নমস্কাৰ!

মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগীসকল, ৰাজ্যচৰকাৰসমূহৰ প্ৰতিনিধিবৰ্গ, সামাজিক সংগঠনসমূহৰ বন্ধুসকল, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ দূৰ-দূৰণিৰ পৰা সংযোজিত হোৱা বন্ধুসকল!

সজ্জনসকল,

বাজেট উথ্থাপনৰ পিচত, বাজেটৰ ঘোষণাসমূহ ৰূপায়ণ কৰাৰ বাবে আজি সংশ্লিষ্ট সকলো পক্ষৰ সৈতে অনুষ্ঠিত এই আলোচনা নিতান্তই গুৰুত্বপূৰ্ণ। ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস’ আমাৰ চৰকাৰৰ নীতি আৰু কাৰ্যকৰীকৰণৰ বাবে মূলভূত পৰিণাম সূত্ৰও। আজিৰ সভাৰ প্ৰাতিবাদ্য বিষয় হৈছে “লীভিং ন’ চিটিজেন বিহাইণ্ড”। এই প্ৰসংগও এই সূত্ৰৰ পৰাই উদ্ভৱ হৈছে। ‘স্বাধীনতাৰ অমৃতকাল’ৰ বাবে যি সংকল্প আমি গ্ৰহণ কৰিছো সেয়া সকলোৰে প্ৰয়াসেৰেহে সিদ্ধ হ’বগৈ। সকলোৰে প্ৰয়াস তেতিয়াহে সম্ভৱ যেতিয়া বিকাশ সকলোৰে হ’ব, প্ৰতিগৰাকী ব্যক্তি, প্ৰতিটো বৰ্গ, প্ৰতিটো ক্ষেত্ৰই বিকাশৰ সম্পূৰ্ণ লাভ আদায় কৰিব পাৰিব। সেয়ে, বিগত সাতটা বছৰত আমি দেশৰ প্ৰতিগৰাকী নাগৰিক, প্ৰতিটো ক্ষেত্ৰৰে সামৰ্থ্য বঢ়োৱাৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছো। দেশৰ গাঁও আৰু দুখীয়াসকলৰ বাবে পকীঘৰ, শৌচাগাৰ, গেছ, বিজুলী, পানী, বাট-পথৰ দৰে বুনিয়াদী সা-সুবিধাসমূহ উপলব্ধ কৰোৱাৰ বাবে ৰূপায়িত যোজনাসমূহৰ উদ্দেশ্যেও এয়াই। দেশে এইসমূহৰ ক্ষেত্ৰত বহু সাফল্য অৰ্জনো কৰিছে। পিচে, এতিয়া এই যোজনাসমূহক লক্ষ্যৰ এশ শতাংশ সম্পূৰ্ণ কৰি তোলাৰ সময় সমাগত হৈছে। এয়া সম্ভৱ কৰি তোলাৰ বাবে আমি নতুন ৰণকৌশলো গ্ৰহণ কৰাৰ প্ৰয়োজন হ’ব। নিৰীক্ষণৰ বাবে দায়বদ্ধতা নিশ্চিত কৰাৰ বাবে, প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰি নতুন ব্যৱস্থাৱলীক বিকশিত কৰিব লাগিব। আমি সম্পূৰ্ণ বল প্ৰয়োগ কৰিব লাগিব।

বন্ধুসকল,

এইখন বাজেটত চৰকাৰৰ দ্বাৰা এশ শতাংশৰ এই বৃহত্ লক্ষ্য আহৰণ কৰাৰ বাবে এক স্পষ্ট ৰূপৰেখা দাঙি ধৰা হৈছে। বাজেটত ‘পিএম আৱাস যোজনা’, ‘জল জীৱন মিছন’, উত্তৰ-পূৰ্বাঞ্চলৰে যোগাযোগ, গাঁওসমূহক ‘ব্ৰডবেণ্ড ব্যৱস্থা’ৰে সংযোজিত কৰাৰ দৰে প্ৰতিখন আঁচনিৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। এয়া গ্ৰাম্যাঞ্চল, উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৱৰ্তি এলেকা আৰু ‘আকাংক্ষী জিলাস’মূহত সা-সুবিধাসমূহক লক্ষ্যৰ এশ শতাংশ পৰ্যন্ত লৈ যোৱাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰে অংশ। বাজেটত যি ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ ঘোষণা কৰা হৈছে, সেয়া আমাৰ সীমান্তৱৰ্তি গাঁওসমূহৰ বিকাশৰ বাবে অতিকে গুৰুত্বপূৰ্ণ হ’ব। ‘প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজন’ অৰ্থাত ‘পিএম ডিভাইন নৰ্থ ইষ্ট’ত সময় নৰ্দ্ধাৰিত ভাবে বিকাশমূলক যোজনাসমূহৰ এশ শতাংশ লাভ সুনিশ্চত কৰাত বহুত সহায়ক হ’ব।

বন্ধুসকল,  

গাঁওসমূহৰ বিকাশৰ ক্ষেত্ৰত ঘৰ আৰু মাটিৰ উচিত সীমা নিৰ্দ্ধাৰণ কৰাটো বহুতেই আৱশ্যক। ‘স্বামিত্ব যোজনা’ৰ জৰিয়তে এই ক্ষেত্ৰত বহুত সহযোগিতা লাভ কৰিব পৰা গৈছে। এই পৰ্যন্ত এই যোজনাৰ জৰিয়তে ৪০ লাখৰো অধিক ‘সম্পত্তি-পত্ৰ’ প্ৰদান কৰা হৈছে। “ভূমি-তথ্যৰ পঞ্জীয়ণৰ বাবে যুগুতাই উলিওয়া এক ৰাষ্ট্ৰীয় ব্যৱস্থাপনা” আৰু এটা “অনন্য ভূমি চিনাক্তকৰণ পিন” প্ৰদানৰ দিহা খুবেই সুবিধাৰ কথা হ’ব। ৰাজহ বিভাগৰ ওপৰত সাধাৰণ গাঁওবাসীৰ নিৰ্ভৰতা যিমান পাৰি কম কৰাটো আমি সুনিশ্চিত কৰিব লাগিব। ‘ভূমি-অভিলেখ’সমূহৰ ‘ডিজিটাইজেশ্যন’ আৰু সীমা নিৰ্দ্ধাৰণৰ দিহা আধুনিক প্ৰযুক্তিৰে সম্পন্ন কৰাটো আজিৰ প্ৰেক্ষাপটত নিতান্তই জৰুৰী হৈ উঠিছে। মই ভাবো সকলো ৰাজ্য চৰকাৰে যদি সময় সীমা বান্ধি লৈ কাম কৰে তেন্তে গাঁৱৰ বিকাশৰ গতি অধিকভাবে ত্বৰান্বিত হ’ব। এয়া এনে সংস্কাৰ যিয়ে গাঁৱৰ আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ নিৰ্মাণৰ গতিবেগ বৃদ্ধি কৰাৰ লগতে গাঁওসমূহত বাণিজ্যিক কৰ্ম-কাণ্ডকো উত্সাহিত কৰিব। বিভিন্ন যোজনাসমূহৰ ক্ষেত্ৰত লক্ষ্যৰ এশ শতাংশ উপলব্ধ কৰাৰ বাবে আমি নতুন প্ৰযুক্তিৰ ওপৰতো গুৰুত্ব দিব লাগিব যাতে দ্ৰুতগতিৰে প্ৰকল্পসমূহৰ কামো সম্পূৰ্ণ হয় আৰু মানৰ ক্ষেত্ৰটো কোনোধৰণৰ আপোচ কৰা নহওক।

