Inaugurates 8th edition of India Mobile Congress 2024
In India, we have made telecom not just a medium of connectivity, but also a medium of equity and opportunity: PM
We identified four pillars of Digital India and started working on all four pillars simultaneously and we got results: PM
We are working towards giving the world a complete Made in India phone, from chip to finished product: PM
The length of optical fiber that India has laid in just 10 years is eight times the distance between the Earth and the Moon: PM
India democratized digital technology: PM
Today India has such a digital bouquet which can take welfare schemes to new heights in the world: PM
India is working towards the goal of making technology sector inclusive, empowering women through technology platforms: PM
The time has come for global institutions to accept importance of Global framework for digital technology, global guidelines for global governance: PM
We have to ensure that our future is both technically strong and ethically sound, Our future should have innovation as well as inclusion: PM

মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, চন্দ্ৰশেখৰ জী, আইটিইউৰ সচিব প্ৰধান, ভিন্ন দেশৰ মন্ত্ৰী, ভাৰতৰ ভিন্ন ৰাজ্যৰ মন্ত্ৰী, উদ্যোগৰ নেতা, টেলিকম বিশেষজ্ঞ, ষ্টাৰ্ট-আপ জগতৰ যুৱ উদ্যোগী, ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল,

ইণ্ডিয়া ম’বাইল কংগ্ৰেছলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ! আন্তঃৰাষ্ট্ৰীয় টেলিকম ইউনিয়ন (ITU)ৰ সহযোগীসকলকো বিশেষ আদৰণি জনাইছোঁ। আপোনাসৱে পোন-প্ৰথমবাৰৰ বাবে ডব্লিউটিএছএ-ৰ বাবে ভাৰতক বাছি লৈছে। মই আপোনালোকক কৃতজ্ঞতা প্ৰকাশেৰে এই সিদ্ধান্তৰ বাবে শলাগ লৈছোঁ।

বন্ধুসকল,

আজি ভাৰত টেলিকম আৰু আনুষংগিক প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম দেশ। ভাৰতত ১২০ কোটি বা ১২০০ নিযুত ম’বাইল ফোন ব্যৱহাৰকাৰী আছে। ভাৰতত ৯৫ কোটি বা ৯৫০ নিযুত ইন্টাৰনেট ব্যৱহাৰকাৰী আছে। ভাৰতত বিশ্বৰ ৪০ শতাংশৰো অধিক ‘ৰিয়েল-টাইম’ ডিজিটেল লেনদেন সম্পাদন হয়। ভাৰতে ডিজিটেল সংযোগক অন্তিম প্ৰান্তক সংযুক্তকৰণৰ বাবে এক ফলপ্ৰসূ আহিলা হিচাপে গঢ়ি তুলিছে। ইয়াত বৈশ্বিক দূৰসংযোগৰ মানদণ্ড আৰু ভৱিষ্যৎ সম্পৰ্কে আলোচনা কাৰ্য্যও বিশ্বৰ মংগলৰ এক মাধ্যম হ’ব। আপোনালোক সকলোলৈ মোৰ ফালৰপৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

বন্ধুসকল,

ডব্লিউটিএছএ আৰু ইণ্ডিয়া ম’বাইল কংগ্ৰেছ একেলগে অনুষ্ঠিত হোৱা কাৰ্য্যও তাৎপৰ্য্যপূৰ্ণ। ডব্লিউটিএছএ-ৰ লক্ষ্য হৈছে বৈশ্বিক মানদণ্ড সন্দৰ্ভত কাম কৰা, আনহাতে ইণ্ডিয়া ম’বাইল কংগ্ৰেছে সেৱাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। সেয়ে আজিৰ অনুষ্ঠানটোৱে মান আৰু সেৱা উভয়কে এখন মঞ্চত একত্ৰিত কৰিছে। ভাৰতে এতিয়া গুণগত সেৱাত অধিক গুৰুত্ব আৰোপ কৰিছে। আমি আমাৰ মানদণ্ডতো গুৰুত্ব আৰোপ কৰিছোঁ। এনে পৰিপ্ৰেক্ষিতত ডব্লিউটিএছএ-ৰ অভিজ্ঞতাই ভাৰতলৈ নতুন শক্তিৰ সঞ্চাৰ কৰিব।

