The journey of Viksit Bharat is set to be one of unprecedented transformation and exponential growth in the mobility sector: PM
Ease of travel is a top priority for India today: PM
The strength of the Make in India initiative fuels the growth prospects of the country's auto industry: PM
Seven Cs of India's mobility solution-Common, Connected, Convenient, Congestion-free, Charged, Clean, Cutting-edge: PM
Today, India is focusing on the development of Green Technology, EVs, Hydrogen Fuel and Biofuels: PM
India stands as an outstanding destination for every investor looking to shape their future in the mobility sector: PM

কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ শ্ৰী নীতিন গাডকাৰী ডাঙৰীয়া, জীতন ৰাম মাঝি ডাঙৰীয়া, মনোহৰ লাল ডাঙৰীয়া, এইচ ডি কুমাৰস্বামী ডাঙৰীয়া, পীযুষ গোৱেল ডাঙৰীয়া, হৰদীপ সিং পুৰী ডাঙৰীয়া, দেশ বিদেশৰ অটো উদ্যোগৰ আটাইকেইগৰাকী শীৰ্ষস্থানীয় সন্মানীয় ব্যক্তি, অন্যান্য অতিথি, উপস্থিত অভ্যাগতবৃন্দ!

যোৱাবাৰ আপোনালোকৰ মাজলৈ অহাৰ সময়ত লোকসভা নিৰ্বাচন তেনেই সামগত আছিল। সেই সময়ত আপোনালোক সকলোৰে আস্থাৰ বাবেই মই কৈছিলোঁ যে অহাবাৰো ইণ্ডিয়া মবিলিটি এক্সপ’লৈ নিশ্চয় আহিম। দেশে তৃতীয়বাৰৰ বাবে আমাক আশীৰ্বাদ দিলে। আপোনালোক সকলোৱে মোক আকৌ এবাৰ ইয়ালৈ নিমন্ত্ৰণ জনাইছে, আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

এই বছৰ ইণ্ডিয়া মবিলিটি এক্সপ’ৰ পৰিসৰ যথেষ্ট বৃদ্ধি হোৱা দেখি মই আনন্দিত হৈছো। যোৱা বছৰ ৮০০ৰো অধিক প্ৰদৰ্শকে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু ১.৫ লাখতকৈ অধিক লোকৰ সমাগম ঘটিছিল। এইবাৰ ভাৰত মণ্ডপমৰ উপৰিও দ্বাৰকাৰ যশোভূমি আৰু গ্ৰেটাৰ নয়দাৰ ইণ্ডিয়া এক্সপ’ চেণ্টাৰতো অনুষ্ঠিত হৈছে এই এক্সপ’। অহা ৫-৬ দিনত বৃহৎ সংখ্যক দৰ্শনাৰ্থী অহাৰ সম্ভাৱনা আছে, আৰু ইয়াত বহু নতুন বাহনো মুকলি কৰা হ’ব। ইয়াৰ দ্বাৰা ভাৰতৰ গতিশীলতাৰ ভৱিষ্যতক লৈ থকা আকাশলঙ্ঘী আশাবাদৰ প্ৰতিফলন ঘটিছে। কিছুমান প্ৰদৰ্শনীলৈ গৈ চোৱাৰ সুযোগো পাইছো, আৰু ক’ব লাগিব যে ভাৰতৰ অটোমোটিভ উদ্যোগটো আকৰ্ষণীয় হৈ উঠাই নহয়, ই ভৱিষ্যতৰ বাবেও সাজু হৈছে। আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

ভাৰতৰ অটোমোটিভ খণ্ডত এনে এক উল্লেখযোগ্য অনুষ্ঠানত আজি ৰতন টাটা জী আৰু ওছামু ছুজুকী জীকো স্মৰণ কৰিব বিচাৰিছো। এই দুয়োগৰাকী মহান ব্যক্তিয়ে ভাৰতৰ অটো উদ্যোগৰ বিকাশত অপৰিসীম অৱদান আগবঢ়াইছে আৰু মধ্যবিত্ত শ্ৰেণীৰ আকাংক্ষা পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মোৰ বিশ্বাস যে ৰতন টাটা জী আৰু ওছামু ছুজুকী জীৰ উত্তৰাধিকাৰে ভাৰতৰ সমগ্ৰ গতিশীলতা খণ্ডক অনুপ্ৰাণিত কৰি যাব।

