পেট্ৰ’লৰ ২০ শতাংশ ইথানল ব্লেণ্ডিঙত উপনীত হোৱাৰ লক্ষ্য ২০২৫ লৈ আগুৱাই অনা হৈছেঃ প্ৰধানমন্ত্ৰী
চৰকাৰে ৰিচাইক্লিঙৰদ্বাৰা সম্পদৰ সু ব্যৱহাৰ কৰিবপৰা ১১ টা খণ্ড চিনাক্ত কৰি উলিয়াইছেঃ প্ৰধানমন্ত্ৰী
সমগ্ৰ দেশখনতে ইথানল উৎপাদন আৰু বিতৰণৰ অৰ্থে পুনেত ই-১০০ পাইলট প্ৰজেক্টৰ শুভাৰম্ভ

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰীমান নীতিন গাডকাৰী জী, নৰেন্দ্ৰ সিং টোমৰ জী, প্ৰকাশ জাভড়েকাৰ জী, পীয়ুষ গোৱেল জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, গুজৰাটৰ খেড়াৰ সাংসদ দেবুসিং জয়সিংভাই চৌহান জী, উত্তৰপ্ৰদেশৰ হৰদোইৰ সাংসদ ভাই জয়প্ৰকাশ ৰাৱত জী, পুনেৰ মেয়ৰ মুৰলীধৰ মহৌল জী, পিংপৰী চিঞ্চৱড় পৌৰনিগমৰ মেয়ৰ ভগ্নী ঊষা জী, এই কাৰ্যসূচীত ভাগ লোৱা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে মোৰ মৰমৰ ভাই-ভনীসকল,

আমাৰ কৃষক বন্ধুসকলৰ লগত যেতিয়া মই কথা পাতিছিলো, তেতিয়া কিদৰে জৈৱ ইন্ধনৰ সৈতে জড়িত ব্যৱস্থাৱলীক তেওঁলোকে সহজভাৱে গ্ৰহণ কৰিছে আৰু কিমান সুন্দৰভাৱে তেওঁলোকৰ কথা কৈ আছিল৷ তেওঁলোকৰ কথা-বতৰাত বিশ্বাস প্ৰত্যক্ষ কৰিছিলো৷ স্বচ্ছ ইন্ধনৰ ক্ষেত্ৰত দেশত যি বৃহৎ অভিযান চলি আছে, তাৰ বৃহৎ লাভ দেশৰ কৃষি খণ্ডইও পোৱাটো স্বাভাৱিক৷ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাৰতত এক ডাঙৰ পদক্ষেপ হাতত লোৱা হৈছে৷ ইথানল খণ্ডৰ বিকাশৰ বাবে এক বিস্তৃত ৰূপৰেখা আজি মই এতিয়া জাৰি কৰাৰ সৌভাগ্য পালো৷ দেশজুৰি ইথানলৰ উৎপাদন আৰু বিতৰণৰ সৈতে জড়িত মহত্বকাংক্ষী ই-১০০ পাইলট প্ৰজেক্টো পুনেত শুভাৰম্ভ কৰা হৈছে৷ মই পুনেৰ লোকসকলক অভিনন্দন জনাইছো৷ পুনেৰ মেয়ৰকো অভিনন্দন জনাইছো৷ আমি নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰিছো, তাৰ বাবে বহুত বহুত শুভকামনা জনাইছো৷

