"আজি পুনৰ এবাৰ পোখৰাণ ভাৰতৰ আত্মবিশ্বাস আৰু গৌৰৱৰ সাক্ষী হৈছে"।
"আত্মনিৰ্ভৰ ভাৰতৰ অবিহনে বিকশিত ভাৰতৰ ধাৰণা অকল্পনীয়"
"ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাৰ বাবে আত্মনিৰ্ভৰতা হৈছে সশস্ত্ৰ বাহিনীৰ ওপৰত আত্মবিশ্বাসৰ নিশ্চয়তা"
"বিকশিত ৰাজস্থানে বিকশিত সেনাক শক্তি প্ৰদান কৰিব"

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভজন লাল শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ ৰাজনাথ সিং জী, গজেন্দ্ৰ শেখাৱত জী, কৈলাশ চৌধুৰী জী, পিএছএৰ অধ্যাপক অজয় সুদ জী, প্ৰতিৰক্ষা মুৰব্বী, জেনেৰেল অনিল চৌহান, এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰী, নৌসেনা প্ৰধান এডমিৰেল হৰি কুমাৰ, আৰ্মি চিফ জেনেৰেল মনোজ পাণ্ডে, জ্যেষ্ঠ বিষয়াসকল, তিনিওটা সেনাৰ সকলো বীৰ… আৰু ইয়াত উপস্থিত পোখৰাণৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল!

আজি আমি ইয়াত যি দৃশ্য দেখিলোঁ, আমাৰ তিনিওটা সেনাৰ যি পৰাক্ৰম দেখিলোঁ, অদ্ভূত। আকাশত এই গৰ্জন... মাটিত এই বীৰত্ব... চৌদিশে প্ৰতিধ্বনিত এই বিজয়ধ্বনি... এয়া নতুন ভাৰতৰ আহ্বান। আজি আমাৰ পোখৰাণ, আকৌ এবাৰ ভাৰতৰ আত্মনিৰ্ভৰশীলতা, ভাৰতৰ আত্মবিশ্বাস আৰু ভাৰতৰ আত্মগৌৰৱ এই ত্ৰিবেণীৰ সাক্ষী হৈ পৰিছে। এয়াই পোখৰাণ, যি ভাৰতৰ পাৰমাণৱিক শক্তিৰ সাক্ষী হৈ আছে, আৰু ইয়াতেই আজি আমি স্বদেশীকৰণৰ পৰা সৱলীকৰণৰ জৰিয়তে ইয়াৰ শক্তি দেখিবলৈ পাইছোঁ। আজি সমগ্ৰ দেশ ভাৰত শক্তিৰ এই উদযাপন, শৌৰ্যৰ ভূমি ৰাজস্থানত চলি আছে, কিন্তু ইয়াৰ প্ৰতিধ্বনি কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে শুনা গৈছে।

 

বন্ধুসকল,

মাত্ৰ কালি ভাৰতে MIRV আধুনিক প্ৰযুক্তিৰে সজ্জিত, দীৰ্ঘ দূৰত্বৰ ক্ষমতাযুক্ত অগ্নি-৫ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰিছে। পৃথিৱীৰ অতি কম সংখ্যক দেশতহে এই ধৰণৰ আধুনিক প্ৰযুক্তি আছে, এই ধৰণৰ আধুনিক সামৰ্থ্য আছে। এয়া প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল ভাৰতৰ আন এক বৃহৎ উৰণ।

 

বন্ধুসকল,

বিকশিত ভাৰতৰ কল্পনা, আত্মনিৰ্ভৰ ভাৰতৰ অবিহনে সম্ভৱেই নহয়। যদি ভাৰতৰ বিকাশ হ’ব লাগে, তেন্তে আমি আনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব লাগিব আৰু সেয়েহে আজি ভাৰতে খাদ্য তেলৰ পৰা আৰম্ভ কৰি আধুনিক যুদ্ধ বিমানলৈকে প্ৰতিটো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজিৰ অনুষ্ঠানটো এই সংকল্পৰ অংশ। আজি মেক ইন ইণ্ডিয়াৰ সফলতা আমাৰ সন্মুখত। আমাৰ বন্দুক, টেংক, যুঁজাৰু বিমান, হেলিকপ্টাৰ, মিছাইল ব্যৱস্থা, আপোনালোকে যি গৰ্জন দেখিছে – এয়াই ভাৰত শক্তি। অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ পৰা আৰম্ভ কৰি যোগাযোগৰ সঁজুলি, চাইবাৰ আৰু মহাকাশলৈকে আমি মেড ইন ইণ্ডিয়াৰ উৰণৰ অভিজ্ঞতা লাভ কৰিছোঁ – এয়াই ভাৰত শক্তি। আজি আমাৰ পাইলটসকলে ভাৰতত নিৰ্মিত “তেজস” যুদ্ধ বিমান, এডভান্সড লাইট হেলিকপ্টাৰ, লাইট কম্বেট হেলিকপ্টাৰ উৰুৱাই আছে– এয়াই ভাৰত শক্তি। আমাৰ নাৱিকসকলে সম্পূৰ্ণ ভাৰতত নিৰ্মিত ছাবমেৰিন, ধ্বংসকাৰী আৰু বিমানবাহী জাহাজেৰে ঢৌৰ মাজেৰে পাৰ হৈ গৈ আছে – এয়াই ভাৰত শক্তি। আমাৰ সেনা জোৱানসকলে ভাৰতত নিৰ্মিত আধুনিক অৰ্জুন টেংক আৰু কামানেৰে দেশৰ সীমা ৰক্ষা কৰি আছে - এয়াই ভাৰতৰ শক্তি।

 

বন্ধুসকল,

যোৱা ১০ বছৰত আমি দেশখনক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে ইটোৰ পিছত সিটোকৈ ডাঙৰ পদক্ষেপ লৈছোঁ। আমি পলিচী পৰ্যায়ত নীতিগত বিষয়সমূহৰ উন্নতি সাধন কৰিলোঁ, সংস্কাৰ কৰিলোঁ, ইয়াত ব্যক্তিগত খণ্ডক অন্তৰ্ভুক্ত কৰিলোঁ, এমএছএমই আৰু ষ্টাৰ্টআপক উৎসাহিত কৰিলোঁ। আজি দেশৰ উত্তৰ প্ৰদেশ আৰু তামিলনাডুত প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণ কৰা হৈছে। এইবোৰত এই পৰ্যন্ত ৭ হাজাৰ কোটি টকাৰো অধিক বিনিয়োগ কৰা হৈছে। আজি ভাৰতত এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ নিৰ্মাণ কাৰখানাটোৱে কাম কৰিবলৈ আৰম্ভ কৰিছে। আৰু আজি আমাৰ তিনিটা সেনাকো অভিনন্দন জনাম। আমাৰ তিনিওটা সেনাই শ শ অস্ত্ৰ-শস্ত্ৰৰ তালিকা এখন বনাই সিদ্ধান্ত ল’লে যে এতিয়া বাহিৰৰ পৰা আমদানি নকৰে। আমাৰ বাহিনীয়ে এই অস্ত্ৰসমূহৰ ভাৰতীয় পৰিৱেশ তন্ত্ৰক সমৰ্থন কৰিলে। মই সুখী যে আমাৰ সেনাবাহিনীৰ বাবে শ শ সামৰিক সঁজুলি এতিয়া ভাৰতীয় কোম্পানীৰ পৰা ক্ৰয় কৰা হৈছে। ১০ বছৰত স্বদেশী কোম্পানীৰ পৰা প্ৰায় ৬ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সঁজুলি ক্ৰয় কৰা হৈছে। এই ১০ বছৰত দেশৰ প্ৰতিৰক্ষা উৎপাদন দুগুণতকৈও অধিক অৰ্থাৎ এক লাখ কোটি টকাতকৈও অধিক হৈছে। আৰু আমাৰ যুৱক-যুৱতীসকলেও ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। যোৱা ১০ বছৰত ১৫০টাতকৈও অধিক নতুন ডিফেন্স ষ্টাৰ্টআপ আৰম্ভ কৰা হৈছে। আমাৰ বাহিনীসমূহে তেওঁলোকক ১৮০০ কোটি টকাৰ অৰ্ডাৰ দিয়াৰ সিদ্ধান্ত লৈছে।

