গৌৰৱোজ্জ্বল বড়ো সংস্কৃতিৰ সৈতে কোকৰাঝাৰ নিবিড়ভাৱে জড়িতঃ প্ৰধানমন্ত্ৰী
এই উন্নয়নমূলক প্ৰকল্পসমূহে অঞ্চলটোৰ বিকাশৰ গতিত উদগনি যোগাবঃ প্ৰধানমন্ত্ৰী
বড়োলেণ্ড আজি শান্তি আৰু উন্নয়নৰ পথত অগ্ৰসৰ হৈছে; অসমে শান্তি আৰু সমৃদ্ধিৰ এক নতুন অধ্যায় লিখিছেঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে বড়ো জনগোষ্ঠীৰ বিশ্বাস আৰু পৰম্পৰাক ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান প্ৰদান কৰাটো নিশ্চিত কৰিছে; বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বিশ্বাস বাথৌক যথেষ্ট সন্মান প্ৰদান কৰা হৈছে: প্ৰধানমন্ত্ৰী
আমি অসমৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰি থাকিব লাগিব, অসমৰ জনসাধাৰণৰ আশীৰ্বাদত 'বিকশিত অসম'ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ'বঃ প্ৰধানমন্ত্ৰী

খুলুম্বাই, কোকৰাঝাৰ!

বন্ধুসকল,

বেয়া  বতৰৰ বাবে মই ব্যক্তিগতভাৱে কোকৰাঝাৰলৈ যাব পৰা নাই। আপোনালোক সকলোৰে ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। ঠিক ইয়াৰ পৰাই,  গুৱাহাটীত আপোনালোকৰ লগত মত বিনিময় কৰাটো সম্ভৱ হৈ উঠিছে; আপোনালোকৰ ওচৰলৈ অহাৰ মানসেৰে দিল্লীৰ পৰা ৰাওনা হৈছিলোঁ যদিও গুৱাহাটীতে নামিব লগা হ’ল৷ এতিয়া গুৱাহাটীৰ পৰা আপোনালোক সকলোৰে খবৰ  পোৱাৰ লগতে আপোনালোকৰ লগত কথা পাতিবলৈও সক্ষম হৈছো। এই কাৰ্যসূচীৰ সৈতে জড়িত অসমৰ মুখ্যমন্ত্ৰী , মোৰ ভাই হিমন্ত বিশ্ব শৰ্মাজী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী; বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী; আমাৰ লগত উপস্থিত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য জী; অসম চৰকাৰৰ মন্ত্ৰীসকল; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; বিটিচিৰ সকলো প্ৰতিনিধি; সমাজৰ সকলো বয়োজ্যেষ্ঠ আৰু বিশিষ্ট সদস্য; আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

প্ৰথমতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম জী, ৰূপনাথ ব্ৰহ্ম জী, আৰু এই ভূমিৰ আন সকলো মহান ব্যক্তিৰ প্ৰতি মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনাইছো। বাহিৰলৈ চাই থাকোঁতে—মোৰ দৃষ্টি য’লৈকে  বিস্তৃত হৈছে — তাত মানুহৰ সাগৰৰ বাহিৰে একো দেখা পোৱা নাই; আৰু ইমান বিপুল সংখ্যাত মাতৃ-ভগ্নীসকলো ইয়াত গোট খাই আশীৰ্বাদ প্ৰদান কৰিছে। ইমান বৃহৎ সংখ্যাত আপোনালোকে তালৈ ওলাই আহিছে। আপোনালোকৰ এই প্ৰেম মোৰ বাবে  ঋণৰ দৰে। আৰু আপোনালোকৰ প্ৰতি মোৰ সেৱাৰ জৰিয়তে,  এই অঞ্চলৰ উন্নয়নক আগুৱাই নি এই ঋণ পৰিশোধ কৰাটো মোৰ সদায় প্ৰচেষ্টাৰ অংশ  হৈ আহিছে।

 

