“India's FinTech revolution is improving financial inclusion as well as driving innovation”
“India's FinTech diversity amazes everyone”
“Jan Dhan Yojana has been pivotal in boosting financial inclusion”
“UPI is a great example of India's FinTech success”
“Jan Dhan Program has laid strong foundations of financial empowerment of women”
“Transformation brought about by FinTech in India is not limited to just technology. Its social impact is far-reaching”
“FinTech has played a significant role in democratizing financial services”
“India's Fintech ecosystem will enhance the Ease of Living of the entire world. Our best is yet to come”

নমস্কাৰ!

‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ ‘গভৰ্ণৰ’ শ্ৰীযুত শক্তিকান্ত দাস জী, ক্ৰিছ গোপালকৃষ্ণন জী, নিয়ন্ত্ৰকসমূহৰ সদস্য, বিত্ত উদ্যোগসমূহৰ নেতা, ‘ফিনটেক’ আৰু ‘ষ্টাৰ্ট-আপ বিশ্ব’ৰ মোৰ সহকৰ্মীসকল, গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

এয়া হৈছে ভাৰতৰ উৎসৱৰ বতৰ, আমি দিন দিয়েক আগতে মাত্ৰ ‘জন্মাষ্টমী’ উদযাপন কৰিছোঁ। আৰু সুখৰ কথা যে আমাৰ অৰ্থনীতি আৰু আমাৰ বজাৰতো এক উৎসৱৰ পৰিৱেশে বিৰাজ কৰি আছে। এই উৎসৱৰ উলহ-মালহ পৰিৱেশত এই গোলকীয় ‘ফিনটেক উৎসৱ’টো অনুষ্ঠিত হৈছে। আৰু সেয়াও আকৌ অনুষ্ঠিত হৈছে স্বপ্নৰ মহানগৰী মুম্বাইত। দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা অতিথিবৃন্দক মই আদৰণি জনাইছোঁ। ইয়ালৈ অহাৰ আগতে মই বেলেগ বেলেগ কেবাখনো প্ৰদৰ্শনীখন চাই আহিছোঁ, বহুতো সহকৰ্মীৰ সৈতে কথা-বতৰা পাতি আহিছো। আমাৰ যুৱপ্ৰজন্মৰ উদ্ভাৱন আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ এক সম্পূৰ্ণ নতুন পৃথিৱী তাত দৃশ্যমান হৈছে। ঠিক আছে, মই আপোনালোকৰ কামৰ বাবে শব্দ সলনি কৰিছোঁ, এখন সম্পূৰ্ণ নতুন পৃথিৱী দেখা পাই আহিছে। মই এই উৎসৱৰ আয়োজকসকলৰ লগতে অন্যান্য সকলোকে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

