“কৰ্ণাটকৰ অৱদান অবিহণে ভাৰতৰ পৰিচয়, পৰম্পৰা আৰু অনুপ্ৰেৰণা সংজ্ঞায়িত কৰিব নোৱাৰি”
“প্ৰাচীন কালৰ পৰাই কৰ্ণাটকে ভাৰতত হনুমানৰ ভূমিকা পালন কৰি আহিছে”
“কোনো যুগান্তকাৰী অভিযান যদি অযোধ্যাৰ পৰা আৰম্ভ হৈ ৰামেশ্বৰলৈ গতি কৰে, তেন্তে ই কেৱল কৰ্ণাটকতহে শক্তিসমৃদ্ধ হয়”
“অনুভৱ মন্তাপ’ৰ জৰিয়তে ভগৱান বাসৱেশ্বৰে প্ৰদান কৰা গণতান্ত্ৰিক শিক্ষা ভাৰতৰ বাবে আলোক-ৰশ্মিস্বৰূপ”
“কৰ্ণাটক হৈছে পৰম্পৰা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰ। ঐতিহাসিক সংস্কৃতিৰ লগতে আধুনিক কৃত্ৰিম বুদ্ধিমত্তাও আছে ইয়াত”
“২০০৯-২০১৪ৰ মাজৰ পাঁচোটা বছৰত কৰ্ণাটকে ৰে’ল প্ৰকল্পত ৪ হাজাৰ কোটি টকা লাভ কৰিছিল, আনহাতে কেৱল এই বছৰৰ বাজেটে কৰ্ণাটকৰ ‘ৰে’ল ইনফ্ৰা’ৰ বাবে ৭ হাজাৰ কোটি টকাৰ পুঁজি আৱণ্টন দিছে”
“কানাড়া সংস্কৃতিৰ চিত্ৰায়ণ কৰা চলচ্চিত্ৰসমূহে ‘অ-কন্নাদিগা’ দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে কৰ্ণাটকৰ বিষয়ে অধিক জনাৰ বাবে উত্সুকতাৰ সৃষ্টি কৰিছিল। এই উত্সুকতাৰ সদ্ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আছে”

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বোম্মাই জী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ প্ৰহ্লাদ জোশী জী, সংসদৰ আমাৰ জ্যেষ্ঠ সংগী ডাঃ বীৰেন্দ্ৰ হেগড়ে জী, পৰমপূজ্য স্বামী নিৰ্মলানন্দ-নাথ স্বামী জী, পৰমপূজ্য শ্ৰী শ্ৰী শিৱৰাত্ৰি দেশীকেন্দ্ৰ স্বামী জী, শ্ৰী শ্ৰী বিশ্বপ্ৰসন্ন তীৰ্থ স্বামী জী, শ্ৰী শ্ৰী নঞ্জাবধুতা স্বামী জী, শ্ৰী শ্ৰী শিৱমূৰ্তি শিৱাচাৰ্য স্বামী জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সকলো সহযোগীগণ, সাংসদগণ, ভাই চিটি ৰবি জী, দিল্লী-কৰ্ণাটক সংঘৰ সদস্যগণ, দেৱী আৰু সজ্জনসকল,

সৰ্বপ্ৰথমে মই আপোনালোক সকলোকে আদৰণি জনাইছো, অভিনন্দন জনাইছো। আজি, দিল্লী-কৰ্ণাটক সংঘই এল্লাদৰু ইৰু, এঁতাদৰু ইৰু, এঁদেদিগু নী কন্নড়াৱাগিৰু' এনে গৌৰৱশালী ঐতিহ্যক আগবঢ়াই আছে। দিল্লী-কৰ্ণাটক সংঘৰ ৭৫ বছৰৰ এই উৎসৱ এনেকুৱা সময়ত হৈ আছে, যি সময়ত দেশেও স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ পালন কৰি আছে। যেতিয়া আমি ৭৫ বছৰ আগৰ পৰিস্থিতিলৈ লক্ষ্য কৰো, তাৰ বিশ্লেষণ কৰো, তেতিয়া আমাৰ এই প্ৰয়াসত ভাৰতৰ অমৰ আত্মাৰ দৰ্শন হয়। দিল্লী কৰ্ণাটক সংঘৰ গঠনে দেখুৱায় যে স্বাধীনতাৰ সেই প্ৰথম প্ৰহৰত কেনেকৈ মানুহে দেশক শক্তিশালী কৰাৰ মিছনত লাগি পৰিছিল। মই আনন্দিত যে আজি স্বাধীনতাৰ অমৃত কালৰ প্ৰথম প্ৰহৰতো দেশৰ সেই শক্তি, সেই সমৰ্পণ আজি সিমানেই জীৱন্ত দেখা যায়। মই এই সুযোগতে এই সংঘৰ সপোন দেখা, ইয়াক সাকাৰ কৰা সকলো মহান বিভূতিক নমন কৰিছো। আৰু ৭৫ বছৰৰ যাত্ৰা সৰল নহয়। অনেক উত্থান পতন আহে, অনেক লোকক লগত লৈ আগবাঢ়িব লগা হয়। ৭৫ বছৰলৈকে যিসকল লোকে এই সংঘ চলালে, আগবঢ়ালে, বিকাশ কৰিলে, তেওঁলোক সকলো অভিনন্দনৰ অধিকাৰী। মই কৰ্ণাটকৰ লোকসকলকো ৰাষ্ট্ৰ নিৰ্মাণৰ তেওঁলোকৰ প্ৰয়াসৰ বাবে প্ৰণাম জনাইছো।

বন্ধুসকল,

ভাৰতৰ পৰিচয় হওক, ভাৰতৰ পৰম্পৰাই হওক, বা ভাৰতৰ প্ৰেৰণা হওক, কৰ্ণাটকৰ অবিহনে আমি ভাৰতক পৰিভাষিত কৰিব নোৱাৰো। পৌৰাণিক কালৰ পৰা ভাৰতত কৰ্ণাটকৰ ভূমিকা তো হনুমানৰ আছে। হনুমান অবিহনে ৰামো নহয়, ৰামায়ণো সৃষ্টি নহয়। যুগ পৰিৱৰ্তনৰ কোনো মিছন যদি অযোধ্যাৰ পৰা আৰম্ভ হৈ ৰামেশ্বৰমলৈ যায়, তেন্তে সেয়া কৰ্ণাটকতেই শক্তিশালী হয়।

ভাতৃ ভগ্নীসকল,

মধ্যকালতো যেতিয়া আক্ৰমণকাৰীয়ে ভাৰতক ধ্বংস কৰাৰ প্ৰয়াস কৰিছিল, আৰু সোমনাথৰ দৰে শিৱলিঙ্গ ভংগ কৰা হৈছিল, তেতিয়া কৰ্ণাটকৰ দেৱৰা দাসিময়া, মাদাৰা চেন্নয়া, ডোহৰ কক্কয়া, আৰু ভগৱান বাসৱেশ্বৰৰ দৰে সন্তই মানুহক ইষ্টলিঙ্গৰে সংযুক্ত কৰে। যেতিয়াই দেশৰ ওপৰত বাহিৰা শক্তিয়ে আক্ৰমণ কৰে তেতিয়াই ৰাণী অবক্কা, ওনাকে ওবাব্বা, ৰাণী চেনম্মা আৰু ক্ৰান্তিবীৰ সংগোল্লী ৰায়ন্নাৰ দৰে বীৰ তেওঁলোকৰ সন্মুখত দেৱালৰ দৰে থিয় হয়। স্বাধীনতাৰ পাছতো 'কাশী হিন্দু বিশ্ববিদ্যালয়'ৰ আগতে ভাইচ-চেন্সেলৰ মহাৰাজা কৃষ্ণৰাজা আডেয়ৰৰ পৰা আৰম্ভ কৰি ফিল্ড মাৰ্শ্বেল কেএম কৰিয়প্পা আৰু ভাৰত ৰত্ন এম বিশ্বেশ্বৰেয়ালৈকে, কৰ্ণাটকই সদায়েই ভাৰতক অনুপ্ৰাণিত কৰিছে আৰু আকৰ্ষিতও কৰিছে। আৰু এতিয়া আমি পূজ্য স্বামী জীৰ পৰা কাশীৰ অভিজ্ঞতা শুনি আছিলো।

বন্ধুসকল,

কন্নড়াৰ মানুহে সদায়েই 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত' মন্ত্ৰক জিছে। ইয়াৰ প্ৰেৰণা তেওঁলোকে কৰ্ণাটকৰ ভূমিৰ পৰাই পায়। ৰাষ্ট্ৰকবি কুৱেম্পুৰ ৰচনা নাডা-গীতে এতিয়া আমি সকলোৱে সেয়া শুনিলো আৰু পূজ্য স্বামীজীয়েও তাৰ ব্যাখ্যা কৰিলে। কিমান অদ্ভূত বাণী-জয় ভাৰত জননীয়া তনু জাতে, জয় হে কৰ্ণাটক মাতে। কিমান আত্মীয়তাৰে তেওঁ কৰ্ণাটক মাতাৰ স্তুতি কৰিছে, ইয়াতে তেওঁ কৈছে যে তেওঁ ভাৰত মাতেৰ 'তনু জাতে'। এই গীতত ভাৰতজোৰা সভ্যতাৰো বৰ্ণনা আছে, আৰু কৰ্ণাটকৰ মহত্ব তথা ভূমিকাৰো উল্লেখ আছে। যেতিয়া আমি এই গীতৰ ভাব বুজি উঠো তেতিয়া আমি 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ ভাবনা বুজি পাওঁ।

বন্ধুসকল,

আজি যি সময়ত ভাৰতে জি-20ৰ দৰে বৃহৎ বিশ্বজনীন সমূহৰ অধ্যক্ষতা কৰি আছে, সেই সময়ত গণতন্ত্ৰৰ জননী- Mother of Democracyৰ ৰূপত আমাৰ আদৰ্শই আমাৰ মাৰ্গ দৰ্শন কৰি আছে। অনুভৱ মণ্টপাৰ জৰিয়তে ভগৱান বাসৱেশ্বৰৰ বচন, তেওঁৰ গণতান্ত্ৰিক উপদেশ, ভাৰতৰ বাবে এক পোহৰৰ দৰে। এয়া মোৰ সৌভাগ্য যে মোৰ লণ্ডনত ভগৱান বাসৱেশ্বৰৰ মূৰ্তিৰ লোকাৰ্পণ, আমাৰ এই গৌৰৱৰ বিস্তাৰৰ সুযোগ হৈছিল। লগতে, বেলেগ বেলেগ ভাষাত তেওঁৰ বচন ৰিলিজ কৰাৰ মই সুযোগ পাইছিলো। এই অভিজ্ঞতা এই কথাৰ প্ৰমাণ যে কৰ্ণাটকৰ বিচাৰ পৰম্পৰাও অমৰ, তাৰ প্ৰভাৱো অমৰ।

বন্ধুসকল,

কৰ্ণাটক পৰম্পৰাৰ ভূমিও, আৰু প্ৰযুক্তিৰো ভূমি। ইয়াত ঐতিহাসিক সংস্কৃতিও আছে, আৰু আধুনিক কৃত্ৰিম বুদ্ধিমত্তাও আছে। আজি পুৱাই জাৰ্মান চেন্সেলৰৰ সৈতে মোৰ বৈঠক আছিল আৰু মই আনন্দিত যে কাইলৈৰ পৰা তেওঁৰ কাৰ্যক্ৰম বেংগালুৰুত হৈ আছে। আজি জি-20 সমূহৰো এখন বৈঠক বেংগালুৰুত হৈ আছে।

