“শ্ৰী কল্কি ধাম মন্দিৰেভাৰতৰ আধ্যাত্মিকতাৰ নতুন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব”
“আজি ভাৰত দ্ৰুতগতিত আগবাঢ়িছে - ঐতিহ্যৰ লগতে উন্নয়নৰ মন্ত্ৰেৰে”
“ছত্ৰপতি শিৱাজী মহাৰাজ ভাৰতৰ সাংস্কৃতিক পুনৰুজ্জীৱনৰ প্ৰেৰণা, আমাৰ পৰিচয়ৰ প্ৰতি গৌৰৱ আৰু ইয়াক প্ৰতিষ্ঠাৰ আত্মবিশ্বাস”
“ৰাম লালাৰ সান্নিধ্যৰ ঐশ্বৰিক অভিজ্ঞতাই এতিয়াও আমাক আৱেগিক কৰি তোলে”
“যি পূৰ্বে কল্পনাৰোঅগোচৰ আছিল, সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে”
“আজি এফালে আমাৰ তীৰ্থ কেন্দ্ৰসমূহ গঢ়ি তোলা হৈছে, আনফালে চহৰসমূহত হাই-টেক আন্তঃগাঁথনিও নিৰ্মাণ কৰা হৈছে”
“কল্কি কাল চক্ৰৰ পৰিৱৰ্তনৰ প্ৰৱৰ্তক আৰু প্ৰেৰণাৰো উৎস”
“পৰাজয়ৰপৰা বিজয় লাভৰ উপায় জানে ভাৰতে”
“আজি প্ৰথমবাৰৰ বাবে ভাৰত এনে এটা পৰ্য্যায়ত উপনীত হৈছে, য’ত আমি অনুসৰণ কৰা নাই, বৰঞ্চ আদৰ্শ দাঙি ধৰিছোঁ”
এই কাৰ্য্যসূচীত বহু সাধু, ধৰ্মগুৰু আৰু আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
তেখেতে কয় যে জনসাধাৰণ আৰু সন্তসকলৰ আশীৰ্বাদত তেখেতে অসমাপ্ত কামসমূহ কৰি যাব।

জয় মা কাইলা দেৱী, জয় মা কাইলা দেৱী, জয় মা কাইলা দেৱী!

জয় বুধে বাবা কি, জয় বুধে বাবা কি!

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়!

                       

মই সকলো সাধুক তেওঁলোকৰ স্থান গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। উত্তৰ প্ৰদেশৰ উদ্যমী মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথজী, পূজনীয় শ্ৰী অৱধেশানন্দ গিৰিজী, কল্কি ধামৰ মুৰব্বী আচাৰ্য প্ৰমোদ কৃষ্ণমজী, পূজনীয় স্বামী কৈলাশানন্দ ব্ৰহ্মচাৰীজী, পূজনীয় সদগুৰু শ্ৰী ৰিতেশ্বৰজী, ভাৰতৰ বিভিন্ন কোণৰ পৰা অহা বৃহৎ সংখ্যক সাধু আৰু মোৰ মৰমৰ ভক্ত ভাই-ভনীসকল!

 

আজি ভগৱান ৰাম আৰু ভগৱান শ্ৰীকৃষ্ণৰ ভূমি উত্তৰ প্ৰদেশৰ পৰা ভক্তি, আৱেগ আৰু আধ্যাত্মিকতাৰ আন এটা ধাৰা প্ৰবাহিত হোৱাৰ আকাংক্ষা আছে। আজি পূজনীয় সাধুসকলৰ ভক্তি আৰু জনসাধাৰণৰ অনুভূতিৰে আন এটা পৱিত্ৰ 'ধাম' (বাসস্থান) প্ৰতিষ্ঠা কৰা হৈছে। সাধু আৰু আচাৰ্যসকলৰ উপস্থিতিত কল্কি ধামৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পোৱাটো মোৰ সৌভাগ্য। মই বিশ্বাস কৰোঁ যে কল্কি ধাম ভাৰতীয় বিশ্বাসৰ আন এক মহান কেন্দ্ৰ হিচাপে উজলি উঠিব। মই সকলো দেশবাসী আৰু বিশ্বৰ সকলো ভক্তলৈ শুভেচ্ছা জনাইছো। আচাৰ্যজীয়ে অলপ আগতে কৈয়ে আছিল যে আজি এই সুযোগটো ১৮ বছৰৰ অপেক্ষাৰ পিছত আহিছে। যি কি নহওক, আচাৰ্যজী, এনে বহু ভাল কাম আছে, যিবোৰ কিছুমান লোকে কেৱল মোৰ বাবেই ৰাখি গৈছে। আৰু যিবোৰ ভাল কাম বাকী আছে, সেইবোৰ আমি ভৱিষ্যতে সাধু আৰু জনসাধাৰণৰ আশীৰ্বাদত পূৰণ কৰিম।

 

বন্ধুসকল,

আজি ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম জয়ন্তীও। এই দিনটো আৰু অধিক পৱিত্ৰ আৰু অনুপ্ৰেৰণাদায়ক হৈ পৰে। আমি আজি আমাৰ দেশত যি সাংস্কৃতিক পুনৰুত্থান দেখিবলৈ পাইছোঁ, আমাৰ পৰিচয়ৰ বাবে আমি যি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি যি আত্মবিশ্বাস লাভ কৰিছোঁ তাৰ অনুপ্ৰেৰণা আমি ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা লাভ কৰিছোঁ। এই উপলক্ষে মই ছত্ৰপতি শিৱাজী মহাৰাজৰ চৰণত সন্মানসহকাৰে সেৱা জনাইছো। মই তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

 

বন্ধুসকল,

অলপতে, প্ৰমোদ কৃষ্ণমজীয়ে মোক নিমন্ত্ৰণ কৰিবলৈ আহিছিল। তেওঁ মোৰ সৈতে কৰা আলোচনাৰ আধাৰত, মই ক'ব পাৰোঁ যে তেওঁ আজি যি আনন্দ অনুভৱ কৰিছে, তেওঁৰ শ্ৰদ্ধেয় মাতৃৰ আত্মা য'তেই নহওঁক কিয়, তাতকৈ বহুগুণে অধিক আনন্দ তেওঁ অনুভৱ কৰিব। আৰু প্ৰমোদজীয়ে দেখুৱাইছে যে কেনেকৈ এজন পুত্ৰই তেওঁৰ মাকৰ কথাবোৰ পূৰণ কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিব পাৰে। প্ৰমোদ কৃষ্ণমজীয়ে বৰ্ণনা কৰি আছিল যে কেইবা একৰ জুৰি বিস্তীৰ্ণ হৈ থকা এই বিশাল মন্দিৰটো বহুতো দিশত অনন্য হ'ব। তেওঁ মোক এইমাত্ৰ বুজাই দিয়াৰ দৰে, এইটো এটা মন্দিৰ হ'ব, য'ত ১০টা গৰ্ভগৃহ থাকিব, আৰু ঈশ্বৰৰ সকলো ১০টা অৱতাৰক বিৰাজমান কৰা হ'ব। আমাৰ শাস্ত্ৰসমূহে কেৱল মানুহেই নহয়, ১০ টা অৱতাৰৰ জৰিয়তে বিভিন্ন ৰূপত ঐশ্বৰিক অৱতাৰকো উপস্থাপন কৰিছে। অৰ্থাৎ আমি প্ৰতিটো জীৱনতে ঈশ্বৰৰ চেতনা দেখিছোঁ। আমি ঈশ্বৰক সিংহৰ ৰূপত, গাহৰিৰ ৰূপত আৰু কাছৰ ৰূপত দেখিছোঁ। এই সকলোবোৰ ৰূপ একেলগে প্ৰতিষ্ঠা কৰিলে আমাৰ বিশ্বাসৰ এক বিস্তৃত প্ৰতিচ্ছবি উপস্থাপন কৰিব। এয়া ঈশ্বৰৰ কৃপা যে তেওঁ মোক এই পৱিত্ৰ যজ্ঞত মোক এক মাধ্যম কৰি তুলিছে, মোক এই আধাৰশিলা স্থাপন অনুষ্ঠানৰ সুযোগ দিছে। আৰু যেতিয়া তেওঁ (প্ৰমোদজীয়ে) আদৰণি ভাষণ দি আছিল, তেওঁ কৈছিল যে সকলোৰে কিবা নহয় কিবা দিবলৈ আছে, কিন্তু মোৰ একো নাই, মই কেৱল মোৰ অনুভূতি প্ৰকাশ কৰিব পাৰো। এইটো ভাল হল প্ৰমোদজী যে আপুনি একো দিয়া নাই, অন্যথা, সময় ইমান সলনি হৈছে যে যদি আজিৰ যুগত সুদামাৰ দৰে কোনোবাই ভগৱান কৃষ্ণক এমুঠি চাউল দিয়ে, তেনহলে এটা ভিডিঅ' বাহিৰ হব, উচ্চতম ন্যায়ালয়ত এখন পিআইএল দাখিল কৰা হ'ব, আৰু ৰায় আহিব যে ভগৱান কৃষ্ণই দুৰ্নীতিত লিপ্ত আছিল, কাৰণ তেওঁ কিবা লৈ আছিল। বৰ্তমান সময়ত, আপুনি আপোনাৰ আৱেগ প্ৰকাশ কৰক আৰু একো নিদিয়াকৈ থকাটোৱেই ভাল। এই শুভ কামত পথ প্ৰদৰ্শন কৰা সকলো সাধুক মই প্ৰণাম জনাইছো। মই আচাৰ্য প্ৰমোদ কৃষ্ণমজীকো অভিনন্দন জনাইছো।

 

বন্ধুসকল,

আজি আমি সম্ভলত এই অনুষ্ঠানৰ সাক্ষী হলোঁ, ই ভাৰতৰ সাংস্কৃতিক নৱজাগৰণৰ আন এক বিস্ময়কৰ মুহূৰ্ত। যোৱা মাহৰ ২২ জানুৱাৰীত, দেশে অযোধ্যাত ৫০০ বছৰ পুৰণি অপেক্ষাৰ অন্ত পৰা ক্ষণৰ সাক্ষী হৈছিল। ভগৱান ৰামৰ অভিষেকৰ ঐশ্বৰিক অভিজ্ঞতাই এতিয়াও আমাক গভীৰভাৱে প্ৰেৰিত কৰে। ইয়াৰ মাজতে, আমি আমাৰ দেশৰ পৰা কেইবাশ কিলোমিটাৰ দূৰত আবু ধাবিত প্ৰথম বিশাল মন্দিৰৰ উদ্বোধনো প্ৰত্যক্ষ কৰিছোঁ। যিটো এসময়ত কল্পনাৰ বাহিৰত আছিল সেয়া এতিয়া বাস্তৱত পৰিণত হৈছে। আৰু এতিয়া, আমি সম্ভলত ভব্য কল্কি ধামৰ আধাৰশিলা স্থাপন অনুষ্ঠান প্ৰত্যক্ষ কৰিছোঁ।

 

