আমি দিল্লীক উন্নয়নশীল ভাৰতৰ মনোভাৱক প্ৰতিফলিত কৰা বিকাশৰ আৰ্হি হিচাপে গঢ়ি তুলিছো: প্ৰধানমন্ত্ৰী
আমাৰ নিৰন্তৰ প্ৰচেষ্টা হৈছে মানুহৰ জীৱন সহজ কৰি তোলা, আমাৰ লক্ষ্য প্ৰতিটো নীতি আৰু প্ৰতিটো সিদ্ধান্তক পথ প্ৰদৰ্শন কৰাঃ প্ৰধানমন্ত্ৰী
আমাৰ বাবে সংস্কাৰৰ অৰ্থ হ’ল সুশাসনৰ সম্প্ৰসাৰণ: প্ৰধানমন্ত্ৰী
পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে দুগুণ সুবিধা কঢ়িয়াই আনিব: প্ৰধানমন্ত্ৰী
ভাৰতক শক্তিশালী কৰিবলৈ আমি চক্ৰধাৰী মোহন (শ্ৰী কৃষ্ণ)ৰ পৰা প্ৰেৰণা ল’ব লাগিব, ভাৰতক স্বাৱলম্বী কৰিবলৈ হ’লে আমি চৰখাধাৰী মোহন (মহাত্মা গান্ধী)ৰ পথ অনুসৰণ কৰিব লাগিব: প্ৰধানমন্ত্ৰী
আহক আমি ভোকেল ফৰ লোকেলক আকোঁৱালি লওঁ, আহক আমি বিশ্বাস কৰোঁ আৰু ভাৰতত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰোঁ: প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,

এক্সপ্ৰেছৱেৰ নাম দ্বাৰকা আৰু এই কাৰ্যসূচী চলি থকা ঠাইখনৰ নাম ৰোহিনী, জন্মাষ্টমীৰ আনন্দ আৰু কাকতলীয়াভাৱে মইও দ্বাৰকাধীশৰ ভূমিৰ, সমগ্ৰ পৰিৱেশটো অতি কৃষ্ণময়ী (কৃষ্ণভৰা) হৈ পৰিছে।

বন্ধুসকল,

এই আগষ্ট মাহটো স্বাধীনতা আৰু বিপ্লৱৰ ৰঙেৰে ৰঙীণ হৈ পৰিছে। স্বাধীনতাৰ এই উৎসৱৰ মাজতে আজি দেশৰ ৰাজধানী দিল্লী চলিত উন্নয়ন বিপ্লৱৰ সাক্ষী হৈ পৰিছে। কিছু সময়ৰ আগতে দিল্লীয়ে দ্বাৰকা এক্সপ্ৰেছৱে আৰু নগৰ সম্প্ৰসাৰণ পথৰ সংযোগ লাভ কৰিছিল। ইয়াৰ ফলত দিল্লী, গুৰুগ্ৰাম আৰু সমগ্ৰ এনচিআৰবাসীৰ সুবিধা বৃদ্ধি পাব। কাৰ্যালয় আৰু কাৰখানালৈ অহা-যোৱা কৰাটো সহজ হৈ পৰিব, সকলোৰে সময় ৰাহি হ’ব। ব্যৱসায়ী আৰু আমাৰ কৃষকসকলে বিশেষ সুবিধা লাভ কৰিবলৈ গৈ আছে। এই আধুনিক পথ আৰু আধুনিক আন্তঃগাঁথনিৰ বাবে দিল্লী-এনচিআৰৰ সকলো ৰাইজক অভিনন্দন জনাইছো।

 

বন্ধুসকল,

দুদিন পূৰ্বে, ১৫ আগষ্টত লালকিল্লাৰ পৰা দেশৰ অৰ্থনীতি, দেশৰ স্বাৱলম্বীতা, দেশৰ আত্মবিশ্বাসৰ বিষয়ে আত্মবিশ্বাসেৰে কথা পাতিছিলোঁ। আজিৰ ভাৰতে কি ভাবিছে, কি সপোন দেখিছে, কি সংকল্প লৈছে, এই সকলোবোৰ আজি সমগ্ৰ বিশ্বই অনুভৱ কৰিছে।