বন্ধুসকল,

মাত্ৰ কেইসপ্তাহমানৰ আগতে মই গুৱাহাটীলৈ  আহিছিলো, য’ত বাগুৰুম্বা দহৌৰ  উৎসৱৰ সময়ত চহকী বড়ো সংস্কৃতিৰ অংশ হোৱাৰ সুযোগ পাইছিলোঁ। বড়ো সম্প্ৰদায়ে নিজৰ ভাষা, নিজৰ সংস্কৃতি আৰু পৰম্পৰাক কেনেকৈ ইমান সযতনে সংৰক্ষণ আৰু লালন-পালন কৰি ৰাখিছে সেয়া দেখি মোৰ মনত অপৰিসীম গৌৰৱ অনুভৱ হয়। বাথৌৰ আধ্যাত্মিক পৰম্পৰাই হওক বা বৈছাগু উৎসৱেই হওক—এই সকলোবোৰ উপাদানে ভাৰতৰ সাংস্কৃতিকতন্ত্ৰক আৰু অধিক শক্তিশালী  কৰি আহিছে ।

 বন্ধুসকল,

বিজেপি-এনডিএৰ ‘ডাবল ইঞ্জিন’ চৰকাৰে অসমৰ ঐতিহ্য সংৰক্ষণ আৰু ইয়াৰ দ্রুত উন্নয়ন উভয়  দিশতে অবিৰতভাৱে কাম কৰি আছে৷ আজি ঠিক ইয়াতেই এই অনুষ্ঠানতে ৪,৫০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প—এই অঞ্চলৰ উন্নয়নৰ লক্ষ্যৰে উদ্বোধন কৰা হৈছে আৰু ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই ধনৰ ভিতৰত১,১০০ কোটি টকাতকৈ অধিক ধন বড়োলেণ্ডৰ পথৰ বাবে আবণ্টন দিয়া হৈছে। তৃতীয় পৰ্যায়ৰ ‘অসম মালা’ৰ পদক্ষেপে অসমৰ পথ সংযোগ আৰু অধিক শক্তিশালী কৰিব।

বন্ধুসকল,

অলপ আগতে কামাখ্যা-চৰলাপল্লী ‘অমৃত ভাৰত এক্সপ্ৰেছ’ আৰু গুৱাহাটী-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সৌভাগ্যও লভিছো৷ এই প্ৰকল্পসমূহে আপোনাক বৰ্ধিত সুবিধা প্ৰদান কৰাই নহয়, বাণিজ্য আৰু পৰ্যটনৰো যথেষ্ট উত্থান ঘটাব। ফলস্বৰূপে কৃষকসকলে অধিক সহজে নিজৰ উৎপাদিত সামগ্ৰী বৃহৎ বজাৰলৈ পৰিবহণ কৰিব পাৰিব। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

যোৱা কেইটামান দশকত কোকৰাঝাৰকে ধৰি এই সমগ্ৰ অঞ্চলটোৱে অপৰিসীম কষ্ট সহ্য কৰিছে,  বহু ক্ষতিৰ সন্মুখীন হৈছে। আমি সেই কঠিন সময়বোৰৰ সাক্ষী হৈছো , যেতিয়া এই পাহাৰবোৰত কেৱল বোমা আৰু বন্দুকৰ গুলীৰ শব্দ প্ৰতিধ্বনিত হৈছিল। অৱশ্যে সেই ছবিখন আজি সলনি হৈছে। আজি এই পাহাৰবোৰে ‘খাম’ৰ ছন্দময় স্পন্দন আৰু ‘চিফুঙ’ৰ সুৰীয়া সুৰৰ অনুৰণন ঘটায়। আজি বড়োলেণ্ডে শান্তি তথা উন্নয়নৰ পথত আগবাঢ়িছে। আজি অসমে শান্তি আৰু প্ৰগতিৰ এক নতুন অধ্যায়ৰ চিত্ৰনাট্য ৰচনা কৰিছে।

বন্ধুসকল,

আজি ইয়াত বিটিআৰ অঞ্চলৰ ভিতৰত ছটা গুৰুত্বপূৰ্ণ পথ প্ৰকল্পৰ বাবে ভূমি পূজন পৰিবেশন কৰা হয়; একে সময়তে অঞ্চলটোৰ ৰে'ল সংযোগ শক্তিশালী কৰাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াত স্থাপন কৰা ৰে'লৱে কৰ্মশালাখনে এই অঞ্চলটোক এটা ডাঙৰ লজিষ্টিক হাবলৈ ৰূপান্তৰিত কৰিবলৈ সাজু হৈছে। এই অঞ্চলক ভূটানৰ সৈতে সংযোগ কৰা ৰে'লপথৰ কামো চলি আছে, আৰু অসংখ্য ৰে'ল ষ্টেচন আধুনিকীকৰণ কৰা হৈছে। ‘বন্দে ভাৰত’ আৰু ‘ৰাজধানী এক্সপ্ৰেছ’ৰ দৰে ৰে’লসমূহৰ এতিয়া কোকৰাঝাৰত নিৰ্ধাৰিত ষ্টপেজ আছে। ই বড়োলেণ্ডৰ উন্নত সংযোগৰ প্ৰমাণ হিচাপে চিহ্নিত হৈছে । এনে প্ৰকল্পৰ জৰিয়তে কোকৰাঝাৰ বাণিজ্যৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

 

বন্ধুসকল,

এই উন্নয়নমূলক কামৰ বাবে শ্ৰী হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ কৰ্মীসকললৈ, শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  সমগ্ৰ দললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

দশক দশক ধৰি বড়োলেণ্ড অঞ্চলটোৱে কংগ্ৰেছ দলৰ প্ৰতাৰণাৰ সাক্ষী হৈ আহিছে। কংগ্ৰেছে বড়োলেণ্ডৰ একাধিক প্ৰজন্মক ভুৱা সপোনৰ জালত আবদ্ধ কৰি ৰাখিছিল। দিল্লীত বহি থকা কংগ্ৰেছ চৰকাৰসমূহে কেৱল ৰাজনৈতিক স্বাৰ্থত চুক্তি স্বাক্ষৰ কৰিছিল— যিবোৰ চুক্তি কেৱল কাগজতে সীমাবদ্ধ হৈ  আছিল।

বন্ধুসকল,

আপোনালোকে যেতিয়া কংগ্ৰেছক ৰাষ্ট্ৰীয় স্তৰ  তথা অসম উভয়ৰে  পৰা উচ্ছেদ কৰিলে আৰু বিজেপি-এনডিএক সুযোগ দিলে, আমি আন্তৰিকতাৰে আমাৰ প্ৰচেষ্টা আৰম্ভ কৰিলোঁ। কংগ্ৰেছে নিজৰ স্বাৰ্থপৰ ৰাজনীতিৰ স্বাৰ্থত বিভিন্ন জনগোষ্ঠীৰ মাজত বিভেদৰ  বীজ সিঁচিলেও বিজেপিয়ে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশত কাম কৰিছিল। ঠিক এই মানসিকতাৰে বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। প্ৰথমবাৰৰ বাবে এই চুক্তিয়ে সকলো প্ৰধান সংগঠন আৰু গোটক একেটা ছাতিৰ তলত একত্ৰিত কৰিলে।

বন্ধুসকল,

কংগ্ৰেছৰ ক্ষেত্ৰত আন এক সত্য: মিছা প্ৰতিশ্ৰুতিৰ দোকান খোলা। আৰু প্ৰতিটো ভুৱা প্ৰতিশ্ৰুতিৰ লগতে ই বোনাছ উপহাৰ হিচাপে অতিৰিক্ত চাৰিটা "ছুপাৰ-মিছা" কথা আগবঢ়ায়। কাৰণ কংগ্ৰেছৰ সেই প্ৰতিশ্ৰুতি কেতিয়াও পূৰণ কৰাৰ একেবাৰেই সদিচ্ছা নাছিল। ইয়াৰ বিপৰীতে আপোনালোকৰ সন্মুখত বিজেপি-এনডিএৰ আৰ্হি আছে। আমাৰ "ডাবল ইঞ্জিন" চৰকাৰে আমি কোৱা প্ৰতিটো শব্দকে বাস্তৱত পৰিণত কৰাৰ এক সৎ প্ৰচেষ্টা হাতত লৈছে। আৰু এয়া  শেহতীয়া পৰিঘটনা নহয়; ২০০৩ চনত—যেতিয়া শ্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত দিল্লীত এন ডি এ চৰকাৰ ক্ষমতাত আছিল—আমি সত্যতা আৰু সততাৰে কাম কৰাত কোনো হেলা কৰা নাছিলো। সেই পদক্ষেপৰ অধীনত সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) গঠন কৰা হৈছিল, যাৰ ফলত বড়োলেণ্ডৰ উন্নয়নে এক উল্লেখযোগ্য গতি লাভ কৰিছিল। ইয়াত বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে; কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপন কৰা হৈছে; এখন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে—সঁচাকৈয়ে, এই অঞ্চললৈ এনে অসংখ্য প্ৰকল্প অনা হৈছে।

 

বন্ধুসকল,

 

২০২০ চনৰ চুক্তি অনুসৰি আমি দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি—ইটোৰ পিছত সিটোকৈ —দ্রুত গতিৰে, অবিৰত আৰু অধ্যৱসায়ী প্ৰচেষ্টাৰে পূৰণ কৰি আহিছো। বড়ো  ভাষাক সহযোগী চৰকাৰী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে। তদুপৰি বড়োলেণ্ডৰ বাবে ১৫০০ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজ আবণ্টন দিয়া হৈছে। আজি কোকৰাঝাৰত এখন চিকিৎসা মহাবিদ্যালয় চলি আছে, আৰু তামুলপুৰত আন এখনৰ নিৰ্মাণৰ কাম চলি আছে। সমগ্ৰ অঞ্চলটোত নতুন দলং নিৰ্মাণৰ কাম চলি আছে। আজি অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰা অসমৰ প্ৰায় ১০,০০০ যুৱক-যুৱতীক মূলসুঁতিৰ লগত একত্ৰিত কৰি আগবাঢ়ি যাবলৈ সক্ষম কৰি তোলা হৈছে। আমি সেই সকলো মাতৃৰ আশীৰ্বাদ লাভ কৰিছো, যাৰ পুত্ৰ আজি ঘৰলৈ উভতি আহিছে— যিসকল পুত্ৰই এতিয়া নিজৰ পৰিয়ালৰ সৈতে  সুখেৰে  জীৱন কটাব পাৰিছে ।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে বড়ো জনগোষ্ঠীৰ বিশ্বাস আৰু পৰম্পৰাই যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে। বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত বিশ্বাস—বাথৌক অতিশয় সন্মান প্ৰদান কৰা হৈছে। তদুপৰি ধৰ্মীয় তাৎপৰ্যপূৰ্ণ স্থানসমূহৰ উন্নয়নৰ বাবে বিশেষ সহায় আগবঢ়োৱা হৈছে।

বন্ধুসকল,

কংগ্ৰেছ দলটোৱে আৰু এটা গুৰুতৰ পাপ কৰাৰ  বাবে  দোষী— যিটো দেশ আৰু অসম উভয়ৰে নিৰাপত্তাৰ বাবে এক বৃহৎ ভাবুকি হিচাপে পৰিগণিত হৈছে। ই তিনিওটা গুৰুত্বপূৰ্ণ উপাদানৰ নিৰাপত্তা বিপন্ন কৰিছে: ৰোটি (জীৱিকা), বেটি (কন্যা), আৰু মাটি (ভূমি)। কংগ্ৰেছ দলে সদায় অনুপ্ৰৱেশকাৰীৰ পক্ষ লৈ আহিছে— যিটো স্থিতি আজিও দলটোৱে  বজাই ৰাখিছে। দশক দশক ধৰি কংগ্ৰেছে এই অঞ্চলৰ খিলঞ্জীয়া বাসিন্দাসকলক তেওঁলোকৰ মাটিৰ বাবে মৌলিক আইনী নথি-পত্ৰ প্ৰদান কৰিবলৈও  অস্বীকাৰ কৰিছিল। কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক অৰ্পণ কৰিছিল জনজাতীয় ভূমি। বিশেষকৈ ধুবুৰী, গোৱালপাৰা আদি জিলাত পৰিস্থিতি ভয়াৱহ হৈ পৰিছিল। ইয়াৰ ফলত বড়োলেণ্ডৰ ভিতৰত জনগাঁথনিগত ভাৰসাম্যহীনতাৰ সৃষ্টি হোৱাৰ লগতে  সম্প্ৰদায়টোৰ বাবে সামাজিক সংকটৰ সৃষ্টি হৈছে । মন কৰিবলগীয়া যে, হিমন্ত জীৰ নেতৃত্বত বৰ্তমান অসমত অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা ভূমি উদ্ধাৰৰ বাবে এক বৃহৎ অভিযান চলি আছে। ইয়াৰ বিজেপি-এনডিএ চৰকাৰেও অসমৰ খিলঞ্জীয়াক আইনী ভূমিৰ নথি-পত্ৰ প্ৰদান কৰিছে। এই প্ৰচেষ্টাত জনজাতীয় সমাজে উৎসাহেৰে   সহায় আগবঢ়োৱাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি মই আপোনালোকক আহ্বান জনাইছো  যে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলক কঠোৰ শাস্তি প্ৰদান কৰক—এই দেশত অনুপ্ৰৱেশকাৰীৰ কোনো স্থান নাই বুলি এক বাৰ্তা প্ৰেৰণ কৰিব লাগিব । অসমৰ পৰা যোৱা  বাৰ্তা সমগ্ৰ দেশৰ কণ্ঠস্বৰ হিচাপে প্ৰতিধ্বনিত হ’ব।

 

বন্ধুসকল,

আমি অসমৰ উন্নয়নৰ গতি অবিৰতভাৱে ত্বৰান্বিত কৰিব লাগিব, আৰু মই জানো যে, অসমৰ ৰাইজৰ আশীৰ্বাদত ‘উন্নত অসম’ৰ সংকল্প নিশ্চয় বাস্তৱায়িত হ’ব। এই অতি আত্মবিশ্বাসেৰে এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছো।

 

আপোনালোকক অশেষ ধন্যবাদ।

নমস্কাৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways creates history with first live heart transport on Vande Bharat Express

Media Coverage

Indian Railways creates history with first live heart transport on Vande Bharat Express
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to launch ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August
August 01, 2026
Launch to mark Beginning of 100-Week Nationwide Jan Bhagidari Campaign against Substance Abuse

Prime Minister Shri Narendra Modi will launch the ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ on 2nd August 2026 at 11 AM through video conferencing. The initiative aims to inspire youth to stay away from substance abuse and encourage them to become ambassadors of positive social change in their communities

The launch will mark the beginning of a 100-week nationwide Jan Bhagidari campaign against substance abuse. Under this campaign, weekly activities will be organised every Sunday across the country to promote awareness and encourage public participation in building a drug-free society. The activities will include sports events, walkathons, meditation sessions, cultural programmes, awareness campaigns, nukkad nataks, discussion forums, art competitions and community engagement programmes.

The initiative seeks to further strengthen community participation by bringing together educational institutions, youth organisations, civil society groups, industry bodies and spiritual organisations on a common platform to create a collective movement against substance abuse.

The programme will witness participation from youth across the country from over 10,000 locations. MY Bharat Volunteers, MY Bharat National Service Scheme volunteers, youth clubs, schools, colleges, universities, NGOs, youth wings of industry associations and more than 125 partner spiritual organisations will participate in the programme virtually.