Unveils a commemorative coin and postal stamp in honour of Bhagwan Birsa Munda
Inaugurates, lays foundation stone of multiple development projects worth over Rs 6640 crore in Bihar
Tribal society is the one which made Prince Ram into Lord Ram,Tribal society is the one that led the fight for centuries to protect India's culture and independence: PM Modi
With the PM Janman Yojana, development of settlements of the most backward tribes of the country is being ensured: PM Modi
Tribal society has made a huge contribution in the ancient medical system of India:PM Modi
Our government has put a lot of emphasis on education, income and medical health for the tribal community: PM Modi
To commemorate the 150th birth anniversary of Lord Birsa Munda, Birsa Munda Tribal Gaurav Upvans will be built in tribal dominated districts of the country: PM Modi

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

মই ক’ম ভগৱান বিৰছা মুণ্ডা-আপোনালোকে ক’ব অমৰ হওক, অমৰ হওক।

ভগৱান বিৰছা মুণ্ডা-অমৰ হওক, অমৰ হওক।

ভগৱান বিৰছা মুণ্ডা-অমৰ হওক, অমৰ হওক।

ভগৱান বিৰছা মুণ্ডা-অমৰ হওক, অমৰ হওক।

বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি  বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ ​​পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।

 

আজি দেশৰ বহু মুখ্যমন্ত্রী, বহু ৰাজ্যপাল, বহু ৰাজ্যৰ মন্ত্রী, কেন্দ্রীয় চৰকাৰৰ মন্ত্রী, বিশাল কার্যসূচীৰ আয়োজন কৰা হৈছে ভাৰতৰ বিভিন্ন জিলাৰ পৰা বহু লোক সভাত উপস্থিত আছে, মইও তেওঁলোক সকলোকে আদৰণি জনাইছো৷ আৰু ইয়াৰ পৰাই মোৰ দেশৰ লাখ লাখ জনজাতীয় ভাই-ভনীকো প্ৰণাম জনাইছো যিসকলে আমাৰ লগত ভাৰ্চুৱেলি সংযুক্ত হৈছে। গীত গৌৰ দুৰ্গা মাই, বাবা ধনেশ্বৰ নাথৰ এই পবিত্ৰ ভূমিক প্ৰণাম জনাইছো। ভগৱান মহাবীৰৰ এই জন্মস্থানলৈ সকলোকে অভিনন্দন জনালোঁ। আজি অতি পবিত্ৰ দিন। আজি কাৰ্তিক পূৰ্ণিমা, দেৱ দীপাৱলী আৰু আজি গুৰু নানক দেৱজীৰো ৫৫৫ তম প্ৰকাশ পৰ্ব। এই উৎসৱ সমূহৰ বাবে সকলো দেশবাসীক অভিনন্দন জনাইছো। আজি প্ৰতিজন দেশবাসীৰ বাবে আন এক কাৰণত এক ঐতিহাসিক দিন। আজি ভগৱান বিৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী, ৰাষ্ট্ৰীয় জনজাতি গৌৰৱ দিৱস। জনজাতীয় গৌৰৱ দিৱসত সকলো দেশবাসী আৰু বিশেষকৈ মোৰ আদিবাসী ভাই-ভনীক অভিনন্দন জনাইছো। মোক কোৱা হৈছে যে এই উৎসৱবোৰৰ আগতেই ইয়াৰ ৰাইজে যোৱা দুই-তিনি দিনে জামুইত এক ব্যাপক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান আৰম্ভ কৰিছে। প্ৰশাসনৰ লোকসকলে চাফাই অভিযানৰ নেতৃত্ব দিছিল। আমাৰ বিজয় জীয়ে ইয়াত বাহৰ পাতি লৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলেও এক বিশাল স্বচ্ছতা অভিযান আৰম্ভ কৰে। ইয়াৰ নাগৰিক, যুৱক-যুৱতী, মাতৃ আৰু ভগ্নীসকলেও ইয়াক আগুৱাই লৈ গ’ল। এই বিশেষ প্ৰচেষ্টাৰ বাবে জামুইবাসীকো মই অতিশয় শলাগ লৈছো।

বন্ধুসকল,

যোৱা বছৰ আজিৰ দিনটোতে মই আবা বিৰছা মুণ্ডাৰ গাঁও উলিহাতুত আছিলো। আজি মই সেই ভূমিলৈ আহিছো যিয়ে শ্বহীদ তিলকা মাঝিৰ বীৰত্ব দেখিছে। কিন্তু এইবাৰ এই অনুষ্ঠানটো আৰু বিশেষ। আজিৰে পৰা সমগ্ৰ দেশতে ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তীৰ উদযাপন আৰম্ভ হৈছে। এই কাৰ্যসূচী অহা এবছৰলৈ চলিব। মই সুখী যে আজি দেশৰ শ শ জিলাৰ পৰা প্ৰায় এক কোটি জনসাধাৰণে এই অনুষ্ঠানত ভাগ লৈছে। জামুইবাসীয়ে সেইবাবে গৌৰৱ কৰিব লাগে, জামুইবাসীৰ বাবে এয়া গৌৰৱৰ দিন। আজি দেশৰ এক কোটি জনসাধাৰণ প্ৰযুক্তিৰ জৰিয়তে আমাৰ কাৰ্যসূচীৰ সৈতে সংযুক্ত হৈছে, জামুইৰ সৈতে সংযুক্ত হৈছে, সকলোকে অভিনন্দন জনাইছো। এতিয়া ভগৱান বিৰছা মুণ্ডাৰ বংশধৰ শ্ৰী বুদ্ধৰাম মুণ্ডা জীক ইয়াত আদৰণি জনোৱাৰ সৌভাগ্য হৈছে। কিছুদিন পূৰ্বে সিদ্ধু কানহু জীৰ বংশধৰ শ্ৰী মণ্ডল মুৰ্মু জীক আতিথ্য দিয়াৰো সৌভাগ্য পাইছিলোঁ। তেওঁৰ উপস্থিতিয়ে এই অনুষ্ঠানৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি কৰিছে।

