এইমছ বিবিনগৰৰ আধাৰশিলা স্থাপন
ছেকেন্দৰাবাদ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন
“ছেকেন্দৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছে বিশ্বাস, আধুনিকতা, প্ৰযুক্তি আৰু পৰ্যটনক সফলতাৰে সংযোগ কৰিব”
“তেলেংগানাৰ উন্নয়নৰ সৈতে জড়িত ৰাজ্যৰ নাগৰিকৰ সপোন বাস্তৱায়িত কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্তব্য”
“এইবাৰৰ বাজেটত ভাৰতৰ আধুনিক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ১০ লাখ কোটি টকা ধাৰ্য কৰা হৈছে”
“তেলেংগানাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ২০১৪ চনত ৰাজ্য গঠনৰ সময়ৰ ২৫০০ কিলোমিটাৰৰ পৰা দুগুণ বৃদ্ধি পাই বৰ্তমান ৫০০০ কিলোমিটাৰতকৈও অধিক হৈছে”
“কেন্দ্ৰীয় চৰকাৰে তেলেংগানাত উদ্যোগ আৰু কৃষি উভয়ৰে উন্নয়নত গুৰুত্ব আৰোপ কৰিছে”
“স্বজন-তোষণ আৰু দুৰ্নীতিৰ পৃষ্ঠপোষকসকলৰ দেশৰ স্বাৰ্থ আৰু সমাজৰ কল্যাণৰ লগত কোনো সম্পৰ্ক নাই”
“আজি মোদীয়ে দুৰ্নীতিৰ এই প্ৰকৃত মূলত আক্ৰমণ কৰিছে”
“সবকা বিকাশৰ মনোভাৱেৰে কাম কৰিলে সংবিধানৰ প্ৰকৃত মনোভাৱ উপলব্ধি হয়”
“তেতিয়াই প্ৰকৃত সামাজিক ন্যায়ৰ জন্ম হয়, যেতিয়া দেশ ‘তুষ্টিকৰণ’ৰ পৰা আঁতৰি ‘সন্তুষ্টিকৰণ’ৰ দিশে আগবাঢ়ি যায়”

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

তেলেংগনাৰ গৱৰ্ণৰ তমিলসাই সৌন্দৰৰাজন জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ অশ্বিনী বৈষ্ণৱ জী, এই তেলেংগনা ভূমিৰেই সন্তান তথা মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ শ্ৰী জি কিষান ৰেড্ডী জী, বহুত ডাঙৰ সংখ্যাত অহা তেলেংগনাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল,

 

প্ৰিয়-মইনা, সোদৰা সোইদৰী-মণুলাৰা, মী অন্দৰিকী, ন হৃদয়পূৰ্বক নমস্কাৰ-মুলু। মহান ক্ৰান্তিকাৰীৰ ভূমি তেলেংগনাক মোৰ শত শত প্ৰণাম। আজি মই তেলেংগনাৰ বিকাশক অধিক গতি দিয়াৰ পুনৰ সৌভাগ্য পাইছো। অলপ সময়ৰ আগতেই তেলেংগনা-অন্ধ্ৰপ্ৰদেশক সংযুক্ত কৰা আৰু এখন বন্দে ভাৰত ট্ৰেইনক সেউজীয়া পতাকা দেখুওৱা হৈছে। এই আধুনিক ট্ৰেইনে এতিয়া ভাগ্যলক্ষ্মী মন্দিৰৰ চহৰখনক ভগৱান শ্ৰী ভেংকটেশ্বৰ ধাম তিৰুপতিৰে সংযুক্ত কৰিব। অৰ্থাৎ এক প্ৰকাৰে এই বন্দে ভাৰত এক্সপ্রেছে আস্থা, আধুনিকতা, টেকনলজি আৰু টুৰিজিমক কানেক্ট কৰিব। ইয়াৰ লগতে আজি ইয়াত ১১ হাজাৰ কোটি টকাৰ অধিক মূল্যৰ প্ৰকল্পৰ লোকাৰ্পণ আৰু শিলান্যাস হৈছে। এয়া তেলেংগনাৰ ৰে'ল আৰু পথ কানেক্টিভিটীৰ সৈতে জড়িত প্ৰকল্প, স্বাস্থ্য আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰকল্প। মই বিকাশৰ এই সকলো প্ৰকল্পৰ বাবে আপোনালোকক, তেলেংগনাৰ জনতাক বহুত বহুত অভিনন্দন জনাইছো, শুভকামনা জনাইছো।

 

