"বাজেটৰ পিছৰ এই চিন্তা-চৰ্চা ৰূপায়ণ আৰু সময়-সীমাবদ্ধ বিতৰণৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ। ই কৰদাতাৰ ধনৰ প্ৰতিটো টকাৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰে"
"আমি যিমানে সুশাসনৰ ওপৰত গুৰুত্ব দিম, সিমানেই আমাৰ অন্তিম মাইলত উপনীত হোৱাৰ লক্ষ্য সিমানেই সহজে সম্পূৰ্ণ হ'ব"
"অন্তিম মাইলত উপনীত হোৱাৰ দৃষ্টিভংগী আৰু সংপৃক্ততাৰ নীতি পৰস্পৰৰ পৰিপূৰক"
"যেতিয়া আমাৰ লক্ষ্য হৈছে সকলোৰে ওচৰলৈ যোৱা, তেতিয়া বৈষম্য আৰু দুৰ্নীতিৰ কোনো সুযোগ নাথাকিব"
"এই বছৰৰ বাজেটে জনজাতীয় আৰু গ্ৰাম্য অঞ্চললৈ অন্তিম মাইলত উপনীত হোৱাৰ মন্ত্ৰ গ্ৰহণ কৰাৰ প্ৰতি বিশেষ মনোযোগ দিছে"
"প্ৰথমবাৰৰ বাবে, দেশখনে আমাৰ দেশৰ জনজাতীয় সমাজৰ বিশাল সম্ভাৱনাক এই স্তৰত গুৰুত্ব দিছে’’
"জনজাতীয় সম্প্ৰদায়ৰ মাজত আটাইতকৈ বঞ্চিত সকলৰ বাবে বিশেষ অভিযানৰ অধীনত দ্ৰুতগতিত সুবিধা প্ৰদান কৰাৰ বাবে সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰ প্ৰয়োজন"
"অন্তিম মাইলত উপনীত হোৱাৰ ক্ষেত্ৰত উচ্চাকাংক্ষী জিলা কাৰ্যসূচী এক সফল আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে"

সাধাৰণতে বাজেট দাখিলৰ পাছত সংসদত বাজেট সন্দৰ্ভত আলোচনা হয়। এয়া প্ৰয়োজনীয় হোৱাৰ লগতে উপযোগীও। কিন্তু আমাৰ চৰকাৰে বাজেট সম্পৰ্কীয় এনে আলোচনাক আৰু এখোজ আগুৱাই নিছে। যোৱা কেইবছৰমানৰপৰা আমাৰ চৰকাৰে বাজেট প্ৰস্তুতৰ পূৰ্বে আৰু পিছত সকলো অংশীদাৰৰ সৈতে আলোচনাৰে এক নতুন পৰম্পৰা আৰম্ভ কৰিছে। কাৰ্য্যকৰীকৰণৰ দৃষ্টিকোণেৰে এয়া অতিশয় গুৰুত্বপূৰ্ণ, সময় নিৰ্ধাৰিত ৰূপায়ণ ইয়াৰ মূল কথা। ইয়াৰদ্বাৰা কৰদাতাসকলৰ ধনৰ প্ৰতিটো টকাৰ সঠিক ব্যৱহাৰো নিশ্চিত হয়। যোৱা কেইদিনমানৰপৰা ভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে কথা পাতিছো। আজিৰ বিষয় হৈছে অন্তিম প্ৰান্তত উপনীত হোৱা (Reaching The Last Mile)। মহাত্মা গান্ধীয়ে কৈছিল যে নীতি আৰু পৰিকল্পনাৰাজিয়ে অতি সোনকালে অন্তিম প্ৰান্তৰ ব্যক্তিজনক স্পৰ্শ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। সেইবাবেই আজি এই বিষয়ত সকলো অংশীদাৰৰ সৈতে এক ব্যাপক আলোচনাৰ প্ৰয়াস কৰা হৈছে। বাজেটত জনকল্যাণৰ বাবে ইমানবোৰ ব্যৱস্থা কৰা হৈছে, আমি এইসমূহক কেনেকৈ সম্পূৰ্ণ স্বচ্ছতাৰে হিতাধিকাৰীসকলৰ ওচৰলৈ লৈ যাব পাৰিম, তাৰ আলচ কৰা হ’ব।

সতীৰ্থসকল,

আমাৰ দেশত এটা পুৰণি ধাৰণা আছে যে ৰাইজৰ কল্যাণ আৰু দেশৰ উন্নয়ন কেৱল ধনেৰেহে সম্ভৱ। কিন্তু কথাটো তেনেকুৱা নহয়। দেশ আৰু দেশবাসীৰ উন্নয়নৰ বাবে টকাৰ প্ৰয়োজন আছে, কিন্তু টকাৰ সমান্তৰালকৈ এটা মনৰো প্ৰয়োজন। চৰকাৰী কাম-কাজ আৰু চৰকাৰী আঁচনিৰ সফলতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় চৰ্ত হৈছে সুশাসন, সংবেদনশীল শাসন, সাধাৰণ লোকৰ বাবে উৎসৰ্গিত শাসন। চৰকাৰৰ কাম-কাজ মূল্যায়ন কৰিবপৰা ব্যৱস্থা, নিৰন্তৰ নিৰীক্ষণ থকা মাত্ৰেকে সময়সীমাৰ ভিতৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰাটো স্বাভাৱিক আৰু আকাংক্ষিত ফলাফল লাভ কৰাটো সাধাৰণ হৈ উঠে। গতিকে আমি যিমানেই সুশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰিম, সিমানেই আমাৰ লক্ষ্য অন্তিম প্ৰান্তত উপনীত হোৱাটো সহজ হৈ উঠিব।

আপোনালোকৰ মনত আছে, পূৰ্বে আমাৰ দেশত ভেকচিন সুদূৰ অঞ্চলসমূহ পাবলৈ কেইবা দশকো সময় লাগিছিল। টিকাকৰণৰ ক্ষেত্ৰত দেশখন বহু পিছ পৰি আছিল। দেশৰ কোটি-কোটি শিশু, বিশেষকৈ গাঁও আৰু জনজাতীয় অঞ্চলসমূহত বসবাস কৰা শিশুসকলে বছৰ-বছৰ ধৰি এই ভেকচিনৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল। যদি আমি পুৰণি পদ্ধতিৰে কাম কৰিলোহেঁতেন, তেন্তে ভাৰতত ১০০% টিকাকৰণৰ ক’ভাৰেজ লাভ কৰিবলৈ কেইবাটাও দশক লাগিলহেঁতেন। কিন্তু, আমি নতুন পন্থাৰে কাম আৰম্ভ কৰিলো, মিছন ইন্দ্ৰধনুষৰ শুভাৰম্ভ কৰিলো আৰু সমগ্ৰ দেশতে টিকাকৰণ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিলো। ক’ৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰোতে আমি এই নতুন ব্যৱস্থাৰ সুফল লাভ কৰিছিলো। বহু দূৰলৈ ভেকচিন যোগান ধৰা হৈছিল। মই বিশ্বাস কৰো যে এই ক্ষেত্ৰত সুশাসনৰ এক বৃহৎ ভূমিকা আছে, এয়া এনে এক শক্তি যিয়ে অন্তিম প্ৰান্তত ডেলিভাৰী সম্ভৱ কৰি তুলিছে।

সতীৰ্থসকল,

ৰিচিং দ্য লাষ্ট মাইলৰ পদ্ধতি আৰু চেচুৰেচন নীতি, এটা আনটোৰ পৰিপূৰক। এটা সময় আছিল, দৰিদ্ৰ লোকসকলে মৌলিক সা-সুবিধাৰাজি বিচাৰি চৰকাৰৰ ওচৰলৈ যাবলগীয়া হৈছিল, কোনোৱে টকা বিচাৰিছিল, যাৰ বাবে দুৰ্নীতিও বাঢ়িছিল আৰু জনতাৰ অধিকাৰ খৰ্ব হৈছিল। এতিয়া চৰকাৰে দৰিদ্ৰ লোকসকলক তেওঁলোকৰ দুৱাৰমুখলৈ গৈ সা-সুবিধাৰাজি প্ৰদান কৰিছে। যিদিনাই আমি প্ৰতিটো মৌলিক সুবিধা প্ৰতিজন নাগৰিকক কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ প্ৰদানৰ সংকল্প গ্ৰহণ কৰিম, সেই দিনাই আমি স্থানীয় পৰ্য্যায়ত কৰ্ম সংস্কৃতিত সাধন হোৱা বৃহৎ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিব পাৰিম। এয়াই হৈছে চেচুৰেচন নীতিৰ আঁৰৰ কথা। যেতিয়া আমি প্ৰতিজন অংশীদাৰৰ ওচৰলৈ যোৱাৰ লক্ষ্য হাতত ল’ম, সেই দিনাই বৈষম্য, দুৰ্নীতি আৰু স্বজন-তোষণৰ কোনো অৱকাশ নাথাকিব। তেতিয়াহে অন্তিম প্ৰান্তত উপনীত হোৱাৰ লক্ষ্য পৰিপূৰণ হ’ব। আপোনাসৱে দেখিছে, আজি দেশত প্ৰথমবাৰৰ বাবে পিএম স্বনিধি যোজনাৰ জৰিয়তে আনুষ্ঠানিক বেংকিঙৰ সৈতে পথৰ বিক্ৰেতাসকলক জড়িত কৰা হৈছে। আজি দেশত প্ৰথমবাৰৰ বাবে যাযাবৰী, অৰ্ধ যাযাবৰী শ্ৰেণীটোৰ বাবে এখন কল্যাণ পৰিষদ গঠন কৰা হৈছে। গাঁওসমূহত স্থাপন কৰা ৫ লাখৰো অধিক সাধাৰণ সেৱা কেন্দ্ৰই চৰকাৰৰ সেৱাসমূহ গাঁওসমূহলৈ লৈ গৈছে। দেশত টেলিমেডিচিনৰ ১০ কোটি কেছ কেনেদৰে সম্পূৰ্ণ হৈছে, সেই বিষয়ে কালি মন কী বাতত বিতংভাৱে কৈছিলো। স্বাস্থ্য সন্দৰ্ভত ৰিচিং দ্য লাষ্ট মাইলৰ মনোভাৱৰ প্ৰতিফলন ঘটিছে।

সতীৰ্থসকল,

ভাৰতৰ জনজাতীয় অঞ্চল আৰু গ্ৰামাঞ্চলসমূহত ৰিচিং দ্য লাষ্ট মাইলৰ মন্ত্ৰ বাস্তৱায়িতকৰণৰ প্ৰয়োজনীয়তা আছে। এইবাৰৰ বাজেটতো এই বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ৰিচিং দ্য লাষ্ট মাইলৰ লক্ষ্য পৰিপূৰণৰ বাবে জল-জীৱন অভিযানৰ বাজেটত কেইবা হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। ২০১৯ লৈকে আমাৰ দেশৰ গ্ৰামাঞ্চলসমূহৰ মাত্ৰ তিনি কোটি ঘৰত টেপৰ পানীৰ সংযোগ আছিল। এতিয়া এনে গৃহস্থীৰ সংখ্যা ১১ কোটিৰো অধিক হৈছে আৰু এয়াও অতিশয় কম সময়ৰ ভিতৰতে সম্পন্ন হৈছে। মাত্ৰ এবছৰৰ ভিতৰতে দেশত প্ৰায় ৬০ হাজাৰ অমৃত সৰোবৰৰ কাম আৰম্ভ হৈছে আৰু মোক কোৱা তথ্য অনুসৰি, এতিয়ালৈকে ৩০ হাজাৰৰো অধিক অমৃত সৰোবৰ খন্দাৰ কাম সম্পন্ন হৈছে। এই অভিযানসমূহে দশক-দশক ধৰি এনে ব্যৱস্থাৰ বাবে অপেক্ষা কৰি থকা অন্তিম প্ৰান্তৰ ভাৰতীয়জনৰ জীৱন ধাৰণৰ মানৰ অগ্ৰগতি সাধন কৰিছে।

কিন্তু বন্ধুসকল,

আমি ইয়াতে ক্ষান্ত হ’লে নহ’ব। আমি এনে এটা ব্যৱস্থা গঢ়ি তুলিব লাগিব, যাতে ইয়াৰ জৰিয়তে এক আৰ্হি প্ৰতিফলিত হয়। জল সমিতিখনক অধিক শক্তিশালীকৰণৰ উপায় সম্পৰ্কেও আমি পৰ্য্যালোচনা কৰিব লাগিব। গ্ৰীষ্মকাল আহি আছে। আমি এয়াও ভাবিব লাগিব যে এতিয়াৰেপৰা আমি পানী সংৰক্ষণৰ বাবে কেনেদৰে পানী কমিটিসমূহক ব্যৱহাৰ কৰিব পাৰো। বৰষুণৰ পানী সংৰক্ষণৰ অৰ্থে সজাগতা সৃষ্টি কৰিব লাগে, জনসাধাৰণক জ্ঞাত কৰি তুলিব লাগিব।

সতীৰ্থসকল,

এইবাৰৰ বাজেটত আমি দৰিদ্ৰ লোকসকলৰ গৃহ নিৰ্মাণৰ বাবে প্ৰায় ৮০ হাজাৰ কোটি টকা ধাৰ্য্য কৰিছো। আমি হাউছিং ফৰ অল অভিযানটোক ক্ষীপ্ৰ কৰিব লাগিব। গৃহ নিৰ্মাণক প্ৰযুক্তিৰ সৈতে কেনেকৈ সংযোগ কৰিব পাৰি, কম খৰচত কেনেকৈ অধিক মজবুত আৰু শক্তিশালী ঘৰ নিৰ্মাণ কৰিব পাৰি, সৌৰশক্তিৰ দৰে সেউজ শক্তিৰ সুবিধা কেনেকৈ আহৰণ কৰিব পাৰি, গ্ৰুপ হাউছিঙৰ নতুন মডেল কি হ’ব পাৰে, গাঁও আৰু চহৰত ইয়াৰ গ্ৰহণযোগ্য আদি সন্দৰ্ভত এক গভীৰ আলোচনাৰ প্ৰয়োজন। আশা কৰিছো, ইয়াত আপোনালোকৰ অভিজ্ঞতাৰাজিৰ আদান-প্ৰদান হ’ব।

সতীৰ্থসকল,

পোন প্ৰথমবাৰৰ বাবে দেশখনত ইমান বৃহৎ পৰিসৰত আমাৰ দেশৰ জনজাতীয় সমাজখনৰ বিপুল সম্ভাৱনাৰাজিক বাস্তৱায়িতকৰণৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বাজেটত জনজাতীয় উন্নয়নক প্ৰাধান্য দিয়া হৈছে। একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত শিক্ষক-কৰ্মচাৰী নিযুক্তিৰ বাবে এক বৃহৎ ব্যৱস্থা হাতত লোৱা হৈছে। একলব্য আদৰ্শ বিদ্যালয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়া, শিক্ষক সমাজৰ প্ৰতিক্ৰিয়া আমি গ্ৰহণ কৰিব লাগিব। আমি লগতে চিন্তা কৰিব লাগিব, এই বিদ্যালয়সমূহত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে দেশৰ ডাঙৰ চহৰসমূহত কেনেকৈ সুযোগ লাভ কৰিব পাৰে। কল্পনা কৰকচোন, যদি আমি এতিয়াৰেপৰাই এই বিদ্যালয়সমূহত ষ্টাৰ্ট-আপ আৰু ডিজিটেল মাৰ্কেটিংৰ বাবে কৰ্মশালা আৰম্ভ কৰো, তেন্তে ইয়াৰ জৰিয়তে আমাৰ জনজাতীয় সমাজখন কিমান লাভৱান হ’ব। এই শিশুসকলে একলব্য আদৰ্শ বিদ্যালয়ৰপৰা উত্তীৰ্ণ হ’লে তেওঁলোকেও তেওঁলোকৰ অঞ্চলৰ জনজাতীয় সামগ্ৰীৰাজি সম্পৰ্কে প্ৰচাৰ কেনেকৈ কৰিব লাগে, কেনেকৈ অনলাইনত ব্ৰেণ্ডিং কৰিব লাগে, সেই সম্পৰ্কে জ্ঞাত হৈ উঠিব।

সতীৰ্থসকল,

প্ৰথমবাৰৰ বাবে আমি আদিবাসীসকলৰ আটাইতকৈ বঞ্চিতসকলৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছো। দেশৰ ২০০ খনৰো অধিক জিলাৰ ২২ হাজাৰৰো অধিক গাঁৱত আমাৰ জনজাতীয় বন্ধু-বান্ধৱীসকলক আমি দ্ৰুত সুবিধা প্ৰদান কৰিব লাগিব। ঠিক তেনেদৰে, আমাৰ সৰু সমাজসমূহত, বিশেষকৈ আমাৰ মুছলমান সমাজত এখন দুখী সমাজ আছে, সেই সমাজখনৰ লোকসকলে সুফল কেনেকৈ লাভ কৰিব পাৰে, স্বাধীনতাৰ বহু বছৰৰ পাছত তেওঁলোকৰ কল্যাণ সাধনৰ প্ৰয়াস কৰা হৈছে। এই বাজেটত ছিকেল চেলৰপৰা সম্পূৰ্ণৰূপে মুক্তি লাভৰ লক্ষ্যও নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে সমগ্ৰ ৰাষ্ট্ৰৰে এক দৃষ্টিভংগীৰ প্ৰয়োজন। সেইবাবেই স্বাস্থ্যৰ সৈতে জড়িত প্ৰতিজন অংশীদাৰে ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব।

সতীৰ্থসকল,

আকাংক্ষিত জিলা কাৰ্য্যক্ৰমে ৰিচিং দ্য লাষ্ট মাইলৰ ক্ষেত্ৰত এক সফল আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে। এই পন্থাৰে অগ্ৰসৰ হৈ এতিয়া দেশখনৰ ৫০০ ব্লকত আকাংক্ষিত ব্লক কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছে। আকাংক্ষিত ব্লক কাৰ্য্যক্ৰমৰ বাবে আমি আকাংক্ষিত জিলাসমূহৰ বাবে যিদৰে কাম কৰিছো, সেইদৰেই তুলনামূলক পৰিমাপসমূহ মনত ৰাখি কাম কৰিব লাগিব। আমি প্ৰতিটো ব্লকৰ মাজতো এক পাৰস্পৰিক প্ৰতিযোগিতাৰ পৰিবেশ সৃষ্টি কৰিব লাগিব। এই ৱেবিনাৰৰপৰা, এই আলোচনাৰপৰা নতুন ধাৰণা, অন্তিম প্ৰান্তত ডেলিভাৰীৰ সৈতে জড়িত নতুন পৰামৰ্শ লাভ কৰা হ’ব বুলি আশা ৰাখিলো। যিয়ে আমাৰ দুৰ্গম অঞ্চলসমূহত বসবাস কৰি অহা আমাৰ ভাই-ভনীসকলৰ জীৱন-ধাৰণত পৰিৱৰ্তন সাধন কৰিব। আমি দূৰদৰ্শীভাৱে চিন্তা কৰিব লাগিব, আমি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব, আমি প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰেৰে স্বচ্ছতা নিশ্চিত কৰিব লাগিব। সকলো অংশীদাৰে এই লক্ষ্যৰে কাম কৰিব লাগে আৰু সময়সীমাৰ ভিতৰত লক্ষ্য পৰিপূৰণ কৰিব লাগে। যিমান সম্ভৱ সিমান সোনকালে, নতুন আত্মবিশ্বাসেৰে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ আমি একো-একোজন সৈনিক হৈ উঠিব লাগিব। আমাৰ এই প্ৰয়াস দৰিদ্ৰতাক পৰাস্ত কৰিব পৰাকৈ শক্তিশালী হোৱা উচিত। আমি দৰিদ্ৰ লোকসকলৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব। আমি এনে এটা পৰিবেশ গঢ়ি তুলিব লাগিব আৰু ইয়াৰ বাবে মই আপোনালোকৰ দৰে সকলো অংশীদাৰৰে সক্ৰিয় সহযোগিতা কামনা কৰিলো। আজিৰ ৱেবিনাৰখন এক প্ৰকাৰে সৰ্বজন হিতায়া, সৰ্বজন সুখায়াৰ এক অতিশয় গুৰুত্বপূৰ্ণ সংকল্প পূৰণৰ আধাৰ হৈ পৰিব বুলি মই নিশ্চিত। সকলোকে আন্তৰিক শুভেচ্ছা জনালো! ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FPOs’ sales rise via commodity exchanges in FY26

Media Coverage

FPOs’ sales rise via commodity exchanges in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays heartfelt tributes to Sardar Vallabhbhai Patel at Somnath, Gujarat
May 11, 2026

Prime Minister Shri Narendra Modi today paid heartfelt tributes to Sardar Vallabhbhai Patel at Somnath, Gujarat.

The Prime Minister noted that Sardar Patel’s vision and resolve played a defining role in the reconstruction of the Somnath Temple. Shri Modi highlighted that it was Sardar Patel’s dream to see Somnath rise again in all its glory, as a symbol of India’s civilisational pride and spiritual continuity. He further stated that the nation will always remain committed to fulfilling Sardar Patel's vision for the country.

In a series of posts on X, the Prime Minister wrote:

"At Somnath, paid heartfelt tributes to Sardar Vallabhbhai Patel, whose vision and resolve played a defining role in the Temple’s reconstruction. He dreamt of seeing Somnath rise again in all its glory, as a symbol of India’s civilisational pride and spiritual continuity.

We will always remain committed to fulfilling his vision for our nation."

"सोमनाथ में सरदार वल्लभभाई पटेल को भावभीनी श्रद्धांजलि अर्पित की। उनकी दूरदृष्टि और दृढ़ संकल्प ने मंदिर के पुनर्निर्माण में निर्णायक भूमिका निभाई थी। सरदार पटेल का सपना था कि भारत की सांस्कृतिक गौरवगाथा और आध्यात्मिक निरंतरता का प्रतीक सोमनाथ अपनी पूरी दिव्यता और भव्यता के साथ फिर से स्थापित हो।

हम राष्ट्र के लिए उनके विजन को साकार करने के प्रति सदैव प्रतिबद्ध रहेंगे।"