বন্ধুসকল,

ধৰতী আবা বিৰছা মুণ্ডাৰ এই ভব্য স্মৃতিচাৰণৰ মাজতে আজি ছয় হাজাৰ কোটিতকৈও অধিক টকাৰ প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে৷ ইয়াৰ ভিতৰত মোৰ জনজাতীয় ভাই-ভনীসকলৰ বাবে প্ৰায় ডেৰ লাখ পকী ঘৰৰ অনুমোদন পত্ৰও আছে। জনজাতীয় শিশুৰ ভৱিষ্যত গঢ় দিবলৈ বিদ্যালয় আছে, হোষ্টেল আছে, জনজাতীয় মহিলাৰ বাবে স্বাস্থ্য সুবিধা আছে, জনজাতীয় অঞ্চলৰ সংযোগী শ শ কিলোমিটাৰ পথ, জনজাতীয় সংস্কৃতিৰ প্ৰতি উচৰ্গিত সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ আছে। আজি দেৱ দীপাৱলীৰ দিনা ১১ হাজাৰৰো অধিক জনজাতীয় পৰিয়ালে নতুন ঘৰত প্ৰৱেশ কৰিছে। ইয়াৰ বাবে সকলো জনজাতীয় পৰিয়ালক অভিনন্দন জনাইছো।

 

বন্ধুসকল!

 

আজি আমি যিসময়ত জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰিছো, জনজাতীয় গৌৰৱৰ বছৰ আৰম্ভ কৰিছো সেই সময়ত এই অনুষ্ঠানটো কিয় প্ৰয়োজনীয় সেয়া বুজি পোৱাটো অতি প্ৰয়োজনীয়। ইতিহাসৰ এক বৃহৎ অন্যায় শুধৰণিৰ এয়া এক সৎ প্ৰয়াস। স্বাধীনতাৰ পিছত জনজাতি জনগোষ্ঠীৰ অৱদানক ইতিহাসত সেই স্থান দিয়া নহ’ল যিটো মোৰ জনজাতীয় সম্প্ৰদায়ৰ প্ৰাপ্য আছিল। জনজাতীয় সমাজেই ৰাজকুমাৰ ৰামক ভগৱান ৰাম কৰি তুলিছিল। জনজাতীয় সমাজেই ভাৰতৰ সংস্কৃতি আৰু স্বাধীনতা ৰক্ষাৰ বাবে শ শ বছৰ ধৰি যুঁজৰ নেতৃত্ব দিছিল। কিন্তু স্বাধীনতাৰ পিছৰ দশকবোৰত জনজাতীয় ইতিহাসৰ এই অমূল্য অৱদান মচি পেলোৱাৰ প্ৰচেষ্টা চলোৱা হৈছিল। ইয়াৰ আঁৰতো আছিল স্বাৰ্থপৰ ৰাজনীতি। ৰাজনীতি হ’ল ভাৰতৰ স্বাধীনতাৰ কৃতিত্ব এটা দলকহে দিব লাগে। যদি এটা দল, এটা পৰিয়ালে স্বাধীনতা দিছিল, তেতিয়াহ’লে ভগৱান বিৰছা মুণ্ডাৰ উলগুনান আন্দোলন কিয় হৈছিল? সন্থাল বিপ্লৱ কি আছিল? কয়লা বিপ্লৱ কি আছিল? মহাৰাণা প্ৰতাপৰ সংগী সেই সাহসী ভীল সকলক আমি পাহৰিব পাৰোনে? কোনে পাহৰিব পাৰে? সহ্যাদ্ৰীৰ ঘন অৰণ্যত ছত্ৰপতি শিৱাজী মহাৰাজক শক্তি প্ৰদান কৰা জনজাতীয় ভাই-ভনীসকলক কোনে পাহৰিব পাৰে? আল্লুৰী সীতাৰাম ৰাজু জীৰ নেতৃত্বত জনজাতীয় সকলে ভাৰত মাতাৰ প্ৰতি কৰা সেৱাৰ শলাগ লয়। তিলকা মাঝি, সিদ্ধু কানহু, বুধু ভগত, ধীৰাজ সিং, তেলেংগা খাদিয়া, গোবিন্দ গুৰু, তেলেংগানাৰ ৰাম জী গণ্ড, সাংসদ বাদল ভোই ৰাজা শংকৰ শ্বাহ, কুমাৰ ৰঘুনাথকে ধৰি বহু জনজাতীয় বীৰে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল! তন্ত্য ভীল, নীলাম্বৰ-পীতাম্বাৰ, বীৰ নাৰায়ণ সিং, দিৱ কিষাণ সোৰেন, যাত্ৰা ভাৰত, মিজোৰামৰ মহান স্বাধীনতা সংগ্ৰামী লক্ষ্মণ নাইক, ৰপুইলীয়ানী জী, ৰাজমোহিনী দেৱী, ৰাণী গাইডিনলিউ, সাহসী কন্যা কালিবাই, ৰাণী দুৰ্গাৱতী আদি কিমান যে নাম ল’ব পাৰো। মোৰ অসংখ্য জনজাতীয় যোদ্ধাক কোনোবাই পাহৰিব পাৰিবনে? মানগড়ত ইংৰাজে যি হত্যাকাণ্ড সংঘটিত কৰিছিল, সেই ঘটনাতমোৰ হাজাৰ হাজাৰ জনজাতীয় ভাই-ভনীক হত্যা কৰা হ’ল। আমি তেওঁক পাহৰিব পাৰোনে?

