“31 October has become a festival of spirit of nationalism in every corner of the country”
“15 August on Red Fort, 26 January Parade on Kartavya path and Ekta Diwas under Statue of Unity have become trinity of national upsurge”
“The Statue of Unity represents the ideals of Ek Bharat Shreshtha Bharat”
“India is moving forward with a pledge of abandoning the mentality of slavery”
“There is no objective beyond India's reach”
“Today, Ekta Nagar is recognized as a global green city”
“Today, the entire world acknowledges the unwavering determination of India, the courage and resilience of its people”
“The biggest obstacle in the way of national unity, in our development journey, is the politics of appeasement”
“We must persistently work towards upholding our nation's unity to realize the aspiration of a prosperous India”

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

আপোনালোক যুৱক-যুৱতী আৰু দুৰন্ত সাহসীসকলৰ এই উৎসাহ হৈছে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ এক বৃহৎ শক্তি। এক প্ৰকাৰে মই মোৰ সন্মুখত এখন ‘মিনি ইণ্ডিয়া’, ‘ক্ষুদ্ৰ ভাৰত’ৰ ৰূপ দেখিবলৈ পাইছো। ৰাজ্য পৃথক, ভাষা পৃথক, পৰম্পৰা পৃথক, কিন্তু ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তি একতাৰ এডাল শক্তিশালী সূতাৰে সংযুক্ত। ভবিলে বহুত যেন লাগে, মালা কিন্তু এডালেইহে। শৰীৰ বহুত, মন কিন্তু এটাহে। ঠিক যেনে দৰে ১৫ আগষ্ট আমাৰ ‘স্বাধীনতা’ উদযাপনৰ দিন, আৰু ২৬ জানুৱাৰী আমাৰ ‘গণৰাজ্য’ উদযাপনৰ দিন, ঠিক তেনেদৰেই ৩১ অক্টোবৰৰ এই দিনটো হৈছে দেশৰ প্ৰতিটো কোণত ‘জাতীয়তাবাদৰ সঞ্চাৰণৰ উৎসৱ’ উদযাপনৰ দিন হৈ উঠিছে।

 

১৫ আগষ্টত দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হোৱা অনুষ্ঠান, ২৬ জানুৱাৰীত দিল্লীৰ ‘কৰ্তব্য পথ’ত কুচকাৱাজ আৰু ৩১ অক্টোবৰত আই নৰ্মদাৰ পাৰত ‘ৰাষ্ট্ৰীয়একতা দিৱস’, ‘ষ্টেচ্যু অব ইউনিটী’ৰ সান্নিধ্যত ‘ৰাষ্ট্ৰীয় উত্থানৰ ত্ৰিশক্তি’ হৈ উঠিছে। আজি ইয়াত অনুষ্ঠিত হোৱা কুচকাৱাজ, উপস্থাপন কৰা কাৰ্যসূচীসমূহে সকলোকে অভিভূত কৰি তুলিছে। ‘একতা নগৰ’লৈ অহা সকলে কেৱল এই বিশাল মূৰ্তিটোৰ এক দৰ্শনেই লাভ নকৰে, তেওঁলোকে চৰ্দাৰ চাহাবৰ জীৱন, তেওঁৰ ত্যাগ আৰু ভাৰত গঢ়াত তেওঁৰ অৱদানৰ এক আভাসো লাভ কৰে। এই মূৰ্তিটোৰ নিৰ্মাণ গাঁথাতেই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনা প্ৰতিবিম্বিত হৈছে। ইয়াৰ নিৰ্মাণৰ বাবে দেশৰ প্ৰতিটো প্ৰান্তৰ কৃষকসকলে ‘লৌহ পুৰুষ’ৰ প্ৰতিমূৰ্তিৰ বাবে কৃষি সঁজুলি, লো প্ৰদান কৰিছিল। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা মাটি আনি ইয়াত ‘একতাৰ দেৱাল’ নিৰ্মাণ কৰা হৈছিল। এয়া কিমান ডাঙৰ অনুপ্ৰেৰণা আছিল। এই অনুপ্ৰেৰণাৰে অনুপ্ৰাণিত হৈ কোটি কোটি দেশবাসী এই কাৰ্যক্ৰমেৰে জড়িত হৈ আছে।

সমগ্ৰ দেশতে লাখ লাখ লোকে 'ৰান ফৰ ইউনিটী'ত অংশগ্ৰহণ কৰিছে। ‘একতাৰ দৌৰ’, লাখ লাখ লোক সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে ইয়াৰ অংশীদাৰ হৈছে। যেতিয়া আমি দেশত একতাৰ এই প্ৰবাহ প্ৰত্যক্ষ কৰো, যেতিয়া আমি ১৪০ কোটি ভাৰতীয়ৰ মাজত সংহতিৰ এই অনুভূতি দেখিবলৈ পাওঁ, তেতিয়া এনে লাগে যেন চৰ্দাৰ চাহাবৰ আদৰ্শই 'এক ভাৰত-শ্ৰেষ্ঠ ভাৰত'ৰ সংকল্প হৈ আমাৰ মাজত সঞ্চাৰিত হৈছে। এই পৱিত্ৰ অনুষ্ঠানত মই চৰ্দাৰ বল্লভভাই পেটেলৰ চৰণত প্ৰণিপাত কৰিছোঁ। ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উপলক্ষে মই সকলো দেশবাসীলৈ অনেক অনেক শুভকামনা জ্ঞাপন কৰিছোঁ।

মোৰ পৰিয়ালৰ সদস্যসকল,

আগন্তুক ২৫টা বছৰ হৈছে ভাৰতৰ বাবে এই শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ২৫ বছৰ। এই ২৫টা বছৰত আমি আমাৰ ভাৰতক সমৃদ্ধিশালী কৰি তুলিব লাগিব, আমি আমাৰ ভাৰতক উন্নত কৰিব লাগিব। যোৱা শতিকাত স্বাধীনতাৰ আগৰ ২৫টা বছৰ এনে এছোৱা সময় আছিল য'ত প্ৰতিগৰাকী দেশবাসীয়ে স্বাধীন ভাৰতৰ বাবে নিজকে উচৰ্গা কৰিছিল। এতিয়া, এক সমৃদ্ধ ভাৰতৰ বাবে, পৰৱৰ্তী ২৫টা বছৰৰ ‘অমৃত কাল’ আমাৰ সন্মুখলৈ এক সুযোগ হিচাপে আহিছে। আমি চৰ্দাৰ পেটেলৰ অনুপ্ৰেৰণাৰে প্ৰতিটো লক্ষ্যকে প্ৰাপ্ত কৰিব লাগিব।

 

আজি সমগ্ৰ বিশ্বই ভাৰতৰ ফালে চাই আছে। আজি ভাৰতে সফলতাৰ এক নতুন শীৰ্ষত আৰোহণ কৰিছে। ‘জি-২০’ত ভাৰতৰ সামৰ্থ্য দেখি বিশ্ব আচৰ্যচকিত হৈছে। আমি গৌৰৱান্বিত যে আমি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ বিশ্বাসযোগ্যতাক নতুন উচ্চতালৈ লৈ গৈছোঁ। আমি গৌৰৱান্বিত যে বহুতো গোলকীয় সংকটৰ মাজতো আমাৰ সীমা সুৰক্ষিত হৈ আছে। আমি গৌৰৱান্বিত যে অহা কেইবছৰমানৰ ভিতৰত আমি ‘বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি’ হ'বলৈ আগবাঢ়িছো। আমি গৌৰৱান্বিত যে আজি ‘ভাৰত চন্দ্ৰত উপনীত হৈছে’, য'ত বিশ্বৰ কোনো দেশেই উপনীত হ’বগৈ পৰা নাই। আমি গৌৰৱান্বিত যে আজি ভাৰতে ‘তেজছ’ যুঁজাৰু বিমানৰ পৰা ‘আইএনএছ বিক্ৰান্ত’লৈ নিজেই নিৰ্মাণ কৰিছে। আমি গৌৰৱান্বিত যে আজি ভাৰত, আমাৰ পেছাদাৰ সকলে বিশ্বৰ কোটি কোটি ডলাৰ মূল্যৰ কোম্পানীসমূহ চলাই আছে, নেতৃত্ব দি আছে। আমি গৌৰৱান্বিত যে আজি বিশ্বৰ ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহত ত্ৰিৰংগ পতাকাৰ মান নিৰন্তৰ বৃদ্ধি পাবলৈ ধৰিছে। আমি গৌৰৱান্বিত যে দেশৰ যুৱ-প্ৰজন্ম, ল’ৰা আৰু ছোৱালীহঁতে অভিলেখ সংখ্যাত পদক জিকিবলৈ লৈছে।

বন্ধুসকল,

এই ‘অমৃত কাল’ত, ভাৰতে দাসত্বৰ মানসিকতা ত্যাগ কৰি আগবাঢ়ি যোৱাৰ সংকল্প লৈছে। আমি বিকাশো কৰি আছো, আৰু আমাৰ ঐতিহ্যৰ সংৰক্ষণো কৰি আছো। ভাৰতে ইয়াৰ নৌসেনাৰ পতাকাৰ পৰা দাসত্বৰ চিহ্ন আঁতৰাই পেলাইছে। দাসত্বৰ যুগত প্ৰস্তুত কৰা অপ্ৰয়োজনীয় আইনসমূহো আঁতৰ কৰা হৈছে। ‘আইপিচি’-ৰ পৰিৱৰ্তে ‘ভাৰতীয় ন্যায় সংহিতা’ প্ৰৱৰ্তন কৰা হৈছে। ‘ইণ্ডিয়া গে’ট’ত, য'ত এসময়ত বিদেশী শক্তিৰ প্ৰতিনিধিৰ প্ৰতিমূৰ্তি আছিল, এতিয়া নেতাজী সুভাষৰ প্ৰতিমূৰ্তিয়ে আমাক অনুপ্ৰেৰণা যোগাবলৈ লৈছে।

বন্ধুসকল,

আজি এনে কোনো লক্ষ্য নাই যাক ভাৰতে প্ৰাপ্ত কৰিব নোৱাৰে। এনে কোনো সংকল্প নাই যিটো আমি ভাৰতীয়সকলে একেলগে মিলি পূৰণ কৰিব নোৱাৰো। যোৱা ৯টা বছৰত দেশখনে দেখিছে যে যেতিয়া সকলোৱে প্ৰয়াস কৰে, তেতিয়া অসম্ভৱ বুলি একোৱেই নাথাকে। কোনে ভাবিছিল যে কাশ্মীৰ কেতিয়াবা ‘অনুচ্ছেদ ৩৭০’ৰ পৰা মুক্ত হ'ব পাৰিব? কিন্তু আজি কাশ্মীৰ আৰু দেশৰ মাজৰ ‘অনুচ্ছেদ ৩৭০’ৰ সেই দেৱালখন ঢলি পৰিছে। চৰ্দাৰ চাহাব য'তেই নাথাকক, তেওঁ আমাৰ সকলোতকৈ অধিক প্ৰসন্ন অনুভৱ কৰিলেহেঁতেন আৰু আমাৰ সকলোকে আশীৰ্বাদ প্ৰদান কৰিলেহেঁতেন। আজি কাশ্মীৰৰ মোৰ ভাই-ভনীসকলে সন্ত্ৰাসবাদৰ ছাঁৰ পৰা ওলাই আহি মুকলি বতাহত উশাহ লৈছেহি আৰু দেশৰ উন্নয়নত খোজত খোজ মিলাই আগবাঢ়িছে। ইয়াতো, মোৰ এফালে থকা ‘চৰ্দাৰ সৰোবৰ বান্ধ’টোও বিগত ৫-৬ দশক ধৰি ওলমি আছিল। সকলোৰে প্ৰয়াসেৰে, যোৱা কেইবছৰমানতে এই বান্ধটোৰ কামো সম্পূৰ্ণ হৈছে।

