“NCC highlights the idea of Ek Bharat Shreshtha Bharat”
“75th Republic Day parade on Kartavya Path was dedicated to 'Nari Shakti'”
“The world is watching how India's 'Nari Shakti' are proving their mettle in every field”
“We have opened up opportunities for daughters in sectors where their entry was previously restricted or limited”
“Today, be it start-ups or self-help groups, women are leaving their mark in every field”
“When the country gives equal opportunity to the talent of sons and daughters, its talent pool becomes enormous”
"In the past 10 years, India's digital economy has become a new source of strength for our youth"
“Developed India will fulfill the dreams of our youth”

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!

এনচিচিৰ এজন প্ৰাক্তন কেডেট হোৱাৰ বাবে যেতিয়াই মই আপোনালোকৰ মাজলৈ আহোঁ, তেতিয়াই বহু পুৰণি স্মৃতিয়ে দোলা দিয়েহি। যেতিয়াই এনচিচিৰ কেডেটসকলৰ মাজলৈ আহিছোঁ, তেতিয়াই প্ৰথমে দেখা পাওঁ ‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ৰ প্ৰতিফলন। আপোনালোক সকলোৱে দেশৰ ভিন্ন কোণৰপৰা ইয়ালৈ আহিছে। আৰু মই আনন্দিত যে বছৰ-বছৰ ধৰি এনচিচিৰ ৰেলীৰ পৰিসৰ অহৰহ বৃদ্ধি পাই আহিছে। আৰু এইবাৰ, আৰু এটা নতুন আৰম্ভণি। আজি আমাৰ মাজত দেশৰ সীমান্তৱৰ্তী গাঁৱৰ ৪০০ ৰোধিক পঞ্চায়ত প্ৰধান (sarpanches) আহিছে। যি সমূহ গাঁৱক চৰকাৰে ভাইব্ৰেন্ট ভিলেজ হিচাপে গঢ়ি তুলিছে। ইয়াৰ উপৰিও, দেশৰ ভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটসমূহক প্ৰতিনিধিত্ব কৰা ১০০ ৰোধিক ভগ্নীও আছে। আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ।

বন্ধুসকল,

এনচিচিৰ এই সমাৱেশে "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ"ৰ উদ্দীপনাক নিৰন্তৰভাৱে সুদৃঢ় কৰি তুলিছে। ২০১৪ত ১০ খন দেশৰ কেডেটসকলে এই ৰেলীত অংশগ্ৰহণ কৰিছিল। আজি ইয়াত ২৪ খন বন্ধুত্বপূৰ্ণ দেশৰ কেডেট উপস্থিত আছে। আপোনালোক সকলোকে আৰু বিশেষকৈ বহিঃৰাষ্ট্ৰৰপৰা অহা যুৱ কেডেটসকলক মই উষ্ম আদৰণি জনাইছোঁ।

 

মোৰ ডেকা বন্ধু-বান্ধৱীসকল,

এইবাৰ দেশত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। এই ঐতিহাসিক মাইলৰ খুঁটি মূহূৰ্তক ৰাষ্ট্ৰখনৰ ‘নাৰী শক্তি’ (women power)ৰ প্ৰতি উৎসৰ্গা কৰা হৈছে। কালি আমি কৰ্তব্য পথত দেখিলোঁ যে এইবাৰৰ অনুষ্ঠান মহিলা শক্তিৰ বাবে উৎসৰ্গিত। ভাৰতীয় কন্যাই কিমান উৎকৃষ্ট কাম কৰি আছে, আমি বিশ্ববাসীক দেখুৱালোঁ। ভাৰতীয় কন্যাই কেনেদৰে প্ৰতিটো খণ্ডতে নতুন মানদণ্ড নিৰ্ধাৰণ কৰি আছে, আমি বিশ্ববাসীক দেখুৱালোঁ। ইয়াৰ উপৰিও ইমান বৃহৎ সংখ্যক মহিলা দলে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিছে। আপোনালোক সকলোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। আজি ইয়াৰ বহু কেডেটেও বঁটা লাভ কৰিছে। ভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো কেডেটকে অভিনন্দন জনাইছোঁ।

মোৰ ডেকা বন্ধু-বান্ধৱীসকল,

এসময়ত কন্যাৰ অংশগ্ৰহণ কেৱল সাংস্কৃতিক অনুষ্ঠানতে সীমাবদ্ধ আছিল। আজি বিশ্বই প্ৰত্যক্ষ কৰিছে ভাৰতীয় কন্যাই কেনেকৈ স্থল, সাগৰ, আকাশ, মহাকাশত পাৰদৰ্শিতা দেখুৱাইছে। ইয়াৰ আভাস কালি কৰ্তব্য পথত দেখা গ’ল। কালি বিশ্বই যি দেখিলে, সেয়া হঠাতে হোৱা নাছিল। যোৱা ১০ বছৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ফল।

