August 5 is becoming a significant date in the Indian History as abrogation of 370, and Ram Mandir are associated with this: PM
Our youth has taken a big step in re-establishing the glory of our national game hockey today: PM
Our youth is scoring goal of victory whereas some are doing self-goal due to political selfishness: PM
India’s youth has firm belief that both they and India are on the move.: PM
This great country cannot become hostage to selfish and anti-national politics: PM
Double engine government has ensured that the schemes made for the poor, downtrodden, backward, tribals are implemented expeditiously in UP: PM
Uttar Pradesh was always seen through the prism of politics. The confidence that UP can become the powerhouse of India's growth engine has emerged in recent years: PM
This decade is the decade of making up for the shortfall of the last 7 decades for Uttar Pradesh: PM

নমস্কাৰ,
আজি আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই মোৰ যথেষ্ট আনন্দ লাগিছে৷ এইবাবেই আনন্দ হৈছে যে দিল্লীৰ পৰা পঠোৱা প্ৰতিটো খাদ্য একো একোজন হিতাধিকাৰীৰ থালি পাইছেগৈ৷ আনন্দ এই বাবেই হৈছে যে পূর্বৰ চৰকাৰৰ সময়ত উত্তৰপ্রদেশত দুখীয়া লোকসকলৰ বাবে আৱণ্টিত শস্য আধাতে লুণ্ঠন হৈছিল আৰু আজি সেই লুণ্ঠনৰ সকলো পথ বন্ধ। উত্তৰপ্রদেশত যিদৰে প্রধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনাক বাস্তবায়িত কৰা হৈছে সেইটোৱে নতুন উত্তৰপ্রদেশৰ পৰিচয়ক আৰু অধিক মজবুত কৰিছে। আজি আপোনালোকৰ সৈতে কথা পাতি মোৰ যথেষ্ট ভাল লাগিছে। যি সাহসৰে, যি বিশ্বাস লৈ আপোনালোকে কৈছে, যি সততা আপোনালোকৰ প্ৰতিটো শব্দত প্রস্ফুটিত হৈছে, তাৰ পৰা মই যথেষ্ট আনন্দিত হৈছো৷ আপোনালোকৰ বাবে কাম কৰাৰ উৎসাহ মোৰ মনত আৰু অধিক বৃদ্ধি পাইছে। আপোনালোকৰ সৈতে যিমানেই কথা নাপাতো লাগিলে, সেয়া যেন কম হ’ব। আহক, এতিয়া আজিৰ কাৰ্যসূচীক লৈ কথা পাতো!

আজিৰ এই অনুষ্ঠানত উপস্থিত উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ যিমান যোগী সিমানেই কর্মযোগী। এনে জনপ্রিয় মুখ্যমন্ত্রী, উত্তৰপ্রদেশ চৰকাৰৰ আমাৰ সকলো মন্ত্রী, সংসদত মোৰ সহকর্মীসকল, সকলো সাংসদ, বিধায়ক, মেয়ৰ, জিলা পঞ্চায়তৰ সভাপতি আৰু বৃহৎ হাৰত উত্তৰপ্রদেশৰ বিভিন্ন প্রান্তৰ পৰা আহি একত্রিত হোৱা মোৰ প্রিয় ভাই-ভনীসকল, এই আগষ্ট মাহতো ভাৰতৰ ইতিহাসত অতি গুৰুত্বপূর্ণ। আৰম্ভণি দিনটোৰ পৰাই এক ধৰণৰ সাফল্য লৈ আহিছে। এনে লাগে যেন ভাৰতৰ বিজয়ৰ সূত্রপাত হৈছে। তাৰ মাজতো আজিৰ এই ৫ আগষ্টৰ দিনটো বিশেষ হৈ পৰিছে, অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে। ইতিহাসে এই দিনটোক বহু বছৰ ধৰি মনত ৰাখিব। এই ৫ আগষ্ট তাৰিখতে দুবছৰ পূৰ্বে ভাৰতবাসীয়ে ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ ভাৱনাক আৰু অধিক শক্তিশালী কৰিছিল। প্রায় সাত দশক পাছ আজিৰ দিনটোতে ভাৰতৰ সংবিধানৰ পৰা ৩৭০ ধাৰা বাতিল কৰি জম্মু-কাশ্মীৰৰ প্রতিগৰাকী নাগৰিকক সকলো ধৰণৰ নাগৰিক অধিকাৰ আৰু সুবিধাৰ অংশীদাৰ কৰি তোলা হৈছিল৷ এই ৫ আগষ্ট তাৰিখতে বিগত বছৰ কোটি কোটি ভাৰতীয়ৰ কেইবাশ বছৰ অপেক্ষাৰ পাছৰ ৰাম মন্দিৰ নির্মাণৰ প্রথম শুভাৰম্ভ হৈছে৷ আজি অযোধ্যাত দ্রুতগতিত ৰাম মন্দিৰ নিৰ্মাণ হৈছে আৰু এই বছৰ আজি ৫ আগষ্টত পুনৰবাৰ আমাৰ সকলোৰে বাবে উৎসাহ আৰু উদ্দীপনা লৈ আহিছে। আজিয়েই অলিম্পিকত দেশৰ যুৱশক্তিয়ে হকীত নিজৰ গৌৰৱ পুনৰুদ্ধাৰৰ কৰিবলৈ সক্ষম হৈছে। প্রায় চাৰি দশক পাছত এই সোনালী ক্ষণ আহিছে। যি হকী এদিন আমাৰ জাতীয় পৰিচয় আছিল, আজি আমাৰ যুৱকসকলে সেই গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ জৰিয়তে দেশক ডাঙৰ উপহাৰ দিছে আৰ এয়াও এক সংযোগ যি আজিৰ দিনটোতে উত্তৰপ্রদেশৰ ১৫ কোটি লোকৰ বাবে ইমান পূণ্য আয়োজন অনুষ্ঠিত হৈছে৷ মোৰ দুখীয়া পৰিয়ালৰ ৮০ কোটিতকৈও অধিক লোকক এবছৰতকৈও অধিক সময় ধৰি বিনামূলীয়াকৈ খাদ্যশস্য দিয়া হৈছিল৷ আজি এই পূণ্য অনুষ্ঠানত আহি আপোনালোকৰ সকলোৰে সৈতে সাক্ষাৎ কৰাৰ সৌভাগ্য হৈছে৷

