Welcomes Vice President to the Upper House
“I salute the armed forces on behalf of all members of the house on the occasion of Armed Forces Flag Day”
“Our Vice President is a Kisan Putra and he studied at a Sainik school. He is closely associated with Jawans and Kisans”
“Our democracy, our Parliament and our parliamentary system will have a critical role in this journey of Amrit Kaal”
“Your life is proof that one cannot accomplish anything only by resourceful means but by practice and realisations”
“Taking the lead is the real definition of leadership and it becomes more important in the context of Rajya Sabha”
“Serious democratic discussions in the House will give more strength to our pride as the mother of democracy”

মাননীয় সভাপতি মহোদয়,

সন্মানীয় জ্যেষ্ঠ সাংসদসকল,

আৰম্ভণিতে মই সন্মানীয় সভাপতি মহোদয়ক সদনৰ লগতে সমগ্ৰ দেশৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। এটা সাধাৰণ পৰিয়ালৰ পৰা আহি আজি আপুনি যিটো স্থানত উপস্থিত হৈছেহি, আৰু সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰি যিদৰে আগুৱাই যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে সেয়া দেশৰ বহুজন ব্যক্তিৰ বাবেই অনুপ্ৰেৰণাৰ উত্সস্বৰূপ। উচ্চ সদনৰ এইখন মৰ্যদাসম্পন্ন আসনক আপুনি সুশোভিত কৰিছে আৰু ‘কিঠানাৰ সন্তান’ৰ এই সাফল্য দেখি দেশৰ আনন্দৰ ঠিকনা নোহোৱা হৈছে।

মাননীয় সভাপতি মহোদয়,

এয়া এক আনন্দৰ উপলক্ষ যে আজি ‘সশস্ত্ৰ সেনাবাহিনীৰ পতাকা দিৱসো’।

মাননীয় সভাপতি মহোদয়,

আপুনি ঝনঝুনুৰ পৰা আহিছে, আৰু ঝুনঝুনু হৈছে বীৰৰ ভূমি। এইডোখৰ ভূমিত এনেকুৱা পৰিয়াল সম্ভৱতঃ নোলাব যিটো পৰিয়ালে দেশৰ সেৱাত নেতৃত্ব প্ৰদানকাৰীৰ ভূমিকা পালন কৰা নাই। আৰু এইটো আকৌ সোণত সুৱগা চৰোৱাৰ কথা যে আপুনি এগৰাকী সৈনিক স্কুলৰ ছাত্ৰ। মই যেতিয়া আপোনাক এজন খেতিয়কৰ সন্তান আৰু সৈনিক স্কুলৰ ছাত্ৰৰ ৰূপত লক্ষ্য কৰো, তেতিয়া মই আপোনাক এজন খেতিয়ক আৰু এজন সেনা-জোৱান উভয় ৰূপতে প্ৰত্যক্ষ কৰো।

আপোনাৰ সভাপতিত্বত বহা এই সদনৰ তৰফৰ পৰা মই দেশবাসীক ‘সশস্ত্ৰ সেনাবাহিনীৰ পতাকা দিৱস’ উপলক্ষে শুভকামনা জ্ঞাপন কৰিব খুজিছো।

মাননীয় সভাপতি মহোদয়,

এই সংসদৰ উচ্চ সদনে আজি  আপোনাক আদৰণি জনাইছে এনে এটা সময়ত যিটো মুহূৰ্তত দেশে দুটা গুৰুত্বপূৰ্ণ উপলক্ষৰ সাক্ষী হোৱাৰ সুযোগ পাইছে। মাত্ৰ দিনচেৰেক আগতে পৃথিৱীয়ে ‘জি-২০’ গোটৰ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে ভাৰতক দায়িত্ব অপৰ্ণ কৰিছে। আনহাতে এয়া হৈছে ‘অমৃত কাল’ৰো আৰম্ভণিৰ মুহূৰ্ত। এই ‘অমৃত কাল’ কেৱল এখন নতুন উন্নত ভাৰত গঢ়াৰে কাল নহয়, বৰঞ্চ, পৃথিৱীৰ ভৱিষ্যতৰ দিশ-নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ভাৰতে এক অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালনৰো কাল এইছোৱা।

মাননীয় সভাপতি মহোদয়,

ভাৰতৰ যাত্ৰাত আমাৰ গণতন্ত্ৰ, আমাৰ সংসদ আৰু সংসদীয় পদ্ধতিয়েও এক অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মই আনন্দিত যে এই গুৰুত্বপূৰ্ণ মুহূৰ্তত উচ্চ সদনে আপোনাৰ দৰে এক সামৰ্থ্যবান আৰু প্ৰভাৱান্বিত কৰিব পৰা নেতৃত্ব লাভ কৰিছে। আপোনাৰ দিক-দৰ্শনেৰে আমাৰ সদস্যসকলে তেওঁলোকৰ কৰ্তব্যসমূহ প্ৰভাৱশালী ৰূপত নিৰ্বহণ কৰিব আৰু দেশৰ সিদ্ধান্তসমূহক পূৰ্ণতা প্ৰদানৰ ক্ষেত্ৰত এইখন সদন এক প্ৰভাৱশালী মঞ্চ হৈ উঠিব।