বন্ধুসকল,

এইবেলিৰ বাজেটত ‘পিএম আৱাস যোজনা’ৰ বাবে ৪৮ হাজাৰ কোটি টকাৰ আৱণ্টন দিয়া হৈছে। এই বছৰ ৮০ লাখ ঘৰ সজাৰ বাবে যি লক্ষ্য থিৰ কৰা হৈছে, সেয়া নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ বাবে দ্ৰুতগতিত কাম কৰিব লাগিব। আপোনালোক সকলোৱেই জানে যে আজিৰ তাৰিখত দেশৰ ৬খন চহৰত ‘এফৰ্ডেবল হাউছিং’-ৰ বাবে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰি, ৬টা ‘লাইট হাউছ প্ৰকল্প’ৰ কাম কৰি থকা হৈছে। এই ধৰণৰ প্ৰযুক্তি গাঁৱৰ ঘৰসমূহতো কেনেকৈ প্ৰয়োগ কৰিব পাৰি, আমাৰ ‘ইক’-ছেনছিটিভ জ’ন’সমূহত চলি থকা নিৰ্মাণৰ বাবে আমি নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কেনেকৈ কৰিম, সেই বিষয়ে এক সাৰ্থক আৰু গম্ভীৰ আলোচনাৰ অতিকে প্ৰয়োজন আছে। গাঁওসমূহত, পাহাৰীয়া অঞ্চলসমূহত, উত্তৰ-পূৰ্বাঞ্চলত বাট-পথৰ তদাৰকী কৰাটো এক প্ৰত্যাহ্বানপূৰ্ণ কাম। স্থানীয় ভৌগলিক পৰিস্থিতিসমূহৰ অনুসাৰে দীঘলীয়া সময়ৰ বাবে টিকি থকা সামগ্ৰী বিচাৰি উলিওৱাৰ দৰে বিষয়বোৰৰ সমাধানো নিতান্তই জৰুৰী।

বন্ধুসকল,

‘জল জীৱন মিছন’ৰ অধীনত প্ৰায় ৪ কোটি সংযোগ প্ৰদান কৰাৰ লক্ষ্য আমি নিৰ্দ্ধাৰণ কৰিছো। এই লক্ষ্য আহৰণ কৰাৰ বাবে আপোনালোকে আৰু অধিক পৰিশ্ৰম কৰিব লাগিব। মই সকলো ৰাজ্য চৰকাৰৰ প্ৰতি এই আহ্বানেই জনাব খুজিছো যে যিবোৰ পাইপলাইন বহুৱাই থকা হৈছে, যি পানীৰ প্ৰবহণ হৈছে, তাৰ মানৰ ক্ষেত্ৰটো আমি বিশেষ দৃষ্টি দিব লাগিব। গাঁও স্তৰৰ ৰাইজৰ মাজত যাতে এক ‘ছেন্স অব অ’নাৰশ্বিপ’ আহে, ‘ৱাটাৰ-গভাৰ্নেন্স’ শক্তিশালী হয়, এয়াও এই যোজনাৰ এক লক্ষ্য। এই সকলোবোৰ কথাৰ প্ৰতি দৃষ্টি ৰাখি আমি ২০২৪ পৰ্যন্ত প্ৰতিখন ঘৰলৈ নলৰে জল প্ৰেৰণ কৰিব লাগিব।