বন্ধুসকল,

তেলেংগনা পৃথক ৰাজ্য হোৱা প্ৰায় সিমানেই সময় হৈছে, যিমান দিন কেন্দ্ৰত এনডিএৰ চৰকাৰৰ হৈছে। তেলেংগনাৰ নিৰ্মাণত, তেলেংগনাৰ গঠনত যিসকল সাধাৰণ নাগৰিকে, ইয়াৰ জনতা জনাৰ্দনে যোগদান দিলে, মই আজি আকৌ এবাৰ কোটি কোটি লোকক আদৰেৰে নমন কৰিছো। তেলেংগনাৰ বিকাশক লৈ, তেলেংগনাৰ জনসাধাৰণৰ বিকাশক লৈ যি সপোন আপোনালোকে দেখিছিল, তেলেংগনাৰ নাগৰিকসকলে দেখিছিল, সেয়া সম্পূৰ্ণ কৰা কেন্দ্ৰৰ এনডিএ চৰকাৰে নিজৰ কৰ্তব্য বুলি ভাবে। আমি সবকা সাথ-সবকা বিকাশ-সবকা বিশ্বাস-সবকা প্ৰয়াসৰ মন্ত্ৰক লৈ অগ্ৰসৰ হৈছো। আমি সম্পূৰ্ণ প্ৰয়াস কৰিছো যে ভাৰতৰ বিকাশৰ যি নতুন মডেল যোৱা ৯ বছৰত বিকশিত হৈছে, তাৰ সুফল তেলেংগনায়ো সৰ্বাধিক পাওক। ইয়াৰ এটা উদাহৰণ আমাৰ চহৰৰ বিকাশ। যোৱা ৯ বছৰত হায়দৰাবাদতে প্ৰায় ৭০ কিলোমিটাৰৰ মেট্ৰো নেটৱৰ্ক বনোৱা হৈছে। হায়দৰাবাদ Multi-Modal Transport System - MMTS প্ৰজেক্টৰ ওপৰতো এই সময়ছোৱাত দ্ৰুতগতিত কাম হৈছে। আজিও ইয়াত 13 MMTS সেৱা আৰম্ভ হৈছে। MMTS ৰ দ্ৰুতগতিত বিস্তাৰ হওক, তাৰ বাবে এই বছৰৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত তেলেংগনাৰ বাবে ৬০০ কোটি টকা ৰখা হৈছে। ইয়াৰ ফলত হায়দৰাবাদ-ছেকেন্দ্ৰাবাদ সহ আশপাশৰ জিলাসমূহৰ লাখ লাখ বন্ধুৰ সুবিধা আৰু বাঢ়িব। ইয়াৰ ফলত নতুন বাণিজ্য কেন্দ্ৰ হ'ব, নতুন ক্ষেত্ৰত বিনিয়োগ আৰম্ভ হ'ব।

 

বন্ধুসকল,

১০০ বছৰত অহা সবাতোকৈ ডাঙৰ গম্ভীৰ মহামাৰী আৰু দুখন দেশৰ যুদ্ধৰ মাজত আজি পৃথিৱীৰ অৰ্থব্যৱস্থাত বহুত দ্ৰুতগতিত উত্থান পতন হৈ আছে। এই অনিশ্চয়তাৰ মাজত, ভাৰত পৃথিৱীৰ সেই দেশসমূহৰ এখন, যি নিজৰ আন্তঃগাঁথনি আধুনিক কৰিবলৈ অভিলেখ বিনিয়োগ কৰি আছে। এই বছৰৰ বাজেটতো ১০ লাখ কোটি টকা আধুনিক আন্তঃগাঁথনিৰ বাবে আৱণ্টন কৰা হৈছে। আজিৰ নতুন ভাৰতে ২১শ শতিকাৰ নতুন ভাৰতে দ্ৰুতগতিত দেশৰ কোণে কোণে আধুনিক আন্তঃগাঁথনি বনাই আছে। তেলেংগনাতো যোৱা ৯ বছৰত ৰে'লৱে বাজেটত প্ৰায় ১৭গুণ বৃদ্ধি কৰা হৈছে। এতিয়া অশ্বিনী জীয়ে পৰিসংখ্যা দি আছিল। ইয়াৰ ফলত নতুন ৰে'ল লাইন বহুওৱা কাম হওক, ৰে'ল লাইনৰ ডবলিঙৰ কাম হওক, বা বৈদ্যুতিকৰণৰ কাম হওক, সকলো, ৰেকৰ্ড গতিত হৈ আছে। আজি যি ছেকেন্দ্ৰাবাদ আৰু মহবুব নগৰৰ মাজত ৰে'ল লাইনৰ ডবলিঙৰ কাম সম্পূৰ্ণ হৈছে, সেয়া ইয়াৰে এটা উদাহৰণ। ইয়াৰ ফলত হায়দৰাবাদ আৰু বেংগালুৰুৰ কানেক্টিভিটীও উন্নত হ'ব। দেশজুৰি ডাঙৰ ৰে'লৱে ষ্টেচনক আধুনিক কৰাৰ যি অভিযান আৰম্ভ হৈছে, তাৰ লাভো তেলেংগনাই পাই আছে। ছেকেন্দ্ৰাবাদ ৰে'লৱে ষ্টেচনৰ বিকাশো এই অভিযানৰে অংশ।

