সংযোগ বৃদ্ধিৰ লক্ষ্যৰে ৬খন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ
৩২,০০০ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পিএমএৱাই-জি) হিতাধিকাৰীলৈ অনুমোদন পত্ৰ বিতৰণ কৰাৰ লগতে ৩২ কোটি টকাৰ প্ৰথম কিস্তিৰ সাহায্য মুকলি
৪৬,০০০ হিতাধিকাৰীৰ গৃহপ্ৰৱেশ উদযাপনত অংশগ্ৰহণ
“ঝাৰখণ্ড ভাৰতৰ আটাইতকৈ সমৃদ্ধিশালী ৰাজ্য হোৱাৰ সম্ভাৱনা আছে, আমাৰ চৰকাৰ উন্নত ঝাৰখণ্ড আৰু উন্নত ভাৰতৰ প্ৰতি দায়বদ্ধ”
“‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰই দেশৰ চিন্তাধাৰা আৰু অগ্ৰাধিকাৰ সলনি কৰিছে”
“পূব ভাৰতত ৰে’ল সংযোগ সম্প্ৰসাৰণে সমগ্ৰ অঞ্চলটোৰ অৰ্থনীতিত উত্থান ঘটাব”
“দেশজুৰি জনজাতীয় ভাই-ভনীৰ বাবে চলি আছে পিএম জনমান যোজনা”

ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীযুত সন্তোষ গংগৱাৰ জী, মোৰ কেবিনেট সতীৰ্থ শিৱৰাজ সিং চৌহান জী, অন্নপূৰ্ণা দেৱী জী, সঞ্জয় ছেঠ জী, সাংসদ বিদ্যুৎ মাহাতো জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইৰফান আনছাৰী জী, ঝাৰখণ্ড বিজেপিৰ সভাপতি বাবুলাল মাৰাণ্ডী জী, সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ সভাপতি সুদেশ মাহাতো জী, বিধায়কগণ, অন্যান্য বিশিষ্ট ব্যক্তি, ভাই-ভনীসকল।

মই বাবা বৈদ্যনাথ আৰু বাবা বসুকিনাথৰ চৰণত প্ৰণাম জনাইছোঁ। মই ভগৱান বীৰছা মুণ্ডাৰ বীৰ ভূমিকো প্ৰণাম জনাইছোঁ। আজি অতি শুভ দিন। এই সময়ত ঝাৰখণ্ডত প্ৰকৃতি পূজাৰ উৎসৱ কৰমৰ উৎসাহ আছে। আজি পুৱা যেতিয়া মই ৰাঁচী বিমানবন্দৰ পাওঁ তেতিয়া এগৰাকী ভগ্নীয়ে কৰম পৰৱৰ প্ৰতীক এই জাৱাখনেৰে মোক আদৰণি জনায়। এই উৎসৱত ভগ্নীসকলে নিজৰ ভাতৃৰ মংগল কামনা কৰে। মই ঝাৰখণ্ডৰ জনসাধাৰণক কৰম পৰৱৰ অভিনন্দন জনাইছোঁ। আজি এই শুভ দিনটোত ঝাৰখণ্ডে বিকাশৰ এক নতুন আশীৰ্বাদ লাভ কৰিছে। ৬খন নতুন বন্দে ভাৰত ৰে'ল, ৬৫০ কোটিতকৈও অধিক মূল্যৰ ৰে'ল প্ৰকল্প, সংযোগ আৰু ভ্ৰমণৰ সুবিধা সম্প্ৰসাৰণ আৰু এই সকলোবোৰৰ লগতে ঝাৰখণ্ডৰ হাজাৰ হাজাৰ জনসাধাৰণে পিএম-আৱাস যোজনাৰ অধীনত নিজৰ পকা ঘৰ লাভ কৰে... মই ঝাৰখণ্ডৰ জনতা জনাৰ্দনক এই সকলোবোৰ উন্নয়নমূলক কামৰ বাবে অভিনন্দন জনাইছোঁ। লগতে, এই বন্দে ভাৰত ৰে’লসমূহৰ সৈতে সংযোগ স্থাপন কৰা আন সকলো ৰাজ্যকে অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

এটা সময় আছিল যেতিয়া আধুনিক সা-সুবিধা, আধুনিক উন্নয়ন দেশৰ কেইখনমান চহৰতে সীমাবদ্ধ আছিল। ঝাৰখণ্ডৰ দৰে ৰাজ্য আধুনিক আন্তঃগাঁথনি আৰু উন্নয়নৰ ক্ষেত্ৰত পিছপৰি ৰৈছিল। কিন্তু, ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰই দেশৰ চিন্তাধাৰা আৰু অগ্ৰাধিকাৰ সলনি কৰি পেলাইছে। এতিয়া দেশৰ অগ্ৰাধিকাৰ দেশৰ দুখীয়া। এতিয়া দেশৰ অগ্ৰাধিকাৰ দেশৰ আদিবাসী। এতিয়া দেশৰ অগ্ৰাধিকাৰ দেশৰ দলিত, বঞ্চিত আৰু পিছপৰা সমাজখন। এতিয়া দেশৰ অগ্ৰাধিকাৰ মহিলা, যুৱক-যুৱতী আৰু কৃষক। সেইবাবে আজি আন ৰাজ্যৰ দৰেই ঝাৰখণ্ডতো বন্দে ভাৰতৰ দৰে হাই-টেক ৰে’ল আৰু আধুনিক আন্তঃগাঁথনি পোৱা গৈছে।

বন্ধুসকল,

আজি দ্ৰুত উন্নয়নৰ বাবে প্ৰতিখন ৰাজ্য, প্ৰতিখন চহৰে বিচাৰে বন্দে ভাৰতৰ দৰে তীব্ৰবেগী ৰে'ল। মাত্ৰ কেইদিনমানৰ আগতে মই উত্তৰ আৰু দক্ষিণৰ ৰাজ্যসমূহৰ বাবে ৩খন নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিছিলোঁ। আৰু আজি টাটানগৰৰ পৰা পাটনালৈ, টাটানগৰৰ পৰা ওড়িশাৰ ব্ৰহ্মপুৰলৈ, ৰৌৰকেলাৰ পৰা টাটানগৰ হৈ হাওৰালৈ, ভাগলপুৰৰ পৰা ডুমকা হৈ হাওৰালৈ, গয়া হৈ দেওঘৰৰ পৰা বাৰাণসীলৈ, আৰু গয়াৰ পৰা কোদৰমা-পৰসনাথ-ধনবাদ হৈ হাওৰালৈ বন্দে ভাৰত এক্সপ্ৰেছৰ সেৱা আৰম্ভ হৈছে। আৰু এতিয়া যেতিয়া মঞ্চত গৃহ বিতৰণৰ কাৰ্যসূচী চলি আছিল, একে সময়তে মই ফ্লেগ অফ কৰি এই সকলোবোৰ বন্দে ভাৰত ৰে’লক বিদায় দিলোঁ আৰু সেইসমূহ নিজৰ গন্তব্যস্থানলৈ ৰাওনা হৈছে। পূব ভাৰতত ৰে’ল সংযোগৰ সম্প্ৰসাৰণে এই সমগ্ৰ অঞ্চলৰ অৰ্থনীতি শক্তিশালী কৰিব। এই ৰে'লসমূহৰ জৰিয়তে ব্যৱসায়ী আৰু ছাত্র-ছাত্রীসকল যথেষ্ট উপকৃত হ’ব৷ ইয়াৰ ফলত ইয়াত অৰ্থনৈতিক আৰু সাংস্কৃতিক কাম-কাজো ত্বৰান্বিত হ’ব। আপোনালোকে সকলোৱে জানে...আজি দেশৰ লগতে বিশ্বৰ লাখ লাখ ভক্ত কাশীলৈ আহে। কাশীৰ পৰা দেওঘৰলৈ বন্দে ভাৰত ৰে'লৰ সুবিধা থাকিব, গতিকে বৃহৎ সংখ্যক লোক বাবা বৈদ্যনাথলৈও দৰ্শন কৰিবলৈ যাব। ইয়াৰ দ্বাৰা ইয়াত পৰ্যটনৰ প্ৰসাৰ ঘটিব। টাটানগৰ দেশৰ ইমান ডাঙৰ ঔদ্যোগিক কেন্দ্ৰ। ভাল পৰিবহণৰ সুবিধাই ইয়াত ঔদ্যোগিক বিকাশ আৰু অধিক ত্বৰান্বিত কৰিব। পৰ্যটন আৰু উদ্যোগৰ প্ৰসাৰেও ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব।

