“সফল ক্ৰীড়াবিদসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰে আৰু নিজৰ পথৰ প্ৰতিটো বাধা অতিক্ৰম কৰে”
“খেল মহাকুম্ভৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি সাংসদসকলে নতুন প্ৰজন্মৰ ভৱিষ্যত গঢ় দিছে”
“স্থানীয় প্ৰতিভাক স্কাউটিং আৰু উলিয়াই অনাৰ ক্ষেত্ৰত সাংসদ খেল মহাকুম্ভই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে”
“সমাজত ক্ৰীড়াই উপযুক্ত সন্মান লাভ কৰিছে”
“টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ অধীনত প্ৰায় ৫০০ অলিম্পিকৰ সম্ভাৱনাক বিকশিত কৰা হৈছে”
“স্থানীয় পৰ্যায়তো ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুবিধা প্ৰদানৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে”
“যোগৰ দ্বাৰা আপোনাৰ শৰীৰটো সুস্থ হোৱাৰ লগতে আপোনাৰ মনো জাগ্ৰত হ’ব”

সকলোকে নমস্কাৰ জনাইছো,

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সতীৰ্থ, আমাৰ ডেকা বন্ধু ভাই হৰিশ দ্বিবেদী জী, বিভিন্ন ক্ৰীড়াৰ খেলুৱৈ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আন সকলো জনপ্ৰতিনিধি, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, যুৱক-যুৱতী আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

এইখন আমাৰ বস্তী, যি মহৰ্ষি বশিষ্ঠৰ পবিত্ৰ ভূমি; শ্ৰম আৰু ধ্যান, তপস্যা আৰু ত্যাগৰ ভূমি। আৰু, এজন খেলুৱৈৰ বাবে তেওঁৰ খেলখনো আধ্যাত্মিক অনুশীলন, তপস্যাৰ দৰে। আৰু এজন সফল খেলুৱৈৰ লক্ষ্যও অতিশয় সঠিক আৰু তাৰ পিছত তেওঁ ইটোৰ পিছত সিটো নতুন পৰ্য্যায়ত জয়লাভেৰে আগবাঢ়ি যায়। আমাৰ সাংসদ ভ্ৰাতৃ হৰিশ দ্বিবেদীৰ কঠোৰ পৰিশ্ৰমৰ বিনিময়ত বস্তীত ইমান বিশাল খেল মহাকুম্ভৰ আয়োজন হোৱাত মই সন্তোষ পাইছো। এই খেল মহাকুম্ভই পৰম্পৰাগতভাৱে ভাৰতীয় ক্ৰীড়াৰ প্ৰতি সুপৰিচিত স্থানীয় ক্ৰীড়াবিদসকলক এক নতুন সুযোগ প্ৰদান কৰিব। মই জানিব পাৰিছো যে ভাৰতৰ প্ৰায় ২০০ জন সাংসদে নিজ-নিজ স্থানত একেধৰণৰ সাংসদ ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰিছে য’ত হাজাৰ-হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে। ময়ো কাশীৰ সাংসদ। গতিকে মোৰ সংসদীয় সমষ্টি কাশীত এনে এক ধাৰাবাহিক ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। বহু ঠাইত এনে খেল মহাকুম্ভৰ আয়োজন আৰু সাংসদ ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজনেৰে নতুন প্ৰজন্মসমূহৰ ভৱিষ্যৎ গঢ় দিবলৈ সকলো সাংসদে কাম কৰি আছে। সংসাদ খেল মহাকুম্ভত উন্নত প্ৰদৰ্শন কৰা যুৱ ক্ৰীড়াবিদসকলক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহত উন্নত প্ৰশিক্ষণৰ বাবেও বাছনি কৰা হৈছে। ইয়াৰদ্বাৰা দেশখনৰ যুৱ শক্তি বহুলাংশে লাভান্বিত হ’ব। এই মহাকুম্ভতে ৪০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে। আৰু মোক কোৱা হৈছে যে যোৱা বছৰৰ তুলনাত এই সংখ্যা তিনিগুণ বেছি। আপোনালোক সকলোকে, মোৰ যুৱ বন্ধু-বান্ধৱীসকলক, এই ক্ৰীড়াৰ বাবে শুভকামনা জনাইছো। এতিয়া খো-খো চাবলৈ সুযোগ পালো। আমাৰ যুৱতীসকলে যি সপ্ৰতিভতাৰে দলৰ সৈতে আৰু সম্পূৰ্ণ দলীয় মনোভাৱেৰে খেলিছে, সেয়া অনন্য। সঁচাকৈয়ে খেলখন চাই বৰ ভাল লাগিল। মোৰ হাত চাপৰি শুনা পাইছে নে নাই নাজানো। কিন্তু এই সকলো কন্যাকে অভিনন্দন জনাইছো। তেওঁলোকে মোক খো-খো খেল উপভোগৰ সুযোগ প্ৰদান কৰিলে।

