Welcomes Vice President to the Upper House
“I salute the armed forces on behalf of all members of the house on the occasion of Armed Forces Flag Day”
“Our Vice President is a Kisan Putra and he studied at a Sainik school. He is closely associated with Jawans and Kisans”
“Our democracy, our Parliament and our parliamentary system will have a critical role in this journey of Amrit Kaal”
“Your life is proof that one cannot accomplish anything only by resourceful means but by practice and realisations”
“Taking the lead is the real definition of leadership and it becomes more important in the context of Rajya Sabha”
“Serious democratic discussions in the House will give more strength to our pride as the mother of democracy”

মাননীয় সভাপতি মহোদয়,

সন্মানীয় জ্যেষ্ঠ সাংসদসকল,

আৰম্ভণিতে মই সন্মানীয় সভাপতি মহোদয়ক সদনৰ লগতে সমগ্ৰ দেশৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। এটা সাধাৰণ পৰিয়ালৰ পৰা আহি আজি আপুনি যিটো স্থানত উপস্থিত হৈছেহি, আৰু সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰি যিদৰে আগুৱাই যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে সেয়া দেশৰ বহুজন ব্যক্তিৰ বাবেই অনুপ্ৰেৰণাৰ উত্সস্বৰূপ। উচ্চ সদনৰ এইখন মৰ্যদাসম্পন্ন আসনক আপুনি সুশোভিত কৰিছে আৰু ‘কিঠানাৰ সন্তান’ৰ এই সাফল্য দেখি দেশৰ আনন্দৰ ঠিকনা নোহোৱা হৈছে।

মাননীয় সভাপতি মহোদয়,

এয়া এক আনন্দৰ উপলক্ষ যে আজি ‘সশস্ত্ৰ সেনাবাহিনীৰ পতাকা দিৱসো’।

মাননীয় সভাপতি মহোদয়,

আপুনি ঝনঝুনুৰ পৰা আহিছে, আৰু ঝুনঝুনু হৈছে বীৰৰ ভূমি। এইডোখৰ ভূমিত এনেকুৱা পৰিয়াল সম্ভৱতঃ নোলাব যিটো পৰিয়ালে দেশৰ সেৱাত নেতৃত্ব প্ৰদানকাৰীৰ ভূমিকা পালন কৰা নাই। আৰু এইটো আকৌ সোণত সুৱগা চৰোৱাৰ কথা যে আপুনি এগৰাকী সৈনিক স্কুলৰ ছাত্ৰ। মই যেতিয়া আপোনাক এজন খেতিয়কৰ সন্তান আৰু সৈনিক স্কুলৰ ছাত্ৰৰ ৰূপত লক্ষ্য কৰো, তেতিয়া মই আপোনাক এজন খেতিয়ক আৰু এজন সেনা-জোৱান উভয় ৰূপতে প্ৰত্যক্ষ কৰো।

আপোনাৰ সভাপতিত্বত বহা এই সদনৰ তৰফৰ পৰা মই দেশবাসীক ‘সশস্ত্ৰ সেনাবাহিনীৰ পতাকা দিৱস’ উপলক্ষে শুভকামনা জ্ঞাপন কৰিব খুজিছো।

মাননীয় সভাপতি মহোদয়,

এই সংসদৰ উচ্চ সদনে আজি  আপোনাক আদৰণি জনাইছে এনে এটা সময়ত যিটো মুহূৰ্তত দেশে দুটা গুৰুত্বপূৰ্ণ উপলক্ষৰ সাক্ষী হোৱাৰ সুযোগ পাইছে। মাত্ৰ দিনচেৰেক আগতে পৃথিৱীয়ে ‘জি-২০’ গোটৰ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে ভাৰতক দায়িত্ব অপৰ্ণ কৰিছে। আনহাতে এয়া হৈছে ‘অমৃত কাল’ৰো আৰম্ভণিৰ মুহূৰ্ত। এই ‘অমৃত কাল’ কেৱল এখন নতুন উন্নত ভাৰত গঢ়াৰে কাল নহয়, বৰঞ্চ, পৃথিৱীৰ ভৱিষ্যতৰ দিশ-নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ভাৰতে এক অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালনৰো কাল এইছোৱা।

