বিষ্ণু মহাযজ্ঞত মন্দিৰ দৰ্শন, পৰিক্ৰমা আৰু পূৰ্ণহুতি কৰে
দেশৰ নিৰন্তৰ উন্নয়ন আৰু দুখীয়াৰ কল্যাণৰ বাবে ভগৱান শ্ৰী দেৱনাৰায়ণ জীৰ পৰা আশীৰ্বাদ বিচাৰে
“ভৌগোলিক, সাংস্কৃতিক, সামাজিক আৰু মতাদৰ্শগতভাৱে ভাৰতক বিভাজিত কৰিবলৈ বহু প্ৰচেষ্টা চলোৱাৰ পিছতো কোনো শক্তিয়ে ভাৰতক শেষ কৰিব নোৱাৰিলে”
“ভাৰতীয় সমাজৰ শক্তি আৰু প্ৰেৰণাই জাতিটোৰ অমৰত্ব ৰক্ষা কৰে”
“ভগৱান দেৱনাৰায়ণে দেখুওৱা পথটো ‘সবকা সাথ’ৰ মাজেৰে ‘সবকা বিকাশ’ৰ আৰু দেশখনেও আজি একে পথেই অনুসৰণ কৰিছে”
“দেশে বঞ্চিত আৰু অৱহেলিত হৈ থকা প্ৰতিটো দিশক শক্তিশালী কৰাৰ চেষ্টা কৰিছে”
জাতীয় প্ৰতিৰক্ষাই হওক বা সংস্কৃতিৰ সংৰক্ষণে হওক, প্ৰতিটো সময়তে গুৰজাৰ সম্প্ৰদায়ে ৰক্ষকৰ ভূমিকা পালন কৰি আহিছে”
“নিউ ইণ্ডিয়াই বিগত দশকবোৰৰ ভুলবোৰ শুধৰণি কৰি দেশৰ অখ্যাত বীৰসকলক সন্মান জনাইছে”

মালাছেৰী ডুংগাৰী কি জয়, মালাছেৰী ডুংগাৰী কি জয়!

সাডু মাতা কি জয়, সাডু মাতা কি জয়!

সবাই ভোজ মহাৰাজ কি জয়, সবাই ভোজ মহাৰাজ কি জয়!

দেৱনাৰায়ণ ভগৱান কি জয়, দেৱনাৰায়ণ ভগৱান কি জয়!

সাডু মাতাৰ তপস্যাৰ ভূমি, ভগৱান দেৱনাৰায়ণ আৰু মালাছেৰী ডুংগাৰীৰ জন্মস্থান, মহান ৰক্ষাকৰ্তা আৰু যোদ্ধা বাগ্ৰাৱতৰ ‘কৰ্ম ভূমি’ ক প্ৰণাম জনাইছো!

শ্ৰী হেমৰাজ জী গুৰজাৰ, শ্ৰী সুৰেশ দাস জী, দীপক পাটিল জী, ৰাম প্ৰসাদ ধাৱাই জী, অৰ্জুন মেঘৱাল জী, সুভাষ বাহেৰিয়া জী আৰু দেশৰ ভিন্ন প্ৰান্তৰপৰা অহা মোৰ মৰমৰ ভাই-ভনীসকল!

এই শুভ ক্ষণত ভগৱান দেৱনাৰায়ণ জীৰ আহ্বান অনুৰণিত হৈছে আৰু ভগৱান দেৱনাৰায়ণে কোনোৱে সুযোগ হেৰুৱাবলগীয়া হৈছে নেকি বুলি যেন সুধিছে! ময়ো ইয়াত আপোনালোকৰ মাজৰ এজন হিচাপে উপস্থিত আছো। আপোনালোকে মন কৰিব যে ইয়ালৈ মই প্ৰধানমন্ত্ৰী হিচাপে অহা নাই। ময়ো আপোনালোকৰ দৰে আশীৰ্বাদ বিচাৰিহে স-ভক্তিৰে আহিছো। ‘যজ্ঞশালা’ ত প্ৰসাদ আগবঢ়োৱাৰ সৌভাগ্যও লাভ কৰিছো। মোৰ দৰে সাধাৰণ মানুহ এজনে আজি আপোনালোকৰ সৈতে ভগৱান দেৱনাৰায়ণ জী আৰু তেওঁৰ ভক্তগণৰ আশীৰ্বাদ লাভ কৰাটো বৰ সৌভাগ্যৰ কথা বুলি অনুভৱ কৰিছো। আজি ভগৱান দেৱনাৰায়ণ আৰু ৰাইজ উভয়ৰে ‘দৰ্শন’ লাভেৰে ধন্য হৈছো। দেশৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো ভক্তৰ দৰে ময়ো ইয়ালৈ আহিছো ভগৱান দেৱনাৰায়ণৰপৰা ৰাষ্ট্ৰৰ অবিৰত সেৱা আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে আশীৰ্বাদ বিচাৰি।

বন্ধুসকল,

ভগৱান দেৱনাৰায়ণ জীৰ ১১১১ সংখ্যক অৱতৰণ মহোৎসৱ। ইয়াত সপ্তাহজোৰা কাৰ্য্যসূচীৰে ইয়াৰ উদযাপন কৰা হৈছে। গুৰজাৰ সম্প্ৰদায়ৰ গৰিষ্ঠসংখ্যক অংশগ্ৰহণ প্ৰত্যক্ষকৰণেৰে পুলকিত হৈছো। আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু ইয়াৰ বাবে সমাজৰ প্ৰতিজন ব্যক্তিৰ প্ৰচেষ্টাৰ শলাগ লৈছো।

ভ্ৰাতৃ-ভগ্নীসকল,

আমি ভাৰতবাসীয়ে আমাৰ হাজাৰ-হাজাৰ বছৰীয়া ইতিহাস, সভ্যতা আৰু সংস্কৃতিক লৈ গৌৰৱ কৰো। পৃথিৱীৰ বহু সভ্যতা সময়ৰ লগে-লগে শেষ হৈ গৈছে আৰু পৰিৱৰ্তনৰ সৈতে নিজকে গঢ় দিব পৰা নাছিল। ভৌগোলিক, সাংস্কৃতিক, সামাজিক আৰু মতাদৰ্শগতভাৱে ভাৰতকো ধ্বংসৰ বহু চেষ্টা কৰা হৈছিল। কিন্তু কোনো শক্তিয়েই ভাৰতক ধ্বংস কৰিব নোৱাৰিলে। ভাৰত হৈছে আমাৰ সভ্যতা, সংস্কৃতি, সম্প্ৰীতি আৰু সম্ভাৱনাৰ প্ৰকাশ। সেয়েহে, ভাৰতে আজি নিজৰ গৌৰৱময় ভৱিষ্যতৰ ভেটি স্থাপন কৰিছে। আৰু, ইয়াৰ আঁৰৰ সৰ্ববৃহৎ প্ৰেৰণা আৰু শক্তি কি? কাৰ শক্তি আৰু আশীৰ্বাদত ভাৰত অটল আৰু অমৰ?

মোৰ প্ৰিয় ভাই-ভনীসকল,

এই শক্তি আমাৰ সমাজৰ শক্তি। ই দেশখনৰ কোটি-কোটি লোকৰ শক্তি। ভাৰতৰ হাজাৰ-হাজাৰ বছৰৰ যাত্ৰাত সামাজিক শক্তিয়ে এটি বৃহৎ ভূমিকা পালন কৰিছে। আমাৰ সৌভাগ্য যে প্ৰতিটো গুৰুত্বপূৰ্ণ সময়তে আমাৰ সমাজখনৰপৰা এনে এক শক্তিৰ উন্মেষ ঘটে, যাৰ পোহৰে সকলোকে দিশ দেখুৱাই আৰু সকলোৰে কল্যাণ সাধন কৰে। ভগৱান দেৱনাৰায়ণো আছিল এনে এক শক্তিশালী অৱতাৰ, যিয়ে আমাৰ জীৱন আৰু আমাৰ সংস্কৃতিক অত্যাচাৰীসকলৰপৰা ৰক্ষা কৰিছিল। ৩১ বছৰ বয়সত তেওঁ অমৰ হৈ পৰে। সমাজত থকা অশুভতাবোৰ আঁতৰাই ইয়াক একত্ৰিতকৰণেৰে সম্প্ৰীতিৰ মনোভাৱ বিয়পাই দিবলৈ সাহস কৰিছিল তেওঁ। ভগৱান দেৱনাৰায়ণে সমাজৰ বিভিন্ন শ্ৰেণীক একত্ৰিত কৰি আদৰ্শ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল। এই কাৰণেই সমাজৰ প্ৰতিটো শ্ৰেণীৰে ভগৱান দেৱনাৰায়ণৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস আছে। সেইবাবেই ভগৱান দেৱনাৰায়ণক আজিও ৰাজহুৱা জীৱনত পৰিয়ালৰ মুৰব্বীৰ দৰে গন্য কৰা হয়, যাৰ সৈতে পৰিয়ালৰ সুখ-দুখৰ আদান-প্ৰদান কৰা হয়।