বন্ধুসকল,

আমাৰ এই ‘একতা নগৰ’খনো সংকল্পৰ পৰা সিদ্ধিৰ এক উৎকৃষ্ট উদাহৰণ। কেৱাড়িয়াখন ইমানকৈ সলনি হ'ব বুলি আজিৰ পৰা ১০-১৫ বছৰৰ আগলৈকে কোনেও কল্পনা কৰা নাছিল। আজি ‘একতা নগৰ’ক ‘গোলকীয় সেউজ নগৰ’ হিচাপে স্বীকৃতি দিয়া হৈছে। এইখনেই হৈছে সেইখন নগৰ, য’ত বিশ্বৰ দেশসমূহৰ দৃষ্টি আকৰ্ষণ কৰা ‘মিছন লাইফ’-ৰ শুভাৰম্ভ হৈছিল। যেতিয়াই মই ইয়ালৈ আহো, প্ৰতিবাৰেই ইয়াৰ আকৰ্ষণ আগতকৈয়ো বঢ়াহে দেখিবলৈ পাওঁ। ‘ৰিভাৰ ৰাফ্টিং’, ‘একতা ক্ৰুজ’, ‘একতা নাৰ্চাৰী’, ‘একতা মল’, ‘আৰোগ্য বন’, ‘কেকটাছ আৰু বাটাৰফ্লাই গাৰ্ডেন’, ‘জংঘল ছাফাৰী’, ‘মিয়াৱাকি ফৰেষ্ট’, ‘টেবল গাৰ্ডেন’-য়ে ইয়ালৈ যথেষ্ট সংখ্যক পৰ্যটকক আকৰ্ষিত কৰিছে। যোৱা ৬ মাহত ইয়াত ডেৰ লাখৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। ‘একতা নগৰ’ ‘সৌৰ শক্তি উৎপাদন’ আৰু ‘মহানগৰ গেছ বিতৰণ’ৰ ক্ষেত্ৰতো আগবাঢ়ি আছে।

 

আজি, ইয়াত এখন বিশেষ ঐতিহ্যবাহী ৰে’লৰ এক নতুন আকৰ্ষণো সংযুক্ত কৰা হ'ব। ‘একতা নগৰ ষ্টেশ্যন’ আৰু আহমেদাবাদৰ মাজত চলি থকা এই ৰে’লখনত আমাৰ ঐতিহ্যৰ আভাসৰ লগতে আধুনিক সা-সুবিধাসমূহৰো এক আভাস সংযুক্ত কৰা হৈছে। ইয়াৰ ইঞ্জিনটোক এটা ভাপ ইঞ্জিনৰ ৰূপত সজাই তোলা হৈছে, কিন্তু ই বিদ্যুতৰেই চলিব। ‘একতা নগৰ’ত পৰিৱেশ-অনুকূল পৰিবহনৰ ব্যৱস্থাও কৰা হৈছে। এতিয়া পৰ্যটকসকলে ‘ই-বাছ’, ‘ই-গল্ফ ক’ৰ্ট’ আৰু ‘ই-চাইকেল’ৰে ‘ৰাজহুৱা বাইক শ্বেয়াৰিং প্ৰণালী’ৰ সুবিধাও লাভ কৰিব। যোৱা ৫টা বছৰত, ১.৫ কোটিতকৈয়ো অধিক পৰ্যটক ইয়ালৈ আহিছে আৰু এই সংখ্যা নিৰন্তৰ বৃদ্ধি হৈ আছে। আমাৰ জনজাতীয় ভাই-ভনীসকল ইয়াৰ পৰা যথেষ্ট লাভান্বিত হৈছে, তেওঁলোকে নিযুক্তিৰ নতুন সাধন লাভ কৰিছে।

 

বন্ধুসকল,

 

আজি সমগ্ৰ বিশ্বই ভাৰতৰ সংকল্প, ভাৰতৰ জনসাধাৰণৰ পুৰুষত্ব আৰু তীব্ৰতা, সন্মান আৰু আত্মবিশ্বাসেৰে ভাৰতীয় জনশক্তিৰ জীৱনীশক্তি, ভাৰতৰ অবিশ্বাস্য, অতুলনীয় যাত্ৰা আজি সকলোৰে বাবে অনুপ্ৰেৰণাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে।

 

কিন্তু, মোৰ প্ৰিয় দেশবাসী,

 

