প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন (PM-DevINE) আঁচনিৰ অধীনত প্ৰকল্পৰ আধাৰশিলা স্থাপন
সমগ্ৰ অসমতে PMAY-Gৰ অধীনত নিৰ্মিত প্ৰায় ৫.৫ লাখ ঘৰ উদ্বোধন কৰে
অসমত ১৩০০ কোটি টকাতকৈ অধিক মূল্যৰ গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে
“এখন বিকশিত ভাৰতৰ বাবে উত্তৰ-পূবৰ উন্নয়ন অতি জৰুৰী”
“কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অনন্য, সকলোৱে দৰ্শন কৰিব লাগে”
“বীৰ লাচিত বৰফুকন অসমৰ সাহস আৰু দৃঢ়তাৰ প্ৰতীক”
“বিকাশো আৰু ঐতিহ্যও’ আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ মন্ত্ৰ হৈ আহিছে"
"মোদীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক নিজৰ পৰিয়াল বুলি গণ্য কৰে। সেইবাবেই আমি বছৰ বছৰ ধৰি পৰি থকা প্ৰকল্পসমূহৰ ওপৰতো গুৰুত্ব দিছোঁ”

নমস্কাৰ, আপোনালোক ভালে-কুশলে আছেনে?

অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাজী, মোৰ মন্ত্ৰীসভাৰ সহকৰ্মী সৰ্বানন্দ সোণোৱালজী, ৰামেশ্বৰ তেলীজী, অসম চৰকাৰৰ মন্ত্ৰীসকল, উপস্থিত জনপ্ৰতিনিধিসকল, গণ্যমান্য ব্যক্তিসকল আৰু অসমৰ মোৰ মৰমৰ ভাই-ভনীসকল।

আপোনালোক সকলোৱে আমাক আশীৰ্বাদ দিবলৈ ইমান বিপুল সংখ্যাৰে আহি ইয়াত উপস্থিত হৈছেহি। মই মূৰ দোঁৱাই নমস্কাৰ জনাইছো আৰু আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু, এইমাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে ২০০টা স্থানত লাখ লাখ লোকো এই সমাৱেশৰে জড়িত হৈছে, যিসকলে ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে এই উন্নয়নী উৎসৱত অংশীদাৰ হৈছে। মই তেওঁলোককো আদৰণি জনাইছোঁ। আৰু মই এয়া সামাজিক মাধ্যমতো দেখিছিলো... গোলাঘাটৰ মানুহে কেনেকৈ হাজাৰ হাজাৰ বন্তি জ্বলাইছিল। অসমৰ জনসাধাৰণৰ এই স্নেহ আৰু আন্তৰিকতা হৈছে মোৰ আটাইতকৈ ডাঙৰ সম্পদ। আজি মই অসমৰ জনসাধাৰণৰ বাবে ১৭,৫০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছোঁ। ইয়াৰ ভিতৰত আছে স্বাস্থ্য, গৃহ আৰু পেট্ৰ'লিয়ামখণ্ড সম্পৰ্কীয় এলানি প্ৰকল্প। এইবোৰে অসমত উন্নয়নৰ গতি আৰু অধিকভাবে ত্বৰান্বিত কৰিব। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে মই অসমৰ সকলো লোকক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