বন্ধুসকল,

মই যিকোনো ৰাষ্ট্ৰাধ্যক্ষৰে মিলিত হ'লে মোৰ প্ৰয়াস থাকে যে তেওঁ প্ৰাচীন আৰু আধুনিক ভাৰতৰ দুয়োখন ছবি দেখা পাওক। ট্ৰেডিচন আৰু টেকনলজি, এয়াই আজি নতুন ভাৰতৰ temperament। আজি দেশে বিকাশ আৰু ঐতিহ্যক, প্ৰগতি আৰু পৰম্পৰাক, একেলগে লৈ অগ্ৰসৰ হৈছে। আজি এফালে ভাৰতে নিজৰ প্ৰাচীন মন্দিৰক, সাংস্কৃতিক কেন্দ্ৰক পুনৰুজ্জীৱিত কৰি আছে, লগতে আমি ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰতো বিশ্ব নেতৃত্ব হৈ আছো। আজিৰ ভাৰতে আমাৰ শতিকা পুৰণি চুৰি হোৱা মূৰ্তিসমূহ, শিল্পকলাক বিদেশৰ পৰা ওভতাই আনি আছো। আৰু, আজিৰ ভাৰতে বিদেশৰ পৰা ৰেকৰ্ড ফৰেইন ডাইৰেক্ট ইনভেষ্টমেন্টো লৈ আহিছে। এয়াই নতুন ভাৰতৰ সেই বিকাশৰ পথ যি আমাক বিকশিত ভাৰতৰ লক্ষ্যলৈ লৈ যাব।

বন্ধুসকল,

আজি দেশৰ বাবে, আৰু কৰ্ণাটকৰ চৰকাৰৰ বাবে কৰ্ণাটকৰ বিকাশ এক সৰ্বোচ্চ প্ৰাথমিকতা। আগতে এটা সময় এনেকুৱাও আছিল যেতিয়া কৰ্ণাটকত চৰকাৰ গঠন কৰি মানুহে ইয়াৰ ধন বাহিৰলৈ লৈ গৈছিল। কিন্তু আজি দেশৰ ধন, দেশৰ সম্পদ কৰ্ণাটকৰ বিকাশৰ বাবে সততাৰে সমৰ্পিত কৰা হয়। আপোনালোকে চাওক, ২০০৯ৰ পৰা ২০১৪ৰ মাজত কেন্দ্ৰৰ ফালৰ পৰা কৰ্ণাটক ৰাজ্যক বছৰি ১১ হাজাৰ কোটি টকা দিয়া হৈছিল। আমাৰ চৰকাৰত ২০১৯ৰ পৰা ২০২৩ৰ মাজত, এতিয়ালৈকে কেন্দ্ৰৰ ফালৰ পৰা ৩০ হাজাৰ কোটি টকা পঠিওৱা হৈছে। ২০০৯ৰ পৰা ২০১৪ৰ মাজত কৰ্ণাটকত ৰে'ল পৰিকল্পনাৰ বাবে মুঠ ৪ হাজাৰ কোটি টকাৰো কম খৰচ কৰা হয় আৰু এজন ৰে'ল মন্ত্ৰী তো কৰ্ণাটকৰে আছিল, ৪ হাজাৰ কোটি। অৰ্থাৎ পাঁচ বছৰত ৪ হাজাৰ কোটি টকাতকৈও কম। ইয়াৰ বিপৰীতে আমাৰ চৰকাৰে এইবাৰৰ বাজেটতে কৰ্ণাটকৰ ৰে'ল আন্তঃগাঁথনিৰ বাবে প্ৰায় ৭ হাজাৰ কোটি টকা দিছে, এই বছৰৰ কথা কৈ আছো মই। ৰাষ্ট্ৰীয় ঘাইপথৰ বাবেও আগৰ চৰকাৰৰ ৫ বছৰত মুঠ ৬ হাজাৰ কোটি টকা কৰ্ণাটকৰ বাবে দিয়া হৈছিল। কিন্তু, এই ৯ বছৰত আমাৰ চৰকাৰে প্ৰতি বছৰে ৫ হাজাৰ কোটিৰ বিনিয়োগ কৰ্ণাটকত কৰিছে। ক'ত ৫ বছৰত ৬ হাজাৰ কোটি, ক'ত বছৰি ৫ হাজাৰ কোটি!

বন্ধুসকল,

আমাৰ চৰকাৰৰ দ্বাৰা দীৰ্ঘ সময় ধৰি চলি থকা আপাৰ ভদ্ৰা প্ৰজেক্টৰ দাবীও পূৰণ কৰি থকা হৈছে। ইয়াৰ ফলত তুমকুৰু, চিকমগলুৰু, চিত্ৰদুৰ্গ আৰু দাৱণগিৰি সহিতে চেণ্ট্ৰেল কৰ্ণাটকৰ বৃহৎ খৰাং প্ৰভাৱিত অঞ্চলৰো লাভ হ'ব, মোৰ কৃষকসকলৰ কল্যাণ হ'ব। এই বিকাশৰ নতুন গতিয়ে কৰ্ণাটকৰ ছবি দ্ৰুতগতিত সলনি কৰি আছে। আপোনালোকৰ মাজৰ যিসকল লোক দিল্লীত থাকে, দীৰ্ঘ সময় ধৰি নিজৰ গাঁৱলৈ যোৱা নাই, আপোনালোক যেতিয়া তালৈ যাব তেতিয়া আপোনালোক আচৰিতো হ'ব, গৌৰৱান্বিতও হ'ব।

বন্ধুসকল,

দিল্লী কৰ্ণাটক সংঘৰ ৭৫ বছৰত উন্নতি, অভিজ্ঞতা আৰু জ্ঞানৰ উৎকৰ্ষৰ কেইবাটাও মহত্বপূৰ্ণ ক্ষণ আমাৰ সন্মুখলৈ আহিছে। এতিয়া অহা ২৫ বছৰ আৰু মহত্বপূৰ্ণ। যি দুটা বিষয়ৰ ওপৰত আপোনালোকে আলোকপাত কৰিব পাৰে, সেয়া হৈছে-কলিকে মত্তু কলে। অৰ্থাৎ জ্ঞান আৰু কলা। যদি আমি কলিকেৰ কথা কওঁ, তেন্তে আমি জানো যে আমাৰ কন্নড়া ভাষা কিমান সুন্দৰ, ইয়াৰ সাহিত্য কিমান সমৃদ্ধ। লগতে কন্নড় ভাষা আৰু এটা বিশেষত্ব আছে। এইটো সেই ভাষা যাক কওঁতাৰ পঠনৰ অভ্যাস বহুত শক্তিশালী। কন্নড় ভাষাৰ পাঠকৰ সংখ্যাও বহুত বেছি। আজি কন্নড়ত কিবা ভাল কিতাপ আহিলে কেইসপ্তাহমানতে প্ৰকাশকে তাক পুনৰ মুদ্ৰণ কৰিবলগা হয়।

আপোনালোকৰ মাজত দিল্লীত থকা বন্ধুসকলে জানে চাগৈ যে নিজৰ মূল ৰাজ্যৰ পৰা বাহিৰত থকা নতুন প্ৰজন্মৰ বাবে ভাষাৰ জটিলতা কিমান বাঢ়ি যায়। সেয়ে, জগতগুৰু বাসৱেশ্বৰৰ বচন হওক, বা হৰি দাসৰ গীত হওক, লাগে কুমাৰ ব্যাসৰ দ্বাৰা লিখিত মহাভাৰতৰ সংস্কৰণ হওক বা কুৱেম্পুৰ লিখা ৰামায়ণ দৰ্শনম, এই বিশাল ঐতিহ্যক পৰৱৰ্তী প্ৰজন্মলৈ লৈ যোৱা বহুত দৰকাৰ। মই শুনিছো যে আপোনালোকে এটা লাইব্ৰেৰীও চলায়। আপোনালোকে নিয়মীয়াকৈ অধ্যয়ন চক্ৰ, সাহিত্য সম্পৰ্কীয় চৰ্চা কৰি থাকে। ইয়াক আৰু অধিক প্ৰভাৱশালী কৰিব পাৰে এনেধৰণৰ প্ৰয়াসৰ জৰিয়তে কলিকে অৰ্থাৎ জ্ঞানৰ যি প্ৰসাৰ হ'ব সেয়া দিল্লীৰ কন্নড় লোকৰ লগতে আনকো প্ৰভাৱিত কৰিব-কন্নডা কলিয়িৰী অৰ্থাৎ কন্নড় শিকা আৰু কন্নডা কলিসিৰী অৰ্থাৎ কন্নড় শিকোৱা উভয়তে সহায়ক হ'ব।