বিগত ৭ বছৰত দেশত যিবোৰ লক্ষ্য পূৰণ কৰিছে, দেশ যিবোৰ প্রচেষ্টা লৈছে আৰু সেই লক্ষ্যৰে সফলতা পোৱাৰ ফলত আজি এই সিদ্ধান্ত লোৱাৰ সাহস হৈছে। ২০১৪লৈকে ভাৰতত গড়ে মাত্র একৰ পৰা ডেৰ শতাংশ ইথানলৰ মিশ্রন কৰা হ’ব৷ আজি সেয়া প্রায় চাৰে ৮ শতাংশ পাইছে। ২০১৩-১৪ চনত য’ত দেশত ৩৮ কোটি লিটাৰ ইথানল ক্ৰয় কৰা হৈছিল, আজি সেয়া প্রায় ৩২০ কোটি লিটাৰ পাইছে৷ মানে প্রায় ৮গুন অধিক ইথানল ক্ৰয় কৰিছে৷ বিগত বছৰতে তেল বিপণন সংস্থাসমূহে প্রায় ২১,০০০ কোটি টকাৰ ইথানল কিনিছে। ইয়াৰ এটা ডাঙৰ অংশ যি ২১ হাজাৰ কোটি টকা খৰচ কৰা হৈছিল, তাৰ এটা ডাঙৰ অংশ আমাৰ কৃষকৰ পকেটত গৈছে। বিশেষকৈ আমাৰ কুঁহিয়াৰ কৃষকৰ ইয়াৰফলত বহু লাভ হৈছে। ২০২৫চনৰ ভিতৰত যেতিয়া পেট্র’লত ২০ শতাংশ ইথানল মিশ্রণ আৰম্ভ হ’ব, তেতিয়া ভাৱক কৃষকসকলে তেল কোম্পানীৰ পৰা কিমান বেশি টকা পাব৷ ইয়াৰ ফলত চেনিৰ অতিৰিক্ত উৎপাদনৰ সৈতে যুক্ত যিবোৰ সমস্যা আছে, কাৰন কেতিয়াবা কেতিয়াবা বেশি উৎপাদন হৈ গ’লে, সমগ্ৰ বিশ্বত ক্রেতাৰ সংকট দেখা দিয়ে, দেশৰ ভিতৰতে দাম কমি যায়। বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে, যিদৰে ইমান উৎপাদন ক’ত ৰখা হ’ব, সেই সমস্যাবোৰো আছে। এই ধৰণৰ সমস্যা হ্ৰাস পোৱাত সহায়ক হ’ব আৰু কুঁহিয়াৰ খেতিয়কসকল ইয়াৰ ফলত পোনপটীয়াকৈ লাভৱান হ’ব৷ যথেষ্ট লাভ হ’ব৷
বন্ধুসকল,
২১ শতিকাৰ ভাৰতত ২১ শতিকাৰ আধুনিক ভাৱনা, আধুনিক নীতিৰ জৰিয়তে শক্তিশালী হ’ব৷ আমাৰ চৰকাৰেও প্রত্যেক ক্ষেত্রত এই ভাৱনা লক্ষ্য ৰাখিয়েই নীতিগত সিদ্ধান্ত লৈছে৷ আজি দেশত ইথানলৰ উৎপাদন আৰু বিক্ৰীৰ বাবে প্রয়োজনীয় পৰিকাঠামো গঢ়াৰ ওপৰত জোৰ দিয়া হৈছে৷ ইমানদিনলৈকে ৩-৪খন ৰাজ্যত চেনিৰ উৎপাদন অধিক হয়, সেই ৰাজ্যসমূহত ইথানল প্ৰস্তুত কৰা সংস্থাবোৰ আছিল। সোনকালে নষ্ট হোৱা ফচল ব্যৱহাৰ কৰি ইয়াৰ উৎপাদন সৰা দেশত বিস্তাৰ কৰিবলৈ ফুড গ্রেন ভিত্তিক ডিষ্টিলাৰিজ স্থাপন কৰা হৈছে৷ কৃষিৰ বর্জ্য পদার্থৰ পৰা ইথানল প্ৰস্তুত কৰিবলৈ দেশত আধুনিক প্রযুক্তিৰ প্লাণ্ট স্থাপনৰ কাম কৰা হৈছে।
বন্ধুসকল,