বন্ধুসকল,

সংস্কৃতিয়েই হওক বা সামাজিক ন্যায়েই হওক, আজিৰ এনডিএ চৰকাৰৰ মানসিকতা সুকীয়া। কেৱল বিজেপিৰ বাবেই নহয় এনডিএৰ বাবেও সৌভাগ্যৰ কথা গণ্য কৰোঁ যে আমি দ্ৰৌপদী মুৰ্মু জীক ৰাষ্ট্ৰপতি কৰাৰ সুযোগ পাইছিলোঁ। দেশৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি। মনত আছে যেতিয়া এনডিএই দ্ৰৌপদী মুৰ্মু জীক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়া আমাৰ নীতিশ বাবুৱে সমগ্ৰ দেশৰ জনসাধাৰণক আহ্বান জনাইছিল যে দ্ৰৌপদী মুৰ্মু জীয়ে বিপুল ভোটেৰে জয়ী হ’ব লাগে। আজি প্ৰধানমন্ত্ৰী জনমন যোজনাৰ অধীনত বহু কাম আৰম্ভ হৈছে। ইয়াৰ কৃতিত্বও ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু জীলৈ যায়। তেওঁ যেতিয়া ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল আৰু তাৰ পিছত ৰাষ্ট্ৰপতি হৈছিল তেতিয়া তাই মোৰ লগত প্ৰায়ে জনজাতিৰ ভিতৰত আটাইতকৈ পিছপৰা জনজাতিসকলৰ কথা কৈছিল। পূৰ্বৰ চৰকাৰসমূহে এই অতি পিছপৰা জনজাতি জনজাতিসকলৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। তেওঁলোকৰ জীৱনৰ অসুবিধা হ্ৰাস কৰিবলৈ ২৪০০০ কোটি টকাৰ প্ৰধানমন্ত্ৰী জনমন যোজনা আৰম্ভ কৰা হয়। প্ৰধানমন্ত্ৰী জনমন যোজনাই দেশৰ অতি পিছপৰা জনজাতি সকলৰ বসতিৰ উন্নয়ন সুনিশ্চিত কৰিছে। আজি এই আঁচনিখনৰ এবছৰ সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত আমি অতি পিছপৰা জনগোষ্ঠীক হাজাৰ হাজাৰ পকী ঘৰ দিছো। পিছপৰা জনজাতিৰ বসতি সংযোগৰ বাবে শ শ কিলোমিটাৰ পথৰ কাম আৰম্ভ হৈছে। পিছপৰা জনজাতিৰ শ শ গাঁৱত ঘৰে ঘৰে নলযোগে পানী লাভ কৰিছে।

বন্ধুসকল,

 

যিসকলক কোনেও পূজা নকৰে, মোদীয়ে তেওঁলোকক পূজা কৰে। পূৰ্বৰ চৰকাৰসমূহৰ মনোভাৱৰ বাবে জনজাতীয় সমাজখন দশক দশক ধৰি মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ থাকিল। দেশৰ কেইবা ডজন জনজাতীয় অধীনস্থ জিলা উন্নয়নৰ গতিত বহু পিছ পৰি আছিল। যদি কোনো বিষয়াক শাস্তি দিব লাগিছিল, তেন্তে তেনে জিলাত শাস্তিমূলক বদলিও কৰা হৈছিল। এন ডি এ চৰকাৰে পুৰণি চৰকাৰবোৰৰ চিন্তাধাৰা সলনি কৰিলে। আমি এই জিলাকেইখনক আকাংক্ষিত জিলা হিচাপে ঘোষণা কৰি তালৈ নতুন আৰু শক্তিশালী বিষয়া পঠিয়াই দিলোঁ। মই সন্তুষ্ট যে আজি বহু আকাংক্ষিত জিলা উন্নয়নৰ বহু পৰিমাপত আন জিলাতকৈ আগবাঢ়ি গৈছে। মোৰ জনজাতীয় ভাই-ভনীসকলে ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছে।

 