বন্ধুসকল,

দ্ৰুত উন্নয়নৰ বাবে আধুনিক ৰে'ল আন্তঃগাঁথনিও সমানেই গুৰুত্বপূৰ্ণ। সেইবাবেই, আজি ইয়াত বহু নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে। মধুপুৰ বাইপাছ লাইনৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ সম্পূৰ্ণ হোৱাৰ পিছত হাওৰা-দিল্লী মেইন লাইনত ৰে’ল ৰখাই দিয়াৰ প্ৰয়োজন নাথাকিব। বাইপাছ লাইন খোলাৰ লগে লগে গিৰিডিহ আৰু জাচিডিহৰ মাজত যাতায়তৰ সময়ো কমি যাব। আজি হাজৰিবাগ টাউন কোচিং ডিপোৰ আধাৰশিলাও স্থাপন কৰা হৈছে। ইয়াৰ ফলত বহু নতুন ৰে’ল সেৱা আৰম্ভ কৰাত সুবিধা হ’ব। কুৰকুৰাৰ পৰা কানাৰোয়ানলৈ ৰে’লপথ দুগুণ হোৱাৰ লগে লগে ঝাৰখণ্ডৰ ৰে’ল সংযোগ আৰু অধিক শক্তিশালী হৈছে। এই শিতানৰ দুগুণ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে তীখা উদ্যোগৰ সৈতে জড়িত সামগ্ৰীৰ পৰিবহণ সহজ হৈ পৰিব।

 

বন্ধুসকল,

ঝাৰখণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত বিনিয়োগ বৃদ্ধি কৰিছে, আৰু কামৰ গতিও বৃদ্ধি কৰিছে। এইবাৰ ঝাৰখণ্ডৰ ৰে’ল আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৭ হাজাৰ কোটি টকাৰো অধিক বাজেট দিয়া হৈছে। ১০ বছৰ আগতে পোৱা বাজেটৰ লগত তুলনা কৰিলে ১৬গুণ বেছি। আপোনালোকে ৰে'ল বাজেট বৃদ্ধিৰ প্ৰভাৱ দেখিছে, আজি ৰাজ্যত নতুন ৰে'ল লাইন বহুওৱা, দুগুণ কৰি ষ্টেচনত আধুনিক সা-সুবিধা বৃদ্ধিৰ কাম দ্ৰুত গতিত চলি আছে। আজি ঝাৰখণ্ডেও সেই ৰাজ্যসমূহত যোগদান কৰিছে য’ত ৰে’ল নেটৱৰ্কৰ ১০০ শতাংশ বিদ্যুৎকৰণ কৰা হৈছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ঝাৰখণ্ডৰ ৫০টাতকৈও অধিক ৰে'ল ষ্টেচনক সজীৱ কৰি তোলা হৈছে।

বন্ধুসকল,

আজি ইয়াত ঝাৰখণ্ডৰ হাজাৰ হাজাৰ হিতাধিকাৰীৰ বাবে পকা ঘৰ নিৰ্মাণৰ বাবে প্ৰথম কিস্তি মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হাজাৰ হাজাৰ লোকক পকা ঘৰ দিয়া হৈছে। এটা ঘৰৰ লগতে তেওঁলোকক শৌচাগাৰ, পানী, বিদ্যুৎ আৰু গেছ সংযোগৰ সুবিধাও প্ৰদান কৰা হৈছে। আমি মনত ৰাখিব লাগিব...যেতিয়া এটা পৰিয়ালে নিজৰ ঘৰ পায়, তেতিয়া তেওঁৰ আত্মসন্মান বৃদ্ধি পায়...ই কেৱল নিজৰ বৰ্তমানৰ উন্নতি কৰাই নহয়, উন্নত ভৱিষ্যতৰ কথাও চিন্তা কৰিবলৈ আৰম্ভ কৰে। কিবা সংকট আহিলেও তেওঁৰ নিজা ঘৰ এখন থাকিব বুলি তেওঁ অনুভৱ কৰে। আৰু ইয়াৰ লগে লগে ঝাৰখণ্ডৰ ৰাইজে কেৱল পকা ঘৰ পোৱাই নহয়... পিএম আৱাস যোজনাই গাঁও-নগৰত বৃহৎ সংখ্যক কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিছে।

