"বন্দে ভাৰতে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ অংশীদাৰী ঐতিহ্যক সংযোগ কৰিব"
"বন্দে ভাৰত এক্সপ্ৰেছে সূচায় যে ভাৰতে প্ৰত্যেকৰ সৰ্বশ্ৰেষ্ঠটো বিচাৰে"
"বন্দে ভাৰত হৈছে নতুন ভাৰতৰ সামৰ্থ্য আৰু সংকল্পৰ প্ৰতীক"
"সংযোগ সম্পৰ্কীয় আন্তঃগাঁথনিয়ে কেৱল দুটা স্থানক সংযোগ কৰাই নহয়, সপোনবোৰক বাস্তৱৰ সৈতে সংযোগ কৰে আৰু সকলোৰে বিকাশ নিশ্চিত কৰে"
"য'তেই গতি আছে, ত’তেই প্ৰগতি আছে, যেতিয়াই প্ৰগতি হয় সমৃদ্ধি নিশ্চিত হয়"
"যোৱা ৭-৮ বছৰত কৰা কামে অহা ৭-৮ বছৰত ভাৰতীয় ৰে'লৱেক পৰিৱৰ্তন কৰিব"

নমস্কাৰ,

তেলেংগানাৰ ৰাজ্যপাল ড° তামিলিছাই সৌন্দৰৰাজন, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী, তেলেংগানাৰ মন্ত্ৰী মহম্মদ মাহমুদ আলী গাৰু, টি শ্ৰীনিবাস যাদৱ, মোৰ সতীৰ্থ সাংসদ, মোৰ বন্ধু বুণ্ডী সঞ্জয় গাৰু, কে লক্ষ্মণ গাৰু, অন্যান্য বিশিষ্ট ভদ্ৰ পুৰুষ-মহিলাসকল।

নমস্কাৰম।

এই উৎসৱমুখৰ পৰিৱেশত আজি তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশে লাভ কৰিছে এক বৃহৎ উপহাৰ। বন্দে ভাৰত এক্সপ্ৰেছে এক প্ৰকাৰে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মিলিত সংস্কৃতি আৰু ঐতিহ্যক সংযোগ কৰিব। তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণক বিশেষকৈ এই ৰাজ্যসমূহৰ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীক বন্দে ভাৰত ৰে’লৰ বাবে অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি সেনা দিৱস। প্ৰতিজন ভাৰতীয়ই নিজৰ সেনাবাহিনীক লৈ গৌৰৱ কৰে। দেশৰ ৰক্ষাৰ ক্ষেত্ৰত, দেশৰ সীমা ৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ অৱদান, ভাৰতীয় সেনাৰ বীৰত্ব অতুলনীয়। সকলো জোৱান, প্ৰাক্তন সেনাবাহিনী আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছো।

বন্ধুসকল,

বৰ্তমান সকলোতে পোংগল, মাঘ বিহু, মকৰ সংক্ৰান্তি, উত্তৰায়ণ উৎসৱৰ উল্লাসো পৰিলক্ষিত হৈছে। দেশৰ প্ৰধান দিনবোৰৰ দৰে অসেতু হিমাচল, কাশ্মীৰৰ পৰা কন্যাকুমাৰী, অটকৰ পৰা কটকলৈকে ডাঙৰ ডাঙৰ উৎসৱবোৰেও দেশক সংযোগ কৰে, আমাক সংযোগ কৰে। এক ভাৰত–শ্ৰেষ্ঠ ভাৰতৰ এখন ভব্য ছবি আমাৰ মন মন্দিৰত উপস্থাপন কৰা হৈছে, একেদৰে বন্দে ভাৰত ৰে’লেও আমাক আমাৰ যাত্ৰাৰ সৈতে সংযোগ স্থাপনৰ, নিজৰ গতিত বুজিবলৈ আৰু শিকিবলৈ সুযোগ দিয়ে। বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লখনেও আমাৰ মিলিত সংস্কৃতি, দেশ হিচাপে আমাৰ বিশ্বাসক সংযোগ কৰে। আৰম্ভ হোৱা এই নতুন ৰে’লখনে হায়দৰাবাদ, ৱাৰংগল, বিজয়াৱাড়া আৰু বিশাখাপট্টনমৰ দৰে চহৰক সংযোগ কৰিব। বিশ্বাস আৰু পৰ্যটনৰ লগত জড়িত বহুতো গুৰুত্বপূৰ্ণ স্থান এই পথত পৰে। সেয়েহে বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে ভক্ত আৰু পৰ্যটকসকলো যথেষ্ট উপকৃত হ’ব। ছেকেন্দৰাবাদ আৰু বিশাখাপট্টনমৰ মাজত যাত্ৰাৰ সময়ো এই ৰে’লেৰে হ্ৰাস কৰিব।

ভাই-ভনীসকল,

বন্দে ভাৰত ৰে’লো ইয়াৰ আন এক বৈশিষ্ট্য। এই ৰে’লখন নতুন ভাৰতৰ সংকল্প আৰু সম্ভাৱনাৰ প্ৰতীক। দ্ৰুত পৰিৱৰ্তনৰ পথত অগ্ৰসৰ হোৱা ভাৰতৰ ই এক প্ৰতীক। এনে ভাৰত, যি নিজৰ সপোন, নিজৰ আকাংক্ষাক লৈ প্ৰতিজন ভাৰতীয় অধীৰ হৈ আছে। এনে ভাৰত, যি দ্ৰুতগতিত আগবাঢ়ি গৈ নিজৰ লক্ষ্যত উপনীত হ’ব বিচাৰে। এই বন্দে ভাৰত এক্সপ্ৰেছ সেই ভাৰতৰ প্ৰতীক, যিয়ে সকলো ভাল বিচাৰে, শ্ৰেষ্ঠ হোৱাটো বিচাৰে। এই বন্দে ভাৰত এক্সপ্ৰেছ হৈছে এনে এখন ভাৰতৰ প্ৰতীক যি নিজৰ প্ৰতিজন নাগৰিকক উন্নত সুবিধা প্ৰদান কৰিব বিচাৰে। দাসত্বৰ মানসিকতাৰ পৰা ওলাই আহি আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়ি যোৱা ভাৰতৰ প্ৰতীক এই বন্দে ভাৰত এক্সপ্ৰেছ।

বন্ধুসকল,

আজি দেশত বন্দে ভাৰতৰ কাম যি দ্ৰুত হাৰত চলি আছে সেয়াও মন কৰিবলগীয়া বিষয়। এইখন বছৰৰ প্ৰথমখন ৰে’ল ছেকেন্দৰাবাদ-বিশাখাপট্টনম বন্দে ভাৰত ২০২৩। আৰু আপোনালোকে সুখী হ'ব যে ১৫ দিনৰ ভিতৰত দ্বিতীয়খন বন্দে ভাৰত ৰে'ল আমাৰ দেশত চলি আছে। ইয়াৰ পৰাই বুজা যায় যে ভাৰতৰ বন্দে ভাৰত অভিযানে ট্ৰেকত তীব্ৰ বেগত দৌৰি দ্ৰুতগতিত হোৱা পৰিৱৰ্তন উপলব্ধি কৰিছে। ভাৰতত ডিজাইন কৰা আৰু ভাৰতত নিৰ্মিত বন্দে ভাৰত ৰে’ল দেশৰ ৰে’ল। ইয়াৰ গতিৰ অসংখ্য ভিডিঅ’ ৰাইজৰ হৃদয় আৰু মনৰ লগতে ছ’চিয়েল মিডিয়াতো সম্পূৰ্ণৰূপে নিমগ্ন হৈ আছে। মই আৰু এটা পৰিসংখ্যা দিম যিটো আপোনালোকে নিশ্চয় ভাল পাব, ই আকৰ্ষণীয় হ’ব। যোৱা কেইবছৰমানৰ ভিতৰত ৭খন বন্দে ভাৰত ৰে’লে মুঠ ২৩ লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। ই পৃথিৱীত ৫৮ বাৰ প্ৰদক্ষিণ সমতুল্য। এই পৰ্যন্ত ৪০ লাখৰো অধিক যাত্ৰী এই ৰে’লযোগে যাত্ৰা কৰিছে। এই ৰে’লসমূহত যাত্ৰা কৰা লোকসকলে ৰাহি কৰা সময়ো অমূল্য।

ভাই-ভনীসকল,

গতিৰ সৈতে যোগাযোগ ব্যৱস্থাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে আৰু দুয়োটাৰে বিকাশৰ সৈতেও প্ৰত্যক্ষ সম্পৰ্ক আছে। সংযোগৰ আন্তঃগাঁথনিয়ে কেৱল দুটা স্থানক সংযোগ কৰাই নহয়, ই সপোনক বাস্তৱৰ সৈতেও সংযোগ কৰে। ই বজাৰৰ সৈতে উৎপাদনক সংযোগ কৰে, প্ৰতিভাক সঠিক মঞ্চৰ সৈতে সংযোগ কৰে। সংযোগে ইয়াৰ সৈতে উন্নয়নৰ সম্ভাৱনা সম্প্ৰসাৰিত কৰে। অৰ্থাৎ গতি আছে, য’ত গতি আছে তাতেই প্ৰগতি আৰু প্ৰগতি হ’লে সমৃদ্ধি নিশ্চিত। আমি সেই সময়টোও দেখিছো যেতিয়া ইয়াত উন্নয়ন আৰু আধুনিক সংযোগৰ সুবিধা অতি কম সংখ্যক লোকেহে পাইছিল। ইয়াৰ বাবেই দেশৰ বৃহৎ জনসংখ্যাৰ সময় কেৱল অহা-যোৱা আৰু যাতায়তৰ নামত কটাবলগীয়া হৈছিল। ইয়াৰ বাবে দেশৰ সাধাৰণ নাগৰিক, দেশৰ মধ্যবিত্ত শ্ৰেণীৰ বহু ক্ষতিগ্ৰস্ত হ’ল। আজি ভাৰত সেই পুৰণি চিন্তাধাৰাৰ আঁৰত ৰাখি আগবাঢ়িছে। আজিৰ ভাৰতত সকলোকে গতি আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ কাম দ্ৰুতগতিত চলি আছে। বন্দে ভাৰত ৰে’ল ইয়াৰ এটা ডাঙৰ প্ৰমাণ, ই এক প্ৰতীক।

বন্ধুসকল,

যেতিয়া ইচ্ছাশক্তি থাকে তেতিয়া আটাইতকৈ কঠিন লক্ষ্যটো উপনীত হ’ব পৰা যায়। আমি দেখিছো যে কেনেকৈ ৮ বছৰ আগলৈকে ভাৰতীয় ৰে’লৱেৰ বিষয়ে কেৱল হতাশাহে দেখা আৰু শুনা গৈছিল। লেহেমীয়া গতি, আৱৰ্জনাৰ ভাণ্ডাৰ, টিকট বুকিঙৰ সৈতে জড়িত অভিযোগ, দৈনিক সংঘটিত হোৱা দুৰ্ঘটনা, ভাৰতীয় ৰে’লৱেৰ উন্নতি অসম্ভৱ বুলি দেশবাসীয়ে মানি লৈছিল। যেতিয়াই ৰে’লৱেত নতুন আন্তঃগাঁথনিৰ কথা হৈছিল, বাজেটৰ অভাৱৰ অজুহাত দেখুৱাইছিল, লোকচানৰ কথা আছিল।

কিন্তু বন্ধুসকল,

স্পষ্ট আৰু সৎ উদ্দেশ্যেৰে আমি এই প্ৰত্যাহ্বানকো মোকাবিলা কৰাৰ সিদ্ধান্ত লৈছিলো। বিগত ৮ বছৰত ভাৰতীয় ৰে’লৱেৰ ৰূপান্তৰৰ আঁৰৰ মন্ত্ৰও আছিল এইটোৱেই। আজি ভাৰতীয় ৰে’লৱেত ভ্ৰমণ কৰাটো এটা সুখদায়ক অভিজ্ঞতা হৈ পৰিছে। দেশৰ বিভিন্ন ৰে'ল ষ্টেচনত আধুনিক ভাৰতৰ ছবি দেখা যায়। বিগত ৭-৮ বছৰত আমাৰ চৰকাৰে যিবোৰ কাম আৰম্ভ কৰিছে, সেইবোৰে অহা ৭-৮ বছৰত ভাৰতীয় ৰে’লৱেক সজীৱ কৰি তুলিব৷ বৰ্তমান ভিষ্টাডোম দবা, পৰ্যটনৰ প্ৰসাৰৰ বাবে ঐতিহ্যমণ্ডিত ৰে’ল আছে। কৃষকৰ উৎপাদিত সামগ্ৰী দূৰ-দূৰণিৰ বজাৰলৈ নিবলৈ কিষাণ ৰে’ল আৰম্ভ কৰা হ’ল। মালবাহী ৰে’লৰ বাবে বিশেষ মালবাহী কৰিড’ৰৰ কাম দ্ৰুত গতিত চলি আছে। দেশৰ চহৰসমূহত ৰাজহুৱা পৰিবহণৰ উন্নতিৰ বাবে ২ ডজনৰো অধিক নতুন চহৰত মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণ কৰা হৈছে। আঞ্চলিক ৰেপিড ট্ৰেনজিট ব্যৱস্থাৰ দৰে ভৱিষ্যতৰ ব্যৱস্থাৰ ওপৰতো দেশত দ্ৰুতগতিত কাম চলি আছে।