বন্ধুসকল,

জনজাতি কল্যাণ সদায় এনডিএ চৰকাৰৰ অগ্ৰাধিকাৰ। অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত এনডিএ চৰকাৰখনেই জনজাতীয় কল্যাণৰ বাবে সুকীয়া মন্ত্ৰালয়ৰ গঠন কৰিছিল। ১০ বছৰ আগতে জনজাতীয় অঞ্চল আৰু জনজাতীয় পৰিয়ালৰ উন্নয়নৰ বাজেট আছিল ২৫০০০ কোটি টকাতকৈও কম। ১০ বছৰৰ আগৰ পৰিস্থিতি চাওক, ২৫ হাজাৰ কোটি টকাতকৈও কম। আমাৰ চৰকাৰে ৫ গুণ বৃদ্ধি কৰি ১.২৫ লাখ কোটি টকালৈ বৃদ্ধি কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে আমি দেশৰ ষাঠি হাজাৰৰো অধিক জনজাতীয় গাঁৱৰ উন্নয়নৰ বাবে এক বিশেষ আঁচনি আৰম্ভ কৰিছো। ধৰতী আবা জনজাতি গাঁও উৎকৰ্ষ অভিযান, ইয়াৰ অধীনত জনজাতীয় গাঁৱত প্রায় ৮০ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব৷ ইয়াৰ উদ্দেশ্য, জনজাতীয় সমাজখনক প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰাৰ লগতে যুৱক-যুৱতীসকলৰ বাবে প্ৰশিক্ষণ আৰু কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰা। এই আঁচনিৰ অধীনত বিভিন্ন স্থানত জনজাতীয় বিপণন কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। মানুহক ঘৰতে থাকিবলৈ সহায় আৰু প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰ দ্বাৰা জনজাতীয় অঞ্চলত পৰ্যটন বৃদ্ধি পাব আৰু আজি যি ইক’ টুৰিজিম ধাৰণা সৃষ্টি হৈছে সেয়া আমাৰ বনাঞ্চলৰ জনজাতীয় পৰিয়ালসমূহৰ মাজত সম্ভৱ হ’ব আৰু তাৰ পিছত প্ৰব্ৰজন বন্ধ হৈ পৰিব আৰু পৰ্যটন বৃদ্ধি পাব।

বন্ধুসকল,

আমাৰ চৰকাৰেও জনজাতীয় ঐতিহ্য সংৰক্ষণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে। জনজাতীয় শিল্প সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত বহু লোকক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে। আমি ৰাঁচীত ভগৱান বিৰছা মুণ্ডাৰ নামত এটা বিশাল সংগ্ৰহালয় আৰম্ভ কৰিলোঁ। আৰু আমাৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অনুৰোধ কৰিলো যে ভগৱান বিৰছা মুণ্ডাই নিৰ্মাণ কৰা এই সংগ্ৰহালয়টো নিশ্চিতভাৱে চাব আৰু অধ্যয়ন কৰক। আজি মই সুখী যে মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাত থকা বাদল ভোই সংগ্ৰহালয় আৰু মধ্যপ্ৰদেশৰ জবলপুৰৰ ৰাজা শংকৰ শ্বাহ আৰু কুঁৱৰ ৰঘুনাথ শ্বাহ সংগ্ৰহালয় উদ্বোধন কৰা হৈছে। আজি শ্ৰীনগৰ আৰু ছিকিমত দুটা জনজাতীয় গৱেষণা কেন্দ্ৰও উদ্বোধন কৰা হৈছে আৰু আজি  ভগৱান বিৰছা মুণ্ডা জীৰ স্মৃতিত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰা হৈছে। এই প্ৰচেষ্টাসমূহে দেশখনক জনজাতীয় বীৰত্ব আৰু গৌৰৱৰ সোঁৱৰাই থাকিব।

বন্ধুসকল,

ভাৰতৰ প্ৰাচীন চিকিৎসা ব্যৱস্থাতো জনজাতীয় সমাজৰ অৱদান অপৰিসীম। এই ঐতিহ্যকো সুৰক্ষিত কৰা হৈছে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবেও নতুন মাত্ৰা সংযোজন কৰা হৈছে। এনডিএ চৰকাৰে লেহত নেচনেল ইনষ্টিটিউট অৱ সোৱা ৰিগপা স্থাপন কৰিছে। অৰুণাচল প্ৰদেশৰ নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ আৰু লোক চিকিৎসা গৱেষণাৰ আপডেট কৰা হৈছে। ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনো নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ভাৰতৰ আদিবাসী সকলৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই দেশ আৰু বিশ্ববাসীৰ ওচৰলৈ যাব।

বন্ধুসকল,

আমাৰ চৰকাৰে জনজাতীয় সমাজৰ শিক্ষা, উপাৰ্জন আৰু চিকিৎসাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে। আজি ঔষধেই হওক, ইঞ্জিনিয়াৰিঙেই হওক, আৰ্মীয়েই হওক, বিমানৰ পাইলটেই হওক, জনজাতীয় পুত্ৰ-কন্যাই প্ৰতিটো বৃত্তিতে আগবাঢ়ি আহিছে। এই সকলোবোৰ সম্ভৱ হোৱাৰ মূলতে বিগত দশকত বিদ্যালয়ৰ পৰা উচ্চ শিক্ষালৈকে জনজাতীয় অঞ্চলত উন্নত সম্ভাৱনা দেখা গৈছে। স্বাধীনতাৰ ছয়-সাত দশকৰ পাছতো দেশত আছিল মাত্ৰ এখন কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয় আছিল। যোৱা ১০ বছৰত এই এনডিএ চৰকাৰে দেশক দুখন নতুন কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয় দিছে। বছৰ বছৰ ধৰি জনজাতীয় প্ৰধান জিলাত বহু ডিগ্ৰী মহাবিদ্যালয়, বহু অভিযান্ত্ৰিক মহাবিদ্যালয়, ডজন ডজন আইটিআই নিৰ্মাণ কৰা হৈছে। যোৱা ১০ বছৰত জনজাতীয় জিলাসমূহতো ৩০খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে আৰু বহু চিকিৎসা মহাবিদ্যালয়ৰ কাম চলি আছে। ইয়াত জামুইত এখন নতুন মেডিকেল কলেজো নিৰ্মাণ কৰা হৈছে। আমি দেশজুৰি ৭০০ৰো অধিক একলব্য বিদ্যালয়ৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিছো।

