অৰুণাচল প্ৰদেশ শান্তি আৰু সংস্কৃতিৰ সংগম, ই ভাৰতৰ গৌৰৱঃ প্ৰধানমন্ত্ৰী
উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অষ্টলক্ষ্মীঃ প্ৰধানমন্ত্ৰী
উত্তৰ-পূৰ্বাঞ্চল হৈ পৰিছে দেশৰ উন্নয়নৰ চালিকা শক্তিঃ প্ৰধানমন্ত্ৰী
ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ সফলতাই মানুহৰ জীৱন সূচল কৰি তুলিছে: প্ৰধানমন্ত্ৰী
জি এছ টি এতিয়া ৫% আৰু ১৮% লৈ হ্ৰাস কৰা হৈছে, যাৰ ফলত সৰহসংখ্যক বস্তুৰ কৰ হ্ৰাস হৈছে: প্ৰধানমন্ত্ৰী

ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়!

জয় হিন্দ! জয় হিন্দ! জয় হিন্দ!

অৰুণাচল প্ৰদেশৰ মাননীয় ৰাজ্যপাল শ্ৰী কে. টি. পাৰ্নাইক ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় আৰু সক্ৰিয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ কিৰেণ ৰিজিজু, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, মোৰ সতীৰ্থ সাংসদ নবাম ৰেবিয়া ডাঙৰীয়া আৰু তাপিৰ গাও ডাঙৰীয়া, সকলো বিধায়ক, আন-আন জনপ্ৰতিনিধিসকল তথা অৰুণাচল প্ৰদেশৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল,

সৰ্বশক্তিমান ডনি-প'ল'য়ে আমাক সকলোকে আশীৰ্বাদ প্ৰদান কৰে যেন!

বন্ধুসকল,

মই হেলিপেডৰ পৰা ইয়ালৈ অহাৰ পথত ইমান লোকক লগ পালোঁ, শিশুসকলে ৰাষ্ট্ৰীয় পতাকাখনি জোকাৰি থকা, পুত্ৰ-কন্যাসকলে ৰাষ্ট্ৰীয় পতাকাখনি ধৰি থকা প্ৰত্যক্ষ কৰি পুলকিত হৈছোঁ। অৰুণাচলৰ শ্ৰদ্ধা আৰু মৰমে মোক গৌৰৱেৰে ভৰাই তুলিছে। আপোনালোকৰ এনে আদৰণি কাৰ্য্যতে মোৰ ইয়াত উপস্থিত হোৱাৰ ক্ষেত্ৰত কিছু পলম হৈছে আৰু ইয়াৰ বাবে মই আপোনাসৱৰ ওচৰত ক্ষমা বিচাৰিছোঁ। অৰুণাচলৰ এই পবিত্ৰ ভূমি কেৱল সূৰ্য্য উঠাৰ স্থানেই নহয়, বৰঞ্চ দেশপ্ৰেমৰ ভূমিও। ইয়াৰ প্ৰতিজন নাগৰিক বীৰত্বৰ প্ৰতীক, সৰলতাৰ প্ৰতীক। মই ৰাজনীতিত প্ৰৱেশৰ আগতেই বহুবাৰ অৰুণাচললৈ আহিছিলোঁ। মই ইয়াৰ অগণন স্মৃতি কঢ়িয়াই লৈ ফুৰোঁ আৰু এইসমূহৰ স্মৰণে মোৰ মনটো সদায় আনন্দেৰে ভৰাই তোলে। আপোনালোকৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ বাবে এক বহুমূলীয়া স্মৃতি। আপোনাসৱে মোক যিদৰে মৰম যাঁচিছে, মই বিশ্বাস কৰোঁ যে এয়াই হৈছে মোৰ জীৱনৰ পৰম সৌভাগ্য। টাৱাং মনেষ্ট্ৰীৰ পৰা নামছাইৰ গ’ল্ডেন পেগোডালৈকে অৰুণাচল শান্তি আৰু সংস্কৃতিৰ মিলনভূমি। এয়াই ভাৰত মাতাৰ গৌৰৱ। মই এই পবিত্ৰ ভূমিৰ প্ৰতি শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ।

বন্ধুসকল,

আজি মোৰ অৰুণাচল ভ্ৰমণ তিনিটা কাৰণত অতি বিশেষ হৈ পৰিছে। প্ৰথমতে, নৱৰাত্ৰিৰ এই প্ৰথম দিনটোত এই মোহনীয়া পৰ্বতমালা দেখাৰ সৌভাগ্য হৈছে। নৱৰাত্ৰিৰ আজিৰ দিনটোত আমি সু-বিশাল হিমালয়ৰ কন্যা মা শৈলপুত্ৰীক পূজা কৰোঁ। দ্বিতীয় কাৰণটো হ’ল আজিৰে পৰা সমগ্ৰ দেশতে পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰ সাধন কাৰ্য্য কাৰ্য্যকৰী হৈছে। “জিএছটি সঞ্চয় উৎসৱ”-ৰ আৰম্ভণি। এই উৎসৱৰ বতৰত দেশৰ জনসাধাৰণে লাভ কৰিছে দুগুণ ৰাহি। আৰু তৃতীয় কাৰণটো হ’ল অৰুণাচলে এই শুভ দিনটোত একাধিক নতুন উন্নয়নমূলক প্ৰকল্প লাভ কৰিছে। আজি অৰুণাচলক শক্তি, সংযোগ, পৰ্যটন, স্বাস্থ্যকে প্ৰমুখ্য কৰি একাধিক খণ্ডৰ প্ৰকল্প উপহাৰ দিয়া হৈছে। এয়া বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ “ডাবল বেনিফিট”-ৰ এক উজ্জ্বল উদাহৰণ। এই প্ৰকল্পসমূহৰ বাবে অৰুণাচলবাসীক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়ালৈ অহাৰ ঠিক পূৰ্বে মই ক্ষুদ্ৰ ব্যৱসায়ীসকলক লগ পোৱাৰ সুযোগ পাইছিলোঁ, তেওঁলোকৰ দোকানৰ সামগ্ৰীসমূহ চাবলৈ পাইছিলোঁ আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল মই তেওঁলোকৰ শক্তি আৰু উৎসাহ অনুভৱৰ সুযোগ পাইছিলোঁ। এই সঞ্চয় উৎসৱত ব্যৱসায়ী, কাৰিকৰ আৰু সাধাৰণ জনতাৰ মাজত যি উদ্দীপনাই বিৰাজ কৰিছে, সেয়া মই স্পষ্টকৈ দেখিবলৈ পালোঁ।

 

বন্ধুসকল,

যদিও সূৰ্য্যৰ প্ৰথম ৰশ্মি অৰুণাচলত পৰে, তথাপিও দুখৰ কথা এয়ে যে দ্ৰুতগতিত অব্যাহত বিকাশৰ ৰশ্মি ইয়াত উপনীত হ’বলৈ কেইবা দশকো সময় লাগিছিল। মই ২০১৪-ৰ আগতেও বহুবাৰ অৰুণাচল ভ্ৰমণ কৰিছিলোঁ, আপোনালোকৰ মাজত আছিলোঁ। প্ৰকৃতিয়ে এই ভূমি, ইয়াৰ কঠোৰ পৰিশ্ৰমী লোক আৰু ইয়াৰ অপৰিসীম সম্ভাৱনাক যিদৰে উদ্বুদ্ধ কৰিছে, তাৰ প্ৰত্যক্ষ সাক্ষী হৈছিলোঁ। তথাপিও দিল্লীত বহি দেশ পৰিচালনা কৰা সকলে অৰুণাচলক আওকাণ কৰিছিল। কংগ্ৰেছৰ দৰে দলবোৰে ভাবিছিল যে ইয়াৰ জনসংখ্যা ইমান কম আৰু মাত্ৰ দুখন লোকসভা আসন আছে, সেয়ে অৰুণাচলক গুৰুত্ব প্ৰদানৰ প্ৰয়োজনীয়তা নাই! কংগ্ৰেছৰ এই মানসিকতাই অৰুণাচলৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যথেষ্ট ক্ষতি কৰিছিল। আমাৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ ক্ষেত্ৰত বহু পিছ পৰি ৰৈ গৈছিল।

বন্ধুসকল,

২০১৪-ত আপোনালোকে মোক ৰাষ্ট্ৰ সেৱাৰ সুযোগ প্ৰদান কৰোঁতে মই কংগ্ৰেছৰ এনে মানসিকতাৰ পৰা দেশখনক মুক্তকৰণৰ সংকল্প গ্ৰহণ কৰিছিলোঁ। আমাৰ প্ৰেৰণা কোনো ৰাজ্যৰ ভোট বা আসনৰ সংখ্যা নহয়। আমাৰ পথ-প্ৰদৰ্শক নীতি হৈছে ৰাষ্ট্ৰ প্ৰথম। আমাৰ মন্ত্ৰ নাগৰিক দেৱ ভৱ (নাগৰিক ভগৱানৰ দৰে)। যিসকল লোকক কোনেও কেতিয়াও গুৰুত্ব নিদিছিল, সেইসকলক কিন্তু মোদীয়ে শ্ৰদ্ধা কৰে। সেইবাবেই কংগ্ৰেছৰ শাসনকালত পাহৰি যোৱা একেবাৰে উত্তৰ-পূর্বাঞ্চলখনেই ২০১৪-ৰ পৰা আমাৰ উন্নয়নৰ অগ্ৰাধিকাৰৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আমি উত্তৰ-পূর্বাঞ্চলৰ বাজেট কেইবাগুণো বৃদ্ধি কৰিলোঁ। অন্তিম প্ৰান্তৰে সংযোগ আৰু অন্তিম প্ৰান্ততো ডেলিভাৰী কাৰ্য্যক আমাৰ চৰকাৰৰ বৈশিষ্ট্য কৰি তুলিলোঁ। কেৱল এয়াই নহয়, আমি চৰকাৰখন কেৱল দিল্লীতে থাকি যেন দেশখন পৰিচালনা নকৰে, সেয়া নিশ্চিত কৰিলোঁ। বিষয়া-মন্ত্ৰীসকল অধিক সঘনাই উত্তৰ-পূবলৈ অহাটো সুনিশ্চিত কৰিলোঁ।

বন্ধুসকল,

কংগ্ৰেছ চৰকাৰৰ দিনত এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে হয়তো দুই-তিনি মাহত এবাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছিল। ইয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত কেন্দ্ৰীয় মন্ত্ৰীসকলে ইতিমধ্যে ৮০০-ৰো অধিক বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। আৰু এয়া কেৱল সাধাৰণভাৱে ভ্ৰমণ কৰি যোৱাৰ কথা নহয়। আমাৰ মন্ত্ৰীসকল আহিলে তেওঁলোক দুৰ্গম অঞ্চল, জিলা, ব্লকলৈয়ো যায়। কেৱল সেয়াই নহয়, ইয়াত অন্ততঃ এটা ৰাতি কটায়। মই নিজেই প্ৰধানমন্ত্ৰী হিচাপে ৭০-ৰো অধিক বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছোঁ। মাত্ৰ যোৱা সপ্তাহতে মই মিজোৰাম, মণিপুৰ, অসম ভ্ৰমণ কৰোঁ আৰু ৰাতিটো গুৱাহাটীতে কটাওঁ। উত্তৰ-পূবে মোৰ হৃদয়ত অৱস্থান কৰিছে। সেইবাবেই আমি দিল্লীক আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ।

 

বন্ধুসকল,

উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক আমি ‘অষ্ট লক্ষ্মী’ (দেৱী লক্ষ্মীৰ আঠটা ৰূপ) বুলি শ্ৰদ্ধা কৰোঁ। সেইবাবেই আমি কেতিয়াও এই অঞ্চলটোক উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থাকিবলৈ দিব নোৱাৰোঁ। এই অঞ্চলৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে অধিক ধন ব্যয় কৰিছে। মই এটা উদাহৰণ দিব খুজিছোঁ। আপোনালোকৰ মাজৰে একাংশৰ জ্ঞাত যে কেন্দ্ৰই সংগ্ৰহ কৰা কৰৰ এটা অংশ ৰাজ্যসমূহক প্ৰদান কৰে। কংগ্ৰেছ চৰকাৰৰ দিনত অৰুণাচল প্ৰদেশে দহ বছৰত কেন্দ্ৰীয় কৰৰ পৰা মাত্ৰ প্ৰায় ৬,০০০ কোটি টকাহে লাভ কৰিছিল। কিন্তু আমাৰ বিজেপি চৰকাৰৰ দহ বছৰত অৰুণাচলে লাভ কৰিছে এক লাখ কোটিৰো অধিক টকা। অৰ্থাৎ বিজেপি চৰকাৰে অৰুণাচলক ১৬ গুণ অধিক ধন প্ৰদান কৰিছে। আৰু এয়া কেৱল কৰৰ অংশহে। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে ভিন্ন আঁচনিত বিনিয়োগেৰে ইয়াত বৃহৎ প্ৰকল্প ৰূপায়ণ কৰি আহিছে। সেইবাবেই আজি আপোনাসৱে সমগ্ৰ অৰুণাচলতে এনে ব্যাপক আৰু দ্ৰুত বিকাশ সাধন কাৰ্য্য প্ৰত্যক্ষ কৰিছে।

বন্ধুসকল,

সঠিক উদ্দেশ্যৰে কাম কৰা, সততাৰে প্ৰচেষ্টা গ্ৰহণ কৰা মাত্ৰেকে ফল দেখা যায়। আজি আমাৰ উত্তৰ-পূর্বাঞ্চল দেশৰ উন্নয়নৰ চালিকা শক্তি হৈ পৰিছে। ইয়াত সুশাসনে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমাৰ চৰকাৰৰ বাবে নাগৰিকৰ কল্যাণ সাধনেই হৈছে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়। আপোনালোকৰ জীৱন-যাত্ৰাক সহজ কৰি তুলিবলৈ আমি ইজ অৱ লিভিঙৰ কাম কৰি আছোঁ। ভ্ৰমণৰ বেলিকা কষ্ট লাঘৱ কৰিবলৈ ইজ অৱ ট্ৰেভেলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। স্বাস্থ্যসেৱাক অধিক সুলভ কৰি তুলিবলৈ ইজ অৱ মেডিকেল ট্ৰিটমেন্টৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিশুসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন নহ’বলৈ ইজ অৱ এডুকেচনৰ ব্যৱস্থা হাতত লোৱা হৈছে। আপোনাসৱৰ ব্যৱসায় আৰু বাণিজ্যক সহায় কৰিবলৈ ইজ অৱ ডুয়িং বিজনেছ পদক্ষেপ হাতত লোৱা হৈছে। এই সকলোবোৰ লক্ষ্য আগত ৰাখি বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে অক্লান্তভাৱে কাম কৰি আছে। যিসমূহ অঞ্চলত পূৰ্বে পথ স্থাপন অসম্ভৱ যেন লাগিছিল, সেইসমূহ অঞ্চলত আজি আধুনিক ঘাইপথ নিৰ্মাণ কৰা হৈছে। চেলা সুৰংগৰ দৰে আন্তঃগাঁথনি প্ৰকল্প এসময়ত কল্পনাতীত আছিল যদিও আজি চেলা সুৰংগ অৰুণাচলৰ পৰিচয়ৰ প্ৰতীক হৈ পৰিছে।

