Government’s women led empowerment policies are tribute to the vision of Subramanya Bharathi: PM
Bharathiyar teaches us to remain united and committed to the empowerment of every single individual, especially, the poor and marginalised: PM

মুখ্যমন্ত্ৰী শ্ৰী পলানীস্বামী জী,

মন্ত্ৰী শ্ৰী কে. পাণ্ডিয়াৰাজন জী ,

বনভিল সাংস্কৃতিক কেন্দ্ৰৰ প্ৰতিষ্ঠাপক শ্ৰী কে. ৰবি,

বিশিষ্ট ব্যক্তিসকল,

বন্ধুসকল!

ভানাক্কাম!

নমস্কাৰ!

সুব্রহ্মণ্য ভাৰতীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰি মই আৰম্ভ কৰিছো। এনে এটা বিশেষ দিনত, মই আন্তঃৰাষ্ট্ৰীয় ভাৰতী উৎসৱত অংশগ্ৰহণ কৰিবলৈ পাই সন্তোষ লভিছো। তদুপৰি মই এই বৰ্ষৰ বাবে বিশিষ্ট পণ্ডিত শ্ৰী চিনী বিশ্বনাথন জীলৈ ভাৰতী বঁটা আগবঢ়াবলৈ পাই আনন্দিত হৈছো, যিয়ে ভাৰতীৰ কৰ্মৰাজিৰ ওপৰত গৱেষণাৰ অৰ্থে সমগ্ৰ জীৱনটো সমৰ্পণ কৰিছিল। আনকি ৮৬ বছৰ বয়সত সক্ৰিয়তাৰে গৱেষণা সম্পন্ন কৰাৰ বাবে মই তেওঁৰ শলাগ লৈছো! সুব্রহ্মণ্য ভাৰতীৰ কথা ক’বলৈ যোৱাটো এটা অতিশয় কষ্টসাধ্য কথা। ভাৰতীক যিকোনো এটা বৃত্তি বা মাত্ৰাৰে সংযোজিত কৰিব নোৱাৰি। তেখেত একেধাৰে আছিল এজন কবি, লেখক, সম্পাদক, সাংবাদিক, সমাজ সংস্কাৰক, মুক্তি সেনানী, মানৱতাবাদী আৰু বহুতো।

কোনোৱে তেওঁৰ কৰ্মৰাজি, তেওঁৰ কবিতা, তেওঁৰ দৰ্শন আৰু তেওঁৰ জীৱনৰ ওপৰত আশ্চৰ্য্য প্ৰকাশ কৰিব পাৰিব। তেওঁৰ তদুপৰি বাৰানসীৰ সৈতে নিকট সম্পৰ্ক আছিল, যাক মই সংসদত প্ৰতিনিধিত্ব কৰিছো। মই শেহতীয়াভাৱে ১৬ টা খণ্ডত প্ৰকাশ পোৱা তেওঁৰ সংগৃহীত কৰ্ম প্ৰত্যক্ষ কৰিছো। ৩৯ বছৰীয়া এটি চমু জীৱনত তেওঁ বহুখিনি লিখিছিল, বহুখিনি কৰিছিল আৰু বহু পৰিমাণে উত্তম সাধিছিল। তেওঁৰ লিখনিয়ে আমাক উজ্জ্বল ভৱিষ্যতৰ অৰ্থে বাট দেখুৱাইছিল।

বন্ধুসকল,

আজি আমাৰ যুৱ প্ৰজন্মই সুব্রহ্মণ্য ভাৰতীৰপৰা বহুখিনি শিকিব পাৰে। অতিশয় গুৰুত্বপূৰ্ণ কথাটো হৈছে সাহসিকতা। সুব্রহ্মণ্য ভাৰতীয়ে ভীতিক প্ৰশ্ৰয় দিয়া নাছিল। তেওঁ কৈছিলঃ