সতীৰ্থসকল,

সাংসদ খেল মহাকুম্ভৰ আন এক বিশেষ বৈশিষ্ট আছে। আমাৰ বহু সংখ্যক কন্যাই ইয়াত অংশগ্ৰহণ কৰিছে। আৰু মোৰ বিশ্বাস যে বস্তী, পূৰ্বাঞ্চল, উত্তৰ প্ৰদেশ আৰু দেশখনৰ কন্যাসকলে এনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। মাত্ৰ কেইদিনমান পূৰ্বে আমি দেখিলো যে আমাৰ দেশৰ অধিনায়ক শ্বেফালী বাৰ্মাই মহিলাৰ ১৯ বছৰ অনূৰ্ধ টি-২০ বিশ্বকাপত উন্নত প্ৰদৰ্শন কৰিছিল। কন্যা শ্বেফালীয়ে একেৰাহে পাঁচটা বলত পাঁচটা চাৰিৰে অ’ভাৰৰ শেষৰ বলটো ছয় মাৰি এক অ’ভাৰতে ২৬ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ চুকে-কোণেও এনে বহু প্ৰতিভা আছে। এই ক্ৰীড়া প্ৰতিভাসমূহক বিচাৰি উলিওৱা আৰু গ্ৰুমিং কৰাত এই সাংসদ খেল মহাকুম্ভৰ এক বৃহৎ ভূমিকা আছে।

সতীৰ্থসকল,

এটা সময়ত খেলা-ধূলাক পাঠ্যক্ৰমৰ বাহিৰৰ কাম হিচাপে গণ্য কৰা হৈছিল। অৰ্থাৎ পঢ়া-শুনাৰ বাহিৰে ইয়াক কেৱল সময় অতিবাহিত কৰাৰ মাধ্যম বুলি গণ্য কৰা হৈছিল। ল’ৰা-ছোৱালীক একে কথাই কোৱা আৰু একে কথাই শিকোৱা হৈছিল। ইয়াৰ বাবেই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সমাজত এনে এক মানসিকতা গঢ় লৈ উঠিছে যে ক্ৰীড়া ইমান গুৰুত্বপূৰ্ণ নহয়, ই জীৱন আৰু ভৱিষ্যতৰ অংগ নহয়। এই মানসিকতাই দেশখনৰ বহু লোকচান কৰে।

কিমান সক্ষম যুৱক-যুৱতী, কিমান প্ৰতিভা যে খেলপথাৰৰপৰা আঁতৰি থাকিল। যোৱা ৮-৯ বছৰত এই পুৰণি চিন্তাধাৰাৰ পৰিৱৰ্তে দেশখনে ক্ৰীড়াৰ বাবে এক উন্নত পৰিবেশ গঢ়ি তোলাৰ অৰ্থে কাম কৰি আহিছে। সেইবাবেই এতিয়া অধিক শিশু আৰু আমাৰ যুৱক-যুৱতীসকলে ক্ৰীড়াক কেৰিয়াৰৰ বিকল্প হিচাপে গ্ৰহণ কৰিছে। ফিটনেছৰপৰা স্বাস্থ্যলৈকে, দলীয় বন্ধনৰপৰা আৰম্ভ কৰি মানসিক চাপৰপৰা উপশম লাভৰ উপায়লৈকে, পেছাদাৰী সফলতাৰপৰা ব্যক্তিগত উন্নতিলৈকে মানুহে ক্ৰীড়াৰ বিভিন্ন সুবিধা দেখিবলৈ পাইছে। আৰু এতিয়া অভিভাৱকসকলেও খেলক গুৰুত্বসহকাৰে লোৱাটো সুখৰ কথা। এই পৰিৱৰ্তন আমাৰ সমাজৰ লগতে ক্ৰীড়াৰ বাবেও মংগলজনক। ক্ৰীড়াই এতিয়া সামাজিক প্ৰতিপত্তি লাভ কৰিবলৈ সক্ষম হৈছে।