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰে অৰুণাচলকে প্ৰমুখ্য কৰি উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলসমূহত হেলিপ’ৰ্ট স্থাপনৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা গ্ৰহণ কৰিছে। সেইবাবেই এই অঞ্চলসমূহক উড়ান আঁচনিৰ জৰিয়তে সংযোগ কৰা হৈছে। হোলংগী বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ নিৰ্মাণ কাৰ্য্যও সম্পূৰ্ণ হৈছে। এতিয়া ইয়াৰ পৰা দিল্লীলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। ইয়াৰ ফলত কেৱল নিয়মীয়া যাত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু পৰ্যটক সকলেই নহয়, বৰঞ্চ কৃষক ৰাইজ আৰু ক্ষুদ্ৰ উদ্যোগসমূহো উপকৃত হৈছে। ইয়াৰ পৰা দেশৰ প্ৰধান বজাৰলৈ ফল-মূল, শাক-পাচলি আৰু আন-আন উৎপাদিত সামগ্ৰী সৰবৰাহ কৰাটো এতিয়া বহুখিনি সহজ হৈ পৰিছে।

বন্ধুসকল,

২০৪৭-ৰ ভিতৰত ভাৰতক এখনি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আমি সকলোৱে কাম কৰি আছোঁ। আৰু দেশৰ প্ৰতিখন ৰাজ্য উন্নত হ'লেহে ভাৰত উন্নত হ'ব। ভাৰতৰ অগ্ৰগতি তেতিয়াহে সম্ভৱ যেতিয়া প্ৰতিখন ৰাজ্যই ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে খোজত-খোজ মিলাই অগ্ৰসৰ হ’ব। মই আনন্দিত যে উত্তৰ-পূর্বাঞ্চলে এই ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এটি মূল ভূমিকা পালন কৰি আছে। ইয়াৰ এক সুন্দৰ উদাহৰণ বিদ্যুৎ খণ্ড। ভাৰতে ২০৩০-ৰ ভিতৰত অগতানুগতিক উৎসৰ পৰা ৫০০ গিগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই লক্ষ্য সৌৰশক্তি, বায়ু শক্তি আৰু জলবিদ্যুতৰ জৰিয়তে পৰিপূৰণ কৰা হ’ব। এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশো ৰাষ্ট্ৰৰ সৈতে একেলগে অগ্ৰসৰ হৈছে। আজি উদ্বোধন কৰা বিদ্যুৎ প্ৰকল্প দুটাই অৰুণাচলৰ বিদ্যুৎ উৎপাদক হিচাপে স্থিতিক অধিক সুদৃঢ় কৰিব। এই প্ৰকল্পসমূহে ৰাজ্যখনৰ হাজাৰ-হাজাৰ যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদানৰ লগতে ইয়াৰ উন্নয়নমূলক কাম-কাজৰ বাবেও সূলভ মূল্যৰ বিদ্যুৎ যোগান সুনিশ্চিত কৰিব। কংগ্ৰেছৰ সদায় এটা বদ-অভ্যাস আছিল। যেতিয়াই কোনো গুৰুত্বপূৰ্ণ উন্নয়ন সাধনৰ কথা আহি পৰে, তেতিয়াই তেওঁলোকে কেতিয়াও ইয়াৰ কাম হাতত নলৈ কেৱল পলাই গৈছিল। এনে বদ-অভ্যাসৰ বাবেই উত্তৰ-পূব আৰু অৰুণাচলৰ যথেষ্ট ক্ষতি হৈছিল। যিসমূহ অঞ্চল দূৰৱৰ্তী, পাহাৰীয়া বা বনাঞ্চলৰ গভীৰত অৱস্থিত, যিসমূহ অঞ্চলত উন্নয়ন সাধনৰ ক্ষেত্ৰত প্ৰত্যাহ্বানে দেখা দিছিল, সেইসমূহ অঞ্চলক কংগ্ৰেছে পৰিত্যাগ কৰিছিল, “পিছপৰা” বুলি ঘোষণা কৰিছিল আৰু পাহৰি গৈছিল। ইয়াৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় অঞ্চল আৰু জিলাসমূহ সৰ্বাধিক অন্তৰ্ভুক্ত আছিল। সীমান্তৰ কাষৰীয়া গাঁওসমূহক কংগ্ৰেছে “দেশৰ অন্তিম গাঁও” বুলি উলাই কৰিছিল আৰু তেওঁলোকে দায়িত্ব সামৰিছিল। এনে কৰি কংগ্ৰেছে নিজৰ ব্যৰ্থতা লুকুৱাবলৈ চেষ্টা কৰিছিল। পৰিণতিত জনজাতীয় আৰু সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৰাইজৰ প্ৰব্ৰজন সাধাৰণ কথা হৈ পৰিছিল।