அச்சமில்லை அச்சமில்லை அச்சமென்பதில்லையே

இச்சகத்து ளோரெலாம் எதிர்த்து நின்ற போதினும்,

அச்சமில்லை அச்சமில்லை அச்சமென்பதில்லையே

ইয়াৰ অৰ্থ হৈছেঃ মোৰ ভয় নাই, মোৰ ভয় নাই, আনকি সমগ্ৰ বিশ্বখনে মোক বিৰোধ কৰা সত্বেও। আজি মই যুৱ ভাৰতত এই উদ্দীপনা দেখিছো। তেওঁলোক উদ্ভাৱন আৰু শ্ৰেষ্ঠত্বৰ সমুখৰ শাৰীত থকা সময়তে মই এই উদ্দীপনা দেখিছো। ভাৰতৰ ষ্টাৰ্ট-আপ বাতাবৰণটো নিৰ্ভীক যুৱ সমাজৰে পৰিপূৰ্ণ হৈ আছে যিয়ে মানৱ জাতিলৈ কিবা এটা নতুন প্ৰদান কৰি আছে। এনে ‘কৰিব পৰা’ৰ উদ্দীপনাই আমাৰ ৰাষ্ট্ৰ আৰু আমাৰ গ্ৰহলৈ আশ্চৰ্য্য প্ৰদান কৰিব।

বন্ধুসকল,

ভাৰতীয়ে পুৰণি আৰু আধুনিকতাৰ মাজত সুস্থ সংমিশ্ৰণত বিশ্বাস কৰিছিল। তেওঁ আমাৰ মূলৰে সংযোজিত হৈ থাকি ভৱিষ্যতৰ অৰ্থে দৃষ্টি নিক্ষেপ কৰাত পাণ্ডিত্য প্ৰদৰ্শন কৰিছিল। তেওঁ তামিল ভাষা আৰু মাতৃভূমি ভাৰতক তেওঁৰ দুটা দৃষ্টি হিচাপে গণ্য কৰিছিল। তেওঁ পুৰাতন ভাৰতৰ মহানতা, বেদ আৰু উপনিষদৰ মহানতা, আমাৰ সংস্কৃতি, পৰম্পৰা আৰু গৌৰৱ উজ্জ্বল অতীতৰ ওপৰত গীত গাইছিল। কিন্তু একে সময়তে, তদুপৰি তেওঁ আমাক সোঁৱৰাই দিছিল যে অতীত গৌৰৱৰ ওপৰত ভিত্তি কৰি সাধাৰণভাৱে জীয়াই থকাটোৱেই যথেষ্ট নহয়। আমি বৈজ্ঞানিক মনস্তত্ব, অনুসন্ধিৎসুৰ উদ্দীপনা জাগ্ৰত কৰা আৰু প্ৰগতিৰ দিশে আগবাঢ়ি যোৱাটো আৱশ্যকীয়।

বন্ধুসকল,

মহাকবি ভাৰতীৰ প্ৰগতিৰ সংজ্ঞাত মহিলাৰ অৰ্থে এটা কেন্দ্ৰীয় ভূমিকা আছিল। এটা অত্যন্ত গুৰুত্বপূৰ্ণ দৃষ্টি আছিল মহিলাৰ স্বাধীনতা আৰু সৱলীকৰণ। মহাকবি ভাৰতীয়ে এইবুলি লিখিছিল যে মহিলাসকলে মূৰ তুলি আগুৱাই যোৱাটো উচিত, চকুত চকু থৈ মানুহলৈ দৃষ্টি নিক্ষেপ কৰিব লাগে। আমি এই দৃষ্টিৰদ্বাৰা অনুপ্ৰাণিত হৈছো আৰু মহিলাৰ সৱলীকৰণৰ নিশ্চিতৰ অৰ্থে কাম কৰি আছো। আপুনি এই কথা জানি সন্তোষ পাব যে চৰকাৰে কাম কৰি থকা প্ৰতিটো ক্ষেত্ৰতে, মহিলাৰ মৰ্য্যাদাত গুৰুত্ব প্ৰদান কৰা হৈছে।

আজি, ১৫ কোটিৰো অধিক মহিলা উদ্যোগীক মুদ্ৰা যোজনাৰ দৰে আঁচনিৰদ্বাৰা পুঁজি যোগান ধৰা হৈছে। তেওঁলোকে মূৰ থিয় কৰি আগুৱাইছে, চকুত চকু থৈ আমালৈ চাইছে আৰু তেওঁলোক কিদৰে আত্মনিৰ্ভৰ হৈ উঠিছে, সেই কথা আমাক কৈছে।