ইয়ালৈ অহাৰ আগতে মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশালতা, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ওচৰৰ পৰা চোৱাৰ, কাষৰ জনাৰ সুযোগ পালো। কাজিৰঙা নিজা বৈশিষ্ট্যৰ এখন অনন্য ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্প। ইয়াৰ জৈৱ বৈচিত্ৰ্য, ইয়াৰ পৰিস্থিতিতন্ত্ৰই সকলোকে আকৰ্ষিত কৰি আহিছে। কাজিৰঙাই ‘ইউনেস্কো’-ৰ ‘বিশ্ব ঐতিহ্যক্ষেত্ৰ’ হোৱাৰ গৌৰৱো অৰ্জন কৰিছে। পৃথিৱীৰ এশিঙীয়া গঁড় প্ৰজাতিৰ ৭০ শতাংশই আমাৰ কাজিৰঙাত বাস কৰে। ইয়াত প্ৰাকৃতিক পৰিৱেশত বাঘ, হাতী, ফুটুকী হৰিণ, বনৰীয়া মহ আৰু বিভিন্ন প্ৰকাৰৰ বন্যপ্ৰাণী চোৱাৰ অভিজ্ঞতা সঁচাকৈয়ে অতুলনীয়। তদুপৰি, পক্ষী নিৰীক্ষকসকলৰ বাবেও কাজিৰঙা এক স্বৰ্গৰ দৰেই। দুৰ্ভাগ্যবশতঃ, পূৰ্বৰ চৰকাৰসমূহৰ অসংবেদনশীলতা আৰু অপৰাধমূলক পৃষ্ঠপোষকতাৰ বাবেই অসমৰ পৰিচয়স্বৰূপ ইয়াৰ গঁড়বোৰো সংকটত পৰিবলগীয়া হৈছিল। ২০১৩ চনত, মাত্ৰ এটা বছৰতে ইয়াত ২৭টা গঁড় হত্যা কৰা হৈছিল। কিন্তু আমাৰ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰচেষ্টাৰ বাবে ২০২২ চনত এই সংখ্যা শূন্যলৈ নামিবলৈ সক্ষম হয়। ২০২৪ হৈছে ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান’ৰ ‘সোণালী জয়ন্তী বৰ্ষ’। মই অসমৰ জনসাধাৰণক ইয়াৰ বাবেও অভিনন্দন জনাইছোঁ। আৰু মই দেশবাসীক এইটোও ক'ব বিচাৰিছোঁ যে এইটো কাজিৰঙাৰ সোণালী জয়ন্তী বৰ্ষ, আপোনালোকো ইয়ালৈ অহাৰ প্ৰাসংগিকতা আছে। মই কাজিৰঙাৰ পৰা যি স্মৃতি লৈ আহিছো সেই স্মৃতি মোৰ বাকী জীৱনটোত মোৰ লগতে থাকিব।

 

বন্ধুসকল,

 

আজি মই ‘বীৰ লাচিত বৰফুকন’ৰ বিশাল আৰু ভব্য মূৰ্তিটো উন্মোচন কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। লাচিত বৰফুকন হৈছে অসমৰ শৌৰ্য, অসমৰ পৰাক্ৰমৰ প্ৰতীক। ২০২২ চনত আমি দিল্লীত লাচিত বৰফুকনৰ ‘৪০০ সংখ্যক জয়ন্তী বৰ্ষ’ সম্পূৰ্ণ উলহ-মালহেৰে উদযাপন কৰিছিলোঁ। মই বীৰযোদ্ধা লাচিত বৰফুকনক আকৌ এবাৰ প্ৰণিপাত জনাইছোঁ।

 

বন্ধুসকল,

 

ঐতিহ্যৰ লগতে উন্নয়ন আমাৰ ‘ডবল ইঞ্জিন’ চৰকাৰৰ মন্ত্ৰ হৈ আহিছে। ঐতিহ্য সংৰক্ষণৰ লগতে, অসমৰ ‘ডবল ইঞ্জিন’ চৰকাৰে ইয়াত উন্নয়নৰ বাবে সমান দ্ৰুতগতিৰে কাম কৰি আছে। অসমে আন্তঃগাঁথনি, স্বাস্থ্য আৰু শক্তিৰ ক্ষেত্ৰখনত অভূতপূৰ্ব দ্ৰুত গতি প্ৰদৰ্শন কৰিছে। ‘এইমছ’-ৰ নিৰ্মাণে ইয়াৰ লোকসকলক যথেষ্ট সহায় কৰিছে। আজি, ‘তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ো’ ইয়াত উদ্বোধন কৰা হ’ল। ই ওচৰ-পাজৰৰ কেবাখনো জিলাৰ ৰাইজক উন্নত স্বাস্থ্য সুবিধা প্ৰদান কৰিব। মোৰ অন্তিমবাৰৰ অসম ভ্ৰমণত, যেতিয়া মই মোৰ অন্তিম ভ্ৰমণসূচী লৈ অসমলৈ আহিছিলো, মই গুৱাহাটী আৰু কৰিমগঞ্জৰ দুখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিলোঁ। আজি ‘শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়’ৰ আধাৰশিলা স্থাপন কৰা হ’ল। আপোনালোকৰ এই যোৰহাটত এখন কৰ্কট ৰোগৰ চিকিৎসালয়ো নিৰ্মাণ কৰা হৈছে। স্বাস্থ্য আন্তঃগাঁথনিৰ এই বিকাশৰ জৰিয়তে আমাৰ অসম অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে স্বাস্থ্যসেৱাৰ এক মুখ্য কেন্দ্ৰ হৈ উঠিব।