ভাই-ভনীসকল,
এফালে, আমাৰ দেশ, আমাৰ যুৱশক্তি ভাৰতৰ বাবে নতুন নতুন সাফল্য অর্জন কৰিছে, জয়সূচক গ’লৰ পাছত আৰু অধিক গ’ল কৰিছে, আনপালে দেশত এনে একাংশ লোকো আছে যিসকলে ৰাজনীতিৰ স্বার্থত নিমজ্জিত হৈ কিছু কাম কৰি আহিছে৷ তেওঁলোকে যেন আত্মঘাতী গ’ল দিয়াতে ব্যস্ত। দেশে কি বিচাৰে, দেশে কি অর্জন কৰিছে, দেশ কিদৰে পৰিৱর্তন হৈছে, তাক লৈ তেওঁৱোৰৰ কোনো গুৰুত্ব নাই। এই লোকসকলে নিজৰ স্বার্থৰ বাবে দেশৰ সময় আৰু ভাৱনা উভয়কে আহত কৰাৰ কামত ব্যস্ত। ভাৰতৰ সংসদৰ জন-ভাৱনাৰ অভিব্যক্তিৰ পবিত্র স্থলক এই লোকসকলে ৰাজনৈতিক স্বার্থৰ ফলত নিৰন্তৰ অপমান কৰি আহিছে। আজি সমগ্ৰ দেশে মানৱতাৰ ওপৰত আক্ৰমণ হোৱাত আটাইতকৈ ডাঙৰ সংকটৰ বিৰুদ্ধে, ১০০ বছৰৰ বৃহত্তম বিপর্যয়ৰ পৰা বাহিৰ হৈ অহাৰ বাবে যুঁজ কৰিছে। এফালে দেশবাসী একগোট হৈ বিপর্যয়ৰ পৰা মুক্ত হোৱাৰ চেষ্টা কৰিছে, আৰু আনফালে এওঁলোকে কিদৰে দেশহিতকৰ কর্মযজ্ঞত বাধা দিব পৰা যায়, তাৰ প্রতিযোগিতাত ব্যস্ত। কিন্তু বন্ধুসকল, এই মহান দেশ, এই দেশৰ মহান জনগণে এনে স্বার্থপৰ আৰু দেশ বিৰোধী ৰাজনীতিকক গুৰুত্ব নিদিয়ে৷ এইসকলে দেশক, দেশৰ উন্নয়নক বাধা দিয়াৰ যিমানে চেষ্টা নকৰক কিয় এই দেশ, এই দেশৰ আগুৱাই যোৱাৰ গতিক তেওঁলোকে আৰু বাধা দিব নোৱাৰে৷ তেওঁলোকে সংসদক স্তব্ধ কৰাৰ চেষ্টা কৰিছে, কিন্তু ১৩০ কোটি জনগণ দেশক এইসকলে বাধা দিয়া কামত প্রতিহত কৰাৰ বাবে আগুৱাই আহিব। প্ৰতিটো সমস্যকে প্ৰত্যাহ্বান জনাই দেশে প্রতিগৰাকী ক্ষেত্রত দ্রুতগতিত আগুৱাই গৈছে। মাত্র বিগত কেইটমান সপ্তাহৰ সাফল্য যদি চাই তেতিয়াহ’লে বুজিব পাৰিব যে দেশ কিমান গতিত নতুন সাফল্য অর্জন কৰিছে। আৰু একাংশ লোকে দিল্লীত সংসদ স্তব্ধ কৰিব বিচাৰে!