ভ্ৰাতৃ-ভগ্নীসকল,

ভগৱান দেৱনাৰায়ণে সদায় সেৱা আৰু জনকল্যাণক সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰিছিল। প্ৰতিজন ভক্তই এই শিক্ষা আৰু প্ৰেৰণা আহৰণ কৰি আহিছে। তেওঁ যিটো পৰিয়ালৰ আছিল, তাত একোৰে অভাৱ নাছিল। কিন্তু আৰামৰ সলনি তেওঁ সেৱা আৰু জনকল্যাণৰ কঠিন পথ বাছি লৈছিল। জীৱৰ কল্যাণৰ বাবেও তেওঁ নিজৰ শক্তি ব্যৱহাৰ কৰিছিল।

ভ্ৰাতৃ-ভগ্নীসকল,

'ভালা জী ভালা, দেৱ ভাল'। 'ভালা জী ভালা, দেৱ ভাল'। এই বক্তব্যত ধাৰ্মিকতাৰ আহ্বান আছে; কল্যাণৰ আহ্বান আছে। ভগৱান দেৱনাৰায়ণে দেখুৱাই দিয়া পথটো হৈছে ‘সবকা সাথ’ (সকলোৰে সৈতে) ৰ জৰিয়তে ‘সবকা বিকাশ’ (সকলোৰে বিকাশ)। আজি দেশখন এই পথেৰে অগ্ৰসৰ হৈছে। বিগত ৮-৯ বছৰে দেশখনে অৱহেলিত আৰু বঞ্চিত প্ৰতিটো শ্ৰেণীকে সবলীকৰণৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে। অসুবিধাগ্ৰস্তসকলক অগ্ৰাধিকাৰ প্ৰদানৰ মন্ত্ৰেৰে আমি আগবাঢ়িছো। পূৰ্বে দৰিদ্ৰ লোকসকলৰ এটা মূল চিন্তা আছিল, ৰেচন পোৱা যাব নে নাই আৰু কিমান পোৱা যাব। আজি প্ৰতিজন হিতাধিকাৰীয়ে সম্পূৰ্ণ ৰেচন লাভ কৰিছে, বিনামূলীয়াকৈ। লগতে আমি আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলৈ যাওঁতে দৰিদ্ৰ ৰাইজৰ উদ্বেগ দূৰ কৰিছো। ঘৰ, শৌচাগাৰ, বিদ্যুৎ, গেছ সংযোগ আদিৰ প্ৰতি থকা দৰিদ্ৰৰ চিন্তাও আমি দূৰ কৰিছো। বেংকিং লেনদেনো অতি কম সংখ্যক লোকৰ মাজতে সীমাবদ্ধ আছিল। আজি দেশখনৰ সকলোৰে বাবে বেংকৰ দুৱাৰ মুকলি কৰা হৈছে।

বন্ধুসকল,

ৰাজস্থানতকৈ পানীৰ গুৰুত্ব আৰু কোনে ভালকৈ জানিব পাৰে? কিন্তু স্বাধীনতাৰ কেইবা দশকৰ পিছতো দেশখনৰ মাত্ৰ তিনি কোটি পৰিয়ালেহে টেপৰ পানীৰ সুবিধা লাভ কৰিছিল। ১৬ কোটিৰো অধিক গ্ৰামাঞ্চলৰ পৰিয়ালে পানীৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল। যোৱা চাৰে তিনি বছৰৰ ভিতৰত দেশখনত ব্যাপক প্ৰচেষ্টা গ্ৰহণৰ ফলশ্ৰুতিত এতিয়া ১১ কোটিৰো অধিক পৰিয়ালৰ বাবে টেপৰ পানী উপলব্ধ হৈছে। কৃষকৰ পথাৰত পানী যোগানৰ বাবেও ব্যাপকভাৱে কাম অব্যাহত আছে। জলসিঞ্চনৰ পৰম্পৰাগত আঁচনিৰ সম্প্ৰসাৰণেই হওঁক বা নতুন প্ৰযুক্তিৰে জলসিঞ্চনৰ ব্যৱস্থাই হওঁক, কৃষক ৰাইজলৈ আজি সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে। এসময়ত চৰকাৰী সহায়ৰ বাবে হাহাকাৰ কৰা ক্ষুদ্ৰ কৃষকজনে প্ৰথমবাৰৰ বাবে প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰাও প্ৰত্যক্ষ সহায় লাভ কৰিছে। ৰাজস্থানতো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত কৃষকসকলৰ বেংক একাউন্টত পোনপটীয়াকৈ ১৫ হাজাৰ কোটিৰো অধিক টকা জমা হৈছে।