 

বন্ধুসকল,

ডব্লিউটিএছএয়ে সহমতৰ জৰিয়তে বিশ্বক সুদৃঢ়কৰণৰ কথা কয়। ইণ্ডিয়া ম’বাইল কংগ্ৰেছে সংযোগৰ জৰিয়তে বিশ্বক সবলীকৰণৰ কথা কয়। এই অনুষ্ঠানত সহমত আৰু সংযোগ উভয়ৰে পথ প্ৰশস্ত হৈছে। আজিৰ সংঘাতেৰে উত্তাল বিশ্বখনৰ বাবে দুয়োটা কিমান গুৰুত্বপূৰ্ণ, সেয়া আপোনাসৱে বুজি পাইছে। হাজাৰ-হাজাৰ বছৰ ধৰি ভাৰতে "বসুধৈৱ কুটুম্বকম" (বিশ্ব এক পৰিয়াল)ৰ অমৰ বাৰ্তাৰে জীৱন-নিৰ্বাহ কৰি আহিছে। যেতিয়া আমি জি-২০ক নেতৃত্ব প্ৰদানৰ সুযোগ পাইছিলোঁ, তেতিয়া আমি "এক বিশ্ব, এটা পৰিয়াল, এক ভৱিষ্যৎ"ৰ বাৰ্তাও দিছিলোঁ। বিশ্বক সংযোগ কৰা আৰু সংঘাত সমাধানৰ বাবে ভাৰত দায়বদ্ধ। প্ৰাচীন ছিল্ক ৰোডৰপৰা আজিৰ প্ৰযুক্তিগত পথলৈকে ভাৰতৰ অভিযান সদায় একেই আছিলঃ বিশ্বক সংযোগ কৰা আৰু প্ৰগতিৰ নতুন পথ মুকলি কৰা। এনে প্ৰেক্ষাপটত ডব্লিউটিএছএ আৰু আইএমচিৰ মাজৰ অংশীদাৰিত্বই এক প্ৰেৰণাদায়ক আৰু উৎকৃষ্ট বাৰ্তাও প্ৰেৰণ কৰে। যেতিয়া স্থানীয়ৰ সৈতে বিশ্ব একত্ৰিত হয়, তেতিয়া ই কেৱল এখন দেশকেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বকে উপকৃত কৰে আৰু এয়াই আমাৰ লক্ষ্য।

বন্ধুসকল,

একবিংশ শতিকাত ভাৰতৰ ম’বাইল আৰু টেলিকম যাত্ৰা সমগ্ৰ বিশ্বৰ বাবে অধ্যয়নৰ বিষয়। বিশ্বজুৰি ম’বাইল আৰু টেলিকমক সুবিধা হিচাপে দেখা গৈছে। কিন্তু ভাৰতৰ মডেল বেলেগ হৈ আহিছে। ভাৰতত আমি কেৱল টেলিকমক সংযোগৰ মাধ্যম হিচাপেই নহয়, বৰঞ্চ ইকুইটি আৰু সুযোগৰ মাধ্যম হিচাপেও দেখিছোঁ। এই মাধ্যমে গাঁও আৰু চহৰৰ মাজত, ধনী আৰু দৰিদ্ৰ লোকসকলৰ মাজৰ ব্যৱধান দূৰত সহায় কৰিছে। মোৰ মনত আছে, ১০ বছৰ পূৰ্বে যেতিয়া মই ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগী দেশৰ সন্মুখত দাঙি ধৰিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে আমি খণ্ড-খণ্ডকৈ কাম কৰা উচিত নহয়, বৰঞ্চ সামগ্ৰিক দৃষ্টিভংগীৰে কাম কৰা উচিত। ডিজিটেল ইণ্ডিয়াৰ চাৰিটা স্তম্ভ আমি চিনাক্ত কৰিছিলোঁ। প্ৰথমতে, ডিভাইচৰ খৰচ কম হ’ব লাগে। দ্বিতীয়তে, ডিজিটেল সংযোগে দেশৰ চুক-কোণক সংযোগ কৰিব লাগে। তৃতীয়তে, তথ্যসমূহ সকলোৰে বাবে সুলভ হ’ব লাগে। আৰু চতুৰ্থতে, আমাৰ লক্ষ্য হ’ব লাগে ‘ডিজিটেল ফাৰ্ষ্ট।’ আমি একেলগে চাৰিওটা স্তম্ভৰ কাম আৰম্ভ কৰছিলোঁ আৰু তাৰ ফল আমি দেখিছোঁ।