 

বন্ধুসকল,

আজি ৪টা হাইৱে প্ৰজেক্টৰ শিলান্যাস ইয়াত হৈছে। ২৩০০ কোটি টকাৰ ব্যয়েৰে অকলকোট-কুৰণুল ছেকচনেই হওক, ১৩০০ কোটিৰ ব্যয়েৰে মহবুবনগৰ-চিংচোলী খণ্ডৰ কাম হওক, প্ৰায় ৯০০ কোটি টকাৰ ব্যয়ৰে কলৱাকুৰ্তি-কোল্লাপুৰ হাইৱেৰ কামেই হওক, ২৭০০ কোটিৰ ব্যয়ৰে খাম্মাম-দৱৰাপেল্লে খণ্ডৰ কাম হওক, কেন্দ্ৰ চৰকাৰে তেলেংগনাত আধুনিক ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে সম্পূৰ্ণ শক্তিৰে লাগি আছে। ২০১৪ চনত যেতিয়া তেলেংগনাৰ নিৰ্মাণ হৈছিল, তেতিয়া ইয়াত ২৫০০ কিলোমিটাৰৰ আশে পাশে ৰাষ্ট্ৰীয় ঘাইপথ আছিল। আজি তেলেংগনাত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য বাঢ়ি ৫ হাজাৰ কিলোমিটাৰ হৈছেগৈ। এই বছৰবোৰত কেন্দ্ৰ চৰকাৰে তেলেংগনাত ৰাষ্ট্ৰীয় ঘাইপথ বনাবলৈ প্ৰায় ৩৫ হাজাৰ কোটি টকা খৰছ কৰিছে। এই সময়তো তেলেংগনাত ৬০ হাজাৰ কোটি টকাৰ ৰোড প্ৰজেক্টৰ ওপৰত কাম চলি আছে।

 

বন্ধুসকল,

আমাৰ চৰকাৰে দেশজুৰি ৭খন মেগা টেক্সটাইল পাৰ্ক বনাবলৈ সিদ্ধান্ত লৈছে। ইয়াৰে এখন মেগা টেক্সটাইল পাৰ্ক তেলেংগনাতো হ'ব। ইয়াৰ ফলত যুৱক-যুৱতীৰ বাবে সংস্থাপন সৃষ্টি হ'ব। সংস্থাপনৰ সমান্তৰালকৈ তেলেংগনাত শিক্ষা আৰু স্বাস্থ্যৰ ওপৰতো কেন্দ্ৰ চৰকাৰে বহুত বিনিয়োগ কৰি আছে। তেলেংগনাক নিজৰ এইমছ দিয়াৰ সৌভাগ্য আমাৰ চৰকাৰৰ হৈছে। এইমছ বিবিনগৰৰ সৈতে জড়িত বেলেগ বেলেগ সুবিধাৰ বাবেও আজি কাম আৰম্ভ হৈছে। আজিৰ এই প্ৰকল্পই তেলেংগনাত Ease of Travel, Ease of Living আৰু Ease of Doing Business, তিনিওটা বঢ়াব।

 

অৱশ্যে বন্ধুসকল,

কেন্দ্ৰ চৰকাৰৰ এই প্ৰচেষ্টাৰ মাজতে মোৰ এটা কথাক লৈ বহুত কষ্ট, দুখ হয়। কেন্দ্ৰৰ অধিকাংশ প্ৰজেক্টত ৰাজ্য চৰকাৰৰ পৰা সহযোগ নোপোৱাৰ কাৰণে প্ৰতিটো প্ৰজেক্টত বিলম্ব হৈ আছে। ইয়াৰ ফলত লোকচান তেলেংগনাৰ জনসাধাৰণৰ, আপোনালোকৰ হৈ আছে। মই ৰাজ্য চৰকাৰক আহ্বান জনাওঁ যে তেওঁলোকে বিকাশৰ সৈতে জড়িত কামত কোনো বাধা আহিবলৈ নিদিয়ক, বিকাশৰ কামত দ্ৰুততা আনক।

 

ভাতৃ আৰু ভগ্নীসকল,

আজিৰ নতুন ভাৰতত দেশবাসীৰ আশা-আকাংক্ষা, তেওঁলোকৰ সপোন পূৰণ কৰা আমাৰ চৰকাৰৰ প্ৰাথমিকতা। কিন্তু কিছুমান এমুঠিমান মানুহে বিকাশৰ এই কামত বহুত নাৰাজ। এনেধৰণৰ মানুহ, যি পৰিয়ালবাদ, ভাই-ভতিজাবাদ আৰু ভ্ৰষ্টাচাৰক পোষিত কৰি থাকে, তেওঁলোকৰ সততাৰে কাম কৰা মানুহৰ পৰা চিন্তা হৈ আছে। এই লোকসকলে কেৱল নিজৰ পৰিয়ালক ফলে ফুলে জাতিষ্কাৰ হোৱা চাব খোজে। প্ৰতিটো প্ৰজেক্টত, প্ৰতিটো বিনিয়োগত এই লোকসকলে নিজৰ পৰিয়ালৰ স্বাৰ্থ লক্ষ্য কৰে। তেলেংগনাক এনেধৰণৰ মানুহৰ পৰা সতৰ্ক হৈ থকা দৰকাৰ।

 

ভাতৃ আৰু ভগ্নীসকল,

ভ্ৰষ্টাচাৰ আৰু পৰিয়ালবাদ এটা আনটোৰ পৰা পৃথক নহয়। য'ত পৰিয়ালবাদ আৰু ভাই-ভতিজাবাদ থাকে, তাৰ পৰাই সকলো ধৰণৰ দুৰ্নীতি আৰম্ভ হয়। আপোনালোকক মই এটা উদাহৰণ দিওঁ। আজি কেন্দ্ৰ চৰকাৰে Direct Benefit Transfer- DBT ব্যৱস্থা বিকশিত কৰিছে, আজি কৃষকক, বিদ্যাৰ্থীক, ক্ষুদ্ৰ ব্যৱসায়ীক, অৰ্থনৈতিক সহায়ৰ ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ পঠিওৱা হয়। আমি দেশজুৰি ডিজিটেল পেমেণ্টৰ ব্যৱস্থা বঢ়াইছো।

 

এই কাম আগতে কিয় হ'ব নোৱাৰিছিল? এই কাম এইবাবেই নহৈছিল কিয়নো পৰিয়ালবাদী শক্তিয়ে ব্যৱস্থাৰ ওপৰত, ছিষ্টেমৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ এৰিব বিচৰা নাছিল। ইয়াৰ ফলত এওঁলোকৰ তিনিটা মতলব পূৰণ হৈছিল। এক, এওঁলোকৰেই পৰিয়ালৰ জয়জয়কাৰ হৈ আছিল। দ্বিতীয়, দুৰ্নীতিৰ ধন এওঁলোকৰ পৰিয়াললৈকে আহি আছিল। আৰু তৃতীয়, যি ধন দুখীয়াৰ বাবে পঠোৱা হয়, সেয়া এওঁলোকৰ ভ্ৰষ্ট ইকো-ছিষ্টেমৰ মাজত ভগোৱাৰ কামত আহে।

 

আজি মোদীয়ে ভ্ৰষ্টাচাৰৰ এই আচল মূলত প্ৰহাৰ কৰিছে। মোক তেলেংগনাৰ ভাতৃ-ভগ্নীসকল কওক, আপোনালোকে উত্তৰ দিবনে, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজিব লাগে নে নালাগে? দেশক ভ্ৰষ্টাচাৰৰ পৰা মুক্ত কৰিব লাগে নে নালাগে? ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে আইনক কাম কৰিবলৈ দিব লাগে নে নালাগে? কেইদিনমান আগতে তো এনেধৰণৰ কেইবাটাও ৰাজনৈতিক দল আদালতলৈ যায়, যে আমাক সুৰক্ষা দিয়া যাতে আমাৰ ভ্ৰষ্টাচাৰৰ কিতাপ কোনেও নোখোলক। আদালতৰ ওচৰলৈ গ'ল, আদালতে তাতো তেওঁলোকক জোকাৰি দিলে।

 