বন্ধুসকল,

ভগৱান দেৱনাৰায়ণে ‘গো সেৱা’ (গৰু সেৱা) ক সমাজসেৱা আৰু সমাজ সবলীকৰণৰ মাধ্যম কৰি লৈছিল। যোৱা কেইবছৰমানৰপৰা দেশখনতো ‘গো সেৱা’ ৰ এই উদ্দীপনা ক্ৰমাগতভাৱে অধিক প্ৰবল হৈ পৰিছে। আপোনাসৱৰ অৱগত, আমাৰ গৰুবোৰৰ খুৰা, মুখ আৰু ভৰিৰ ৰোগৰ বিৰাট সমস্যা হৈছিল। ইয়াৰপৰা পৰিত্ৰাণৰ নিমিত্তে, কোটি-কোটি জীৱ-জন্তুৰ বিনামূলীয়া টিকাকৰণৰ এক বৃহৎ অভিযান দেশখনত অব্যাহত আছে যাতে আমাৰ গৰু আৰু পশুধন এই ৰোগৰপৰা ৰক্ষা পৰে। গৰুৰ কল্যাণৰ বাবে ৰাষ্ট্ৰীয় কামধেনু আয়োগ গঠন কৰা হৈছে। ৰাষ্ট্ৰীয় গকুল মিছনৰ অধীনত বৈজ্ঞানিক পদ্ধতিৰে পশুপালনক উৎসাহিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। পশুধন কেৱল আমাৰ পৰম্পৰা আৰু বিশ্বাসৰেই এটা অংশ নহয়, বৰঞ্চ আমাৰ গ্ৰাম্য অৰ্থনীতিৰো এক শক্তিশালী অংশ। সেয়েহে, কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাও প্ৰথমবাৰৰ বাবে পশুপালকসকললৈ সম্প্ৰসাৰিত কৰা হৈছে। আজি সমগ্ৰ দেশতে গোবৰধন যোজনা ৰূপায়ণ কৰা হৈছে। গৰুৰ গোবৰকে ধৰি কৃষিজাত আৱৰ্জনাৰাজি ধন-সম্পত্তিলৈ ৰূপান্তৰিতকৰণৰ অৰ্থে এই অভিযান হাতত লোৱা হৈছে। আমাৰ দুগ্ধ উদ্যোগসমূহ যাতে গৰুৰ গোবৰৰপৰা উৎপাদিত বিদ্যুৎ শক্তিৰে চলিব পাৰে, তাৰ অৰ্থেও প্ৰচেষ্টা চলোৱা হৈছে।

