‘অমৃত কাল ভিজন, ২০৪৭’ - ভাৰতীয় সামুদ্ৰিক সুনীল অৰ্থনীতিৰ ৰূপৰেখা উন্মোচন
২৩,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
গুজৰাটৰ দীনদয়াল বন্দৰ প্ৰাধিকৰণত টুনা টেক্ৰা ডিপ ড্ৰাফ্ট টাৰ্মিনেলৰ আধাৰশিলা স্থাপন
সামুদ্ৰিক খণ্ডত বৈশ্বিক আৰু ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবে ৩০০ ৰোধিক বুজাবুজিৰ চুক্তি (MoU) উৎসৰ্গা
“পৰিৱৰ্তিত বিশ্ব ব্যৱস্থাত বিশ্বই নতুন আকাংক্ষাৰে ভাৰতলৈ চাই আছে”
বিশ্ব বাণিজ্যত সাগৰীয় পথৰ ভূমিকাক আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনাৰ পিছৰ বিশ্বত এক নিৰ্ভৰযোগ্য যোগান শৃংখলৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বিনিয়োগকাৰীসকলে এই অভিযানৰ অংশ হৈ ভাৰতত যোগদানৰ এক বৃহৎ সুযোগ আছে।
এই প্ৰচেষ্টাসমূহে কৰ্মসংস্থাপনৰ সুযোগ আৰু ইজ অৱ লিভিং বহুগুণে বৃদ্ধি কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
“আমি এনে এটি ভৱিষ্যতৰ দিশে আগবাঢ়িছো য’ত সুনীলা অৰ্থনীতিই হ’ব এটি সেউজ গ্ৰহ সৃষ্টিৰ মাধ্যম”।
তেখেতে লগতে কয় যে ভাৰতে নিজৰ অত্যাধুনিক আন্তঃগাঁথনিৰ জৰিয়তে বিশ্বব্যাপী ক্ৰুজ হাব হোৱাৰ দিশত আগবাঢ়িছে।

সুপ্ৰভাত, সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিগৰাকী অতিথি, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগীসকল, মহাৰাষ্ট্ৰ, গোৱাৰ মুখ্যমন্ত্ৰীসকল, উপ-মুখ্যমন্ত্ৰীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল..

গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ তৃতীয় সংস্কৰণলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে ২০২১ চনত লগ পোৱাৰ সময়ত সমগ্ৰ বিশ্বই ক’ৰোনাৰ অনিশ্চয়তাই আগুৰি ধৰিছিল। কৰ’নাৰ পিছত পৃথিৱীখন কেনেকুৱা হ'ব কোনেও গম পোৱা নাছিল। কিন্তু আজি বিশ্বত এক নতুন বিশ্বব্যৱস্থা গঢ় লৈ উঠিছে আৰু এই পৰিৱৰ্তিত বিশ্বব্যৱস্থাত সমগ্ৰ বিশ্বই নতুন আকাংক্ষাৰে ভাৰতৰ ফালে চাই আছে। অর্থনৈতিক সংকটেৰে আগুৰি থকা পৃথিৱীখনত ভাৰতৰ অর্থনীতি অহৰহ শক্তিশালী হৈ আছে৷ ভাৰত বিশ্বৰ শীৰ্ষ ৩ খন অৰ্থনৈতিক শক্তিৰ ভিতৰত অন্যতম হোৱাৰ দিনটোলৈ আৰু বেছি পৰ নাই। আমি সকলোৱে জানো যে বিশ্বৰ সৰ্বোচ্চ বাণিজ্য কেৱল সাগৰীয় পথৰ জৰিয়তেহে হয়। ক’ৰোনাৰ পিছৰ জগতখনত আজি বিশ্বক নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক যোগান শৃংখলৰ প্ৰয়োজনো। সেইবাবেই গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ এই সংস্কৰণটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

 