ভাৰতীয় পৰম্পৰাত নাৰীক সদায় ‘শক্তি’ (power) হিচাপে দেখা গৈছে। ভাৰতৰ মাটিত ৰাণী লক্ষ্মীবাই, ৰাণী চেন্নম্মা, ভেলু নাচিয়াৰৰ দৰে সাহসী নাৰী আছে। স্বাধীনতাৰ যুঁজৰ সময়ত কেইবাগৰাকীও মহিলা বিপ্লৱীয়ে ব্ৰিটিছক পৰাস্ত কৰিছিল। বিগত ১০ বছৰত আমাৰ চৰকাৰে ধাৰাবাহিকভাৱে ‘নাৰী শক্তি’ক সৱল কৰি আহিছে। আগতে, বিভিন্ন খণ্ডত কন্যাৰ বাবে প্ৰৱেশ বন্ধ বা সীমিত হৈ থকা সকলো বাধা আমি আঁতৰ কৰিছোঁ। আমি তিনিওটা সশস্ত্ৰ বাহিনীৰ ফ্ৰন্টলাইন কন্যাৰ বাবে মুকলি কৰি দিছোঁ। আজি মহিলা বিষয়াক সশস্ত্ৰ বাহিনীত স্থায়ী কমিচন দিয়া হৈছে। তিনিওটা বাহিনীতে কন্যাসকলক কমাণ্ড ৰ’ল আৰু কম্বেট পজিচনত ৰাখি এভিনিউ মুকলি কৰা হৈছে। আজি আপোনাসৱে দেখিছে, অগ্নিবীৰৰপৰা যুঁজাৰু পাইলটলৈ কন্যাৰ অংশগ্ৰহণ যথেষ্ট বৃদ্ধি পাইছে। পূৰ্বে কন্যাক সামৰিক বিদ্যালয়ত পঢ়িবলৈ দিয়া হোৱা নাছিল। এতিয়া সমগ্ৰ দেশৰ বহু মিলিটাৰী স্কুলত কন্যা সন্তানে পঢ়া-শুনা কৰি আছে। কেন্দ্ৰীয় নিৰাপত্তা বাহিনীত মহিলা জোৱানৰ সংখ্যা বিগত ১০ বছৰত দুগুণৰো অধিক বৃদ্ধি পাইছে। ৰাজ্যৰ আৰক্ষী বাহিনীত মহিলা বাহিনীৰ সংখ্যা বৃদ্ধিৰ বাবেও ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে।

 

আৰু বন্ধু-বান্ধৱীসকল,

কন্যাই যেতিয়া এনে বৃত্তিত প্ৰৱেশ কৰে, তেতিয়া সমাজৰ মানসিকতাতো ইয়াৰ প্ৰভাৱ পৰে। মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ হ্ৰাসত সহায় কৰে।

মোৰ ডেকা বন্ধু-বান্ধৱীসকল,

সমাজৰ আন-আন খণ্ডতো কন্যাৰ অংশগ্ৰহণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। গাঁৱত বেংকিঙেই হওঁক, বীমাই হওঁক, ইয়াৰ লগত জড়িত সেৱাই হওঁক, আমাৰ ছোৱালীৰ বৃহৎ সংখ্যক জড়িত হৈ আছে। আজি ষ্টাৰ্ট আপেই হওঁক বা আত্মসহায়ক গোটেই হওঁক, কন্যা সন্তানে প্ৰতিটো ক্ষেত্ৰতে নিজৰ নাম উজলাইছে।

ডেকা বন্ধু-বান্ধৱীসকল,

যেতিয়া দেশে পুত্ৰ-কন্যা উভয়ৰে প্ৰতিভাৰ সমান সুযোগ প্ৰদান কৰে, তেতিয়া ইয়াৰ প্ৰতিভাৰ পুল যথেষ্ট বৃহৎ হৈ পৰে। ‘বিকশিত ভাৰত’ (Developed India) গঢ়াৰ ক্ষেত্ৰত এয়াই সৰ্বাধিক শক্তি। আজি সমগ্ৰ বিশ্বৰ শক্তি ভাৰতৰ এই প্ৰতিভা পুলত নিহিত হৈ আছে। আজি সমগ্ৰ বিশ্বই ভাৰতক ‘বিশ্ব মিত্ৰ’ (global friend) হিচাপে চাইছে। ভাৰতৰ পাছপ’ৰ্টৰ শক্তি যথেষ্ট বৃদ্ধি পাইছে। ই আপোনাৰ দৰে যুৱ বন্ধুসকলক, আপোনালোকৰ কেৰিয়াৰত বহুলাংশে উপকৃত কৰিছে। বিশ্বৰ বহু দেশে এতিয়া ভাৰতীয় যুৱক-যুৱতীসকলৰ প্ৰতিভাক এক সুযোগ হিচাপে লৈছে।

