যোৱা ১১বছৰত আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অভূতপূৰ্ব গতিত কাম কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
দেশখনে আধুনিকীকৰণ কৰা ৰে’লৱে ষ্টেচনসমূহক অমৃত ভাৰত ষ্টেচন হিচাপে নাম দিছে, আজি এই অমৃত ভাৰত ষ্টেচনসমূহৰ ভিতৰত ১০০ৰো অধিক সাজু হৈছেঃ প্ৰধানমন্ত্ৰী
আমি একে সময়তে জলসিঞ্চন প্ৰকল্প আৰু নদী সংযোগ সম্পূৰ্ণ কৰি আছোঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে তিনিওটা সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা দিছিল, তিনিওটা বাহিনীয়ে একেলগে এনে এটা 'চক্ৰবেহু' সৃষ্টি কৰিছিল যে পাকিস্তান নতশিৰ হ' বলৈ বাধ্য হৈছিলঃ প্ৰধানমন্ত্ৰী
বিশ্ব আৰু দেশৰ শত্ৰুসকলে দেখিছে যে যেতিয়া 'সেন্দুৰ' ' বাৰুদ' লৈ পৰিণত হয় তেতিয়া কি হয়ঃ প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ মোকাবিলাৰ বাবে তিনিটা নীতি নিৰ্ধাৰণ কৰিছেঃ প্ৰধানমন্ত্ৰী
এতিয়া ভাৰতে স্পষ্ট কৰি দিছে, পাকিস্তানে প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে বৃহৎ মূল্য দিব লাগিব, আৰু এই মূল্য পাকিস্তানৰ সেনাবাহিনী, পাকিস্তানৰ অৰ্থনীতিয়ে দিব লাগিবঃ প্ৰধানমন্ত্ৰী
এই পৰিৱৰ্তনমূলক পদক্ষেপৰ বাবে তেওঁ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

থানে সগলাঁ নে ৰাম-ৰাম!,

ৰাজস্থানৰ ৰাজ্যপাল হৰিভাউ বাগড়ে জী, এইখন ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ভজন লাল জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভগ্নী বসুন্ধৰা ৰাজে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দীয়া কুমাৰী জী, প্ৰেম চান্দ জী, ৰাজস্থান চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী মদন ৰাথোৰ জী, অন্যান্য সাংসদ-বিধায়ক, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

আপোনালোক সকলোৱে ইমান বৃহৎ সংখ্যাত, আৰু ইমান গৰমকো নেওচি ইয়ালৈ আহিছে। আৰু আজি এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লাখ লাখ লোকো আমাৰ সৈতে অনলাইন যোগে সংযোজিত হৈছে। আজি আমাৰ লগত আছে বহু ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, উপ-ৰাজ্যপাল আৰু অন্যান্য জনপ্ৰতিনিধিসকল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা সকলো গণ্যমান্য ব্যক্তি আৰু জনসাধাৰণক অভিনন্দন জনাইছোঁ।

 

ভাই-ভনীসকল,

কৰ্ণী মাতাৰ আশীৰ্বাদ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কৰ্ণী মাতাৰ আশীৰ্বাদত উন্নত ভাৰত গঢ়াৰ আমাৰ সংকল্প অধিক শক্তিশালী হৈ আহিছে। কিছু সময়ৰ আগতে ইয়াত ২৬ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু বহুকেইটা প্ৰকল্প উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহৰ বাবে দেশবাসী আৰু ৰাজস্থানৰ মোৰ ভাই-ভনীসকলক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