 

বন্ধুসকল,

চিকিৎসা, অভিযান্ত্ৰিক আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতো জনজাতীয় সমাজৰ বাবে ভাষা এক ডাঙৰ সমস্যা হৈ আহিছে। আমাৰ চৰকাৰে মাতৃভাষাত পৰীক্ষাৰ বিকল্প দিছে। এই সিদ্ধান্তসমূহে জনজাতীয় সমাজৰ ল’ৰা-ছোৱালীক নতুন উৎসাহ যোগাইছে। তেওঁলোকৰ সপোনক নতুন ডেউকা দিয়া হৈছে।

বন্ধুসকল,

যোৱা ১০ বছৰত জনজাতীয় যুৱক-যুৱতীসকলে ক্ৰীড়াতো আচৰিত কাম কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ হৈ পদক লাভ কৰাত জনজাতীয় খেলুৱৈৰ অপৰিসীম অৱদান আছে। জনজাতীয় যুৱক-যুৱতীসকলৰ এই প্ৰতিভাক বিবেচনা কৰি জনজাতীয় অঞ্চলত ক্ৰীড়াৰ সুবিধা সম্প্ৰসাৰণ কৰা হৈছে। খেলো ইণ্ডিয়া অভিযানৰ অধীনত জনজাতীয় প্ৰধান জিলাত আধুনিক গ্ৰাউণ্ড স্প’ৰ্টছ কমপ্লেক্স নিৰ্মাণ কৰা হৈছে। ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ো মণিপুৰত নিৰ্মাণ কৰা হৈছে।

বন্ধুসকল,

স্বাধীনতাৰ পিছৰ ৭০ বছৰলৈকে আমাৰ দেশত বাঁহ সম্পৰ্কীয় আইন অতি কঠোৰ আছিল। ইয়াৰ বাবেই জনজাতীয় সমাজখনেই আটাইতকৈ বেছি অশান্তি দিছিল। আমাৰ চৰকাৰে বাঁহ কটাৰ লগত জড়িত আইনবোৰ সৰল কৰি তুলিলে। পূৰ্বৰ চৰকাৰৰ দিনত মাত্ৰ ৮-১০ টা বনজ সামগ্ৰীয়েহে এম এছ পি লাভ কৰিছিল। এয়া খোদ এন ডি এ চৰকাৰৰ পদক্ষেপ, যি এতিয়া প্ৰায় ৯০টা বনজ উৎপাদন এম এছ পিৰ পৰিসৰৰ অধীনলৈ আনিছে। আজি সমগ্ৰ দেশতে ৪০০০ৰো অধিক বন ধন কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে। ১২ লাখ জনজাতীয় ভাই-ভনী তেওঁলোকৰ লগত জড়িত। উপাৰ্জনৰ উন্নত উপায় পাইছে।

বন্ধুসকল,

লাখপতি দিদি অভিযান আৰম্ভ হোৱাৰ পৰাই পৰাই জনজাতি জনগোষ্ঠীৰ প্ৰায় ২০ লাখ ভগ্নী লাখপতি দিদী হৈ পৰিছে আৰু লাখপতি দিদী মানে এবাৰ এক লাখ টকা উপাৰ্জন কৰা নহয়, আনকি প্ৰতি বছৰে এক লাখতকৈও অধিক টকা উপাৰ্জন কৰা নহয়, তেওঁলোক মোৰ লাখপতি দিদী। বহু জনজাতীয় পৰিয়াল কাপোৰ, খেলনা আৰু সজ্জাৰ অদ্ভুত সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত। আমি এনে প্ৰতিটো বস্তুৰ বাবে ডাঙৰ চহৰত হাট বজাৰ স্থাপন কৰিছো। ইয়াতো ডাঙৰ ডাঙৰ বিপনী দেখিছো। আধা ঘণ্টা মই সেইবোৰ পৰিদৰ্শন কৰিলো। মোৰ জনজাতীয় ভাই-ভনীসকল ভাৰতৰ বিভিন্ন জিলাৰ পৰা আহিছে আৰু তেওঁলোকে কি কি আচৰিত বস্তু বনাইছে সেয়া দেখি মই আচৰিত হৈছিলোঁ। আপোনালোককো অনুৰোধ কৰিছো যে চাব আৰু যদি ক্ৰয় কৰিবলৈ মন যায় কিনি ল’ব। ইয়াৰ বাবে ইণ্টাৰনেটতো এক বিশ্বব্যাপী বজাৰ সৃষ্টি কৰা হৈছে। মই নিজে বিদেশী নেতাক উপহাৰ দিওঁতে জনজাতীয় ভাই-ভনীৰ দ্বাৰা নিৰ্মিত বৃহৎ সংখ্যক সামগ্ৰী উপহাৰ দিওঁ। শেহতীয়াকৈ ঝাৰখণ্ডৰ সোহৰাই পেইন্টিং, মধ্যপ্ৰদেশৰ গণ্ড পেইন্টিং আৰু মহাৰাষ্ট্ৰৰ ৱাৰলী পেইন্টিং বিদেশৰ ডাঙৰ ডাঙৰ নেতাসকলক উপহাৰ দিছো। এতিয়া সেই চৰকাৰৰ ভিতৰৰ দেৱালত এই ছবিবোৰ দেখা যাব। ইয়াৰ বাবেই আপোনালোকৰ দক্ষতা আৰু আপোনালোকৰ শিল্পৰ খ্যাতি পৃথিৱীত বাঢ়িছে।

 

বন্ধুসকল,

শিক্ষা আৰু উপাৰ্জনৰ সুবিধা তেতিয়াহে পোৱা যায় যেতিয়া পৰিয়ালটো সুস্থ হৈ থাকে। ছিকল চেল এনিমিয়া জনজাতীয় সমাজৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছে। এয়া আৰম্ভ হোৱা এবছৰ হ'ল। এই সময়ছোৱাত প্ৰায় চাৰে চাৰি কোটি লোকক পৰীক্ষা কৰা হৈছে। বৃহৎ সংখ্যক আয়ুষ্মান আৰোগ্য মন্দিৰ নিৰ্মাণ কৰা হৈছে যাতে জনজাতীয় পৰিয়ালসমূহে আন ৰোগৰ পৰীক্ষা কৰিবলৈ বহু দূৰলৈ যাব নালাগে। অতি দুৰ্গম অঞ্চলতো মোবাইল মেডিকেল ইউনিট স্থাপন কৰা হৈছে।

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত ডাঙৰ নাম হৈ পৰিছে। কাৰণ আমাৰ চিন্তাৰ মূলতে আছে জনজাতীয় সমাজে শিকোৱা মূল্যবোধ। সেইবাবেই মই প্ৰকৃতিপ্ৰেমী জনজাতীয় সমাজখনৰ বিষয়ে সমগ্ৰ বিশ্বক জনাবলৈ চেষ্টা কৰোঁ। জনজাতীয় সমাজ হ’ল সূৰ্য্য, বতাহ আৰু উদ্ভিদক পূজা কৰা সমাজ। এই শুভ দিনটোৰ বিষয়ে আৰু এটা তথ্য আপোনালোকক দিব বিচাৰিছো। ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে দেশৰ জনজাতি প্ৰধান জিলাসমূহত বিৰছা মুণ্ডা জনজাতি গৌৰৱ উদ্যানৰ সৃষ্টি কৰা হ’ব। বিৰছা মুণ্ডা ট্ৰাইবেল প্ৰাইড পাৰ্কত ৫০০-১০০০ গছপুলি ৰোপণ কৰা হ’ব। ইয়াৰ বাবে আমি সকলোৰে সমৰ্থন আৰু সহযোগিতা লাভ কৰিম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

 

বন্ধুসকল,

ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ এই উদযাপনে আমাক ডাঙৰ ডাঙৰ সংকল্প ল’বলৈ অনুপ্ৰাণিত কৰে। আমি সকলোৱে মিলি দেশৰ জনজাতীয় ধাৰণাক নতুন ভাৰত গঢ়াৰ আধাৰ গঢ়িম। আমি সকলোৱে মিলি জনজাতীয় সমাজৰ ঐতিহ্য ৰক্ষা কৰিম। জনজাতীয় সমাজে যুগ যুগ ধৰি সংৰক্ষণ কৰি ৰখা পৰম্পৰাৰ পৰা আমি একেলগে শিকিম। এনে কৰিলেহে আমি সঁচা অৰ্থত এখন শক্তিশালী, সমৃদ্ধিশালী আৰু সক্ষম ভাৰত গঢ়িব পাৰিম। আকৌ এবাৰ আপোনালোক সকলোকে জনজাতীয় গৌৰৱ দিৱসত বহুতৰে আন্তৰিক অভিনন্দন। মোৰ লগত আকৌ কওক।

মই ক’ম ভগৱান বিৰছা মুণ্ডা-আপোনালোকে ক’ব অমৰ হওক, অমৰ হওক।

ভগৱান বিৰছা মুণ্ডা-অমৰ হওক, অমৰ হওক।

ভগৱান বিৰছা মুণ্ডা-অমৰ হওক, অমৰ হওক।

ভগৱান বিৰছা মুণ্ডা-অমৰ হওক, অমৰ হওক।

আপোনালোক সকলোকে অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian youth are at the forefront of tech-led growth, innovation: PM Modi

Media Coverage

Indian youth are at the forefront of tech-led growth, innovation: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Bharat Innovates is becoming a bridge between Indian talent and European capital: PM Modi in Nice, France
June 14, 2026

Your Excellency, my dear friend, President मैक्रों,

VCs, industry leaders and innovators,

बों-जू!
नमस्ते!