 

ডেকা বন্ধু-বান্ধৱীসকল,

মই প্ৰায়েই এটা কথা কওঁ: এই ‘অমৃত কাল’ত আমি আছোঁ, অহা ২৫ বছৰত আমি যি ‘বিকশিত ভাৰত’ৰ বাবে কাম কৰিম, ইয়াৰ হিতাধিকাৰী মোদী নহয়। মূল হিতাধিকাৰী মোৰ দেশৰ আপোনালোকৰ দৰে যুৱক-যুৱতী। হিতাধিকাৰী হ’ল সেইসকল ছাত্ৰ, যিসকল এতিয়াও স্কুল, কলেজ, বিশ্ববিদ্যালয়ত আছে। ‘বিকশিত ভাৰত’ৰ কেৰিয়াৰ পৰিক্ৰমা আৰু ভাৰতৰ যুৱক-যুৱতী, একেলগে ওপৰলৈ গতি কৰিব। গতিকে আপোনালোক সকলোৱে কঠোৰ পৰিশ্ৰম কৰি এক মুহূৰ্তও অপ-ব্যৱহাৰ নকৰিব। বিগত ১০ বছৰত দক্ষতা বিকাশেই হওঁক, কৰ্মসংস্থাপনেই হওঁক বা স্ব-নিয়োগেই হওঁক, প্ৰতিটো খণ্ডতে ব্যাপক কাম কৰা হৈছে। যুৱক-যুৱতীসকলৰ প্ৰতিভা আৰু দক্ষতাক সৰ্বাধিক ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে। নতুন শতিকাৰ নতুন প্ৰত্যাহ্বানৰ বাবে আপোনালোকক প্ৰস্তুত কৰিবলৈ এখন নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন কৰা হৈছে। আজি পিএম শ্ৰী স্কুল কেম্পেইনৰ অধীনত সমগ্ৰ দেশৰ হাজাৰ-হাজাৰ বিদ্যালয়ক স্মাৰ্ট কৰি তোলা হৈছে। যোৱা দশকত পেছাদাৰী শিক্ষাৰ সৈতে জড়িত কলেজ, বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান আদিৰ অভূতপূৰ্ব বৃদ্ধি হৈছে। বিগত ১০ বছৰত ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ গোলকীয় ৰেংকিঙতো যথেষ্ট উন্নতি হৈছে। ভাৰতত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা অভিলেখ সংখ্যকভাৱে বৃদ্ধি পাইছে, চিকিৎসাৰ আসনো যথেষ্ট বৃদ্ধি পাইছে। কেইবাখনো ৰাজ্যত নতুনকৈ আইআইটি আৰু এইমছ স্থাপন কৰা হৈছে। প্ৰতিৰক্ষা, মহাকাশ, মেপিং আদি খণ্ড চৰকাৰে যুৱ প্ৰতিভাৰ বাবে মুকলি কৰিছে। গৱেষণাৰ প্ৰসাৰৰ বাবেও নতুন আইন প্ৰণয়ন কৰা হৈছে। এই সকলোবোৰ প্ৰচেষ্টা আপোনালোকৰ বাবে, মোৰ ডেকা বন্ধুসকল, ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে।

 