বন্ধুসকল,

যোৱা বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ প্ৰাচীৰৰপৰা ‘পঞ্চ পণ’ (পাঁচটা সংকল্প) ৰ আহ্বান জনাইছিলো। ইয়াৰ লক্ষ্যৰাজি হৈছে আমি সকলোৱে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰিব লাগে, দাসত্বৰ মানসিকতাৰ পৰিহাৰ কৰি দেশখনৰ প্ৰতি আমাৰ কৰ্তব্যক হৃদয়ংগম কৰিব লাগে। আমাৰ ঋষি-মুনিসকলে দেখুৱাই থৈ যোৱা পথত অগ্ৰসৰ হোৱা আৰু পৰম ত্যাগ কৰা সকলৰ বীৰত্ব তথা আমাৰ বীৰসকলৰ স্মৃতিৰ ৰোমন্থনো এই সংকল্পৰ অংশ। ৰাজস্থান এক ঐতিহ্যৰ ভূমি। সৃষ্টি, উৎসাহ আৰু উদযাপন। কঠোৰ পৰিশ্ৰম আৰু দান-বৰঙণিও আছে। ইয়াত সাহস ঘৰুৱা শিল্প। শিল্প আৰু সংগীত ৰাজস্থানৰ সমাৰ্থক। সমানেই গুৰুত্বপূৰ্ণ ইয়াৰ জনসাধাৰণৰ সংগ্ৰাম আৰু সংযম। এই প্ৰেৰণাদায়ক স্থান ভাৰতৰ বহু গৌৰৱময় মুহূৰ্তৰ ব্যক্তিত্বৰ সাক্ষী হৈ আহিছে। তেজ জীৰপৰা পাবু জী, গগা জীৰপৰা ৰামদেৱ জী, বাপ্পা ৰাৱাল ৰপৰা মহাৰাণা প্ৰতাপলৈকে মহাপুৰুষ, জনবীৰ, স্থানীয় উপাস্য দেৱতা আৰু সমাজ সংস্কাৰকসকলে সদায়েই দেশখনক পথ প্ৰদৰ্শন কৰি আহিছে। ইতিহাসৰ এনে কোনো অধ্যাই নাই, য’ত এই ভূমিয়ে ৰাষ্ট্ৰখনক অনুপ্ৰাণিত কৰা নাই। ইয়াত গুৰজাৰ সমাজখন বীৰত্ব, নিৰ্ভীকতা আৰু দেশপ্ৰেমৰ সমাৰ্থক হৈ আহিছে। ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাই হওঁক বা সংস্কৃতিৰ সুৰক্ষাই হওঁক, প্ৰতিটো যুগতে গুৰজাৰ সম্প্ৰদায়ে অগ্ৰদূতৰ ভূমিকা পালন কৰি আহিছে। কোতোৱাল ধন সিং জী আৰু যোগৰাজ সিং জী আদি যোদ্ধাই দেশৰ বাবে প্ৰাণ আহুতি দিছিল। কেৱল এয়াই নহয়, ৰামপয়াৰী গুৰজাৰ আৰু পান্না দাইৰ দৰে নাৰী শক্তিয়ে আমাক প্ৰতিটো মুহূৰ্ততে অনুপ্ৰাণিত কৰি আহিছে। ইয়াৰপৰা দেখা যায় যে গুৰজাৰ সম্প্ৰদায়ৰ ভগ্নী-কন্যাই দেশ আৰু সংস্কৃতিৰ সেৱাত এক বৃহৎ অৱদান আগবঢ়াইছে। আৰু এই পৰম্পৰা আজিও ধাৰাবাহিকভাৱে সমৃদ্ধ হৈ আহিছে। এনে অগণন যোদ্ধাই আমাৰ ইতিহাসত প্ৰাপ্য স্থান লাভ কৰিব নোৱাৰাটো দেশখনৰ বাবেই দুৰ্ভাগ্যজনক। কিন্তু, আজিৰ নব্য ভাৰতে বিগত কেইবাটাও দশকত সংঘটিত হোৱা সেই ভুলবোৰ শুধৰাই আছে। এতিয়া ভাৰতৰ সংস্কৃতি আৰু স্বাধীনতাৰ লগতে ভাৰতৰ উন্নয়নলৈ বৰঙণি আগবঢ়োৱাসকলৰ গুণ-গান কৰা হৈছে।

বন্ধুসকল,

আজি আমাৰ গুৰজাৰ সম্প্ৰদায়ৰ নতুন প্ৰজন্ম, যুৱক-যুৱতীসকলে ভগৱান দেৱনাৰায়ণৰ বাৰ্তা আৰু শিক্ষাক আগবঢ়াই নিয়াটোও সমানেই গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে গুৰজাৰ সম্প্ৰদায়ক সবলীকৰণ কৰাই নহয়, দেশখনো আগুৱাই যোৱাত সহায়ক হ’ব।

