দেশবাসীক একত্ৰিত কৰাৰ দিশত চৰ্দাৰ পেটেলৰ অমূল্য অৱদানক সন্মান জনাই ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন, ই আজি আমাৰ সমাজত ঐক্যৰ বান্ধোন মজবুত কৰক: প্ৰধানমন্ত্ৰী
ভাৰত তেওঁৰ দৃষ্টিভংগী আৰু আমাৰ দেশৰ প্ৰতি অটল দায়বদ্ধতাৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত, তেওঁৰ প্ৰচেষ্টাই আমাক শক্তিশালী দেশ গঠনৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
চৰ্দাৰ পেটেলৰ ১৫০সংখ্যক জয়ন্তী বৰ্ষ আজিৰ পৰা আৰম্ভ কৰি আগন্তুক ২ বছৰলৈ সমগ্ৰ দেশতে উৎসৱ হিচাপে পালন কৰা হ'ব, ইয়াৰ দ্বাৰা আমাৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সংকল্প আৰু অধিক শক্তিশালী হ'ব: প্ৰধানমন্ত্ৰী
মহাৰাষ্ট্ৰৰ ঐতিহাসিক ৰায়গড় দুৰ্গৰ প্ৰতিচ্ছবি কেৱাড়িয়াৰ একতা নগৰতো দেখা যায়, যিটো প্ৰথমে সামাজিক ন্যায়, দেশপ্ৰেম আৰু দেশবাসীৰ মূল্যবোধৰ পবিত্ৰ ভূমি হৈ আহিছেঃ প্ৰধানমন্ত্ৰী
এজন প্ৰকৃত ভাৰতীয় হোৱাৰ বাবে দেশৰ ঐক্যৰ বাবে সকলো প্ৰচেষ্টা উৎসাহ আৰু উদ্যমেৰে পূৰণ কৰাটো আমাৰ সকলো দেশবাসীৰ কৰ্তব্য: প্ৰধানমন্ত্ৰী
যোৱা ১০ বছৰত দেশত সুশাসনৰ নতুন আৰ্হিয়ে বৈষম্যৰ প্ৰতিটো পৰিসৰ আঁতৰাই পেলাইছেঃ প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!

চৰ্দাৰ চাহাবৰ প্ৰেৰণাদায়ক কথাবোৰ, ষ্টেচু অৱ ইউনিটিৰ ওচৰত অনুষ্ঠিত এই বিশাল অনুষ্ঠান, একতা নগৰৰ অনবদ্য দৃশ্যাৱলী, আৰু অনুপম প্ৰদৰ্শনে উপস্থাপন কৰিছে এক ক্ষুদ্ৰ ভাৰতবৰ্ষৰ শক্তিশালী ছবি। ঠিক ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত কৰা আমাৰ উদযাপনবোৰৰ দৰেই, এই ৩১ অক্টোবৰৰ অনুষ্ঠানেও সমগ্ৰ দেশখনকে শক্তিশালী কৰে। ৰাষ্ট্ৰীয় একতা দিৱসত সমূহদেশবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

এইবাৰ ৰাষ্ট্ৰীয় একতা দিৱসে কঢ়িয়াই আনিছে এক উল্লেখযোগ্য কাকতালীয়া ঘটনা। আমি ঐক্যৰ উৎসৱ আৰু দীপাৱলীৰ শুভ অনুষ্ঠান দুয়োটাই একেটা দিনতে উদযাপন কৰিছো। দীপাৱলীয়ে পোহৰৰ জৰিয়তে সমগ্ৰ দেশখনক সংযোগ কৰি দেশৰ প্ৰতিটো কোণকেই আলোকিত কৰে। তদুপৰি এই উৎসৱৱে এতিয়া ভাৰতক বিশ্বৰ সৈতে সংযোগ কৰিছে, কিয়নো ইয়াক বহু দেশত জাতীয় উৎসৱ হিচাপে পালন কৰা হয়। দেশ-বিদেশৰ সকলো ভাৰতীয়ৰ লগতে ভাৰতৰ সকলো শুভাকাংক্ষীলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

 