বন্ধুসকল,

ইতিহাস সাক্ষী যে যেতিয়াই ভাৰতৰ সামুদ্ৰিক সামৰ্থ্য শক্তিশালী হৈছে, তেতিয়াই ইয়াৰ দ্বাৰা দেশ আৰু বিশ্বৰ অপৰিসীম উপকাৰ সাধন হৈছে। এই ধাৰণাৰে আমি এই খণ্ডটোক শক্তিশালী কৰাৰ বাবে যোৱা ৯-১০ বছৰ ধৰি পদ্ধতিগতভাৱে কাম কৰি আহিছো। শেহতীয়াকৈ ভাৰতৰ উদ্যোগত এনে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে যিয়ে একবিংশ শতিকাত বিশ্বজুৰি সামুদ্ৰিক উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ সম্ভাৱনা আছে। জি-২০ সন্মিলনৰ সময়ত ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ সন্দৰ্ভত এক ঐতিহাসিক সহমতত উপনীত হয়। শ শ বছৰৰ আগতে Silk Route এ বিশ্ব বাণিজ্যক ইন্ধন যোগাইছিল, এই পথটোৱেই বিশ্বৰ বহু দেশৰ উন্নয়নৰ ভিত্তি হৈ পৰিছিল। এতিয়া এই ঐতিহাসিক কৰিডৰে আঞ্চলিক আৰু বিশ্ব বাণিজ্যৰ ছবিও সলনি কৰিব। অত্যাধুনিক বিশালকায় বন্দৰ আৰু আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ, ইয়াৰ নিৰ্মাণ, দ্বীপ উন্নয়ন, অভ্যন্তৰীণ জলপথ, মাল্টি-মডেল হাবৰ সম্প্ৰসাৰণ আদি এনে বহু ডাঙৰ কাম এই আঁচনিৰ অধীনত কৰিব লাগিব। এই কৰিড’ৰে বাণিজ্যিক ব্যয় হ্ৰাস কৰিব, লজিষ্টিক দক্ষতা বৃদ্ধি কৰিব, পৰিৱেশৰ ক্ষতি হ্ৰাস কৰিব আৰু বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি কৰিব। ভাৰতৰ সৈতে সংযোগ স্থাপন কৰি বিনিয়োগকাৰীসকলে এই অভিযানৰ অংশ হোৱাৰ এক সুন্দৰ সুযোগ পাব ইয়াৰ জৰিয়তে।

বন্ধুসকল,

আজিৰ ভাৰতে আগন্তুক ২৫ বছৰত ক্ষীপ্ৰতাৰে বিকশিত হোৱাৰ দিশত কাম কৰি আছে। আমি প্ৰতিটো ক্ষেত্ৰতে বৈপ্লৱিক পৰিৱৰ্তন আনিছো। আমি সামুদ্ৰিক আন্তঃগাঁথনিৰ সমগ্ৰ পৰিস্থিতিতন্ত্ৰটোকেই শক্তিশালী কৰাৰ বাবে অহৰহ কাম কৰি আহিছো। বিগত দশকত ভাৰতৰ প্ৰধান বন্দৰসমূহৰ ক্ষমতা দুগুণ বৃদ্ধি পাইছে। ৯-১০ বছৰ পূৰ্বে ২০১৪ চনত কণ্টেইনাৰ জাহাজৰ টাৰ্ণআউট সময় আছিল ৪২ ঘণ্টা, সেই সময় ২০২৩ চনত ২৪ ঘণ্টালৈ হ্ৰাস পাইছে। বন্দৰ সংযোগ শক্তিশালী কৰাৰ বাবে আমি হাজাৰ হাজাৰ কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰিছো। আমাৰ উপকূলীয় অঞ্চলৰ আন্তঃগাঁথনিও সাগৰমালা প্ৰকল্পৰ জৰিয়তে শক্তিশালী কৰা হৈছে। এই সকলোবোৰ প্ৰচেষ্টাই নিয়োগ সৃষ্টি আৰু জীৱন-যাপনৰ সুচলতা বহুগুণ বৃদ্ধি কৰিছে।

 