বন্ধুসকল,

আজি ভাৰত উচ্চাকাংক্ষা আৰু যুৱ শক্তিৰে ভৰা এখন ৰাষ্ট্ৰ, আৰু এই আকাংক্ষাসমূহ দেশৰ অটোমোটিভ উদ্যোগত প্ৰতিফলিত হোৱা আমি স্পষ্টকৈ দেখিবলৈ পাওঁ। বিগত এটা বছৰত ভাৰতৰ অটো উদ্যোগ প্ৰায় ১২ শতাংশ বিকশিত হৈছে। "মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড" মন্ত্ৰ আকোৱালি লৈ ৰপ্তানিও বৃদ্ধি পাইছে। দৰাচলতে ভাৰতত প্ৰতি বছৰে বিক্ৰী হোৱা বাহনৰ সংখ্যাই বহু দেশৰ সমগ্ৰ জনসংখ্যাকো অতিক্ৰম কৰে। বছৰি প্ৰায় ২.৫ কোটি বাহন বিক্ৰী হোৱাৰ লগে লগে এই বিকাশে ভাৰতত বৰ্ধিত চাহিদাক প্ৰৌজ্জ্বল কৰি তুলিছে। ভাৰতৰ গতিশীলতাৰ ভৱিষ্যতক বিশ্বজুৰি ইমান আশাবাদেৰে দেখা পোৱাটো কোনো আচৰিত কথা নহয়৷

 

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি, আৰু যাত্ৰীবাহী বাহনৰ বজাৰৰ কথা আহিলে আমি বিশ্বজুৰি তৃতীয় স্থানত আছো। ভাৰত বিশ্বৰ শীৰ্ষ তিনিখন অৰ্থনীতিৰ ভিতৰত অন্যতম হ’লে আমাৰ অটোমোটিভ বজাৰৰ সম্ভাৱনা কি হ’ব পাৰে কল্পনা কৰকচোন। উন্নত ভাৰতৰ দিশত এই যাত্ৰাত এক অভূতপূৰ্ব পৰিৱৰ্তন আৰু গতিশীলতা খণ্ডৰ উল্লেখযোগ্য সম্প্ৰসাৰণেও চিহ্নিত হ’ব। দেশৰ সৰ্বাধিক যুৱ জনসংখ্যা, নিত্য সম্প্ৰসাৰিত মধ্যবিত্ত শ্ৰেণী, দ্ৰুত নগৰায়ন, আধুনিক আন্তঃগাঁথনিৰ উন্নয়ন, আৰু "মেক ইন ইণ্ডিয়া" পদক্ষেপৰ পৰা সুলভ মূল্যৰ বাহনৰ উপলব্ধতাকে ধৰি কেইবাটাও কাৰকে ভাৰতৰ গতিশীলতাৰ ভৱিষ্যতক আগুৱাই লৈ গৈছে। এই কাৰকসমূহে ভাৰতৰ অটো খণ্ডৰ বৃদ্ধিত ইন্ধন যোগোৱাই নহয়, ইয়াক নৱীকৃত শক্তি আৰু গতিবেগো প্ৰদান কৰিব।

বন্ধুসকল,

অটো উদ্যোগৰ বিকাশত মানুহৰ প্ৰয়োজন আৰু আকাংক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আৰু সৌভাগ্যক্ৰমে আজি ভাৰতত দুয়োটাই ফুলি উঠিছে। ভাৰত কেইবা দশক ধৰি বিশ্বৰ আটাইতকৈ কম বয়সীয়া দেশ হিচাপে থাকিব, আৰু এই যুৱ জনগাঁথনিটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ গ্ৰাহক। কল্পনা কৰকচোন ইমান বৃহৎ আৰু গতিশীল যুৱ জনসংখ্যাই কিমান অপৰিসীম চাহিদাৰ সৃষ্টি কৰিব। আন এটা উল্লেখযোগ্য গ্ৰাহকৰ ভিত্তি হৈছে ভাৰতৰ মধ্যবিত্ত শ্ৰেণী। বিগত দশকত ২৫ কোটি ভাৰতীয়ই দৰিদ্ৰতাৰ পৰা ওলাই আহিছে, আৰু এই নতুন মধ্যবিত্ত শ্ৰেণীয়ে এতিয়া প্ৰথম বাহন ক্ৰয় কৰিছে। তেওঁলোকে আগবাঢ়ি যোৱাৰ লগে লগে তেওঁলোকে নিজৰ বাহনসমূহ উন্নীতকৰণৰ দিশতো চাব, যিয়ে নিঃসন্দেহে অটো খণ্ডক উপকৃত কৰিব।