জলবায়ু পৰিৱর্তনৰ বিপদ নিয়ন্ত্ৰণৰ বাবে বিশ্বজুৰি যিবোৰ প্রচেষ্টা হাতত লোৱা হৈছে, তাৰ ভিতৰত ভাৰতে এক আশাৰ কিৰণ হৈ দেখা দিছে। মানৱজাতিৰ কল্যাণত ভাৰতে আজি এক বিশ্বস্ত বন্ধু হিচাপে নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হৈছে৷ এসময়ত সমগ্ৰ বিশ্ব ভাৰতক সমস্যা হিচাপে দেখিছিল, পৰিৱেশ পৰিৱর্তনৰ ক্ষেত্রত, সকলোৱে ভাৱিছিল ভাৰতৰ ইমান বিশাল জনসংখ্যা, বিপদ ইয়াৰ পৰাই আৰম্ভ হ’ব৷ আজ পৰিস্থিতি সলনি হৈছে। আমাৰ দেশে পৰিৱেশ সুৰক্ষাত অগ্রণী ভূমিকা হাতত লৈছে, এক ভয়ংকৰ বিপদৰ বিৰুদ্ধে ডাঙৰ শক্তি হৈ উঠিছে। এক সূৰ্য, এক বিশ্ব, এক গ্রিড ব্যৱস্থাৰ ভাৱনা বাস্তবায়িত কৰিবলৈ আন্তর্জাতিক সৌৰ মৈত্ৰী গঠন কৰাই হওক, অথবা দুর্যোগ প্রতিৰোধক পৰিকাঠামো সংগঠনৰ আৰম্ভ কৰাই হওক, ভাৰতে এক ডাঙৰ আন্তর্জাতিক দৃষ্টিভংগীৰে আগুৱাই গৈছে। জলবায়ু পৰিৱর্তনৰ পাৰদৰ্শীতা সূচকাংকত ভাৰত প্রথম ১০খন দেশৰ মাজত নিজৰ স্থান নিগাজী কৰিছে।
বন্ধুসকল,
জলবায়ু পৰিৱর্তনৰ বাবে যিবোৰ সমস্যা গঢ় লৈছে, ভাৰতে সেই ক্ষেত্ৰত সচেতন আৰু সক্রিয়ভাৱে কাম কৰিছে। আমি এফালে গ্ল’বেল ছাউথৰ ন্যায্য উর্জাৰ প্রতি সংবেদনশীল আৰু গ্ল’বেল নর্থৰ দায়িত্বৰ পক্ষতো আছো, আনফালে আমি অতি গুৰুত্ব সহকাৰে আমাৰ ভূমিকা পালন কৰিছো৷ ভাৰতে শক্তি পৰিৱর্তনৰ এনে এক পথ বাছি লৈছে, য’ত আমাৰ নীতি আৰু সিদ্ধান্তত হার্ড আৰু সফট কম্পোনেণ্ট উভয়ৰে সমান গুৰুত্ব আছে। আমি যদি হার্ড কম্পোনেণ্টৰ বিষয়ে কও ভাৰতৰ ডাঙ লক্ষ্য নির্ধাৰণ কৰাই হওক, সেইবোৰ বাস্তবায়নৰ বাবে অভূতপূর্ব গতি হওক, সমগ্ৰ বিশ্বই সকলোবোৰ বিচাৰ কৰি চাইছে। বিগত ৬-৭বছৰ আমি নৱীকৰণযোগ্য শক্তি ক্ষমতা আঢ়ৈ গুণ বৃদ্ধি কৰিছো৷ নৱীকৰণ শক্তি ব্যৱস্থাপনা প্রতিস্থাপনত ভাৰতে আজি বিশ্বৰ শীর্ষ ৫খন দেশৰ ভিতৰত স্থান লাভ কৰিছে৷ ইয়াৰ ভিতৰত বিগত ৬ বছৰে সৌৰশক্তিৰ সক্ষমতা প্রায় ১৫ গুণ বৃদ্ধি হৈছে৷ আজি ভাৰতৰ কচ্ছ, গুজৰাটৰ কচ্ছ মৰুভূমিত বিশ্বৰ সৰ্ববৃহৎ সৌৰ আৰু বায়ু শক্তি পার্ক নিৰ্মাণ কৰা হৈছে আৰু ভাৰতো ১৪ গিগাৱাটৰ পুৰণি কয়লাখনি বন্ধ কৰিছে। দেশে ছফ্ট কম্পোনেণ্টৰ জৰিয়তেও ঐতিহাসিক পদক্ষেপ হাতত লৈছে৷ আজি দেশৰ সাধাৰণ জনতা পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত হৈছে আৰু এই ক্ষেত্ৰত নেতৃত্ব দিছে৷

 

আমি দেখিছো কিদৰে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক প্রত্যাহাৰৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে। মানুহে নিজাকৈও কেতবোৰ প্ৰচেষ্টা হাতত লৈছে। এতিয়াও বহু লোকে কিছু এটা কৰাৰ প্রয়োজন। সেইদিনশ আলোচনা আৰম্ভ হৈছে, চেষ্টা আৰম্ভ হৈছে। আমাৰ সমুদ্র উপূলৱৰ্তী এলেকাত পৰিস্কাৰৰ বিষয়টোকে চাওক, যুৱকসকলে উদ্যোগ লৈ কাম কৰিছে। অথবা স্বচ্ছ ভাৰত অভিযান, দেশৰ সাধাৰণ নাগৰিকসকলে তেওঁলোকৰ কান্ধত দায়িত্ব লৈ আগুৱাই গৈছিল আৰু আমাৰ দেশবাসীয়ে আজি এই অভিযানকে আগুৱাই নিছে। দেশত ৩৭ কোটিৰো অধিক এলইডি বাল্ব আৰু ২৩ লাখৰো অধিক বিদ্যুৎ সঞ্চয়কাৰী পাংখাৰ কাৰণে পৰিৱেশ সংৰক্ষণৰ যি কাম হৈছে, তাক লৈ প্রায় আলোচনাই কৰা নহয়৷ এই বিষয়ত যথেষ্ট আলোচনা হোৱা উচিত। একেদৰে উজ্জ্বলা প্রকল্পৰ অধীনত কোটি কোটি পৰিয়ালে বিনামূলীয়াকৈ গেছ সংযোগ লাভ কৰা, সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ, যিসকলে আগতে খৰি পুৰি ধোৱাৰ মাজত দিন কটাইছিল তেওঁলোকৰ খৰিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে৷ ইয়াৰ ফলত প্ৰদূষণ কম হোৱাৰ লগতে আমাৰ মাতৃ-শিশুসকলৰ স্বাস্থ্য ৰক্ষা কৰা সহায় কৰিছে। সেয়েহে এই লৈও বিশেষ আলোচনা হোৱা নাই। ভাৰতে এই প্রচেষ্টাৰ জৰিয়তে কেইবা মিলিয়ন টন কার্বন ডাই অক্সাইডৰ নির্গমন ৰোধ কৰিছে আৰু জলবায়ু পৰিৱর্তন পৰিচালনাৰ পথত ভাৰতক শীর্ষস্থানত উপনীত কৰাইছে। একেদৰে ৩ লক্ষাধিক বিদ্যুৎ সঞ্চয়কাৰী পাম্পৰ জৰিয়তে দেশে আজি কেইবা মিলিয়ন টন কম কার্বন ডাই অক্সাইড নিৰ্গমণ ৰোধ কৰিবলৈ সক্ষম হৈছে৷

বন্ধুসকল,
আজি ভাৰতে বিশ্ববাসীৰ সন্মুখত এক উদাহৰণ দাঙি ধৰিছে যে পৰিৱেশ ৰক্ষা কৰাত উন্নয়নমূলক কাম পেলাই থোৱাৰ প্রয়োজন নহয়৷ অর্থনীতি আৰু পৰিৱেশ উভয়েই একেলগে চলিব পাৰে, আগুৱাই যাব পাৰে আৰু ভাৰতে এই পথকে বাছি লৈছে। অর্থনীতিক শক্তিশালী কৰাৰ লগতে বিগত বছৰসমূহত আমাৰ বনাঞ্চলো ১৫ হাজাৰ বর্গ কিলোমিটাৰ বৃদ্ধি পাইছে। বিগত কেইবা বছৰ ধৰি আমাৰ দেশত বাঘৰ সংখ্যা দুগুণ হৈছে। চিতাবাঘৰ সংখ্যাও প্রায় ৬০ শতাংশ বৃদ্ধি পাইছে। ইমানবোৰৰ ভিতৰত পেঞ্চন জাতীয় উদ্যানৰ বন্যপ্রাণী অনুকূল কৰিডৰো আজি আলোচনাৰ বিষয় হৈ পৰিছে।

বন্ধুসকল,
স্বচ্ছ আৰু বিদ্যুৎ সাশ্রয়কাৰী ব্যৱস্থাপনা, স্থিতিস্থাপক নগৰ পৰিকাঠামো আৰু পৰিকল্পিত পৰিৱেশ পুনৰ গঠন আত্মনির্ভৰ ভাৰত অভিযানৰ এক গুৰুত্বপূর্ণ অংগ৷ সেউজীয়া এক্সপ্ৰেছ হাউৱেই হওক বা সৌৰ শক্তিৰ মাধ্যমে চালিত মেট্র’ৱেই হওক, ইলেক্ট্রিক বাহনৰ ওপৰ জোৰ দিয়া অথবা হাইড্র’জেন চালিত যানবাহনক লৈ গৱেষণাই হওক, সকলো ক্ষেত্ৰত বিস্তৃত ৰণকৌশল লৈ কাম কৰা হৈছে৷ পৰিৱেশৰ সৈতে জড়িত এই সকলো প্রচেষ্টাৰ ফলত দেশত বিনিয়োগেৰ নতুন সুযোগ গঢ় লৈছে, লাখ লাখ যুৱকে কর্মসংস্থাপন পাইছে৷

বন্ধুসকল,
সাধাৰণতে এইদৰে ভৱা হয় যে কেৱল কাৰখানাৰ পৰাই বায়ু প্ৰদূষণ হয়। কিন্তু তথ্যই প্ৰকাশ যে বায়ু প্ৰদূষণৰ ক্ষেত্রত যানবাহন, অপৰিচ্ছন্ন ইন্ধন, ডিজেল জেনেৰেটৰকে ধৰি কেতবোৰ সামগ্ৰীৰ ভূমিকা আছে। সেয়েহে ভাৰতে বায়ু প্ৰদূষণ ৰোধত 'জাতীয় স্বচ্ছ বায়ু পৰিকল্পনা'ৰ মাধ্যমে এক সামগ্রিক পদ্ধতিৰে কাম কৰি আহিছে। জলপথ আৰু মাল্টিমডেল সংযোগ স্থাপনৰ কাম কেৱল সেউজ পৰিৱহনৰ মিচনকে জোৰদাৰ নকৰে, দেশত পণ্য পৰিৱহনৰ দক্ষতাকো বৃদ্ধি কৰিব৷ দেশৰ হাজাৰ হাজাৰ জিলাত চিএনজি ব্যৱস্থাপনাৰ পৰিকাঠামো গঢ় দিয়াই হওক,, ফাষ্টেগৰ দৰে আধুনিক ব্যৱস্থাই হওক, ইয়াৰ জৰিয়তে প্ৰদূষণ কম কৰাত প্রচুৰ সহায় হৈছে৷ আজি দেশত মেট্রো ৰে’ল সেৱা ৫খন চহৰৰ পৰা ১৮খন চহৰলৈ বৃদ্ধি কৰা হৈছে৷ অৰ্ধনগৰীয়া এলেকাত ৰে’ল চলাচলৰ ক্ষেত্রত যি কাম হৈছে, তাৰফলত ব্যক্তিগত যান বাহনৰ ব্যৱহাৰ হ্ৰাস পাইছে।

বন্ধুসকল,
আজি দেশৰ ৰে’লৱে নেটৱর্কৰ এটা ডাঙৰ অংশৰ বিদ্যুতীকৰণ কৰা হৈছে৷ দেশৰ বিমানবন্দৰসমূহো দ্রুতগতিতে সৌৰশক্তি নির্ভৰ কৰি তোলাৰ কাম কৰা চলিছে। ২০১৪ৰ পূৰ্বে কেৱল ৭টা বিমানবন্দৰত সৌৰশক্তিৰ ব্যৱস্থা আছিল, এতিয়া সেই সংখ্যা ৫০টালৈ বৃদ্ধি কৰা হৈছে। বিদ্যুৎ ৰাহিৰ বাবে ৮০টাতকৈও অধিক বিমানবন্দৰত এলইডি লাইট সংস্থাপনৰ কাম সম্পূৰ্ণ হৈছে৷ ভৱিষ্যতৰ আন এক প্রস্তুতিৰ উদাহৰণ হৈছে
ষ্টেছ্যু অৱ ইউনিটী, গুজৰাটত চর্দাৰ বল্লভভাই পেটেলৰ মূর্তি, বিশ্বৰ আটাইতকৈ উচ্চ স্মাৰক। ষ্টেছ্যু অৱ ইউনিটী যিখন চহৰত আছে, সেই সুন্দৰ কেৱাডিয়া চহৰক ইলেক্ট্রিক যানযুক্ত চহৰ হিচাপে গঢ়ি তোলাৰ কাম চলিছে। ভৱিষ্যতে কেৱাডিয়া চহৰত বেটাৰী চালিত বাছ, দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহন চলোৱা হ’ব৷ তাৰ প্ৰতি লক্ষ্য ৰাখি তাত প্ৰয়োজনীয় পৰিকাঠামো গঢ়ি তোলা হৈছে৷

বন্ধুসকল,

পৰিৱেশ পৰিৱর্তনৰ লগত জলচক্রৰ পোনপটীয়া সংযোগ আছে। জলচক্রত ভাৰসাম্য নষ্ট হ’লে, প্ৰত্যক্ষ প্রভাৱ জলসম্পদৰ ওপৰত পৰে৷ আজি দেশত জলসম্পদ সম্পৰ্কীয় যিমান কাম হৈছে, তেনে কাম আগতে কেতিয়াও হোৱা নাছিল৷ দেশত জলসম্পদৰ নির্মাণ আৰু সংৰক্ষণৰ পৰা ইয়াৰ ব্যৱহাৰলৈকে এক সামগ্রিক দৃষ্টিত কাম কৰা হৈছে৷ জলজীৱন মিচন ইয়াৰ এক গুৰুত্বপূর্ণ অংগ আৰু আমি আপোনালোক সকলোকে মনত পেলাব বিচাৰো যে সেই জলজীৱন মিচনত এবাৰ এটা কাম হৈছে যাতে আমি দেশৰ নাগৰিকসকলক সহায্য পাও৷ সেয়া হ’ল বৰষুণৰ পানী সংৰক্ষণ, বৰষুণৰ পানী ধৰক, আমি বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব৷

ভাই-ভনীসকল,
৭ দশকত দেশৰ প্রায় ৩ কোটি গ্রামীণ পৰিয়ালক পাইপ সংযোগী খোৱা পানী প্ৰদান কৰা হৈছিল, কিন্তু এতিয়া ২ বছৰককৈও কম সময়ত ৪ কোটিৰো অধিক পৰিয়ালক এই সুবিধা দিয়া হৈছে৷ এফালে, পাইপৰ জৰিয়তে ঘৰে ঘৰে পানী প্ৰদান কৰা, আনফালে অটল ভূ-জল প্ৰকল্পৰ জৰিয়তে বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে ভ-গৰ্ভৰ পানীৰ স্তৰ বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে৷

বন্ধুসকল,

উন্নয়ন আৰু পৰিৱেশৰ ভাৰসাম্য, এই আমাৰ পৰম্পৰাৰ এক গুৰুত্বপূর্ণ অংগ, যি আমি আত্মনির্ভৰ ভাৰতৰ শক্তি হিচাপে গঢ়ি তুলিছো৷ প্রকৃতি আৰু প্রাণীৰ মাজত ভাৰসাম্য সম্পর্ক বজাই ৰখা, ব্যক্তি আৰু সমষ্টিৰ মাজত ভাৰসাম্য, জীৱ আৰু শিৱৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আমাৰ শাস্ত্রই শিকাইছে৷ আমাৰ শাস্ত্ৰত কৈছে, ‘য’ত জীৱ, ত’ত শিৱ’৷ অর্থাৎ সকলো জীৱৰ মাজত ব্রহ্মাণ্ড আছে। আমি যিবোৰ নিজৰ বাবে কৰো, তাৰ প্রভাৱ প্ৰত্যক্ষভাৱে পৰিৱেশৰ ওপৰত পৰে৷ সেইবাবে সম্পদৰ দক্ষতাক লৈ ভাৰতৰ প্রচেষ্টা বৃদ্ধি কৰা হৈছে৷ আজি যি চার্কুলাৰ ইক’নমীৰ কথা আলোচনা হৈছে, তাত এনে এক পদ্ধতিৰ ওপৰত জোৰ দিয়া হৈছে যাতে সম্পদৰ ওপৰত কম চাপ পৰে৷ চৰকাৰে ১১টা ক্ষেত্রক চিহ্নিত কৰিছে, য’ত আধুনিক প্রযুক্তিৰ জৰিয়তে পুনৰ ব্যৱহাৰযোগ্য সম্পদক ভালদৰে ব্যৱহাৰ কৰিব পৰা যায়৷ আৱৰ্জনাৰ পৰা সম্পদ আহৰণ সম্পৰ্কে কৰা প্ৰচাৰে বিগত বছৰসমূহ যথেষ্ট কাম হৈছে৷ এতিয়া ইয়াক মিচন মোডত আগুৱাই নিয়া হৈছে৷ ঘৰ বা কৃষি ভূমিৰ আৱৰ্জনাই হওক বা ধাতুৰ টুকুৰাই হওক, লিথিয়াম আয়ন বেটাৰীয়েই হওক বা এনে ক্ষেত্ৰত আধূনিক প্ৰযুক্তিৰ জৰিয়তে পুনৰ ব্যৱহাৰত উৎসাহ যোগোৱা হৈছে৷ অনাগত দিনত ইয়াৰ সৈতে সম্পৰ্কীত সকলো কৰ্ম পৰিকল্পনা নিয়মমাফিক কার্যকৰী কৰা হ’ব৷