আমি কিছুমান কথা কেতিয়াও পাহৰিব নালাগিব, আমি সেইবোৰ কথা চিৰদিনলৈ মনত ৰাখিব লাগিব। আজি ‘ৰাষ্ট্ৰীয় একতা দিৱস’ত মই প্ৰতিগৰাকী দেশবাসীৰ সন্মুখত এই সন্দৰ্ভত মোৰ ভাব প্ৰকাশ কৰিব বিচাৰিছোঁ। আজি গোটেই পৃথিৱীতে অস্থিৰতাই বিৰাজ কৰি আছে। ক’ৰোনাৰ পৰৱৰ্তি সময়ত বহুতো দেশৰ অৰ্থনীতিৰ অৱস্থা শোচনীয় হৈ পৰিছে, অতিকে বেয়া অৱস্থা হৈছে। বহুতো দেশে আজিৰ তাৰিখত ৩০-৪০ বছৰৰ ভিতৰতে সৰ্বাধিক মুদ্ৰাস্ফীতিৰ সৈতে যুঁজিবলগীয়া হৈছে। সেই দেশবোৰত নিবনুৱা সমস্যা সমস্যাৰ বৃদ্ধি অব্যাহত আছে। এনে পৰিস্থিতিতো ভাৰতে বিশ্বত নিজৰ গৌৰৱ-ধ্বজা উৰুৱাই আছে। আমি এটাৰ পিছত এটা প্ৰত্যাহ্বান অতিক্ৰম কৰি নিৰন্তৰ আগবাঢ়ি আছোঁ। আমি নতুন অভিলেখ স্থাপন কৰিছোঁ, আমি নতুন পৰিমাপকো সৃষ্টি কৰিছোঁ। বিগত ৯টা বছৰত দেশখনে যি নীতি আৰু সিদ্ধান্তৰ সৈতে আগবাঢ়িছে তাৰ প্ৰভাৱ আজি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে। ভাৰতত দৰিদ্ৰতা হ্ৰাস পাইছে। ৫ বছৰত ১৩.৫ কোটিৰো অধিক লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা ওলাই আহিছে। আমি আত্মবিশ্বাস লাভ কৰিছোঁ যে আমি দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰিব পাৰোঁ। আৰু আমি এই দিশত আগবাঢ়ি গৈ থাকিব লাগিব। আৰু সেইকাৰণে এইছোৱা সময় প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। দেশৰ স্থিৰতাৰ ক্ষতি কৰিব পৰা কোনো কামেকে কোনেও কৰিব নালাগিব। আমাৰ পদক্ষেপবোৰ বিপথগামী হ’লে, আমিও লক্ষ্যৰ পৰা বিচ্যুত হ'ম। ১৪০ কোটি ভাৰতীয়ই যি কঠোৰ পৰিশ্ৰমেৰে দেশখনক উন্নয়নৰ পথলৈ লৈ আহিছে, সেয়া কেতিয়াও বৃথা হ’বলৈ দিয়া উচিত নহয়। আমি ভৱিষ্যতৰ কথা মনত ৰাখিব লাগিব, আৰু আমাৰ সংকল্পত দৃঢ় হৈ থাকিব লাগিব।

 

মোৰ দেশবাসী,

 

দেশৰ প্ৰথম গৃহমন্ত্ৰী হোৱাৰ বাবেই চৰ্দাৰ পেটেল দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত অতিকে কঠোৰ আছিল। যোৱা ৯টা বছৰে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক বিভিন্ন দিশৰে প্ৰত্যাহ্বান জনোৱা হৈছে। কিন্তু আমাৰ নিৰাপত্তা বাহিনীয়ে দিন-ৰাতিয়ে কৰা কঠোৰ পৰিশ্ৰমৰ বাবেই দেশৰ শত্ৰুবোৰে কৰা যড়যন্ত্ৰত আগৰ দৰে সফল হ'ব পৰা নাই। মানুহে এতিয়াও সেই সময়বোৰ পাহৰি যোৱা নাই যেতিয়া জনবহুল ঠাইলৈ যোৱাৰ আগতে মনটো সন্দেহৰে ভৰি উঠিছিল। উৎসৱৰ ভিৰ, বজাৰ, ৰাজহুৱা স্থান অথবা অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰ বিন্দু যি আছিল তাক লক্ষ্য কৰি দেশৰ উন্নয়ন বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছিল। বিস্ফোৰণৰ পিছত মানুহে ধ্বংসযজ্ঞ, বোমা বিস্ফোৰণৰ ফলত হোৱা ধ্বংসযজ্ঞ দেখিবলৈ পাইছিল। তাৰ পিছত, অনুসন্ধানৰ নামত আমি সেই সময়ৰ চৰকাৰবোৰৰ অলসতাও দেখিবলৈ পাইছোঁ। আপুনি দেশক সেই পৰ্যায়লৈ ঘূৰি যাবলৈ দিব নালাগিব, আমি আমাৰ শক্তিৰে ইয়াক প্ৰতিহত কৰি থাকিব লাগিব। যিসকলে দেশৰ একতাৰ ওপৰত আক্ৰমণ কৰি আছে, আমি সকলো দেশবাসীয়ে সেই শক্তিসমূহক জানিব লাগিব, চিনি পাব লাগিব, বুজিব লাগিব আৰু সেইবোৰ শক্তিৰ পৰা সতৰ্ক হৈ থাকিব লাগিব।

