Viksit Bharat Budget 2025-26 will fulfill the aspirations of 140 crore Indians: PM
Viksit Bharat Budget 2025-26 is a force multiplier: PM
Viksit Bharat Budget 2025-26 empowers every citizen: PM
Viksit Bharat Budget 2025-26 will empower the agriculture sector and give boost to rural economy: PM
Viksit Bharat Budget 2025-26 greatly benefits the middle class of our country: PM
Viksit Bharat Budget 2025-26 has a 360-degree focus on manufacturing to empower entrepreneurs, MSMEs and small businesses: PM

আজি ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি! এয়া ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাৰ বাজেট, প্ৰতিজন ভাৰতীয়ৰ সপোন পূৰণ কৰা বাজেট। আমি যুৱক-যুৱতীসকলৰ বাবে বহু খণ্ড মুকলি কৰিছো। সাধাৰণ নাগৰিকেই উন্নত ভাৰতৰ অভিযানক আগুৱাই নিব। এই বাজেটে বিকাশত অপৰিসীম শক্তি যোগাব। এই বাজেটে সঞ্চয় বৃদ্ধি, বিনিয়োগ বৃদ্ধি, ব্যয় বৃদ্ধি কৰাৰ লগতে বিকাশৰ গতিও ত্বৰান্বিত কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সমগ্ৰ দলটোক এই জনমুখী বাজেট প্ৰস্তুত কৰাৰ বাবে অভিনন্দন জনাইছো।

বন্ধুসকল,

সাধাৰণতে বাজেটৰ কেন্দ্ৰবিন্দু হয় চৰকাৰী কোষাগাৰ কেনেকৈ পূৰণ কৰা হ’ব। কিন্তু এই বাজেটখন তাৰ হুবহু বিপৰীত। কিন্তু এই বাজেটখনে দেশৰ নাগৰিকৰ পকেট কেনেকৈ ভৰিব, দেশৰ নাগৰিকৰ সঞ্চয় কেনেকৈ বৃদ্ধি পাব আৰু দেশৰ নাগৰিক কেনেকৈ উন্নয়নৰ অংশীদাৰ হ’ব, এই বাজেটে ইয়াৰ বাবে এক অতি শক্তিশালী ভেটি স্থাপন কৰে।

বন্ধুসকল,

এই বাজেটত সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডক প্ৰসাৰিত কৰাৰ সিদ্ধান্ত অতি ঐতিহাসিক। ইয়াৰ দ্বাৰা অনাগত সময়ত দেশৰ উন্নয়নত অসামৰিক পাৰমাণৱিক শক্তিৰ এক বৃহৎ অৱদান নিশ্চিত হ’ব। বাজেটত নিয়োগৰ সকলো খণ্ডকে সকলো দিশতে অগ্ৰাধিকাৰ দিয়া হৈছে। কিন্তু মই দুটা কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো, সেই সংস্কাৰবোৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো যিবোৰে আগন্তুক সময়ত এক বৃহৎ পৰিৱৰ্তন আনিবলৈ গৈ আছে। এটা – আন্তঃগাঁথনিৰ মৰ্যাদা দিলে ভাৰতত বৃহৎ জাহাজ নিৰ্মাণত উৎসাহ পাব, স্বাৱলম্বী ভাৰত অভিযানে গতি লাভ কৰিব আৰু আমি সকলোৱে জানো যে জাহাজ নিৰ্মাণ হৈছে এনে খণ্ড যিয়ে সৰ্বাধিক কৰ্মসংস্থাপন প্ৰদান কৰে। একেদৰে দেশত পৰ্যটনৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি পাইছে। প্ৰথমবাৰৰ বাবে ৫০টা গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীত নিৰ্মাণ হ’বলগীয়া হোটেলসমূহক আন্তঃগাঁথনিৰ পৰিসৰৰ ভিতৰত আনি পৰ্যটনৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। ইয়াৰ দ্বাৰা আতিথ্য খণ্ড, যিটো এটা বিশাল নিয়োগ খণ্ড আৰু পৰ্যটন, যিটো আটাইতকৈ ডাঙৰ নিয়োগ খণ্ডৰ বাবে শক্তি বৃদ্ধিৰ কাম কৰি চাৰিওফালে নিয়োগৰ সুযোগ সৃষ্টি কৰিব। আজি দেশ, ইয়াৰ উন্নয়ন আৰু ইয়াৰ ঐতিহ্য এই মন্ত্ৰৰ সৈতে আগবাঢ়িছে। এই বাজেটতো ইয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে। এক কোটি পাণ্ডুলিপি সংৰক্ষণৰ বাবে পাণ্ডুলিপিৰ বাবে জ্ঞান ভাৰতম আৰম্ভ কৰা হৈছে। লগতে ভাৰতীয় জ্ঞান পৰম্পৰাৰ পৰা অনুপ্ৰাণিত হৈ এটা ৰাষ্ট্ৰীয় ডিজিটেল ভঁৰালৰ সৃষ্টি কৰা হ’ব। অৰ্থাৎ প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ হ’ব আৰু আমাৰ পৰম্পৰাগত জ্ঞানৰ পৰা অমৃত উলিওৱাৰ কামো কৰা হ’ব।

বন্ধুসকল,

বাজেটত কৃষকৰ বাবে কৰা ঘোষণাই কৃষি খণ্ডৰ লগতে সমগ্ৰ গ্ৰাম্য অৰ্থনীতিত এক নতুন বিপ্লৱৰ আধাৰ হৈ পৰিব। প্ৰধানমন্ত্ৰী ধন ধন কৃষি যোজনাৰ অধীনত ১০০খন জিলাত জলসিঞ্চন আৰু আন্তঃগাঁথনিৰ উন্নয়ন হ’ব।