বন্ধুসকল,

কলিকেৰ লগতে কলে অৰ্থাৎ কলাৰ ক্ষেত্ৰতো কৰ্ণাটকই বহুত অসাধাৰণ প্ৰাপ্তি আহৰণ কৰিছে। কন্সালেৰ পৰা আৰম্ভ কৰি সংগীতৰ কৰ্ণাটক শৈলী পৰ্যন্ত, ভাৰত নাট্যমৰ পৰা আৰম্ভ কৰি যক্ষগানলৈকে কৰ্ণাটকৰ প্ৰতিটো কলাই আমাক আনন্দ দিয়ে। যোৱা কেইবাবছৰ ধৰি দিল্লী কৰ্ণাটক সংঘই এনে বহু কাৰ্যক্ৰম আয়োজন কৰিছে। কিন্তু এতিয়া এই প্ৰয়াসক পৰৱৰ্তী স্তৰলৈ লৈ যোৱাৰ দৰকাৰ আছে। কৰ্ণাটকৰ কলাকাৰ প্ৰবুদ্ধ লোক যি ইয়ালৈ আহিছে, আপোনালোকে দিল্লীত নেচনেল ৱাৰ মেমৰিয়েল, পিএম মিউজিয়াম আৰু কৰ্তব্য পথৰ দৰে ঠাইলৈ জৰুৰ যাব, তাৰ পাছতহে উভতি যাব। আপোনালোকে এনেকুৱা বহুত কিবাকিবি দেখিবলৈ পাব যি আপোনালোকক গৌৰৱান্বিত কৰিব। আপোনালোকৰ ভাব হ'ব যে এই কাম বহুত আগতেই হৈ যাব লাগিছিল। মই বিচাৰো যে আপোনালোকে ইয়াৰ অভিজ্ঞতা কৰ্ণাটকৰ মানুহকো ক'ব।

বন্ধুসকল,

এই সময়ত পৃথিৱীয়ে ভাৰতৰ পদক্ষেপত 'ইণ্টাৰনেচনেল ইয়েৰ অফ মিলেট' পালন কৰি আছে। কৰ্ণাটক ভাৰতীয় মিলেট অৰ্থাৎ সিৰি ধান্যাৰ প্ৰধান কেন্দ্ৰ। আপোনালোকৰ শ্ৰীঅন্ন-ৰাগী কৰ্ণাটকৰ সংস্কৃতিৰ অংশও, আৰু আপোনালোকৰ সামাজিক পৰিচয়ো। কৰ্ণাটকত আমাৰ য়েদুৰাপ্পাজীৰ সময়ৰ পৰাই 'সিৰি ধান্যা'ৰ প্ৰমোশ্যনৰ বাবে কাৰ্যক্ৰমো আৰম্ভ কৰা হৈছিল। আজি সমগ্ৰ দেশ কন্নডিগাওঁৰ পথেৰে অগ্ৰসৰ হৈছে। আৰু মোটা শস্যক শ্ৰীঅন্ন বুলি ক'বলৈ আৰম্ভ কৰিছে। আজি যি সময়ত সমগ্ৰ বিশ্বই শ্ৰীঅন্নৰ উপকাৰিতা আৰু ইয়াৰ প্ৰয়োজন উপলব্ধি কৰি আছে, সেয়ে অনাগত সময়ত ইয়াৰ চাহিদা বৃদ্ধি পাব। ইয়াৰ ফলত কৰ্ণাটকৰ মানুহৰ, কৰ্ণাটকৰ সৰু সৰু খেতিয়কৰ বহুত লাভ হ'ব।

বন্ধুসকল,

২০৪৭ত ভাৰতে যেতিয়া এখন বিকশিত ৰাষ্ট্ৰ হিচাপে নিজৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব তেতিয়া দিল্লী-কৰ্ণাটক সংঘয়ো নিজৰ ১০০তম বৰ্ষত প্ৰৱেশ কৰিব। তেতিয়া ভাৰতৰ অমৃত কালৰ গৌৰৱত আপোনালোকৰ যোগদানৰো চৰ্চা হ'ব। এই ভব্য সমাৰোহৰ বাবে আৰু ৭৫ বছৰৰ এই যাত্ৰাৰ বাবে মই আকৌ এবাৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো আৰু মই পূজ্য সন্তসকলকো হৃদয়ৰ পৰা বহুত কৃতজ্ঞতা প্ৰকাশ কৰিছো যে পূজ্য সন্তসকল আমাৰ মাজলৈ আহি আমাক সকলোকে আশীৰ্বাদ দিলে, আমাক সকলোকে প্ৰেৰণা যোগালে। মই পূজ্য সন্তসকলৰো আশীৰ্বাদ পাবলৈ সৌভাগ্য লাভ কৰিলো ইয়াৰ বাবে নিজকে গৌৰৱান্বিত যেন বোধ কৰিছো। মই আকৌ এবাৰ আপোনালোক সকলোকে হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো। মোৰ সৈতে কওক ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয়!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Key Partner In Indian Ocean': PM Modi's Landmark Address In Seychelles Parliament

Media Coverage

'Key Partner In Indian Ocean': PM Modi's Landmark Address In Seychelles Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
State Visit of Prime Minister to Seychelles
June 28, 2026

As part of Prime Minister Shri Narendra Modi’s State Visit to Seychelles from 27-29 June 2026, Prime Minister and the President of Seychelles, H.E. Dr. Patrick Herminie today held official talks at the State House in Victoria, Mahe.

The talks covered the full spectrum of bilateral relations, with the leaders agreeing to further strengthen cooperation in health, education, capacity building, digital transformation, sustainable development, social infrastructure, renewable energy, maritime security and defence. They also exchanged views on regional and global developments, including challenges in the Indian Ocean region, such as illegal fishing, drug trafficking and piracy. Both leaders expressed satisfaction at the progress made in the implementation of projects and initiatives under the Special Economic Package announced by India. Prime Minister reaffirmed India’s commitment to supporting the development priorities of Seychelles and to further deepen the close and enduring partnership between the two countries.

Following the official talks, both leaders released a joint commemorative logo marking 50 years of the establishment of diplomatic relations between the two countries. Several MoUs/agreements in the fields of Capacity Building, UPI, Health, Agriculture, Shipping, Space, Extradition and Line of Credit were exchanged thereafter. The amount of the Line of Credit stands at INR 1250 crores. The full list of MoUs/agreements may be seen here [link]. In addition, several announcements in the fields of food security, infrastructure, health, vocational training, maritime security and defence were made in support of the development needs of Seychelles. The details of these announcements may be seen here [link]. Seychelles also announced that it is joining the Coalition for Disaster Resilient Infrastructure [CDRI].

Later in the day, Prime Minister addressed an Extraordinary Sitting of the National Assembly of Seychelles, becoming the first Indian Prime Minister to do so. In his address, he highlighted the historical bonds of friendship between India and Seychelles and underscored the shared values of democracy, rule of law and people-centric governance that guide the two countries. He noted that mutual trust and close cooperation have shaped a robust partnership spanning development cooperation, maritime security, technology, innovation, health and capacity building. Prime Minister also called for enhanced parliamentary exchanges between the two democracies. The full address of Prime Minister may be seen here [link]

The Leader of Opposition of Seychelles, H.E. Mr. Bernard Georges, also called on Prime Minister. The two leaders discussed India-Seychelles bilateral ties and conveyed their strong support to further build the special friendship between the two countries.