰাৰ দশম বৰ্ষৰ এইটো এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। সমগ্ৰ বিশ্বতে যোগৰ প্ৰতি আকৰ্ষণ, এইবাৰ ২১ জুনত সমগ্ৰ বিশ্বই অন্ধ্ৰ ফালে চাব আৰু মই বিচাৰিম যে আগন্তুক ৫০ দিনত সমগ্ৰ অন্ধ্ৰত যোগৰ বাবে এক মহান পৰিৱেশৰ সৃষ্টি হয়, প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু অন্ধ্ৰ প্ৰদেশে বিশ্ব অভিলেখ গঢ়ি সমগ্ৰ বিশ্বক আচৰিত কৰি তোলে আৰু মোৰ বিশ্বাস, চন্দ্ৰবাবুৰ নেতৃত্বত এইটো হ'ব।

 

বন্ধুসকল,

অন্ধ্ৰ প্ৰদেশত সপোন দেখাৰ অভাৱ নাই আৰু সপোন বাস্তৱায়িত কৰিব পৰাৰ অভাৱ নাই। এই কথা মই বিশ্বাসেৰে কব পাৰো, আজি অন্ধ্ৰপ্ৰদেশ সঠিক পথত আগবাঢ়িছে, অন্ধ্ৰে সঠিক গতি লাভ কৰিছে। এতিয়া আমি এই বৃদ্ধিৰ গতি বৃদ্ধি কৰি থাকিব লাগিব। আৰু ক’ব পাৰোঁ, বাবুৱে তিনিবছৰত অমৰাৱতী নিৰ্মাণৰ সপোন দেখিছে, এই তিনি বছৰত অকল অমৰাৱতীৰ কাৰ্যকলাপে অন্ধ্ৰ প্ৰদেশৰ জিডিপি ক’লৈ লৈ যাব সেয়া স্পষ্টকৈ বুজিব পাৰিছো। মই আকৌ এবাৰ অন্ধ্ৰ প্ৰদেশৰ ৰাইজ আৰু ইয়াত বহি থকা মোৰ সকলো সহকৰ্মীক আশ্বাস দিছো যে অন্ধ্ৰ প্ৰদেশৰ প্ৰগতিৰ বাবে আপোনালোকে মোক সদায় কান্ধত কান্ধ মিলাই খোজ কাঢ়ি থকা দেখিব। আকৌ এবাৰ আপোনালোক সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ধন্যবাদ!

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বন্দে মাতৰম! বন্দে মাতৰম!

বন্দে মাতৰম! বন্দে মাতৰম!

বন্দে মাতৰম! বন্দে মাতৰম!

বন্দে মাতৰম! বন্দে মাতৰম!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”