“লতা দিদিৰ দৰে এগৰাকী ভগ্নীৰ মৰম লাভ কৰাতকৈনো আৰু ডাঙৰ বঁটা কি হ’ব পাৰে, যিগৰাকী ভগ্নীয়ে প্ৰজন্মৰ পিচত প্ৰজন্মক চেনেহ আৰু আবেগৰ উপহাৰ প্ৰদান কৰি আহিছে”
“মই সমগ্ৰ দেশবাসীৰ নামত এই বঁটা উচৰ্গা কৰিছো, লতা দিদি যেনেকৈ মানুহৰ মাজত বৰ্তি আছিল, তেওঁৰ নামত মোক প্ৰদান কৰা এই বঁটাটোও মানুহৰ মাজতে বৰ্তি থাকিব”
“স্বাধীনতাৰ আগতেই তেওঁ দেশৰ মাতত পৰিণত হৈছিল, আৰু দেশৰ ৭৫ বছৰীয়া যাত্ৰাকালৰেও তেওঁৰ মাতষাৰ সংপৃক্ত হৈ আছে”
“লতাজীয়ে সংগীতক পূজা কৰিছিল, কিন্তু তেওঁৰ গীতৰে দেশপ্ৰেম আৰু ৰাষ্ট্ৰ সেৱা অনুপ্ৰাণিত হৈছিল”
“লতা জী যেন ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সাংগিতীক স্বৰূপতহে পৰিণত হৈছিল”
“লতাজীৰ সুৰে সমগ্ৰ দেশখনকে একতাৰ ডোলৰে বান্ধি ৰাখিছিল। গোলকীয় প্ৰেক্ষাপটতো তেওঁ ভাৰতৰ সাংস্কৃতিক প্ৰতিভূ আছিল”

শ্ৰী সৰস্বতয়া নমঃ

এই পৱিত্ৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশ্যাৰী জী, মহাৰাষ্ট্ৰ বিধান সভাৰ বিৰোধী দলপতি শ্ৰী দেৱেন্দ্ৰ ফাড়নাভিশ জী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী শ্ৰী সুভাষ দেশাই জী, সন্মানীয় ঊষা জী, আশা জী, আদিনাথ মংগেশকাৰ জী, মাষ্টাৰ দীনানাথ স্মৃতি প্ৰতিষ্ঠানৰ সকলো সদস্য, সংগীত আৰু সাংস্কৃতিক জগতৰ সকলো বিশিষ্ট সহকৰ্মী তথা অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল!

সন্মানীয় হৃদয়নাথ মংগেশকা ৰজীও এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকিব লাগিছিল। কিন্তু আদিনাথ জীয়ে কোৱাৰ দৰে, অসুস্থতাৰ বাবে তেওঁ ইয়ালৈ আহিব নোৱাৰিলে। মই তেওঁৰ আশু আৰোগ্য কামনা কৰিছো।

বন্ধুসকল,

মই ইয়াত নিজকে খুব যোগ্য ব্যক্তি হিচাপে অনুভৱ কৰিব পৰা নাই, কিয়নো মই সংগীতৰ দৰে গভীৰ বিষয়ৰ সৈতে ভালদৰে পৰিচিত নহয়। কিন্তু সাংস্কৃতিক দৃষ্টিকোণৰ পৰা, মই অনুভৱ কৰোঁ যে সংগীত হৈছে 'সাধনা' (ভক্তি)আৰু 'ভাৱনা' (আৱেগ)। যিটোৱে অপ্ৰকাশিত কথা প্ৰকাশ কৰে সেইটোৱেই শব্দ। যিয়ে শক্তি আৰু চেতনাৰে অভিব্যক্তি ভৰাই তোলে সেয়া হ'ল 'নাডা' (শব্দ) আৰু যিটোৱে চেতনাক আৱেগ আৰু অনুভূতিৰে ভৰাই তোলে আৰু ইয়াক সৃষ্টি আৰু সংবেদনশীলতাৰ চৰম সীমালৈ লৈ যায় সেয়া হ'ল 'সংগীত' (সংগীত)। আপুনি স্থিৰ হৈ বহি থাকিব পাৰে, কিন্তু সংগীতে আপোনাৰ চকুৰ পৰা চকুপানী প্ৰবাহিত কৰিব পাৰে। সংগীতৰ শক্তি এনেকুৱা। সংগীতে আপোনাক নিৰ্লিপ্ততাৰ অনুভূতিও দিব পাৰে। সংগীতে আপোনাক বীৰত্ব আৰু মাতৃৰ মৰমেৰে ভৰাই তুলিব পাৰে। ই এজনক দেশপ্ৰেম আৰু কৰ্তব্যবোধৰ শীৰ্ষলৈ লৈ যাব পাৰে। আমি সৌভাগ্যৱান যে আমি সংগীতৰ এই সম্ভাৱনা আৰু শক্তিক লতা দিদিৰ ৰূপত দেখিছোঁ। আমি তেওঁক নিজৰ চকুৰে চোৱাৰ সৌভাগ্য অৰ্জন কৰিছো আৰু মংগেশকাৰ পৰিয়ালে বহু প্ৰজন্ম ধৰি এই 'যজ্ঞ'ত ত্যাগ কৰি আহিছে।

হৰিশজীয়ে তেওঁৰ বিষয়ে কিছু বৰ্ণনা কৰিছিল, কিন্তু মই ভাবি আছিলো যে দিদিৰ সৈতে মোৰ সম্পৰ্ক কিমান পুৰণি। চাৰে চাৰি দশক আগতে যেতিয়া সুধীৰ ফাড়কে জীয়ে মোক তেওঁৰ সৈতে পৰিচয় কৰাই দিছিল। আৰু তেতিয়াৰ পৰা এই পৰিয়ালটোৰ সৈতে হোৱা অপৰিসীম মৰম আৰু অগণন ঘটনা মোৰ জীৱনৰ এটা অংশ হৈ পৰিছিল।

মোৰ বাবে লতা দিদি সুৰৰ ৰাণীৰ লগতে মোৰ ডাঙৰ ভগ্নীও আছিল। বহু প্ৰজন্মক প্ৰেম আৰু আৱেগৰ উপহাৰ দিয়া লতা দিদিৰ পৰা এগৰাকী ভগ্নীৰ মৰম পোৱাতকৈ ডাঙৰ সন্মান কি হ'ব পাৰে? ইমান দশকৰ পিছত এই বছৰৰ ৰাখী উৎসৱৰ সময়ত দিদি আমাৰ সৈতে নাথাকিব।

সাধাৰণতে, মই মোৰ সন্মানাৰ্থে আয়োজিত অনুষ্ঠানবোৰৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লও। কিয়নো এই ধৰণৰ অনুষ্ঠানত মই বৰ সহজ অনুভৱ নকৰো। কিন্তু যেতিয়া বঁটাটো লতা দিদিৰ নামত হয়, মোৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু মংগেশকাৰ পৰিয়ালৰ মোৰ ওপৰত থকা অধিকাৰৰ বাবে ইয়ালৈ অহাটো মোৰ বাবে এক প্ৰকাৰৰ বাধ্যবাধকতা হৈ পৰে। মই আদিনাথজীৰ পৰা এটা বাৰ্তা পাইছিলো। তেওঁ মোক মোৰ কাৰ্যসূচী আৰু মই কিমান ব্যস্ত আছিলোঁ, সেই বিষয়ে সুধিছিল। মই একো সোধা নাছিলোঁ আৰু লগে লগে তেওঁক উপস্থিত থাকিব পাৰিম বুলি কৈছিলো, কিয়নো মোৰ বাবে তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰাটো সম্ভৱ নাছিল। মই এই বঁটা সকলো দেশবাসীক উৎসৰ্গা কৰিছো।

লতাজী যিদৰে জনসাধাৰণৰ অতি মৰমৰ আছিল, ঠিক সেইদৰে মোলৈ আগবঢ়োৱা এই বঁটাও জনসাধাৰণৰ হৈ থাকিব। মই লতা দিদিৰ সৈতে সঘনাই মত বিনিময় কৰিছিলো। তেওঁ প্ৰতিটো উপলক্ষত মোলৈ বাৰ্তা আৰু আশীৰ্বাদ প্ৰেৰণ কৰিছিল।

বন্ধুসকল,

লতা জীৰ শাৰীৰিক যাত্ৰা এনে এটা সময়ত সম্পূৰ্ণ হৈছিল যেতিয়া আৰু দেশে ইয়াৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে। স্বাধীনতাৰ পূৰ্বৰে পৰা তেওঁ কণ্ঠদান কৰিছে। এই ৭৫ বছৰত দেশৰ প্ৰতিটো যাত্ৰাৰ সৈতে তেওঁৰ কণ্ঠ সহযোগী হৈ আছে। লতা জীৰ পিতৃ দীননাথ মংগেশকাৰ জীৰ নামো এই বঁটাটোৰ সৈতে সংযুক্ত হৈ আছে। দেশলৈ আগবঢ়োৱা অমূল্য অৰিহণাৰ বাবে মংগেশকাৰ পৰিয়ালৰ ওচৰত সমগ্ৰ দেশবাসী ঋণী হৈ থাকিব। সংগীতৰ লগতে, দেশপ্ৰেমৰ চেতনা যি লতা দিদিৰ অন্তৰত শৈশৱৰ পৰাই আছিল, ইয়াৰ উৎস আছিল তেওঁৰ পিতৃ। স্বাধীনতা সংগ্ৰামৰ সময়ত চিমলাত ব্ৰিটিছ ভাইচৰয়ৰ সন্মানত অনুষ্ঠিত এক কাৰ্যসূচীৰ সময়ত দীনানাথ জীয়ে বীৰ ছাভাৰকাৰে লিখা এটা গান গাইছিল।

কেৱল দীনানাথ মহোদয়ইহে ব্ৰিটিছ ভাইচৰয়ৰ সন্মুখত সংগীতৰ মাধ্যমেৰে থিয় দিব পাৰিছিল। ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাই বীৰ ছাভাৰকাৰে লিখা গীতটো সাহসেৰে কণ্ঠ দি দীননাথ জীয়ে তেওঁৰ পৰিয়ালটোক দেশপ্ৰেমৰ অনুভূতি প্ৰদান কৰিছিল।

লতাজীয়ে ছত্ৰপতি শিৱাজী মহাৰাজৰ ওপৰত বীৰ ছাভাৰকাৰ জীয়ে লিখা গান 'হিন্দু নৰসিংহ' আৰু সমৰ্থ গুৰু ৰামদাস জীৰ কবিতাবোৰ শিৱ কল্যাণ ৰাজা নামৰ এলবামত গীতৰ ৰূপ দি সেইবোৰ অমৰ কৰিছিল।

"এ মেৰে ৱাতন কে লগো" আৰু "জয় হিন্দ কি সেনা"ৰ আৱেগিক ট্ৰেকবোৰ দেশবাসীৰ মুখৰ ভাষা হৈ পৰে আৰু চিৰদিন আমাৰ মাজত সজীৱ হৈ থাকিব। এইটো আমাৰ কৰ্তব্য যে লতা দিদি আৰু তেওঁৰ পৰিয়ালৰ অৱদানক আমি অমৃত মহোৎসৱৰ সময়ছোৱাত মানুহৰ মাজলৈ লৈ যাব লাগিব।

বন্ধুসকল,

'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ বিশ্বাসৰ সৈতে আজি দেশ আগবাঢ়ি আছে। লতা জী 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ এক সুমধুৰ অভিব্যক্তি আছিল।  তেওঁ দেশৰ ৩০টাতকৈও অধিক ভাষাত হাজাৰ হাজাৰ গান গাইছিল। তেওঁৰ সুৱদী কণ্ঠ দেশ প্ৰতিখন ৰাজ্যৰ, প্ৰতিটো অঞ্চলৰ মানুহৰ মনত নিহিত হৈ আছে।

আজি দেশে স্বাধীনতাৰ অমৃত মহোৎসৱl নতুন সংকল্প প্ৰস্তুত কৰিছে। আমি বিশ্বৰ অন্যতম বৃহৎ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ। আজি ভাৰতে প্ৰতিটো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীল হৈ উঠিছে। উন্নয়নৰ এই যাত্ৰা আমাৰ সংকল্পৰ অংশ। কিন্তু ভাৰতৰ উন্নয়নৰ মৌলিক দৃষ্টিভংগী সদায় পৃথক হৈ আহিছে।

আমাৰ বাবে, উন্নয়নৰ অৰ্থ হৈছে-'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'। সকলোৰে বাবে উন্নয়নৰ মনোভাৱত 'বসুধৈৱ কুটুম্বকম' (সকলোৰে কল্যাণ)ৰ আধাৰ নিহিত হৈ আছে। সমগ্ৰ বিশ্বৰ বিকাশ আৰু সমগ্ৰ মানৱজাতিৰ কল্যাণ কেৱল ভৌতিক সামৰ্থ্যৰ জৰিয়তে প্ৰাপ্ত কৰিব নোৱাৰি। ইয়াৰ বাবে মানৱীয় মূল্যবোধ অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আধ্যাত্মিক চেতনা গুৰুত্বপূৰ্ণ। সেয়েহে, ভাৰতে যোগ, আয়ুৰ্বেদ আৰু পৰিৱেশৰ দৰে ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰি আছে।

মই বিশ্বাস কৰোঁ যে আমাৰ ভাৰতীয় সংগীতো এই অৱদানৰ এক গুৰুত্বপূৰ্ণ অংশ। এই দায়িত্ব আপোনাৰ হাতত আছে। এই ঐতিহ্যক একে মূল্যবোধেৰে জীয়াই ৰখা, ইয়াক আগুৱাই নিয়া আৰু বিশ্ব শান্তিৰ মাধ্যম বনোৱাটো আমাৰ সকলোৰে দায়িত্ব। মই নিশ্চিত যে সংগীত জগতৰ সৈতে জড়িত সকলো লোকে এই দায়িত্ব পালন কৰিব আৰু এখন নতুন ভাৰতক নিৰ্দেশনা দিব। এই বিশ্বাসেৰে, মই আপোনালোক সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছো।

বহুত বহুত ধন্যবাদ!

নমস্কাৰ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains fastest-growing major economy, domestic investors power market resilience

Media Coverage

India remains fastest-growing major economy, domestic investors power market resilience
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মাৰ্চ 2026
March 15, 2026

Empowering Bharat: From Loans to Global Leadership Under PM Modi