 

বন্ধুসকল,

 

দেশৰ একতাৰ পথত, আমাৰ উন্নয়নী যাত্ৰাত আটাইতকৈ ডাঙৰ বাধা হৈছে তোষণৰ ৰাজনীতি। ভাৰতৰ বিগত দশকবোৰ এই সত্যৰ সাক্ষী হৈ আহিছে যে তোষণকাৰীহঁতে কেতিয়াও সন্ত্ৰাসবাদ, ইয়াৰ ভয়াবহতা, ইয়াৰ হিংস্ৰতা দেখা নাপায়। তোষণকাৰীহঁতে মানৱতাৰ শত্ৰুৰ সৈতে থিয় হ'বলৈকো সংকোচ নকৰে। সিহঁতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তদন্ত কৰাৰ নামত ভেকোভাওনাহে কৰে, সিহঁতে দেশ বিৰোধী উপাদানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা আঁতৰিহে থাকে। তোষণকাৰীৰ এই ভাৱনা ইমানেই বিপদজনক যে ই সন্ত্ৰাসবাদীক বচাবলৈ আদালত পৰ্যন্ত যাবলৈকো কুণ্ঠাবোধ নকৰে। এনে ধৰণৰ চিন্তাই কোনো সমাজৰে কোনো মঙ্গল সাধন কৰিব নোৱাৰে। ইয়াৰ পৰা কেতিয়াও দেশৰ মঙ্গল হ’ব নোৱাৰে। একতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এনে চিন্তাধাৰাৰ পৰা প্ৰতিটো মুহূৰ্ততে, সকলো সময়তে, দেশৰ প্ৰতিটো কোণত, প্ৰতিগৰাকী দেশবাসী সাৱধানে থাকিব লাগিব।

 

মোৰ প্ৰিয় দেশবাসী,

 

দেশত এই মুহূৰ্তত নিৰ্বাচনৰ বাতাবৰণ গঢ়ি উঠিছে। ৰাজ্যসমূহত নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে আৰু অহাটো বছৰত লোকসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব। আপোনালোকে নিশ্চয় দেখিছে যে দেশত এটা বৃহৎ ৰাজনৈতিক শাখা আছে যিয়ে ইতিবাচক ৰাজনীতিৰ কোনো উৱা-দিহ নাপায়। দুৰ্ভাগ্যবশতঃ, এই ৰাজনৈতিক গোটে এনে কৌশল গ্ৰহণ কৰিছে, যিবোৰ হৈছে সমাজ আৰু দেশৰ পৰিপন্থী। এই শাখাটোৱে নিজৰ স্বাৰ্থৰ বাবে যদি দেশৰ একতাও ভংগ হয়, তেতিয়াও কিন্তু তেওঁলোকৰ বাবে, তেওঁলোকৰ স্বাৰ্থহে সৰ্বোপৰি হয়। সেয়েহে, এই প্ৰত্যাহ্বানসমূহৰ মাজত, আপোনালোক মোৰ দেশবাসী, জনতা-জনাৰ্দ্দন, আপোনালোকৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ হৈ উঠিছে। এই লোকসকলে দেশৰ একতাক আঘাত কৰি তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব বিচাৰে। দেশে এওঁলোকৰ পৰা সতৰ্ক হৈ থাকিলেহে উন্নয়নৰ লক্ষ্যসমূহ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। উন্নত ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে দেশৰ একতা বজাই ৰাখিবলৈ আমি আমাৰ প্ৰয়াস এক মুহূৰ্তৰ বাবেও এৰিব নালাগিব, এখোজো পিছ পৰি থাকিব নালাগিব। আমি নিৰন্তৰ একতাৰ মন্ত্ৰ আওৰাই জীয়াই থাকিব লাগিব। একতাক  বাস্তৱায়িত কৰিবলৈ আমি আমাৰ অৱদান নিৰন্তৰ আগবঢ়াব লাগিব। আমি যি ক্ষেত্ৰৰেই নহওঁ কিয়, আমি সেই ক্ষেত্ৰতে আমাৰ ১০০ শতাংশ উচৰ্গা কৰিব লাগিব। আগন্তুক প্ৰজন্মক এক উন্নত ভৱিষ্যত প্ৰদান কৰাৰ বাবে এয়াই হৈছে সৰ্বশ্ৰেষ্ঠ উপায়। আৰু চৰ্দাৰ চাহাবেও আমাৰ সকলোৰে পৰা এইটোকে আশা কৰে।