ভাৰতক উন্নত কৰাৰ স্বাৰ্থত দেশত আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এক বিশাল মহাযজ্ঞ চলি আছে। আমাৰ বাট-পথ আধুনিক, আমাৰ বিমানবন্দৰ আধুনিক, আমাৰ ৰেল আৰু ৰেল ষ্টেশ্যনসমূহ আধুনিক কৰিবলৈ যোৱা ১১টা বছৰত অভূতপূৰ্ব গতিত কাম কৰা হৈছে। আপোনালোকে কল্পনা কৰিব পাৰে, আজি দেশে এই আন্তঃগাঁথনিৰ কামবোৰত আগৰ তুলনাত ৬ গুণ বেছি টকা খৰচ কৰিছে, ৬ গুণ বেছি। আজি বিশ্বইয়ো এই উন্নয়নমূলক কামবোৰ ভাৰতত সম্পাদিত হৈ থকা দেখি আচৰিত হৈছে। উত্তৰ দিশলৈ গ’লে ‘চেনাব দলঙ’ৰ দৰে নিৰ্মাণ কাৰ্য দেখি মানুহে আচৰিত হয়। যদি আপোনালোক পূব দিশলৈ যায় তেন্তে অৰুণাচলৰ ‘চেলা সুৰংগ’ আৰু অসমৰ ‘বগীবিল দলঙে’ আপোনালোকক আদৰণি জনাব। পশ্চিম ভাৰতলৈ আহিলে দেখা পাব মুম্বাইত সাগৰৰ ওপৰেৰে নিৰ্মিত ‘অটল সেতু’। সুদূৰ দক্ষিণ দিশলৈ চালে ‘পাম্বন দলং’ দেখা পাব, যিখন হৈছে দেশৰ ভিতৰতে এই ধৰণৰ প্ৰথমখন দলং।

বন্ধুসকল,

আজি ভাৰতেও নিজৰ ৰে’ল নেটৱৰ্ক-ৰ আধুনিকীকৰণ কৰিছে। বন্দে ভাৰত ৰে’ল, অমৃত ভাৰত ৰে’ল, নমো ভাৰত ৰে’ল আদিয়ে দেশৰ নতুন গতি আৰু নতুন প্ৰগতিৰ প্ৰতিফলন ঘটাইছে। বৰ্তমান দেশৰ প্ৰায় ৭০টা পথত বন্দে ভাৰত ৰে’ল চলি আছে। ইয়াৰ ফলত সুদূৰৰ অঞ্চলসমূহলৈকো আধুনিক ৰে’লপথ সম্প্ৰসাৰিত হৈছে। বিগত ১১টা বছৰত দলঙৰ ওপৰেৰে আৰু দলঙৰ তলেৰে শ শ পথ পথ নিৰ্মাণ কৰা হৈছে। চৌত্ৰিশ হাজাৰ কিলোমিটাৰতকৈয়ো অধিক নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে। এতিয়া ব্ৰড গজৰ ৰে’লপথত ‘মানৱবিহীন ক্ৰছিং’ ইতিহাসত পৰিণত হৈছে, সেইবোৰৰ অন্ত পৰিছে। আমি মালবাহী ৰেলৰ বাবে পৃথক বিশেষ ট্ৰেক, ‘ডেডিকেটেড ফ্ৰেইট কৰিডৰ’ৰ কামো দ্ৰুতগতিত সম্পূৰ্ণ কৰি আছোঁ। দেশৰ প্ৰথমটো ‘বুলেট ট্ৰেইন প্ৰকল্প’ৰ কাম চলি আছে। আৰু এই সকলোবোৰৰ সমান্তৰালকৈ আমি একেসময়তে দেশৰ ১৩০০ৰো অধিক ৰে’ল ষ্টেশ্যনৰো আধুনিকীকৰণৰ কাম কৰি আছো।

 

বন্ধুসকল,

এই আধুনিকীকৰণৰ দিহা কৰা ৰেল ষ্টেশ্যনসমূহক দেশে ‘অমৃত ভাৰত ষ্টেশ্যন’ বুলি অভিহিত কৰিছে। আজি এই ‘অমৃত ভাৰত ষ্টেশ্যন’সমূহৰ ১০০ৰো অধিকৰ কাম সম্পূৰ্ণ হৈছে। আগতে এই ৰে’ল ষ্টেশ্যনবোৰৰ অৱস্থা কেনে আছিল, আৰু এতিয়া সেইসমূহৰ ছবি কেনেকৈ সলনি হৈছে সেয়া ছ’চিয়েল মিডিয়াত মানুহে দেখিবলৈ পাইছে।

বন্ধুসকল,

উন্নয়নৰ লগতে ঐতিহ্যৰ সংৰক্ষণ, এই মন্ত্ৰ এই ‘অমৃত ভাৰত ৰে’ল ষ্টেশ্যন’সমূহত স্পষ্টকৈ দেখা যায়। এইবোৰো এতিয়া স্থানীয় কলা-সংস্কৃতিৰ নতুন প্ৰতীক হৈ উঠিছে। ৰাজস্থানৰ মণ্ডলগড় ৰে’লৱে’ ষ্টেশ্যনত যেনেকৈ মহান ৰাজস্থানীয় কলা-সংস্কৃতি দৃশ্যমান হ’ব, ঠিক তেনেদৰে বিহাৰৰ ‘থাৱে ষ্টেশ্যন’ত ‘মা থাৱেৱালী’ৰ পবিত্ৰ মন্দিৰ আৰু ‘মধুবনী চিত্ৰকলা’ৰ চিত্ৰ অংকন কৰা হ’ব। মধ্যপ্ৰদেশৰ ‘অৰ্ছা ৰে’ল ষ্টেশ্যন’ত ভগৱান ৰামৰ আভা অনুভৱ কৰিব। ‘শ্ৰীৰংগম ষ্টেশ্যন’ৰ আৰ্হি ভগৱান শ্ৰীৰংগনাথ স্বামী জীৰ মন্দিৰৰ পৰা অনুপ্ৰাণিত। গুজৰাটৰ ‘ডাকোৰ ষ্টেশ্যন’ ৰাঞ্চোড়ৰাই জীৰ দ্বাৰা অনুপ্ৰাণিত। ‘তিৰুৱন্নমলাই ষ্টেশ্যন’ দ্ৰাবিড় স্থাপত্য অনুসৰি আৰ্হি কৰা হৈছে। ‘বেগুম্পেট ষ্টেশ্যন’ত ‘কাকতীয়া সাম্ৰাজ্য’ৰ স্থাপত্য চাব পাৰিব। অৰ্থাৎ প্ৰতিটো ‘অমৃত ষ্টেশ্যন’তে ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি ঐতিহ্যও চাবলৈ পাব। এই ষ্টেশ্যনসমূহ প্ৰতিখন ৰাজ্যৰ পৰ্যটনক প্ৰচাৰৰ মাধ্যম হিচাপেও পৰিগণিত হ’ব আৰু যুৱক-যুৱতীসকলক নতুনকৈ কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিব। আৰু সেই চহৰবোৰৰ নাগৰিক, ৰেলৰে যাত্ৰা কৰা যাত্ৰীসকলক অনুৰোধ কৰিম, এই সকলোবোৰ সম্পত্তিৰ মালিক হৈছে আপোনালোক, সেইবোৰক কেতিয়াও লেতেৰা হবলৈ নিদিব, এই সম্পত্তিবোৰৰ কেতিয়াও হানি-বিঘিনী হবলৈ নিদিব, কিয়নো এই সকলোবেৰৰ গৰাকী হৈছে আপোনালোক।

বন্ধুসকল,

চৰকাৰে আন্তঃগাঁথনি নিৰ্মাণৰ বাবে যি ধন খৰচ কৰে সেই ধনেও চাকৰিৰ সৃষ্টি কৰে আৰু ব্যৱসায় বৃদ্ধি কৰে। চৰকাৰে বিনিয়োগ কৰা হাজাৰ কোটি টকা শ্ৰমিকৰ জেপত সোমাইছে। এইখিনি দোকানীক দিয়া হৈছে, আৰু দোকান-কাৰখানাত কাম কৰা লোকসকলকো দিয়া হৈছে। বালি-শিল-চিমেণ্ট কঢ়িয়াই নিয়া ট্ৰাক-টেম্পো চালকসকলো ইয়াৰ দ্বাৰা উপকৃত হয়। আৰু এবাৰ এই আন্তঃগাঁথনি সাজু হ’লে, তেতিয়া আৰু বহুতো সুবিধা আছে। কৃষকৰ উৎপাদিত সামগ্ৰী কম মূল্যত বজাৰত উপস্থিত হয়, আৰু অপচয় কমি যায়। য’ত ভাল ৰাস্তা আছে, নতুন ৰে’ল আহি পৰে, নতুন উদ্যোগ স্থাপন হয়, পৰ্যটনে ডাঙৰ উদগণি লাভ কৰে, অৰ্থাৎ আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা ধনৰ পৰা প্ৰতিটো পৰিয়াল, বিশেষকৈ আমাৰ যুৱক-যুৱতীসকল সৰ্বাধিক লাভৱান হয়।