আৰু বন্ধুসকল,

বিশ্বই যেতিয়া ভাৰতলৈ চায়, মূল্যায়ন কৰে, তেতিয়া তাৰ প্ৰথম দৃষ্টি আমাৰ ৰাজধানী আমাৰ দিল্লীৰ ওপৰত পৰে। গতিকে দিল্লীক আমি উন্নয়নৰ এনে আৰ্হি হিচাপে গঢ়ি তুলিব লাগিব, য’ত সকলোৱে অনুভৱ কৰে যে হয়, এইখনেই উন্নয়নশীল ভাৰতৰ ৰাজধানী।

বন্ধুসকল,

বিগত ১১ বছৰে কেন্দ্ৰৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে ইয়াৰ বাবে বিভিন্ন স্তৰত অবিৰতভাৱে কাম কৰি আহিছে। এতিয়া যিহেতু সংযোগৰ বিষয়টোও আছে। যোৱা দশকত দিল্লী-এনচিআৰৰ সংযোগৰ অভূতপূৰ্ব উন্নতি হৈছে। ইয়াত আধুনিক আৰু বহল এক্সপ্ৰেছৱে আছে, দিল্লী-এনচিআৰ মেট্ৰ’ নেটৱৰ্কৰ ক্ষেত্ৰত ই বিশ্বৰ অন্যতম বৃহৎ নেটৱৰ্ক এলেকা। ইয়াত নমো ভাৰতৰ দৰে আধুনিক দ্ৰুত ৰে’ল ব্যৱস্থা আছে। অৰ্থাৎ যোৱা ১১ বছৰত দিল্লী-এনচিআৰত অহা-যোৱা কৰাটো আগৰ তুলনাত সহজ হৈ পৰিছে।

বন্ধুসকল,

দিল্লীক এখন মহানগৰ হিচাপে গঢ়ি তোলাৰ বাবে আমি যি কাম হাতত লৈছো সেয়া অব্যাহত আছে। আজিও আমি সকলোৱে ইয়াৰ সাক্ষী। দ্বাৰকা এক্সপ্ৰেছৱেই হওক বা আৰ্বান এক্সটেনচন ৰোডেই হওক, দুয়োটা পথেই চমৎকাৰভাৱে নিৰ্মাণ কৰা হৈছে। পেৰিফেৰেল এক্সপ্ৰেছৱেৰ পিছত এতিয়া আৰ্বান এক্সটেনচন ৰোডে দিল্লীক বহুত সহায় কৰিবলৈ গৈ আছে।

 

বন্ধুসকল,

নগৰ সম্প্ৰসাৰণ পথৰ আন এটা বৈশিষ্ট্য আছে। লগতে দিল্লীক জাবৰৰ পাহাৰৰ পৰা মুক্ত কৰাত সহায় কৰিছে। নগৰ সম্প্ৰসাৰণ পথ নিৰ্মাণত লাখ টন আৱৰ্জনা ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ জাবৰৰ পাহাৰ কমাই সেই পেলনীয়া সামগ্ৰী পথ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে আৰু বিজ্ঞানসন্মতভাৱে এই কাম কৰা হৈছে। ভালছোৱা লেণ্ডফিল ছাইট ওচৰতে। ইয়াৰ আশে-পাশে বাস কৰা পৰিয়ালবোৰৰ বাবে এইটো কিমান সমস্যাৰ বিষয় আমি সকলোৱে জানো। আমাৰ চৰকাৰে দিল্লীবাসীক এনে প্ৰতিটো সমস্যাৰ পৰা মুক্ত কৰিবলৈ কাম কৰি আছে।

বন্ধুসকল,

ৰেখা গুপ্তা জীৰ নেতৃত্বত দিল্লীৰ বিজেপি চৰকাৰখনে যমুনা চাফা কৰাত অহৰহ ব্যস্ত হৈ থকাত মই সুখী। মোক কোৱা হৈছিল যে ইমান কম সময়ৰ ভিতৰতে যমুনাৰ পৰা ১৬ লাখ মেট্ৰিক টন পলি আঁতৰোৱা হৈছে। কেৱল ইমানেই নহয়, অতি কম সময়ৰ ভিতৰতে দিল্লীত ৬৫০খন দেৱী বৈদ্যুতিক বাছ মুকলি কৰা হৈছে আৰু কেৱল এয়াই নহয়, ভৱিষ্যতেও ইলেক্ট্ৰিক বাছে প্ৰায় দুহাজাৰৰ সংখ্যা অতিক্ৰম কৰিব। ইয়াৰ দ্বাৰা সেউজ দিল্লী-স্বচ্ছ দিল্লীৰ মন্ত্ৰ আৰু অধিক শক্তিশালী হয়।

বন্ধুসকল,

বহু বছৰৰ পাছত ৰাজধানী দিল্লীত গঠন হ’ল বিজেপি চৰকাৰ। দীৰ্ঘদিন ধৰি আমি দূৰৈৰ পৰাও ক্ষমতাত নাছিলো আৰু আমি দেখিবলৈ পাওঁ যে আগৰ চৰকাৰবোৰে দিল্লীক ধ্বংস কৰাৰ ধৰণ, দিল্লীক যিদৰে এনে গাঁতত ঠেলি দিয়া হৈছে, মই জানো যে দীৰ্ঘদিন ধৰি বাঢ়ি অহা সমস্যাৰ পৰা দিল্লীক উলিয়াই অনাটো নতুন বিজেপি চৰকাৰৰ বাবে কিমান কঠিন হ’ব। প্ৰথমে গাঁতটো ভৰোৱাত শক্তি খৰচ হ’ব আৰু তাৰ পিছত অতি কষ্টেৰে কিছু কাম দেখা যাব। কিন্তু মোৰ বিশ্বাস যে আপুনি দিল্লীত বাছনি কৰা দলটোৱে কঠোৰ পৰিশ্ৰম কৰি দিল্লীক যোৱা কেইবাটাও দশক ধৰি সন্মুখীন হোৱা সমস্যাৰ পৰা উলিয়াই আনিব।

 

বন্ধুসকল,

এই কাকতলীয়া ঘটনা প্ৰথমবাৰৰ বাবে ঘটিছে, যেতিয়া সকলোতে বিজেপি চৰকাৰ আছে, দিল্লী, হাৰিয়ানা, ইউ পি আৰু ৰাজস্থানত। এই সমগ্ৰ অঞ্চলটোৱে বিজেপিক কিমান আশীৰ্বাদ দিছে, আমাৰ সকলোকে ইয়াৰ পৰাই বুজা যায়। গতিকে আমাৰ দায়িত্ব বুজি আমি দিল্লী-এনচিআৰৰ উন্নয়নত নিয়োজিত হৈ আছো। অৱশ্যে কিছুমান ৰাজনৈতিক দল এতিয়াও ৰাইজৰ এই আশীৰ্বাদ হজম কৰিবলৈ সক্ষম হোৱা নাই। জনসাধাৰণৰ আস্থা আৰু স্থল বাস্তৱ দুয়োটাৰে পৰা তেওঁলোক অতি বিচ্ছিন্ন; তেওঁলোক বহু দূৰলৈ গৈছে। কেইমাহমানৰ আগতে কেনেদৰে দিল্লী আৰু হাৰিয়ানাৰ জনসাধাৰণক ইজনে সিজনৰ বিৰুদ্ধে থিয় কৰাবলৈ, তেওঁলোকৰ মাজত শত্ৰুতা সৃষ্টি কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। আনকি হাৰিয়ানাৰ জনসাধাৰণে দিল্লীৰ পানীত বিষাক্ত দ্ৰব্য খুৱাইছে বুলিও কোৱা হৈছিল। দিল্লী আৰু সমগ্ৰ এন চি আৰ এনে নেতিবাচক ৰাজনীতিৰ পৰা মুক্ত হৈছে। এতিয়া আমি এনচিআৰক ৰূপান্তৰিত কৰাৰ সংকল্প লৈ আগবাঢ়িছো। আৰু মই নিশ্চিত যে আমি কৰিম।

বন্ধুসকল,

সুশাসন বিজেপি চৰকাৰৰ পৰিচয়। বিজেপি চৰকাৰৰ বাবে জনসাধাৰণ সৰ্বোচ্চ। তুমি আমাৰ উচ্চ আদেশ; আমাৰ অহৰহ প্ৰচেষ্টা হৈছে জনসাধাৰণৰ জীৱন সহজ কৰি তোলা। আমাৰ নীতিত এই কথা প্ৰতিফলিত হয়, আমাৰ সিদ্ধান্তত দেখা যায়। হাৰিয়ানাত কংগ্ৰেছে শাসন কৰিছিল, কোনো খৰচি-পাৰচী নোহোৱাকৈ (কিছুমান টকা বা আন উপকাৰ নিদিয়াকৈ) এপইণ্টমেণ্ট এটাও পোৱাটো কঠিন হৈ পৰিছিল। কিন্তু হাৰিয়ানাত বিজেপি চৰকাৰে সম্পূৰ্ণ স্বচ্ছতাৰে লাখ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিছে। নায়ব সিং ছাইনী জীৰ নেতৃত্বত এই প্ৰক্ৰিয়া অব্যাহত আছে।

বন্ধুসকল,

ইয়াত দিল্লীতো আগতে যিসকলে বস্তিত আছিল, যিসকলৰ নিজৰ ঘৰ নাছিল, তেওঁলোকে পকী ঘৰ পাইছে। য’ত বিদ্যুৎ, পানী, গেছ সংযোগ নাছিল, তাতেই এই সকলোবোৰ সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। আৰু যদি মই দেশৰ কথা কওঁ, তেন্তে যোৱা ১১ বছৰত দেশত অভিলেখ সংখ্যক পথ নিৰ্মাণ হৈছে, আৰু আমাৰ ৰে’ল ষ্টেচনবোৰ সংস্কাৰ কৰা হৈছে। বন্দে ভাৰতৰ দৰে আধুনিক ৰে’লে আমাক গৌৰৱেৰে ভৰাই তোলে। সৰু সৰু চহৰত বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। মাত্ৰ চাওক এনচিআৰত কিমান বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। এতিয়া হিণ্ডন বিমানবন্দৰৰ পৰাও বহু চহৰলৈ বিমান যাত্ৰা আৰম্ভ হৈছে। নয়ডাৰ বিমানবন্দৰটোও অতি সোনকালে সাজু হ’বলৈ গৈ আছে।

 

বন্ধুসকল,

যোৱা দশকত দেশৰ পুৰণি প্ৰথা সলনি হ’লেহে এইটো সম্ভৱ হৈছে। দেশখনক যি স্তৰৰ আন্তঃগাঁথনিৰ প্ৰয়োজন আছিল, যি গতিৰে নিৰ্মাণ হ’ব লাগিছিল, সেয়া আগতে হোৱা নাছিল। এতিয়া আমাৰ হাতত আছে ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে। দিল্লী-এনচিআৰে বহু দশক ধৰি ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আহিছিল। ইউপিএ চৰকাৰৰ দিনত এই সন্দৰ্ভত ফাইল চলিবলৈ ধৰিলে। কিন্তু কাম আৰম্ভ হ’ল যেতিয়া আপুনি আমাক সেৱা কৰাৰ সুযোগ দিলে। কেন্দ্ৰত আৰু হাৰিয়ানাত যেতিয়া বিজেপি চৰকাৰ গঠন হৈছিল। আজি এই পথসমূহে অতি গৌৰৱেৰে সেৱা আগবঢ়াইছে।

বন্ধুসকল,

উন্নয়ন প্ৰকল্পৰ প্ৰতি উদাসীনতাৰ এই পৰিস্থিতি কেৱল দিল্লী-এনচিআৰতে নাছিল, সমগ্ৰ দেশতে আছিল। প্ৰথমতে আন্তঃগাঁথনিৰ বাজেট আগতে বহুত কম আছিল, আনকি যিবোৰ প্ৰকল্প অনুমোদিত হৈছিল সেইবোৰো বছৰ বছৰ ধৰি সম্পূৰ্ণ নহ’ল। যোৱা ১১ বছৰত আমি আন্তঃগাঁথনিৰ বাজেট ৬ গুণতকৈও অধিক বৃদ্ধি কৰিছো। এতিয়া আঁচনিসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়া হৈছে। সেইবাবেই আজি দ্বাৰকা এক্সপ্ৰেছৱেৰ দৰে প্ৰকল্প সম্পূৰ্ণ হৈ উঠিছে।

আৰু ভাই-ভনীসকল,

এই সকলো ধন বিনিয়োগ কৰাৰ লগে লগে কেৱল সুবিধাৰ সৃষ্টি হোৱাই নহয়, এই প্ৰকল্পসমূহেও বিপুল সংখ্যক চাকৰিৰ সৃষ্টি কৰিছে। ইমান নিৰ্মাণৰ কাম হ’লে শ্ৰমিকৰ পৰা অভিযন্তালৈকে লাখ লাখ মানুহে কৰ্মসংস্থাপন লাভ কৰে। ব্যৱহৃত নিৰ্মাণ সামগ্ৰীৰ সৈতে জড়িত কাৰখানা আৰু দোকানত চাকৰি বৃদ্ধি পায়। পৰিবহণ আৰু লজিষ্টিকত নিয়োগৰ সৃষ্টি হয়।

 

বন্ধুসকল,

যিসকলে দীৰ্ঘদিনে চৰকাৰ চলাই আহিছে তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ লক্ষ্য আছিল জনসাধাৰণক শাসন কৰা। আমাৰ প্ৰচেষ্টা হৈছে চৰকাৰী হেঁচা আৰু মানুহৰ জীৱনত হস্তক্ষেপ দুয়োটাৰে অন্ত পেলোৱা। আগতে, দিল্লীত কি পৰিস্থিতি আছিল তাৰ আন এটা উদাহৰণ দিম। এই কথা শুনি আপুনি থতমত খাব। দিল্লীত থকা আমাৰ স্বচ্ছতা মিত্ৰ সকল, চাফাই কামত নিয়োজিত সহকৰ্মী সকলে দিল্লীত অতি ডাঙৰ দায়িত্ব পালন কৰে। পুৱা সাৰ পোৱাৰ লগে লগে প্ৰথমে তেওঁলোকক ধন্যবাদ দিয়া উচিত। কিন্তু পূৰ্বৰ চৰকাৰসমূহে এই লোকসকলক তেওঁলোকৰ দাস বুলি গণ্য কৰিছিল। মোৰ এই সৰু সৰু চাফাই কৰা ভাইসকলৰ কথা কৈছোঁ। সংবিধানক মূৰত লৈ নাচি থকা এইসকল লোকে, কেনেকৈ সংবিধানক থেতেলিয়াই পেলালে, বাবা চাহেবৰ আৱেগক কেনেকৈ প্ৰতাৰণা কৰিলে, আজি মই আপোনালোকক সেই সঁচা কথা ক’বলৈ ওলাইছো। মই কোৱা কথাবোৰ শুনি আপুনি স্তম্ভিত হৈ পৰিব। দিল্লীত অনাময় কৰ্মী হিচাপে কাম কৰা মোৰ ভাই-ভনীসকলৰ বাবে এই দেশত, দিল্লীত তেওঁলোকৰ বাবে বিপদজনক আইন আছিল। দিল্লী পৌৰ নিগম আইনত এটা কথা লিখা আছিল যে যদি কোনোবা অনাময় কৰ্মীয়ে অৱগত নকৰাকৈ কামলৈ নাহে তেন্তে তেওঁক এমাহৰ বাবে জেলত ভৰোৱা হ’ব পাৰে। তুমি কোৱা, নিজে চিন্তা, এই মানুহবোৰে চফাই কৰমচাৰীৰ কথা কি ভাবিছিল। আপুনি তেওঁলোকক জেলত ভৰাই দিবনে, সেইটোও সৰু ভুলৰ বাবে? সামাজিক ন্যায়ৰ কথা আজি ডাঙৰ কথা কোৱা সকলে, দেশত এনে বহু নিয়ম-আইন বজাই ৰাখিছিল। মোদীয়েই এনে ভুল আইনবোৰ খান্দি বিচাৰি উলিয়াই সেইবোৰ নিৰ্মূল কৰি আছে। আমাৰ চৰকাৰে ইতিমধ্যে এনে শ শ আইন বিলুপ্ত কৰিছে আৰু এই অভিযান অব্যাহত আছে।

বন্ধুসকল,

আমাৰ বাবে সংস্কাৰৰ অৰ্থ হ’ল সুশাসনৰ সম্প্ৰসাৰণ। গতিকে আমি সংস্কাৰৰ ওপৰত অহৰহ গুৰুত্ব দি আছো। আগন্তুক সময়ত আমি বহুতো ডাঙৰ ডাঙৰ সংস্কাৰ কৰিবলৈ ওলাইছো যাতে জীৱন আৰু ব্যৱসায় দুয়োটা কামেই সহজ হৈ পৰে।

বন্ধুসকল,

এই ক্ৰমত জি এছ টিত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ হ’বলৈ গৈ আছে। এই দীপাৱলীত দেশবাসীয়ে জি এছ টি সংস্কাৰৰ পৰা দুগুণ বোনাছ পাবলৈ গৈ আছে। আমি ইয়াৰ সম্পূৰ্ণ ফৰ্মেট ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিছো। ভাৰত চৰকাৰৰ এই পদক্ষেপত সকলো ৰাজ্যই সহযোগ কৰিব বুলি আশা কৰিলোঁ। আমি এই প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ কৰিম যাতে এই দীপাৱলী অধিক দৰ্শনীয় হ'ব পাৰে। আমাৰ প্ৰচেষ্টা হৈছে জি এছ টি আৰু অধিক সহজ কৰি তোলা আৰু কৰ হাৰ সংশোধন কৰা। প্ৰতিটো পৰিয়াল, দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণী, প্ৰতিজন সৰু-ডাঙৰ উদ্যোগী, প্ৰতিজন ব্যৱসায়ী আৰু ব্যৱসায়ী ইয়াৰ দ্বাৰা উপকৃত হ’ব।

 

বন্ধুসকল,

ভাৰতৰ সৰ্ববৃহৎ শক্তি হৈছে আমাৰ প্ৰাচীন সংস্কৃতি, আমাৰ প্ৰাচীন ঐতিহ্য। এই সাংস্কৃতিক ঐতিহ্যৰ এটা জীৱন দৰ্শন, এটা জীৱন্ত দৰ্শন আৰু এই জীৱন দৰ্শনত আমি চক্ৰধাৰী মোহন আৰু চৰখাধাৰী মোহন দুয়োকে চিনি পাওঁ। মাজে মাজে চক্ৰধাৰী মোহনৰ পৰা চৰখাধাৰী মোহনলৈকে দুয়োটাৰে অভিজ্ঞতা লাভ কৰো। চক্ৰধাৰী মোহন মানে সুদৰ্শন চক্ৰৰ বাহক ভগৱান শ্ৰীকৃষ্ণ, যিয়ে জনসাধাৰণক সুদৰ্শন চক্ৰৰ শক্তি অনুভৱ কৰাইছিল আৰু চৰখাধাৰী মোহন মানে মহাত্মা গান্ধী, যিয়ে জনসাধাৰণক চৰখা ঘূৰাই স্বদেশীৰ শক্তি অনুভৱ কৰাইছিল।

বন্ধুসকল,

ভাৰতক সবলীকৰণৰ বাবে আমি চক্ৰধাৰী মোহনৰ পৰা প্ৰেৰণা লৈ আগবাঢ়িব লাগিব আৰু ভাৰতক স্বাৱলম্বী কৰিবলৈ আমি চৰখাধাৰী মোহনৰ পথ অনুসৰণ কৰিব লাগিব। ভোকেল ফৰ লোকেল আমি আমাৰ জীৱন মন্ত্ৰ কৰি তুলিব লাগিব।