ভাই-ভনীসকল,

আমি যেতিয়া আমাৰ জীৱনকালত এনে আধ্যাত্মিক অভিজ্ঞতা আৰু সাংস্কৃতিক গৌৰৱ প্ৰত্যক্ষ কৰোঁ তেতিয়া ইয়াতকৈ ডাঙৰ সৌভাগ্য আৰু কি থাকিব পাৰে? এই যুগত, আমি কাশীত বিশ্বনাথ ধামৰ মহিমা আমাৰ চকুৰ আগত প্ৰস্ফুটিত হোৱা দেখিছোঁ। এই যুগত, আমি কাশীৰ পুনৰুজ্জীৱিতকৰণ দেখিছো। এই যুগত, আমি মহাকালৰ মহালোকৰ মহিমা প্ৰত্যক্ষ কৰিছো। আমি সোমনাথৰ বিকাশ আৰু কেদাৰনাথ উপত্যকাৰ পুনৰ নিৰ্মাণ দেখিছোঁ। আমি 'বিকাশ' (উন্নয়ন) আৰু 'বিৰাসত' (ঐতিহ্য)ৰ মন্ত্ৰেৰে আগবাঢ়ি আছো। আজি, এফালে, যিদৰে আমাৰ তীৰ্থস্থানবিলাক গঢ় লৈ উঠিছে, সেই একেদৰে চহৰসমূহত উচ্চ-প্ৰযুক্তিৰ আন্তঃগাঁথনিও প্ৰস্তুত কৰা হৈছে। আজি যদি মন্দিৰ নিৰ্মাণ কৰা হৈছে, সমগ্ৰ দেশতে নতুন চিকিৎসা মহাবিদ্যালয়ো নিৰ্মাণ কৰা হৈছে। আজি আমাৰ প্ৰাচীন মূৰ্তিবোৰ বিদেশৰ পৰা ঘূৰাই অনা হৈছে, আৰু অভিলেখ সংখ্যাত বিদেশী বিনিয়োগো হৈছে। সময়ৰ চকা যে ঘূৰিছে তাৰ প্ৰমাণ এই পৰিৱৰ্তনবোৰ । এটা নতুন যুগে আমাৰ দুৱাৰত টোকৰ মাৰিছে। এই পৰিৱৰ্তনক মুকলি বাহুৰে স্বাগতম জনোৱাৰ সময় আহি পৰিছে। সেয়েহে মই লালকিল্লাৰ পৰা দেশবাসীক আশ্বাস দিছিলো - এয়াই সময়, সঠিক সময়।

 

বন্ধুসকল,

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা মই আন কিবা এটা কথাও কৈছিলো। ২২ জানুৱাৰীৰ পৰা এটা নতুন যুগৰ আৰম্ভণি হৈছে। যেতিয়া ভগৱান শ্ৰী ৰামে শাসন কৰিছিল, ইয়াৰ প্ৰভাৱ হাজাৰ হাজাৰ বছৰ ধৰি চলিছিল। একেদৰে, ৰামলালাৰ অভিষেকৰ জৰিয়তে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ বাবে এক নতুন যাত্ৰা আৰম্ভ হৈছে। অমৃত কালত ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প কেৱল এক আকাংক্ষা নহয়; এইটো এটা সংকল্প যিটো আমাৰ সংস্কৃতিয়ে প্ৰতিটো যুগতে দেখুৱাইছে। আচাৰ্য প্ৰমোদ কৃষ্ণমজীয়ে ভগৱান কল্কিৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছে। আচাৰ্য প্ৰমোদ কৃষ্ণমজীয়ে মোক ভগৱান কল্কিৰ অৱতাৰ সম্পৰ্কীয় বহুতো তথ্য আৰু পাণ্ডিত্যপূৰ্ণ তথ্য কৈ আছিল। তেওঁ বৰ্ণনা কৰাৰ দৰে, ইয়াক কল্কি পুৰাণত লিখা হৈছে – शम्भले वस-तस्तस्य सहस्र परिवत्सरा। ইয়াৰ অৰ্থ হৈছে যে ভগৱান ৰামৰ দৰে, কল্কিৰ অৱতাৰেও হাজাৰ হাজাৰ বছৰৰ গতিপথ নিৰ্ধাৰণ কৰিব।

 