বিগত কেইটামান সপ্তাহত যিদিশতে চোৱা যায়, ভাৰতীয়সকলৰ সামর্থ্য আৰু সাফল্য দেখা গৈছে৷ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ অভূতপূর্ব প্রদর্শনত সমগ্ৰ দেশ উৎসাহিত হৈছে। ভাৰত টিকাকৰণৰ ক্ষেত্রতো ৫০ কোটিৰ সীমা অতিক্ৰম কৰাৰ দিশে গতি কৰিছে৷ কেইদিনমানৰ ভিতৰতে পাৰ হ’ব৷ এই ক’ৰোনাৰ কালখণ্ডতো ভাৰতীয়সকলৰ উদ্যমে নতুন নতুন সফলতা আনিছে। জুলাইত জিএছটিৰ সংগ্রহ অথবা মোৰ ৰপ্তানি–উভয় ক্ষেত্রতে ভাৰত নতুন উচ্চতা স্পর্শ কৰিছে। জুলাইত ১লাখ ১৬ হাজাৰ কোটি টকাৰ জিএছটি সংগ্রহ হোৱাটোৱে এইটো দেখায় যে অর্থনীতি পূর্ণ গতিত আগুৱাই গৈছে৷ তেনেকৈয়ে স্বাধীনতাৰ পাছত প্রথমবাৰ এমাহত ভাৰতৰ ৰপ্তানি ২.৫ লাখ কোটিতকৈও অধিক হৈছে৷ কৃষি ৰপ্তানিত আমি বহু দশক পাছত বিশ্বৰ সর্বোচ্চ ১০খন দেশৰ তালিকাত অন্তৰ্ভূক্ত হৈছে৷ ভাৰত কৃষি-প্রধান দেশ৷ কিন্তু বহু দশক পাছত ৰপ্তানিত সর্বোচ্চ ১০খন দেশৰ মাজত আমাৰ নাম আহিছে। ভাৰতৰ গৌৰৱ, দেশৰ প্রথম ‘মেড ইন ইণ্ডিয়া’, বিমানবাহক যুদ্ধজাহাজ ‘বিক্রান্ত’এ সমুদ্রত তাৰ অনুশীলন আৰম্ভ কৰিছে। প্রত্যেক সমস্যাক প্ৰত্যাহ্বান জনাই ভাৰত লাদাখত বিশ্বৰ সর্বোচ্চ মোটৰেবল ৰোডৰ নির্মাণ সম্পূর্ণ কৰিছে। সম্প্রতি ভাৰত ‘ই-ৰুপি’ আৰম্ভ কৰিছে, যি অনাগত দিনত ডিজিটেল ইণ্ডিয়াক শক্তিশালী কৰিব আৰু জনকল্যাণ প্রকল্পসমূহ সম্পূর্ণৰূপে লক্ষ্য সাধনত সফল হ’ব।

বন্ধুসকল,
যিসকলে কেৱল নিজৰ পদক লৈ চিন্তিত, তেওঁলোকে এতিয়া ভাৰতক বাধা দিব পৰা নাই৷ নতুন ভাৰতে পদ নহয়, পদক জয়েৰে বিশ্বত নিজৰ সন্মান বৃদ্ধি কৰিছে৷ নতুন ভাৰতত আগুৱাই যোৱাৰ পথ পৰিয়াল নহয়, পৰিশ্রমৰ মাধ্যমেৰে নির্ধাৰিত হ’ব। সেইবাবে আজি ভাৰতৰ যুৱশক্তিয়ে কৈছে, ভাৰত আগুৱাই গৈছে, ভাৰতৰ যুৱশক্তি আগুৱাই গৈছে।

বন্ধুসকল,
এই পর্যায়ত যোগীজি আৰু তেওঁৰ চৰকাৰে আজি যি কাৰ্যসূচী হাতত লৈছে, সেয়া আৰু অধিক গুৰুত্বপূর্ণ হৈ উঠিছে৷ এই কঠিন সময়ত এজন দুখীয়ালোকো যেন এনেকৈ নাথাকে, যাঁৰ ঘৰত ৰেচন নাই-সেয়া সুনিশ্চিত কৰাটো অতি জৰুৰী৷

বন্ধুসকল,
১০০ বছৰৰ আটাইতকৈ ডাঙৰ বিপর্যয় এই মহামাৰীয়ে কেৱল নহয়, ইয়াৰ লগে লগে বহু দিশত দেশ আৰু বিশ্বৰ কোটি কোটি মানুহক, সম্পূর্ণ মানৱজাতিক নিজৰ কৰাল গ্রাসত লৈ আহিছে আৰু সেইটোৱে আটাইতকৈ ডাঙৰ বিপর্যয় সৃষ্টি কৰিছে৷ অতীতত আমি দেখিছো যেতিয়া দেশত এই ধৰণৰ ডাঙৰ সংকট আহে, যেতিয়া দেশৰ সকলো ব্যৱস্থা বিপর্যস্ত হৈ পৰিছিল, মানুহৰ বিশ্বাসো নাইকিয়া হৈ গৈছিল, কিন্ত আজি ভাৰতৰ প্রতিগৰাকী নাগৰিকে সম্পূর্ণ শক্তিৰে এই মহামাৰীৰ মোকাবিলা কৰিছে৷ স্বাস্থ্য সেৱাৰ সৈতে জড়িত আন্তঃগাঁথনি নির্মাণৰ পৰা আৰম্ভ কৰি বিশ্বৰ সর্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযান অথবা ভাৰতবাসীক অনাহাৰৰ পৰা ৰক্ষা কৰাৰ আটাইতকৈ ডাঙৰ অভিযান, লাখ লাখ কোটি টকাৰ এই কাৰ্যসূচী আজি ভাৰতে সফলতাৰে সম্পূৰ্ণ কৰিছে। মহামাৰীৰ এই সংকটৰ মাজত ভাৰতে বৃহৎ সংখ্যক কর্মসংস্থাপন সৃষ্টিকাৰী আৰু ডাঙৰ ডাঙৰ আন্তঃগাঁথনি প্ৰকল্পও পৰি থাকিব দিয়া নাই। মই যথেষ্ট আনন্দিত যে উত্তৰপ্রদেশ আৰু উত্তৰপ্রদেশৰ জনগণে দেশৰ সামর্থ্য বৃদ্ধিৰ বাবে কান্ধত কান্ধ মিলাই কাম কৰিছে৷ উত্তৰপ্রদেশত হাইৱে, এক্সপ্রেছৱে, ডেডিকেটেড ফ্রেট কৰিড’ৰ আৰু ডিফেন্স কৰিডৰৰ দৰে প্রকল্প যিদৰে দ্রুতগতিত আগুৱাই গৈছে, এয়া তাৰ জলন্ত উদাহৰণ।
বন্ধুসকল,
ইমান সংকট সত্ত্বেও আজি দেশ ৰেচনৰ পৰা আৰম্ভ কৰি অন্যান্য খাদ্য আৰু পানীৰ মূল্য সমগ্ৰ বিশ্বত যিদৰে আকাশলংঘী হৈছে, সিমান ভাৰতত হোৱা নাই৷ আমি জানো কম পৰিমাণে বানপানী হ’লেও গাখীৰ আৰু শাক-পাচলিৰ দাম কিমান বৃদ্ধি পায়৷ সৰু বিপর্যয় আহিলে সামগ্ৰীৰ মূল্য কিদৰে বাঢ়ি যায় আৰু আমাৰ সন্মুখততো বিশাল সমস্যাৰ পাহাৰ। কিন্তু মই মোৰ দুখীয়া আৰু মধ্যবিত্ত ভাই-ভনীসকলৰ মনত বিশ্বাস যোগাব বিচাৰো, আমি সম্পূর্ণৰূপে চেষ্টা কৰিছো যাতে সামগ্ৰী মূল্য আমি নিয়ন্ত্রণত ৰাখিব পাৰো আৰু এয়া আপোনালোকৰ সহযোগিতাৰ জৰিয়তে সম্ভব হ’ব। ক’ৰোনাকালতো কৃষি আৰু ইয়াৰ সৈতে জড়িত কামক আপোনালোকে ৰ’বলৈ দিয়া নাই। পূর্ণ সজাগতাৰে জাৰি ৰাখিছে৷ কৃষকসকলে বীজৰ পৰা আৰম্ভ কৰি সাৰলৈকে পাইছিল আৰ তেওঁলোকৰ ফচল বিক্ৰী কৰিব যাতে কোনো সমস্যা নহয়, তেওঁৰ যথোচিত ব্যৱস্থা কৰা হৈছে৷ ফলস্বৰূপে আমাৰ কৃষকসকলেও অভিলেখ সংখ্যক ফচল উৎপাদন কৰিছে আৰু চৰকাৰেও অভিলেখ পৰিমাণৰ ফচল ন্যূনতম সমৰ্থিত মূল্যত ক্রয় কৰি নতুন ৰেকর্ড স্থাপন কৰিছে আৰ আমাৰ যোগীজীৰ নেতৃত্বাধীন চৰকাৰেও বিগত চাৰি বছৰত ন্যূনতম সমৰ্থিত মূল্যত শস্য কিনাৰ ক্ষেত্রত প্রতি বছৰ নতুন নতুন অভিলেখ ৰচিছে। উত্তৰপ্রদেশত প্রত্যেক বছৰ গম আৰ ধান ক্রয়ৰ ক্ষেত্রত বিগত বছৰৰ তুলনাত প্রায় দুগুণ সংখ্যক কৃষকসকলে ন্যূনতম সমৰ্থিত মূল্য পাই লাভবান হৈছে৷ উত্তৰপ্রদেশৰ ১৩ লাখৰো অধিক কৃষক পৰিয়ালক তেওঁৰ উৎপন্ন ফচলৰ মূল্য হিচাপে প্রায় ২৪ হাজাৰ কোটি টকা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্ট প্ৰদান কৰা হৈছে৷

বন্ধুসকল,
কেন্দ্রীয় চৰকাৰ আৰু উত্তৰপ্রদেশ চৰকাৰৰ ডবল ইঞ্জিনে সাধাৰণ মানুহৰ সুবিধা আৰু সবলীকৰণৰ বাবে ক্রমাগত চেষ্টা চলাই গৈছে৷ ক’ৰোনাৰ বিপর্যয় অহা সত্ত্বেও দুখীয়া লোকসকলৰ বাবে নির্ধাৰিত কোনো সেৱা, কোনো অভিযানৰ গতি ৰুদ্ধ হোৱা নাই। উত্তৰপ্রদেশত এতিয়ালৈকে ১৭লক্ষাধিক গ্রামীণ আৰু চহৰত দুখীয়া পৰিয়ালৰ বাবে নিজা পকী ঘৰ মঞ্জুৰ কৰা হৈছে৷ লাখ লাখ দুখীয়া পৰিয়ালে ঘৰৰ মাজতে শৌচালয়ৰ সুবিধা পাইছে৷ প্রায় ১.৫ কোটি দুখীয়া পৰিয়ালক ‘উজ্জ্বলা’ আঁচনিৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছ সংযোগ আৰু লাখ লাখ পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে৷ প্রতিটো ঘৰত নলসংযোগীৰ পানীৰ জৰিয়তে পানী প্ৰদানৰ কাম মিচন মোডত চলিছে। বিগত দুবছৰত উত্তৰপ্রদেশত ২৭ লাখ গ্রামীণ পৰিয়াল নলৰ জৰিয়তে পানী প্ৰদান কৰা হৈছে৷