 

বন্ধুসকল,

 

চৰ্দাৰ চাহাবৰ সৈতে সম্পৰ্কিত এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাও আজিৰ পৰা ‘মাইগভ’-ত আৰম্ভ হৈছে। ‘চৰ্দাৰ চাহাব কুইজ’ৰ জৰিয়তে দেশৰ যুৱপ্ৰজন্মই তেওঁক জানিবলৈ আৰু এটা সুযোগ পাব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

আজিৰ ভাৰত এখন নতুন ভাৰত। আজিৰ প্ৰতিগৰাকী ভাৰতীয়ই অপৰিসীম আত্মবিশ্বাসেৰে পৰিপূৰ্ণ। আমি নিশ্চিত কৰিব লাগিব যে এই আত্মবিশ্বাস বৰ্তিও থাকিব আৰু দেশখনো আগবাঢ়ি গৈ থাকিব। এই চিন্তা অব্যাহত থাকক। এই মহিমা অব্যাহত থাকক। এই কামনাৰেই মই আকৌ এবাৰ ১৪০ কোটি দেশবাসীৰ হৈ সন্মানীয় চৰ্দাৰ পেটেললৈ মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আমি সকলোৱে ৰাষ্ট্ৰীয় একতাৰ এই ৰাষ্ট্ৰীয় উৎসৱটো সম্পূৰ্ণ উৎসাহেৰে উদযাপন কৰোঁ আহক। জীৱনত একতাৰ মন্ত্ৰ আওৰাই জীয়াই থকাৰ অভ্যাস কৰক, জীৱনৰ প্ৰতিটো মুহূৰ্ত একতাৰ বাবে উৎসৰ্গা কৰক। এই কামনাৰে, আপোনালোক সকলোলৈকে আকৌ এবাৰ বহুত অভিনন্দন জনাইছোঁ।

 

ভাৰত মাতৃ কী জয়!

ভাৰত মাতৃ কী জয়!

ভাৰত মাতৃ কী জয়!

 

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM SVANidhi Yojana: How UP became India's top state for street vendor loans

Media Coverage

PM SVANidhi Yojana: How UP became India's top state for street vendor loans
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses sadness over the passing of Shri Jaspal Rana Ji
June 12, 2026

Prime Minister Shri Narendra Modi today expressed deep sadness over the passing of Shri Jaspal Rana Ji. The Prime Minister noted that his passing is a profound loss to the world of Indian sports.

Shri Modi stated that he brought immense glory to the nation through his extraordinary achievements in shooting. The Prime Minister pointed out that his contribution as a mentor, shaping and guiding young athletes with great dedication, was equally remarkable. He observed that his unwavering commitment to excellence, discipline, and service to the sporting world earned him immense admiration.

The Prime Minister affirmed that his thoughts are with his family, friends, and the entire sporting fraternity in this hour of grief.

The Prime Minister posted on X:

"Deeply saddened by the passing of Shri Jaspal Rana Ji. His passing is a profound loss to the world of Indian sports.

He brought immense glory to the nation through his extraordinary achievements in shooting. Equally remarkable was his contribution as a mentor, shaping and guiding young athletes with great dedication. His unwavering commitment to excellence, discipline and service to the sporting world earned him immense admiration.

My thoughts are with his family, friends and the entire sporting fraternity in this hour of grief. Om Shanti."