আৰু সতীৰ্থসকল,

ৰাইজৰ চিন্তাধাৰাৰ এই পৰিৱৰ্তনৰ প্ৰত্যক্ষ লাভ ক্ৰীড়াৰ ক্ষেত্ৰত দেশখনৰ কৃতিত্বত দেখা যায়। আজি ভাৰতে অহৰহ নতুন অভিলেখ ৰচনা কৰি আছে। অলিম্পিকত আমি এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিলো। পেৰা অলিম্পিকত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা হৈছে। বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ প্ৰদৰ্শন এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। আৰু বন্ধুসকল, মোৰ ডেকা বন্ধুসকল, এয়া মাত্ৰ আৰম্ভণিহে। আমাৰ যাত্ৰা দীঘলীয়া, নতুন লক্ষ্যত উপনীত হ’ব লাগিব, বহু নতুন অভিলেখ সৃষ্টি কৰিবলৈ বাকী আছে।

সতীৰ্থসকল,

ক্ৰীড়া এক দক্ষতা আৰু ই এক স্বভাৱো। ক্ৰীড়া এক প্ৰতিভা আৰু ই এক দৃঢ়তাও। ক্ৰীড়াৰ বিকাশত প্ৰশিক্ষণৰ নিজস্ব গুৰুত্ব আছে আৰু ক্ৰীড়া প্ৰতিযোগিতাসমূহ অবিৰতভাৱে অনুষ্ঠিত হৈ থকাটোও প্ৰয়োজনীয়। ইয়াৰ ফলত খেলুৱৈসকলে নিজৰ প্ৰতিভা অবিৰতভাৱে পৰীক্ষা কৰাৰ সুযোগ পায়। বিভিন্ন স্তৰত, বিভিন্ন অঞ্চলত ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিতকৰণে খেলুৱৈসকলক বহু সহায় কৰে। ইয়াৰ লগে-লগে খেলুৱৈসকলে কেৱল নিজৰ সম্ভাৱনা সম্পৰ্কে জানিব পৰাই নহয়, বৰঞ্চ নিজ-নিজ কৌশল বিকশিত কৰিবলৈয়ো সক্ষম হয়। খেলুৱৈসকলৰ প্ৰশিক্ষকসকলেও জানে যে তেওঁ যি শিষ্যক শিকাইছে, ক’ত অগ্ৰগতিৰ প্ৰয়োজন আছে, ক’ত সন্মুখৰ খেলুৱৈজনে তেওঁক বাধা দিছে, তেওঁৰ কি-কি অভাৱ বাকী আছে। সেইবাবেই সাংসদ মহাকুম্ভৰপৰা ৰাষ্ট্ৰীয় ক্ৰীড়ালৈকে খেলুৱৈসকলক সৰ্বাধিক সুযোগ প্ৰদান কৰা হৈছে। সেইবাবেই আজি দেশখনত অধিক সংখ্যক যুৱ ক্ৰীড়া, বিশ্ববিদ্যালয় ক্ৰীড়া, শীতকালীন ক্ৰীড়া অব্যাহত আছে। প্ৰতি বছৰে হাজাৰ-হাজাৰ খেলুৱৈয়ে এই খেলসমূহত অংশগ্ৰহণ কৰি আছে। খেল’ ইণ্ডিয়া অভিযানৰ অধীনত আমাৰ চৰকাৰে খেলুৱৈসকলক আৰ্থিক সাহায্যও আগবঢ়াইছে। বৰ্তমান দেশত ২৫০০ ৰোধিক খেলুৱৈক খেল’ ইণ্ডিয়া অভিযানৰ অধীনত প্ৰতিমাহে ৫০ হাজাৰৰো অধিক টকা প্ৰদান কৰি অহা হৈছে। আমাৰ চৰকাৰৰ টাৰ্গেট অলিম্পিক প'ডিয়াম আঁচনি (TOPS) ৰ জৰিয়তে অলিম্পিক অভিমুখী ক্ৰীড়াবিদসকলক সহায় কৰিছে। এই আঁচনিৰ অধীনতো প্ৰতিমাহে প্ৰায় ৫০০ খেলুৱৈক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ একাংশ খেলুৱৈৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে তেওঁলোকক ২.৫ কোটিৰপৰা ৭ কোটি টকালৈকে সহায় কৰিছে।