 

বন্ধুসকল,

 

আজি ‘প্ৰধানমন্ত্ৰী উৰ্জা গংগা আঁচনি’ৰ অধীনত নিৰ্মাণ কৰা ‘বাৰাউনি-গুৱাহাটী পাইপলাইন’টোও দেশবাসীৰ নামত উচৰ্গা কৰা হৈছে। এই গেছ পাইপলাইনটোৱে ‘উত্তৰ-পূব গ্ৰিড’ক ‘ৰাষ্ট্ৰীয় গেছ গ্ৰিড’ৰ সৈতে সংযোগ কৰিব। ই প্ৰায় ৩০ লাখ পৰিয়াল আৰু ৬০০ তকৈয়ো অধিক ‘চিএনজি ষ্টেশ্যন’লৈ গেছৰ যোগান ধৰিব। বিহাৰ, পশ্চিম বংগ আৰু অসমৰ ৩০ খনতকৈয়ো অধিক জিলাৰ ৰাইজে এই সুবিধাৰে লাভান্বিত হ’ব।

 

বন্ধুসকল,

 

আজি ‘ডিগবৈ শোধনাগাৰ’ আৰু ‘গুৱাহাটী শোধনাগাৰ’ৰ সামৰ্থ্য সম্প্ৰসাৰণৰো শুভাৰম্ভ কৰা হৈছে। কেবাদশক ধৰি অসমৰ ৰাইজে দাবী জনাই আহিছিল যে অসমৰ শোধনাগাৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰা হওক। ইয়াৰ বাবে ৰাজ্যখনত আন্দোলন কৰা হৈছিল, ধৰ্মঘত কৰা হৈছিল। কিন্তু আগৰ চৰকাৰসমূহে ইয়াৰ জনসাধাৰণৰ এই ভাৱনাৰ প্ৰতি কেতিয়াও মনোযোগেই দিয়া নাছিল। কিন্তু যোৱা ১০টা বছৰত বিজেপি চৰকাৰে অসমৰ চাৰিওটা শোধনাগাৰৰ সামৰ্থ্য বৃদ্ধিৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। এতিয়া অসমৰ শোধনাগাৰৰ মুঠ সামৰ্থ্য পূৰ্বৰ দুগুণলৈ বৃদ্ধি পাব। আৰু ইয়াৰো, নুমলীগড় শোধনাগাৰৰ সামৰ্থ্য তিনিগুণ হ’ব, তিনিগুণ। যেতিয়া কোনো এটা অঞ্চলৰ উন্নয়ণৰ বাবে এক শক্তিশালী অভিপ্ৰায় গ্ৰহণ কৰা হয়, তেতিয়া কামটো দৃঢ়তাৰে আৰু দ্ৰুত গতিৰে সম্পন্ন হয়েই।

 

বন্ধুসকল,

 

আজি মোৰ অসমৰ ৫.৫ লাখ পৰিয়ালে দেখা নিজা পকীঘৰ একোটাৰ সপোন পূৰণ হৈছে। কল্পনা কৰকচোন, এখন ৰাজ্যত ৫.৫ লাখ পৰিয়ালে তেওঁলোকৰ মালিকীস্বত্বৰ, তেওঁলোকৰ পচন্দৰ একোটা পকী ঘৰত সোমাবলৈ পাইছে। ভাই-ভনীসকল, জীৱনৰ কিমান ডাঙৰ সৌভাগ্য যে মই আপোনালোকক সেৱা কৰিব পাৰিছোঁ।

    

ভাই-ভনীসকল,

 