বন্ধুসকল,

এই কাম আমাৰ বাবে কঠিন নহয়। আমি যেতিয়াই কোনো প্ৰতিশ্ৰুতি লৈছো তেতিয়াই আমি সেইটো কৰিছো। খাদীৰ এটা সৰু উদাহৰণ দিম, খাদীয়ে বিলুপ্তিৰ পথত উপনীত হৈছিল, সেই বিষয়ে সুধিবলৈ কোনো নাছিল, যেতিয়া আপুনি মোক সেৱা কৰাৰ সুযোগ দিছিল, মই দেশৰ ওচৰত আবেদন জনাইছিলো, দেশে প্ৰতিশ্ৰুতি লৈছিল আৰু তাৰ ফলও দেখা গৈছিল। এটা দশকত খাদীৰ বিক্ৰী প্ৰায় ৭ গুণ বৃদ্ধি পাইছে। দেশৰ জনসাধাৰণে ভোকেল ফৰ লোকেলৰ মন্ত্ৰৰে খাদী গ্ৰহণ কৰিছে। একেদৰে দেশে মেড ইন ইণ্ডিয়া ফোনৰ ওপৰতো আস্থা প্ৰকাশ কৰিছে। ১১ বছৰ আগতে আমি প্ৰয়োজনীয় বেছিভাগ ফোন আমদানি কৰিছিলোঁ। আজি বেছিভাগ ভাৰতীয়ই মেড ইন ইণ্ডিয়া ফোন ব্যৱহাৰ কৰে। আজি আমি প্ৰতি বছৰে ৩০-৩৫ কোটি মোবাইল ফোন, ৩০-৩৫ কোটি, ৩০-৩৫ কোটি মোবাইল ফোন নিৰ্মাণ কৰি আছো আৰু ৰপ্তানিও কৰি আছো।

 

বন্ধুসকল,

আমাৰ মেড ইন ইণ্ডিয়া আমাৰ ইউ পি আই আজি বিশ্বৰ সৰ্ববৃহৎ ৰিয়েল টাইম ডিজিটেল পেমেণ্ট প্লেটফৰ্ম, বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ হৈ পৰিছে। ভাৰতত নিৰ্মিত ৰেলৱেৰ ডবা হওক বা ইঞ্জিন হওক, এতিয়া বিশ্বৰ আন দেশতো ইয়াৰ চাহিদা বাঢ়িছে।

বন্ধুসকল,

পথৰ আন্তঃগাঁথনি, আন্তঃগাঁথনিৰ কথা আহিলে ভাৰতে গতি শক্তিৰ মঞ্চ সৃষ্টি কৰিছে, ইয়াত ১৬০০ তৰপ, এহেজাৰ ছশ তৰপ তথ্য আৰু যিকোনো প্ৰকল্পই কেনেধৰণৰ পৰিস্থিতিৰ মাজেৰে যাব লাগিব, কি নিয়ম মানি চলিব লাগিব, বন্যপ্ৰাণী হওক বা বনাঞ্চল হওক, নদী হওক বা নলা হওক, এই সকলোবোৰ বস্তু মিনিটৰ ভিতৰতে পোৱা যায় আৰু প্ৰকল্পবোৰ দ্ৰুত গতিত আগবাঢ়িব লাগিব। আজি গতি শক্তিৰ এখন সুকীয়া বিশ্ববিদ্যালয়ৰ সৃষ্টি হৈছে আৰু দেশৰ প্ৰগতিৰ বাবে গতি শক্তি এক অতি শক্তিশালী পথত পৰিণত হৈছে।

বন্ধুসকল,

এক দশক আগলৈকে আমি আনকি বহিঃৰাজ্যৰ পৰাও খেলনা আমদানি কৰিছিলোঁ। কিন্তু আমি ভাৰতীয়সকলে যেতিয়া ভোকেল ফৰ লোকেল হোৱাৰ প্ৰতিশ্ৰুতি লৈছিলো, তেতিয়া ভাৰততে কেৱল খেলনা সামগ্ৰীৰ বৃহৎ পৰিমাণে নিৰ্মাণ আৰম্ভ হোৱাই নহয়, আজি আমি বিশ্বৰ ১০০ খনতকৈও অধিক দেশলৈ খেলনা ৰপ্তানিও আৰম্ভ কৰিছো।

 

বন্ধুসকল,

সেয়ে আপোনালোক সকলো দেশবাসীলৈ পুনৰ অনুৰোধ কৰিম যে ভাৰতত নিৰ্মিত সামগ্ৰীৰ ওপৰত আমি বিশ্বাস ৰাখক। যদি আপুনি এজন ভাৰতীয়, তেন্তে কেৱল সেইবোৰ সামগ্ৰী কিনিব যিবোৰ ভাৰতত নিৰ্মিত, এতিয়া উৎসৱৰ বতৰ চলি আছে। আপোনাৰ স্থানীয় সামগ্ৰীৰ সুখ আপোনাৰ আপোনজনৰ সৈতে ভাগ কৰক, আপুনি সিদ্ধান্ত লওক, আপুনি উপহাৰ দিব লাগে যিবোৰ ভাৰতত নিৰ্মিত, ভাৰতীয়ই নিৰ্মিত।

 

বন্ধুসকল,

আজি ব্যৱসায়ী সমাজ আৰু দোকানীসকলকো এটা কথা ক’ব বিচাৰিছো; এটা সময়ত আপুনি হয়তো বিদেশত নিৰ্মিত সামগ্ৰী বিক্ৰী কৰিছিল যাতে আপুনি হয়তো ভাবিছিল যে আপুনি অলপ বেছি লাভ পাব পাৰে। এতিয়া আপুনি যি কৰিছে সেয়াই হৈছে, কিন্তু এতিয়া আপোনালোকেও মোক ভোকেল ফৰ লোকেলৰ মন্ত্ৰত সমৰ্থন কৰা উচিত। আপোনাৰ এই এক খোজে কেৱল দেশৰেই নহয় আপোনাৰ পৰিয়াল আৰু আপোনাৰ সন্তানকো উপকৃত কৰিব। আপুনি বিক্ৰী কৰা প্ৰতিটো সামগ্ৰীয়ে দেশৰ কোনোবা শ্ৰমিক বা কোনোবা দুখীয়া ব্যক্তিক উপকৃত কৰিব। আপুনি বিক্ৰী কৰা সকলো বস্তুৰ টকা ভাৰতত থাকিব আৰু কোনোবা ভাৰতীয়ক দিয়া হ’ব। অৰ্থাৎ ই ভাৰতীয়ৰ ক্ৰয় ক্ষমতা বৃদ্ধিহে কৰিব, অৰ্থনীতি শক্তিশালী কৰিব আৰু সেয়েহে আপোনালোকলৈ মোৰ অনুৰোধ যে মেড ইন ইণ্ডিয়াৰ সামগ্ৰী সম্পূৰ্ণ গৌৰৱেৰে বিক্ৰী কৰক।

বন্ধুসকল,

আজি দিল্লী এনে এখন ৰাজধানীত পৰিণত হৈছে যিয়ে ভাৰতৰ অতীতক তাৰ ভৱিষ্যতৰ সৈতে একত্ৰিত কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে দেশে নতুন কেন্দ্ৰীয় সচিবালয় লাভ কৰিছিল কৰ্তব্য ভৱন। এখন নতুন সংসদ নিৰ্মাণ কৰা হৈছে। নতুন ৰূপত আমাৰ সন্মুখত আছে কৰ্তব্য পথ। ভাৰত মণ্ডপম, যশোভূমিৰ দৰে আধুনিক সন্মিলন কেন্দ্ৰসমূহে আজি দিল্লীৰ গৌৰৱ বৃদ্ধি কৰিছে। এইবোৰে দিল্লীক ব্যৱসায় আৰু বাণিজ্যৰ বাবে এক উত্তম স্থান কৰি তুলিছে। মোৰ বিশ্বাস যে এই সকলো লোকৰ শক্তি আৰু প্ৰেৰণাৰে আমাৰ দিল্লী বিশ্বৰ শ্ৰেষ্ঠ ৰাজধানী হিচাপে আত্মপ্ৰকাশ কৰিব। এই কামনাৰে আকৌ এবাৰ এই উন্নয়নমূলক কামবোৰৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, দিল্লী, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশলৈ আৰু সমগ্ৰ অঞ্চলটোৰ উন্নয়ন হ’বলৈ গৈ আছে। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Safran’s Hyderabad engine MRO starts operations, targets 300 LEAP engines annually

Media Coverage

Safran’s Hyderabad engine MRO starts operations, targets 300 LEAP engines annually
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”