অসমৰ গতিশীল কৰ্মশক্তি আৰু দ্ৰুত বিকাশে ইয়াক এক আগশাৰীৰ বিনিয়োগৰ গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰিছেঃ প্ৰধানমন্ত্ৰী
বিশ্বৰ অনিশ্চয়তাৰ মাজতো এটা কথা নিশ্চিত– ভাৰত দ্ৰুতগতিত বিকশিত হৈছেঃ প্ৰধানমন্ত্ৰী
আমি উদ্যোগ, উদ্ভাৱনচালিত সংস্কৃতি আৰু ব্যৱসায়ৰ সহজতাৰ বাবে এটা সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছোঃ প্ৰধানমন্ত্ৰী
ভাৰতে মিছন মোডত নিজৰ উৎপাদন খণ্ড সম্প্ৰসাৰণ কৰি আছে, আমি মেক ইন ইণ্ডিয়াৰ অধীনত কম খৰচী উৎপাদনক প্ৰচাৰ কৰিছোঃ প্ৰধানমন্ত্ৰী
বিশ্বৰ অগ্ৰগতি ডিজিটেল বিপ্লৱ, উদ্ভাৱন আৰু প্ৰযুক্তিচালিত প্ৰগতিৰ ওপৰত নিৰ্ভৰশীলঃ প্ৰধানমন্ত্ৰী
ভাৰতত অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে অসম এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী
তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷

অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য্য ডাঙৰীয়া, দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, উদ্যোগৰ নেতৃত্ববৃন্দ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল!

পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।

 

বন্ধুসকল,

আজি আমি সকলোৱে বিশ্বৰ পৰিস্থিতি দেখিছোঁ আৰু বুজি পাইছোঁ। এই বৈশ্বিক অনিশ্চয়তাৰ মাজতো বিশ্বৰ সকলো বিশেষজ্ঞৰে এটা কথাত বিশ্বাস আছে। তেওঁলোকৰ এই নিশ্চয়তা ভাৰতৰ দ্ৰুত বিকাশক লৈ। ভাৰতৰ প্ৰতি এনে আস্থাৰ এক প্ৰকৃত কাৰণ আছে। আজিৰ ভাৰতে একবিংশ শতিকাৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী আৰু আগন্তুক ২৫ বছৰৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ পৰিসৰত কাম কৰি আছে। আজি বিশ্বই ভাৰতৰ যুৱ শক্তিৰ ওপৰত আস্থা প্ৰকাশ কৰিছে, তেওঁলোকে অতিশয় ক্ষীপ্ৰতাৰে দক্ষতা আহৰণ আৰু উদ্ভাৱন কৰি আছে। আজি বিশ্বই ভাৰতৰ নব্য মধ্যবিত্ত শ্ৰেণীক বিশ্বাস কৰে, যিসকলে দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত হৈ এক নতুন আকাংক্ষাৰে আগবাঢ়িছে। আজি বিশ্বই ভাৰতৰ ১৪০ কোটি জনসাধাৰণক বিশ্বাস কৰে, যিসকলে ৰাজনৈতিক সুস্থিৰতা আৰু নীতিগত ধাৰাবাহিকতাক সমৰ্থন জনাই আহিছে, আজি বিশ্বই ভাৰতৰ শাসন ব্যৱস্থাক বিশ্বাস কৰে, যিয়ে অবিৰতভাৱে সংস্কাৰ সাধন কৰিছে, আজি ভাৰতে নিজৰ স্থানীয় যোগান শৃংখল সুদৃঢ় কৰিছে, আজি ভাৰতে বিশ্বৰ ভিন্ন অঞ্চলৰ সৈতে মুক্ত বাণিজ্য চুক্তি সম্পন্ন কৰিছে। পূব এছিয়াৰ সৈতে আমাৰ যোগাযোগ ব্যৱস্থা ক্ৰমাগতভাৱে সুদৃঢ় হৈ পৰিছে। আৰু নতুন ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰেও বহু নতুন সম্ভাৱনাৰ উন্মেষ ঘটাইছে।

বন্ধুসকল,

আজি ভাৰতৰ ওপৰত বিশ্বৰ আস্থা বৃদ্ধি হোৱাৰ মাজতে আমি সকলো ইয়াৰ অসমত, মা কামাখ্যাৰ ভূমিত সমবেত হৈছোঁহি। ভাৰতৰ বিকাশৰ ক্ষেত্ৰত অসমৰ অৱদান ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০১৮ত প্ৰথম এডভান্টেজ আছাম সন্মিলন অনুষ্ঠিত হৈছিল। সেই সময়ত অসমৰ অৰ্থনীতিৰ মূল্য আছিল ২.৭৫ লাখ কোটি টকা। আজি অসম প্ৰায় ৬ লাখ কোটি টকাৰ অৰ্থনীতিসম্পন্ন এখন ৰাজ্যত পৰিণত হৈছে। অৰ্থাৎ বিজেপি চৰকাৰৰ মাত্ৰ ৬ বছৰতে অসমৰ অৰ্থনীতিৰ মূল্য দুগুণ বৃদ্ধি পাইছে। এয়াই হৈছে ডাবল ইঞ্জিন চৰকাৰৰ দুগুণ প্ৰভাৱ। আপোনালোক সকলোৱে অসমত কৰা বৃহৎ বিনিয়োগে অসমক এখনি অসীম সম্ভাৱনা সম্পন্ন ৰাজ্য কৰি তুলিছে। অসম চৰকাৰে ইয়াত শিক্ষা, দক্ষতা, ভিন্ন ধৰণৰ উন্নয়ন সাধনৰ লগতে এটি উন্নত বিনিয়োগৰ পৰিবেশত গুৰুত্ব আৰোপ কৰিছে। যোৱা কেইবছৰমানৰপৰা বিজেপি চৰকাৰে ইয়াত যোগাযোগ ব্যৱস্থা সম্পৰ্কীয় আন্তঃগাঁথনিৰ একাধিক কাম কৰিছে। মই এটা উদাহৰণ দিব খুজিছোঁ। ২০১৪ৰ পূৰ্বে ব্ৰহ্মপুত্ৰ নদীত মাত্ৰ তিনিখন দলং আছিল, অৰ্থাৎ ৭০ বছৰত মাত্ৰ তিনিখন দলং, কিন্তু যোৱা ১০ বছৰত আমি ৪ খন নতুন দলং নিৰ্মাণ কৰিছোঁ। ভাৰত ৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামেৰে আমি এখন দলঙক নামকৰণ কৰিছোঁ। ২০০৯ৰ পৰা ২০১৪ৰ ভিতৰত অসমে গড়ে ২,১০০ কোটি টকাৰ ৰেল বাজেট লাভ কৰিছিল। আমাৰ চৰকাৰে অসমৰ ৰেল বাজেট ৪ গুণৰো অধিক বৃদ্ধিৰে ১০ হাজাৰ কোটি টকা কৰিছে। অসমৰ ৬০ ৰো অধিক ৰেল ষ্টেচনৰো আধুনিকীকৰণৰ কাম অব্যাহত আছে। আজি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ছেমি হাই স্পীড ৰেলে গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰি আছে।

বন্ধুসকল,

অসমৰ বিমান সংযোগ দ্ৰুত গতিত সম্প্ৰসাৰিত হৈছে। ২০১৪লৈকে মাত্ৰ ৭ টা পথত বিমান সেৱা অব্যাহত আছিল, এতিয়া প্ৰায় ৩০ টা পথত বিমান সেৱা অব্যাহত আছে। ইয়াৰ ফলত স্থানীয় অৰ্থনীতিৰো এক বৃহৎ উত্থান ঘটিছে, ইয়াৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিছে।

 

বন্ধুসকল,

এই পৰিৱৰ্তন কেৱল আন্তঃগাঁথনিৰ মাজতে সীমাবদ্ধ নহয়। বৰঞ্চ অঞ্চলটোৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ অভূতপূৰ্ব অগ্ৰগতি সাধন হৈছে। বিগত দশকত একাধিক শান্তি চুক্তি স্বাক্ষৰিত হৈছে। দীৰ্ঘদিন ধৰি বাহাল থকা সীমান্ত সম্পৰ্কীয় সমস্যাসমূহ এতিয়া সমাধান কৰা হৈছে। আজি অসমৰ প্ৰতিটো অঞ্চল, প্ৰতিজন নাগৰিক, প্ৰতিগৰাকী যুৱক-যুৱতীয়ে ইয়াৰ উন্নয়নৰ বাবে দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰি আছে।

বন্ধুসকল,

আজি ভাৰতৰ অৰ্থনীতিৰ প্ৰতিটো খণ্ডতে, প্ৰতিটো স্তৰতে গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰা হৈছে। আমি ইজ অৱ ডুয়িং বিজনেছৰ অৰ্থে অবিৰতভাৱে কাম কৰি আহিছোঁ। আমি উদ্যোগ আৰু উদ্ভাৱনৰ সংস্কৃতিক প্ৰসাৰিত কৰিবলৈ এক সম্পূৰ্ণ ব্যৱস্থা গঢ়ি তুলিছোঁ। ষ্টাৰ্টআপ সম্পৰ্কীয় নীতিয়েই হওঁক, উৎপাদনৰ বাবে পিএলআই আঁচনিয়েই হওঁক বা উৎপাদন কোম্পানী আৰু এমএছএমইক কৰ ৰেহাই প্ৰদানেই হওঁক, আমি সকলোৰে ক্ষেত্ৰত উৎকৃষ্ট নীতি যুগুত কৰিছোঁ। চৰকাৰে দেশৰ আন্তঃগাঁথনিতো ব্যাপক বিনিয়োগ কৰিছে। প্ৰতিষ্ঠানিক সংস্কাৰ সাধন, উদ্যোগ, আন্তঃগাঁথনি আৰু উদ্ভাৱনৰ এই সমন্বয়েই হৈছে ভাৰতৰ প্ৰগতিৰ আধাৰ। আৰু সেইবাবেই বিনিয়োগকাৰীসকলেও দেশখনৰ সম্ভাৱনা তথা তেওঁলোকৰ আৰু দেশৰ অগ্ৰগতিৰ সম্ভাৱনা সলনি হোৱা দেখিবলৈ পাইছে। আৰু এই অগ্ৰগতিত অসমো ডাবল ইঞ্জিনৰ বেগেৰে আগবাঢ়িছে। অসমে ২০৩০ৰ ভিতৰত নিজৰ অৰ্থনীতিক ১৫০ বিলিয়ন ডলাৰত উপনীতকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মোৰ বিশ্বাস যে অসম নিশ্চিতভাৱে এই লক্ষ্যত উপনীত হ’ব পাৰিব। মোৰ এই আস্থাৰ কাৰণ অসমৰ সামৰ্থ্যৱান আৰু প্ৰতিভাশালী জনসাধাৰণ তথা ইয়াৰ বিজেপি চৰকাৰৰ দায়বদ্ধতা। আজি অসমে দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ মাজত দুৱাৰমুখ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই সম্ভাৱনাৰ অধিক বৰ্ধনৰ বাবে চৰকাৰে উত্তৰ-পূব ৰূপান্তৰশীল ঔদ্যোগীকৰণ আঁচনিৰ শুভাৰম্ভ কৰিছে, ইয়াক চমুকৈ "উন্নতি" (Unnati) বুলিও কোৱা হয়। এই আঁচনিখনে অসমকে প্ৰমুখ্য কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগ, বিনিয়োগ আৰু পৰ্যটনৰ অগ্ৰগতি সাধন কৰিব। মই এই আঁচনি আৰু অসমৰ অসীম সম্ভাৱনাৰ পূর্ণ সুবিধা গ্ৰহণ কৰিবলৈ ইয়াত সমবেত উদ্যোগৰ নেতৃত্ববৃন্দক আহ্বান জনাইছোঁ। অসমৰ প্ৰাকৃতিক সম্পদ আৰু কৌশলগত অৱস্থানে ইয়াক বিনিয়োগৰ পছন্দৰ স্থান হিচাপে গঢ়ি তুলিছে। অসমৰ শক্তিৰ এটা উদাহৰণ হ’ল অসম চাহ। অসম চাহ এক বৈশ্বিক ব্ৰেণ্ড, যি সমগ্ৰ বিশ্বৰ চাহপ্ৰেমীসকলৰ জীৱন যাত্ৰাৰ এক আদৰৰ উপাদান। অসম চাহৰ এতিয়া ২০০ বছৰ সম্পূৰ্ণ হ’ল। এই উত্তৰাধিকাৰে অসমক আন-আন খণ্ডতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰে।

বন্ধুসকল,

আজি বিশ্ব অৰ্থনীতিত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। বিশ্বই এক স্থিতিস্থাপক যোগান শৃংখলৰ দাবী কৰিছে। এনে গুৰুত্বপূৰ্ণ সময়ত ভাৰতে মিছন মোডত নিজৰ উৎপাদন খণ্ডক সুদৃঢ়কৰণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে। মেক ইন ইণ্ডিয়াৰ অধীনত আমি কম খৰচী উৎপাদনক উৎসাহিত কৰিছোঁ। আমাৰ উদ্যোগসমূহ যথা—ফাৰ্মাচিউটিকেলছ, ইলেক্ট্ৰনিকছ আৰু অট’ম’বাইলে কেৱল ঘৰুৱা চাহিদা পূৰণেই নহয়, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় বজাৰত উৎপাদনৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ নতুন মানদণ্ডও নিৰ্ধাৰণ কৰিছে। এই উৎপাদন বিপ্লৱত অসমে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

বন্ধুসকল,

বিশ্ব বাণিজ্যত অসমে সদায়েই যথেষ্ট অংশ অধিকাৰ কৰি আহিছে। আজি ভাৰতৰ অনশ্ব’ৰ প্রাকৃতিক গেছ উৎপাদনৰ ৫০% ৰো অধিক অংশ অসমৰ। যোৱা কেইবছৰমানৰপৰা অসমৰ শোধনাগাৰসমূহৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। ইলেক্ট্ৰনিকছ, অৰ্ধপৰিবাহী, সেউজ শক্তি আদি নতুন যুগৰ খণ্ডতো অসমৰ দ্ৰুতগতিত উত্থান ঘটিছে। চৰকাৰৰ নীতিৰ বাবেই অসম হাই-টেক উদ্যোগৰ লগতে ষ্টাৰ্ট-আপৰ কেন্দ্ৰস্থল হৈ পৰিছে।

বন্ধুসকল,

মাত্ৰ কেইদিনমান পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বাজেটত নামৰূপ সাৰ কাৰখানাৰ-চতুৰ্থ প্লান্টত অনুমোদন জনাইছে। অহা বছৰসমূহত এই ইউৰিয়া উৎপাদন প্ৰকল্পটোৱে কেৱল উত্তৰ-পূবেই নহয়, বৰঞ্চ সমগ্ৰ দেশৰ সাৰৰ চাহিদা পূৰণ কৰিব। অসম পূব ভাৰতৰ এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ দিনটোলৈ বেছি দিন নাই। এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

বন্ধুসকল,

একবিংশ শতিকাত বিশ্বৰ অগ্ৰগতি ডিজিটেল বিপ্লৱ, উদ্ভাৱন আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ বাবে আমি যিমানেই প্ৰস্তুতি চলাম, সিমানেই আমি বিশ্ব মঞ্চত শক্তিশালী হৈ উঠিম। সেইবাবেই আমাৰ চৰকাৰে একবিংশ শতিকাৰ নীতি আৰু কৌশলেৰে পূৰ্ণ গতিৰে আগবাঢ়িছে। আমাৰ সকলোৰে জ্ঞাত যে বিগত ১০ বছৰত ভাৰতে ইলেক্ট্ৰনিকছ আৰু ম’বাইল নিৰ্মাণৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। এতিয়া ভাৰতে অৰ্ধপৰিবাহী উৎপাদনতো একেই সফলতাৰ কাহিনী লিখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মই গৌৰৱান্বিত যে ভাৰতৰ অৰ্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত অসমে এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। কেইমাহমান পূৰ্বে অসমৰ জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি আৰু টেষ্ট ফেচিলিটি উদ্বোধন কৰা হৈছিল। এই উদ্যোগটোৱে আগন্তুক বছৰসমূহত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বন্ধুসকল,

অৰ্ধপৰিবাহী খণ্ডত উদ্ভাৱনক আগুৱাই নিবলৈ আমি আইআইটিসমূহৰ সৈতেও সহযোগিতা কৰিছোঁ। দেশত এটা অৰ্ধপৰিবাহী গৱেষণা কেন্দ্ৰও গঢ়ি তোলা হৈছে। এই দশকৰ শেষলৈকে ইলেক্ট্ৰনিকছ খণ্ডৰ মূল্য ৫০০ বিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে। আমাৰ গতি আৰু পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে যে অৰ্ধপৰিবাহী উৎপাদনত বিশ্বজুৰি পাৱাৰহাউছ হিচাপে আত্মপ্ৰকাশ কৰিব, সেয়া নিশ্চিত। ইয়াৰ ফলত লাখ-লাখ চাকৰিৰ সৃষ্টি হ’ব আৰু অসমৰ অৰ্থনীতি যথেষ্ট পৰিমাণে লাভান্বিত হ’ব।

 

বন্ধুসকল,

বিগত ১০ বছৰত ভাৰতে পাৰিপাৰ্শ্বিক দায়বদ্ধতাৰ প্ৰতি সচেতন হৈ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। আজি বিশ্বই আমাৰ নবীকৰণযোগ্য শক্তি অভিযানক আৰ্হি হিচাপে গণ্য কৰে আৰু সেয়েহে আমাৰ পন্থাক অনুসৰণ কৰিছে। যোৱা ১০ বছৰত সৌৰ, বতাহ আৰু বহনক্ষম শক্তি সম্পদৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগ কৰা হৈছে। ইয়াৰদ্বাৰা আমাৰ পাৰিপাৰ্শ্বিক অংগীকাৰ পৰিপূৰণেই নহয়, বৰঞ্চ আমাৰ নবীকৰণযোগ্য শক্তি উৎপাদন ক্ষমতাও যথেষ্ট বৃদ্ধি পাইছে। আমি ২০৩০ৰ ভিতৰত দেশৰ শক্তি আন্তঃগাঁথনিত ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তি ক্ষমতা সংযোজনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। ২০৩০ৰ ভিতৰত বাৰ্ষিক ৫ নিযুত মেট্ৰিক টন সেউজ হাইড্ৰজেন উৎপাদনৰ বাবেও চৰকাৰে এটা অভিযান অব্যাহত ৰাখিছে। গেছৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ লগে-লগে দেশত গেছৰ চাহিদাও দ্ৰুতগতিত বৃদ্ধি পাইছে। গেছ-ভিত্তিক অৰ্থনীতিৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে আৰু এই যাত্ৰাত অসমে অলেখ সুবিধা লাভ কৰিছে। চৰকাৰে উদ্যোগসমূহৰ বাবে অসংখ্য সুযোগ সৃষ্টি কৰিছে—পিএলআই আঁচনিৰপৰা আৰম্ভ কৰি সেউজ পদক্ষেপলৈকে, সকলো নীতি আপোনালোকৰ অনুকূলে যুগুত কৰা হৈছে। মই বিচাৰোঁ অসম নবীকৰণযোগ্য শক্তি খণ্ডত আগশাৰীৰ ৰাজ্য হৈ উঠক। এই ক্ষেত্ৰত আপোনালোকৰ দৰে উদ্যোগৰ নেতৃত্ববৃন্দ আগবাঢ়ি অহাটো আৱশ্যকীয়।

 

বন্ধুসকল,

২০৪৭ৰ ভিতৰত ভাৰতক এখনি ‘বিকশিত ভাৰত’ (উন্নত ভাৰত) হিচাপে গঢ়ি তোলাত পূব ভাৰতে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আজি উত্তৰ-পূব আৰু পূব ভাৰত আন্তঃগাঁথনি, লজিষ্টিক, কৃষি, পৰ্যটন, উদ্যোগৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। ভাৰতৰ উন্নয়নৰ যাত্ৰাত এই অঞ্চলটোৱে আগভাগ লোৱাৰ দিনটোলৈ বেছি দিন নাই। মোৰ দৃঢ় বিশ্বাস যে আপোনালোক এই যাত্ৰাৰ অংশীদাৰ হ’ব আৰু অসমৰ বিকাশত অৰিহণা যোগাব। আহক, আমি একেলগে কাম কৰি অসমক এনে এখন ৰাজ্য হিচাপে গঢ়ি তোলোঁ, যিয়ে ভাৰতৰ সামৰ্থ্যক সমগ্ৰ গ্ল’বেল চাউথত নতুন শিখৰত উপনীত কৰিব। আকৌ এবাৰ আপোনালোক সকলোকে এই সন্মিলনৰ বাবে শুভেচ্ছা জনাইছোঁ। আৰু এই কথা কৈ মই আপোনালোকক আশ্বাস প্ৰদান কৰিব খুজিছোঁ— এখনি ‘বিকশিত ভাৰত’ৰ যাত্ৰাত মই আপোনালোকৰ সৈতে থিয় দিছোঁ আৰু আপোনালোকৰ অৱদানক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছোঁ।

অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electronics exports up 11.62% to $5.09 billion in May

Media Coverage

India’s electronics exports up 11.62% to $5.09 billion in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to disburse incentives worth around ₹2,400 crore under PM-VBRY on 19 June
June 17, 2026
First-Time Employees to Receive Incentive of up to ₹15,000
To encourage sustained job creation, Employers eligible for Incentive of up to ₹3,000 per Month per Additional Employee
PM-VBRY is designed to facilitate Job Creation, Formalisation of Employment and Expansion of Social Security Coverage
Scheme has already Facilitated Employment for 15 Lakh Beneficiaries Across the Country

Prime Minister Shri Narendra Modi will disburse incentives worth around ₹2,400 crore under the Pradhan Mantri Viksit Bharat Rozgar Yojana (PM-VBRY) at a special programme to be held on 19 June 2026 at 5 PM at Vigyan Bhawan, New Delhi.

The disbursal marks a significant milestone in the implementation of PM-VBRY, the Government of India’s flagship employment-linked incentive scheme aimed at accelerating job creation, promoting formalisation of employment, enhancing employability, and expanding social security coverage across sectors. The scheme has already supported the creation of 15 lakh employment opportunities across the country.

PM-VBRY is designed to encourage both workers and employers to participate in the formal economy. Under the scheme, first-time employees are eligible for an incentive of up to ₹15,000, providing crucial support as they enter the workforce. Employers generating additional employment are eligible for incentives of up to ₹3,000 per month per additional employee, thereby encouraging sustained job creation. Recognising the strategic importance of manufacturing in driving economic growth, employers in the manufacturing sector are eligible to receive incentives for a period of four years, while employers in all other sectors can avail incentives for two years.

The scheme reflects the Government’s commitment to fostering an enabling ecosystem for employment-led growth and ensuring that the benefits of India’s economic progress translate into quality formal employment opportunities for its youth.

PM-VBRY came into effect on 1 August 2025. With a total outlay of ₹99,446 crore, the scheme aims to incentivise the creation of more than 3.5 crore jobs over a two-year period. Of these, approximately 1.92 crore beneficiaries are expected to be first-time entrants into the workforce. By supporting both employees and employers, the scheme is playing a transformative role in expanding formal employment, strengthening social security coverage, and advancing the vision of a Viksit Bharat.