মাননীয় সভাপতি মহোদয়,

ভাৰতৰ যাত্ৰাত আমাৰ গণতন্ত্ৰ, আমাৰ সংসদ আৰু সংসদীয় পদ্ধতিয়েও এক অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মই আনন্দিত যে এই গুৰুত্বপূৰ্ণ মুহূৰ্তত উচ্চ সদনে আপোনাৰ দৰে এক সামৰ্থ্যবান আৰু প্ৰভাৱান্বিত কৰিব পৰা নেতৃত্ব লাভ কৰিছে। আপোনাৰ দিক-দৰ্শনেৰে আমাৰ সদস্যসকলে তেওঁলোকৰ কৰ্তব্যসমূহ প্ৰভাৱশালী ৰূপত নিৰ্বহণ কৰিব আৰু দেশৰ সিদ্ধান্তসমূহক পূৰ্ণতা প্ৰদানৰ ক্ষেত্ৰত এইখন সদন এক প্ৰভাৱশালী মঞ্চ হৈ উঠিব।

মাননীয় সভাপতি মহোদয়,

আজি আপুনি সংসদৰ উচ্চ সদনৰ মূৰব্বী হিচাপে আপোনাৰ নতুন দায়িত্বৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰিবলৈ ওলাইছে। এইখন উচ্চ সদনৰ কান্ধত অৰ্পিত দায়িত্বৰ প্ৰথমতেই আছে দেশৰ অন্তিম স্পৰ্দ্ধাত থকা সৰ্ব সাধাৰণ ৰাইজৰ স্বাৰ্থৰে জড়িত প্ৰসংগসমূহ। দেশে এই দায়িত্বৰ কথা ভালকৈয়ে জানে আৰু এইছোৱা সময়ত ইয়াক নিৰ্বহণ কৰাৰ বাবে সম্পূৰ্ণ দায়িত্বই পালন কৰিব।

এই প্ৰথমবাৰৰ বাবে মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰূপত দেশৰ গৰিমাময় জনজাতীয় ঐতিহ্যই আমাক পথ-প্ৰদৰ্শন কৰিছে। ইয়াৰ পূৰ্বেও শ্ৰী ৰামনাথ কোবিন্দজীয়েও এখন বঞ্চিত সমাজৰ পৰা আগবাঢ়ি আহি দেশৰ সৰ্বোচ্চ পদত অধিস্থিত হৈছিলহি। আৰু এতিয়া এগৰাকী কৃষকৰ পুত্ৰ হিচাপে আপুনিও কোটি কোটি দেশবাসীৰ, গাঁৱৰ, দুখীয়াসকলৰ আৰু কৃষকসমাজৰ শক্তিকে প্ৰতিনিধিত্ব কৰিছেহি। 

মাননীয় সভাপতি মহোদয়,

সাফল্য যে কেৱল মাধ্যমেৰে সম্ভৱ কৰিব নোৱাৰি, বৰং এয়া সম্ভৱ হয় সাধনা(কঠোৰ শ্ৰমেৰে)ৰেহে, এই কথা আপোনাৰ জীৱনেই প্ৰমাণিত কৰিছে। আপুনি সেইদিনো দেখিছে যেতিয়া আপুনি স্কুললৈ যোৱাৰ বাবে কেবা কিলোমিটাৰ বাটো খোজ কাঢ়ি যাবলগীয়া হৈছিল। গাঁও, দুখীয়া-দৰিদ্ৰ আৰু কৃষকসকলৰ বাবে আপুনি কি কৰিছিল সেয়াও সামাজিক জীৱন কটোৱা প্ৰতিগৰাকী ব্যক্তিৰ বাবে উদাহৰণস্বৰূপ।

মাননীয় সভাপতি মহোদয়,

এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে আপুনি তিনিটা দশকৰো অধিক কালৰ অভিজ্ঞতা আহৰণ কৰিছে। মই নিশ্চিত ভাবে ক’ব পাৰো যে সদনৰ ভিতৰত আপুনি ন্যায়ালয়ৰ অনুপষ্ঠিতি অনুভৱ নকৰিব, কাৰণ ৰাজ্যসভাত আপুনি এনে বহু লোকক লগ পাব যিসকলক আপুনি হয়তো উচ্চতম ন্যায়ালয়ত লগ পাই থাকিছিল, আৰু সেয়ে ইয়াতো আপুনি সেই একেই মনঃস্থিতি আৰু বাতাবৰণ অনুভৱ কৰিব পাৰিব।

আপুনি বিধায়ক, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যপাল হিচাপেও আপোনাৰ ভূমিকা পালন কৰি আহিছে। এই সকলো ক্ষেত্ৰতে এটা কথা কিন্তু সাধাৰণ আছিল, সেয়া হৈছে দেশৰ উন্নয়ণ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি থকা আপোনাৰ উচৰ্গিত মনোভাৱ। নিশ্চিত ভাবেই আপোনাৰ অভিজ্ঞতাসমূহ দেশ আৰু গণতন্ত্ৰৰ বাবেও বাৰুকৈয়ে গুৰুত্বপূৰ্ণ হ’ব।

মাননীয় সভাপতি মহোদয়,

ৰাজনীতিৰে জড়িত থকা স্বত্বেও আপুনি কিন্তু দলীয় মতাদৰ্শৰ ওপৰলৈ উঠি সকলোকে সংঘবদ্ধ কৰাৰ ক্ষেত্ৰত জড়িত হৈ আহিছিল। সকলোৰে আপোনাৰ প্ৰতি থকা আত্মীয়তা আনকি উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো আমি দেখিবলৈ পাইছিলো। নিৰ্বাচনত দিয়া ভোটৰ ৭৫শতাংশই লাভ কৰা কথাটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ হিচাপেই চিহ্নিত হৈছে।

মাননীয় সভাপতি মহোদয়,

আমাৰ দেশত কোৱা হয় “নয়তি ইতি নায়ক”, অৰ্থাত্, ‘যিয়ে আমাক আগুৱাই নিয়ে তেঁৱেই নায়ক’। নেতৃত্ব প্ৰদান কৰাটোৱেই হৈছে নেতৃত্বৰ প্ৰকৃত সংজ্ঞা। ৰাজ্যসভাৰ ক্ষেত্ৰত এই কথাটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠিব, কিয়নো এইখন সদনে গণতান্ত্ৰিক সিদ্ধান্তসমূহক আৰু অধিক সংস্কাৰিত ৰূপত আগুৱাই নি থাকিব লাগিব। সেয়েহে, এইখন সদনে যেতিয়া আপোনাৰ দৰে মূলৰে যুক্ত হৈ থকা এগৰাকী নেতাক লাভ কৰিছে, মই এয়া সদনৰ প্ৰতিগৰাকী সদস্যৰ বাবেই সৌভাগ্য বুলি বিবেচনা কৰিছো।

মাননীয় সভাপতি মহোদয়,

দেশৰ মহান গণতান্ত্ৰিক ঐতিহ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যসভাই প্ৰবাহক হিচাপেও ভূমিকা পালন কৰি আহিছে, আৰু ই ইয়াৰ সামৰ্থ্যও। বিগত সময়ছোৱাত বহুকেইগৰাকী প্ৰধানমন্ত্ৰীয়েও কোনোবা নহয় কোনোবা সময়ত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি গৈছে। বহু সংখ্যক বিশিষ্ট নেতাই ৰাজ্যসভাৰ পৰাই সংসদীয় যাত্ৰা আৰম্ভ কৰিছিল। সেয়েহে, এই গৰিমা বৰ্তাই ৰখাৰ লগতে এইখন সদনৰ মৰ্যাদা বিস্তাৰিত কৰাৰ এক গুৰু দায়িত্ব আমি সকলোৱে কান্ধ পাতি ল’বই লাগিব।

মাননীয় সভাপতি মহোদয়,

আপোনাৰ নীতি-নিৰ্দেশনাৰে এই সদনে ইয়াৰ উত্তৰাধিকাৰিত্ব আৰু মৰ্যাদা আগুৱাই নিয়াৰ লগতে ইয়াক অন্য এক উচ্চতাত অৱতীৰ্ণ কৰাবলৈ সক্ষম হ’ব বুলি মই নিশ্চিত হৈছো। এইখন সদনত হোৱা গম্ভীয্যপূৰ্ণ বিতৰ্ক আৰু গণতান্ত্ৰিক আলোচনাই ‘গণতন্ত্ৰৰ মাতৃস্বৰূপা’ৰ গৰিমা আৰু বৃদ্ধি কৰিব পাৰিব।

মাননীয় সভাপতি মহোদয়,

এইখন সদনত অনুষ্ঠিত যোৱা অধিৱেশন পৰ্যন্ত আমাৰ ভূতপূৰ্ব উপ ৰাষ্ট্ৰপতি তথা প্ৰাক্তন সভাপতি(ভেংকায়া নাইডু)মহোদয়ে সদনৰ দিক-দৰ্শন কৰাইছিল। তেওঁৰ শব্দচয়ন আৰু ৰসবোধে সদনক আহ্লাদিত কৰি ৰখাৰ লগতে বহু সময়ত হাস্যৰসৰো সৃষ্টি কৰিছিল। মই নি্শ্চিত যে আপোনাৰ প্ৰত্যুত্পন্নমতি প্ৰকৃতিয়ে আমাক সেই ধৰণৰ ৰসবোধৰ অভাৱ অনুভৱ কৰিবলৈ নিদিব আৰু আপুনিও একেদৰেই সদনক উপকৃত কৰি যাব পাৰিব।

ইয়াকে কৈ মই সদনৰ লগতে সমগ্ৰ দেশৰ হৈ আপোনালৈ শুভকামনা জনাই মোৰ বক্তব্য সামৰিছো।

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!