সতীৰ্থসকল,

আজিৰ নৱ্য ভাৰতে ক্ৰীড়া খণ্ডটোৱে সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বান সমাধানৰো চেষ্টা চলাইছে। আমাৰ খেলুৱৈসকলে যাতে পৰ্য্যাপ্ত সম্পদ, প্ৰশিক্ষণ, কাৰিকৰী জ্ঞান, আন্তঃৰাষ্ট্ৰীয় মঞ্চ লাভ কৰে আৰু তেওঁলোকক বাছনিৰ ক্ষেত্ৰত স্বচ্ছতা প্ৰকাশ পাই, সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে। আজি বস্তী আৰু আন-আন জিলাত ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে, ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে, প্ৰশিক্ষকৰ ব্যৱস্থা কৰা হৈছে। দেশজুৰি এক হাজাৰৰো অধিক খেল’ ইণ্ডিয়াৰ জিলা কেন্দ্ৰও স্থাপন কৰা হৈছে। মই সুখী যে ইয়াৰে ৭৫০ টাৰো অধিক কেন্দ্ৰ সম্পূৰ্ণ হৈ উঠিছে। সমগ্ৰ দেশৰ সকলো খেলপথাৰৰ জিঅ’-টেগিঙৰ ব্যৱস্থা কৰা হৈছে যাতে খেলুৱৈসকলে প্ৰশিক্ষণ গ্ৰহণৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহয়।

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে মণিপুৰত এখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ লগতে উত্তৰ প্ৰদেশৰ মিৰাটতো এখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম অব্যাহত আছে। আৰু মই জানিব পাৰিছো যে উত্তৰ প্ৰদেশতো বহু নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। ক্ৰীড়াক প্ৰোৎসাহিতকৰণৰ বাবে উত্তৰ প্ৰদেশৰ বহু জিলাত ক্ৰীড়া হোষ্টেলো খোলা হৈছে। স্থানীয় পৰ্য্যায়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সা-সুবিধা প্ৰদানৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। অৰ্থাৎ, মোৰ ডেকা বন্ধুসকল, তোমালোকৰ ওচৰত অপৰিসীম সুযোগ আছে। তোমালোকে এতিয়া জয়ৰ ধ্বজা উৰুৱাব লাগিব। দেশখনৰ নামে উজ্জ্বল কৰিব লাগিব।

সতীৰ্থসকল,

প্ৰতিজন ক্ৰীড়াবিদে জানে, ফিট হৈ থকাটো অতিশয় গুৰুত্বপূৰ্ণ আৰু এই ক্ষেত্ৰত ফিট ইণ্ডিয়া আন্দোলনে এক বিশেষ ভূমিকা পালন কৰিছে। ফিটনেছৰ ক্ষেত্ৰত আপোনালোক সকলোৱে আৰু এটা কাম কৰিব পাৰে। যোগাসনক আপোনালোকৰ জীৱন-যাত্ৰাত অন্তৰ্ভুক্ত কৰিব পাৰে। যোগাসনৰদ্বাৰা আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব আৰু আপোনালোকৰ মনটোও প্ৰফ্ফুলিত হৈ থাকিব। ইয়াৰ উপযোগিতা আপোনালোকৰ খেলতো প্ৰত্যক্ষ কৰিব। একেদৰে প্ৰতিজন খেলুৱৈৰ বাবে পুষ্টিকৰ খাদ্যও সমানেই গুৰুত্বপূৰ্ণ। আমাৰ বাজৰা সাধাৰণতে আমাৰ গাঁৱৰ প্ৰতিঘৰ গৃহস্থীতে খোৱা হয়, এই বাজৰাই খাদ্য তালিকাত এক বৃহৎ ভূমিকা পালন কৰিব পাৰে। আপোনালোকৰ অৱগত যে ভাৰতৰ উদ্যোগত ২০২৩ ক আন্তৰ্জাতিক বাজৰা বৰ্ষ হিচাপে পালন কৰা হৈছে। আপোনালোকে আপোনালোকৰ ডায়েট চাৰ্টত বাজৰাক অন্তৰ্ভুক্ত কৰা মাত্ৰেকে ই আপোনালোকক উন্নত স্বাস্থ্যতো সহায় কৰিব।

সতীৰ্থসকল,

মই নিশ্চিত যে আমাৰ সকলো যুৱক-যুৱতীয়ে ইয়াত ক্ৰীড়াৰ লগতে জীৱন সম্পৰ্কে বহুখিনি শিকিব আৰু আপোনালোকৰ এই শক্তি ক্ৰীড়াক্ষেত্ৰৰপৰা বিস্তাৰিত হৈ দেশখনৰ শক্তি হৈ পৰিব। হৰিশ জীক অভিনন্দন জনাইছো। অতিশয় আগ্ৰহেৰে তেওঁ এই কামৰ আঁৰত জড়িত হৈ আছে।

আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনালো। অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian coffee exports reach 140 countries in FY2025–26

Media Coverage

Indian coffee exports reach 140 countries in FY2025–26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