বিদেশৰ পৰা ইয়ালৈ বৃহৎ সংখ্যাত আমাৰ অতিথিসকল আহিছে। এটা সময় আছিল যেতিয়া মানুহ ভাৰতলৈ আহিছিল আৰু আমাৰ সাংস্কৃতিক বৈচিত্ৰ্য দেখি আচৰিত হৈছিল। এতিয়া যেতিয়া মানুহ ভাৰতলৈ আহে, তেওঁলোকেআমাৰ ‘ফিনটেক’ বৈচিত্ৰ্য দেখি আচৰিত হয়। বিমানবন্দৰত অৱতৰণ  কৰাৰ পৰা আৰম্ভ কৰি ‘ষ্ট্ৰীট ফুড’ আৰু বজাৰৰ অভিজ্ঞতালৈকে, ভাৰতৰ ‘ফিনটেক বিপ্লৱ’ চাৰিওফালে অনুভূত হোৱা দেখা যায়। যোৱা ১০টা বছৰত ‘ফিনটেক ষ্টাৰ্টআপ’ত ৩১ বিলিয়ন ডলাৰৰো অধিক পুঁজি বিনিয়োগ কৰা হৈছে। ১০ বছৰত আমাৰ ‘ফিনটেক ষ্টাৰ্টআপ’-ৰ সংখ্যা ৫০০ শতাংশ বৃদ্ধি হৈছে। সুলভ মূল্যৰ মোবাইল ফোন, সস্তা দৰৰ ‘ডাটা’ আৰু ‘জিৰো বেলেন্স’-ত ‘জন ধন বেংক একাউণ্ট’ মুকলি দৰে ভাৰতত বিস্ময়কৰ কামবোৰ সম্পন্ন হৈছে। আপোনালোকৰ মনত থাকিব পাৰে যে কিছুমান লোকে আগতে সুধিছিল, সংসদত থিয় হৈ সুধিছিল আৰু নিজকে বিদ্যান বুলি ভাবি থকা লোকসকলে সুধিছিল। সৰস্বতীয়ে যেতিয়া বুদ্ধি ভগাই আছিল তেতিয়া তেওঁলোক  ইতিমধ্যে বাটত থিয় হৈ আছিল। আৰু তেওঁলোকে কি কৈছিল জানেনে?, তেওঁলোকে সুধিছিল যে ভাৰতত ইমান বেংক নাই, ইমান ব্ৰাঞ্চ নাই, গাঁৱে গাঁৱে ইমান বেংক উপলব্ধ নহয়।  ইণ্টাৰনেট নাই, তেওঁলোকে আনকি ইমানলৈকে সুধিছিল যে বিদ্যুৎবা আছে নে নাই, ‘ৰিচাৰ্জিং’ ক'ত হ'ব, ‘ফিনটেক বিপ্লৱ’ কেনেদৰে সম্ভৱ হ'ব? এইটোও সোধা হৈছিল, আৰু মোৰ দৰে এজন চাহ বেচোতাক সোধা হৈছিল। কিন্তু আজি এটা দশকত ভাৰতত ‘ব্ৰডবেণ্ড’ ব্যৱহাৰকাৰীৰ সংখ্যা ৬০ নিযুত অৰ্থাৎ ৬ কোটিৰ পৰা ৯৪০ নিযুত অৰ্থাৎ প্ৰায় ৯৪ কোটিলৈ বৃদ্ধি পাইছে। আজি, ১৮ বছৰৰ অধিক বয়সৰ কোনো ভাৰতীয় নাই, যাৰ ‘ডিজিটেল আইডেণ্টিটী’ নাই, ‘আধাৰ কাৰ্ড’ নাই। আজি, ৫৩ কোটিৰো অধিক লোকৰ ‘জন ধন বেংক একাউণ্ট’ আছে। অৰ্থাৎ, ১০ বছৰত আমি সমগ্ৰ ইউৰোপীয় ইউনিয়নৰ সমগ্ৰ জনসংখ্যাৰ সম সংখ্যক ‘বেঙ্কিং প্ৰণালী’ৰ সৈতে সংযুক্ত কৰিছোঁ।

 

বন্ধুসকল,

‘জন ধন-আধাৰ-ম'বাইল’ৰ এই ত্ৰিমূৰ্তিয়ে আন এক ৰূপান্তৰণক গতি প্ৰদান কৰিছে। মানুহে কৈছিল যে ‘কেছ ইজ কিং’। আজি বিশ্বৰ বাস্তৱ-সময়ৰ ডিজিটেল লেনদেনৰ প্ৰায় আধাখিনিয়েই সম্পন্ন হয় ভাৰতত। ‘ইউপিআই; সমগ্ৰ বিশ্বতে ভাৰতৰ ‘ফিনটেক’ৰ এক উৎকৃষ্ট নিদৰ্শন হৈ উঠিছে। আজি গাঁৱেই হওক বা চহৰেই হওক, শীতকালেই হওক বা গ্ৰীষ্মই হওক, বৰষুণেই হওক বা বৰফপাতেই চলি থাকক, ভাৰতত বেঙ্কিং সেৱা ২৪ ঘণ্টা, সাত দিন আৰু ১২ মাহেই অব্যাহত আছে। আনকি ক’ৰোনাৰ ইমান ডাঙৰ সংকটৰ সময়তো ভাৰত বিশ্বৰ সেই দেশবোৰৰ ভিতৰত আছিল য'ত আমাৰ ‘বেঙ্কিং সেৱা’ কোনো সমস্যা নোহোৱাকৈয়ে অব্যাহত আছিল।