বন্ধুসকল,

আগতে ভাল, বহল পথৰ অভাৱ ভাৰতত যান-বাহনৰ মালিকীস্বত্বৰ ক্ষেত্ৰত এক ডাঙৰ বাধা আছিল। অৱশ্যে এই পৰিস্থিতি দ্ৰুতগতিত সলনি হৈছে। ভ্ৰমণৰ সহজতা আজি ভাৰতৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। যোৱা বছৰৰ বাজেটত আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১ লাখ কোটি টকাৰো অধিক ধন আবণ্টন দিয়া হৈছিল। সমগ্ৰ দেশতে বহু লেনযুক্ত ঘাইপথ আৰু এক্সপ্ৰেছৱেৰ এক বিশাল নেটৱৰ্ক নিৰ্মাণ কৰা হৈছে, আৰু পি এম গতিশক্তি ৰাষ্ট্ৰীয় গুৰু পৰিকল্পনাৰ জৰিয়তে বহুমুখী সংযোগে গতি লাভ কৰিছে। ইয়াৰ ফলত লজিষ্টিক ব্যয় হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় লজিষ্টিক নীতি স্থাপনৰ লগে লগে ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰতিযোগিতামূলক লজিষ্টিক খৰচৰ দেশ হিচাপে পৰিগণিত হ’ব। এই সকলোবোৰ প্ৰচেষ্টাই অটো উদ্যোগৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে, যিয়ে দেশত বাহনৰ বৰ্ধিত চাহিদা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

বন্ধুসকল,

আজি শক্তিশালী আন্তঃগাঁথনিৰ বিকাশৰ লগতে গাড়ী চলোৱাৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে নতুন প্ৰযুক্তিও একত্ৰিত কৰা হৈছে। FASTag-এ সমগ্ৰ ভাৰতত ভ্ৰমণ যথেষ্ট সহজ কৰি তুলিছে, আৰু নেচনেল কমন মবিলিটি কাৰ্ডে ভ্ৰমণক নিৰৱচ্ছিন্ন কৰি তোলাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰি তুলিছে। আমি এতিয়া স্মাৰ্ট মবিলিটিৰ দিশে আগবাঢ়িছো, ভাৰতে সংযুক্ত বাহন আৰু স্বায়ত্তশাসিত ড্ৰাইভিঙৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। এই উন্নতিসমূহে দেশৰ যাতায়তৰ ভৱিষ্যত গঢ় দিয়াত সহায় কৰিছে।

বন্ধুসকল,

"মেক ইন ইণ্ডিয়া" পদক্ষেপৰ শক্তিয়ে ভাৰতৰ অটোমোটিভ উদ্যোগৰ বৃদ্ধিৰ সম্ভাৱনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰডাকচন-লিংকড ইনচেন্টিভ (পিএলআই) আঁচনিৰ জৰিয়তে এই অভিযানে নতুন গতি লাভ কৰিছে। পিএলআই আঁচনিখনে ২.২৫ লাখ কোটি টকাতকৈ অধিক বিক্ৰীত অৰিহণা যোগাইছে আৰু প্ৰত্যক্ষভাৱে এই খণ্ডত ১.৫ লাখৰো অধিক চাকৰিৰ সৃষ্টি কৰিছে। আপুনি জানে যে চাকৰি সৃষ্টিৰ প্ৰভাৱ অটোমোটিভ উদ্যোগৰ বাহিৰলৈও যায়; ইয়াৰ অন্যান্য খণ্ডসমূহৰ ওপৰত বহুগুণক প্ৰভাৱ পৰে। যথেষ্ট সংখ্যক অটো পাৰ্টছ নিৰ্মাণ কৰা আমাৰ এম এছ এম ই খণ্ডটোৱেও লাভৱান হয়। অটো খণ্ড বিকশিত হোৱাৰ লগে লগে ইয়াৰ ফলত স্বাভাৱিকতে এম এছ এম ইৰ লগতে লজিষ্টিক, পৰ্যটন, আৰু পৰিবহণ উদ্যোগতো চাকৰি বৃদ্ধি পায়।

বন্ধুসকল,

ভাৰত চৰকাৰে অটো খণ্ডক প্ৰতিটো স্তৰতে বলিষ্ঠ সহযোগিতা আগবঢ়াইছে। যোৱা দশকত এই উদ্যোগৰ ভিতৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই), প্ৰযুক্তি হস্তান্তৰ, আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ নতুন সুযোগ সৃষ্টি হৈছে। কেৱল যোৱা চাৰি বছৰত এই খণ্ডলৈ ৩৬ বিলিয়ন ডলাৰতকৈ অধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ প্ৰবাহিত হৈছে আৰু অনাগত বছৰবোৰত ই বহুগুণ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আমাৰ লক্ষ্য হৈছে ইয়াতেই ভাৰতত অটো নিৰ্মাণৰ সৈতে জড়িত সমগ্ৰ পৰিৱেশ তন্ত্ৰটো বিকশিত কৰা, আত্মনিৰ্ভৰশীলতা আৰু খণ্ডটোত অধিক বৃদ্ধিৰ পোষকতা কৰা।

বন্ধুসকল,

মনত আছে, গতিশীলতাৰ সৈতে জড়িত এটা কাৰ্যসূচীত চেভেন-চিৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমাৰ গতিশীলতা সমাধানসমূহ সাধাৰণ, সংযুক্ত, সুবিধাজনক, ভিৰমুক্ত, চাৰ্জযুক্ত, পৰিষ্কাৰ, আৰু অত্যাধুনিক হ’ব লাগে। এই দৃষ্টিভংগীত সেউজ গতিশীলতাৰ ওপৰত শক্তিশালী গুৰুত্ব দিয়াটো অন্তৰ্ভুক্ত কৰা হৈছে। আজি আমি অৰ্থনীতি আৰু পৰিৱেশ দুয়োটাকে সহায় কৰা গতিশীলতা ব্যৱস্থা গঢ়ি তোলাৰ কাম কৰি আছো। ই এনে এক ব্যৱস্থা যিয়ে জীৱাশ্ম ইন্ধনৰ বাবে আমাৰ আমদানিৰ বিল হ্ৰাস কৰাত সহায় কৰে। ফলত আমি সেউজ প্ৰযুক্তি, যেনে বৈদ্যুতিক বাহন (ইভি), হাইড্ৰজেন ইন্ধন, আৰু জৈৱ ইন্ধন আদিৰ বিকাশৰ ওপৰত তীব্ৰ গুৰুত্ব দিছো। এই দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় বৈদ্যুতিক গতিশীলতা অভিযান আৰু সেউজ হাইড্ৰজেন অভিযানৰ দৰে পদক্ষেপ আৰম্ভ কৰা হৈছে।

 

বন্ধুসকল,

শেহতীয়া বছৰবোৰত ভাৰতত বৈদ্যুতিক গতিশীলতাৰ দ্ৰুত বৃদ্ধি দেখা গৈছে। যোৱা দশকত বৈদ্যুতিক বাহনৰ বিক্ৰী ৬৪০ গুণ বৃদ্ধি পাইছে। দহ বছৰৰ আগতে বছৰি মাত্ৰ প্ৰায় ২৬০০ ইলেক্ট্ৰিক বাহনহে বিক্ৰী হৈছিল যদিও ২০২৪ চনলৈ ১৬.৮ লাখতকৈ অধিক বাহন বিক্ৰী হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি মাত্ৰ এদশক আগতে গোটেই বছৰটোত বিক্ৰী হোৱাতকৈ দুগুণ বেছি বৈদ্যুতিক বাহন বিক্ৰী হৈছে। অনুমান কৰা হৈছে যে এই দশকৰ শেষলৈকে ভাৰতত বৈদ্যুতিক বাহনৰ সংখ্যা আঠগুণ পৰ্যন্ত বৃদ্ধি পাব পাৰে। ইয়াৰ দ্বাৰা এই খণ্ডৰ অপৰিসীম বৃদ্ধিৰ সম্ভাৱনাক উজ্জ্বল কৰি তোলা হৈছে।

