মহামান্য, মোৰ সৰু ভগ্নী, প্ৰধানমন্ত্ৰী টাকাইচি,

আমাৰ দুয়োখন দেশৰ ব্যৱসায়িক নেতাসকল,

নমস্কাৰ,

কনিচিৱা

ভাৰত-জাপান যুটীয়া অৰ্থনৈতিক মঞ্চত আপোনালোক সকলোৰে সৈতে উপস্থিত হৈ মই অতি আনন্দিত হৈছো।

ইয়াত প্ৰতিনিধিত্ব কৰা বহু কোম্পানী দশক দশক ধৰি ভাৰতৰ সৈতে জড়িত হৈ আছে। কিছুমানে এক শতিকাৰো অধিক সময় ধৰি ভাৰতৰ যাত্ৰাৰ অংশ হৈ আহিছে।

আৰু এই মঞ্চত যোগদান কৰা আমাৰ নতুন অংশীদাৰসকলক মই ভাৰত-জাপানৰ সফলতাৰ কাহিনীৰ অংশ হোৱাৰ বাবে আন্তৰিক অভিনন্দন জনাইছো।

বন্ধুসকল,

ভাৰত-জাপানৰ সম্পৰ্ক সঁচাকৈয়ে বিশেষ।

আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ সফলতাৰ বহুতো উৎকৃষ্ট উদাহৰণ আছে।

 

মাত্ৰ ক্ষন্তেক আগতে আমি হাৰিয়ানাৰ খাৰখোদাত মাৰুতি ছুজুকিৰ নতুন উৎপাদন কাৰখানা উদ্বোধন কৰিলো। আজি বিশ্বজুৰি ছুজুকিৰ প্ৰায় দুই তৃতীয়াংশ গাড়ী ভাৰতত নিৰ্মাণ কৰা হয় আৰু শতাধিক দেশলৈ ৰপ্তানি কৰা হয়।

প্ৰধানমন্ত্ৰী টাকাইচি, আপোনাৰ মটৰ চাইকেল প্ৰীতিৰ বিষয়ে মই জানিব পাৰিছো। আমি আনন্দিত যে কাৱাচাকি, য়ামাহা আৰু হোণ্ডাই ভাৰতত নিৰ্মাণ কৰা মটৰ চাইকেলসমূহ আজি সমগ্ৰ বিশ্বৰ বজাৰলৈ ৰপ্তানি কৰা হৈছে।

একেদৰে এয়া এয়াৰ কণ্ডিচনাৰেই হওঁক বা পাৱাৰ গ্ৰীড সঁজুলি, নিখুঁত উৎপাদন বা চিকিৎসা প্ৰযুক্তি হওঁক, যেতিয়া জাপানৰ দক্ষতা আৰু বিনিয়োগ ভাৰতৰ গতি আৰু পৰিসৰৰ সৈতে একত্ৰিত হয়, তেতিয়া সমগ্ৰ বিশ্ব লাভান্বিত হয়।

বন্ধুসকল,

আজি বিশ্ব অৰ্থনীতিয়ে যোগান শৃংখলাত ব্যাঘাত, বাণিজ্যত অনিশ্চয়তা আৰু আন্তৰ্জাতিক চাহিদা হ্ৰাসৰ দৰে পৰিস্থিতিৰ সৈতে যুঁজি আছে।

কিন্তু কোৱা হয় যেঃ

‘যেতিয়া আগবাঢ়ি যোৱাটো কঠিন হৈ পৰে, পৰিশ্ৰমীসকল তেতিয়াও আগুৱাই যায়।’

ভাৰত হৈছে বিশ্বৰ অন্যতম দ্ৰুততম বিকাশশীল আগশাৰীৰ অৰ্থনীতি।

যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপিৰ বিকাশৰ হাৰ আছিল ৭.৭ শতাংশ।

কেৱল সেয়াই নহয়, যোৱা ১২ বছৰ ধৰি আমি কাইজেনৰ দৰ্শন-অবিৰত উন্নতিৰ নীতি গ্ৰহণ কৰি ভাৰতৰ অৰ্থনৈতিক ডি এন এক ৰূপান্তৰিত কৰি আহিছো।

মাত্ৰ কেইমাহমান পূৰ্বে আমি কৰ, প্ৰশাসন আৰু ব্যৱসায়িক সূচলতাৰ ক্ষেত্ৰত এক নতুন প্ৰজন্মৰ সংস্কাৰৰ সূচনা কৰিছো।

আমি অৰ্থনীতিৰ প্ৰতিটো খণ্ডক অধিক ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ বাবে মুকলি কৰি দিছো।

 

একে সময়তে আমি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত অনুপ্ৰেৰণামূলক ধন প্ৰদান কৰাৰ জৰিয়তে আপোনালোক সকলোৱে লাভান্বিত হ’ব পৰা সুযোগ সৃষ্টি সম্ভৱ হৈছে।