কংগ্ৰেছ চৰকাৰৰ সময়ত, সেই সময়ত য'ত মানুহে এটা ঘৰৰ বাবে হাবাথুৰি খাই ফুৰিবলগীয়া হৈছিল, আমাৰ চৰকাৰে এটা এটা দিনতে, আপোনালোকে দেখিছেই কেৱল অসমতে ৫.৫ লাখ ঘৰ দুখীয়াসকলক প্ৰদান কৰা হৈছে, চাৰে পাঁচলাখ ঘৰ। আৰু এই ঘৰবোৰ কেৱল চাৰিখন দেৱালেৰে আগুৰা কোঠাই নহয়, এই ঘৰবোৰত শৌচালয়, গেছ সংযোগ, বিদ্যুতৰ সংযোগ, টেপ সংযোজিত নলৰ পানীৰ ব্যৱস্থা আছে, এই সকলোবোৰ সুবিধা ইয়াৰ সৈতে সংযুক্ত হৈ আছে, একেলগে গোটেইখিনি পাইছে। এতিয়ালৈকে, এনে ১৮ লাখ পৰিয়ালক অসমত পকীঘৰ দিয়া হৈছে। আৰু মই সুখী যে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অধীনত দিয়া বেছিভাগ ঘৰ মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে। এতিয়া মোৰ মাতৃ আৰু ভগ্নীসকল ঘৰৰ গৰাকী হৈছে। অৰ্থাৎ, এই ঘৰবোৰে লাখ লাখ মহিলাক তেওঁলোকৰ ঘৰৰ স্বত্বাধিকাৰ কৰি তুলিছে।

 

বন্ধুসকল,

 

আমাৰ প্ৰয়াস হৈছে অসমৰ প্ৰতিগৰাকী মহিলাৰ জীৱন সহজসাধ্য কৰি তোলা, কেৱল ইমানেই নহয়, তেওঁলোকৰ সঞ্চয়ো বাঢ়ক, আৰ্থিকভাৱে তেওঁলোকৰ ৰাহিও হওক। কালি মাত্ৰ ‘বিশ্ব মহিলা দিৱস’ত আমাৰ চৰকাৰে গেছ চিলিণ্ডাৰৰ মূল্য আৰু ১০০ টকা হ্ৰাস কৰিছে। আমাৰ চৰকাৰে ‘আয়ুষ্মান কাৰ্ড’ৰ জৰিয়তে বিনামূলীয়া চিকিৎসা সুবিধাৰ আগবঢ়াই আহিছে, আমাৰ মাতৃ-ভগ্নীসকল হৈছে ইয়াৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী। ‘জল জীৱন মিছন’ৰ অধীনত যোৱা ৫ বছৰত অসমত ৫০ লাখতকৈয়ো অধিক নতুন ঘৰলৈ পানীৰ সংযোগ দিয়া হৈছে। ‘অমৃত সৰোবৰ অভিযান’ৰ অধীনত আৰু এই অলপতে মই ইয়াৰ ‘কফিটেবুল বুক’খন উন্মোচন কৰাৰ সুযোগ পাইছিলো। ‘অমৃত সৰোবৰ অভিযান’ৰ অধীনত ইয়াত নিৰ্মাণ কৰা তিনি হাজাৰ ‘অমৃত সৰোবৰ’ৰ দ্বাৰাও যথেষ্ট লাভান্বিত হৈছে। বিজেপি চৰকাৰে দেশৰ ৩ কোটি, এইখিনি কথা মই আপোনালোক বাবে কৈছো, এইযে ধুনীয়া ধুনীয়া টুপী পিন্ধি বহি আছে ভনীহঁত, ৩ কোটি ‘লাখপতি দিদি’ হোৱা, দেশত ৩ কোটি ‘লাখপতি দিদি’ গঢ়ি তোলাৰ অভিযানতো কাম কৰি থকা হৈছে।

 

এই অভিযানৰ অধীনত, আত্মসহায়ক গোটৰ সৈতে সম্পৰ্কিত মহিলাসকলক অধিক শক্তিশালী কৰা হৈছে, তেওঁলোকক নতুন সুযোগ প্ৰদান কৰা হৈছে। অসমৰ লাখ লাখ মহিলাইয়ো এই অভিযানৰ সুবিধা লাভ কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে মোক কৈছে যে অসমত ‘লাখপতি দিদি’ হোৱা সকলো ‘লাখপতি দিদি’ ইয়ালৈ আহিছে। এই ‘লাখপতি দিদি’সকললৈ প্ৰচণ্ড হাততালিৰে সন্মান জনাওক। যদি সঠিক দিশত নীতি গ্ৰহণ কৰা হয়, আৰু ইয়াৰ সৈতে সাধাৰণ মানুহ জড়িত হৈ যায়, কিমান ডাঙৰ পৰিৱৰ্তন সম্ভৱ হ’ব পাৰে, আপোনালোকে চাওকচোন দেশৰ প্ৰতিখন গাঁৱত ‘লাখপতি দিদি’ গঢ়াৰ এই অভিযান, এয়া হৈছে ‘মোদীৰ গেৰাণ্টী’।