 

বন্ধুসকল,

আন্তঃগাঁথনি নিৰ্মাণত চলি থকা কামৰ পৰাও আমাৰ ৰাজস্থান যথেষ্ট লাভৱান হৈছে। আজি ৰাজস্থানৰ প্ৰতিখন গাঁৱতে ভাল ৰাস্তা নিৰ্মাণ কৰা হৈছে। সীমান্ত অঞ্চলতো উৎকৃষ্ট পথ নিৰ্মাণ কৰা হৈছে। ইয়াৰ বাবে বিগত ১১টা বছৰত কেৱল ৰাজস্থানতে প্ৰায় ৭০ হাজাৰ কোটি টকা ব্যয় হৈছে। ৰাজস্থানৰ ৰে’লপথৰ উন্নয়নৰ বাবেও এইবাৰ প্ৰায় ১০ হাজাৰ কোটি টকা ব্যয় কৰিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে। ২০১৪ চনৰ আগৰ তুলনাত এই পৰিমাণ ১৫ গুণ বেছি। মাত্ৰ কিছু সময়ৰ আগতে ইয়াৰ পৰা মুম্বাইলৈ এখন নতুন ৰে’লৰ ‘ফ্লেগ অফ’ কৰা হৈছে। আজিয়েই স্বাস্থ্য, পানী আৰু বিদ্যুতৰ দৰে বহু ক্ষেত্ৰৰে জড়িত আঁচনিৰ আধাৰশিলা আৰু উদ্বোধন কৰা হৈছে। এই সকলোবোৰ প্ৰচেষ্টাৰ লক্ষ্য হৈছে ৰাজস্থানৰ চহৰ-গাঁৱসমূহক দ্ৰুত অগ্ৰগতিৰ দিশত আগবাঢ়াই নিয়া। ৰাজস্থানৰ যুৱক-যুৱতীসকলে যাতে নিজৰ চহৰখনতে ভাল সুযোগ লাভ কৰিব পাৰে।

বন্ধুসকল,

ৰাজস্থানৰ ঔদ্যোগিক বিকাশৰ বাবেও দ্রুতগতিত কাম কৰি আছে ‘ডাবল ইঞ্জিন’ চৰকাৰে৷ ভজন লাল জীৰ চৰকাৰে বিভিন্ন খণ্ডৰ বাবে নতুন ঔদ্যোগিক নীতি জাৰি কৰিছে। এই নতুন নীতিৰ দ্বাৰা বিকানেৰো লাভৱান হ’ব, আৰু আপোনালোকে জানেই, বিকানেৰৰ কথা আহিলে বিকানেৰী ভুজিয়াৰ সোৱাদ আৰু বিকানেৰী ৰাসগুল্লাৰ কথা মনলৈ আহে, এই মিঠায়ে সমগ্ৰ বিশ্বতে তেওঁলোকৰ পৰিচয় গঢ়ি তুলিব আৰু বিস্তাৰ লাভ কৰিব। ৰাজস্থানৰ শোধনাগাৰৰ কামো অন্তিম পৰ্যায়ত আছে। ইয়াৰ ফলত ৰাজস্থান পেট্ৰলিয়াম ভিত্তিক উদ্যোগৰ এক প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। অমৃতসৰৰ পৰা জামনগৰলৈ নিৰ্মাণ কৰি থকা ৬ লেনযুক্ত অৰ্থনৈতিক কৰিডৰটো ৰাজস্থানৰ শ্ৰীগংগানগৰ, হনুনগড়, বিকানেৰ, যোধপুৰ, বাৰমেৰ আৰু জালোৰেৰ মাজেৰে পাৰ হৈ গৈছে। দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ৰ কামো ৰাজস্থানত প্ৰায় সম্পূৰ্ণ হৈছে। এই সংযোগ অভিযানে ৰাজস্থানৰ উদ্যোগিক বিকাশক নতুন উচ্চতালৈ লৈ যাব।

বন্ধুসকল,

ৰাজস্থানতো দ্ৰুতগতিত আগবাঢ়িছে ‘পি এম সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি’ৰ কাম। ৰাজস্থানৰ ৪০ হাজাৰৰো অধিক লোকে এই আঁচনিত যোগদান কৰিছে। ইয়াৰ বাবেই জনসাধাৰণৰ বিদ্যুতৰ ‘বিল শূন্য’ হৈ পৰিছে, আৰু সৌৰ বিদ্যুৎ উৎপাদন কৰিও মানুহে উপাৰ্জনৰ এক নতুন সাধন লাভ কৰিছে। আজি ইয়াত বিদ্যুৎ সম্পৰ্কীয় বহু প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি বহুকেইটা প্ৰকল্প উদ্বোধন কৰা হৈছে। এইবোৰৰ পৰাও ৰাজস্থানে অধিক বিদ্যুৎ লাভ কৰিব। বিদ্যুতৰ উৎপাদন বৃদ্ধিয়ে ৰাজস্থানৰ উদ্যোগিক উন্নয়নকো নতুন গতি প্ৰদান কৰিছে।

বন্ধুসকল,

এই ৰাজস্থান হৈছে মহাৰাজ গংগা সিংহ জীৰ ভূমি, যিয়ে বালিচহীয়া সমভূমিলৈ সেউজীয়া কঢ়িয়াই আনিছিল। আমাৰ বাবে পানী কিমান গুৰুত্বপূৰ্ণ এই অঞ্চলতকৈ আন কোনে বাৰু ভালকৈ জানিব। পশ্চিম ৰাজস্থানৰ বিকানেৰ, শ্ৰীগংগানগৰ, হনুনগড়ৰ এনে বহু অঞ্চলৰ উন্নয়নৰ বাবে পানী হৈছে অতিকে গুৰুত্বপূৰ্ণ। সেয়ে এফালে আমি জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণ কৰিছো আৰু একে সময়তে নদী সংযোগীকৰণৰো দিহা কৰিছোঁ। ‘পাৰ্বতী-কালিসিন্ধ-চম্বল লিংক প্ৰকল্প’ৰ দ্বাৰা ৰাজস্থানৰ বহু জিলা উপকৃত হ’ব, ইয়াৰ মাটি, ইয়াৰ কৃষকসকল উপকৃত হ’ব।

 

বন্ধুসকল,

ৰাজস্থানৰ এই সাহসী ভূমিয়ে আমাক শিকাইছে যে দেশ আৰু ইয়াৰ নাগৰিকতসকলকৈ ডাঙৰ একোৱেই নহয়। ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ধৰ্মৰ কথা সুধি আমাৰ ভগ্নীহঁতৰ কপালৰ সেন্দূৰক আঘাত কৰিছিল। সেই গুলীবোৰ পহলগামত নিক্ষেপ কৰা হৈছিল যদিও সেই গুলীবোৰে ১৪০ কোটি দেশবাসীৰ হৃদয়ক বিন্ধিছিল। ইয়াৰ পিছত দেশৰ প্ৰতিগৰাকী নাগৰিকে একত্ৰিত হৈ সংকল্প ল’লে যে সন্ত্ৰাসবাদীক নিঃশেষ কৰি সিহঁতে কল্পনা কৰাতকৈয়ো কঠোৰ শাস্তি দিয়া হ’ব। আজি আপোনালোকৰ আশীৰ্বাদ আৰু দেশৰ সেনাৰ বীৰত্বৰে আমি সেই প্ৰতিজ্ঞা পূৰণ কৰিলোঁ। আমাৰ চৰকাৰে তিনিওটা সেনাবাহিনীক মুক্তভাৱে সিদ্ধান্ত গ্ৰহণৰ সুযোগ দিছিল আৰু তিনিওটা বাহিনীয়ে একেলগে এনে এক চক্ৰব্যুহৰ সৃষ্টি কৰিছিল যে পাকিস্তান আঁঠু ল’বলৈ বাধ্য হৈছিল।

বন্ধুসকল,

২২ তাৰিখৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে আমি ২২ মিনিটত সন্ত্ৰাসবাদীৰ ৯টা ডাঙৰ আত্মগোপনস্থলী ধ্বংস কৰিলোঁ। সিন্দূৰ (ভাৰ্মিলিয়ন) বাৰুদত পৰিণত হ’লে কি হয় পৃথিৱীয়ে, আনকি দেশৰ শত্ৰুৱেও সেয়া দেখিলে।

ইয়াৰ মাজতে বন্ধুসকল,

কাকতলীয়া কথাটো হ’ল যে ৫ বছৰ পূৰ্বে বালাকোটত দেশে বিমান আক্ৰমণ চলোৱাৰ পিছতো মোৰ প্ৰথম ৰাজহুৱা সভাখন ৰাজস্থানৰ সীমান্তত অনুষ্ঠিত হৈছিল। এনে কাকতলীয়া ঘটনা সংঘটিত হোৱাটো হৈছে বীৰভূমিৰ তপস্যা। এতিয়া এইবাৰ যেতিয়া অপাৰেশ্যন সিন্দূৰ হৈছিল, তাৰ পিছতো মোৰ প্ৰথমখন ৰাজহুৱা সভা আকৌ ইয়াত ৰাজস্থানৰ বীৰভূমিৰ সীমান্তত, বিকানেৰত আপোনালোক সকলোৰে মাজত হৈ আছে।

বন্ধুসকল,

মই চুৰুত কৈছিলোঁ, বিমান আক্ৰমণৰ পিছত যেতিয়া আহিছিলোঁ, তেতিয়া কৈছিলোঁ - 'এই মাটিত শপত খাইছো, মোৰ দেশক ধ্বংস হ'বলৈ নিদিওঁ, মোৰ দেশৰ ক্ষতি হ’বলৈ নিদিওঁ'। আজি ৰাজস্থানৰ মাটিৰ পৰা দেশবাসীক অতি বিনম্ৰতাৰে ক’ব বিচাৰিছো, দেশৰ চুকে-কোণে তিৰংগা যাত্ৰা উলিয়াই থকা দেশবাসীক কওঁ - যিসকলে সেন্দূৰ (ভাৰ্মিলিয়ন) মচিবলৈ ওলাই আহিছিল, যিবোৰে সেন্দূৰ (ভাৰ্মিলিয়ন) মচিবলৈ ওলাইছিল, সিহঁতবোৰ ধূলিত পৰিণত হৈছে। আগতে যিবোৰে ভাৰতৰ তেজ বোৱাইছিল, যিবোৰে ভাৰতৰ তেজ বোৱাইছিল, আজি সিহঁতে প্ৰতিটো টোপালৰ মূল্য দিছে। আগতে যিবোৰে ভাবিছিল, যিবোৰে ভাবিছিল যে ভাৰত মৌন হৈ থাকিব, আজি সিহঁতবোৰ নিজৰ ঘৰত লুকাই আছে, যিবোৰে আগতে নিজৰ অস্ত্ৰ-শস্ত্ৰক লৈ গৌৰৱ কৰিছিল, যিবোৰে আগতে নিজৰ অস্ত্ৰ-শস্ত্ৰক লৈ গৌৰৱ কৰিছিল, আজি সিহঁতবোৰ ধ্বংসাৱশেষৰ তলত পোত গৈছে।

মোৰ প্ৰিয় দেশবাসী,

এয়া কোনো আক্ৰমণ আৰু প্ৰতিশোধৰ খেল নহয়, এয়া আক্ৰমণ আৰু প্ৰতিশোধৰ খেল নহয়, এয়া হৈছে ন্যায়ৰ নতুন ৰূপ, এয়া ন্যায়ৰ নতুন ৰূপ, এয়া হৈছে অপাৰেশ্যন সিন্দূৰ। এয়া কেৱল খং নহয়, এয়া কেৱল খং নহয়, এয়া হৈছে শক্তিশালী ভাৰতৰ উগ্ৰ ৰূপ। এয়া হৈছে ভাৰতৰ নতুন ৰূপ। আগতে ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰা হৈছিল, আগতে ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰা হৈছিল, এতিয়া কৰা হৈছে বুকুত প্ৰত্যক্ষ আক্ৰমণ। এয়াই হৈছে নীতি, এয়াই হৈছে সন্ত্ৰাসবাদক থেতেলিয়াই পেলোৱাৰ উপায়, এয়াই হৈছে ভাৰত, এয়াই হৈছে নতুন ভাৰত। সকলোৱে কওক-