বন্ধুসকল,
জলবায়ুৰ সংৰক্ষণৰ বাবে, পৰিৱেশ ৰক্ষাৰ বাবে আমাৰ প্রয়াস সংগঠিত হোৱা প্রয়োজন। দেশৰ প্রত্যেক নাগৰিকে যেতিয়া জল, বায়ু আৰু ভূমিৰ ভাৰসাম্যৰ সম্পদৰ বাবে একগোট হৈ চেষ্টা কৰিব, তেতিয়াই আমি আমাৰ আসন্ন প্রজন্মক এক সুৰক্ষিত পৰিৱেশ দিব পাৰিম৷ আমাৰ পূর্ব পুৰুষসকলৰ ইচ্ছা আছিল আৰু আমাৰ বাবে তেওঁলোকে অতি গুৰুত্বপূৰ্ণ কথা কৈছিল, আমাৰ পূর্ব পুৰুষসকলে আমাৰ পৰা কি বিচাৰিছিল? তেওঁলোকে কৈছিল, পৃথিৱী উঃচ উৰ্বী ভৱ৷ অৰ্থাৎ সম্পূৰ্ণ পৃথিৱী, সমগ্ৰ পৰিৱেশ, আমাৰ সকলোৰে বাবে উত্তম হওক, আমাৰ সপোনবোৰক সুযোগ দিয়ক, এই শুভকামনাৰে আমি আজি বিশ্ব পৰিৱেশ দিৱসত ইয়াৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিক বহুত বহুত শুভেচ্ছা জনাইছো৷ আপোনালোকে নিজৰ স্বাস্থ্যৰ গুৰুত্ব দিয়ক, সুস্থ হৈ থাকক৷ নিজৰ পৰিয়ালককো সুস্থ ৰাখক আৰু ক’ভিড প্রট’কল মানি চলক, এই আশাৰে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chronic therapies power 11% growth in Indian pharma market in May

Media Coverage

Chronic therapies power 11% growth in Indian pharma market in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
World Leaders Congratulate Prime Minister Shri Narendra Modi on Becoming India’s Longest-Serving Elected Prime Minister
June 09, 2026

Prime Minister Shri Narendra Modi received warm congratulations from world leaders on the eve of his becoming the longest-serving elected Prime Minister of India. World leaders from across the globe paid tribute to Prime Minister’s transformative governance, his advocacy for the Global South, and his vision of an inclusive and economically dynamic India.

H.E. Anura Kumara Disanayaka, the President of Sri Lanka, in a letter dated 8 June 2026 addressed to the Prime Minister, conveyed the warm congratulations of the Government and people of Sri Lanka to him, stating: “This milestone is a testament not only to your years in office, but also to the trust and confidence that the people of the world’s largest democracy have repeatedly placed in your leadership.” The President also highlighted India’s remarkable economic and social transformation and noted that Prime Minister Modi’s vision has inspired many beyond India’s borders, including Sri Lanka. Prime Minister Modi visited Sri Lanka from 4–6 April 2025, his fourth visit to the island nation, during which he was conferred the Mitra Vibhushana, Sri Lanka’s highest civilian honour accorded to a foreign dignitary. The visit reaffirmed India’s Neighbourhood First policy, with Sri Lanka among the closest beneficiaries of India’s steadfast partnership, including India’s pivotal support during Sri Lanka’s economic difficulties in 2022.

H.E. James Marape, the Prime Minister of Papua New Guinea, in a personal video message, described Prime Minister Modi as “a role model and an example of leadership”. He also stated - “Lifting over 200 million people out of poverty to good life today is an amazing feat.” Prime Minister Marape expressed Papua New Guinea’s warm friendship and its desire to further consolidate bilateral ties. Prime Minister Modi’s historic visit to Papua New Guinea in May 2023, the first-ever by an Indian Prime Minister, for the Third Forum for India–Pacific Islands Cooperation (FIPIC-III) Summit was a landmark moment in India’s engagement with the Pacific Island nations. The visit underscored India’s role as a committed partner of the Global South.

H.E. Kamla Persad-Bissessar, the Prime Minister of Trinidad and Tobago, congratulated Prime Minister Modi on this occassion, noting that “under the leadership of Prime Minister Modi, India has evolved as a leading voice on global matters.” She highlighted Prime Minister Modi’s journey from humble beginnings to leading a nation of 1.4 billion people across three terms, and underscored India’s significant achievements in foreign policy, economic growth, infrastructure, and socio-economic development. Prime Minister Modi paid a landmark visit to Trinidad and Tobago from 3–4 July 2025, the first bilateral visit by an Indian Prime Minister in 26 years, coinciding with the 180th anniversary of the arrival of Indian immigrants to Trinidad and Tobago.