ভাই-ভনীসকল,
দ্বৈত ইঞ্জিনৰ চৰকাৰে এইটো সুনিশ্চিত কৰিছে যে দুখীয়া, দলিত, পিছ পৰা শ্ৰেণীৰ লোক, আদিবাসীসকলৰ বাবে ৰচিত প্রকল্পসমূহ দ্রুতগতিত তৃণমূল পৰ্যায়ত বাস্তবায়িত হওক। পিএম স্বনিধি যোজনাৰ এটা ডাঙৰ উদাহৰণ। ক’ৰোনাত সৃষ্ট প্রতিকূল পৰিস্থিতিতো ৰে’ল লাইনৰ কাষত বহা বিক্রেতা আৰু ঠেলাৱালা ভাই-ভনীসকলৰ বৃত্তিক আকৌ পথলৈ অনাৰ বাবে তেওঁৰ বাবে বেংক ঋণৰ ব্যৱস্থা কৰা হৈছে৷ অতি কম সময়তে এই প্রকল্পৰ মাধ্যমে উত্তৰপ্রদেশৰ প্রায় ১০ লাখ বন্ধু উপকৃত হৈছে৷

বন্ধুসকল,
বিগত দশকসমূহত উত্তৰপ্রদেশৰ পৰিচয় কি ধৰণৰ আছিল? উত্তৰপ্রদেশ সম্পর্কে কি বুলি কোৱা হৈছিল সেয়া হয়তো আপোনালোকৰ মনত আছে। উত্তৰপ্রদেশক সদায় ৰাজনীতিৰ দৃষ্টিৰে চোৱা হৈছে৷ উত্তৰপ্রদেশে যে দেশৰ উন্নয়নত অগ্রণী ভূমিকা পালন কৰিব পাৰে, তাক লৈ আলোচনাও হোৱা দেখা নাছিল৷ দিল্লীৰ সিংহাসনৰ পথ উত্তৰপ্রদেশ হৈ যায়, এই সপোন দেখা বহু মানুহ আহিছে আৰু গৈছে৷ কিন্তু এই মানুহবোৰে কেতিয়াও এইকথা ভৱা নাই যে ভাৰতৰ সমৃদ্ধিৰ পথতো উত্তৰপ্রদেশ হৈয়ে যায়। এই লোকসকলে উত্তৰপ্রদেশক সচাকৈয়ে ৰাজনীতিৰ কেন্দ্র বনাই ৰাখিছিল৷ কোনো কোনোৱে বংশ পৰম্পৰাত, কোনো কোনোৱে নিজৰ পৰিয়ালৰ হিতৰ বাবে, আকৌ কোনো কোনোৱে নিজা ৰাজনৈতিক স্বার্থত উত্তৰপ্রদেশক কেৱল ব্যৱহাৰ কৰিছে৷ এই নেতাসকলৰ সংকীর্ণ ৰাজনীতিয়ে ভাৰতৰ ইমান ডাঙৰ ৰাজ্যক ভাৰতৰ আর্থিক উন্নয়নৰ সৈতে যুক্ত কৰা নাছিল৷ অৱশ্যে একাংশ লোক নিশ্চিতভাৱে নিজাকৈ সমৃদ্ধ হৈছে৷ কিছু পৰিয়াল ধনী হৈছে৷ এই লোকসকলে উত্তৰপ্রদেশক নহয়, কেৱল নিজক সমৃদ্ধ কৰিছিস। মই অতি আনন্দিত যে আজি উত্তৰপ্রদেশ এই ধৰণৰ লোকৰ কু-চক্রৰ পৰা বাহিৰ হৈ আহিছে। দ্বৈত ইঞ্জিনৰ চৰকাৰে উত্তৰপ্রদেশৰ সামর্থ্যক এক সংকুচিত দৃষ্টিৰে চোৱাৰ পদ্ধতি সলনি কৰিছে। উত্তৰপ্রদেশ ভাৰতৰ যাতে বিকাশ ইঞ্জিনৰ পাৱাৰ হাউছ হৈ উঠিব পাৰে এই আত্মবিশ্বাস বিগত বছৰসমূহত মানুহৰ মনত ঠাই পাইছে। উত্তৰপ্রদেশৰ ইতিহাসত প্রথমবাৰলৈ সাধাৰণ যুৱশক্তিৰ সপোন বাস্তবায়িত হোৱাৰ কথা হৈছে৷ উত্তৰপ্রদেশৰ ইতিহাসত প্রথমবাৰ অপৰাধীসকলৰ মনত ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে৷ উত্তৰপ্রদেশৰ ইতিহাসত প্রথমবাৰ দুখীয়া লোকসকলৰ অত্যাচাৰ কৰা, দুর্বল মানুহক ভয় দেখুওৱা আৰু বেদখলীৰ মনত ভয় সোমাইছে। যি ব্যৱস্থাক দুর্নীতি আৰু স্বজন-তোষণৰ ঘুনে কুটি কুটি খাইছিল, তাত এতিয়া সার্থক পৰিৱর্তনৰ সূচনা হৈছে৷ আজি উত্তৰপ্রদেশত এইটো সুনিশ্চিত কৰা হৈছে যে জনগণৰ অংশৰ প্ৰতিটো টকা যাতে পোনপটীয়াকৈ জনগণৰ বেংক একাউণ্টত সোমাই জনগণ লাভবান হয়। আজি উত্তৰপ্রদেশ বিনিয়োগৰ কেন্দ্র হৈ উঠিছে৷ ডাঙৰ ডাঙৰ কোম্পানীসমূহে আজি উত্তৰপ্রদেশত আহি ব্যৱসায় আৰম্ভ কৰাৰ বাবে আগ্ৰহী হৈছে৷ উত্তৰপ্রদেশত বিভিন্ন আন্তঃগাঁথনি নির্মাণৰ বৃহৎ প্ৰকল্প গঢ় লৈ উঠিছে। ঔদ্যোগিক কৰিড’ৰ নিৰ্মাণ হৈছে৷ কর্মসংস্থাপনৰ নতুন সুযোগ গঢ় লৈ উঠিছে।

