"ভাৰত এটা দশকত একাদশ সৰ্ববৃহৎ অৰ্থনীতিৰ পৰা ৫ম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হৈছে"
"ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকেল' হৈছে ভাৰতৰ পৰম্পৰাগত জীৱন শৃংখলাৰ এটা অংশ"
"ভাৰতে প্ৰতিটো অভিযানত স্কেল আৰু গতি, পৰিমাণ আৰু মানদণ্ড আনিছে"

মহামহিম, ভদ্ৰমহিলা আৰু সুধিসমাজ, নমস্কাৰ।

আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ মন্ত্ৰীসকলৰ সভাত উপস্থিত সকলোকে শুভেচ্ছা জনাইছোঁ। আইইএৰ প্ৰতিষ্ঠাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাটো তাৎপৰ্যপূৰ্ণ। এই মাইলৰ খুঁটিটোৰ বাবে অভিনন্দন। এই বৈঠকৰ সহ-অধ্যক্ষতা কৰাৰ বাবে আয়াৰলেণ্ড আৰু ফ্ৰান্সকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

ভাৰত হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি। স্থায়ী বৃদ্ধিৰ বাবে শক্তি সুৰক্ষা আৰু দীৰ্ঘস্থায়িত্বৰ প্ৰয়োজন। এটা দশকত, আমি ১১ নং বৃহত্তম অৰ্থনীতিৰ পৰা ৫ম বৃহত্তম অৰ্থনীতিলৈ গতি কৰিলোঁ। একে সময়ছোৱাতে, আমাৰ সৌৰশক্তিৰ ক্ষমতা ছয়বিংশগুণ বৃদ্ধি পালে! আমাৰ নবীকৰণযোগ্য শক্তিৰ ক্ষমতাও দুগুণ বৃদ্ধি পালে। এই ক্ষেত্ৰত আমি পেৰিছৰ প্ৰতিশ্ৰুতি অতিক্ৰম কৰিলোঁ, সময়সীমাৰ আগতে।

বন্ধুসকল,

বিশ্বৰ ১৭% জনসংখ্যাৰ বাসস্থান ভাৰত। আমি বিশ্বৰ কিছুমান বৃহৎ শক্তি প্ৰৱেশৰ পদক্ষেপ চলাই আছোঁ। তথাপিও, আমাৰ কাৰ্বন নিৰ্গমনৰ পৰিমাণ বিশ্বৰ মুঠ কাৰ্বনৰ মাত্ৰ ৪%। অৱশ্যে, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আমি দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ এটা সামূহিক আৰু সক্ৰিয় পন্থা আছে। ইতিমধ্যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ দৰে পদক্ষেপৰ নেতৃত্ব দিছে। আমাৰ মিছন লাইফে সামূহিক প্ৰভাৱৰ বাবে গ্ৰহ-সমৰ্থক জীৱনশৈলীৰ পছন্দৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ‘ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকল’ হৈছে ভাৰতৰ পৰম্পৰাগত জীৱনশৈলীৰ এটা অংশ। ভাৰতৰ জি-২০ অধ্যক্ষতায়ো এই দিশত উল্লেখযোগ্য কাৰ্যপন্থা দেখুৱাইছে। গ্ল’বেল বায়’ফুৱেলছ এলায়েন্সৰ আৰম্ভণিও অন্যতম আকৰ্ষণ আছিল। এই পদক্ষেপক সহায় কৰাৰ বাবে আইইএক মই ধন্যবাদ জনাইছোঁ।

 

বন্ধুসকল,

সমাৱেশিতাই যিকোনো প্ৰতিষ্ঠানৰ বিশ্বাসযোগ্যতা আৰু সামৰ্থ্য বৃদ্ধি কৰে। ১.৪ বিলিয়ন ভাৰতীয়ই প্ৰতিভা, প্ৰযুক্তি আৰু উদ্ভাৱনক সন্মুখলৈ আনে। আমি প্ৰতিটো মিছনলৈ পৰিমাপ আৰু গতি, পৰিমাণ আৰু গুণগত মান আনো। মই নিশ্চিত যে আইইএ লাভৱান হ’ব যেতিয়া ভাৰতে ইয়াত অধিক ভূমিকা ল’ব। আইইএৰ মন্ত্ৰী বৈঠকৰ সফলতাৰ বাবে শুভেচ্ছা প্ৰেৰণ কৰিছোঁ। আহক আমি এই মঞ্চৰ সহায় লৈ বৰ্তমানৰ অংশীদাৰিত্ব শক্তিশালী কৰি নতুন অংশীদাৰিত্ব গঠন কৰোঁ। আহক আমি এখন স্বচ্ছ, সেউজীয়া আৰু সমাৱেশী পৃথিৱী গঢ়ি তোলোঁ।

ধন্যবাদ

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s GDP growth likely to stay strong at 7-7.2% in FY27 despite global risks: Report

Media Coverage

India’s GDP growth likely to stay strong at 7-7.2% in FY27 despite global risks: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour