ক্ৰিকেটৰ মহান খেলুৱৈৱে এই অনুষ্ঠানত শোভাবৰ্ধন কৰিছে
“শিৱ শক্তিৰ এটা স্থান চন্দ্ৰত, আনটো এই কাশীত”
“কাশীৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ডিজাইন ভগৱান মহাদেৱৰ নামত উৎসৰ্গিত”
“যেতিয়া ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হয়, তেতিয়া ই কেৱল যুৱ ক্ৰীড়া প্ৰতিভাক লালন-পালন কৰাত ইতিবাচক প্ৰভাৱ পেলোৱাই নহয়, স্থানীয় অৰ্থনীতিৰ বাবেও ভাল আগজাননী দিয়ে”
“এতিয়া দেশৰ আমেজ-জো খেলেগা ৱো হি খিলেগা”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে আৰু ৩০ একৰতকৈও অধিক এলেকাত বাৰাণসীৰ ৰাজাতলাবৰ গঞ্জাৰীত এই অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।
প্ৰধানমন্ত্ৰীয়ে মাতা বিন্ধ্যবাছিনীলৈ যোৱা পথৰ সংযোগস্থলত থকা এই স্থানৰ তাৎপৰ্য আৰু ৰাজ নাৰায়ণ জীয়ে য’ৰ পৰা অহা ঠাই মটিকোট গাঁৱৰ সৈতে ইয়াৰ সান্নিধ্যৰ কথাও উল্লেখ কৰে।
তেওঁ কয় যে নতুন আন্তঃগাঁথনিয়ে সৰু চহৰ আৰু গাঁৱৰ খেলুৱৈসকলক নতুন সুযোগ প্ৰদান কৰিব। খেলো ইণ্ডিয়াৰ অধীনত সৃষ্টি হোৱা আন্তঃগাঁথনিয়ে ছোৱালীক উপকৃত কৰি থকাত তেওঁ আনন্দ প্ৰকাশ কৰে।

হৰ হৰ মহাদেৱ!

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জীমঞ্চত উপবিষ্ট ইউপি চৰকাৰৰ অন্যান্য মন্ত্ৰীসকলজনপ্ৰতিনিধিসকলএই কাৰ্যসূচীত উপস্থিত দেশৰ ক্ৰীড়া জগতৰ সৈতে জড়িত সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কাশীৰ পৰিয়ালৰ লোকসকল।

আজি আকৌ বেনাৰস ভ্ৰমণৰ সুযোগ পালোঁ। বেনাৰসত পোৱা আনন্দ বুজাব নোৱাৰি। আকৌ এবাৰ কওক...ঔম নমঃ পাৰ্বতী পতয়েহৰ-হৰ মহাদেৱআজি মই এনে এটা দিনত কাশীলৈ আহিছোঁযেতিয়া চন্দ্ৰমাৰ শিৱশক্তি পইণ্ট গৈ পোৱাৰ ভাৰতৰ এমাহ সম্পূৰ্ণ হৈ আছে। শিৱশক্তি অৰ্থাৎ সেই স্থান'ত যোৱা মাহৰ ২৩ তাৰিখে আমাৰ চন্দ্ৰযান অৱতৰণ হৈছিল। এটা শিৱশক্তিৰ স্থান চন্দ্ৰমাত আছে। আনটো শিৱশক্তিৰ স্থান এই মোৰ কাশীত আছে।  আজি শিৱশক্তিৰ এই স্থানৰ পৰাশিৱশক্তিৰ সেই স্থানত ভাৰতৰ বিজয়ৰ বাবে মই পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ।

মোৰ পৰিয়ালৰ লোকসকল,

যি স্থানত আমি সকলো গোট খাইছোঁসেয়া এখন পৱিত্ৰ স্থলৰ দৰে। এই স্থান মাতা বিন্ধ্যবাসিনীৰ ধাম আৰু কাশী নগৰীক সংযোগ কৰা পথৰ এটা মোৰ। ইয়াৰ পৰা কিছু দূৰৈত ভাৰতীয় গণতন্ত্ৰৰ মহান পুৰুষ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাৰায়ণ জীৰ গাঁও মতি কোট। মই এই ভূমিৰ পৰাই শ্ৰদ্ধাৰ ৰাজনাৰায়ণ জী আৰু তেওঁৰ জন্মভূমিক মূৰ দোঁৱাই প্ৰণাম কৰিছোঁ।

মোৰ মৰমৰ পৰিয়ালৰ লোকসকল,

আজি কাশীত এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই ষ্টেডিয়ামখন কেৱল বাৰাণসীৰ যুৱক-যুৱতীসকলৰ বাবেই নহয়পূৰ্বাঞ্চলৰ বাবেও এক আশীৰ্বাদ হব। যেতিয়া এই ষ্টেডিয়াম সাজু হব তেতিয়া একেলগে ৩০ হাজাৰৰো অধিক লোকে বহি খেল চাব পাৰিব। আৰু মই জানোএই ষ্টেডিয়ামৰ ছবি ওলোৱাৰ পৰাই প্ৰতিজন কাশীবাসী গদগদ হৈ পৰিছে। মহাদেৱৰ নগৰীত এই ষ্টেডিয়ামইয়াৰ ডিজাইনস্বয়ং মহাদেৱৰ নামতে সমৰ্পিত। ইয়াত ক্ৰিকেটৰ ইখনতকৈ সিখন ডাঙৰ মেচ অনুষ্ঠিত হইয়াত ওচৰ-পাজৰৰ যুৱ খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়ামত প্ৰশিক্ষণ লোৱাৰ সুযোগ পাব। আৰু ইয়াৰ বহুত ডাঙৰ লাভ মোৰ কাশীৰ হব।

মোৰ পৰিয়ালৰ লোকসকল,

আজি ক্ৰিকেটৰ জৰিয়তেবিশ্ব ভাৰতৰ সৈতে সংযুক্ত হৈছে। বিশ্বৰ নতুন নতুন দেশ ক্ৰিকেট খেলিবলৈ আগবাঢ়ি আহিছে। স্পষ্টভাৱে অনাগত দিনত ক্ৰিকেট খেলৰ সংখ্যাও বৃদ্ধি পাবলৈ গৈ আছে। আৰু যেতিয়া ক্ৰিকেট মেচ বাঢ়িব তেতিয়া নতুন ষ্টেডিয়ামৰ প্ৰয়োজন হব। এই চাহিদা পূৰণ কৰিব বেনাৰসৰ এই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামই সমগ্ৰ পূৰ্বাঞ্চলৰ উজ্জ্বল তাৰকা হবলৈ গৈ আছে। এইখন উত্তৰ প্ৰদেশৰ প্ৰথমখন ষ্টেডিয়াম হব আৰু ইয়াৰ নিৰ্মাণত বিচিচিআইয়েও যথেষ্ট সহায় লাভ কৰিব। মই বিচিচিআইৰ পদাধিকাৰী কাশীৰ এমপি হোৱাৰ বাবেইয়াৰ সাংসদ হোৱাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

মোৰ পৰিয়ালৰ লোকসকল,

যেতিয়া ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হয়ইমান ডাঙৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হয়তেতিয়া ইয়াৰ ইতিবাচক প্ৰভাৱ কেৱল ক্ৰীড়াতে নহয়স্থানীয় অৰ্থনীতিতো পৰে। ইমান ডাঙৰ ডাঙৰ ক্ৰীড়া কেন্দ্ৰ নিৰ্মাণ হলে তাতেই ডাঙৰ ডাঙৰ ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত হব। যেতিয়া ডাঙৰ ডাঙৰ অনুষ্ঠান হব তেতিয়া দৰ্শক আৰু খেলুৱৈ বৃহৎ সংখ্যক আহিব। ইয়াৰ পৰা হোটেল মালিকসকল লাভৱান হয়সৰু-ডাঙৰ খাদ্যৰ দোকান লাভৱান হয়ৰিক্সা-অটো-টেক্সিৰো লাভ হয়আমাৰ নাও চালকসকলে তো দুয়োখন হাততে লাডু পায়। ইমান ডাঙৰ ষ্টেডিয়ামৰ বাবে ক্ৰীড়া প্ৰশিক্ষনৰ নতুন কেন্দ্ৰ মুকলি হোৱাৰ লগতে ক্ৰীড়া ব্যৱস্থাপনা শিকোৱাৰ নতুন সুযোগৰ সৃষ্টি হয়। আমাৰ বেনাৰসৰ যুৱক-যুৱতীসকলে নতুন ক্ৰীড়া ষ্টাৰ্টআপৰ কথা ভাবিব পাৰে। ফিজিঅথেৰাপিকে ধৰি বহুতো ক্ৰীড়া সম্পৰ্কীয় অধ্যয়ন আৰু পাঠ্যক্ৰম আৰম্ভ হআৰু বাৰাণসীলৈ এটা বিশাল ক্ৰীড়া উদ্যোগ আহিব।

মোৰ মৰমৰ পৰিয়ালৰ লোকসকল,

এটা সময় আছিল যেতিয়া পিতৃ-মাতৃয়ে নিজৰ সন্তানক এই কথাৰ বাবে বকিছিল যে সদাই খেলিয়েই থাকিবি নেকিকিবা পঢ়া-শুনা কৰিবি নে নাইএনেকৈয়ে ধিটিঙালি কৰি থাকিবি নেকিএয়াই শুনিবলগা হৈছিল। এতিয়া সমাজৰ চিন্তাধাৰা সলনি হৈছে। শিশুসকল তো আগৰে পৰা ছিৰিয়াছ আছিলএতিয়া পিতৃ-মাতৃও ক্ৰীড়াক লৈ গম্ভীৰ হৈছে। এতিয়া দেশৰ মেজাজ এনেকুৱা হৈ পৰিছে যে যি খেলিব সিয়েই ফুলি উঠিব।

বন্ধুসকল,

যোৱা ১-২ মাহৰ আগতে মই মধ্য প্ৰদেশৰ এটা জনজাতীয় অঞ্চল শ্বাহদোলৰ এখন জনজাতীয় গাঁৱলৈ গৈছিলোঁতাতে মই কিছুমান যুৱকক লগ পোৱাৰ সুযোগ পাইছিলোঁ আৰু মই সঁচাই তাৰ দৃশ্য আৰু তেওঁলোকৰ কথা শুনি ইমান প্ৰভাৱিত হৈছিলোসেই যুৱকসকলে মোক কলে যে এয়া তো আমাৰ মিনি ব্ৰাজিলমই ক'লোঁ ভাই কেনেকৈ মিনি ব্ৰাজিল হৈ গলালে আমাৰ ইয়াত প্ৰতিটো ঘৰত ফুটবল খেলুৱৈ আছে আৰু কিছুমান মানুহে মোক কলে যে মোৰ পৰিয়ালত তিনিটা প্ৰজন্ম ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ আছে। এজন খেলুৱৈ হিচাপে অৱসৰ লোৱাৰ পিছত তেওঁ তাতেই নিজৰ জীৱন উৎসৰ্গা কৰে। আৰু আজি আপুনি তাত প্ৰতিটো প্ৰজন্মৰ মানুহক ফুটবল খেলা দেখিবলৈ পাব। আৰু তেওঁলোকে কৈছিল যে আমাৰ যেতিয়া বাৰ্ষিক অনুষ্ঠান হয় তেতিয়া ঘৰত কাকো নাপাব। এই গোটেই অঞ্চলৰ শ শ গাঁও আৰু লাখ লাখ মানুহ ২--৪ দিন পথাৰত লাগি থাকে। এই সংস্কৃতি শুনি আৰু দেখিলে দেশৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি মোৰ বিশ্বাস বাঢ়ে। আৰু কাশীৰ সাংসদ হোৱাৰ বাবে ইয়াত যি পৰিৱৰ্তন হৈছে তাৰ সাক্ষীও হৈ আহিছোঁ। সাংসদ ক্ৰীড়া প্ৰতিযোগিতাৰ সময়ত ইয়াত যি উৎসাহ বিৰাজ কৰেসেই বিষয়ে তথ্য পাইয়েই থাকোঁ। মোৰ কামনা যে কাশীৰ যুৱক-যুৱতীসকলে ক্ৰীড়াৰ জগতখনত নিজৰ নাম অৰ্জন কৰক। গতিকে আমাৰ প্ৰচেষ্টা বাৰাণসীৰ যুৱক-যুৱতীসকলক উচ্চ পৰ্যায়ৰ ক্ৰীড়াৰ সা-সুবিধা প্ৰদান কৰা। এই চিন্তাৰে এই নতুন ষ্টেডিয়ামৰ লগতে ছিগ্ৰা ষ্টেডিয়ামৰ বাবে প্ৰায় ৪০০ কোটি টকা ব্যয় কৰা হৈছে। ৫০টাতকৈও অধিক ক্ৰীড়াৰ বাবে ছিগ্ৰা ষ্টেডিয়ামত প্ৰয়োজনীয় সা-সুবিধাৰ বিকাশ কৰা হৈছে। আৰু ইয়াৰ আন এক বিশেষ কথা আছে। বিশেষভাৱে সক্ষম লোকসকলক মনত ৰাখি নিৰ্মাণ কৰা এইটোৱেই হব দেশৰ প্ৰথমটো বহুস্তৰীয় ক্ৰীড়া কমপ্লেক্স। এইটোও অতি সোনকালে কাশীবাসীৰ বাবে উৎসৰ্গা কৰা হ'ব। বদলালপুৰত চিন্থেটিক ট্ৰেকচিন্থেটিক বাস্কেটবল ক'ৰ্টবিভিন্ন আখৰাৰ প্ৰচাৰনতুন আখৰা নিৰ্মাণ কৰাই নহয়চহৰৰ পুৰণি ব্যৱস্থাৰ উন্নতি সাধন কৰি আছোঁ।

মোৰ পৰিয়ালৰ লোকসকল,

ভাৰতে আজি ক্ৰীড়াৰ ক্ষেত্ৰত যি সফলতা লাভ কৰিছে সেয়া দেশৰ চিন্তাধাৰাৰ পৰিৱৰ্তনৰ ফল। আমি ক্ৰীড়াক যুৱ প্ৰজন্মৰ ফিটনেছ আৰু যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপন আৰু কেৰিয়াৰৰ সৈতে সংযোগ কৰিছোঁ। ৯ বছৰৰ আগৰ তুলনাত চলিত বৰ্ষত কেন্দ্ৰীয় ক্ৰীড়া বাজেট ৩গুণ বৃদ্ধি কৰা হৈছে। খেলো ইণ্ডিয়া কাৰ্যসূচীৰ বাজেট বিগত বছৰৰ তুলনাত প্ৰায় ৭০ শতাংশ বৃদ্ধি কৰা হৈছে। আজি চৰকাৰে আমাৰ খেলুৱৈসকলৰ সৈতে দলৰ সদস্য হিচাপে স্কুলৰ পৰা অলিম্পিক পডিয়ামলৈ গতি কৰিছে। খেলো ইণ্ডিয়াৰ অধীনত বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে সমগ্ৰ দেশতে ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আমাৰ বহু সংখ্যক কন্যা সন্তানেও এইবোৰত অংশ লৈছে। প্ৰতিটো পদক্ষেপতে খেলুৱৈসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে চৰকাৰে। অলিম্পিক পডিয়াম আঁচনিও তেনে এক প্ৰচেষ্টা। ইয়াৰ অধীনত চৰকাৰে খাদ্যফিটনেছৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণলৈকে দেশৰ শীৰ্ষ খেলুৱৈসকলক গোটেই বছৰটো লাখ লাখ টকাৰ সাহায্য প্ৰদান কৰে। ইয়াৰ ফল আজি আমি প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেখিবলৈ পাইছোঁ। শেহতীয়াকৈ ভাৰতে বিশ্ব বিশ্ববিদ্যালয় গেমছত ইতিহাস সৃষ্টি কৰিছে। এই খেলবোৰৰ ইতিহাসত সকলো মিলাই ভাৰতে যিমান পদক জিকিছিলযোৱা কেইবাটাও দশকত তাতকৈ অধিক পদক কেৱল এইবাৰ এই বছৰ জয় কৰি আমাৰ ল'ৰা-ছোৱালীয়ে লৈ আহিছে৷ তেনেকৈ আজিৰ পৰা এছিয়ান গেমছো আৰম্ভ হৈছেএছিয়ান গেমছত অংশগ্ৰহণ কৰিবলৈ যোৱা সকলো ভাৰতীয় খেলুৱৈলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

ভাৰতৰ চুকে-কোণে আৰু প্ৰতিখন গাঁৱত আছে ক্ৰীড়া প্ৰতিভাক্ৰীড়াৰ মাষ্টাৰ। সেইবোৰ বিচাৰি উলিয়াই নিখুঁত কৰাটো গুৰুত্বপূৰ্ণ। আজি সৰু সৰু গাঁৱৰ পৰাও অহা যুৱক-যুৱতীসকল সমগ্ৰ দেশৰ গৌৰৱৰ বিষয় হৈ পৰিছে। আমাৰ সৰু চহৰবোৰৰ খেলুৱৈসকলৰ মাজত কিমান প্ৰতিভা আছে সেয়া এই উদাহৰণবোৰে দেখুৱাইছে। এই প্ৰতিভাক আমি সৰ্বাধিক সুযোগ দিব লাগিব। সেয়ে খেলো ইণ্ডিয়া অভিযানৰ বাবে আজি অতি কম বয়সতে দেশৰ চুকে-কোণে প্ৰতিভা চিনাক্ত কৰা হৈছে। খেলুৱৈসকলক চিনাক্ত কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিছে। আজি এই কাৰ্যসূচীত আমাৰ মাজলৈ বিশেষভাৱে বহু মহান খেলুৱৈ আহিছেতেওঁলোকে ক্ৰীড়াৰ জগতখনত দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। কাশীৰ প্ৰতি এই মৰম দেখুওৱা বাবে মই তেওঁলোক সকলোকে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি খেলুৱৈসকলক আগুৱাই নিবলৈ ভাল প্ৰশিক্ষক আৰু ভাল প্ৰশিক্ষন থকাটোও সমানেই গুৰুত্বপূৰ্ণ। ইয়াত উপস্থিত কিংবদন্তি খেলুৱৈসকলে ইয়াৰ গুৰুত্ব প্ৰকাশ কৰে আৰু জানে। সেয়েহে আজি চৰকাৰেও খেলুৱৈসকলৰ বাবে ভাল প্ৰশিক্ষকৰ ব্যৱস্থা কৰিছে। ডাঙৰ প্ৰতিযোগিতাত খেলা আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা থকা খেলুৱৈসকলক প্ৰশিক্ষক হিচাপে কাম কৰিবলৈ উৎসাহিত কৰা হৈছে। যোৱা কেইবছৰমানৰ পৰা দেশৰ যুৱক-যুৱতীসকল বিভিন্ন ক্ৰীড়াৰ সৈতে জড়িত হৈ পৰিছে।

বন্ধুসকল,

প্ৰতিখন গাঁৱতে চৰকাৰে যি আধুনিক ক্ৰীড়া আন্তঃগাঁথনি সৃষ্টি কৰিছেসেইটোৱে গাঁৱে-ভূঞে আৰু সৰু চহৰৰ খেলুৱৈসকলকো নতুন সুযোগ প্ৰদান কৰিব। আগতে ভাল ষ্টেডিয়াম কেৱল দিল্লী-মুম্বাই-কলকাতা-চেন্নাইৰ দৰে বৃহৎ চহৰতহে উপলব্ধ আছিল। এতিয়া দেশৰ চুকে-কোণেআনকি দেশৰ দুৰ্গম অঞ্চলতো খেলুৱৈসকলক এই সা-সুবিধা প্ৰদানৰ প্ৰচেষ্টা চলোৱা হৈছে। খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত সৃষ্টি হৈ থকা ক্ৰীড়া আন্তঃগাঁথনিৰ পৰা আমাৰ কন্যা সন্তানসকল যথেষ্ট উপকৃত হোৱাত মই সুখী। এতিয়া কন্যা সন্তানৰ ঘৰৰ পৰা বহু দূৰলৈ গৈ খেলা-ধূলা আৰু প্ৰশিক্ষণ লোৱাৰ বাধ্যবাধকতা কমি আহিছে।