ভাই-ভনীসকল,
উত্তৰপ্রদেশ, এই ৰাজ্যৰ পৰিশ্রমী ব্যক্তি, আত্মনির্ভৰ ভাৰত, এক বৈভৱশালী ভাৰত গঢ়ি তোলাৰ ডাঙৰ ভিত্তি আছে। আজি আমি স্বাধীনতাৰ ৭৫সংখ্যক বর্ষ পালন কৰিছো৷ স্বাধীনতা অমৃত মহোৎসৱ পালন কৰিছো৷ এই মহোৎসৱ কেৱল স্বাধীনতাৰ উৎসৱ নহয়, অহা ২৫ বছৰৰ বাবে ডাঙৰ লক্ষ্য, ডাঙৰ সংকল্পৰ পৰিসৰ সৃষ্টি কৰিছে৷ এই সংকল্পসমূহ বাস্তবায়িত কৰাৰ ক্ষেত্ৰত উত্তৰপ্রদেশৰ যথেষ্ট অংশীদাৰিত্ব আৰু দায়িত্ব আছে। বিগত দশকসমূহত উত্তৰপ্রদেশে যি অর্জন কৰিব পৰা নাছিল, এতিয়া সেইবোৰ অর্জনৰ সময় আহিছে। এই দশক একপ্ৰকাৰ উত্তৰপ্রদেশৰ বিগত সাত দশকত যি অভাৱ আছে সেয়া পূৰণ কৰাৰ দশক। এই কাম উত্তৰপ্রদেশৰ সাধাৰণ যুৱকসকলে, আমাৰ কন্যাসকলে, দুখীয়া, দলিত, বঞ্চিত, পিছ পৰা শ্ৰেণীৰ লোকসকলৰ পর্যাপ্ত অংশীদাৰিত্বত আৰু তেওঁলোকৰ উন্নত সুযোগ নিদিয়াকৈ সম্ভৱ নহয়৷ ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’–এই মন্ত্রক লৈ আমি আগুৱাই গৈছো। বিগত সময়ত শিক্ষা সংক্রান্তীয় দুটা বৃহৎ এমন সিদ্ধান্ত লোৱা হৈছে যি উত্তৰপ্রদেশৰ ছাত্র-ছাত্রীসকলক লাভবান কৰি তুলিব। প্রথম সিদ্ধান্তটো হ’ল ইঞ্জিনিয়াৰিং অধ্যয়নক লৈ৷ ইঞ্জিনিয়াৰিং আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্রত উত্তৰপ্রদেশৰ গাঁও আৰু দুখীয়া সন্তানসকলে মূলত ভাষা সমস্যাৰ কাৰণে অধিকাংশ ক্ষেত্রতে বঞ্চিত হৈ আছিল৷ এতিয়া আমি এই বাধ্যতাক অন্ত পেলাইছো৷ হিন্দীকে ধৰি বহু ভাৰতীয় ভাষাত ইঞ্জিনিয়াৰিং আৰু কাৰিকৰী শিক্ষাৰ পঢ়া-শুনা আৰম্ভ হৈছে৷ আধুনিক প্রযুক্তি ব্যৱহাৰ কৰি শ্রেষ্ঠ পাঠক্রম প্ৰস্তুত কৰা হৈছে৷ দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্রতিষ্ঠান ইতিমধ্যে এই সুবিধা আৰম্ভ হৈছে।

ভাই-ভনীসকল,
আন এটা গুৰুত্বপূর্ণ সিদ্ধান্ত মেডিকেল শিক্ষাক লৈ লোৱা হৈছে৷ মেডিকেল শিক্ষাত সর্বভাৰতীয় কোটাৰ পৰা অ’বিচিক পিছ পৰা শ্ৰেণীৰ সংৰক্ষণৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছিল৷ এই স্থিতি সলনি কৰি বৰ্তমান আমাৰ চৰকাৰে মেডিকেল শিক্ষাৰ ক্ষেত্রত ২৭ শতাংশ সংৰক্ষণ আৰম্ভ কৰিছে। কেৱল ইমানেই নহয়, সাধাৰণ শ্ৰেণীৰ দুখীয়া পৰিয়ালৰ সন্তান-সন্ততিৰ বাবে ইয়াত ১০ শতাংশ সংৰক্ষণ ৰখা হৈছে৷ এই শিক্ষাবর্ষৰ পৰাই এই সংৰক্ষণ কাৰ্যকৰী কৰা হ’ব। এই সিদ্ধান্তৰ ফলত চিকিৎসা বৃত্তিত যিসকলে যোগদান কৰিব বিচাৰে তেওঁলোকৰ সুবিধা হ’ব। এটা ডাঙৰ টেলেন্ট পুলৰ বাবে সুযোগ আহিব আৰু সমাজৰ প্রত্যেক অংশৰ লোকসকল আগুৱাই যোৱাৰ ক্ষেত্রত উৎসাহিত হ’ব৷ দুখীয়া লোকসকলে ল’ৰা-ছোৱালী চিকিৎসক হোৱাৰ পথ মুকলি হৈছে।