 

বন্ধুসকল,

আমি ভাৰতত ফোন নিৰ্মাণ কৰিবলৈ আৰম্ভ নকৰালৈকে ইয়াৰ মূল্য সুলভ নাছিল। ২০১৪ত ভাৰতত মাত্ৰ দুটা ম’বাইল উৎপাদন ইউনিট আছিল যদিও আজি ২০০ৰো অধিক উৎপাদন ইউনিট আছে। আগতে আমি বেছিভাগ ফোন আমদানি কৰিছিলোঁ, কিন্তু এতিয়া ভাৰতত ছগুণ বেছি ফোন উৎপাদন কৰিছোঁ আৰু আমি ম’বাইল ৰপ্তানিকাৰী হিচাপে স্বীকৃতি লাভ কৰিছোঁ। কিন্তু আমি তাতেই থমকি ৰোৱা নাই। এতিয়া চিপৰপৰা সম্পূৰ্ণ সামগ্ৰীলৈকে আমি বিশ্বক সম্পূৰ্ণ মেড-ইন-ইণ্ডিয়া ফোন এটা প্ৰদানৰ দিশত কাম কৰি আছোঁ। ভাৰতৰ অৰ্ধপৰিবাহী বাতাবৰণতো আমি যথেষ্ট বিনিয়োগ কৰিছোঁ।

 

বন্ধুসকল,

সংযোগৰ স্তম্ভৰ ওপৰত কাম কৰি আমি ভাৰতৰ প্ৰতিখন ঘৰ সংযুক্ত হোৱাটো নিশ্চিত কৰিছোঁ। আমি সমগ্ৰ দেশতে ম’বাইল টাৱাৰৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিছোঁ। জনজাতীয় লোকৰ বসতি প্ৰধান অঞ্চল, পাৰ্বত্য অঞ্চল, সীমান্ত অঞ্চলত কম সময়ৰ ভিতৰতে হাজাৰ-হাজাৰ ম’বাইল টাৱাৰ স্থাপন কৰা হৈছে। আমি ৰেল ষ্টেচন আৰু আন-আন ৰাজহুৱা স্থানত ৱাই-ফাইৰ সুবিধা প্ৰদান কৰিছোঁ। আমি আন্দামান-নিকোবৰ আৰু লক্ষদ্বীপৰ দৰে দ্বীপসমূহক সাগৰৰ তলৰ কেবলৰ জৰিয়তে সংযোগ কৰিছোঁ। মাত্ৰ ১০ বছৰতে ভাৰতে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ আঠগুণ দূৰত্বৰ অপটিকেল ফাইবাৰ সংস্থাপন কৰিছে! এতিয়া মই ভাৰতৰ গতিৰ উদাহৰণ দিব খুজিছোঁ। আমি দুবছৰ পূৰ্বে ম’বাইল কংগ্ৰেছত ৫-জিৰ শুভাৰম্ভ কৰিছিলোঁ। আজি ভাৰতৰ প্ৰায় প্ৰতিখন জিলা ৫-জি সেৱাৰ সৈতে সংযুক্ত হৈ আছে। আজি ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ৫-জি বজাৰত পৰিণত হৈছে আৰু আমি এতিয়া দ্ৰুতগতিত ৬-জি প্ৰযুক্তিৰ ওপৰত কাম কৰি আছোঁ।

বন্ধুসকল,

ভাৰতৰ টেলিকম খণ্ডত যি সংস্কাৰ সাধন আৰু উদ্ভাৱন হৈছে, সেয়া কল্পনাতীত আৰু অভূতপূৰ্ব। ফলত ডাটাৰ ব্যয় বহু পৰিমাণে হ্ৰাস পাইছে। আজি ভাৰতত ইন্টাৰনেট ডাটাৰ ব্যয় প্ৰতি জিবিত প্ৰায় ১২ চেন্ট, আনহাতে বহু দেশত এক জিবি ডাটাৰ ব্যয় ১০ৰ পৰা ২০ গুণ বেছি। প্ৰতিজন ভাৰতীয়ই প্ৰতিমাহে গড়ে ৩০ জিবি ডাটা ব্যৱহাৰ কৰি আছে।

 

বন্ধুসকল,

এই সকলোবোৰ প্ৰচেষ্টাক আমাৰ চতুৰ্থ স্তম্ভটোৱে নতুন পৰিসৰলৈ লৈ নিছে—  সেয়া হৈছে ‘ডিজিটেল ফাৰ্ষ্ট’ৰ মনোভাৱ। ভাৰতে ডিজিটেল প্ৰযুক্তিক গণতান্ত্ৰিক কৰি তুলিছে। আমি ডিজিটেল প্লেটফৰ্ম সৃষ্টি কৰিছোঁ আৰু এই প্লেটফৰ্মসমূহত উদ্ভাৱনে লাখ-লাখ নতুন সুযোগৰ সৃষ্টি কৰিছে। জেএএম ট্ৰিনিটি (জন ধন, আধাৰ আৰু ম’বাইল) বহু উদ্ভাৱনৰ ভেটি হৈ পৰিছে। ইউনিফাইড পেমেন্টছ ইন্টাৰফেছে (UPI) অসংখ্য নতুন কোম্পানীক সুযোগ প্ৰদান কৰিছে। আজিকালি অ’এনডিচি (অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ)ৰ বিষয়েও একেদৰেই চৰ্চা চলিছে আৰু ই ডিজিটেল কমাৰ্চত এক নতুন বিপ্লৱৰ সূচনা কৰিব। ক’ৰোনা মহামাৰীৰ সময়ত আমি দেখিছিলোঁ যে আমাৰ ডিজিটেল প্লেটফৰ্মসমূহে কেনেকৈ সকলো কাম সহজ কৰি তুলিছিল—সেয়া আৰ্তজনলৈ ধন হস্তান্তৰেই হওঁক, ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰা কৰ্মচাৰীসকললৈ বাস্তৱ সময়ৰ নিৰ্দেশনা প্ৰেৰণেই হওঁক, টিকাকৰণ প্ৰক্ৰিয়া সুশৃংখলিতকৰণেই হওঁক বা ডিজিটেল টিকাকৰণৰ প্ৰমাণপত্ৰ প্ৰদানেই হওঁক— সকলো ভাৰতত সুকলমে হৈছিল। আজি ভাৰতৰ ডিজিটেল সুবিধাৰাজিয়ে কল্যাণমূলক আঁচনিসমূহক বিশ্বজুৰি নতুন শিখৰলৈ উন্নীত কৰিব পাৰে। সেইবাবেই জি-২০ৰ অধ্যক্ষতাৰ সময়ত ভাৰতে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিত গুৰুত্ব আৰোপ কৰিছিল। আৰু আজি মই পুনৰ ক’ম যে ভাৰতে ইউপিআই সম্পৰ্কীয় অভিজ্ঞতা আৰু জ্ঞান সকলো দেশৰ সৈতে ভাগ-বতৰা কৰি সুখী হৈছে।