বন্ধুসকল,

বৈদ্যুতিক গতিশীলতাক প্ৰসাৰিত কৰা আৰু উদ্যোগটোক সহায় কৰাৰ বাবে চৰকাৰে ধাৰাবাহিকভাৱে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰি আছে। পাঁচ বছৰৰ আগতে এফ এ এম ই-২ আঁচনি আৰম্ভ কৰা হৈছিল, য’ত ৮ হাজাৰ কোটিৰো অধিক প্ৰৰোচনা প্ৰদান কৰা হৈছিল। এই ধনেৰে বৈদ্যুতিক বাহন ক্ৰয় আৰু চাৰ্জিং আন্তঃগাঁথনি উন্নয়নত সহায় কৰা হৈছে, যাৰ ফলত ৫ হাজাৰৰো অধিক ইলেক্ট্ৰিক বাছকে ধৰি ১৬ লাখতকৈ অধিক ইভি উপকৃত হৈছে। কেৱল দিল্লীতে ভাৰত চৰকাৰে প্ৰদান কৰা ১২০০ৰো অধিক বৈদ্যুতিক বাছ বৰ্তমান চলি আছে। আমাৰ তৃতীয় কাৰ্যকালত আমি পি এম ই-ড্ৰাইভ আঁচনি প্ৰৱৰ্তন কৰিলোঁ, যিয়ে দুচকীয়া, তিনিচকীয়া, ই-এম্বুলেন্স, ই-ট্ৰাককে ধৰি প্ৰায় ২৮ লাখ বৈদ্যুতিক বাহন ক্ৰয় কৰাত সহায় কৰিব। ইয়াৰ উপৰিও প্ৰায় ১৪ হাজাৰ ইলেক্ট্ৰিক বাছ ক্ৰয় কৰা হ’ব, আৰু সমগ্ৰ দেশতে ৭০ হাজাৰৰো অধিক ফাষ্ট চাৰ্জাৰ স্থাপন কৰা হ’ব। পিএম ই-বাছ সেৱাও আৰম্ভ কৰা হৈছে, কেন্দ্ৰীয় চৰকাৰে সৰু চহৰত প্ৰায় ৩৮,০০০ ই-বাছ চলাবলৈ সহায় আগবঢ়াইছে। ভাৰতত ইভি গাড়ী উৎপাদনৰ প্ৰতি আগ্ৰহী বিশ্বব্যাপী বিনিয়োগকাৰীৰ বাবে পথ সৃষ্টি কৰি ইভি নিৰ্মাণ উদ্যোগক সহায় কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ দ্বাৰা ভাৰতৰ ইভি উৎপাদন পৰিৱেশ তন্ত্ৰ সম্প্ৰসাৰণ আৰু এক শক্তিশালী মূল্য শৃংখল গঢ়ি তোলাত সহায়ক হ’ব।