ভাই-ভনীসকল,
স্বাস্থ্য ক্ষেত্রতো বিগত বছৰত উত্তৰপ্রদেশত অভূতপূর্ব কাম হৈছে৷ কল্পনা কৰক এই ক’ৰোনাৰ দৰে বিশ্ব মহামাৰী যদি ৪-৫ বছৰ পূৰ্বে আহিলহেতেন  তেতিয়াহলে উত্তৰপ্রদেশৰ কি অৱস্থা হ’লহেতেন। তেতিয়াতো সাধাৰণ চর্দি-কাঁহ-জ্বৰ-পেট বিষয়ৰ দৰে ৰোগতো জীৱন সংকট হৈ পৰিছিল৷ আজি উত্তৰপ্রদেশে ক’ৰোনা টিকাকৰণৰ ক্ষেত্রত প্রায় ৫ কোটি ২৫ লাখৰ সীমা অতিক্ৰম কৰা প্রথম ৰাজ্যত পৰিণত হৈছে সেয়াও ইমান কম সময়তে যেতিয়া একাংশ লোকে ৰাজনৈতিক স্বার্থত ‘মেড ইন ইণ্ডিয়া’ টিকাক লৈ ক্রমাগত অপপ্ৰচাৰ চলাই আহিছে৷ কিন্তু উত্তৰপ্রদেশৰ সাধাৰণ মানুহ এই অপপ্ৰচাৰ, এই মিথ্যাচাৰক নস্যাৎ কৰিছে। মোৰ দৃঢ় বিশ্বাস যে উত্তৰপ্রদেশে ‘সকলোকে টিকা বিনামূলীয়া টিকা’ অভিযানক আৰু অধিক ক্ষিপ্ৰতাৰে আগুৱাই নিব আৰ মাস্ক, দুইগজৰ দূৰত্বেৰ নিয়মক লৈ গাফিলতি নকৰে৷ পুনৰবাৰ পিএম গৰীৱ কল্যাণ অন্ন যোজনাৰ সকলো হিতাধিকাৰীক বহুত বহুত শুভকামনা জনাইছো আৰু পৰৱৰ্তী দিনত বহু উৎসৱ আহিছে, দীপাৱলীলৈকে উৎসৱেই উৎসৱ, সেইবাবে আমি সিদ্ধান্ত লৈছো এই উৎসৱৰ দিনসমূহত আমাৰ কোনো দুখীয়া পৰিয়াল যাতে সমস্যাত নপৰে, কোনেও যেন খালী পেটে নাথাকে, সেয়া সুনিশ্চিত কৰিবলৈ দীপাৱলীলৈকে এই বিনামূলী খাদ্য সামগ্ৰী প্ৰদান অভিযান অব্যাহত থাকিব৷ মই পুনৰবাৰ আপোনালোক সকলোকে আগন্তুক সকলো উৎসৱৰ বাবে বহুত বহুত শুভকামনা জনাইছো। আপোনালোক সুস্থ থাকক, আপোনালোকৰ পৰিয়ালবৰ্গ সুস্থ থাকক। সকলোকে বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Year Ender 2025: Major Income Tax And GST Reforms Redefine India's Tax Landscape

Media Coverage

Year Ender 2025: Major Income Tax And GST Reforms Redefine India's Tax Landscape
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs Fifth National Conference of Chief Secretaries in Delhi
December 28, 2025
Viksit Bharat is synonymous with quality and excellence in governance, delivery and manufacturing: PM
PM says India has boarded the ‘Reform Express’, powered by the strength of its youth
PM highlights that India's demographic advantage can significantly accelerate the journey towards Viksit Bharat
‘Made in India’ must become a symbol of global excellence and competitiveness: PM
PM emphasises the need to strengthen Aatmanirbharta and strengthen our commitment to 'Zero Effect, Zero Defect’
PM suggests identifying 100 products for domestic manufacturing to reduce import dependence and strengthen economic resilience
PM urges every State must to give top priority to soon to be launched National Manufacturing Mission
PM calls upon states to encourage manufacturing, boost ‘Ease of Doing Business’ and make India a Global Services Giant
PM emphasises on shifting to high value agriculture to make India the food basket of the world
PM directs States to prepare roadmap for creating a global level tourism destination

Prime Minister Narendra Modi addressed the 5th National Conference of Chief Secretaries in Delhi, earlier today. The three-day Conference was held in Pusa, Delhi from 26 to 28 December, 2025.

Prime Minister observed that this conference marks another decisive step in strengthening the spirit of cooperative federalism and deepening Centre-State partnership to achieve the vision of Viksit Bharat.

Prime Minister emphasised that Human Capital comprising knowledge, skills, health and capabilities is the fundamental driver of economic growth and social progress and must be developed through a coordinated Whole-of-Government approach.

The Conference included discussions around the overarching theme of ‘Human Capital for Viksit Bharat’. Highlighting India's demographic advantage, the Prime Minister stated that nearly 70 percent of the population is in the working-age group, creating a unique historical opportunity which, when combined with economic progress, can significantly accelerate India's journey towards Viksit Bharat.

Prime Minister said that India has boarded the “Reform Express”, driven primarily by the strength of its young population, and empowering this demographic remains the government’s key priority. Prime Minister noted that the Conference is being held at a time when the country is witnessing next-generation reforms and moving steadily towards becoming a major global economic power.

He further observed that Viksit Bharat is synonymous with quality and excellence and urged all stakeholders to move beyond average outcomes. Emphasising quality in governance, service delivery and manufacturing, the Prime Minister stated that the label "Made in India' must become a symbol of excellence and global competitiveness.