সেয়েহে ভাই-ভনীসকল,

আমি ক'ব পাৰোঁ যে কল্কি কালচক্ৰটোৰ পৰিৱৰ্তনৰ সূচনাকাৰী আৰু লগতে অনুপ্ৰেৰণাৰ উৎসও। আৰু সম্ভৱতঃ সেইকাৰণে কল্কি ধাম ঈশ্বৰৰ প্ৰতি সমৰ্পিত এখন ঠাই হ'বলৈ গৈ আছে যি এতিয়াও অৱতাৰিত হোৱা নাই। কল্পনা কৰক, আমাৰ শাস্ত্ৰসমূহে শত-হাজাৰ বছৰ আগতে ভৱিষ্যতৰ বিষয়ে এনে ধৰণৰ ধাৰণা লিখিছে। আনকি হাজাৰ হাজাৰ বছৰৰ পিছত হোৱা ঘটনাবোৰো চিন্তা কৰা হৈছিল। ই অতি আশ্চৰ্যজনক। আৰু এইটোও আশ্চৰ্যজনক যে আজি প্ৰমোদ কৃষ্ণমৰ দৰে লোকসকলে সেই বিশ্বাসবোৰৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়িছে, তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছে। তেওঁ ভগৱান কল্কিৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিছে, তেওঁক উপাসনা কৰি আছে। হাজাৰ হাজাৰ বছৰৰ পিছত বিশ্বাস আৰু এতিয়া ইয়াৰ প্ৰস্তুতিৰ অৰ্থ হৈছে আমি ভৱিষ্যতৰ বাবে কিমান সাজু। ইয়াৰ বাবে প্ৰমোদ কৃষ্ণমজীৰ প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। এজন ৰাজনৈতিক ব্যক্তিত্ব হোৱাৰ বাবে, মই কেৱল প্ৰমোদ কৃষ্ণমজীক দূৰৰ পৰাহে চিনি পাইছিলো; মই তেওঁক ব্যক্তিগতভাৱে চিনি পোৱা নাছিলো। কিন্তু কেইদিনমান আগতে যেতিয়া মই তেওঁক প্ৰথমবাৰৰ বাবে লগ পাইছিলো, তেতিয়া মই এইটোও জানিব পাৰিলোঁ যে তেওঁ এনে ধৰণৰ ধৰ্ম্মীয়-আধ্যাত্মিক কাৰ্য্যৰ প্ৰতি কিমান সমৰ্পিত। কল্কি মন্দিৰ নিৰ্মাণৰ বাবে তেওঁ পূৰ্বৰ চৰকাৰৰ সৈতে দীঘলীয়া যুঁজ দিব লগা হৈছিল। তেওঁ আদালতলৈও যাব লগা হৈছিল! তেওঁ মোক জনাইছিল যে এটা সময়ত তেওঁক কোৱা হৈছিল যে মন্দিৰটো নিৰ্মাণ কৰিলে শান্তি ব্যাহত হ'ব। আজি প্ৰমোদ কৃষ্ণমজীয়ে আমাৰ চৰকাৰৰ কাৰ্যকালত নিশ্চিন্তে এই কাম আৰম্ভ কৰিবলৈ সক্ষম হৈছে। মই বিশ্বাসী যে এই মন্দিৰটো এই কথাৰ প্ৰমাণ হ'ব যে আমি এক উন্নত ভৱিষ্যতৰ বাবে কিমান ইতিবাচকভাৱে থকা লোক।

 

বন্ধুসকল,

ভাৰত এখন ৰাষ্ট্ৰ যিয়ে পৰাজয়ৰ মুখৰ পৰাও বিজয় টানি আনিছে। আমি শ শ বছৰ ধৰি অগণন আক্ৰমণৰ সন্মুখীন হৈছো। যদি ই আন কোনো দেশ, আন কোনো সমাজ হ'লহেঁতেন, নিৰন্তৰ আক্ৰমণৰ ফলত ই সম্পূৰ্ণৰূপে ধ্বংস হ'লহেঁতেন। তথাপিও, আমি কেৱল অধ্যৱসায় কৰাই নহয়, আমি আৰু অধিক শক্তিশালী হৈ উঠিলোঁ। শতিকাজুৰি কৰা বলিদানৰ ফল বৰ্তমান সময়ত লাভ কৰা গৈছে। বছৰ বছৰ ধৰি খৰাঙত নিষ্ক্ৰিয় হৈ থকা বীজৰ দৰে, বৰষুণৰ বতৰত যিবোৰ অংকুৰিত হৈ উঠে, একেদৰে, ভাৰতৰ 'অমৃত কাল'ত ভাৰতৰ গৌৰৱ, উৎকৰ্ষতা আৰু সামৰ্থ্যৰ বীজ গজি উঠিছে। এটাৰ পিছত এটাকৈ, প্ৰতিটো ক্ষেত্ৰতে নতুন নতুন ঘটনা ঘটিছে প্ৰতিটো ক্ষেত্ৰতে। যিদৰে দেশৰ সাধু-সন্ত আৰু আচাৰ্যসকলে নতুন মন্দিৰ নিৰ্মাণ কৰি আছে, ঠিক তেনেদৰে ঈশ্বৰে মোক ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছে। মই ৰাষ্ট্ৰৰূপী মন্দিৰৰ মহিমা বঢ়াবলৈ, ইয়াৰ গৌৰৱ সম্প্ৰসাৰিত কৰিবলৈ দিনে-ৰাতিয়ে অক্লান্ত পৰিশ্ৰম কৰি আছো। এই সমৰ্পণৰ ফলাফলো একে গতিত আমাৰ ওচৰ চাপিছে। আজি প্ৰথমবাৰৰ বাবে ভাৰতে কেৱল অনুসৰণ কৰাই নহয়, বিশ্ব দৰবাৰত দৃষ্টান্ত স্থাপন কৰিছে। আজি প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰযুক্তি আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সম্ভাৱনাৰ কেন্দ্ৰ হিচাপে দেখা গৈছে। আমাৰ পৰিচয় এটা উদ্ভাৱন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত  হৈছে। প্ৰথমবাৰৰ বাবে, আমি বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ স্থানত উপনীত হৈছো। চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা আমি প্ৰথমখন দেশ। ভাৰতত প্ৰথমবাৰৰ বাবে বন্দে ভাৰত আৰু নমো ভাৰতৰ দৰে আধুনিক ৰে'ল চলি আছে। ভাৰতত প্ৰথমবাৰৰ বাবে বুলেট ট্ৰেইনৰ প্ৰস্তুতি চলি আছে। প্ৰথমবাৰৰ বাবে, ভাৰতত উচ্চ-প্ৰযুক্তিৰ ঘাইপথ, এক্সপ্ৰেছৱেৰ ইমান ডাঙৰ নেটৱৰ্ক আছে। প্ৰথমবাৰৰ বাবে, এজন ভাৰতীয় নাগৰিকে, তেওঁলোক পৃথিৱীৰ যি দেশতেই নহওঁক, নিজক লৈ ইমান গৌৰৱান্বিত অনুভৱ কৰে। আমি দেশত যি ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসৰ প্ৰতি যি উৎসাহ প্ৰত্যক্ষ কৰিছো সেয়া এক আশ্চৰ্যকৰ অভিজ্ঞতা। সেয়েহে, আজি আমাৰ শক্তি অসীম, আৰু আমাৰ বাবে সুযোগবোৰো অপৰিসীম।

 

বন্ধুসকল,

এখন ৰাষ্ট্ৰৰ বাবে সফলতা সামূহিক শক্তিৰ জৰিয়তে আহে। আমাৰ বেদত কোৱা হৈছে – 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्' অৰ্থাৎ নিৰ্মাণৰ বাবে হাজাৰ, লাখ আৰু কোটি হাত আছে। প্ৰগতিৰ বাবে হাজাৰ, লাখ আৰু কোটি ভৰি আছে। আজি আমি ভাৰতত সেই একেই বিশাল চেতনা প্ৰত্যক্ষ কৰিছো। 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ অনুভূতিৰে প্ৰতিজন নাগৰিকে এটা আৱেগ, এটা সংকল্পৰে দেশৰ বাবে কাম কৰি আছে। যোৱা ১০ বছৰত দেশত কামৰ সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য কৰক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৪কোটিৰো অধিক লোকক পকী ঘৰ প্ৰদান কৰা হৈছে, ১১ কোটি পৰিয়ালক শৌচালয়, অৰ্থাৎ মৰ্যাদা গৃহ, ২.৫ কোটি পৰিয়ালক বিদ্যুৎ, ১০ কোটিৰো অধিক পৰিয়ালৰ বাবে পানীৰ সংযোগ প্ৰদান কৰা হৈছে। ৮০ কোটি লোকৰ বাবে বিনামূলীয়া ৰেচন, ১০ কোটি মহিলাৰ কম মূল্যত গেছ চিলিণ্ডাৰ, স্বাস্থ্যৱান জীৱনৰ বাবে প্ৰায় ৫০ কোটি লোকৰ বাবে আয়ুষ্মান কাৰ্ড, প্ৰায় ১০ কোটি কৃষকৰ বাবে কিষাণ সন্মান নিধি, কৰোনা কালত প্ৰতিজন নাগৰিকৰ বাবে বিনামূলীয়া ভেকছিন, স্বচ্ছ ভাৰতৰ দৰে এক বৃহৎ অভিযান, আজি সমগ্ৰ বিশ্বই ভাৰতৰ এই কামবোৰৰ বিষয়ে আলোচনা কৰি আছে। এই পৰ্যায়ত কাম সম্ভৱ হৈছিল, কাৰণ নাগৰিকসকলৰ সামৰ্থ্যৰ সৈতে চৰকাৰৰ প্ৰচেষ্টা জড়িত আছিল। আজি, মানুহে দৰিদ্ৰ লোকসকলক চৰকাৰী আঁচনিৰ পৰা লাভান্বিত হোৱাত সহায় কৰি আছে। জনসাধাৰণে ১০০% সংপৃক্ততা অভিযানত অংশগ্ৰহণ কৰিছে। দৰিদ্ৰ লোকসকলক সেৱা কৰাৰ অনুভূতি 'প্ৰতিজন মানুহৰ মাজত ঈশ্বৰক দেখা' আমাৰ আধ্যাত্মিক মূল্যবোধৰ পৰা উদ্ভৱ হৈছে। সেয়েহে, দেশে 'পঞ্চ প্ৰাণ' (পাঁচটা প্ৰতিশ্ৰুতি)ৰ আহ্বান জনাইছে, যাৰ ভিতৰত আছে 'বিকশিত ভাৰত' (উন্নত ভাৰত) আৰু 'বিৰাসত পৰ গৰ্ব' (ঐতিহ্যক লৈ গৌৰৱ)।

 

বন্ধুসকল,

যেতিয়াই ভাৰতে এক মহান সংকল্প লয়, তেতিয়াই কেনেবাকৈ ঐশ্বৰিক চেতনা আমাৰ মাজত নিৰ্দেশনাৰ বাবে আহে। সেয়েহে, ভগৱান শ্ৰী কৃষ্ণই ভগৱত গীতাত কৈছে- 'संभावामि युगे-युगे', আমাক ইমান ডাঙৰ আশ্বাস প্ৰদান কৰিছে। অৱশ্যে, এই মন্তব্যৰ সৈতে, আমাক এই আজ্ঞাও দিয়া হৈছে-"कर्मण्येवाधिकारस्ते मा फलेषु कदाचन", অৰ্থাৎ, আমি ফলাফলৰ বিষয়ে চিন্তা নকৰাকৈ আমাৰ কৰ্তব্য পালন কৰিব লাগিব। প্ৰভুৰ এই মন্তব্য, এই নিৰ্দেশনা, আজিৰ ১.৪ বিলিয়ন নাগৰিকৰ বাবে এক জীৱন মন্ত্ৰৰ দৰে। আমি 'কৰ্তব্য কাল'ৰ পৰৱৰ্তী ২৫বছৰত (কৰ্তব্যৰ সময়) কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আমি নিস্বাৰ্থতাৰে দেশৰ বাবে কাম কৰিব লাগিব। আমাৰ প্ৰতিটো প্ৰচেষ্টাত, প্ৰতিটো কামতে, ৰাষ্ট্ৰই ইয়াৰ পৰা কি লাভ লাভ কৰিব সেই প্ৰশ্নটো আমাৰ মনত প্ৰথমে আহিব লাগে। এই প্ৰশ্নটোৱে ৰাষ্ট্ৰৰ সামূহিক প্ৰত্যাহ্বানৰ সমাধান উপস্থাপন কৰিব। মোৰ দৃঢ় বিশ্বাস আছে যে ভগৱান কল্কিৰ আশীৰ্বাদত আমাৰ সংকল্পৰ যাত্ৰা সময়ৰ আগতে সফলতাত উপনীত হ'ব। আমি এক শক্তিশালী আৰু সক্ষম ভাৰতৰ সপোনৰ পৰিসমাপ্তি দেখিম। এই বিশ্বাসেৰে মই আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইমান ডাঙৰ অনুষ্ঠানৰ বাবে আৰু ইমান বৃহৎ সংখ্যক সাধুসকলৰ আশীৰ্বাদ লাভ কৰাৰ বাবে, মই সন্মান সহকাৰে মোৰ ভাষণ সমাপ্ত কৰিছোঁ। মোৰ সৈতে কওঁক –

 

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

 

বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways creates history with first live heart transport on Vande Bharat Express

Media Coverage

Indian Railways creates history with first live heart transport on Vande Bharat Express
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Andhra Pradesh has the potential to become the growth engine of a developed India: PM Modi
August 01, 2026
Today's projects across aviation, clean energy, semiconductors and connectivity will contribute to the state's development: PM
On the very land where Alluri Sitarama Raju ji dedicated his life to the welfare of tribal communities; a new airport for Andhra Pradesh is being inaugurated today: PM
This airport serves as the runway for the growth of Andhra and North Andhra, It is a launchpad for a brighter future for the youth of Andhra: PM
It is imperative that Andhra Pradesh and the nation derive maximum benefit from the potential of our talented youth; To achieve this, our focus is currently on futuristic technology industries such as semiconductors, The foundation stone laying ceremony for the new semiconductor plant in Visakhapatnam marks a significant step in this direction: PM
Today, the nation is consistently bolstering its blue economy; Our vision is to develop this entire region as a Coastal Economic Corridor, With this objective in mind, our older ports from Visakhapatnam to Krishnapatnam are being modernized; Additionally, we are constructing new ports in Mulapeta and Ramayapatnam: PM

भारत माता की जय।

भारत माता की जय।

भारत माता की जय।

आंध्र प्रदेश के गवर्नर अब्दुल नज़ीर जी, गोवा के गवर्नर और इस धरती के संतान अशोक गजपति राजू जी, सीएम, मेरे मित्र चंद्रबाबू नायडू जी, डिप्टी सीएम भाई पवन कल्याण जी, मंत्रिमंडल में मेरे साथी युवा ऊर्जा से भरे हुए भाई राममोहन नायडू जी, चंद्रशेखर पेम्मसानी जी, भूपति राजू श्रीनिवास वर्मा जी, राज्य सरकार के मंत्री भाई नारा लोकेश जी, उपस्थित अन्य जनप्रतिनिधिगण, देवियों और सज्जनों।

अंदरिकी नमस्कारम्!

साथियों,

आज का दिन आंध्र प्रदेश के विकास के लिए, स्वर्ण आंध्र के विजन के लिए ये बहुत अहम है। मुझे आज बहुत शुभ अवसर पर, एक शुभ मास में उत्तर आंध्र की इस पवित्र भूमि पर आने का सौभाग्य मिला है। मैं सबसे पहले भगवान श्री वराह लक्ष्मी नरसिंह स्वामी के चरणों में प्रणाम करता हूं। मैं श्री-कूर्मनाथ स्वामी और मां पैडितल्ली अम्मवारु को नमन करता हूं।

साथियों,

आज यहां करीब Eighteen Thousand Crore Rupees की विकास परियोजनाओं का शुभारंभ, लोकार्पण और शिलान्यास हुआ है। एयरपोर्ट के साथ साथ ये प्रोजेक्ट्स आंध्र की रोड कनेक्टिविटी से भी जुड़े हैं। इनमें एनर्जी सिक्योरिटी से जुड़े प्रोजेक्ट्स भी हैं। ये विकास कार्य इस बात के प्रतीक हैं कि इस समय आंध्र किस स्पीड से आगे बढ़ रहा है। मैं आप सभी को इन प्रोजेक्ट्स की बहुत-बहुत शुभकामनाएं देता हूं।

साथियों,

आज का ये आयोजन नया इतिहास, नए record, इसे रचने का भी है। आज एक ओर विकास के नए रिकॉर्ड बन रहे हैं, तो साथ ही धीमसा डांस का सांस्कृतिक record भी रचा गया है, और ये चंद्रबाबू की विशेषता है कि उन्होंने दो क्षितिजों को छुआ है। एक तरफ ऊंची आसमान को छूने वाली व्यवस्था एयरपोर्ट का निर्माण और दूसरी तरफ मेरे यहां के आदिवासी बहनों के द्वारा धीमसा नृत्य का विश्व रिकॉर्ड बनाना, मैं चंद्रबाबू के इस विजन को विशेषरूप से सराहना करता हूं।

Thirteen Thousand से ज्यादा आदिवासी बहनों और बेटियों की प्रस्तुति, उनका उत्साह, उनका अनुशासन और आदिवासी संस्कृति का गौरव, ये दृश्य वाकई अद्भुत था। इसमें देश की विविधता की झलक भी थी और पीढ़ी-दर-पीढ़ी सहेजकर रखी गई जनजातीय विरासत भी थी। मैं इस प्रस्तुति के लिए आप सभी का और विशेष रूप से मेरी आदिवासी बहनों और बेटियों का बहुत-बहुत अभिनंदन करता हूं।

साथियों,

ये धरती अल्लूरी सीताराम राजू की धरती है। अल्लूरी सीताराम राजू जी ने जिस धरती पर आदिवासी हितों के लिए अपना जीवन समर्पित किया, आज उसी धरती पर आंध्र प्रदेश के एक नए एयरपोर्ट की शुरुआत हो रही है। ये एयरपोर्ट आंध्र और उत्तर आंध्र की ग्रोथ का रन-वे है। ये आंध्र के युवाओं के बेहतर भविष्य का लॉंन्च पैड है। मैं आंध्र प्रदेश के लोगों को, देश के लोगों को बहुत-बहुत बधाई देता हूं।