বন্ধুসকল,

২-৩ দিনমান আগতে মাত্ৰ ‘জন ধন যোজনা’ৰ ১০ বছৰ সম্পূৰ্ণ হৈছে। ‘জন ধন যোজনা’ মহিলা সৱলীকৰণৰ এক মহান মাধ্যম হৈ উঠিছে। ‘জন ধন যোজনা’ৰ অধীনত প্ৰায় ২৯০ নিযুত অৰ্থাৎ ২৯ কোটিৰো অধিক মহিলাৰ বেংক একাউণ্ট খোলা হৈছে। এই একাউণ্টবোৰে মহিলাসকলৰ বাবে সঞ্চয় আৰু বিনিয়োগৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। এই ‘জন ধন একাউণ্ট’বোৰৰ দৰ্শনক সাৰোগত কৰি আমি ‘মাইক্ৰ'ফাইনেন্স’ৰ আটাইতকৈ ডাঙৰ আঁচনি ‘মুদ্ৰা’ আৰম্ভ কৰিছো। এতিয়ালৈকে, এই আঁচনিৰ জৰিয়তে ২৭ ট্ৰিলিয়ন টকাৰো অধিক ঋণ দিয়া হৈছে, ২৭ ট্ৰিলিয়ন টকা। এই আঁচনিৰ প্ৰায় ৭০% হিতাধিকাৰীয়েই হৈছে মহিলা। ‘জন ধন একাউণ্ট’-য়ে মহিলাৰ আত্ম-সহায়ক গোটসমূহকো বেঙ্কিংৰ সৈতে সম্পৰ্কিত কৰিছিল। আজি দেশৰ ১০ কোটি গ্ৰামীন মহিলাই ইয়াৰ সুবিধা লাভ কৰিছে। অৰ্থাৎ ‘জন ধন কাৰ্যসূচী’য়ে মহিলাৰ বিত্তীয় সৱলীকৰণৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে।

বন্ধুসকল,

সমান্তৰাল অৰ্থনীতি সমগ্ৰ বিশ্বৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ উঠিছে। ‘ফিনটেক’-য়ে সমান্তৰাল অৰ্থনীতিকো আঘাত হানিছে আৰু ইয়াৰ বাবে আপোনালোক অভিনন্দনৰ পাত্ৰ। আমি ভাৰতত ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে কেনেদৰে স্বচ্ছতা আনিছো আপোনালোকে এয়াও প্ৰত্যক্ষ কৰিছে । আজি শ শ চৰকাৰী আঁচনিৰ অধীনত প্ৰত্যক্ষ লাভ স্থানান্তৰ কৰা হয়। এইটোৱে প্ৰণালীটোৰ পৰা ধনৰ হৰলুকিৰ সুৰুঙা বন্ধ কৰিছে। আজি মানুহে আনুষ্ঠানিক প্ৰণালীত যোগদান কৰাতো যে তেওঁলোকৰ বাবে সুবিধাৰ কথা সেয়া বুজি উঠিছে।

 

বন্ধুসকল,

ভাৰতত ‘ফিনটেক’ৰ কাৰণে যি পৰিৱৰ্তন ঘটিছে সেয়া কেৱল প্ৰযুক্তিতেই সীমাবদ্ধ নহয়। ইয়াৰ সামাজিক প্ৰভাৱ বহুতেই বিস্তৃত। এইটোৱে গাঁও আৰু চহৰৰ মাজৰ ব্যৱধান দূৰ কৰাত সহায় কৰিছে। এসময়ত, বেঙ্কৰ সেৱা লাভ কৰিবলৈ গোটেই দিনটো লাগিছিল। এজন কৃষকৰ বাবে, এজন মাছমৰীয়াৰ বাবে, এটা মধ্যবিত্ত পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ সমস্যা আছিল। ফিনটেকে এই সমস্যাটো আঁতৰ কৰিছে। বেংকবোৰ এসময়ত মাত্ৰ এটা ভৱনতে সীমাবদ্ধ আছিল। আজি বেংকবোৰ প্ৰতিগৰাকী ভাৰতীয়ৰ মোবাইললৈ সম্প্ৰসাৰিত হৈছে।

 

বন্ধুসকল,

‘ফিনটেক’-য়ে বিত্তীয় সেৱাসমূহৰ গণতান্ত্ৰিকীকৰণত এক ডাঙৰ ভূমিকা পালন কৰিছে। ঋণ, ‘ক্ৰেডিট কাৰ্ড’, বিনিয়োগ, বীমাৰ দৰে সামগ্ৰী সকলোৰে বাবে সহজে উপলব্ধ হৈ আহিছে। ‘ফিনটেক’-য়ে ‘ক্ৰেডিট’ৰ প্ৰৱেশানুকূলতা সহজ সাধ্য আৰু সমাৱেশী কৰি তুলিছে। মই এটা উদাহৰণ দিওঁ ৰব। আপোনালোকে জানে যে ভাৰতত পথৰ দাঁতিত বেহা কৰোতাসকলৰ এটা পুৰণি পৰম্পৰা আছে। কিন্তু তেওঁলোক আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ বাহিৰত আছিল। ‘ফিনটেক’-য়ে এই পৰিস্থিতিটো সলনি কৰিছে। আজি তেওঁলোকে ‘ডিজিটেল লেনদেন’ৰ ‘ৰেকৰ্ড’ৰ আধাৰত ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰ পৰা জামানত মুক্ত ঋণ ল'বলৈ সক্ষম হৈছে, তেওঁলোকে ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ অধিক ঋণ লাভ কৰি আছে। ‘শ্বেয়াৰ’ আৰু ‘মিউচুৱেল ফাণ্ড’ৰ দৰে সামগ্ৰীত বিনিয়োগ এসময়ত কেৱল ডাঙৰ চহৰতহে সম্ভৱ আছিল। আজি, গাঁও আৰু চহৰসমূহত বৃহৎ সংখ্যক বিনিয়োগৰ পথো অন্বেষণ কৰা হৈছে। আজি ঘৰতে বহি কেইমিনিটমানৰ ভিতৰতে ‘ডিমেট একাউণ্ট’ খোলা হৈছে, বিনিয়োগ প্ৰতিবেদন অনলাইনত উপলব্ধ হৈছে। আজি, বহু সংখ্যক ভাৰতীয়ই দূৰৱৰ্তী স্বাস্থ্যসেৱা গ্ৰহণ কৰি আছে, ‘ডিজিটেলী’, ‘অনলাইন’ৰে পঢ়াশুনা কৰি আছে, দক্ষতা অধ্যয়ন কৰি আছে, এয়াও ‘ফিনটেক্’ অবিহনে সম্ভৱ নহ'লহেঁতেন। অৰ্থাৎ ভাৰতৰ ‘ফিনটেক’ বিপ্লৱে জীৱনৰ মৰ্যাদা, জীৱনৰ মান উন্নত কৰাত এক ডাঙৰ ভূমিকা পালন কৰিছে।

 

বন্ধুসকল,

ভাৰতৰ ‘ফিনটেক বিপ্লৱ’ৰ সাফল্য কেৱল উদ্ভাৱনৰ বাবেই নহয়, বৰঞ্চ গ্ৰহণৰ বাবেও। ভাৰতৰ মানুহে যি গতিত ‘ফিনটেক’ গ্ৰহণ কৰিবলৈ লৈছে তাক আন কোনো ঠাইত দেখিবলৈ পোৱা নাযায়। ইয়াৰ বাবে এক ডাঙৰ কৃতিত্ব আমাৰ ‘ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি’-‘ডিপিআই’ আৰু আমাৰ ‘ফিনটেক’সমূহকো প্ৰদান কৰা হয়। দেশত এই প্ৰযুক্তিৰ ওপৰত বিশ্বাস সৃষ্টি কৰিবলৈ আশ্চৰ্যজনক উদ্ভাৱন কৰা হৈছে। কিউআৰ কোডৰ সৈতে ধ্বনি বাকচৰ ব্যৱহাৰ হৈছে এনেকুৱা এক উদ্ভাৱন। আমাৰ ‘ফিনটেক খণ্ড’ই চৰকাৰৰ ‘বেংক সখী’ কাৰ্যসূচীও অধ্যয়ন কৰা উচিত। আৰু এই ‘বেংক সখী’নো কি বস্তু মই ‘ফিনটেক’ৰে জড়িত যুৱবন্ধুসকলক ক'ব বিচাৰিছোঁ। মই এই অলপতে এদিন জলগাঁৱলৈ আহোতে  মই এনে ভগ্নী সখীক লগ পাইছিলো, তেওঁ গৌৰৱেৰে কৈছিল যে মই এদিনত ডেৰ কোটি টকাৰ ব্যৱসায় কৰোঁ। কি আত্মবিশ্বাস, আৰু তেওঁ এগৰাকী গাঁৱৰ মহিলা আছিল। আমাৰ ছোৱালীবোৰে যিদৰে প্ৰতিখন গাঁৱত বেঙ্কিং আৰু ডিজিটেল সজাগতা বিয়পাইছে তাৰ জৰিয়তে ‘ফিনটেক’-য়ে এক নতুন বজাৰ লাভ কৰিছে।

 

বন্ধুসকল,

একবিংশ শতিকাৰ পৃথিৱীখন অতি দ্ৰুতগতিত সলনি হৈ আছে। ‘মুদ্ৰা’ৰ পৰা ‘কিউআৰ কোড’লৈ যাত্ৰাত শতিকা লাগিছিল, কিন্তু এতিয়া প্ৰতিদিনে আমি নতুন উদ্ভাৱন দেখিবলৈ পাইছোঁ। ‘ডিজিটেল অনলি বেংক’ আৰু ‘নিঅ’-বেঙ্কিং’-ৰ দৰে ধাৰণাবোৰ আমাৰ সন্মুখত আছে। ‘ডিজিটেল টুইনছ’-ৰ দৰে প্ৰযুক্তিয়ে ‘ডাটা-আধাৰিত বেঙ্কিং’ক পৰৱৰ্তী স্তৰলৈ লৈ গৈছে। ই ‘বিপদাশংকা ব্যৱস্থাপনা’, ‘প্ৰৱঞ্চনা চিনাক্তকৰণ’ আৰু ‘গ্ৰাহকৰ অভিজ্ঞতা’লৈকে সকলো সলনি কৰিব। মই সুখী যে ভাৰতেও নিৰন্তৰ নতুন ‘ফিনটেক সামগ্ৰী’ মুকলি কৰি আছে। আমি স্থানীয় সামগ্ৰী বিকশিত কৰি আছো, কিন্তু সেইবোৰৰ প্ৰয়োগ বিশ্বজোৰা।  আজি ‘অ'এনডিচি’ অৰ্থাৎ ‘অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ’-য়ে ‘অনলাইন শ্বপিং’-কো অন্তৰ্ভুক্ত কৰিছে। ই ক্ষুদ্ৰ ব্যৱসায়ক ডাঙৰ সুযোগৰ সৈতে সংযুক্ত কৰিছে। ‘একাউণ্ট এগ্ৰিগেটৰ’সকলে ৰাইজ আৰু কোম্পানীসমূহৰ বাবে কথাবোৰ সহজ কৰি তুলিবলৈ ডাটা ব্যৱহাৰ কৰি আছে। ‘ট্ৰেডছ প্লেটফৰ্ম’ৰ সহায়ত সৰু সৰু প্ৰতিষ্ঠানবোৰৰ তৰলতা আৰু নগদ প্ৰবাহ উন্নত হৈ আহিছে। ই-ৰুপি হৈছে এনে এক ‘ডিজিটেল ভাউচাৰ’, যাক বিভিন্ন ৰূপত ব্যৱহাৰ কৰা হৈছে। ভাৰতৰ এই সামগ্ৰীবোৰ বিশ্বৰ আন দেশৰ বাবেও সমানেই উপযোগী। আৰু এই চিন্তাধাৰাৰ দ্বাৰা, আমি ‘জি-২০ প্ৰেচিডেন্সী’ৰ সময়ত এক গোলকীয় ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ভঁৰাল সৃষ্টি কৰাৰ প্ৰস্তাৱ দিছিলোঁ, যাক ‘জি-২০’ সদস্যসকলে আন্তৰিকতাৰে গ্ৰহণ কৰিছিল। মই ‘এআই’-ৰ অপব্যৱহাৰৰ বিষয়ে আপোনালোকৰ উদ্বেগবোৰো বুজি পাওঁ। সেয়েহে, ভাৰতে ‘এআই’-ৰ নৈতিক ব্যৱহাৰৰ বাবে এক গোলকীয় পৰিকাঠামো গঢ়ি তোলাৰ বাবেও আহ্বান জনাইছে।

 

বন্ধুসকল,

চৰকাৰে ‘ফিনটেক খণ্ড’ক সহায় কৰিবলৈ নীতি পৰ্যায়ত সকলো প্ৰয়োজনীয় পৰিৱৰ্তন কৰি আছে। আমি অলপতে এঞ্জেল টেক্স আঁতৰাইছো। এয়া ভাল কথা হোৱা নাছিল নে? ভাল কথা হৈছিল নহয় জানো। আমি দেশত গৱেষণা আৰু উদ্ভাৱনক উত্সাহিত কৰাৰ বাবে এক লাখ কোটি টকাৰ নিধি গঠনৰ কথা ঘোষণা কৰিছো। আমি এক তথ্য সুৰক্ষা আইন প্ৰণয়ন কৰিছো। আমাৰ নিয়ন্ত্ৰকসকলৰ পৰাও মই কিছু প্ৰত্যাশা কৰিছে। আমি চাইবাৰ প্ৰৱঞ্চনা প্ৰতিৰোধ কৰিবলৈ আৰু ‘ডিজিটেল সাক্ষৰতা’ৰ বাবে ডাঙৰ পদক্ষেপ ল'ব লাগিব। এই কথা মনত ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ হবযে ‘চাইবাৰ প্ৰৱঞ্চনা’ই ‘ষ্টাৰ্ট-আপ’ আৰু ‘ফিনটেক’ৰ বিকাশত বাধা দিব নালাগিব।

বন্ধুসকল,

আগৰ দিনত বেঙ্ক ডুবিবলৈ ওলাইছে বা বেঙ্ক ডুবিছে বা ডুবিব এতিয়া এনে ধৰণৰ জনৰৱ ৫-৭ দিন ধৰি চলি থাকিছিল। আজি যদি কোনো প্ৰণালীত গম পোৱা যায় যে ইয়াত ‘চাইবাৰ প্ৰৱঞ্চনা’ৰ দৰে অঘটন ঘটিছে, বিষয়টো এক মিনিটতে সম্পূৰ্ণ হয়, সেই কোম্পানীটো সমূলে নোহোৱা হৈ যায়। ফিনটেকৰ বাবে এয়া হৈছে অতিকে গুৰুত্বপূৰ্ণ। আৰু চাইবাৰ সমাধানৰ ফলত এইবোৰৰ কলিতে মৃত্যু হয়। যি কোনো এটা চাইবাৰ সমাধান উলিয়ালেই অসৎ লোকবোৰে ইয়াক ভাঙিবলৈ বেছি সময় নলয়েই, তেনেহ'লে সেই সমাধানটোৰ কলিতেই মৃত্যু হয়, তথাপিও আপোনালোকে আকৌ নতুন নতুন সমাধান উলিয়াবই লাগিব।     

 

বন্ধুসকল,

আজি বহনক্ষম অৰ্থনৈতিক বিকাশ হৈছে ভাৰতৰ প্ৰাথমিকতা। আমি শক্তিশালী, স্বচ্ছ আৰু দক্ষ প্ৰণালী গঢ়ি তুলিছো। আমি উন্নত প্ৰযুক্তি নিয়ন্ত্ৰক পৰিকাঠামোৰ সৈতে বিত্তীয় বজাৰবোৰসমূহক শক্তিশালী কৰি আছো। আমি ‘সেউজ বিত্ত’ৰ জৰিয়তে বহনক্ষম বিকাশত সহায় কৰি আছো। আমি বিত্তীয় অন্তৰ্ভুক্তিৰ সংপৃক্ততাত গুৰুত্ব আৰোপ কৰি আছো। মই নিশ্চিত যে ভাৰতৰ ‘ফিনটেক পৰিস্থিতিতন্ত্ৰ’ই ভাৰতৰ জনসাধাৰণক মানসম্পন্ন জীৱনশৈলী প্ৰদান কৰাৰ লক্ষ্যত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মই নিশ্চিত যে ভাৰতৰ ‘ফিনটেক পৰিস্থিতিতন্ত্ৰ’ই সমগ্ৰ বিশ্বৰ জীৱনধাৰণৰ স্বাচ্ছন্দ্য বৃদ্ধি কৰিব। আৰু মোৰ দেশৰ যুৱপ্ৰজন্মৰ প্ৰতিভাৰ ওপৰত মোৰ ইমানখিনি ভৰসা আছে আৰু মই অতি আত্মবিশ্বাসেৰে এই কথা কওঁ– আমাৰ সৰ্বশ্ৰেষ্ঠখিনি এতিয়াও আহিবলৈ বাকী আছে।

এয়া আপোনালোকৰ পঞ্চম অনুষ্ঠান, নহয় জানো? গতিকে মই আকৌ দশমতো আহিম। আৰু তেতিয়া, আপোনালোকেও কল্পনা কৰা নাই চাগৈ, সেই অনুষ্ঠানত আপোনালোকো উপস্থিত থাকিব বন্ধুসকল। আজি, মই আপোনালোকৰ কেইটামান ‘ষ্টাৰ্ট-আপ ইউনিট’ৰে মিলিত হৈছিলো, তেওঁলোকৰ সকলোকে অৱশ্যে লগ পাব পৰা নাছিলো, পিচে কিছু সংখ্যকক লগ পাইছিলো। কিন্তু তেওঁলোক প্ৰত্যেককে ১০টা ১০ টা ‘হোমৱৰ্ক’ দি আহিছোঁ, কিয়নো মই বুজি পাওঁ যে এইটো এটা অতি পৰিৱৰ্তন সূচনা কৰিব পৰা ক্ষেত্ৰ। এটা ডাঙৰ বিপ্লৱ সংঘটিত হৈছে আৰু আমি ইয়াত ইয়াৰ শক্তিশালী ভেটি দেখিবলৈ পাইছোঁ। এই বিশ্বাসৰ সৈতে, আপোনালোক সকলোকে মই বহুত বহুত শুভেচ্ছা জনাইছোঁ! বহুত  বহুত ধন্যবাদ!

 

কৃষ্ণগোপাল জীয়ে কোৱা কাৰণে আমি এই ফটোখন উঠিছিলো, কিন্তু আপোনালোকে চাগৈ ভাবিছে ইয়াৰ অৰ্থ কি, ৰ’ব মই ইয়াৰ পৰা কি লাভ হ’ব কওঁ শুনক– মই ‘এআই’-ৰ পৃথিৱীখনৰে জড়িত এজন ব্যক্তি, গতিকে আপোনালোকে যদি ‘নমো এপ’লৈ যায়, তেন্তে ‘নমো এপ’ৰ ‘ফটো ডিভিজন’লৈ যাব, তাত আপোনালোকৰ ‘চেলফি’ দিব আৰু আজি য’তেই নহওক কিয় আপোনালোক যদি মোৰ সৈতে মিলিত হৈছিল তেন্তে আপোনালোকে আপোনালোকৰ সেই ফটোখন পাই যাব।

 

কৃষ্ণগোপাল জীয়ে কোৱা কাৰণে আমি এই ফটোখন উঠিছিলো, কিন্তু আপোনালোকে চাগৈ ভাবিছে ইয়াৰ অৰ্থ কি, ৰ’ব মই ইয়াৰ পৰা কি লাভ হ’ব কওঁ শুনক– মই ‘এআই’-ৰ পৃথিৱীখনৰে জড়িত এজন ব্যক্তি, গতিকে আপোনালোকে যদি ‘নমো এপ’লৈ যায়, তেন্তে ‘নমো এপ’ৰ ‘ফটো ডিভিজন’লৈ যাব, তাত আপোনালোকৰ ‘চেলফি’ দিব আৰু আজি য’তেই নহওক কিয় আপোনালোক যদি মোৰ সৈতে মিলিত হৈছিল তেন্তে আপোনালোকে আপোনালোকৰ সেই ফটোখন পাই যাব।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”