বন্ধুসকল,

২০১৪ চনৰ পৰা দেশৰ দৰিদ্ৰ, দলিত, বঞ্চিত আৰু আদিবাসী পৰিয়ালক সবলীকৰণৰ বাবে বহু বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ঝাৰখণ্ডকে ধৰি সমগ্ৰ দেশৰ আদিবাসী ভাই-ভনীসকলৰ বাবে প্ৰধানমন্ত্ৰী জনমন যোজনা চলি আছে। এই আঁচনিৰ জৰিয়তে যিসকল জনজাতি অতি পিছপৰা সেই জনগোষ্ঠীসমূহৰ কাষ চাপিবলৈ চেষ্টা কৰা হৈছে। বিষয়াসকলে নিজেই এনে পৰিয়ালক ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, বিদ্যুৎ, পানী আৰু শিক্ষাৰ ব্যৱস্থা কৰিবলৈ হাত আগবঢ়ায়। এই প্ৰচেষ্টাসমূহ এখন উন্নত ঝাৰখণ্ডৰ বাবে আমাৰ সংকল্পৰ অংশ। মোৰ বিশ্বাস যে আপোনালোক সকলোৰে আশীৰ্বাদত এই সংকল্পসমূহ নিশ্চিতভাৱে পূৰণ হ'ব আৰু আমি ঝাৰখণ্ডৰ সপোন বাস্তৱায়িত কৰিম। এই কাৰ্যসূচীৰ পিছত মই আন এখন বিশাল জনসভালৈও ওলাইছোঁ। ৫-১০ মিনিটৰ পিছত তাত উপস্থিত হ’ম। তাত মোৰ বাবে অপেক্ষা কৰি আছে বৃহৎ সংখ্যক লোক। তাত ঝাৰখণ্ডৰ লগত জড়িত অন্যান্য বিষয়ৰ ওপৰতো বিতংভাৱে কথা পাতিম। কিন্তু মই ঝাৰখণ্ডৰ ৰাইজৰ পৰাও ক্ষমা বিচাৰিছোঁ কাৰণ মই ৰাঁচী পালোঁ কিন্তু প্ৰকৃতিয়ে মোক সমৰ্থন কৰা নাছিল আৰু সেয়েহে হেলিকপ্টাৰখন ইয়াৰ পৰা উৰা মাৰিব পৰা নাই। মই তাত উপস্থিত হ’ব পৰা নাই আৰু ইয়াৰ বাবেই আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই সকলোবোৰ কাৰ্যসূচী উদ্বোধন আৰু লোকাৰ্পণ কৰিছোঁ। আৰু এই মুহূৰ্তত ৰাজহুৱা সভাতো মই সকলোৰে লগত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মন ভৰাই বহু কথা পাতিবলৈ ওলাইছোঁ। মই আকৌ এবাৰ আপোনালোক সকলোকে ইয়ালৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। নমস্কাৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Scan, withdraw, done: EPFO 3.0 plans instant PF access via ATMs and UPI

Media Coverage

Scan, withdraw, done: EPFO 3.0 plans instant PF access via ATMs and UPI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi meets representatives of Janjati Suraksha Manch
May 28, 2026

The Prime Minister, Shri Narendra Modi met representatives of Janjati Suraksha Manch in New Delhi today.

The Prime Minister appreciated their dedication towards the tribal society.

During the interaction, discussions were held on various issues related to the development and empowerment of tribal communities.

The Prime Minister wrote on X;

“नई दिल्ली में आज जनजाति सुरक्षा मंच के प्रतिनिधियों से मुलाकात का अवसर मिला। आदिवासी समाज के लिए इनका समर्पण भाव बहुत सराहनीय है। इस दौरान जनजातीय समुदायों के विकास और उनके सशक्तिकरण से जुड़े विभिन्न विषयों पर सार्थक चर्चा हुई।”