মাননীয় সভাপতি মহোদয়,

আজি আপুনি সংসদৰ উচ্চ সদনৰ মূৰব্বী হিচাপে আপোনাৰ নতুন দায়িত্বৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰিবলৈ ওলাইছে। এইখন উচ্চ সদনৰ কান্ধত অৰ্পিত দায়িত্বৰ প্ৰথমতেই আছে দেশৰ অন্তিম স্পৰ্দ্ধাত থকা সৰ্ব সাধাৰণ ৰাইজৰ স্বাৰ্থৰে জড়িত প্ৰসংগসমূহ। দেশে এই দায়িত্বৰ কথা ভালকৈয়ে জানে আৰু এইছোৱা সময়ত ইয়াক নিৰ্বহণ কৰাৰ বাবে সম্পূৰ্ণ দায়িত্বই পালন কৰিব।

এই প্ৰথমবাৰৰ বাবে মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰূপত দেশৰ গৰিমাময় জনজাতীয় ঐতিহ্যই আমাক পথ-প্ৰদৰ্শন কৰিছে। ইয়াৰ পূৰ্বেও শ্ৰী ৰামনাথ কোবিন্দজীয়েও এখন বঞ্চিত সমাজৰ পৰা আগবাঢ়ি আহি দেশৰ সৰ্বোচ্চ পদত অধিস্থিত হৈছিলহি। আৰু এতিয়া এগৰাকী কৃষকৰ পুত্ৰ হিচাপে আপুনিও কোটি কোটি দেশবাসীৰ, গাঁৱৰ, দুখীয়াসকলৰ আৰু কৃষকসমাজৰ শক্তিকে প্ৰতিনিধিত্ব কৰিছেহি। 

মাননীয় সভাপতি মহোদয়,

সাফল্য যে কেৱল মাধ্যমেৰে সম্ভৱ কৰিব নোৱাৰি, বৰং এয়া সম্ভৱ হয় সাধনা(কঠোৰ শ্ৰমেৰে)ৰেহে, এই কথা আপোনাৰ জীৱনেই প্ৰমাণিত কৰিছে। আপুনি সেইদিনো দেখিছে যেতিয়া আপুনি স্কুললৈ যোৱাৰ বাবে কেবা কিলোমিটাৰ বাটো খোজ কাঢ়ি যাবলগীয়া হৈছিল। গাঁও, দুখীয়া-দৰিদ্ৰ আৰু কৃষকসকলৰ বাবে আপুনি কি কৰিছিল সেয়াও সামাজিক জীৱন কটোৱা প্ৰতিগৰাকী ব্যক্তিৰ বাবে উদাহৰণস্বৰূপ।

মাননীয় সভাপতি মহোদয়,

এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে আপুনি তিনিটা দশকৰো অধিক কালৰ অভিজ্ঞতা আহৰণ কৰিছে। মই নিশ্চিত ভাবে ক’ব পাৰো যে সদনৰ ভিতৰত আপুনি ন্যায়ালয়ৰ অনুপষ্ঠিতি অনুভৱ নকৰিব, কাৰণ ৰাজ্যসভাত আপুনি এনে বহু লোকক লগ পাব যিসকলক আপুনি হয়তো উচ্চতম ন্যায়ালয়ত লগ পাই থাকিছিল, আৰু সেয়ে ইয়াতো আপুনি সেই একেই মনঃস্থিতি আৰু বাতাবৰণ অনুভৱ কৰিব পাৰিব।

আপুনি বিধায়ক, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যপাল হিচাপেও আপোনাৰ ভূমিকা পালন কৰি আহিছে। এই সকলো ক্ষেত্ৰতে এটা কথা কিন্তু সাধাৰণ আছিল, সেয়া হৈছে দেশৰ উন্নয়ণ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি থকা আপোনাৰ উচৰ্গিত মনোভাৱ। নিশ্চিত ভাবেই আপোনাৰ অভিজ্ঞতাসমূহ দেশ আৰু গণতন্ত্ৰৰ বাবেও বাৰুকৈয়ে গুৰুত্বপূৰ্ণ হ’ব।

মাননীয় সভাপতি মহোদয়,

ৰাজনীতিৰে জড়িত থকা স্বত্বেও আপুনি কিন্তু দলীয় মতাদৰ্শৰ ওপৰলৈ উঠি সকলোকে সংঘবদ্ধ কৰাৰ ক্ষেত্ৰত জড়িত হৈ আহিছিল। সকলোৰে আপোনাৰ প্ৰতি থকা আত্মীয়তা আনকি উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো আমি দেখিবলৈ পাইছিলো। নিৰ্বাচনত দিয়া ভোটৰ ৭৫শতাংশই লাভ কৰা কথাটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ হিচাপেই চিহ্নিত হৈছে।

মাননীয় সভাপতি মহোদয়,

আমাৰ দেশত কোৱা হয় “নয়তি ইতি নায়ক”, অৰ্থাত্, ‘যিয়ে আমাক আগুৱাই নিয়ে তেঁৱেই নায়ক’। নেতৃত্ব প্ৰদান কৰাটোৱেই হৈছে নেতৃত্বৰ প্ৰকৃত সংজ্ঞা। ৰাজ্যসভাৰ ক্ষেত্ৰত এই কথাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠিব, কিয়নো এইখন সদনে গণতান্ত্ৰিক সিদ্ধান্তসমূহক আৰু অধিক সংস্কাৰিত ৰূপত আগুৱাই নি থাকিব লাগিব। সেয়েহে, এইখন সদনে যেতিয়া আপোনাৰ দৰে মূলৰে যুক্ত হৈ থকা এগৰাকী নেতাক লাভ কৰিছে, মই এয়া সদনৰ প্ৰতিগৰাকী সদস্যৰ বাবেই সৌভাগ্য বুলি বিবেচনা কৰিছো।

মাননীয় সভাপতি মহোদয়,

দেশৰ মহান গণতান্ত্ৰিক ঐতিহ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যসভাই প্ৰবাহক হিচাপেও ভূমিকা পালন কৰি আহিছে, আৰু ই ইয়াৰ সামৰ্থ্যও। বিগত সময়ছোৱাত বহুকেইগৰাকী প্ৰধানমন্ত্ৰীয়েও কোনোবা নহয় কোনোবা সময়ত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি গৈছে। বহু সংখ্যক বিশিষ্ট নেতাই ৰাজ্যসভাৰ পৰাই সংসদীয় যাত্ৰা আৰম্ভ কৰিছিল। সেয়েহে, এই গৰিমা বৰ্তাই ৰখাৰ লগতে এইখন সদনৰ মৰ্যাদা বিস্তাৰিত কৰাৰ এক গুৰু দায়িত্ব আমি সকলোৱে কান্ধ পাতি ল’বই লাগিব।

মাননীয় সভাপতি মহোদয়,

আপোনাৰ নীতি-নিৰ্দেশনাৰে এই সদনে ইয়াৰ উত্তৰাধিকাৰিত্ব আৰু মৰ্যাদা আগুৱাই নিয়াৰ লগতে ইয়াক অন্য এক উচ্চতাত অৱতীৰ্ণ কৰাবলৈ সক্ষম হ’ব বুলি মই নিশ্চিত হৈছো। এইখন সদনত হোৱা গম্ভীয্যপূৰ্ণ বিতৰ্ক আৰু গণতান্ত্ৰিক আলোচনাই ‘গণতন্ত্ৰৰ মাতৃস্বৰূপা’ৰ গৰিমা আৰু বৃদ্ধি কৰিব পাৰিব।

মাননীয় সভাপতি মহোদয়,

এইখন সদনত অনুষ্ঠিত যোৱা অধিৱেশন পৰ্যন্ত আমাৰ ভূতপূৰ্ব উপ ৰাষ্ট্ৰপতি তথা প্ৰাক্তন সভাপতি(ভেংকায়া নাইডু)মহোদয়ে সদনৰ দিক-দৰ্শন কৰাইছিল। তেওঁৰ শব্দচয়ন আৰু ৰসবোধে সদনক আহ্লাদিত কৰি ৰখাৰ লগতে বহু সময়ত হাস্যৰসৰো সৃষ্টি কৰিছিল। মই নি্শ্চিত যে আপোনাৰ প্ৰত্যুত্পন্নমতি প্ৰকৃতিয়ে আমাক সেই ধৰণৰ ৰসবোধৰ অভাৱ অনুভৱ কৰিবলৈ নিদিব আৰু আপুনিও একেদৰেই সদনক উপকৃত কৰি যাব পাৰিব।

ইয়াকে কৈ মই সদনৰ লগতে সমগ্ৰ দেশৰ হৈ আপোনালৈ শুভকামনা জনাই মোৰ বক্তব্য সামৰিছো।

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka

Media Coverage

Operation Sagar Bandhu: India provides assistance to restore road connectivity in cyclone-hit Sri Lanka
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ডিচেম্বৰ 2025
December 05, 2025

Unbreakable Bonds, Unstoppable Growth: PM Modi's Diplomacy Delivers Jobs, Rails, and Russian Billions