বন্ধুসকল,

গাঁৱৰ ‘ডিজিটেল কানেক্টিভিটী’ এতিয়া আৰু কেৱল এক আকাংক্ষা হৈয়েই থকা নাই, বৰং এয়া আজিৰ প্ৰয়োজনীয়তাও হৈ উঠিছে। ‘ব্ৰডবেণ্ড সংযোগ’ৰে গাঁওসমূহে কেৱল সুবিধাই লাভ নকৰিব, বৰং গাঁওসমূহত দক্ষ যুৱক-যুৱতীৰ এক বৃহত্ ভাণ্ডাৰ গঢ়ি উঠাৰ ক্ষেত্ৰতো সহায়ক হব। গাঁৱত ‘ব্ৰডবেণ্ড সংযোগ’ৰে সেৱা খণ্ডই যেতিয়া বিস্তাৰ লাভ কৰিব তেতিয়া দেশৰ সামৰ্থ্য আৰু অধিক হাৰত বৃদ্ধি পাব। ‘অপ্টিকেল ফাইবাৰ কানেক্টিভিটী’ত যদি কিবা সমস্যাই দেখা দিয়ে, সেয়া চিনাক্ত কৰা আৰু সেই সমস্যাৰ সমাধানসূত্ৰ আমি বিচাৰি উলিয়াবই লাগিব। যিবোৰ গাঁৱত কাম সম্পূৰ্ণ হৈ উঠিছে, সেইবোৰ গাঁৱত মান আৰু উচিত ব্যৱহাৰৰ বাবে সজাগতা সৃষ্টি কৰাটোও সিমানেই জৰুৰী। এশ শতাংশ ডাক-ঘৰক ‘ক’ৰ-বেংকিং ছিষ্টেম’ৰ মাজলৈ অনাৰ সিদ্ধান্তও এক বৃহত্ পদক্ষেপ। ‘জনধন যোজনা’ৰে ‘বিত্তীয়-অন্তৰ্ভুক্তিকৰণ’-ৰ যি অভিযান আমি আৰম্ভ কৰিছিলো, তাকো এশ শতাংশ লক্ষ্যৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই পদক্ষেপে শক্তি প্ৰদান কৰিব।

বন্ধুসকল,

গ্ৰামীণ অৰ্থব্যৱস্থাৰ এক এটা ডাঙৰ আধাৰ হৈছে আমাৰ মাতৃ শক্তি। বিত্তীয়-অন্তৰ্ভুক্তিয়ে পৰিয়ালত অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলৰ অংশিদাৰিত্ব অধিক কৰি তুলিব। ‘আত্ম সহায়ক গোট’ৰ মাধ্যমত মহিলাসকলৰ এই অংশিদাৰিত্বক আৰু অধিক সম্প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তা আছে। আমি গ্ৰামীণ অঞ্চলত যিমান পাৰি সিমান ‘ষ্টাৰ্টআপ’সমূহক কেনেকৈ লৈ যাব পাৰো ইয়াৰ বাবেও আপোনালোকে প্ৰয়াস বৃদ্ধি কৰিব লাগিব।

বন্ধুসকল,

এইখন বাজেটত ঘোষণা কৰা সকলো কাৰ্যক্ৰমক আমি সময়সীমাৰ ভিতৰতে কেনেকৈ সম্পূৰ্ণ কৰিব পাৰো, সকলো মন্ত্ৰালয়, সংশ্লিষ্ট সকলো পক্ষৰে ‘কনভাৰ্জেন্স’ কেনেকৈ সুনিশ্চিত কৰিব পৰা যায়, এই বিষয়ে এইখন ৱেবিনাৰত বস্তৃত চৰ্চা হব বুলি আশা কৰিছো। মই ভাবো “লীভিং ন চিটিজেন বিহাইণ্ড”-ৰ লক্ষ্য এনে ধৰণৰ প্ৰয়াসেৰেই সম্পূৰ্ণ কৰিব পৰা যাব।

মই ভাবো এই ধৰণৰ শীৰ্ষ সন্মিলনত আমি চৰকাৰৰ তৰফৰ পৰা বেছিকৈ কোৱাতকৈ আপোনালোকৰ পৰাহে অধিক কথা শুনাটো উচিত হ’ব। আমি আপোনালোকৰ অনুভৱসমূহকহে অধিক জানিব বিচাৰিছো। আমি আমাৰ গাঁওসমূহৰ ক্ষমতা কেনেকৈ বঢ়াব পাৰো, প্ৰথমতে ‘গৱাৰ্নেন্স’ৰ দৃষ্টিৰে, আপোনালোকে কেতিয়াবা ভাবিবচোন, গাঁওসমূহত আমাৰ চৰকাৰী এজেন্সীসমূহে বাৰু কেতিয়াবা দুই-চাৰি ঘণ্টাৰ বাবে গাঁওবাসীৰ সৈতে একেলগে মিলি গাঁৱৰ উন্নয়ণ প্ৰসংগত কোনো আলোচনাত ভাগ লৈছেনে বাৰু? মই দীঘলীয়া কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হৈ আহিছো, মোৰ অভিজ্ঞতাই কিন্তু এয়া আমাৰ অভ্যাস নহয় বুলিহে কয়। এদিন কৃষি বিভাগৰ পৰা যাব, আনদিনা জলসিঞ্চন বিভাগৰ পৰা যাব, আন এদিনা হয়তো শিক্ষা বিভাগৰ পৰা যাব আৰু এওঁলোকৰ পৰস্পৰে কিন্তু এই বিষয়ে একোৱেই নাজানিব। গাঁৱৰে সম্পৰ্কিত সকলো চৰকাৰী এজেন্সীয়ে বাৰু কোনো এটা নিৰ্দিষ্ট দিন ধাৰ্য কৰি একেলগে গৈ গাঁৱৰ ৰাইজৰ সৈতে, নিৰ্বাচিত নিকায়ৰ বিষয়ববীয়াৰ সৈতে বহি গাঁৱৰ সা-সমস্যা সাধানৰ উদ্যোগ গ্ৰহণ কৰিব নোৱাৰেনে? মই ভাবো আমাৰ মাজত থকা ত্ৰুটি আঁতৰোৱা, ‘কনভাৰ্জেন্স’ হোৱা আৰু তাৰ লাভ আদায় কৰাটো যিমান কঠিন, তাৰ তুলনাত চাগৈ আমাৰ গাঁৱৰ সমস্যাই কম হ’ব।

এতিয়া আপোনালোকে চাগৈ ভাবিব ভাই, ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ আৰু গ্ৰাম্যোন্নয়ণৰ মাজতনো কি লেনাদেনা আছে। চাওকচোন, ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’ত এটা বিষয় আছে যে স্থানীয় বিশেষত্বসমূহৰ সৈতে শিশুসকলক পৰচিত কৰাব লাগে। আপোনালোকে স্থানীয় এলেকাসমূহত পৰিভ্ৰমণ কৰক। আমি বাৰু ভাবিব পাৰোনে যে ‘ভাইব্ৰেণ্ট ব’ৰ্ডাৰ ভিলেজ’ৰ যি কল্পনা কৰা হৈছে আমি সেই ব্লকত যিসমূহ স্কুল আছে সেইসমূহক আমি চিনাক্ত কৰি, ক’ৰবাত অষ্টম মানৰ শিশু, ক’ৰবাত আক’ নৱম মানৰ শিশু, ক’ৰবাত দশম মানৰ। দুদিনৰ বাবে এটা ৰাতি তাত থাকি, সীমান্তৰ অন্তিমখন গাঁৱলৈ যোৱাৰ কথা ভাবিবচোন। গাঁওসমূহ চাওঁক, গাঁৱৰ গছ-গছনিবোৰক চাওঁক, তাৰ মানুহখিনিৰ জীৱন-চৰ্যা চাওক। ‘ভাইব্ৰেন্সী’ অহা আৰম্ভ কৰি দিব।

মহকুমা সদৰত বসবাস কৰা শিশুৱে চল্লিশ পঞ্চাশ কিলোমিটাৰ গৈ অন্তিমখন সীমান্ত গাঁৱলৈ যাব, নিজৰ দেশৰ সীমা দেখিব, এতিয়া এয়া শিক্ষাৰ কাৰ্যক্ৰমেই যেনিবা, কিন্তু আমাৰ ‘ভাইব্ৰেণ্ট ব’ৰ্ডাৰ ভিলেজ’-ৰ বাবে সেয়া কামত আহিব পাৰে। তেন্তে আমি এনেধৰণৰ কিছুমান ব্যৱস্থা বিকশিত কৰিব পাৰিমনে বাৰু?

এতিয়া আমি যদি সিদ্ধান্ত লও যে মহকুমা পৰ্যায়ত যিমানবোৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব, সেইবোৰ সীমান্তৰ গাঁৱত অনুষ্ঠিত কৰিম, স্বত্ঃস্ফূৰ্ত ভাবেই ‘ভাইব্ৰেন্সী’ অহা আৰম্ভ কৰি দিব। সেই দৰেই আমি কেতিয়াবা এই কথাও ভাবিব পাৰো যে আমাৰ গাঁওবোৰত এনে কিমান লোক আছে যিসকলে ক’ৰবাত নহয় ক’ৰবাত চৰকাৰী কাম কৰিছিল। কিমান লোক আছে যি আমাৰ গাঁৱৰ কিন্তু এতিয়া চৰকাৰী কামত নিয়োজিত হৈ হয় গাঁৱতে আছে অথবা সমীপবৰ্তি কোনো নগৰত বসবাস কৰি আছে। বছৰৰ কোনো এটা দিনত বাৰু এইসকল লোক গাঁৱত সমবেত হোৱাৰ ব্যৱস্থা কৰিব পৰা যায়নে? এইখনতো আপোনাৰে গাঁও, আপুনি বাৰু আঁতৰত গৈ চাকৰি কৰি আছেগৈ, চহৰলৈ গ’লগৈ। আহকচোন অকনমান একেলগে বহো, নিজৰ গাঁওখনৰ বাবে আমি চৰকাৰত আছো, আমি চৰকাৰক জানো, আহকচোন সকলোৱে মিলি কাম কৰো। অৰ্থাত্ এয়া হৈছে নতুন ৰণনীতি, আমি বাৰু কেতিয়াবা ভাবিছোনে যে আমি আমাৰ গাঁৱৰ জন্মদিন স্থিৰ কৰো, আৰু সেয়া উদযাপনৰ দিহা কৰো! গাঁৱৰ ৰাইজে ১০-১৫দিনৰ উত্সৱ উদযাপন কৰি গাঁৱৰ আৱশ্যকতাসমূহ পূৰণ কৰাৰ বাবে আগভাগ লওঁ। গাঁৱৰ সৈতে এই আত্মীয়তাই সেইখন গাঁৱক সমৃদ্ধ কৰিব, বৰঞ্চ বাজেটৰ জৰিয়তে হোৱাতকৈ অধিক ভাবে।

আমি নতুন ৰণনীতিৰে ধৰক আমাৰ যিবোৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, আমি বাৰু সিদ্ধান্ত ল’ব পাৰিমনে, ভাই আমাৰ গাঁৱত দুশ খেতিয়ক আছে, চাওঁচোন এইবাৰ ৫০জন খেতিয়কক প্ৰাকৃতিক কৃষি-কৰ্মৰ বাবে উদগণি দিও। আমি বাৰু কেতিয়াবা এনে কৰিম বুলি ভাবিব পাৰোনে? আমাৰ দেশৰ কৃষি বিশ্ববিদ্যালয়সমূহত সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়েই গাঁৱৰ পৰা অহা। আমি বাৰু এইসকল ছাত্ৰ-ছাত্ৰীৰ আগত গ্ৰামোন্নয়ণৰ বাবে ৰূপায়ণ কৰিব খোজা চৰকাৰী যোজনাসমূহৰ বিষয়ে সবিস্তাৰে ব্যাখ্যা-বিশ্লেষণ কৰিবগৈ পাৰোনে? এইসকল পঢ়া-শুনা কৰা ল’ৰা-ছোৱালী, তেওঁলোকে চৰকাৰৰ যোজনাবোৰৰ বিষয়ে ভালকৈয়ে বুজিব পাৰিব আৰু বন্ধৰ দিনত গাঁৱলৈ গ’লে গাঁৱৰ ৰাইজক বুজাবগৈ পাৰিব। নিজৰ গাঁওখনৰ বাবে কিবা কৰাৰ বাবে তেওঁলোকে ইয়াৰ পৰা অনুপ্ৰেৰণা পাব, আৰু ৰাইজকো উদ্বুদ্ধ কৰিব পাৰিব। অৰ্থাত্ আমি বাৰু কেতবোৰ নতুন ৰণনীতিৰ কথা ভাবিব পাৰোনে? আজি যে ভাৰতৰ অধিক সংখ্যক ৰাজ্যত ‘আউটপুট’তকৈ ‘আউটকাম’তহে অধিক জোৰ দিয়াৰ প্ৰয়োজন আছে সেই কথাৰ উমান আমি পোৱা উচিত। আজিকালি গাঁওসমূহলৈ পৰ্যাপ্ত পৰিমানে ধন যায়। সেইখিনি পইচা যদি উচিত সময়ত সদ্ব্যৱহাৰ কৰিব পাৰি, তেতিয়া আমি গাঁৱৰ পৰিস্থিতি সলনি কৰিব পাৰিম।

আমি গাঁৱত এক প্ৰকাৰৰ ‘ভিলেজ ছেক্ৰেটেৰিয়েত’, আৰু মই যেতিয়া ‘ভিলেজ ছেক্ৰেটেৰিয়েত’ৰ কথা কৈছো আমি চাগৈ ভাবিম এটা ভৱন লাগিব। সকলোৱে বহিব পৰাকৈ কোঠা লাগিব। মই কিন্তু সেই কথা কোৱা নাই। আজি আমি যেনেকৈ বহিছো, এনেদেৰেই কোনোবা এঠাইত বহিম, কিন্তু একেলগে বহি শিক্ষাৰ বাবে আমি কিবা পৰিকল্পনা কৰিম। সেইদৰে আপোনালোকে চাগৈ দেখিছে যে ভাৰত চৰকাৰে ‘আকাংক্ষী জিলা’সমূহৰ কাৰ্যক্ৰম হাতত লৈছে। ইমান যে অদ্ভুত অভিজ্ঞতা লাভ কৰিব পৰা গৈছে যে জিলাসমূহৰ মাজত এক ধৰণৰ প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে। প্ৰতিখন জিলাই ভাবিছে যে মোৰ ৰাজ্যত মই পিচ পৰি নাথাকো। কোনোবা জিলাই আকৌ ৰাষ্ট্ৰীয় গড় হাৰতকৈয়ো অধিক হাৰত আগবঢ়াৰ কথা ভাবিবলৈ লৈছে। আপোনালোকেও নিজৰ নিজৰ মহকুমাত আঠটা বা দহটা ‘পেৰামিটাৰ’ স্থিৰ কৰি ল’ব পাৰে! সেই সেই ‘পেৰামিটাৰ’ত আগবঢ়াৰ বাবে গাঁওসমূহৰ মাজত প্ৰতিযোগিতাৰ মানসিকতাৰে কামত হাত দিব পাৰে! ভাল ফল দেখুওৱা গাঁওসমূহক ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদান কৰা বঁটাৰ দৰে মহকুমা পৰ্যায়তো বঁটা দিয়াৰ ব্যৱস্থা কৰিব পাৰে। চাবচোন পৰিৱৰ্তনৰ ধাৰা আৰম্ভ হ’বলৈ বেছি পৰ নালাগে। সেয়ে কওঁ ‘বাজেট ইজ নট এ ইছ্যু’। আজি আমি ‘আউটকাম’ আৰু ধৰালৈ পৰিৱৰ্তন অনাৰ বাবে প্ৰয়াস কৰা উচিত।

আমি গাঁওসমূহৰ মাজত এনে এক মানসিকতা গঢ়ি তুলিব নোৱাৰোনে যে আমাৰ গাঁৱত এটি শিশুয়েও অপুষ্টিত ভূগিবলগীয়া নহয়। মই কওঁ তেওঁলোকে চৰকাৰৰ বাজেটলৈ অপেক্ষাই নকৰিব, এবাৰ মাত্ৰ তেওঁলোকৰ মনত কথাবোৰ সোমাই গ’লেই গাঁৱৰ ৰাইজে এটি শিশুকো অপুষ্টিত ভূগিবলৈ নিদিব। আজিও আমাৰ দেশত এটি সংস্কাৰ আছে। আমি যদি কও যে আমাৰ গাঁৱত এজনো ‘ড্ৰপআউট’ নাথাকিব, আপোনালোকে চাবচোন গাঁৱৰ সকলো লোকেই এই কথাত আন্তৰিকতাৰে জড়িত হৈ পৰিব। এনে বহু নেতা, বহু পঞ্চায়ত সভাপতি আছে তেওঁলোকে কেতিয়াও গাঁৱৰ স্কুললৈ গৈ পোৱাই নাই। আৰু গৈছে যদিও কেতিয়া গৈছে? পতাকা উত্তোলনৰ দিনা! এয়া বাৰু আমি কেনে অভ্যাস গঢ়ি তুলিছো! এইখন আমাৰ গাঁও, এয়া আমাৰ ব্যৱস্থা, আমি সেইখন গাঁৱলৈ যাব লাগিব আৰু এই নেতৃত্ব চৰকাৰৰ সকলো নিকায়-সংস্থাই প্ৰদান কৰা উচিত। আমি যদি এই নেতৃত্ব নিদিও আৰু যদি আমি কৈ দিও যে আমি চে’ক কাটি দিছো, আমি পইচা পঠাই দিছো, কাম হৈ যাব, তেন্তে কেতিয়াও পৰিৱৰ্তন নাহে। আৰু স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছো আৰু মহাত্মা গান্ধীৰ জীৱনৰে সম্পৰ্কিত কেতবোৰ কথা, আমি কি সেইবোৰ সাকাৰ কৰিব নোৱাৰিম? ‘স্বচ্ছতা’, ‘ভাৰতৰ আত্মা গাঁৱতহে আছে’, এইবোৰ কথা মহাত্মা গান্ধীয়ে কৈ থৈ গৈছে, আমি কি এইবোৰ বাস্তৱ কৰিব নোৱাৰিম?

বন্ধুসকল,

ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, স্থানীয় স্বৰাজৰ নিকায়সমূহে মিলি আৰু আমাৰ সকলো বিভাগে ত্ৰুটিসমূহ নোহোৱা কৰি যদি এই কাম কৰে মোৰ সম্পূৰ্ণ বিশ্বাস আছে  আমি উত্তম ফল লাভ কৰিমেই। স্বাধীনতাৰ ৭৫ বছৰত আমিও দেশক কিবা দিয়া উচিত, এই মনোভাৱৰেই আমি কাম কৰিব লাগিব। আপোনালোকে আজি সম্পূৰ্ণ দিনটোৱেই আলোচনাত মিলিত হ’ব, বাজেটত আৱন্তিত প্ৰতিটো পইচাৰে গাঁৱৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত কেনেকৈ সৰ্বোচ্চ পৰ্যায় পৰ্যন্ত লৈ যাব পাৰি সেই বিষয়ে উত্তম পন্থা উদ্ভাৱন কৰিব পাৰিলে আমাৰ সপোন ফলিয়াব। মই আপোনালোক সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.