বন্ধুসকল,

ডব্লিউটিএছএ-ত নেটৱৰ্ক অৱ ৱমেন পদক্ষেপ সন্দৰ্ভত আলোচনা হ’ব। এইটো এটা অতিশয় গুৰুত্বপূৰ্ণ বিষয়। ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত গুৰুত্ব সহকাৰে কাম কৰি আছে। জি-২০ৰ অধ্যক্ষতাৰ সময়ছোৱাত আমি এই বিষয়টোৰ প্ৰতি আমাৰ দায়বদ্ধতাক অধিক আগুৱাই নিছিলোঁ। ভাৰতৰ লক্ষ্য হৈছে প্ৰযুক্তি খণ্ডক সৰ্বাংগীন কৰি তোলা আৰু প্ৰযুক্তি মঞ্চৰ জৰিয়তে নাৰী সবলীকৰণ কৰা। আপোনাসৱে দেখিছে যে আমাৰ মহাকাশ অভিযানত আমাৰ মহিলা বিজ্ঞানীসকলে কেনেদৰে মুখ্য ভূমিকা পালন কৰিছে। আমাৰ ষ্টাৰ্ট-আপসমূহত মহিলা সহ-প্ৰতিষ্ঠাপকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আজি ভাৰতত ‘ষ্টেম’ শিক্ষাত অংশগ্ৰহণ কৰা ৪০ শতাংশৰো অধিক হৈছে আমাৰ কন্যাসকল। ভাৰতে প্ৰযুক্তিৰ নেতৃত্বত মহিলাসকলৰ বাবে অধিক সুযোগ সৃষ্টি কৰিছে। আপোনাসৱে চৰকাৰৰ নমো ড্ৰোন দিদি কাৰ্য্যসূচীৰ কথা নিশ্চয় শুনিছে। এই কাৰ্য্যসূচীয়ে কৃষিক্ষেত্ৰত ড্ৰোনৰ ব্যৱহাৰক প্ৰোৎসাহিত কৰে আৰু ইয়াৰ নেতৃত্ব প্ৰদান কৰিছে ভাৰতৰ গাঁৱৰ মহিলাসকলে। ঘৰে-ঘৰে ডিজিটেল বেংকিং আৰু ডিজিটেল পেমেন্টক প্ৰোৎসাহনৰ বাবে আমি বেংক সখী কাৰ্য্যসূচীও আৰম্ভ কৰিছোঁ। অৰ্থাৎ মহিলাসকলে ডিজিটেল সজাগতাৰ পদক্ষেপৰ নেতৃত্ব দিছে। আমাৰ প্ৰাথমিক স্বাস্থ্যসেৱা, প্ৰসূতি আৰু শিশুৰ যত্নত আশা আৰু অংগনৱাড়ী কৰ্মীসকলৰ উল্লেখযোগ্য ভূমিকা আছে। আজি তেওঁলোকে টেবলেট আৰু এপৰ জৰিয়তে এই সকলোবোৰ কাম অনুসৰণ কৰে। আমি মহিলা উদ্যোগীসকলৰ বাবে অনলাইন বিপণন মঞ্চ মহিলা ই-হাট কাৰ্য্যসূচীও অব্যাহত ৰাখিছোঁ। অৰ্থাৎ আজি ভাৰতৰ মহিলাসকলে এসময়ত কল্পনা কৰিব নোৱাৰা গাঁওসমূহতো প্ৰযুক্তিৰে কাম কৰি আছে। আমি ভৱিষ্যতে এই পদক্ষেপক অধিক সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়িছোঁ। মই এনে এখন ভাৰতৰ কল্পনা কৰিছোঁ, য’ত প্ৰতিগৰাকী কন্যাই টেক লিডাৰ হৈ পৰিব।

 