বন্ধুসকল,

‘সমৃদ্ধিৰ বাবে বন্দৰ’ আৰু ‘প্ৰগতিৰ বাবে বন্দৰ’ৰ আমাৰ দৃষ্টিভংগীয়ে স্থলভাগত নিৰন্তৰ পৰিৱৰ্তনক আগুৱাই লৈ গৈছে। কিন্তু আমাৰ কামে ‘উৎপাদনশীলতাৰ বাবে বন্দৰ’ৰ মন্ত্ৰকো আৰু অধিক আগুৱাই লৈ গৈছে। আমাৰ চৰকাৰেও অৰ্থনৈতিক উৎপাদনশীলতা বৃদ্ধিৰ বাবে লজিষ্টিক খণ্ডক ফলপ্ৰসূ আৰু কাৰ্যক্ষম কৰি তুলিছে। ভাৰতে ইয়াৰ উপকূলীয় জাহাজ চলোৱাৰ ধৰণো আধুনিক কৰিছে। যোৱা দশকত উপকূলীয় মালবাহী যাতায়ত দুগুণ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত জনসাধাৰণে এক cost effective logistic option ও লাভ কৰিছে। আভ্যন্তৰীণ জলপথৰ উন্নয়নৰ বাবে ভাৰততো এক বৃহৎ পৰিৱৰ্তন ঘটিছে। যোৱা দশকত ৰাষ্ট্ৰীয় জলপথত cargo handling প্ৰায় ৪ গুণ বৃদ্ধি পাইছে। আমাৰ এই প্ৰচেষ্টাই যোৱা ৯ বছৰত Logistics Performance Index ত ভাৰতৰ ৰেটিংও উন্নত কৰিছে।

বন্ধুসকল,

আমি জাহাজ নিৰ্মাণ আৰু মেৰামতি খণ্ডতো যথেষ্ট গুৰুত্ব দিছো। আমাৰ থলুৱা বিমানবাহী জাহাজ INS Vikrant ভাৰতৰ সামৰ্থ্যৰ প্ৰমাণ। অনাগত দশকত ভাৰত বিশ্বৰ শীৰ্ষ পাঁচখন জাহাজ নিৰ্মাণ ৰাষ্ট্ৰৰ ভিতৰত অন্যতম হ’বলৈ গৈ আছে। আমাৰ মন্ত্ৰ: Make in India, Make For World Maritime Clusters ৰ বিকাশৰ জৰিয়তে জাহাজ নিৰ্মাণৰ অংশীদাৰসকলক একত্ৰিত কৰাৰ এক সংহত পদ্ধতিৰ ওপৰত কাম কৰি আছো। আমি অদূৰ ভৱিষ্যতে দেশৰ বহু ঠাইত জাহাজ নিৰ্মাণ আৰু মেৰামতি কেন্দ্ৰ গঢ়ি তুলিবলৈ ওলাইছো। ইতিমধ্যে জাহাজ পুনঃব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে ভাৰত। ইয়াৰ প্ৰধান বন্দৰসমূহক carbon neutral কৰি তুলিবলৈ ভাৰতে সামুদ্ৰিক খণ্ডতো নেট জিৰ’ কৌশলৰ ওপৰত কাম কৰি আছে। আমি এনে এটা ভৱিষ্যতৰ দিশে আগবাঢ়িছো য’ত blue economy, green planet হোৱাৰ মাধ্যম থাকিব।

 

বন্ধুসকল,

বিশ্বৰ বৃহত্তম Maritime Operators যাতে ভাৰতলৈ আহি ভাৰতৰ পৰা কাম কৰে, তাৰ বাবে ভাৰতে দ্ৰুত গতিত কাম কৰি আছে। গুজৰাটৰ আধুনিক GIFT চহৰে Ship Leasing ক এক প্ৰধান বিত্তীয় সেৱা হিচাপে প্ৰৱৰ্তন কৰিছে। GIFT IFSC ৰ দ্বাৰা জাহাজ লিজিং কোম্পানীকো বিভিন্ন ৰেহাই দিয়া হৈছে। মই আনন্দিত যে বিশ্বৰ ৪টা গ্ল’বেল শ্বিপ লিজিং কোম্পানীয়েও GIFT IFSC ত পঞ্জীয়ন কৰিছে। এই সন্মিলনত উপস্থিত থকা আন জাহাজ লিজিং কোম্পানীকো মই GIFT IFSC ত যোগদান কৰিবলৈ আহ্বান জনাইছো।