भारत इनोवेट्स में शामिल सभी साथियों का मैं अभिनंदन करता हूं। और इस कार्यक्रम के लिए सभी को बहुत बहुत शुभकामनाएं देता हूं।

साथियों,

दुनिया में अलग-अलग देश एक-दूसरे के साथ व्यापार करते हैं, अलग-अलग देशों के बीच, स्ट्रेटीजिक पार्टनर्शिप्स भी होती हैं, लेकिन कुछ रिलेशन्स ऐसे होते हैं, जो शेयर्ड इंटरेस्ट्स के साथ-साथ, शेयर्ड विजन से भी ड्राइव होते हैं। भारत और फ्रांस का रिश्ता कुछ ऐसा ही है।

इस रिश्ते में Connection भी है, Conviction भी है। इस रिश्ते में Innovation भी है, Inspiration भी है। इस रिश्ते में Shared Values भी हैं, Shared Vision भी है।

और इसी रिश्ते की नींव पर, बीते वर्षों में हमने साथ मिलकर नई पहलें शुरू की हैं। नए विचारों को दिशा दी है। और वैश्विक चुनौतियों के समाधान खोजने का भरसक प्रयास किया हैं।

चाहे International Solar Alliance हो, AI से जुड़ा संवाद हो, सिक्युरिटी से लेकर सस्टेनिबिलिटी तक हमारी साझेदारी हो। यानि ह्यूमेनिटी से जुड़ी चुनौतियों का सोल्यूशन देना हो, हम दोनों देश मिलकर चलें हैं।

इसी साल फरवरी में ही, India–France Year of Innovation की शुरुआत हुई है। और आज हमे बहुत खुशी है कि Bharat Innovates की शुरुआत भी, हम फ़्रांस के साथ कर रहें हैं।

मैं अपने मित्र, प्रेसिडेंट मैक्रों का इस अवसर पर यहां आने के लिए बहुत बहुत आभार व्यक्त करता हूं। प्रेसिडेंट मैक्रों अभी भारत यात्रा के दौरान, आपने कहा था कि इस सदी की चुनौतियों के समाधान के लिए भारत और फ्रांस को एक साथ आगे आना होगा। आज मैं गर्व से कह सकता हूं कि ये initiative, उसी दिशा में एक कदम है।

भारत इनोवेट्स का ये मंच भारत के टैलेंट और यूरोपियन कैपिटल के बीच एक ब्रिज बन रहा है। एक ऐसा प्लेटफॉर्म जहां भारत के यंग माइंड्स को, यूरोपियन एक्स्पर्टीज़ से जुड़ने का अवसर मिल रहा है।

साथियों,

आज 21वीं सदी का भारत बदलाव के एक बहुत बड़े दौर से गुजर रहा है। आज भारत में एक स्टार्टअप रिवॉल्यूशन हो रहा है। इस रिवॉल्यूशन में भारत का नौजवान एक नए माइंडसेट के साथ मानवता के हित में समस्याओं के समाधान ढूंढ रहा है। और हमारे नौजवानों के वर्ल्ड क्लास सोल्युशंस को ग्लोबल स्टेज पर लाने का माध्यम ही है भारत इनोवेट्स। IIT Delhi के बोर्ड के Chairperson मेरे मित्र हरीश सलवे जी ने इसके आयोजन मे बड़ा योगदान दिया है, और इसके लिए मैं उन्हें और पूरी टीम को बहुत बहुत बधाई देता हूँ।

साथियों,

आज यहां इतनी बड़ी संख्या में यंग एंटरप्रेन्योर्स जुड़े हुए हैं। आपको यहाँ भारत के भविष्य की झलक दिखाई देती है। आपको भारत के युवाओं का आत्मविश्वास दिखाई देता है। आपको नए भारत की ऊर्जा दिखाई देती है।

एक ऐसा भारत, जो Solutions का Consumer नहीं Solutions का Contributor बनकर उभर रहा है। यहां कोई AI से गांवों का जीवन बदलने के लिए काम कर रहा है, कोई किसानों की मदद के लिए Satellite Technology का इस्तेमाल कर रहा है। कुछ युवा Smart Cities, Advanced Manufacturing और नए Materials से भविष्य का निर्माण कर रहे हैं। कोई Green Hydrogen, Electric Mobility और Battery Technologies से एक सस्टेनबल फ्यूचर सुनिश्चित कर रहा है। और कुछ Start-ups Defence और Security के क्षेत्र में नई तकनीकें विकसित कर रहे हैं।

आपके सामर्थ्य को देखते हुए मैं कहूंगा Bharat innovates with Scale and Speed. Bharat innovates for a Sustainable Future. And Bharat innovates for the whole World.

साथियों,

आज बहुत सारे VCs और इंडस्ट्री लीडर्स भी इस कार्यक्रम का हिस्सा बने हैं। मैं उनके सामने विशेष तौर पर भारत से आए इन नौजवान साथियों की प्रशंसा करूंगा।

यहां जितने भी साथी आए हैं, उन्होंने पुराने रास्ते पर चलने की जगह, उसको छोड़ कर के, उन्होंने एक नयी जगह का रास्ता चुना हैं। एक नई लीक बनाई है। और यहां आप सबको 100 - 125 स्टार्टअप्स दिख रहे हैं, लेकिन भारत में ऐसे 2 लाख से ज्यादा स्टार्टअप्स का मेगा पूल है। और अब ये सारे स्टार्टअप्स एक नई ऊर्जा के साथ भारत और वर्ल्ड इकॉनमी की ग्रोथ में कॉन्ट्रिब्यूट कर रहे हैं।

साथियों,

दुनिया के लिए ये डेकेड, डिसरप्शन और डेवलपमेंट, दोनों का है। संघर्षों और climate change के बढ़ते प्रभाव के बीच, विश्व एक अभूतपूर्व उथल-पुथल के दौर से गुजर रहा है। लेकिन आज मानवता के सामने जो चुनौतियां ज़्यादा हैं, तो अवसर भी उतने ही ज़्यादा हैं।