বন্ধুসকল,

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত ক্ৰীড়াক বিজ্ঞানবাণিজ্য বা অন্যান্য অধ্যয়নৰ সৈতে একেটা শ্ৰেণীতে ৰখা হৈছে। আগতে খেলা-ধূলাক কেৱল অতিৰিক্ত কাৰ্যকলাপ বুলি গণ্য কৰা হৈছিল যদিও এতিয়া সেয়া নহয়। এতিয়া সিদ্ধান্ত লোৱা হৈছে যে বিদ্যালয়ত ক্ৰীড়া বিষয় হিচাপে পাঠদান কৰিব লাগে। আমাৰ চৰকাৰেই মণিপুৰত দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছে। ইউপিতো ক্ৰীড়াৰ সুবিধাৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। গোৰখপুৰৰ ক্ৰীড়া মহাবিদ্যালয়ৰ সম্প্ৰসাৰণৰ পৰা আৰম্ভ কৰি মীৰাটত মেজৰ ধ্যানচান্দ ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণলৈকে আমাৰ খেলুৱৈসকলৰ বাবে নতুন ক্ৰীড়া কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে।

বন্ধুসকল,

দেশৰ উন্নয়নৰ বাবে ক্ৰীড়াৰ সা-সুবিধা সম্প্ৰসাৰণ অতি গুৰুত্বপূৰ্ণ। কেৱল ক্ৰীড়াৰ বাবেই নহয় দেশৰ সুনামৰ বাবেও এইটো গুৰুত্বপূৰ্ণ। আমাৰ বহুতেই পৃথিৱীৰ বহু চহৰ চিনি পায় কেৱল কাৰণ তাত ডাঙৰ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল। ভাৰততো আমি এনে কেন্দ্ৰ নিৰ্মাণ কৰিব লাগিবত এনে আন্তঃৰাষ্ট্ৰীয় খেলৰ আয়োজন কৰিব পৰা যাব। আজি আধাৰশিলা স্থাপন কৰা এই ষ্টেডিয়ামখনেই ক্ৰীড়াৰ প্ৰতি আমাৰ এই দৃঢ়তাৰ সাক্ষী হব। এই ষ্টেডিয়াম কেৱল ইটা-পকীৰে নিৰ্মিত খেলপথাৰ হোৱাই নহয়ভৱিষ্যৎ ভাৰতৰ এক ভব্য প্ৰতীক হৈ পৰিব। মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰোঁ যে মোৰ কাশীয়ে প্ৰতিটো উন্নয়নমূলক কামৰ বাবে আশীৰ্বাদ লৈ মোৰ লগত থিয় দিছে। আপোনালোক অবিহনে কাশীত কোনো কামেই সম্পন্ন হব নোৱাৰে। আপোনালোকৰ আশীৰ্বাদত আমি কাশীৰ কায়কল্পৰ বাবে উন্নয়নৰ নতুন অধ্যায় ৰচনা কৰি যাম। আকৌ এবাৰ কাশীবাসী আৰু সমগ্ৰ পূৰ্বাঞ্চললৈ ক্ৰিকেট খেলপথাৰৰ আধাৰশিলা স্থাপনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

হৰ হৰ মহাদেৱধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Dr. Babasaheb Ambedkar in the Parliament complex
April 14, 2026

The Prime Minister, Shri Narendra Modi has paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.

The Prime Minister wrote on X;

“Paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.”