Prime Minister emphasised the need to strengthen Aatmanirbharta, stating that India must pursue self-reliance with zero defect in products and minimal environmental impact, making the label 'Made in India' synonymous with quality and strengthen our commitment to 'Zero Effect, Zero Defect.’ He urged the Centre and States to jointly identify 100 products for domestic manufacturing to reduce import dependence and strengthen economic resilience in line with the vision of Viksit Bharat.

Prime Minister emphasised the need to map skill demand at the State and global levels to better design skill development strategies. In higher education too, he suggested that there is a need for academia and industry to work together to create high quality talent.

For livelihoods of youth, Prime Minister observed that tourism can play a huge role. He highlighted that India has a rich heritage and history with a potential to be among the top global tourist destinations. He urged the States to prepare a roadmap for creating at least one global level tourist destination and nourishing an entire tourist ecosystem.

PM Modi said that it is important to align the Indian national sports calendar with the global sports calendar. India is working to host the 2036 Olympics. India needs to prepare infrastructure and sports ecosystem at par with global standards. He observed that young kids should be identified, nurtured and trained to compete at that time. He urged the States that the next 10 years must be invested in them, only then will India get desired results in such sports events. Organising and promoting sports events and tournaments at local and district level and keeping data of players will create a vibrant sports environment.

PM Modi said that soon India would be launching the National Manufacturing Mission (NMM). Every State must give this top priority and create infrastructure to attract global companies. He further said that it included Ease of Doing Business, especially with respect to land, utilities and social infrastructure. He also called upon states to encourage manufacturing, boost ‘Ease of Doing Business’ and strengthen the services sector. In the services sector, PM Modi said that there should be greater emphasis on other areas like Healthcare, education, transport, tourism, professional services, AI, etc. to make India a Global Services Giant.

Prime Minister also emphasized that as India aspires to be the food basket of the world, we need to shift to high value agriculture, dairy, fisheries, with a focus on exports. He pointed out that the PM Dhan Dhanya Scheme has identified 100 districts with lower productivity. Similarly, in learning outcomes States must identify the lowest 100 districts and must work on addressing the issues around the low indicators.

PM also urged the States to use Gyan Bharatam Mission for digitization of manuscripts. He said that States may start a Abhiyan to digitize such manuscripts available in States. Once these manuscripts are digitized, Al can be used for synthesizing the wisdom and knowledge available.

Prime Minister noted that the Conference reflects India’s tradition of collective thinking and constructive policy dialogue, and that the Chief Secretaries Conference, institutionalised by the Government of India, has become an effective platform for collective deliberation.

Prime Minister emphasised that States should work in tandem with the discussions and decisions emerging from both the Chief Secretaries and the DGPs Conferences to strengthen governance and implementation.

Prime Minister suggested that similar conferences could be replicated at the departmental level to promote a national perspective among officers and improve governance outcomes in pursuit of Viksit Bharat.

Prime Minister also said that all States and UTs must prepare capacity building plan along with the Capacity Building Commission. He said that use of Al in governance and awareness on cyber security is need of the hour. States and Centre have to put emphasis on cyber security for the security of every citizen.

Prime Minister said that the technology can provide secure and stable solutions through our entire life cycle. There is a need to utilise technology to bring about quality in governance.

In the conclusion, Prime Minister said that every State must create 10-year actionable plans based on the discussions of this Conference with 1, 2, 5 and 10 year target timelines wherein technology can be utilised for regular monitoring.

The three-day Conference emphasised on special themes which included Early Childhood Education; Schooling; Skilling; Higher Education; and Sports and Extracurricular Activities recognising their role in building a resilient, inclusive and future-ready workforce.

Discussion during the Conference

The discussions during the Conference reflected the spirit of Team India, where the Centre and States came together with a shared commitment to transform ideas into action. The deliberations emphasised the importance of ensuring time-bound implementation of agreed outcomes so that the vision of Viksit Bharat translates into tangible improvements in citizens’ lives. The sessions provided a comprehensive assessment of the current situation, key challenges and possible solutions across priority areas related to human capital development.

The Conference also facilitated focused deliberations over meals on Heritage & Manuscript Preservation and Digitisation; and Ayush for All with emphasis on integrating knowledge in primary healthcare delivery.

The deliberations also emphasised the importance of effective delivery, citizen-centric governance and outcome-oriented implementation to ensure that development initiatives translate into measurable on-ground impact. The discussions highlighted the need to strengthen institutional capacity, improve inter-departmental coordination and adopt data-driven monitoring frameworks to enhance service delivery. Focus was placed on simplifying processes, leveraging technology and ensuring last-mile reach so that benefits of development reach every citizen in a timely, transparent and inclusive manner, in alignment with the vision of Viksit Bharat.

The Conference featured a series of special sessions that enabled focused deliberations on cross-cutting and emerging priorities. These sessions examined policy pathways and best practices on Deregulation in States, Technology in Governance: Opportunities, Risks & Mitigation; AgriStack for Smart Supply Chain & Market Linkages; One State, One World Class Tourist Destination; Aatmanirbhar Bharat & Swadeshi; and Plans for a post-Left Wing Extremism future. The discussions highlighted the importance of cooperative federalism, replication of successful State-level initiatives and time-bound implementation to translate deliberations into measurable outcomes.

The Conference was attended by Chief Secretaries, senior officials of all States/Union Territories, domain experts and senior officers in the centre.