বন্ধুসকল,

গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আমি সৌৰশক্তি আৰু বিকল্প ইন্ধনৰ প্ৰচাৰ অব্যাহত ৰাখিব লাগিব। জি-২০ৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত ভাৰতে সেউজ ভৱিষ্যতৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। আজি বৈদ্যুতিক বাহনৰ সমান্তৰালভাৱে ভাৰতে সৌৰশক্তিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে, পি এম সূৰ্য্যঘৰ মুক্ত বিদ্যুৎ আঁচনিৰ অধীনত ছাদৰ ওপৰৰ সৌৰ অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ফলত এই খণ্ডত বেটাৰী আৰু ষ্ট’ৰেজ চিষ্টেমৰ চাহিদা অবিৰতভাৱে বৃদ্ধি পোৱাৰ আশা কৰা হৈছে। এই বৃদ্ধিৰ সহায়ৰ বাবে চৰকাৰে উন্নত ৰসায়ন বিজ্ঞান কোষৰ বেটাৰী সংৰক্ষণৰ প্ৰসাৰৰ বাবে ১৮ হাজাৰ কোটি টকাৰ পিএলআই আঁচনি প্ৰৱৰ্তন কৰিছে। ই এই খণ্ডত উল্লেখযোগ্য বিনিয়োগৰ বাবে এক উৎকৃষ্ট সুযোগ উপস্থাপন কৰে। দেশৰ যুৱক-যুৱতীসকলকো ষ্টাৰ্টআপৰ জৰিয়তে শক্তি সংৰক্ষণ খণ্ডত সুযোগ বিচাৰি উলিয়াবলৈ উৎসাহিত কৰিছো। আমি এনে উদ্ভাৱনক লালন-পালন কৰিব লাগিব যিয়ে আমাক ভাৰতৰ ভিতৰত উপলব্ধ সামগ্ৰী ব্যৱহাৰ কৰি বেটাৰী আৰু সংৰক্ষণ ব্যৱস্থা উৎপাদন কৰিবলৈ সক্ষম কৰে। এই ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট কাম চলি আছে যদিও আমি ইয়াক মিছন-চালিত পদ্ধতিৰে আগুৱাই নিয়াটো অতি গুৰুত্বপূৰ্ণ।

 

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰৰ উদ্দেশ্য আৰু দায়বদ্ধতা স্পষ্ট। নতুন নীতি প্ৰৱৰ্তন কৰাই হওক বা সংস্কাৰ ৰূপায়ণ কৰাই হওক, আমাৰ প্ৰচেষ্টা অব্যাহত আছে। এতিয়া, এই পদক্ষেপসমূহ আগুৱাই নিয়া আৰু ইয়াৰ সৰ্বোত্তম ব্যৱহাৰ কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰশীল। তেনে এটা নীতি হৈছে বাহন বাতিল নীতি, আৰু মই সকলো নিৰ্মাতাক ইয়াৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আহ্বান জনাইছো। আনকি আপুনি আপোনাৰ কোম্পানীসমূহৰ ভিতৰত প্ৰৰোচনামূলক আঁচনিও প্ৰৱৰ্তন কৰিব পাৰে যাতে অধিক লোকে তেওঁলোকৰ পুৰণি বাহনসমূহ বাতিল কৰিবলৈ উৎসাহিত কৰিব পাৰে। এই ধৰণৰ প্ৰেৰণা অতি গুৰুত্বপূৰ্ণ, আৰু ই আপোনাৰ ব্যৱসায়ক উপকৃত কৰাই নহয়, দেশৰ পৰিৱেশ লক্ষ্যত এক মূল্যৱান অৱদান হিচাপেও কাম কৰিব।

 

 

বন্ধুসকল,

অটোমোটিভ উদ্যোগটো উদ্ভাৱন আৰু প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত। উদ্ভাৱন হওক, প্ৰযুক্তি হওক, দক্ষতা হওক, চাহিদাই হওক, ভৱিষ্যত পূবৰ, এছিয়াৰ, ভাৰতৰ। গতিশীলতাত নিজৰ ভৱিষ্যত দেখা যিকোনো খণ্ডৰ বাবে ভাৰত এক উৎকৃষ্ট গন্তব্যস্থান, লগতে বিনিয়োগকাৰীৰ বাবেও। মই আকৌ এবাৰ আপোনালোকক আশ্বস্ত কৰিছো যে প্ৰতিটো খোজতে চৰকাৰ আপোনালোকৰ লগত আছে। মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড মন্ত্ৰ লৈ আগবাঢ়ি যাওক। আপোনালোক সকলোলৈ পুনৰ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছো।

অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FIIs pour over $1 billion into Indian stocks, biggest weekly buying since June 2025

Media Coverage

FIIs pour over $1 billion into Indian stocks, biggest weekly buying since June 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives due to boat capsizing in South 24 Parganas district of West Bengal
July 13, 2026
Prime Minister announces ex-gratia

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

The Prime Minister’s Office posted on X;

“The loss of lives due to the capsizing of a boat in the South 24 Parganas district of West Bengal is deeply painful. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”