 

বন্ধুসকল,

কিন্তু আমাৰ বিজেপি চৰকাৰে এই পন্থা সলনি কৰিলে। কংগ্ৰেছে পূৰ্বে যিসমূহ জিলাক “পিছপৰা জিলা” বুলি কৈছিল, সেইসমূহ জিলাক আমি আকাংক্ষী জিলা বুলি অভিহিতকৰণেৰে ইয়াৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰোঁ। সীমান্তৰ কাষৰীয়া গাঁওসমূহক কংগ্ৰেছে “শেষ গাঁও” বুলি অভিহিত কৰিছিল, কিন্তু এনে গাঁওসমূহক আমি দেশৰ প্ৰথম গাঁও হিচাপে সন্মান কৰিবলৈ আৰম্ভ কৰিলোঁ। আজি এনে মনোভাৱৰ ফলাফল দেখা গৈছে। সীমান্তৱৰ্তী গাঁওসমূহত উন্নয়নৰ নতুন গতি প্ৰত্যক্ষ হৈছে। ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমৰ সফলতাই জনতাৰ জীৱন-যাত্ৰাক সহজ কৰি তুলিছে। অৰুণাচল প্ৰদেশৰো ৪৫০ খনৰো অধিক সীমান্তৱৰ্তী গাঁৱত দ্ৰুত অগ্ৰগতি প্ৰত্যক্ষ হৈছে। পথ, বিদ্যুৎ, ইন্টাৰনেটৰ সুবিধা এই অঞ্চলসমূহত উপনীত হৈছে। পূৰ্বে সীমান্ত গাঁৱৰ পৰা চহৰৰ ফালে ৰাইজে প্ৰব্ৰজন কৰিছিল যদিও এতিয়া এই সীমান্তৱৰ্তী গাঁওসমূহ পৰ্যটনৰ নতুন কেন্দ্ৰত পৰিণত হৈছে।

বন্ধুসকল,

পৰ্যটনৰ ক্ষেত্ৰত অৰুণাচলৰ অসীম সম্ভাৱনা আছে। নতুন অঞ্চললৈ সংযোগৰ সম্প্ৰসাৰণ অব্যাহত থকাৰ লগে-লগে ইয়াৰ পৰ্যটন ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মই আনন্দিত যে বিগত দশকত অৰুণাচল ভ্ৰমণলৈ অহা পৰ্যটকৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে। কিন্তু অৰুণাচলৰ সম্ভাৱনা প্ৰকৃতি আৰু সংস্কৃতি-ভিত্তিক পৰ্যটনৰো উৰ্ধত। আজি সমগ্ৰ বিশ্বতে কনফাৰেন্স আৰু কনচাৰ্ট পৰ্যটনৰ প্ৰৱণতা বৃদ্ধি পাইছে। সেইবাবেই টাৱাঙত স্থাপন হ’বলগীয়া আধুনিক কনভেনচন চেন্টাৰে অৰুণাচলৰ পৰ্যটন খণ্ডত এক নতুন মাত্ৰাৰ সংযোজন কৰিব। চৰকাৰৰ ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যসূচী আমাৰ সীমান্তৰ ওচৰত অৱস্থিত গাঁওসমূহৰ বাবে এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হৈছে আৰু ইয়াৰ দ্বাৰা অৰুণাচলৰ যথেষ্ট লাভ হ’ব।

বন্ধুসকল,

আজি অৰুণাচলৰ দ্রুত বিকাশ প্ৰত্যক্ষ হৈছে, কাৰণ দিল্লী আৰু ইটানগৰ উভয়তে বিজেপিৰ চৰকাৰ আছে। কেন্দ্ৰ আৰু ৰাজ্যৰ সংযুক্ত শক্তি উন্নয়নৰ বাবে উৎসৰ্গিত। উদাহৰণস্বৰূপে, ইয়াত কেন্সাৰ ইনষ্টিটিউটৰ কাম আৰম্ভ হৈছে, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, ইয়াত বহু লোকে আয়ুষ্মান আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসা লাভ কৰিছে। কেন্দ্ৰ আৰু ৰাজ্যত ডাবল ইঞ্জিনযুক্ত চৰকাৰৰ বাবেই এই সকলোবোৰ সম্ভৱ হৈছে।

বন্ধুসকল,

ডাবল ইঞ্জিনৰ চৰকাৰৰ প্ৰচেষ্টাত কৃষি আৰু উদ্যান শস্যতো অগ্ৰগতি লাভ কৰিছে অৰুণাচলে। ইয়াৰ কিৱি, কমলা, ইলাচি আৰু আনাৰস আদিয়ে অৰুণাচলক এক নতুন পৰিচয় প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী-কিষাণ সন্মান নিধিৰ পুঁজিও ইয়াৰ কৃষক ৰাইজৰ বাবে অতিশয় উপযোগী বুলি প্ৰমাণিত হৈছে।

 