ঠিক ইয়াৰ বাবে একেৰাহে চতুৰ্থ বছৰৰ বাবে জাপান বেংক ফৰ ইণ্টাৰনেচনেল কো-অপাৰেচন (জে বি আই চি)ৰ জৰীপত ভাৰতক জাপানী ব্যৱসায়ৰ বাবে আটাইতকৈ আশাব্যঞ্জক গন্তব্য স্থান হিচাপে স্থান দিয়া হৈছে।

আজি মই আপোনালোক সকলোৰে সৈতে এটা নতুন পদক্ষেপৰ সবিশেষ বিনিময় কৰিব বিচাৰো। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পি এম অ’) এক বিশেষ জাপান ব্যৱসায়িক সপ্তাহৰ আয়োজন কৰিব। এই পদক্ষেপৰ সময়ত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলে আপোনালোকৰ সৈতে পোনপটীয়াকৈ জড়িত হ’ব, আপোনালোকৰ সৈতে মত বিনিময় কৰিব আৰু ভাৰতত অধিক জাপানী বিনিয়োগ তথা অংশীদাৰিত্বৰ সুবিধা প্ৰদানৰ উদ্দেশ্যৰে ব্যৱসায়িক সূচলতা ত্বৰান্বিত কৰা সন্দৰ্ভত গভীৰ আলোচনা অনুষ্ঠিত কৰিব।

বন্ধুসকল,

আজি, প্ৰধানমন্ত্ৰী টাকাইচি আৰু মই আমাৰ অংশীদাৰিত্বক আৰু অধিক গতিশীল তথা গভীৰ কৰি তোলাৰ সংকল্প লৈছো।

আমি অৰ্থনৈতিক সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা আৰু স্বাস্থ্যসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত চুক্তি সম্পন্ন কৰিছো, যিয়ে এই অংশীদাৰিত্বক ভৱিষ্যমুখী আৰু প্ৰায় অসীম কৰি তুলিব।

আমাৰ দুয়োখন চৰকাৰৰ মাজত কৌশলগত সমন্বয়, পাৰস্পৰিক বিশ্বাস আৰু সৰ্বোপৰি স্পষ্টতা আছে।

এই অংশীদাৰী দৃষ্টিভংগীক বাস্তৱিক ফলাফললৈ ৰূপান্তৰিত কৰাটো এতিয়া আপোনালোকৰ দায়িত্ব।

বন্ধুসকল,

আপোনালোকে একেলগে এইটো নিশ্চিত কৰিব লাগিব যে পৰৱৰ্তী দশকত ভাৰতত জাপানী বিনিয়োগে কেৱল ১০ ট্ৰিলিয়ন য়েনৰ লক্ষ্য পূৰণ কৰাই নহয়, এই লক্ষ্য অতিক্ৰম কৰিব।

একে সময়তে, আমি অহা দহ বছৰত ভাৰতত কাম কৰা জাপানী কোম্পানীৰ সংখ্যা দুগুণ কৰিবলৈ চেষ্টা কৰা উচিত।

 

বন্ধুসকল,

মই আপোনালোকৰ সৈতে এটা দৃষ্টিভংগী বিনিময় কৰিব বিচাৰো।

মই এনে এখন পৃথিৱীৰ কল্পনা কৰিছো, য’ত জাপানৰ প্ৰযুক্তি আৰু ভাৰতৰ বজাৰৰ সম্ভাৱনা, বিশ্বক ছেমিকণ্ডাক্টৰ, ভেষজ আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ স্থিতিস্থাপক যোগান শৃংখল প্ৰদান কৰিবলৈ একত্ৰিত হয়।

য’ত জাপানৰ মূলধন আৰু ভাৰতৰ উচ্চাকাংক্ষাই জাহাজ নিৰ্মাণ, গতিশীলতা আৰু পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰত নতুন আন্তৰ্জাতিক নেতৃত্ব সৃষ্টি কৰিবলৈ একত্ৰিত হয়।

য’ত ভাৰত আৰু জাপানৰ ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰই কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ পৰৱৰ্তী প্ৰজন্মৰ সমাধানসমূহক চালিত কৰে।

আৰু য’ত মহাকাশ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অভূতপূৰ্ব সহযোগিতাই আমাক বিশ্ব সুৰক্ষাত আৰু অধিক শক্তিশালী অৱদান আগবঢ়াবলৈ সমৰ্থ কৰি তোলে।

 

বন্ধুসকল,

আহক, আমি বিশ্বাস আৰু আশাবাদৰ ওপৰত আধাৰিত এই অংশীদাৰিত্বৰ জৰিয়তে পাৰস্পৰিক বিকাশ আৰু বিশ্বৰ কল্যাণৰ পথ প্ৰশস্ত কৰো।

টয়োটাই কোৱাৰ দৰে, ‘আহক বিভিন্ন ঠাইলৈ যাওঁ’

বহুত ধন্যবাদ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action