ভাতৃ আৰু ভগ্নীসকল,

যেতিয়া সবকা সাথ-সবকা বিকাশৰ ভাবনাৰে কাম হয় তেতিয়া সঁচা অৰ্থত গণতন্ত্ৰ মজবুত হয়, তেতিয়া বঞ্চিত-শোষিত-পীড়িতই সুবিধা পায়। যেতিয়া ২০১৪ত কেন্দ্ৰ চৰকাৰে পৰিয়ালবাদৰ বৃত্তৰ পৰা মুক্ত হয়, তেতিয়া কি পৰিণাম হ'ল এয়া সমগ্ৰ দেশে দেখি আছে। যোৱা ৯ বছৰত দেশৰ ১১ কোটি মাতৃ ভগ্নী কন্যাই ইজ্জতঘৰ, টয়লেটৰ সুবিধা পাইছে। ইয়াত তেলেংগনাৰো ৩০ লাখৰ অধিক পৰিয়ালৰ মাতৃ-ভগ্নীয়ে এই ব্যৱস্থা পাইছে। যোৱা ৯ বছৰত দেশত ৯ কোটিৰ অধিক ভগ্নী-কন্যাই উজ্জ্বলাৰ গেছ কানেকচন পাইছে। তেলেংগনাৰ ১১ লাখৰ অধিক দুখীয়া পৰিয়ালেও ইয়াৰ লাভ পাইছে।

 

বন্ধুসকল,

পৰিয়ালবাদে তেলেংগনাসহ দেশৰ কোটি কোটি দুখীয়াৰ পৰা তেওঁলোকৰ ৰেছনো লুটি লৈছিল। আমাৰ চৰকাৰে আজি ৮০ কোটি দুখীয়াক বিনামূলীয়া ৰেছন দি আছে। আমাৰ চৰকাৰৰ নীতিৰ বাবেই তেলেংগনাৰ লাখ লাখ দুখীয়া বন্ধুসকলে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাইছে। তেলেংগনাৰ ১ কোটি পৰিয়ালৰ প্ৰথমবাৰ জন ধন বেংক একাউণ্ট খোলা হৈছে। তেলেংগনাৰ আঢ়ৈ লাখ ক্ষুদ্ৰ উদ্যমীয়ে গেৰাণ্টি নোহোৱাকৈ মুদ্ৰা ঋণ পাইছে। ইয়াত ৫ লাখ ষ্ট্ৰিট ভেণ্ডৰে প্ৰথমবাৰ বেংক লোন পাইছে। তেলেংগনাৰ ৪০ লাখৰো অধিক ক্ষুদ্ৰ কৃষকে পিএম কিষান সন্মান নিধিৰ জৰিয়তে প্ৰায় ৯ হাজাৰ কোটি টকাও পালে। এয়া সেই বঞ্চিত বৰ্গ যি প্ৰথমবাৰ প্ৰাথমিকতা পাইছে।

 

বন্ধুসকল,

যেতিয়া দেশ তুষ্টিকৰণৰ পৰা বাহিৰ হৈ সকলোৰে সন্তুষ্টিকৰণৰ দিশত আগবাঢ়ে তেতিয়া প্ৰকৃত সামাজিক ন্যায়ৰ সৃষ্টি হয়। আজিও তেলেংগনাই যিসমূহ প্ৰজেক্ট লাভ কৰিছে সেয়া সন্তুষ্টিকৰণৰ ভাবনাৰে অনুপ্ৰাণিত, সকলোৰে বিকাশৰ বাবে সমৰ্পিত। স্বাধীনতাৰ অমৃত কালত বিকশিত ভাৰত নিৰ্মাণৰ বাবে তেলেংগনাৰ দ্ৰুত বিকাশ বহুত জৰুৰী। আমি একত্ৰিত হৈ তেলেংগনাৰ বিকাশৰ সকলো সপোন পূৰণ কৰিব লাগিব। এই সকলো প্ৰকল্পৰ বাবে এবাৰ আকৌ তেলেংগনাৰ মোৰ মৰমৰ ভাতৃ-ভগ্নীক মই বহুত বহুত অভিনন্দন জনাইছো। এয়া মোৰ বাবে অত্যন্ত সন্তুষ্টিৰ কথা ইমান ডাঙৰ সংখ্যাত, তেলেংগনাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে, তেলেংগনাৰ বিকাশৰ বাবে আপোনালোকে আমাক আশীৰ্বাদ দিবলৈ আহিছে। মই আপোনালোকৰ হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।

 

কওক ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”