 

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বন্ধুসকল,

অপাৰেশ্যন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ তিনিটা নীতি নিৰ্ধাৰণ কৰিছে। প্ৰথমতে, যদি ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হয়, তেন্তে উপযুক্ত উত্তৰ দিয়া হ’ব। সময় আমাৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব, পদ্ধতিও আমাৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব, আৰু চৰ্তবোৰো আমাৰেই হ’ব। দ্বিতীয়তে, পৰমাণু বোমাৰ সাৰশূন্য ভাবুকিত ভাৰত ভয় খাবলৈ যোৱা নাই। আৰু তৃতীয়তে, সন্ত্ৰাসবাদৰ মালিক আৰু সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰক আমি পৃথক বুলি নাভাবো; আমি সিহঁতক পৃথক বুলি নাচাম; আমি সেইবোৰক একে বুলি গণ্য কৰিম। ৰাষ্ট্ৰ আৰু অ-ৰাষ্ট্ৰীয় অভিনেতাৰ পাকিস্তানৰ এই খেলখন আৰু কামত নাহিব। আপোনালকে নিশ্চয় দেখিছে যে আমাৰ দেশৰ পৰা সাতটা ভিন্ন প্ৰতিনিধি দলে পাকিস্তানক উদঙাই দিবলৈ সমগ্ৰ পৃথিৱীলৈ যাত্ৰা কৰিছে। আৰু এই প্ৰতিনিধি দলসমূহৰ ভিতৰত আছে দেশৰ সকলো ৰাজনৈতিক দলৰ লোক, বৈদেশিক নীতিৰ বিশেষজ্ঞ, গণ্যমান্য ব্যক্তি, এতিয়া পাকিস্তানৰ প্ৰকৃত মুখখন সমগ্ৰ বিশ্বৰ আগত উদঙাই দেখুৱাব।

বন্ধুসকল,

ভাৰতৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধত পাকিস্তান কেতিয়াও জয়ী হ’ব নোৱাৰে। যেতিয়াই প্ৰত্যক্ষ যুঁজ হয় তেতিয়াই পাকিস্তানে বাৰে বাৰে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। সেয়েহে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ সন্ত্ৰাসবাদক অস্ত্ৰ হিচাপে গঢ়ি তুলিছে। স্বাধীনতাৰ পিছত যোৱা কেবাটাও দশক ধৰি এনেদৰে চলি আহিছে। আগতে পাকিস্তানে সন্ত্ৰাস বিয়পাইছিল, নিৰীহ লোকক হত্যা কৰিছিল, ভাৰতত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছিল, কিন্তু পাকিস্তানে এটা কথা পাহৰিলে, এতিয়া ভাৰত মাতাৰ সেৱক মোদী শিৰ উন্নত কৰি ইয়াত থিয় দি আছে। মোদীৰ মন শীতল, শীতল হৈয়েই থাকে, কিন্তু মোদীৰ তেজ গৰম, আৰু এতিয়া তেজ নহয় গৰম সেন্দূৰ (ভাৰ্মিলিয়ন)হে মোদীৰ শিৰাত প্ৰবাহিত হৈ আছে। এতিয়া ভাৰতে স্পষ্ট কৰি দিছে যে প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানে যথেষ্ট মূল্য দিব লাগিব। আৰু এই মূল্য পাকিস্তানৰ সেনা আৰু পাকিস্তানৰ অৰ্থনীতিয়ে দিব।

বন্ধুসকল,

দিল্লীৰ পৰা ইয়ালৈ আহোঁতে বিকানেৰৰ ‘নল বিমানবন্দৰ’ত নামিলোঁ৷ পাকিস্তানে এই বিমান ঘাটিটোকো লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল। কিন্তু ইয়াৰ ফলত এই বিমানঘাটিটোৰ অলপো ক্ষতি সাধন কৰিব নোৱাৰিলে। আৰু ইয়াৰ পৰা মাত্ৰ অলপ দূৰত, সীমান্তৰ সিপাৰে পাকিস্তানৰ ‘ৰহিম য়াৰ খান এয়াৰবেছ’, কেতিয়া খোল খাব কোনেও নাজানে, ‘আই চি ইউ’-ত পৰি আছে। ভাৰতীয় সেনাৰ নিখুঁত আক্ৰমণে এই বিমান ঘাটিটো ধ্বংস কৰি পেলাইছে।

বন্ধুসকল,

পাকিস্তানৰ সৈতে কোনো ধৰণৰ বাণিজ্য বা আলোচনা নহ’ব৷ যদি কিবা আলোচনা হ’ব, তেন্তে সেয়া হ’ব কেৱল পাকিস্তানে দখল কৰা কাশ্মীৰ, পিঅকে সন্দৰ্ভতহে। আৰু পাকিস্তানে সন্ত্ৰাসবাদী ৰপ্তানি কৰি থাকিলে প্ৰতিটো পইচাৰ বাবে ভিক্ষা খুজিব লাগিব। পাকিস্তানে ভাৰতৰ উচিত অংশ পানী নাপাব, ভাৰতীয়ৰ তেজেৰে খেলিলে এতিয়া পাকিস্তানৰ যথেষ্ট ক্ষতি হ’ব। এয়া হৈছে ভাৰতৰ সংকল্প, আৰু এই সংকল্পৰ পৰা বিশ্বৰ কোনো শক্তিয়ে আমাক বিৰত ৰাখিব নোৱাৰে।

 

ভাই-ভনীসকল,

এখন উন্নত ভাৰত গঢ়াৰ বাবে নিৰাপত্তা আৰু সমৃদ্ধি দুয়োটাৰে প্ৰয়োজন। ভাৰতৰ প্ৰতিটো কোণ শক্তিশালী হ’লেহে এয়া সম্ভৱ। আজিৰ এই কাৰ্যসূচী ভাৰতৰ সুষম উন্নয়ন, ভাৰতৰ দ্ৰুত বিকাশৰ এক ডাঙৰ নিদৰ্শন। এই সাহসী ভূমিৰ সকলো দেশবাসীক আকৌ এবাৰ অভিনন্দন জনাইছোঁ। মোৰ লগত কওক, দুয়োটা মুঠি বন্ধ কৰি, সম্পূৰ্ণ শক্তিৰে কওক-

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

বন্দে মাতৰম। বন্দে মাতৰম।

বন্দে মাতৰম। বন্দে মাতৰম।

বন্দে মাতৰম। বন্দে মাতৰম।

বন্দে মাতৰম। বন্দে মাতৰম।

বন্দে মাতৰম। বন্দে মাতৰম।

বন্দে মাতৰম। বন্দে মাতৰম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's January to June rice exports climb 5% as non-basmati shipments rise

Media Coverage

India's January to June rice exports climb 5% as non-basmati shipments rise
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation
July 29, 2026

The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.

The Prime Minister said that the people of India are proud that the country is home to almost 70 per cent of the global tiger population.

He noted that India’s tiger conservation efforts are inspired by the country’s centuries-old culture of living in harmony with nature and powered by the collective will of its people.

Shri Modi reaffirmed the commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.

Shri Modi also lauded the efforts and dedication of forest personnel, scientists and conservationists for their key role in tiger protection. The Prime Minister added that India remains committed to empowering local communities and reducing human-wildlife conflict.

In a thread posts on X, Shri Modi said;

“Greetings to all wildlife enthusiasts on Global Tiger Day. The people of India are proud of the fact that we are home to almost 70% of the global tiger population. India’s tiger conservation efforts are inspired by our centuries-old culture of living in harmony with nature and powered by the collective will of our people. We also reaffirm our commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.”

“The efforts and dedication of our forest personnel, scientists and conservationists have also played a key role in tiger protection. In that spirit, India remains committed to empowering local communities and reducing human-wildlife conflict.”