বন্ধুসকল,

এতিয়া এই বাজেটত ১২ লাখ টকা পৰ্যন্ত আয়ক কৰ ৰেহাই দিয়া হৈছে। সকলো আয় গোটৰ লোকৰ বাবেও কৰ হ্ৰাস কৰা হৈছে। ইয়াৰ দ্বাৰা আমাৰ মধ্যবিত্ত শ্ৰেণী, কৰ্মসংস্থাপন আৰু উপাৰ্জন নিৰ্ধাৰিত লোকৰ বাবে যথেষ্ট লাভ হ’ব, এনে মধ্যবিত্ত শ্ৰেণীৰ লোকে ইয়াৰ পৰা বহুত লাভৱান হ’বলৈ গৈ আছে। একেদৰে নতুন বৃত্তিত নামি নতুন চাকৰি লাভ কৰাসকলৰ বাবে আয়কৰৰ পৰা এই ৰেহাই তেওঁলোকৰ বাবে এক বৃহৎ সুযোগ হ’ব।

বন্ধুসকল,

এই বাজেটত ৩৬০ ডিগ্ৰী উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যাতে উদ্যোগী, এমএছএমই, ক্ষুদ্ৰ উদ্যোগীসকল শক্তিশালী হয় আৰু নতুন চাকৰিৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় উৎপাদন অভিযানৰ পৰা আৰম্ভ কৰি নিকা প্ৰযুক্তি, চৰ্ম, ফুটৱেৰ, পুতলা উদ্যোগ আদি বিভিন্ন খণ্ডলৈকে বিশেষ সহায় আগবঢ়োৱা হৈছে। আমাৰ লক্ষ্য স্পষ্ট যে ভাৰতীয় সামগ্ৰীয়ে বিশ্বৰ বজাৰত উজলি উঠিব।

বন্ধুসকল,

ৰাজ্যসমূহত বিনিয়োগৰ বাবে এক সজীৱ প্ৰতিযোগিতামূলক পৰিৱেশ গঢ়ি তোলাৰ ওপৰত বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এম এছ এম ই আৰু ষ্টাৰ্টআপৰ ঋণ নিশ্চয়তা দুগুণ কৰাৰ কথাও ঘোষণা কৰা হৈছে। দেশৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলা উদ্যোগীসকলৰ বাবেও ২ কোটি টকা পৰ্যন্ত ঋণৰ আঁচনি অনা হৈছে, যিসকলে নতুন উদ্যোগী হ’ব বিচাৰে আৰু সেয়াও নিশ্চয়তা অবিহনে। এই বাজেটত নতুন যুগৰ অৰ্থনীতিৰ কথা মনত ৰাখি গিগ কৰ্মীৰ বাবে এটা ডাঙৰ ঘোষণা কৰা হৈছে। প্ৰথমবাৰৰ বাবে ই-শ্ৰম পৰ্টেলত গিগ কৰ্মী পঞ্জীয়ন কৰা হ’ব। ইয়াৰ পিছত এই লোকসকলে স্বাস্থ্যসেৱা আৰু অন্যান্য সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা লাভ কৰিব। ‘শ্ৰমেৱ জয়তে’ৰ এই শ্ৰমৰ মৰ্যাদাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। নিয়ন্ত্ৰণ সংস্কাৰৰ পৰা বিত্তীয় সংস্কাৰলৈকে জন বিশ্বাস ২.০ৰ দৰে পদক্ষেপে ন্যূনতম চৰকাৰ আৰু বিশ্বাস ভিত্তিক শাসনৰ প্ৰতি আমাৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিব।

বন্ধুসকল,

এই বাজেটখনে কেৱল দেশৰ বৰ্তমানৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই নহয়, ভৱিষ্যতৰ বাবে প্ৰস্তুতি চলোৱাতো আমাক সহায় কৰে। ষ্টাৰ্টআপৰ বাবে ডিপ টেক ফাণ্ড, জিঅ’স্পেচিয়েল মিছন আৰু নিউক্লিয়াৰ এনাৰ্জি মিছন এনে গুৰুত্বপূৰ্ণ পদক্ষেপ। এই ঐতিহাসিক জনমুখী বাজেটৰ বাবে পুনৰবাৰ সমগ্ৰ দেশবাসী আৰু বিত্তমন্ত্ৰীক অভিনন্দন জনাইছো। আপোনালোক সকলোকে অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Union Budget 2026-27: Strengthening India's long-term growth engines

Media Coverage

Union Budget 2026-27: Strengthening India's long-term growth engines
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to watch the special Pariksha Pe Charcha episode
February 03, 2026

The Prime Minister Shri Narendra Modi today invited citizens to watch the special Pariksha Pe Charcha episode on February 6, 2026, to witness these engaging conversations and the collective spirit of India’s youth.

As examination season approaches, Prime Minister once again engaged with young students through Pariksha Pe Charcha. This year, the interactive sessions were held with Exam Warriors in Devmogra, Coimbatore, Raipur, Guwahati, and at 7, Lok Kalyan Marg in Delhi.

The Prime Minister described the experience as refreshing and inspiring, noting the enthusiasm and openness of the students. He emphasized the importance of stress-free exams and shared practical insights on overcoming challenges, maintaining balance, and nurturing confidence.

In a post of X, Shri Modi stated:

"As the Parikshas are approaching, #ParikshaPeCharcha is back too!

This time, the Charcha happened with #ExamWarriors in Devmogra, Coimbatore, Raipur, Guwahati and at 7, LKM in Delhi. As always, it is refreshing to interact with my young friends and discuss stress free exams and several other things.

Do watch the PPC Episode on 6th February!"