Artificial Intelligence, Quantum Computing, Biotechnology, Space Technologies और Advanced Materials ये सभी ऐसी technologies हैं, जो मानवता के फ्यूचर को शेप करेंगे। ये ह्यूमेन सिविलाइजेशन के अगले चैप्टर हैं।

हर Technological Revolution, मानवता को एक नया अवसर देता है। और हर अवसर, एक नई जिम्मेदारी भी लेकर आता है। आज दुनिया ऐसी Technologies की ओर देख रही है, जो Trusted हों, जो Inclusive हों, जो Human-Centric हों, और जिसका लक्ष्य ग्लोबल गुड का हो। और ऐसे समय में, भारत की प्रियॉरिटी है - Technology For Humanity, ह्युमेन सेंट्रिक इनोवेशन।

साथियों,

यही मंत्र हमारी डिजिटल रेवोल्यूशन का केंद्र रहा है। यही भारत के डिजिटल पब्लिक इंफ्रास्ट्रक्चर का भी सार रहा है। हमारे AI विजन का भी मूल तत्व है - AI for All - सर्वजन हिताय, सर्वजन सुखाय। दिल्ली में आयोजित AI impact summit की थीम भी यही थी।

साथियों,

भारत ने दिखाया है कि इनोवेशन और इंक्लूजन एक दूसरे के विरोधी नहीं हैं, बल्कि पूरक हैं। इसका मतलब है किसी भी Innovation की महानता केवल उसके valuation में नहीं होती। उसकी महानता उसके Human Impact में होती है।

यही Bharat Innovates की भावना है। यही भारत का दृष्टिकोण है। यहां मौजूद स्टार्ट अप जगत के साथ, आप सभी साथियों के लिए भी ये उतनी ही बड़ी प्रेरणा है।

Friends,

Innovation is in India's DNA. हजारों वर्षों से भारत ने अपने Knowledge और Innovation से दुनिया को नई दिशा दी है। Mathematics से लेकर Astronomy तक, Medicine से लेकर Yoga तक, भारत का योगदान सम्पूर्ण मानवता की प्रगति का आधार रहा है। आज हमने इसी विरासत को नई गति और नई दिशा दी है।

साथियों,

बीते 11-12 वर्षों में, भारत ने Innovation के लिए एक मजबूत Ecosystem तैयार किया है। पेटेंट फाइलिंग से लेकर इंक्यूबेशन नेटवर्क्स तक, स्टार्टअप इंडिया से लेकर पॉलिसी सपोर्ट तक, ये पूरी जर्नी एक Mission Mode में आगे बढ़ी है।

आज भारत, दुनिया का तीसरा सबसे बड़ा स्टार्टअप इकोसिस्टम है। लेकिन हमारी सोच केवल बड़े शहरों तक सीमित नहीं है। हमने Innovation को Grassroot Level तक पहुंचाने का काम किया है।

स्कूलों में Atal Tinkering Labs बनाए गए हैं, युवाओं को Hackathons और Innovation Challenges से जोड़ा जा रहा है, पूरे देश में Incubators और Research Institutions का विस्तार किया जा रहा है, और स्पेशली वीमेन इनोवेटर्स को हम ढेर सारी नई टेक्नॉलजी से जोड़ रहे हैं।

इन सब के कारण, भारत में बहुत बड़ी मात्रा में चेंज हुआ है। आज ड्रोन दीदी से लेकर, स्टार्टअप्स के फाउंडर बनने तक हमारी Women Power नई सक्सेज स्टोरीज़ लिख रहीं है।

साथियों,

नौजवानों की इसी एनर्जी को और आगे बढ़ाने के लिए, भारत के Defence Sector को भी Innovation के लिए खोला गया है। आज Defence और Space से जुड़े सैकड़ों Start-ups भारत में बहुत शानदार काम कर रहे हैं।

और हाल ही में, भारत ने Nuclear Energy Sector में भी महत्वपूर्ण Reforms किए हैं। इससे Clean Energy, Advanced Reactors और Frontier Research के क्षेत्र में नई संभावनाएं बनने जा रही हैं।

यह reforms की एक्स्प्रेस, रुकेगी नहीं, लगातार चलती रहेगी। और भारत से निकलने वाले start-ups की संख्या भी कई गुना बढ़ती रहेगी।

Friends,

एक दशक पहले तक, दुनिया भारत को टेक्नॉलॉजी adopter के रूप में देखती थी। आज भारत, technology provider के रूप में emerge हो रहा है। और भारत, जो भी इनोवेट करता है, जो भी solution देता है, उसका फायदा humanity के बहुत बड़े हिस्से को मिलता है। भारत इनोवेट्स, का भी यही लक्ष्य है।

Bharat Innovates is an invitation to the world to co-create the next chapter of global innovation with India.

मैं अगले तीन दिनों में आपके सेशन्स और Discussions के लिए बहुत-बहुत शुभकामनाएं देता हूँ। हम Partnership चाहते हैं। हम Co-development चाहते हैं। हम Joint Research चाहते हैं। हम Shared Manufacturing चाहते हैं। और हम Long-term Collaboration चाहते हैं।

मैं आज यहां मौजूद हर Investor, हर University, हर Research Institution, और हर Entrepreneur को बहुत आग्रहपूर्वक आमंत्रित करता हूं। आप भारत आइए। हमारे साथ मिलकर काम करिए। भारत में Design कीजिए। भारत में Develop कीजिए। और दुनिया के लिए Solutions तैयार कीजिए।

आपका बहुत बहुत धन्यवाद।

Thank You very much.