বন্ধুসকল,

একবিংশ শতিকাৰ এই সময়ছোৱা ৰাজস্থান আৰু ভাৰতৰ উন্নয়নৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হৈ উঠিছে। আমি একত্ৰিত হৈ দেশখনৰ উন্নয়নৰ বাবে কাম কৰিব লাগিব। আজি সমগ্ৰ বিশ্বই পৰম আশাৰে ভাৰতৰ ফালে চাই আছে। ভাৰতে যিদৰে সমগ্ৰ বিশ্বক নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে, একেদৰে এই ভূমিৰ গৌৰৱো বৃদ্ধি কৰিছে। আজি ভাৰতে বিশ্বৰ প্ৰতিখন বৃহৎ মঞ্চত নিজৰ কথা উত্থাপন কৰিছে। আজি ভাৰতে আন দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। গতিকে আমাৰ দেশবাসীৰ ঐক্যৰ বিৰোধী সকলো বিষয়ৰপৰা আমি আঁতৰি থাকিব লাগিব। আমি আমাৰ সংকল্প প্ৰমাণেৰে বিশ্বখনৰ আশা-আকাংক্ষাৰাজি পৰিপূৰণ কৰিব লাগিব। ভগৱান দেৱনাৰায়ণ জীৰ আশীৰ্বাদত আমি নিশ্চিতভাৱে সফল হ’ম বুলি মোৰ পূৰ্ণ বিশ্বাস আছে। আমি একেলগে কঠোৰ পৰিশ্ৰম কৰিম আৰু সকলোৰে প্ৰচেষ্টাই সফলতাৰ দিশত আগবাঢ়িব। আৰু চাওঁকচোন, এয়া কেনে এক সংযোগ। ভগৱান দেৱনাৰায়ণৰ ১১১১ সংখ্যক অৱতৰণ বৰ্ষত জি-২০ ৰ অধ্যক্ষতা কৰিছে ভাৰতে। ভগৱান দেৱনাৰায়ণৰ পদুমৰপৰা আৰ্বিভাৱ হৈছিল আৰু সমগ্ৰ বিশ্বখনক জি-২০ ৰ প্ৰতীকত পদুমৰ ওপৰত স্থাপন কৰা হৈছে। এয়াও এক বৃহৎ সংযোগ। আৰু সেইবাবেই আপোনালোকৰ সৈতে আমাৰ গভীৰ সম্পৰ্ক আছে। আমাক আশীৰ্বাদ দিবলৈ অজস্ৰ লোক ইয়ালৈ অহাৰ বাবে প্ৰণাম জনাইছো। লগতে আজি মোক ভক্ত হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে গুৰজাৰ সমাজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এয়া চৰকাৰী কাৰ্য্যসূচী নহয়। সমাজৰ শক্তি আৰু ভক্তিয়ে মোক অনুপ্ৰাণিত কৰিলে আৰু সেয়ে আপোনালোকৰ মাজলৈ আহিছো। আপোনালোক সকলোলৈ অলেখ শুভেচ্ছা জনালো!

জয় দেৱ দৰবাৰ! জয় দেৱ দৰবাৰ! জয় দেৱ দৰবাৰ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Abrogation Of Article 370 Was A Strategic Necessity For India

Media Coverage

Why Abrogation Of Article 370 Was A Strategic Necessity For India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Seven years of the abrogation of Articles 370 and 35(A)
August 05, 2026

Today the nation marks seven years since the historic abrogation of Articles 370 and 35(A) on 5th August 2019. Prime Minister Modi described it as a defining milestone in India's journey towards inclusive development.

Shri Modi noted that over the past seven years, the people of Jammu and Kashmir and Ladakh have witnessed wide-ranging transformation across sectors. Infrastructure has expanded significantly, while new opportunities have emerged in education, healthcare, entrepreneurship and sports. "The women and members of marginalised communities, who had been deprived of several constitutional rights for decades, have now been empowered through the full application of the Constitution of India", Shri Modi added.

The Prime Minister observed that this year's anniversary assumes even greater significance as the nation commemorates the 125th birth anniversary of Dr. Syama Prasad Mookerjee. He said that Dr. Mookerjee's lifelong commitment to national unity continues to inspire generations, and that the vision he championed found historic fulfilment on 5th August 2019.

Reaffirming the Government's unwavering commitment to the development of Jammu and Kashmir and Ladakh, the Prime Minister said that every citizen must have the opportunity to dream big, realise their aspirations and contribute to the vision of a Viksit Bharat.

The Prime Minister posted on X:

Seven years ago, on this day, Articles 370 and 35(A) became history, marking a decisive new chapter in the journey of Jammu and Kashmir as well as Ladakh.

Since then, the lives of the people of J&K and Ladakh have witnessed wide-ranging transformation. Infrastructure has expanded, opportunities in areas such as education, healthcare, entrepreneurship and sports have grown. Be it the women or the marginalised communities, those who were denied their basic constitutional rights for decades have been empowered thanks to the full application of the Constitution of India.

5th August this year assumes even greater significance as this is the year our nation commemorates the 125th birth anniversary of Dr. Syama Prasad Mookerjee. His lifelong commitment to national unity continues to inspire generations. What he envisioned decades ago found historic fulfilment on 5th August 2019.

We reaffirm our commitment to the progress of Jammu and Kashmir as well as Ladakh and to ensure that every citizen has the opportunity to dream big, achieve and contribute to the making of a Viksit Bharat.

#Article370Abrogation