বন্ধু-বান্ধৱীসকল,

আপোনালোকে প্ৰায়ে মোক ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ কথা কোৱা দেখিছে। এই দুয়োটা অভিযান আপোনালোকৰ দৰে যুৱক-যুৱতীসকলৰ বাবেও। এই দুয়োটা অভিযানে ভাৰতৰ যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ নতুন সুযোগ প্ৰদান কৰিছে। বিগত ১০ বছৰত চৰকাৰৰ প্ৰচেষ্টাত ভাৰতৰ ডিজিটেল অৰ্থনীতি আমাৰ যুৱ শক্তিৰ এক নতুন শক্তি, আমাৰ যুৱ শক্তিৰ এক নতুন পৰিচয় হৈ পৰিব। এটা দশকৰ আগতে ভাৰততো যে আগশাৰীৰ ডিজিটেল অৰ্থনীতি হ’ব পাৰে বুলি ভবাটোও কঠিন আছিল। স্বাভাৱিক কথা-বতৰাত ‘ষ্টাৰ্ট-আপ’ শব্দটোও নাছিল। আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ ইক’চিষ্টেম হিচাপে পৰিগণিত হৈছে। আজি প্ৰতিটো শিশুৱে ষ্টাৰ্ট-আপ আৰু ইউনিকৰ্ণৰ কথা কয়। আজি ভাৰতত ১.২৫ লাখৰো অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্ট-আপ আৰু ১০০ ৰো অধিক ইউনিকৰ্ণ আছে। লাখ-লাখ যুৱক-যুৱতীয়ে এই ষ্টাৰ্ট-আপসমূহত মানসম্পন্ন কাম কৰি আছে। আনকি এই ষ্টাৰ্ট-আপসমূহৰো বেছিভাগেই ডিজিটেল ইণ্ডিয়াৰপৰা প্ৰত্যক্ষভাৱে লাভৱান হৈছে। এটা দশক আগতে, য’ত আমি কেৱল ২জি-৩জিৰ বাবে সংগ্ৰাম কৰি আছিলোঁ, আজি ৫জি প্ৰতিখন গাঁৱত উপনীত হৈছে। প্ৰতিখন গাঁৱলৈ গৈছে অপ্টিকেল ফাইবাৰ।

 

বন্ধু-বান্ধৱীসকল,

আমি যেতিয়া আমাৰ বেছিভাগ ম’বাইল ফোন বহিঃৰাষ্ট্ৰৰপৰা আমদানি কৰিছিলোঁ, তেতিয়া ইমানেই দামী আছিল যে সেই সময়ত বেছিভাগ যুৱক-যুৱতীৰ কিনিবলৈ সামৰ্থ্য নাছিল। আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল ফোন নিৰ্মাতা আৰু দ্বিতীয় বৃহত্তম ৰপ্তানিকাৰী দেশ। ইয়াৰ ফলত, আপোনালোকৰ বাবে ম’বাইল ফোনৰ দাম সস্তা হৈছে। কিন্তু, আপোনাসৱে এইটোও জানে যে ডাটা অবিহনে ফোন এটাৰ গুৰুত্ব একোৱেই নাই। আমি নীতি প্ৰণয়ন কৰিছোঁ যাতে আজি ভাৰত বিশ্বৰ ভিতৰতে সস্তীয়া ডাটা প্ৰদান কৰা দেশসমূহৰ অন্যতম হৈ উঠে।

বন্ধু-বান্ধৱীসকল,

আজি দেশত ই-কমাৰ্চ, অনলাইন শ্বপিং, হ’ম ডেলিভাৰী, অনলাইন শিক্ষা, দূৰৱৰ্তী স্বাস্থ্যসেৱাৰ বৰ্ধন ঘটিছে। বিগত ১০ বছৰত ভাৰতত হোৱা ডিজিটেল বিপ্লৱৰপৰা যুৱ সৃষ্টিশীলতা সৰ্বাধিক লাভৱান হৈছে। চাওঁকচোন, আজি ভাৰতত ডিজিটেল কন্টেন্ট ক্ৰিয়েচন কিমান সম্প্ৰসাৰিত হৈছে। এয়া এক উল্লেখযোগ্য অৰ্থনীতিলৈ পৰিণত হৈছে। বিগত ১০ বছৰত দেশৰ ভিন্ন গাঁৱত পাঁচ লাখৰো অধিক কমন চাৰ্ভিচ চেন্টাৰ স্থাপন কৰা হৈছে। লাখ-লাখ যুৱক-যুৱতীয়ে এই কেন্দ্ৰসমূহত কাম কৰি আছে। ডিজিটেল ইণ্ডিয়াই সুবিধা আৰু কৰ্মসংস্থাপন দুয়োটাকে কেনেদৰে সৱল কৰি তুলিছে, তাৰ বহু উদাহৰণ আছে।

মোৰ ডেকা বন্ধু-বান্ধৱীসকল,

চৰকাৰে নীতি প্ৰণয়ন কৰিছে আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ কথা বিবেচনা কৰি বৰ্তমান সময়ত সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে নিজৰ অগ্ৰাধিকাৰ স্পষ্ট কৰিছে। এটা সময় আছিল, যেতিয়া আমাৰ দেশৰ সীমান্ত অঞ্চলৰ উন্নয়নক বহুলাংশে আওকাণ কৰা হৈছিল। পূৰ্বৰ চৰকাৰে কৈছিল যে সীমান্তত পথ নিৰ্মাণ কৰিলে শত্ৰুৰ বাবে সহজ হ’ব। তেতিয়া সীমান্তৰ ওচৰত অৱস্থিত গাঁওবোৰক শেষ গাঁও বুলি গণ্য কৰা হৈছিল। আমাৰ চৰকাৰে এই মানসিকতা সলনি কৰিছে। আগৰ চৰকাৰে এসময়ত শেষ গাঁও বুলি গণ্য কৰা গাঁওবোৰ এতিয়া আমাৰ চৰকাৰে প্ৰথম গাঁও বুলি গণ্য কৰিছে। আজি এই গাঁওসমূহৰ উন্নয়নৰ বাবে ভাইব্ৰেন্ট ভিলেজ আঁচনি ৰূপায়ণ কৰা হৈছে। আজি এই কাৰ্য্যসূচীত এই গাঁওসমূহৰ বহু পঞ্চায়ন প্ৰধানো উপস্থিত আছে। তেওঁলোকে আপোনালোকক চাই আছে, আপোনালোকৰ শক্তিক নিৰীক্ষণ কৰি আছে আৰু সুখী হৈছে। সীমান্তৰ এই একেখন গাঁও ভৱিষ্যতে পৰ্যটনৰ প্ৰধান কেন্দ্ৰ হ’বলৈ সাজু হৈছে।

 

 

মোৰ ডেকা বন্ধু-বান্ধৱীসকল,

‘বিকশিত ভাৰতে’ আপোনালোকৰ সপোন পূৰণ কৰিব। গতিকে ‘বিকশিত ভাৰত’ নিৰ্মাণ কামত আপোনালোকৰ অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ। আপোনালোকৰ দৰে যুৱক-যুৱতীসকলৰ বাবে চৰকাৰে মেৰা যুৱ ভাৰত অৰ্থাৎ মাই ভাৰত (MY Bharat) প্ৰতিষ্ঠা কৰিছে। এয়া একবিংশ শতিকাৰ ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে সৰ্ববৃহৎ সংগঠন হিচাপে পৰিগণিত হৈছে। মাত্ৰ তিনিমাহৰ ভিতৰতে ইতিমধ্যে ইয়াত এক কোটিৰো অধিক যুৱক-যুৱতীয়ে পঞ্জীয়ন কৰিছে। আপোনালোকৰ দৰে সকলো যুৱক-যুৱতীক মেৰা যুৱ ভাৰত সংগঠনত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছোঁ। ‘বিকশিত ভাৰত’ৰ বাবে আপোনালোকে মাই গভ (MyGov)লৈ গৈ আপোনালোকৰ পৰামৰ্শ দিব পাৰে। আপোনালোকৰ অংশগ্ৰহণৰ জৰিয়তেহে আপোনালোকৰ সপোন বাস্তৱায়িত হ’ব। আপোনালোক ‘বিকশিত ভাৰত’ৰ স্থপতি। আপোনালোকৰ ওপৰত, দেশৰ নৱপ্ৰজন্মৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে। আকৌ এবাৰ আপোনালোক সকলোকে এই বিশাল অনুষ্ঠানৰ বাবে অভিনন্দন জনাইছোঁ। আৰু আগন্তুক সকলো প্ৰচেষ্টাৰ বাবেও আপোনালোকক শুভেচ্ছা জনাইছোঁ! সমস্বৰে কওঁঃ

 

ভাৰত মাতা কী—জয়!

ভাৰত মাতা কী—জয়!

ভাৰত মাতা কী—জয়!

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In

Media Coverage

From 17,000 Violent Incidents To Bastar Olympics: How PM Modi Got The Maoists To Turn In
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends Civil Investiture Ceremony-II at Rashtrapati Bhavan
June 23, 2026

The Prime Minister, Shri Narendra Modi today attended the Civil Investiture Ceremony-II at Rashtrapati Bhavan, where the Padma Awards were presented.

The Prime Minister said that the awards celebrate exceptional service and dedication across diverse fields.

Shri Modi noted that each awardee represents the best of the nation’s commitment to society.

The Prime Minister said that the life journeys of the awardees inspire countless citizens and remind everyone of the power of hard work and service.

In a post on X, Shri Modi said;

“Attended the Civil Investiture Ceremony-II at Rashtrapati Bhavan, where the Padma Awards were presented. They celebrate exceptional service and dedication across diverse fields. Each awardee represents the best of our commitment to society. Their life journeys inspire countless citizens and remind everyone of the power of hard work and service.

@PadmaAwards”