 

বন্ধুসকল,

 

২০১৪ চনৰ পিছত অসমত বহুতো ঐতিহাসিক পৰিৱৰ্তনৰ বুনিয়াদ স্থাপন কৰা হৈছিল। অসমত ২.৫ লাখ ভূমিহীন খিলঞ্জীয়া লোকক ভূমি অধিকাৰ প্ৰদান কৰা হৈছে। স্বাধীনতাৰ পিছত সাত দশক ধৰি চাহ বাগিচাৰ শ্ৰমিকসকল বেংকিং ব্যৱস্থাৰ সৈতে সম্পৰ্কিত নাছিল। আমাৰ চৰকাৰে চাহ বাগিচাত কাম কৰা প্ৰায় ৮ লাখ শ্ৰমিকক বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত কৰাৰ কাম আৰম্ভ কৰিছিল। বেংকিং ব্যৱস্থাত যোগদান কৰাৰ অৰ্থ হৈছে যে সেই শ্ৰমিকসকলেও চৰকাৰী আঁচনিৰ পৰা সহায় লাভ কৰিবলৈ আৰম্ভ কৰিছে। যিসকল চৰকাৰৰ বিত্তীয় লাভ পোৱাৰ যোগ্য তেওঁলোকৰ অধিকাৰৰ ধন পোনপটীয়াকৈ তেওঁলোকৰ বেঙ্ক একাউণ্টত জমা হ'বলৈ আৰম্ভ কৰিছিল। আমি মধ্যস্থতাকাৰীসকলৰ সকলো পথ বন্ধ কৰিলোঁ। প্ৰথমবাৰৰ বাবে, দৰিদ্ৰ সকলে অনুভৱ কৰিছে যে এখন চৰকাৰে তেওঁলোকৰ কথা শুনি আছে, আৰু সেয়া হৈছে বিজেপি চৰকাৰ।

 

বন্ধুসকল,

 

‘বিকশিত ভাৰত’ৰ সংকল্প পূৰণ কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰয়োজনীয়তা আছে। কংগ্ৰেছৰ দীঘলীয়া শাসনকালত উত্তৰ-পূৰ্বাঞ্চলে কেবা দশক ধৰি চৰকাৰৰ অৱহেলাৰ সন্মুখীন হবলগীয়া হৈছিল। বহুতো উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পিছত ফটো উঠোৱা হৈছিল, ৰাইজক আভুৱা ভৰা হৈছিল আৰু তাৰ পিছত পলাই-পত্তং দিছিল, হাত টানি ধৰিছিল। কিন্তু মোদীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক তেওঁৰ পৰিয়াল হিচাপে গণ্য কৰে। সেয়েহে, আমি বহু বছৰ ধৰি অমীমাংসিত হৈ থকা, কাগজত লিখি থৈ এৰি যোৱা প্ৰকল্পবোৰ সম্পূৰ্ণ কৰাতো গুৰুত্ব দিছিলোঁ। বিজেপি চৰকাৰে শৰাইঘাটৰ দ্বিতীয়খন দলং, ‘ধলা-শদিয়া দলং’ আৰু ‘বগীবিল দলঙ’ৰ কাম সম্পূৰ্ণ কৰি কেউখন দলং দেশৰ সেৱাত উচৰ্গা কৰে। আমাৰ চৰকাৰৰ সময়ত বৰাক উপত্যকালৈ ‘ব্ৰডগজ ৰে’ল সংযোগ’ সম্প্ৰসাৰিত কৰা হৈছিল। ২০১৪ চনৰ পিছত উন্নয়নক গতি প্ৰদান কৰা বহুতো প্ৰকল্প ইয়াত আৰম্ভ হৈছিল। যোগীঘোপাত ‘মাল্টি মোডেল লজিষ্টিক পাৰ্ক’ৰ নিৰ্মাণ আৰম্ভ হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দুখন নতুন দলং নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছিল। ২০১৪ চনলৈকে অসমত মাত্ৰ এটা ‘ৰাষ্ট্ৰীয় জলপথ’ আছিল, আজি উত্তৰ-পূৰ্বাঞ্চলত ১৮ টা ‘ৰাষ্ট্ৰীয় জলপথ’ আছে। আন্তঃগাঁথনিৰ এই বিকাশে নতুন ঔদ্যোগিক সম্ভাৱনা সৃষ্টি কৰিছে। আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰাৰ বাবে উন্নতি আঁচনিক এক নতুন ৰূপত অনুমোদন জনাইছে, ইয়াক আৰু অধিক সম্প্ৰসাৰিত কৰিছে। চৰকাৰে অসমৰ মৰাপাট খেতিয়কসকলৰ বাবেও এটা ডাঙৰ সিদ্ধান্ত লৈছে। কেবিনেটে এই বছৰ মৰাপাটৰ ‘এমএছপি’ প্ৰতি কুইন্টালত ২৮৫ টকা বৃদ্ধি কৰিছে। এতিয়া মৰাপাট খেতিয়কসকলে প্ৰতি কুইন্টালত ৫,৩৩৫ টকা দৰ লাভ কৰিব।

 

বন্ধুসকল,

 

মোৰ এই প্ৰচেষ্টাৰ মাজত আমাৰ বিৰোধীসকলে কি কৰি আছে? যিসকলে দেশক বিপথে পৰিচালিত কৰি আছে তেওঁলোকে কি কৰি আছে? মোদীক গালিৰে ওপচাই পেলোৱা কংগ্ৰেছ আৰু ইয়াৰ বন্ধুবৰ্গই আজিকালি ক'বলৈ আৰম্ভ কৰিছে যে মোদীৰ পৰিয়াল নাই। তেওঁলোকৰ গালিৰ প্ৰতিক্ৰিয়াস্বৰূপে সমগ্ৰ দেশ থিয় দিছে। সমগ্ৰ দেশে কৈছ – 'আমি হৈছো মোদীৰ পৰিয়াল', 'আমি হৈছো মোদীৰ পৰিয়াল', 'আমি হৈছো মোদীৰ পৰিয়াল', 'আমি হৈছো মোদীৰ পৰিয়াল', 'আমি হৈছো মোদীৰ পৰিয়াল', 'আমি হৈছো মোদীৰ পৰিয়াল', 'আমি হৈছো মোদীৰ পৰিয়াল'। এয়া হৈছে মৰম, এয়া হৈছে আশীৰ্বাদ। মোদীয়ে দেশৰ এই মৰম লাভ কৰে কাৰণ মোদীয়ে ১৪০ কোটি দেশবাসীক কেৱল তেওঁৰ পৰিয়াল হিচাপেই গণ্য নকৰে, বৰঞ্চ তেওঁলোকক দিন-ৰাতি সেৱাও কৰি আহিছে। আজিৰ অনুষ্ঠানটোও হৈছে ইয়াৰেই প্ৰতিফলন। ইমান বিপুল সংখ্যাৰে উপস্থিত হোৱাহি বাবে মই আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছোঁ, ধন্যবাদ। আৰু ইমান বৃহৎ পৰিমাণৰ উন্নয়নমূলক কামৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছো। দুয়োখন হাত ওপৰলৈ উঠাওক আৰু মোৰ সৈতে কওঁক-

 

ভাৰত মাতা কী জয়।

 

এই ধ্বনি আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈকে বিয়পি যোৱা উচিত।

 

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

 

এই লাখপতি দিদিসকলৰ মাতটোতো আৰু ডাঙৰ হোৱা উচিত।

 

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

ভাৰত মাতা দীৰ্ঘজীৱী হওক।

 

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister praises Sikkim’s extraordinary biodiversity during visit to Gangtok Orchidarium
April 28, 2026

Prime Minister Shri Narendra Modi visited the Orchidarium in Gangtok, Sikkim today and expressed his profound admiration for its beauty and the state's extraordinary biodiversity.

The Prime Minister described his visit to the Orchidarium as a mesmerizing experience. Shri Modi observed that such dedicated conservation efforts perfectly reflect our deep-rooted harmony with the natural world. He further noted that these initiatives serve as a vital inspiration for citizens to embrace conservation and sustainable living.

The Prime Minister wrote on X:

"Visited the Orchidarium in Gangtok and was mesmerised by its beauty. Sikkim’s rich biodiversity is truly extraordinary. Such efforts reflect our deep harmony with nature. They also inspire us towards conservation and sustainable living."