ভাই-ভনীসকল,

তেলেংগানাত বিগত ৮ বছৰত ৰে’লপথৰ সন্দৰ্ভত অভূতপূৰ্ব কাম কৰা হৈছে। ২০১৪ চনৰ আগৰ ৮ বছৰত তেলেংগানাৰ ৰে’লৱেৰ বাজেট আছিল ২৫০ কোটি টকাতকৈও কম। আনহাতে আজি এই বাজেট ৩০০০ কোটি টকালৈ বৃদ্ধি পাইছে। মেডাকৰ দৰে তেলেংগানাৰ বহু অঞ্চল প্ৰথমবাৰৰ বাবে ৰে’ল সেৱাৰ দ্বাৰা সংযোগ কৰা হৈছে। ২০১৪ চনৰ পূৰ্বৰ ৮ বছৰত তেলেংগানাত ১৫০ কিলোমিটাৰতকৈও কম নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছিল। আনহাতে বিগত ৮ বছৰত আমি তেলেংগানাত প্ৰায় ১৫০ কিলোমিটাৰ নতুন ৰেলপথ সম্পূৰ্ণ কৰিছো। বিগত ৮ বছৰত তেলেংগানাত ২৫০ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ ‘ট্ৰেক মাল্টি ট্ৰেকিং’ৰ কামো কৰা হৈছে। এই সময়ছোৱাত তেলেংগানাৰ ৰে’লপথৰ বিদ্যুতীকৰণ ৩ গুণতকৈও অধিক হৈছে। অতি সোনকালে আমি তেলেংগানাৰ সকলো ব্ৰড গজ পথতে বিদ্যুতীকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ ওলাইছো।

বন্ধুসকল,

আজি যি বন্দে ভাৰত চলি আছে সেইটোৱেও অন্ধ্ৰ প্ৰদেশৰ সৈতে এফালে সংযুক্ত হৈছে। কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ ৰে’ল নেটৱৰ্ক শক্তিশালী কৰাৰ বাবে অহৰহ কাম কৰি আছে। অন্ধ্ৰ প্ৰদেশত ২০১৪ চনৰ পূৰ্বৰ তুলনাত কেইবাগুণ বেছি হাৰত নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছে। বিগত বছৰবোৰত অন্ধ্ৰপ্ৰদেশত ৩৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’লপথ আৰু প্ৰায় ৮০০ কিলোমিটাৰ মাল্টি ট্ৰেকিং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। পূৰ্বৰ চৰকাৰৰ দিনত অন্ধ্ৰপ্ৰদেশত বছৰি ৬০ কিলোমিটাৰ ৰে’লপথৰ বিদ্যুৎ সংযোগ কৰা হৈছিল। এতিয়া এই গতিও বছৰি ২২০ কিলোমিটাৰতকৈও অধিক  হৈছে। ৰাইজৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টা, জীৱন ধাৰণ সহজতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু ব্যৱসায়ৰ সহজতাও বৃদ্ধি পাইছে। গতি আৰু প্ৰগতিৰ এই প্ৰক্ৰিয়া এনেদৰেই চলি থাকিব। এই বিশ্বাসেৰে মই পুনৰবাৰ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত চলা বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লখনক অভিনন্দন জনাইছো আৰু যাত্ৰীসকলক শুভেচ্ছা জনাইছো। সকলোকে বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hosts Commonwealth Games 2026 medal winners
August 09, 2026

The Prime Minister, Shri Narendra Modi today hosted India’s outstanding medal winners from the Commonwealth Games 2026 at 7 Lok Kalyan Marg. Shri Modi interacted with the athletes and heard about their experiences from the Games.

The Prime Minister said that the athletes’ achievements are a source of immense pride for the entire country and will inspire many youngsters to take up sports.

Shri Modi posted on X:

Delighted to host our outstanding medal winners from the Commonwealth Games 2026 at 7, Lok Kalyan Marg. Heard about their experiences from the Games.

Each one of them has made our nation proud through their exceptional performances. Their success will motivate many youngsters.