বন্ধুসকল,

ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ সময়ত আমি বিশ্বৰ সন্মুখত এটি গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰিছিলোঁ। এই বিষয়টো মই ডব্লিউটিএছএ-ৰ দৰে বৈশ্বিক মঞ্চতো উপস্থাপন কৰিব বিচাৰিছোঁ। বিষয়টো হৈছে ডিজিটেল প্ৰযুক্তিৰ বাবে বৈশ্বিক কাঠামো আৰু বৈশ্বিক নিৰ্দেশনা। বিশ্বৰ প্ৰতিষ্ঠানসমূহে বিশ্ব শাসনৰ বাবে ইয়াৰ গুৰুত্বক স্বীকাৰৰ সময় আহি পৰিছে। প্ৰযুক্তিৰ বাবে কৰণীয় আৰু অকৰণীয়ৰাজিৰ এটা গ্ল’বেল ছেট থাকিব লাগিব। আজি সকলো ডিজিটেল সঁজুলি আৰু এপ্লিকেচনে যিকোনো দেশৰ সীমা আৰু সীমাবদ্ধতাৰ বাহিৰতো কাম কৰে। কোনো এখন দেশেই নিজাববীয়াকৈ নিজৰ নাগৰিকক চাইবাৰ ভাবুকিৰপৰা ৰক্ষা কৰিব নোৱাৰে। আমি একেলগে কাম কৰিব লাগিব আৰু বিশ্বৰ প্ৰতিষ্ঠানসমূহে ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। আমি আমাৰ অভিজ্ঞতাৰপৰা জানো, যেনেকৈ আমি বিমান পৰিবহণ খণ্ডত নিয়ম-নীতিৰ বাবে এক বৈশ্বিক কাঠামো স্থাপন কৰিছোঁ, ডিজিটেল জগতখনৰ বাবেও একেধৰণৰ কাঠামোৰ প্ৰয়োজন। এই ক্ষেত্ৰত ডব্লিউটিএছএয়ে অধিক সক্ৰিয়ভাৱে কাম কৰাটো প্ৰয়োজন। মই ডব্লিউটিএছএ-ৰ প্ৰতিজন সদস্যক আহ্বান জনাইছোঁ যে কেনেকৈ দূৰসংযোগক সকলোৰে বাবে সুৰক্ষিত কৰি তুলিব পাৰি, সেই বিষয়ে চিন্তা কৰক। এই আন্তঃসংযোগী বিশ্বখনত নিৰাপত্তাক লৈ আপোচ কৰিব নোৱাৰি। ভাৰতৰ তথ্য সুৰক্ষা আইন আৰু ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা কৌশলে এক নিৰাপদ ডিজিটেল ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰে। এই সভাৰ সদস্যসকলক মই এনে মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনাইছোঁ যিসমূহ অন্তৰ্ভুক্ত, সুৰক্ষিত আৰু যিসমূহৰ জৰিয়তে ভৱিষ্যতৰ প্ৰতিটো প্ৰত্যাহ্বানেৰে মোকাবিলা কৰিব পাৰি। আপোনাসৱে এথিকেল এআই আৰু তথ্য গোপনীয়তাৰ বাবে বৈশ্বিক মানদণ্ড বিকশিত কৰিব লাগে, যিয়ে ভিন্ন দেশৰ বৈচিত্ৰ্যক সন্মান কৰে।

 

বন্ধুসকল,

এই প্ৰযুক্তিগত বিপ্লৱত আমি প্ৰযুক্তিক মানৱকেন্দ্ৰিক মাত্ৰা প্ৰদানৰ বাবে অহৰহ চেষ্টা কৰাটো অতিশয় প্ৰয়োজনীয়। এই বিপ্লৱ যাতে দায়বদ্ধ আৰু স্থায়ী হয়, সেয়া নিশ্চিত কৰাটোও আমাৰ দায়িত্ব। আজি আমি যিসমূহ মানদণ্ড নিৰ্ধাৰণ কৰিম, সেইসমূহেই আমাৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰিব। গতিকে আমাৰ আলোচনাৰ কেন্দ্ৰবিন্দু হ’ব লাগে নিৰাপত্তা, মৰ্য্যাদা, সমতাৰ নীতি ভিত্তিক। আমাৰ লক্ষ্য হ’ব লাগে যে এই ডিজিটেল যুগত কোনো দেশ, কোনো অঞ্চল, কোনো সমাজ যাতে পিছ পৰি নাথাকে। আমি নিশ্চিত কৰিব লাগিব যে আমাৰ ভৱিষ্যৎ কাৰিকৰীভাৱে শক্তিশালী আৰু নৈতিকভাৱে সুস্থ, উদ্ভাৱন আৰু অন্তৰ্ভুক্তি ইয়াৰে মূলতে থাকিব।

বন্ধুসকল,

ডব্লিউটিএছএ-ৰ সফলতাৰ বাবে মোৰ শুভেচ্ছা আৰু সমৰ্থন আগবঢ়াইছোঁ। আন্তৰিক শুভেচ্ছা থাকিল! আপোনাসৱলৈ অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The inauguration of Swaminarayan Temple is a new milestone in the cultural relations between India and France: PM Modi
September 06, 2026
It is a matter of great joy that BAPS Swaminarayan Hindu Mandir is being inaugurated in Paris: PM
This temple will surely enrich the diversity of France and energize our cultural relations: PM
India-France Strategic Partnership is special as it rests on the strong foundation of old cultural and political bonds: PM

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!