বন্ধুসকল,

এই ৰাষ্ট্ৰীয় একতা দিৱস আন এটা কাৰণতো বিশেষ হৈ পৰিছে, সেয়া হৈছে এই দিনটোতেই চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰো আৰম্ভণি হৈছে। তেওঁৰ অসাধাৰণ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে অহা দুবছৰলৈ দেশে এই জয়ন্তী উদযাপন কৰিব। এই দুবছৰীয়া উদযাপনে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগীৰ প্ৰতি আমাৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিব। ই এটা সোঁৱৰণী হিচাপে কাম কৰে যে যিটো অসম্ভৱ যেন লাগে সেয়াও সঁচাকৈয়ে সম্ভৱ হ’ব পাৰে। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত কিছুমানে ইয়াৰ খণ্ডিত হোৱাৰ ভৱিষ্যদ্বাণী কৰিছিল, যিটো আমি চৰ্দাৰ চাহাবৰ কথাত বিশদভাৱে কোৱা শুনিছিলো। শ শ স্বতন্ত্ৰ ৰাষ্ট্ৰই একত্ৰিত হৈ একক ভাৰত গঠন কৰিব পাৰিব নে বুলি তেওঁলোকৰ সন্দেহ আছিল। তথাপিও চৰ্দাৰ চাহাবে প্ৰমাণ কৰিলে যে সেয়া সম্ভৱ। তেওঁৰ সফলতাৰ মূলতে আছিল তেওঁৰ ব্যৱহাৰিক দৃষ্টিভংগী, অটল সংকল্প, মানৱীয় প্ৰচেষ্টা আৰু গভীৰ জাতীয়তাবাদ।

বন্ধুসকল,

আজি আমি প্ৰেৰণা লওঁ ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা, যিয়ে সকলোকে একত্ৰিত কৰি আক্ৰমণকাৰীক খেদি পঠিয়াবলৈ সক্ষম হৈছিল। মহাৰাষ্ট্ৰৰ ৰায়গড় দুৰ্গত সেই কাহিনী আজিও বিদ্যমান। ৰায়গড় দুৰ্গৰ পৰা ছত্ৰপতি শিৱাজী মহাৰাজে দেশৰ বৈচিত্ৰ্যপূৰ্ণ চিন্তাধাৰাক এক উমৈহতীয়া উদ্দেশ্যত একত্ৰিত কৰি ৰাখিছিল। একতা নগৰৰ ঐতিহাসিক ৰায়গড় দুৰ্গ আমাৰ সন্মুখত প্ৰেৰণাৰ প্ৰতীক হিচাপে থিয় দিছে। দীৰ্ঘদিন ধৰি ই সামাজিক ন্যায়, দেশপ্ৰেম, দেশক প্ৰথম স্থান দিয়াৰ মূল্যবোধৰ পবিত্ৰ ক্ষেত্ৰ হৈ আহিছে। এই পটভূমিত আমি আজি ইয়াত একত্ৰিত হৈ ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীৰ প্ৰতি দায়বদ্ধ হৈছো।

 

বন্ধুসকল,

বিগত দহটা বছৰত ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ অভূতপূৰ্ব সাফল্য দৃশ্যমান হৈছে। আজি চৰকাৰৰ প্ৰতিটো কাৰ্য্য আৰু পদক্ষেপে জাতীয় ঐক্যৰ প্ৰতি দায়বদ্ধতা প্ৰতিফলিত কৰে। ইয়াৰ এক প্ৰধান উদাহৰণ হ’ল একতা নগৰ, য’ত ঐক্যৰ মূৰ্তি থিয় হৈ আছে। এই মূৰ্তিটোৱে কেৱল নামতে নহয় ইয়াৰ নিৰ্মাণতো ঐক্যক মূৰ্তমান কৰি তুলিছে।  লৌহপুৰুষ আৰু এজন কৃষকসন্তান চৰ্দাৰ চাহাবক সন্মান জনাই সমগ্ৰ দেশৰ কৃষকসকলে ব্যৱহাৰ কৰা কৃষি সঁজুলিৰ পৰা লোহা নিৰ্মাণৰ বাবে উৎস আহৰণ কৰা হৈছিল। ইয়াৰ উপৰিও দেশৰ প্ৰতিটো কোণৰ পৰা ইয়ালৈ মাটি অনা হৈছিল, যাৰ ফলত এক গভীৰ ঐক্যবোধৰ সৃষ্টি হৈছিল। একতা নগৰত আমাৰ ‘একতা নাৰ্চাৰী’ আৰু ‘বিশ্ব ভেন’ আছে, য’ত প্ৰতিখন মহাদেশৰ গছ-গছনি প্ৰদৰ্শন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্যসন্মত খাদ্যাভ্যাসক প্ৰৌজ্জ্বল কৰি তোলা ‘শিশু পুষ্টি উদ্যান’ৰ লগতে আয়ুৰ্বেদিক পৰম্পৰা আৰু বিভিন্ন অঞ্চলৰ উদ্ভিদৰ বৈশিষ্ট্যযুক্ত ‘আৰোগ্য ভান’ও আছে। তদুপৰি, ‘একতা মল’ত দৰ্শনাৰ্থীসকলে সমগ্ৰ ভাৰতৰ পৰা অহা হস্তশিল্প অন্বেষণ কৰাৰ সুযোগ লাভ কৰে, আৰু উল্লেখনীয়ভাৱে এই সকলোবোৰ আছে একেখন মুধচৰ তলত।

আৰু বন্ধুসকল,

‘একতা মল’ৰ আৰম্ভণিহে; আমি প্ৰতিখন ৰাজ্যৰ ৰাজধানীতে একোটাকৈ ‘একতা মল’ স্থাপনৰ বাবে প্ৰয়াস আৰম্ভ কৰিছো। বাৰ্ষিক ‘ইউনিটি ৰাণ’ৰ জৰিয়তে এই ঐক্যৰ বাৰ্তাক আৰু অধিক শক্তিশালী কৰাৰ বাবেও কাম কৰিছোঁ

 

বন্ধুসকল,

প্ৰকৃত ভাৰতীয় হিচাপে আমাৰ দেশৰ ঐক্যৰ দিশত প্ৰতিটো প্ৰচেষ্টাক উদযাপন কৰা, আমাৰ হৃদয় আনন্দ আৰু উৎসাহেৰে ভৰাই তোলাটো আমাৰ কৰ্তব্য। উদযাপন হৈছে শক্তি, আত্মবিশ্বাস, আৰু প্ৰতিটো মুহূৰ্ততে নতুন সংকল্প। ভাৰতৰ ভাষাসমূহত গুৰুত্ব দি আমি আমাৰ ঐক্যৰ বান্ধোন শক্তিশালী কৰি তোলোঁ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতীয় ভাষাৰ শিক্ষাক বিশেষ গুৰুত্ব প্ৰদান কৰে, আৰু আপোনালোকৰ বহুতেই জানে যে শেহতীয়াকৈ দেশখনে এটা উল্লেখযোগ্য সিদ্ধান্ত উদযাপন কৰিলে: চৰকাৰে মাৰাঠী, বাংলা, অসমীয়া, পালি, আৰু প্ৰাকৃতক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। এই সিদ্ধান্তক সমগ্ৰ দেশতে উষ্ম আদৰণি জনোৱা হৈছে। আমাৰ ভাষাক মাতৃভাষা হিচাপে সন্মান কৰিলে আমাৰ মাতৃ, আমাৰ পৃথিৱী মাতৃ, আৰু ভাৰত মাতাকো সন্মান জনোৱা হয়। একেদৰে সমগ্ৰ দেশতে চলি থকা সংযোগৰ পদক্ষেপে জাতীয় ঐক্য বৃদ্ধি কৰিছে। ৰেলপথ, পথ, ঘাইপথ, ইণ্টাৰনেটৰ দৰে আধুনিক আন্তঃগাঁথনিয়ে গাঁৱক চহৰৰ সৈতে সংযোগ কৰি আছে। যেতিয়া কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজধানী ৰে’লযোগে সংযোগ কৰা হয়, যেতিয়া লক্ষদ্বীপ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জে সাগৰৰ তলৰ কেবলৰ জৰিয়তে তীব্ৰবেগী ইণ্টাৰনেট লাভ কৰে, আৰু যেতিয়া পাহাৰৰ মানুহে মোবাইল নেটৱৰ্কত প্ৰৱেশ কৰে, তেতিয়াৰ দৌৰত পিছ পৰি থকাৰ অনুভৱ উন্নয়ন বিলুপ্ত হয়। ইয়াৰ দ্বাৰা আগবাঢ়ি যাবলৈ এক নতুন শক্তিৰ লালন-পালন হয় আৰু জাতীয় ঐক্যৰ মনোভাৱ শক্তিশালী হয়।

বন্ধুসকল,

পূৰ্বৰ চৰকাৰসমূহৰ নীতি-অভিপ্ৰায়ত বৈষম্যৰ ভাৱনাই আমাৰ দেশৰ ঐক্যতাক দুৰ্বল কৰি তুলিছে। বিগত ১০ বছৰত ‘সুশাসন’ৰ নতুন মডেলে বৈষম্যৰ সকলো সম্ভাৱনা আঁতৰাই পেলাইছে। আমি ‘সবকা সাথ, সবকা বিকাশ’ৰ পথ আকোৱালি লৈছোঁ। আজি ‘হৰ ঘৰ জল’ আঁচনিৰ লক্ষ্য হৈছে প্ৰতিটো ঘৰতে বৈষম্য নোহোৱাকৈ পানী যোগান ধৰা। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আজি কোনো পক্ষপাতিত্ব নোহোৱাকৈ সকলোৰে বাবে উপলব্ধ। প্ৰধামন্ত্ৰী আৱাস যোজনাৰ অধীনত সকলোকে সমানে ঘৰৰ ব্যৱস্থা কৰা হৈছে, আৰু আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে প্ৰতিজন যোগ্য ব্যক্তিক বৈষম্যহীনভাৱে উপকৃত কৰা হৈছে। এই সৰ্বাংগীন পন্থাই সমাজত দশক দশক ধৰি চলি থকা অসন্তুষ্টিৰ সমাধান কৰি চৰকাৰ আৰু ইয়াৰ ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা বহু পৰিমাণে বৃদ্ধি কৰিছে। ‘বিকাশ’ আৰু ‘বিশ্বাস’ৰ এই ঐক্যই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগীক পৰিচালিত কৰে।মই দৃঢ়তাৰে বিশ্বাস কৰোঁ যে প্ৰতিটো আঁচনি, নীতি, উদ্দেশ্যত ঐক্যই আমাৰ অপৰিহাৰ্য শক্তি। মোৰ বিশ্বাস যে চৰ্দাৰ চাহাবৰ আত্মাই আমাক এই অগ্ৰগতিৰ সাক্ষী হোৱাৰ বাবে আৰু ইয়াৰ অংশীদাৰ হোৱাৰ বাবে আশীৰ্বাদ দিছে।

 

বন্ধুসকল,

পূজ্য বাপু মহাত্মা গান্ধীয়ে প্ৰায়ে কৈছিল, “বৈচিত্ৰ্যৰ মাজত ঐক্যবদ্ধভাৱে জীয়াই থকাৰ আমাৰ ক্ষমতা অহৰহ পৰীক্ষা কৰা হ’ব,” লগতে কয় যে “আমি যিকোনো মূল্যৰ বিনিময়ত এই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।” বিগত ১০ বছৰত ভাৰতে বৈচিত্ৰ্যৰ মাজত ঐক্যবদ্ধভাৱে জীয়াই থকাৰ এই প্ৰত্যাহ্বান সফলতাৰে মোকাবিলা কৰিছে। চৰকাৰে নিজৰ নীতি আৰু সিদ্ধান্তত ‘এক ভাৰত’ৰ মনোভাৱক ধাৰাবাহিকভাৱে শক্তিশালী কৰি আহিছে। আজি আমি বিশ্বব্যাপী স্বীকৃতি লাভ কৰা আধাৰ ব্যৱস্থাৰ জৰিয়তে ‘এক জাতি, এক পৰিচয়’ৰ সফলতাৰ সাক্ষী হৈছো। আগতে ভাৰতত একাধিক কৰ ব্যৱস্থা আছিল যদিও আমি ‘এক জাতি, এক কৰ’ ব্যৱস্থা—জি এছ টি প্ৰৱৰ্তন কৰিলোঁ। আমি ‘এক জাতি, এক শক্তি গ্ৰীড’ৰ জৰিয়তে শক্তি খণ্ডকো শক্তিশালী কৰিলোঁ, কিছুমান অঞ্চলত আন্ধাৰ হোৱাৰ বিপৰীতে আন কিছুমান অঞ্চলত বিদ্যুৎ থকা খণ্ডিতকৰণ অতিক্ৰম কৰিলোঁ। ‘এক জাতি, এক গ্ৰীড’ৰ প্ৰতি আমাৰ দায়বদ্ধতা পূৰণ হ’ল। ইয়াৰ উপৰিও ‘এক জাতি, এক ৰেচন কাৰ্ড’ৰ জৰিয়তে আমি অসুবিধাগ্ৰস্তসকলৰ বাবে একত্ৰিত সুবিধাসমূহ লাভ কৰিছো, আৰু আয়ুষ্মান ভাৰতৰ জৰিয়তে ‘এক জাতি, এক স্বাস্থ্য বীমা’ৰ জৰিয়তে আমি প্ৰতিজন নাগৰিকলৈ কভাৰেজ সম্প্ৰসাৰিত কৰিছো।

বন্ধুসকল,

আমাৰ ঐক্যৰ প্ৰচেষ্টাৰ অংশ হিচাপে আমি এতিয়া ‘এক জাতি, এক নিৰ্বাচন’ৰ দিশত কাম কৰি আছো, যিয়ে ভাৰতৰ গণতন্ত্ৰক শক্তিশালী কৰিব, সম্পদৰ ব্যৱহাৰ অনুকূল কৰি তুলিব, আৰু ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীক নতুন প্ৰগতিৰ দিশত আগুৱাই নিব আৰু সমৃদ্ধি প্ৰদান কৰিব। ভাৰতে ‘এক জাতি, এক নাগৰিক সংহিতা’ৰ দিশতো আগবাঢ়িছে, য’ত ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ নীতি সন্নিবিষ্ট কৰা হৈছে। এই কথাটো মই লালকিল্লাৰ পৰাই পূৰ্বেও আলোকপাত কৰিছিলোঁ। এই পদক্ষেপে চৰ্দাৰ চাহাবে জোৰ দিয়া সামাজিক ঐক্যক প্ৰতিফলিত কৰে আৰু বিভিন্ন সামাজিক শ্ৰেণীৰ মাজত বৈষম্যৰ অভিযোগসমূহ নাইকিয়া কৰিব, যাৰ ফলত জাতীয় ঐক্য শক্তিশালী হ’ব আৰু দেশখনক সামগ্ৰিক দিশেৰে আগুৱাই নিব। আমি একেলগে ঐক্যবদ্ধভাৱে আমাৰ এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিম।

 

বন্ধুসকল,

আজি স্বাধীনতাৰ সাত দশকৰ পাছত ‘এক জাতি, এক সংবিধান’ৰ প্ৰতিশ্ৰুতি পূৰণত সমগ্ৰ দেশ উল্লসিত হৈছে, আৰু এইটোৱেই চৰ্দাৰ চাহাবৰ আত্মাৰ প্ৰতি মোৰ সৰ্ববৃহৎ শ্ৰদ্ধাঞ্জলি হিচাপে বিবেচিত হৈছে। বহু নাগৰিকে হয়তো উপলব্ধি কৰা নাই যে বাবা চাহেব আম্বেদকাৰৰ সংবিধান সমগ্ৰ দেশতে ৭০ বছৰ ধৰি সম্পূৰ্ণৰূপে কাৰ্যকৰী নহ’ল। জম্মু-কাশ্মীৰৰ ৩৭০ অনুচ্ছেদে সৃষ্টি কৰা বাধাৰ বাবে সংবিধানৰ কাৰ্যকৰীতাক বাধাগ্ৰস্থ কৰা লোকসকলে প্ৰায়ে ইয়াক অসন্মান কৰিছে, যাৰ ফলত তাত থকা জনসাধাৰণক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈ আহিছিল। সেই ৩৭০ অনুচ্ছেদটো এতিয়া স্থায়ীভাৱে স্থগিত ৰখা হৈছে। এইবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত বৈষম্যহীনভাৱে ভোটদান কৰা হৈছে। প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ভাৰতীয় সংবিধানৰ শপত গ্ৰহণ কৰিছে। এই মুহূৰ্তটোৱে ভাৰতীয় সংবিধান প্ৰণয়নকাৰীসকলৰ বাবে অতি সন্তুষ্টি কঢ়িয়াই আনিছে, ই নিশ্চিতভাৱে তেওঁলোকৰ আত্মাক শান্তি প্ৰদান কৰিব; এই ছেগতে তেওঁলোকৰ প্ৰতি আমাৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। মই ইয়াক ভাৰতৰ ঐক্যৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচনা কৰিছো। জম্মু-কাশ্মীৰৰ দেশপ্ৰেমিক জনসাধাৰণে যুগ যুগ ধৰি চলি অহা পৃথকীকৰণ আৰু সন্ত্ৰাসবাদৰ কুঅভিপ্ৰায়ক নিৰ্ণায়কভাৱে নাকচ কৰি নিজৰ ভোটৰ জৰিয়তে ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰক বিজয়ী কৰি দশক দশক ধৰি চলি অহা অপপ্ৰচাৰ মষিমূৰ কৰি পেলাইছে। এই ৰাষ্ট্ৰীয় একতা দিৱসত ভাৰতৰ সংবিধানক সন্মান জনোৱা জম্মু-কাশ্মীৰৰ দেশপ্ৰেমিক ৰাইজকো প্ৰণাম জনাইছোঁ।

বন্ধুসকল,

বিগত ১০ বছৰত ভাৰতে জাতীয় ঐক্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বহু বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি সেই সন্ত্ৰাসবাদৰ কাণ্ডাৰীসকলে বুজি পাইছে যে যদি তেওঁলোকে ভাৰতৰ ক্ষতিসাধন কৰে তেন্তে তেওঁলোকে তাৰ বাবে ভয়াবহ পৰিণতিৰ সন্মুখীন হ’ব। উত্তৰ পূৰ্বাঞ্চলৰ কথাই বিবেচনা কৰকচোন, য’ত এসময়ত অজস্ৰ সংকটে জুমুৰি দি ধৰিছিল। আলোচনা, বিকাশ, বিশ্বাসৰ জৰিয়তে আমি বিচ্ছিন্নতাবাদৰ জুইকুৰা দমন কৰিছোঁ। বড়ো চুক্তিৰ জৰিয়তে অসমত ৫০ বছৰীয়া বিবাদৰ সমাধান হৈছে, আৰু ব্ৰু-ৰিয়াং চুক্তিৰ জৰিয়তে হাজাৰ হাজাৰ স্থানচ্যুত ব্যক্তিয়ে দশক দশক পিছত ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছে। তদুপৰি ত্ৰিপুৰাৰ নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্টৰ সৈতে আমাৰ চুক্তিয়ে দীৰ্ঘদিনীয়া অশান্তিৰ অন্ত পেলাইছে, আৰু আমি অসম আৰু মেঘালয়ৰ মাজত সীমা বিবাদো বহুলাংশে নিষ্পত্তি কৰিছো।

বন্ধুসকল,

একবিংশ শতিকাৰ ইতিহাস ৰচনা হ’লে ভাৰতে দ্বিতীয় আৰু তৃতীয় দশকত নক্সালবাদৰ ভয়ানক অপতৃণ কেনেকৈ উভালি পেলালে আৰু নিৰ্বংশ কৰিলে সেই কথা উজ্জ্বল কৰি তোলা এটা সোণালী অধ্যায়ৰ কথা উল্লেখ থাকিব। নেপালৰ পশুপতিৰ পৰা ভাৰতৰ তিৰুপতিলৈকে বিস্তৃত হৈ থকা ৰেড কৰিডৰৰ সময়খিনি আমি মনত ৰাখিব লাগিব। ভগৱান বীৰছা মুণ্ডাৰ দৰে দেশপ্ৰেমিকৰ সৃষ্টি কৰা জনজাতীয় সমাজখনে, যিসকলে সীমিত সম্পদ থকা সত্ত্বেও ইংৰাজৰ সৈতে স্বাধীনতাৰ বাবে যুঁজিছিল, তেওঁলোকৰ মাজত এটা সুপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে নক্সালবাদৰ বীজ সিঁচি থকা দেখিছিল। নক্সালবাদৰ জুই জ্বলি উঠিছিল, ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। মই ভাবি গৌৰৱ অনুভৱ কৰোঁ যে, দহ বছৰীয়া অদম্য প্ৰচেষ্টাৰ অন্তত এতিয়া ভাৰতত নক্সালবাদ বিলুপ্তিৰ পথত। আজি বহু প্ৰত্যাশিত উন্নয়নে মোৰ জনজাতীয় সমাজৰ ঘৰলৈ গৈ উজ্জ্বল ভৱিষ্যতৰ আশা জগাই তুলিছে।

 

বন্ধুসকল,

আজি আমি দৃষ্টি, দিশ, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল দৃঢ়তাৰে বৈশিষ্ট্যপূৰ্ণ ভাৰতৰ সন্মুখত থিয় দিছো। এই ভাৰত শক্তিশালী, সৰ্বাংগীন, সংবেদনশীল, সজাগ, নম্ৰ, আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধ— ‘শক্তি’ আৰু ‘শান্তি’ দুয়োটাৰে গুৰুত্বক স্বীকাৰ কৰা এখন ভাৰত। বিশ্বৰ অস্থিৰতাৰ মাজতো দ্ৰুত বিকাশ সাধন কৰাটো কোনো সাধাৰণ কৃতিত্ব নহয়। যুদ্ধৰ সময়ত বুদ্ধৰ বাৰ্তা প্ৰচাৰ কৰাটো বিৰল, কিয়নো বিভিন্ন অঞ্চলতে সংঘাতৰ সৃষ্টি হৈ থকা অৱস্থাত এনে এক অসাধ্য সাধন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় সংকটৰ মাজত ভাৰতে ‘বিশ্ববন্ধু’ হিচাপে আত্মপ্ৰকাশ কৰাটো অসাধাৰণ দিশ। দেশসমূহৰ মাজত দূৰত্ব বঢ়াৰ লগে লগে দেশসমূহ ক্ৰমান্বয়ে ভাৰতৰ ওচৰ চাপিছে। এইটো কেৱল এটা পৰিঘটনা নহয়; ই লিখিছে এক নতুন ইতিহাস। গতিকে, ভাৰতে এইখিনি লাভ কৰিবলৈ কি কৰিছে?

বন্ধুসকল,

আজি বিশ্বই পৰ্যবেক্ষণ কৰি আছে যে ভাৰতে কেনেকৈ অটলভাৱে নিজৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰি আছে। দশক দশক পুৰণি বাধাসমূহ অতিক্ৰম কৰিবলৈ ভাৰত কেনেকৈ একত্ৰিত হৈছে সেয়া বিশ্বই দেখিছে। এই জটিল সন্ধিক্ষণত আমি আমাৰ ঐক্য ৰক্ষা আৰু লালন-পালন কৰাটো অতি প্ৰয়োজনীয়। আমি গ্ৰহণ কৰা ঐক্যৰ শপতক আমি অহৰহ মনত ৰাখিব লাগিব, সেই প্ৰতিশ্ৰুতিক মূৰ্ত কৰি তুলিব লাগিব আৰু প্ৰয়োজন হ’লে তাৰ বাবে যুঁজিব লাগিব। আহক আমি প্ৰতিটো মুহূৰ্ত এই শপতৰ আত্মাৰে ভৰাই লওঁ।

 

বন্ধুসকল,

বিকৃত ধাৰণা আৰু অশান্ত মানসিকতাৰ দ্বাৰা পৰিচালিত কিছুমান শক্তি ভাৰতৰ বৰ্ধিত শক্তি আৰু দেশৰ ভিতৰত ক্ৰমবৰ্ধমান ঐক্যৰ আৱেগক লৈ আতংকিত হৈ পৰিছে। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ব্যক্তিসকলে ভাৰতৰ অৰ্থনৈতিক স্বাৰ্থক লক্ষ্য কৰি অস্থিৰতা আৰু বিশৃংখলতা বিয়পোৱাৰ উদ্দেশ্যেৰে অৱতীৰ্ণ হৈছে। তেওঁলোকৰ লক্ষ্য হৈছে বিশ্ব বিনিয়োগকাৰীৰ আগত জাতিটোৰ নেতিবাচক ভাবমূৰ্তি প্ৰক্ষেপ কৰা। আনকি তেওঁলোকে ভুল তথ্য অভিযানৰ জৰিয়তে আমাৰ সশস্ত্ৰ বাহিনীক ক্ষতি কৰাৰ চেষ্টা কৰিছে, সামৰিক বাহিনীৰ ভিতৰত বিভাজন সৃষ্টি কৰিবলৈ বিচাৰিছে। দেশ আৰু সমুদায়ৰ বিষয়বোৰ শোষণ কৰি ভাৰতীয় সমাজৰ ঐক্য ভাঙি পেলাবলৈ চেষ্টা কৰি আহিছে। তেওঁলোকৰ চূড়ান্ত লক্ষ্য হৈছে ভাৰতক দুৰ্বল কৰা, কিয়নো এটা বিভক্ত আৰু দৰিদ্ৰ দেশৰ জনগণে তেওঁলোকৰ ৰাজনৈতিক মুনাফা লাভৰ বাট প্ৰশস্ত কৰে। দশক দশক ধৰি এই বিষাক্ত আৰু ক্ষতিকাৰক ৰাজনীতিয়ে আমাৰ জাতিটোক ভেঙুচালি কৰাৰ লক্ষ্য লৈ আহিছে। তেওঁলোকে সংবিধান আৰু গণতন্ত্ৰৰ মাজত থাকিও তেওঁলোকৰ কাৰ্য্যৰে জনসাধাৰণৰ মাজত খণ্ডিতকৰণত অৰিহণা যোগায়। নগৰীয়া নক্সালবাদীৰ এই মিত্ৰজোঁটক আমি চিনি পাব লাগিব আৰু তাৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব লাগিব— যিসকলে মিছা অভিনয়ৰ আঁৰত নিজৰ ধ্বংসাত্মক উদ্দেশ্য লুকুৱাই ৰাখি দেশখনক বিভাজিত কৰাৰ সপোন দেখে সেইবোৰ সমুলঞ্চে নাশ কৰিব লাগিব। জনজাতীয় যুৱক-যুৱতীক হিংসাৰে বিপথে পৰিচালিত কৰা পৰম্পৰাগত নক্সালবাদ নিশকতীয়া হোৱাৰ লগে লগে নগৰীয়া নক্সালবাদৰ এক নতুন ৰূপৰ উন্মেষ ঘটিছে।

বন্ধুসকল,

আজি ঐক্যৰ আলোচনাৰ কাৰ্য্যটোৱেই বিতৰ্কিত হৈ পৰিছে। স্কুল, কলেজ, ঘৰত আমি গৌৰৱেৰে একেলগে থকাৰ গীত গাইছিলোঁ। আমাৰ যিসকলৰ মনত আছে, তেওঁলোকে ৰং, ৰূপ আৰু ভাষাৰ পাৰ্থক্য যিয়েই নহওক কিয়, আমাৰ একতাক উদযাপন কৰা গীতৰ কথাবোৰ মনত পেলাব পাৰো। এই গীতবোৰ এসময়ত গৌৰৱৰ বিষয় আছিল যদিও এতিয়া, এনে গীত গাই চহৰীয়া নক্সাল গোটৰ ক্ষোভ আকৰ্ষণ কৰিব পাৰে। যদি কোনোবাই "ঐক্য মানে নিৰাপত্তা" বুলি দাবী কৰে তেন্তে তেওঁলোকৰ কথাবোৰ আমাৰ জাতিটোক বিভাজিত কৰিব বিচৰাসকলে নিজস্ব লাভালাভৰ দিশেৰে বিশ্লেষণ কৰিব আৰু ভুল ব্যাখ্যা কৰিব। আমাৰ সমাজখন ভাঙি পেলাব বিচৰাসকলে জাতীয় ঐক্যৰ প্ৰতি ভাবুকি অনুভৱ কৰে। গতিকে মোৰ দেশৰ সহনাগৰিকসকল, এই বিভাজনকাৰী শক্তি, ধাৰণা, মনোভাৱৰ বিৰুদ্ধে আমি আগৰ তুলনাত অধিক সজাগ হৈ থাকিব লাগিব।

 

বন্ধুসকল,

আমি চৰ্দাৰ চাহাবৰ আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছো, যিয়ে বিশ্বাস কৰিছিল যে ভাৰতৰ আটাইতকৈ ডাঙৰ আকাংক্ষা হ’ব লাগে এক সংযুক্ত আৰু সংযুক্ত শক্তি হিচাপে আত্মপ্ৰকাশ কৰা। আমি আমাৰ জাতিৰ বৈচিত্ৰ্যক আকোৱালি ল’ব লাগিব, কাৰণ আমাৰ পাৰ্থক্য উদযাপনৰ জৰিয়তেহে আমি আমাৰ ঐক্য শক্তিশালী কৰিব পাৰো। এই অভিযানৰ বাবে অহা ২৫ বছৰ অতি গুৰুত্বপূৰ্ণ, আৰু আমি ঐক্যৰ মন্ত্ৰৰ প্ৰতি আমাৰ দায়বদ্ধতাত অটল থাকিব লাগিব, প্ৰতিটো মোৰতে মিছা কথাৰ সন্মুখীন হ’ব লাগিব। আমাৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ বাবে আৰু ‘বিকশিত’ আৰু ‘সমৃদ্ধ’ ভাৰতৰ সৃষ্টিৰ বাবে এই ঐক্য অতি প্ৰয়োজনীয়। ই সামাজিক সম্প্ৰীতিৰ ভেটি হিচাপে কাম কৰে আৰু আমাৰ সমাজৰ ভিতৰত শান্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি আমি সঁচাকৈয়ে সামাজিক ন্যায়ৰ প্ৰতি দায়বদ্ধ, তেন্তে ঐক্যই হৈছে অপৰিহাৰ্য প্ৰথম পদক্ষেপ। ইয়াৰ অবিহনে আমি উন্নত সুবিধা বিকাশৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰো; চাকৰি সৃষ্টি আৰু বিনিয়োগ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত ঐক্যই মূল চাবিকাঠি। আহক, আমি একেলগে এক হৈ আগবাঢ়ি যাওঁ। আকৌ এবাৰ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আপোনালোক সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

মই ক’ম, চৰ্দাৰ চাহিব, আপোনালোকে ক’ব -- অমৰ ৰহে… অমৰ ৰহে!

চৰ্দাৰ চাহিব -- অমৰ ৰহে… অমৰ ৰহে!

চৰ্দাৰ চাহিব -- অমৰ ৰহে… অমৰ ৰহে!

চৰ্দাৰ চাহিব -- অমৰ ৰহে… অমৰ ৰহে!

চৰ্দাৰ চাহিব -- অমৰ ৰহে… অমৰ ৰহে!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'

Media Coverage

'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Saratchandra Chattopadhyay on his 150th birth anniversary
September 15, 2026

The Prime Minister, Shri Narendra Modi has paid homage to renowned Bengali writer Saratchandra Chattopadhyay on his 150th birth anniversary. Remembering the eminent writer, Shri Modi highlighted the enduring significance of his literary works, which have been translated into every Indian language and several foreign languages. He noted that Saratchandra Chattopadhyay’s writings provide an accurate and sensitive portrayal of 19th-century India, particularly Bengali society in rural areas.

The Prime Minister posted on X:

Homage to noted Bengali writer, the versatile Saratchandra Chattopadhyay on his 150th birth anniversary.

His works, translated into every Indian language and several foreign languages, are remembered for their accurate depiction of 19th century India, especially Bengali society in rural areas. Equally noteworthy was his commitment to social reform, women’s rights and nationalism.

I call upon more youngsters to read his writings in the times to come.

প্রখ্যাত বাঙালি লেখক, বহুমুখী প্রতিভার অধিকারী শরৎচন্দ্র চট্টোপাধ্যায়ের ১৫০তম জন্মবার্ষিকীতে জানাই বিনম্র শ্রদ্ধাঞ্জলি।

ভারতের সমস্ত ভাষায় এবং একাধিক আন্তর্জাতিক ভাষায় অনূদিত তাঁর সাহিত্যকর্মগুলি উনিশ শতকের ভারত, বিশেষ করে গ্রামীণ অঞ্চলের বাঙালি সমাজকে সঠিকভাবে চিত্রিত করার জন্য স্মরণীয় হয়ে রয়েছে। সামাজিক সংস্কার, নারী অধিকার এবং জাতীয়তাবাদের প্রতি তাঁর দায়বদ্ধতাও সমানভাবে স্মরণীয়।

আগামী দিনের তরুণ-তরুণীকে আমি আরও বেশি করে তাঁর রচনা পড়ার জন্য আহ্বান জানাচ্ছি।