साथियों,

पहले जब एयरपोर्ट बनते थे, तो एयरपोर्ट के नाम एक ही परिवार के नाम पर चढ़ जाते थे, हमने इस परंपरा को बदला, हमने अयोध्या में एयरपोर्ट का नाम वाल्मीकि के नाम से जोड़ा, हमने पंजाब में संत रविदास जी के नाम से एयरपोर्ट का नाम जोड़ा।

और साथियों,

केंद्र की एनडीए सरकार ने ये निर्णय़ किया है कि इस नए एयरपोर्ट का नाम श्री अल्लूरी सीताराम राजू के नाम पर होगा। आंध्र प्रदेश का जो भी नागरिक, इस एयरपोर्ट से यात्रा करेगा, देश और दुनिया का जो भी नागरिक इस एयरपोर्ट से यात्रा करेगा, उसे अल्लूरी सीताराम राजू जी के नाम से जनसेवा और राष्ट्रसेवा की प्रेरणा मिलेगी।

साथियों,

बीते twelve years में देश के एविएशन सेक्टर ने असाधारण प्रगति की है। 2014 तक देश में केवल Seventy Four एयरपोर्ट ऑपरेशनल थे। आज ये संख्या One Hundred Sixty Six है। एक समय था जब हवाई उड़ानें सिर्फ बड़े शहरों तक सीमित थीं। NDA सरकार में आज छोटे शहरे के साधारण लोग भी फ्लाइट्स से आ-जा रहे हैं। Twelve years में सिर्फ एयरपोर्ट की संख्या ही नहीं बढ़ी है, हमारी उड़ान योजना के काऱण आज गरीब परिवार के लोगों को भी जहाज में बैठने का अवसर मिल रहा है। इस योजना ने गरीब से गरीब को अपना सपना पूरा करने में मदद की है। कुछ दिन पहले ही सरकार ने उड़ान योजना के दूसरे फेज की शुरुआत की है। इस पर भी Twenty Nine Thousand करोड़ रुपीज खर्च किए जाएंगे।

साथियों,

एविएशन सेक्टर में देश ने एक और बड़ा माइलस्टोन हासिल किया है। कुछ ही दिन पहले काशी में जिस स्पोक एयरपोर्ट मॉडल का शुभारंभ हुआ, आज वही मॉडल पंजाब के अमृतसर तक पहुँच गया है। इससे अमृतसर से Twenty Five से ज्यादा इंटरनेशनल डेस्टिनेशन जुड़ जाएंगे। मैं इस उपलब्धि के लिए आंध्र की इस धरती से पंजाब के लोगों को भी बधाई देता हूँ।

साथियों,

हमारे आंध्र प्रदेश के पास हमेशा से विकसित भारत का ग्रोथ इंजन बनने का सामर्थ्य रहा है। आंध्र प्रदेश के विकास के लिए हमारे प्रयास डबल इंजन की स्पीड से आगे बढ़ें, इसके लिए मैंने आंध्र के लोगों से डबल इंजन सरकार का आशीर्वाद मांगा था और आज चंद्रबाबू नायडू जी के नेतृत्व में, पवन कल्याण जी के नेतृत्व में NDA की पूरी टीम आंध्र प्रदेश के लिए डबल स्पीड से काम कर रही है।

साथियों,

आज देश ब्लू इकोनॉमी को लगातार मजबूत कर रहा है। हमारा विज़न है कि ये पूरा क्षेत्र कोस्टल इकोनॉमिक कॉरिडोर के रूप में विकसित हो, इसी लक्ष्य के साथ विशाखापट्टनम से कृष्णापट्टनम तक हमारे पुराने पोर्ट्स को आधुनिक रूप दिया जा रहा है। इसके अलावा मुलापेटा और रामायापट्टनम में हम नए पोर्ट्स भी बना रहे हैं।

साथियों,

पोर्ट डेवलपमेंट के साथ-साथ पूरे आंध्र में हाइवे और एक्सप्रेसवे का नेटवर्क तैयार हो रहा है। विशाखापट्टनम-रायपुर एक्सप्रेसवे जैसे प्रोजेक्ट इस पूरे क्षेत्र को रफ्तार दे रहे हैं।

साथियों,

ये पूरा रीजन देश के बड़े औद्योगिक केंद्रों से आसानी से जुड़े इसके लिए आज आंध्र प्रदेश में करीब one lakh crore रुपीज की रेलवे परियोजनाओं पर काम चल रहा है। राज्य के पूरे रेल नेटवर्क का electrification हो चुका है। यहां Seventy से ज्यादा रेलवे स्टेशनों को भी आधुनिक बनाया जा रहा है।

साथियों,

आज इस क्षेत्र के विकास में पीएम गति शक्ति नेशनल मास्टर प्लान भी बड़ी भूमिका निभा रहा है। पीएम गति शक्ति के माध्यम से इस पूरे क्षेत्र में रेल, पोर्ट और एयरपोर्ट को एक साथ जोड़ा जा रहा है। जब यहां ये आधुनिक लॉजिस्टिक्स नेटवर्क तैयार हो जाएगा, तो उद्योगों को बेहतर कनेक्टिविटी मिलेगी, किसानों को फायदा होगा और Ease of Doing Business भी बढ़ेगा।

साथियों,

आंध्र प्रदेश हमेशा भविष्य की सोच रखने वाला प्रदेश रहा है। सॉफ्टवेयर, IT और टेक सेक्टर में आंध्र के युवाओं ने पूरी दुनिया में अपना डंका बजाया है। और इसीलिए, सरकार यहां के टैलेंट को, आंध्र प्रदेश की डेवलपमेंट पावर से जोड़ना चाहती है। हमारे टैलेंटेड युवाओं की प्रतिभा का लाभ आंध्र प्रदेश और देश को ज्यादा से ज्यादा मिले, ये बहुत आवश्यक है। इसके लिए हमारा फोकस अब सेमीकंडक्टर जैसी futuristic टेक इंडस्ट्री पर है। विशाखापट्टनम में नए सेमीकंडक्टर प्लांट का शिलान्यास, इसी दिशा में एक बहुत बड़ा कदम है। चंद्रबाबू के नेतृत्व में हमारा आंध्र अब सॉफ्टवेयर के साथ-साथ manufacturing का भी हब बनेगा। इससे आंध्र में futuristic jobs तैयार होगी, टेक इंडस्ट्रीज़ के लिए नया वातावरण तैयार होगा।

साथियों,

वर्ल्ड इकोनॉमी में कहीं भी, किसी भी ग्रोथ सेंटर का निर्माण सिर्फ एक फैक्ट्री से नहीं हो सकता, उसके लिए एक पूरे इकोसिस्टम की जरूरत होती है। आज आंध्र प्रदेश में हम ग्रोथ का वही इकोसिस्टम तैयार कर रहे हैं। चंद्रबाबू नायडू जी व्यक्तिगत स्तर पर दिन-रात मेहनत करते हैं। इसी का परिणाम है, आज दुनिया की कई बड़ी-बड़ी कंपनियां यहाँ निवेश करने के लिए आना चाहती हैं।

साथियों,

यहां सेमीकंडक्टर के साथ-साथ AI इन्फ्रा और डेटा सेंटर पर भी काम हो रहा है। Google ने भी यहां Fifteen Billion Dollars के AI और क्लाउड इंफ्रास्ट्रक्चर कैंपस की घोषणा की है। और भी कई ग्लोबल कंपनीज यहां नई संभावनाएं देख रही हैं। इसका बहुत बड़ा फायदा आंध्र प्रदेश के साथ-साथ देश के Youth को हो रहा है।

साथियों,

आंध्र की इंडस्ट्रियल ग्रोथ स्टोरी केवल डिजिटल टेक तक ही सीमित नहीं है। नक्कापल्ली में केंद्र सरकार बड़े फार्मा पार्क के लिए भी सहयोग दे रही है। इससे आंध्र प्रदेश, देश के एक बड़े फार्मा हब के रूप में भी विकसित होगा। ग्रीन एनर्जी की फील्ड में भी अकेले रायलसीमा क्षेत्र में Five Lakh Crore Rupees से ज्यादा का इनवेस्टमेंट हुआ है। मैं आज आंध्र प्रदेश के आप सभी लोगों को फिर विश्वास दिलाता हूं, हमारी सरकार ऐसी हर संभावनाओं को साकार करने के लिए दिन-रात, ये डबल इंजन सरकार काम करती रहेगी।

साथियों,

आज आंध्र प्रदेश में हर सेक्टर में किस स्पीड से काम हो रहा है, इसका अंदाजा आप इस बात से लगा सकते हैं कि पिछली 3 यात्राओं में ही मैंने Two Lakh Crore Rupees के प्रोजेक्ट्स का शुभारंभ यहाँ किया है। मुझे खुशी है कि आंध्र की इस विकास यात्रा में ‘उत्तर आंध्र’ भी सशक्त हो रहा है। हम Visakhapatnam Economic Region, V.E.R को देश के बड़े औद्योगिक केंद्र के रूप में विकसित कर रहे हैं। हमारा लक्ष्य है, V.E.R एशिया का प्रमुख economic hub बने। ये एयरपोर्ट से लेकर सेमीकंडक्टर यूनिट तक इसी मिशन का हिस्सा है।

साथियों,

हमारी सरकार का मंत्र है- Investment से Employment, इसलिए सरकार ने अपनी तरफ से भी Investment बढ़ाया है और हम प्राइवेट सेक्टर को भी Investment के लिए प्रेरित कर रहे हैं। आप भी जानते हैं, जब Investment बढ़ता है, तो मैन्युफैक्चरिंग बढ़ती है, मैन्युफैक्चरिंग बढ़ती है, तो एक्सपोर्ट बढ़ता है, एक्सपोर्ट बढ़ता है, तो रोजगार के नए अवसर बनते हैं और रोजगार बढ़ता है, तो लोगों की आमदनी बढ़ती है, परिवारों की ज़िंदगी बेहतर होती है और आंध्र प्रदेश में हम यही होते देख रहे हैं।

साथियों,

मुझे पूरा विश्वास है, आज यहां जितने भी प्रोजेक्ट्स की शुरुआत हुई हैं, जिनकी नींव रखी गई हैं, वो सारे प्रोजेक्ट्स स्वर्ण आंध्रा और विकसित भारत के संकल्प को पूरा करने में बहुत बड़ा योगदान देंगे। चंद्रबाबू जी के नेतृत्व में आंध्र प्रदेश विकसित भारत के सपने को पूरा करने के लिए एक बहुत बड़ा ऊर्जा स्रोत बन रहा है। मैं एक बार फिर इन सभी परियोजनाओं के लिए आंध्र प्रदेश के लोगों को बहुत-बहुत बधाई देता हूँ।

बहुत-बहुत धन्यवाद!

भारत माता की जय।

भारत माता की जय।

भारत माता की जय।

बहुत-बहुत धन्यवाद!