আজি, আজি মহিলাসকল স্থায়ী কমিচনসহ আমাৰ সশস্ত্ৰ বাহিনীসমূহৰ অংশ হৈ পৰিছে। তেওঁলোকে মূৰ দাঙি অগ্ৰসৰ হৈছে আৰু চকুত চকু থৈ আমালৈ চাইছে আৰু আমাক এই বিশ্বাস প্ৰদান কৰিছে যে তেওঁলোকৰ হাতত দেশখন সুৰক্ষিত হৈ আছে। আজি, সুৰক্ষিত অনাময়ৰ অভাৱৰ সমস্যা ভোগ কৰি অহা অতিশয় দৰিদ্ৰ মহিলাসকলৰ অৰ্থে ১০ কোটিৰো অধিক সুৰক্ষিত আৰু স্বাস্থ্যসন্মত টয়লেট আগবঢ়োৱা হৈছে।

তেওঁলোকে কেতিয়াও সমস্যাৰ মুখামুখি হ’বলগীয়া নহয়। তেওঁলোকে মূৰ থিয় কৰি খোজকাঢ়িছে আৰু চকুত চকু থৈ সকলোলৈ চাইছে। যাৰ কল্পনা কৰিছিল মহাকবি ভাৰতীয়ে। এয়া হৈছে নৱ্য ভাৰতৰ নাৰী শক্তিৰ যুগ। তেওঁলোকে প্ৰত্যাহ্বানসমূহ নেওচি আছে আৰু প্ৰভাৱ সৃষ্টি কৰিছে। এয়াই হৈছে সুব্রহ্মণ্য ভাৰতীৰ প্ৰতি নৱ্য ভাৰতৰ শ্ৰদ্ধাৰ্ঘ্য।

বন্ধুসকল,

মহাকবি ভাৰতীয়ে বুজি উঠিছিল যে কোনো খণ্ডিত সমাজে সফলতা লাভ কৰিব নোৱাৰে। একে সময়তে, তেওঁ সামজিক অসমতা দূৰ কৰিব নোৱাৰা আৰু সামাজিক দুৰ্বলতাৰে মোকাবিলা নকৰা ৰাজনৈতিক স্বাধীনতাৰ ৰিক্ততা সন্দৰ্ভত লেখা-মেলা কৰিছিল। তেওঁ কৈছিল, আৰু মই উদ্ধৃত কৰিছোঃ

இனியொரு விதி செய்வோம் – அதை

எந்த நாளும் காப்போம்

தனியொரு வனுக்குணவிலை யெனில்

ஜகத்தினை யழித்திடுவோம்

ইয়াৰ অৰ্থ হৈছেঃ এতিয়া আমি এটি নিয়ম যুগুত কৰিম, আৰু ইয়াক ৰূপায়ণ কৰিম, যদি কেতিয়াবা কোনো এজন লোকে অনাহাৰে থাকিবলগীয়া হয়, বিশ্বখনে ধ্বংসৰ বেদনা অনুভৱ কৰিব। তেওঁৰ শিক্ষাই ঐক্যবদ্ধ হৈ থকা আৰু প্ৰতিজন লোকৰে সৱলীকৰণৰ অৰ্থে সমৰ্পিত হৈ উঠাৰ শক্তিশালী বাৰ্তা আগবঢ়াইছে। বিশেষতঃ দৰিদ্ৰ আৰু উপান্তসকলৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে।

বন্ধুসকল,

ভাৰতীৰপৰা আমাৰ যুৱ সমাজে বহুখিনি শিকিবলগীয়া আছে। মই আমাৰ দেশৰ প্ৰতিজন লোককে তেওঁৰ কৰ্মৰাজি হৃদয়ংগম কৰিবলৈ আহ্বান জনাইছো আৰু ইয়ে তেওঁলোকক অনুপ্ৰাণিত কৰিব। ভাৰতীৰ বাৰ্তাসমূহ বিয়পাই দিবলৈ বনভিল সাংস্কৃতিক কেন্দ্ৰই সম্পন্ন কৰা কৰ্মৰ বাবে শলাগ ল’লো। মই বিশ্বাসী যে এই উৎসৱত সম্পন্ন হোৱা আলোচনাই নতুন ভৱিষ্যতৰ অভিমুখে ভাৰতক আগুৱাই নিয়াত সহায় কৰিব।

ধন্যবাদ।

বহু-বহু ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore

Media Coverage

Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived