শ্ৰী চিপি ৰাধাকৃষ্ণন জী এটি সাধাৰণ কৃষক পৰিয়ালৰ সন্তান আৰু তেওঁ ওৰেটো জীৱন জনসেৱাৰ বাবে উৎসৰ্গা কৰিছেঃ প্ৰধানমন্ত্ৰী
সেৱা, সমৰ্পণ আৰু সংযম শ্ৰী চিপি ৰাধাকৃষ্ণন জীৰ ব্যক্তিত্বৰ অবিচ্ছেদ্য অংগ হৈ আহিছেঃ প্ৰধানমন্ত্ৰী

সন্মানীয় অধ্যক্ষ,

সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। আৰু আজি আমাৰ সদনৰ সন্মানীয় সকলো সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আপোনাক আদৰণি জনোৱা আৰু আপোনাৰ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আৰু সদনৰ জৰিয়তে দেশখনক প্ৰগতিৰ পথত আগবঢ়াই নিবলৈ আপোনাৰ বহুমূলীয়া পথ-প্ৰদৰ্শন কাৰ্য্য আমাৰ সকলোৰে বাবে এক ব্যাপক সুযোগ। সদনৰ হৈ আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এই সদনত সমবেত সকলো সন্মানীয় সদস্যই উচ্চ সদনৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখি সদায় আপোনাৰ মৰ্য্যাদাৰ প্ৰতিও সচেষ্ট হৈ থাকিব বুলিও মই আপোনাক আশ্বাস প্ৰদান কৰিব খুজিছো।

আমাৰ অধ্যক্ষজন এটি সাধাৰণ কৃষক পৰিয়ালৰ সন্তান আৰু তেওঁ ওৰেটো জীৱন সমাজ সেৱাৰ বাবে নিজকে উৎসৰ্গা কৰিছে। সমাজসেৱা তেওঁৰ নিৰৱচ্ছিন্ন সাধনা হৈ আহিছে। ৰাজনৈতিক ক্ষেত্ৰখনেই ইয়াৰ এটা দিশ হৈ আহিছে। কিন্তু মূল কেন্দ্ৰবিন্দু হৈছে সমাজসেৱা। তেওঁ সমাজৰ প্ৰতি সমৰ্পিত হৈ আহিছে আৰু যুৱ অৱস্থাৰ পৰা এতিয়ালৈকে তেওঁ সকলো কাম কৰি আহিছে। সমাজসেৱাৰ প্ৰতি আগ্ৰহী আমাৰ সকলোৰে বাবে তেওঁ প্ৰেৰণাৰ উৎস আৰু পথ-প্ৰদৰ্শক। এটা সাধাৰণ পৰিয়াল, এখন সাধাৰণ সমাজ আৰু এক উমৈহতীয়া ৰাজনৈতিক বাতাবৰণৰ পৰা আহি ভিন্ন প্ৰত্যাহ্বানৰ মাজতো আপোনাৰ এই পদলৈ উত্থান, আমাৰ সকলোৰে বাবে আপোনাৰ পথ-প্ৰদৰ্শন কাৰ্য্য হৈছে ভাৰতীয় গণতন্ত্ৰৰ সৰ্ববৃহৎ শক্তি। মোৰ বহুদিনৰ পৰা আপোনাৰ সান্নিধ্য লাভৰ সৌভাগ্য হৈছে আৰু ৰাজহুৱা জীৱনত একেলগে কাম কৰাৰ সুযোগ পাইছো। মই প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিছত আপোনাক ভিন্ন পদবীত কাম কৰা দেখি আকৰ্ষিত হোৱাটো স্বাভাৱিক আছিল। কয়ৰ ব’ৰ্ডৰ অধ্যক্ষ হিচাপে ইয়াক ঐতিহাসিকভাৱে সৰ্বাধিক লাভজনক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰি আপুনি প্ৰমাণিত কৰিছিল যে এটা প্ৰতিষ্ঠানৰ প্ৰতি আপোনাৰ নিষ্ঠাৰ ফলশ্ৰুতিত কিমান উন্নয়ন সম্ভৱ হ’ব পাৰে আৰু ই কেনেকৈ বিশ্বব্যাপী পৰিচয় তথা প্ৰতিষ্ঠা লাভ কৰিব পাৰে। ভাৰতৰ একাধিক অঞ্চলৰ অতি কম সংখ্যক লোকেহে এনে সুযোগ পায়। আপুনি ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু পুডুচেৰীত ৰাজ্যপাল তথা লেফটেনেন্ট গৱৰ্ণৰ হিচাপে ভিন্ন পদত কাৰ্য্যনিৰ্বাহ কৰিছিল। আৰু আপুনি ঝাৰখণ্ডৰ জনজাতীয় সমাজৰ লগত গঢ়ি তোলা বন্ধনো দেখিছিলো। সৰু-সৰু গাঁওসমূহলৈ আপোনাৰ ভ্ৰমণ প্ৰত্যক্ষ কৰিছিলো। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলেই আপোনাৰ কথা গৌৰৱেৰে কৈছিল। আৰু কেতিয়াবা, স্থানীয় ৰাজনীতিকসকলেও আপোনাৰ বাবে চিন্তা কৰিছিল, আপোনাৰ হেলিকপ্টাৰ থাকক বা নাথাকক, আপুনি আপোনাৰ বাহনখনেৰেই আগবাঢ়িছিল আৰু সৰু-সৰু অঞ্চলত ৰাতিটো কটাইছিল। আপুনি এই সেৱাৰ মনোভাৱক নতুন শিখৰত কেনেকৈ উপনীত কৰিছিল, আনকি ৰাজ্যপাল হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকাৰ সময়তো আমি ভালদৰেই জানো। মই আপোনাক এজন শ্ৰমিক হিচাপে দেখিছো, আমি একেলগে সহকৰ্মী হিচাপে কাম কৰিছো। মই আপোনাক সাংসদ হিচাপে দেখিছো। আৰু আপুনি আজি ভিন্ন পদবীত কাৰ্য্যনিৰ্বাহৰ অন্তত ইয়াত উপস্থিত হৈছেহি। কিন্তু এটা কথা উপলব্ধি কৰিছো যে ৰাজহুৱা কাৰ্য্যালয় পোৱাৰ পিছত মানুহে কেতিয়াবা পদৰ বোজা অনুভৱ কৰে আৰু কেতিয়াবা প্ৰট’কলৰ মাজত আৱদ্ধ হৈ পৰে। কিন্তু মই দেখিছো যে আপোনাৰ প্ৰট’কলৰ লগত কোনো সম্পৰ্ক নাই। আপুনি সদায় প্ৰট'কলৰ উৰ্ধত আছিল। আৰু মই বিশ্বাস কৰো যে ৰাজহুৱা জীৱনত প্ৰট’কলৰ পৰা মুক্ত জীৱন-যাপন কৰাৰ এটা মাদকতা আছে আৰু আমি সদায় সেই শক্তি আপোনাৰ মাজত অনুভৱ কৰি আহিছো। এয়া আমাৰ বাবে গৌৰৱৰ বিষয়।

সন্মানীয় অধ্যক্ষ,

আপোনাৰ ব্যক্তিত্বৰ গুণ সেৱা, নিষ্ঠা আৰু সংযমৰ বিষয়ে আমি ভালদৰেই জানো। আপুনি ডলাৰ চিটিত জন্মগ্ৰহণ কৰিছিল আৰু ইয়াৰ নিজস্ব পৰিচয় আছে। তথাপিও আপুনি অন্ত্যোদয়াক আপোনাৰ সেৱাৰ ক্ষেত্ৰ হিচাপে বাছি লৈছিল। আপুনি সদায় ডলাৰ চিটিৰ নিপীড়িত আৰু বঞ্চিত লোকসকলৰ যত্ন লৈছিল।

সন্মানীয় অধ্যক্ষ,

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা শুনা দুটা ঘটনাৰ কথা উল্লেখ কৰিব বিচাৰিছো, যিসমূহ ঘটনাই আপোনাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। শৈশৱত আপুনি অবিনাশী মন্দিৰৰ পুখুৰীত পৰিছিল। তেতিয়া আপোনাক কোনে ৰক্ষা কৰিছিল? আপুনি কেনেকৈ বাচিছিল? মই নাজানো। আৰু ভগৱানে যে আপোনাক কৃপা কৰিছিল, এইদৰে আপোনাৰ পৰিয়ালৰ সদস্যসকলে সদায় অনুভৱ কৰি আহিছে। আৰু দ্বিতীয়টো, যিটো আমি সকলোৱে জানো। এল.কে. আদৱানীয়ে কইম্বাটুৰ ভ্ৰমণ কৰাৰ কথা আছিল, তেনেতে ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছিল। হয়তো ৬০-৭০ জন লোক নিহত হৈছিল, এটা ভয়ংকৰ বোমা বিস্ফোৰণৰপৰা আপুনি কথমপি ৰক্ষা পৰিছিল। এই দুয়োটা মুহূৰ্ততে এক ঐশ্বৰিক সংকেত প্ৰত্যক্ষৰে আপুনি নিজকে সমাজৰ বাবে অধিক নিষ্ঠা সহকাৰে কাম কৰিবলৈ উৎসৰ্গা কৰিছিল। যিয়ে ইতিবাচক চিন্তাৰ আধাৰত জীৱন গঢ়া কাৰ্য্যক প্ৰতিফলিত কৰে।

সন্মানীয় অধ্যক্ষ,

এটা কথা মই নাজানিছিলো, অলপ আগতেহে জানিলো। আপুনি কাশী ভ্ৰমণ কৰিছিল, হয়তো উপ-ৰাষ্ট্ৰপতি হোৱাৰ ঠিক পিছতেই আৰু ইয়াৰ সাংসদ হিচাপে স্বাভাৱিকতে মই ভাবো যে তাত আপোনাৰ ভাল অভিজ্ঞতা হৈছিল। কিন্তু আপুনি তাত কোৱা এটা কথা মোৰ বাবে নতুন আছিল। আপুনি তাত কৈছিল যে আপুনি নিৰামিষ খাদ্য গ্ৰহণ কৰে। আপুনি জীৱনত প্ৰথমবাৰৰ বাবে কাশী ভ্ৰমণ কৰি তাত পূজা কৰি মাতৃ গংগাৰ আশীৰ্বাদ লাভ কৰিছিল। আৰু কিয় নাজানো, আপোনাৰ ভিতৰত এটা সংকল্প গঢ় লৈ উঠিছিল আৰু সেইদিনাৰ পৰা আপুনি আমিষ খাদ্যৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এতিয়া এই আধ্যাত্মিক অনুভৱ, মই এইটো কোৱা নাই যে আমিষভোজন বেয়া। কিন্তু কাশীৰ ভূমিত আপোনাৰ মনলৈ অহা চিন্তাটো, ইয়াৰ সাংসদ হিচাপে এই কথা সদায় মনত ৰাখিম। ভিতৰত কিছু আধ্যাত্মিক অনুভূতি, যিয়ে আমাক এই দিশত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে।

 

সন্মানীয় অধ্যক্ষ,

ছাত্ৰ কালৰেপৰাই আপুনি নেতৃত্ব প্ৰদানৰ গুণৰ অধিকাৰী হৈ আহিছে। আজি আপুনি আমাক সকলোকে ৰাষ্ট্ৰীয় নেতৃত্বৰ দিশত পথ-প্ৰদৰ্শন কৰিবলৈ আহিছে। এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়।

 

সন্মানীয় অধ্যক্ষ,

গণতন্ত্ৰৰ ৰক্ষক হিচাপে আপোনাৰ যৌৱন কালত যেতিয়া কোনোৱে সহজ পথ ল’বলৈ আগ্ৰহী হৈছিল, তেতিয়া আপুনি সেই পথ বাছি লোৱা নাছিল। আপুনি সংগ্ৰামৰ পথ বাছি লৈছিল, গণতন্ত্ৰই সন্মুখীন হোৱা সংকটৰে মোকাবিলা কৰিছিল। জৰুৰীকালীন সময়ত গণতন্ত্ৰৰ সৈনিক হিচাপে আপুনি যিদৰে যুঁজিছিল, সেয়া আছিল সম্পদৰ সীমাবদ্ধতাক নেওচাৰ দৃষ্টান্ত। জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে আপোনাৰ যুঁজখনৰ কথা সেই অঞ্চলৰ সেই প্ৰজন্মৰ সকলো যুৱক-যুৱতীয়ে আজিও মনত ৰাখিছে। গণতন্ত্ৰৰ বাবে আপোনাৰ সংগ্ৰাম, আপুনি গ্ৰহণ কৰা জনসচেতনতাৰ ভিন্ন কাৰ্য্যসূচী আৰু আপুনি জনতাক অনুপ্ৰাণিত কৰাৰ ধৰণ, এই সকলোবোৰ গণতন্ত্ৰক ভালপোৱাসকলৰ বাবে চিৰদিনৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব। মই আপোনাক ভালদৰে জানো যে আপুনি এজন ভাল সংগঠক আছিল। সংগঠনত আপোনাৰ যি দায়িত্ব আছিল, আপুনি সেই দায়িত্বক গৌৰৱলৈ উন্নীত কৰিছিল, আপোনাৰ কঠোৰ পৰিশ্ৰমেৰে সেই দায়িত্ব পালন কৰিছিল। আপুনি সদায় সকলোকে একত্ৰিত কৰিবলৈ, নতুন-নতুন ধাৰণাক আকোৱালি ল’বলৈ, নতুন প্ৰজন্মক সুযোগ প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল। কইম্বাটুৰৰ জনসাধাৰণে আপোনাক সাংসদ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিবলৈ নিৰ্বাচিত কৰিছিল আৰু সদনত থকাৰ সময়ত আপুনি সদায় অঞ্চলটোৰ উন্নয়নৰ বাবে আপোনাৰ উদ্বেগ জনসাধাৰণ আৰু সদনৰ সন্মুখত বিশিষ্টভাৱে উপস্থাপন কৰিছিল। সদনৰ অধ্যক্ষ আৰু ৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে আপোনাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা গভীৰভাৱে প্ৰেৰণাদায়ক তথা আমাৰ সকলোৰে বাবে এক পথ-প্ৰদৰ্শক শক্তি হৈ উঠিব। মোৰ বিশ্বাস যে মোৰ দৰে এই সদনৰ সকলো সদস্যই এই গৌৰৱময় মুহূৰ্তটোক দায়িত্ব সহকাৰে আগবঢ়াই নিব। এই মনোভাৱেৰে সদনৰ হৈ আপোনালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions

Media Coverage

India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.