বন্ধুসকল,

আমাৰ মাতৃ, ভগ্নী আৰু কন্যাসকলৰ সবলীকৰণ আমাৰ অন্যতম সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়। তিনি কোটি ‘লাখপতি দিদি’ গঢ়ি তোলাটো এক বৃহৎ মিছন আৰু এয়াই হৈছে মোদীৰ মিছন। মই আনন্দিত যে পেমা খাণ্ডু ডাঙৰীয়া আৰু তেওঁৰ টীমটোৱে এই অভিযানকো গতি প্ৰদান কৰিছে। ইয়াত কৰ্মৰত মহিলাসকলৰ বাবে হোষ্টেল নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ইয়াৰ ফলশ্ৰুতিত আমাৰ কন্যাসকলে যথেষ্ট সুবিধা লাভ কৰিব।

বন্ধুসকল,

আজি ইয়াত ভালেখিনি মাতৃ-ভগ্নী  সমবেত হোৱা দেখিবলৈ পাইছোঁ। আপোনালোক সকলোকে জিএছটি সঞ্চয় উৎসৱৰ বাবে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। পৰৱৰ্তী-প্ৰজন্মৰ জিএছটি সংস্কাৰে আপোনাসৱক সৰ্বাধিক লাভৱান কৰিব। এতিয়াৰে পৰা আপোনালোকৰ মাহিলী ঘৰুৱা বাজেটত সকাহ পাব। পাকঘৰৰ সামগ্ৰীয়েই হওঁক, শিশুৰ শিক্ষাৰ সামগ্ৰীয়েই হওঁক, কাপোৰ আৰু জোতা-চেণ্ডেলেই হওঁক, সকলো এতিয়া অধিক সুলভ হৈ পৰিছে।

বন্ধুসকল,

২০১৪-ৰ আগৰ দিনবোৰৰ কথা ভাবকচোন, কিমান অসুবিধা আছিল। মুদ্ৰাস্ফীতি আকাশলংঘী আছিল, সকলোতে ব্যাপক কেলেংকাৰি সংঘটিত হৈছিল, তেতিয়াৰ কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰি থাকিছিল। সেই সময়ত কোনোবাই বছৰত মাত্ৰ দুই লাখ টকা উপাৰ্জন কৰিলেও আয়কৰ দিব লগীয়া হৈছিল। এয়া ১১ বছৰ আগৰ কথা। দুই লাখ টকা আয়তো কৰ আৰোপ কৰা হৈছিল। আৰু বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কংগ্ৰেছ চৰকাৰে ৩০ শতাংশৰো অধিক কৰ আৰোপ কৰিছিল। আনকি শিশুৰ টফিতো ইমান কৰ আৰোপ কৰা হৈছিল।

বন্ধুসকল,

সেই সময়ত মই আপোনাসৱক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ যে মই আপোনালোকৰ আয় আৰু আপোনালোকৰ সঞ্চয় উভয়কে বৃদ্ধিৰ বাবে কাম কৰিম। বছৰ-বছৰ ধৰি দেশখন একাধিক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু আমি ধাৰাবাহিকভাৱে আয়কৰ হ্ৰাস কৰিলোঁ। এবাৰ ভাবি চাওঁকচোন, পূৰ্বে অৰ্থাৎ ১১ বছৰ আগতে দুই লাখ টকা আয়ত কৰ আৰোপ কৰা হৈছিল। এইবাৰ আমি ১২ লাখ টকা পৰ্য্যন্ত বাৰ্ষিক আয়ক সম্পূৰ্ণ কৰমুক্ত ঘোষণা কৰিছোঁ। আৰু আজিৰ পৰা জিএছটিক সৰলীকৰণেৰে মাত্ৰ দুটা স্লেব অৰ্থাৎ ৫ শতাংশ আৰু ১৮ শতাংশত সীমাবদ্ধ কৰা হৈছে। একাধিক সামগ্ৰী সম্পূৰ্ণ কৰমুক্ত হৈ পৰিছে আৰু আন-আন সামগ্ৰীৰ ক্ষেত্ৰত আৰোপিত কৰ বহু পৰিমাণে হ্ৰাস কৰা হৈছে। নতুন ঘৰ সাজিব বিচাৰিলেও, স্কুটাৰ বা বাইক কিনিব বিচাৰিলেও, বাহিৰত খাদ্য গ্ৰহণ কৰিব বিচাৰিলেও, ভ্ৰমণ কৰিব বিচাৰিলেও সকলো এতিয়া অধিক সুলভ হৈ পৰিছে। এই জিএছটি সঞ্চয় উৎসৱ আপোনালোকৰ বাবে সঁচাকৈয়ে স্মৰণীয় হৈ পৰিব।

 

বন্ধুসকল,

আজি ইয়াত ভালেখিনি মাতৃ-ভগ্নী  সমবেত হোৱা দেখিবলৈ পাইছোঁ। আপোনালোক সকলোকে জিএছটি সঞ্চয় উৎসৱৰ বাবে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। পৰৱৰ্তী-প্ৰজন্মৰ জিএছটি সংস্কাৰে আপোনাসৱক সৰ্বাধিক লাভৱান কৰিব। এতিয়াৰে পৰা আপোনালোকৰ মাহিলী ঘৰুৱা বাজেটত সকাহ পাব। পাকঘৰৰ সামগ্ৰীয়েই হওঁক, শিশুৰ শিক্ষাৰ সামগ্ৰীয়েই হওঁক, কাপোৰ আৰু জোতা-চেণ্ডেলেই হওঁক, সকলো এতিয়া অধিক সুলভ হৈ পৰিছে।

বন্ধুসকল,

২০১৪-ৰ আগৰ দিনবোৰৰ কথা ভাবকচোন, কিমান অসুবিধা আছিল। মুদ্ৰাস্ফীতি আকাশলংঘী আছিল, সকলোতে ব্যাপক কেলেংকাৰি সংঘটিত হৈছিল, তেতিয়াৰ কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰি থাকিছিল। সেই সময়ত কোনোবাই বছৰত মাত্ৰ দুই লাখ টকা উপাৰ্জন কৰিলেও আয়কৰ দিব লগীয়া হৈছিল। এয়া ১১ বছৰ আগৰ কথা। দুই লাখ টকা আয়তো কৰ আৰোপ কৰা হৈছিল। আৰু বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কংগ্ৰেছ চৰকাৰে ৩০ শতাংশৰো অধিক কৰ আৰোপ কৰিছিল। আনকি শিশুৰ টফিতো ইমান কৰ আৰোপ কৰা হৈছিল।

বন্ধুসকল,

সেই সময়ত মই আপোনাসৱক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ যে মই আপোনালোকৰ আয় আৰু আপোনালোকৰ সঞ্চয় উভয়কে বৃদ্ধিৰ বাবে কাম কৰিম। বছৰ-বছৰ ধৰি দেশখন একাধিক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু আমি ধাৰাবাহিকভাৱে আয়কৰ হ্ৰাস কৰিলোঁ। এবাৰ ভাবি চাওঁকচোন, পূৰ্বে অৰ্থাৎ ১১ বছৰ আগতে দুই লাখ টকা আয়ত কৰ আৰোপ কৰা হৈছিল। এইবাৰ আমি ১২ লাখ টকা পৰ্য্যন্ত বাৰ্ষিক আয়ক সম্পূৰ্ণ কৰমুক্ত ঘোষণা কৰিছোঁ। আৰু আজিৰ পৰা জিএছটিক সৰলীকৰণেৰে মাত্ৰ দুটা স্লেব অৰ্থাৎ ৫ শতাংশ আৰু ১৮ শতাংশত সীমাবদ্ধ কৰা হৈছে। একাধিক সামগ্ৰী সম্পূৰ্ণ কৰমুক্ত হৈ পৰিছে আৰু আন-আন সামগ্ৰীৰ ক্ষেত্ৰত আৰোপিত কৰ বহু পৰিমাণে হ্ৰাস কৰা হৈছে। নতুন ঘৰ সাজিব বিচাৰিলেও, স্কুটাৰ বা বাইক কিনিব বিচাৰিলেও, বাহিৰত খাদ্য গ্ৰহণ কৰিব বিচাৰিলেও, ভ্ৰমণ কৰিব বিচাৰিলেও সকলো এতিয়া অধিক সুলভ হৈ পৰিছে। এই জিএছটি সঞ্চয় উৎসৱ আপোনালোকৰ বাবে সঁচাকৈয়ে স্মৰণীয় হৈ পৰিব।

 

বন্ধুসকল,

সেই সময়ত মই আপোনাসৱক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ যে মই আপোনালোকৰ আয় আৰু আপোনালোকৰ সঞ্চয় উভয়কে বৃদ্ধিৰ বাবে কাম কৰিম। বছৰ-বছৰ ধৰি দেশখন একাধিক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু আমি ধাৰাবাহিকভাৱে আয়কৰ হ্ৰাস কৰিলোঁ। এবাৰ ভাবি চাওঁকচোন, পূৰ্বে অৰ্থাৎ ১১ বছৰ আগতে দুই লাখ টকা আয়ত কৰ আৰোপ কৰা হৈছিল। এইবাৰ আমি ১২ লাখ টকা পৰ্য্যন্ত বাৰ্ষিক আয়ক সম্পূৰ্ণ কৰমুক্ত ঘোষণা কৰিছোঁ। আৰু আজিৰ পৰা জিএছটিক সৰলীকৰণেৰে মাত্ৰ দুটা স্লেব অৰ্থাৎ ৫ শতাংশ আৰু ১৮ শতাংশত সীমাবদ্ধ কৰা হৈছে। একাধিক সামগ্ৰী সম্পূৰ্ণ কৰমুক্ত হৈ পৰিছে আৰু আন-আন সামগ্ৰীৰ ক্ষেত্ৰত আৰোপিত কৰ বহু পৰিমাণে হ্ৰাস কৰা হৈছে। নতুন ঘৰ সাজিব বিচাৰিলেও, স্কুটাৰ বা বাইক কিনিব বিচাৰিলেও, বাহিৰত খাদ্য গ্ৰহণ কৰিব বিচাৰিলেও, ভ্ৰমণ কৰিব বিচাৰিলেও সকলো এতিয়া অধিক সুলভ হৈ পৰিছে। এই জিএছটি সঞ্চয় উৎসৱ আপোনালোকৰ বাবে সঁচাকৈয়ে স্মৰণীয় হৈ পৰিব।

 

বন্ধুসকল,

“নমস্কাৰ” জনোৱাৰ পূৰ্বে আপোনালোকে “জয় হিন্দ” বুলি কোৱা এই বিশেষ গুণটোৰ বাবে মই অৰুণাচল প্ৰদেশক সদায় প্ৰশংসা কৰোঁ। আপোনালোকে ৰাষ্ট্ৰখনক আগত ৰাখিছে। আজি আমি সকলোৱে মিলি এখনি ‘বিকশিত ভাৰত’ (উন্নত ভাৰত) গঢ়ি তোলাৰ প্ৰয়াস গ্ৰহণৰ সময়ত দেশে আমাৰ পৰা এটা আশাও কৰিছে। আৰু এই আশাই হৈছে ‘আত্মনিৰ্ভৰতা’। ভাৰত আত্ম-নিৰ্ভৰ হ’লেহে ভাৰত বিকশিত হ’ব। আৰু ভাৰতৰ আত্মনিৰ্ভৰতাৰ বাবে স্বদেশীৰ মন্ত্ৰ অপৰিহাৰ্য্য। সময়ৰ দাবী, ৰাষ্ট্ৰৰ দাবী এয়ে যে আমি যেন স্বদেশী সা-সামগ্ৰীহে গ্ৰহণ কৰোঁ। দেশত নিৰ্মিত সামগ্ৰীহে কিনিব লাগে, দেশত নিৰ্মিত সামগ্ৰীহে বিক্ৰী কৰিব লাগে। আপোনালোক সকলোৱে মোৰ সৈতে ক’ব নে? মই ক’ম, “গৌৰৱেৰে কওঁক।” তেতিয়া আপোনালোকে ক’ব, “এয়া স্বদেশী।” গৌৰৱেৰে কওঁক— এয়া স্বদেশী! গৌৰৱেৰে কওঁক— এয়া স্বদেশী! গৌৰৱেৰে কওঁক— এয়া স্বদেশী! এই মন্ত্ৰ অনুসৰণ কৰিলেই ৰাষ্ট্ৰখন আগবাঢ়িব আৰু অৰুণাচল তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত হ’ব। পুনৰবাৰ এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি কেৱল নৱৰাত্ৰিৰ শুভ উৎসৱেই নহয়, বৰঞ্চ সঞ্চয় মহোৎসৱো। আৰু আপোনালোক সকলো এই বিশাল উদযাপনৰ অংশ। সেয়েহে আপোনালোক সকলোকে এটা অনুৰোধ জনাব খুজিছোঁ। অনুগ্ৰহ কৰি আপোনাসৱৰ ম’বাইল ফোনটো উলিয়াই টৰ্চ অন কৰে যেন। চাৰিওফালে চাওঁকচোনঃ এয়াই হৈছে সঞ্চয় উৎসৱৰ দৃশ্য; এয়াই ইয়াৰ শক্তি। নৱৰাত্ৰিৰ এই প্ৰথম দিনটোত সকলোতে পোহৰ দেখা গৈছে আৰু অৰুণাচলৰ এই পোহৰ সমগ্ৰ ৰাষ্ট্ৰতে বিয়পি পৰিছে। আপোনালোকৰ চাৰিওফালে চাওঁকচোন। এয়া জিলিকি থকা তৰাৰ দৰে। আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates successful candidates of Civil Services Examination, 2025
March 06, 2026

The Prime Minister, Shri Narendra Modi has congratulated all those who have successfully cleared the Civil Services Examination, 2025. He said that their dedication, perseverance and hard work have enabled them to achieve this significant milestone.

The Prime Minister noted that clearing the Civil Services Examination marks the beginning of an important journey of public service. He wished the successful candidates the very best as they embark on the path of serving the nation and fulfilling the aspirations of the people.

The Prime Minister also conveyed his message to those who may not have secured the desired outcome in the examination. He acknowledged that such moments can be difficult, but emphasised that this is only one step in a larger journey.

Highlighting that many opportunities lie ahead, both in future examinations and in the many avenues through in which individuals can contribute to the nation, the Prime Minister extended his best wishes to them for the road ahead.

The Prime Minister wrote on X;

“Congratulations to all those who have successfully cleared the Civil Services Examination, 2025. Their dedication, perseverance and hard work have led to this significant milestone.

Wishing them the very best as they embark on a journey of serving the nation and fulfilling the aspirations of the people.”

“To those who may not have secured the desired outcome in the Civil Services Examination, I understand that such moments can be difficult. However, this is only one step in a larger journey. Many opportunities lie ahead, both in future examinations and in the many avenues through which you can contribute to our nation. My best wishes for the road ahead.”