বন্ধুসকল,

ভাৰতৰ বিশাল উপকূল, শক্তিশালী নৈপৰীয়া পৰিৱেশ তন্ত্ৰ আৰু চহকী সাংস্কৃতিক ঐতিহ্য আছে। এইবোৰে একেলগে সামুদ্ৰিক পৰ্যটনৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰে। ভাৰতৰ প্ৰায় ৫ হাজাৰ বছৰ পুৰণি Lothal Dockyard বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এক প্ৰকাৰে লোথাল হৈছে Cradle of Shipping। এই বিশ্ব ঐতিহ্য সংৰক্ষণৰ বাবে লোথালত এটা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সো নিৰ্মাণ কৰা হৈছে। মুম্বাইৰ পৰা মাত্ৰ কিছু দূৰৈতেই লোথাল। এবাৰ লোথাললৈ আহিবলৈও সকলোকে অনুৰোধ জনালোঁ।

বন্ধুসকল,

সামুদ্ৰিক পৰ্যটন বৃদ্ধিৰ বাবে আমি বিশ্বৰ সৰ্ববৃহৎ নদী ক্ৰুজ সেৱাও আৰম্ভ কৰিছো। ভাৰতে ইয়াৰ বিভিন্ন বন্দৰত ইয়াৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ কাম কৰি আছে। মুম্বাইত নিৰ্মাণ কৰা হৈছে নতুন আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল। এইবাৰ আমি বিশাখাপট্টনম আৰু চেন্নাইতো এনে আধুনিক ক্ৰুজ টাৰ্মিনেল নিৰ্মাণ কৰিছো। উন্নত আন্তঃগাঁথনিৰ জৰিয়তে ভাৰতে Global Cruise Hub হোৱাৰ দিশত আগবাঢ়িছে।

বন্ধুসকল,

বিকাশ, জনসংখ্যা, গণতন্ত্ৰ আৰু চাহিদাৰ এনে সমন্বয় থকা বিশ্বৰ মাত্ৰ কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম। যি সময়ত ভাৰতে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত হোৱাৰ লক্ষ্যৰ দিশে আগবাঢ়িছে, সেই সময়ত আপোনালোকৰ বাবে এয়া এক সোণালী সুযোগ। মই পুনৰবাৰ বিশ্বৰ সকলো বিনিয়োগকাৰীক ভাৰতলৈ আহি আমাৰ সৈতে বিকাশৰ এই সোণসেৰীয়া পথত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো। আমি একেলগে খোজ দিম, একেলগে নতুন ভৱিষ্যত সৃষ্টি কৰিম, সকলোকে বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India surpasses US to become second fastest growing solar energy market

Media Coverage

India surpasses US to become second fastest growing solar energy market
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses pride in Indian contingent’s performance at Commonwealth Games 2026
August 03, 2026

The Prime Minister, Shri Narendra Modi, has expressed pride in the performance of the Indian contingent at the Commonwealth Games 2026 in Glasgow.

The Prime Minister expressed delight that India won 39 medals, including 13 Gold medals, and congratulated all the medal winners.

Shri Modi said that throughout the Games, the Indian athletes displayed exceptional skill, determination and dedication. He added that their hard work will continue to inspire the nation’s youth.

Shri Modi also extended his best wishes to the entire Indian contingent for their future endeavours and expressed hope that they would continue to bring greater glory to the nation.

Shri Modi wrote on X;

“Proud of our contingent’s performance at the Glasgow Commonwealth Games.

Delighted that India has won 39 medals, including 13 Golds. Congrats to the medal winners.

Throughout the Games, our talented athletes have displayed exceptional skill, determination and dedication. Their hardwork will keep inspiring our youngsters.

My best wishes to the entire Indian contingent for the endeavours ahead. May they continue to give their very best and bring further glory to the nation.

#CWG2026”