 

বন্ধুসকল,

প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাত আত্মনিৰ্ভৰ হোৱা ভাৰত, সেনাবাহিনীৰ ওপৰত আস্থাৰো নিশ্চয়তা। যুদ্ধৰ সময়ত যেতিয়া সেনাই গম পায় যে তেওঁলোকে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰবোৰ নিজৰ আৰু ইয়াৰ কেতিয়াও নাটনি নহ’ব, তেতিয়া সেনাবাহিনীৰ শক্তি বহুগুণে বৃদ্ধি পায়। যোৱা ১০ বছৰত ভাৰতে নিজাকৈ যুদ্ধ বিমান নিৰ্মাণ কৰিছে। ভাৰতে নিজাকৈ বিমানবাহী জাহাজ নিৰ্মাণ কৰিছে। ‘চি-২৯৫’ পৰিবহণ বিমান ভাৰতত নিৰ্মাণ কৰা হৈছে। ভাৰতত আধুনিক ইঞ্জিনো নিৰ্মাণ কৰিবলৈ গৈ আছে। আৰু জানেনে, মাত্ৰ কেইদিনমানৰ আগতে কেবিনেটে আন এটা ডাঙৰ সিদ্ধান্ত লৈছে। এতিয়া আমি কেৱল ভাৰততে ৫ম প্ৰজন্মৰ যুঁজাৰু বিমান ডিজাইন, ডেভেলপ আৰু নিৰ্মাণ কৰিবলৈ ওলাইছোঁ। আপুনি কল্পনা কৰিব পাৰে যে ভৱিষ্যতে ভাৰতীয় সেনা আৰু ভাৰতৰ প্ৰতিৰক্ষা খণ্ড কিমান ডাঙৰ হ’ব, ইয়াত যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন আৰু আত্মসংস্থাপনৰ কিমান সুযোগ সৃষ্টি হ’ব। ভাৰত এসময়ত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা আমদানিকাৰক দেশ আছিল। আজি ভাৰত প্ৰতিৰক্ষা খণ্ডতো ডাঙৰ ৰপ্তানিকাৰক হৈ পৰিছে। আজি ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২০১৪ চনৰ তুলনাত ৮ গুণতকৈও অধিক বৃদ্ধি পাইছে।

 

বন্ধুসকল,

স্বাধীনতাৰ পিছৰে পৰা এটা দুৰ্ভাগ্য হৈছে যে যিসকলে দশক দশক ধৰি দেশখন শাসন কৰিলে, তেওঁলোক দেশৰ সুৰক্ষাৰ প্ৰতি গম্ভীৰ নাছিল। পৰিস্থিতি এনেকুৱা আছিল যে স্বাধীনতাৰ পিছত দেশৰ প্ৰথমটো বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল সেনাত ক্ৰয়ৰ সময়ত। তেওঁলোকে ইচ্ছাকৃতভাৱে ভাৰতক প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাৰ বাবে বিদেশী দেশৰ ওপৰত নিৰ্ভৰশীল কৰি ৰাখিছিল। মাত্ৰ ২০১৪ চনৰ আগৰ পৰিস্থিতিটো মনত পেলাওক – তেতিয়া কি আলোচনা হৈছিল? সেই সময়ত প্ৰতিৰক্ষা চুক্তিত কেলেংকাৰীৰ চৰ্চা চলিছিল। দশক দশক ধৰি বাকী থকা প্ৰতিৰক্ষা চুক্তিৰ বিষয়ে আলোচনা কৰা হৈছিল। সেনাবাহিনীৰ হাতত, ইমান দিনৰ গোলাবাৰুদ বাকী থকা বুলি উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁলোকে আমাৰ অৰ্ডিনেন্স ফেক্টৰীবোৰ ধ্বংস কৰি পেলাইছিল। আমি এই অৰ্ডিনেন্স ফেক্টৰীবোৰক জীৱন দান দিলোঁ, সেইবোৰ ৭টা ডাঙৰ কোম্পানীলৈ ৰূপান্তৰিত কৰিলোঁ। তেওঁলোকে এইচএএলক ধ্বংসৰ সীমালৈ লৈ আহিছিল। আমি এইচএএলক অভিলেখ সৃষ্টিকাৰী কোম্পানীলৈ ৰূপান্তৰিত কৰিলোঁ। কাৰ্গিল যুদ্ধৰ পিছতো তেওঁলোকে চিডিএছৰ দৰে পোষ্ট সৃষ্টি কৰাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। আমি সেয়া বাস্তৱায়িত কৰিলোঁ। দশক দশক ধৰি আমাৰ বীৰ শ্বহীদ জোৱানসকলৰ বাবে এটা জাতীয় স্মৃতিসৌধো নিৰ্মাণ কৰিব নোৱাৰিলে। এই কৰ্তব্যও আমাৰ চৰকাৰে পালন কৰে। আনকি পূৰ্বৰ চৰকাৰে আমাৰ সীমান্তত আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈও ভয় কৰিছিল। কিন্তু চাওক, আজি আমাৰ সীমান্ত অঞ্চলত ইটোৰ পিছত সিটোকৈ আধুনিক পথ, আধুনিক সুৰংগ নিৰ্মাণ কৰা হৈছে।

 

বন্ধুসকল,

মোদীৰ গেৰাণ্টীৰ অৰ্থ কি, সেয়া আমাৰ সৈনিক পৰিয়ালসমূহেও অনুভৱ কৰিছে। আপোনালোকে মনত পেলাওক, OROP- One Rank One Pension সম্পৰ্কে চাৰি দশক ধৰি সামৰিক পৰিয়ালক কেনেকৈ মিছা কথা কোৱা হৈছিল। কিন্তু মোদীয়ে অ’আৰঅ’পি কাৰ্যকৰী কৰাৰ গেৰাণ্টী দিছিল আৰু সেই গেৰাণ্টী অতি আড়ম্বৰেৰে পূৰণো কৰিলোঁ। মই যেতিয়া ইয়ালৈ ৰাজস্থানলৈ আহিছোঁ, তেতিয়া মই ক’ব পাৰোঁ যে ৰাজস্থানৰ ২.২৫ লাখ প্ৰাক্তন সেনা জোৱানেও ইয়াৰ সুবিধা পাইছে। OROP ৰ অধীনত ৫ হাজাৰ কোটিৰো অধিক টকা লাভ কৰিছে।

 

বন্ধুসকল,

দেশৰ অৰ্থনৈতিক শক্তি বাঢ়িলেহে সেনাবাহিনীৰ শক্তিও বাঢ়ে। যোৱা ১০ বছৰৰ অক্লান্ত আৰু সৎ প্ৰচেষ্টাত আমি বিশ্বৰ ৫ম বৃহত্তম অৰ্থনৈতিক শক্তি হৈ পৰিছোঁ, আৰু আমাৰ সামৰিক সামৰ্থ্যও বৃদ্ধি পাইছে। অনাগত বছৰবোৰত যেতিয়া আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হ’ম, তেতিয়া ভাৰতৰ সামৰিক সামৰ্থ্যইও নতুন উচ্চতাত উপনীত হ’ব। আৰু ভাৰতক তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাত ৰাজস্থানে ডাঙৰ ভূমিকা ল’বলৈ গৈ আছে। বিকশিত ৰাজস্থানেও, বিকশিত সেনাবাহিনীক সিমানেই শক্তি প্ৰদান কৰিব। এই আত্মবিশ্বাসেৰে ভাৰত শক্তিৰ সফল আয়োজনৰ পুনৰবাৰ মই আপোনালোক সকলোকে আৰু তিনিওটা সেৱাৰ যৌথ প্ৰচেষ্টাক অন্তৰৰ গভীৰতাৰ পৰা বহুত বহুত অভিনন্দন জনাইছোঁ। মোৰ সৈতে কওক-

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বহুত-বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi