নমস্কাৰ সতীৰ্থসকল,

দীৰ্ঘদিনৰ মূৰত আজি আপোনালোকক দেখিবলৈ পালো। আপোনালোক সকলো কুশলে আছে নে ? আপোনালোকৰ পৰিয়ালো কোনো সংকটত পৰা নাইতো ? ঈশ্বৰে সকলোৰে মংগল কৰক।

এক ব্যতিক্ৰম পৰিৱেশত আজিৰে পৰা সংসদৰ অধিৱেশন আৰম্ভ হ’বলৈ গৈ আছে। কৰ’নাও আছে, কৰ্তব্যও আছে আৰু সাংসদসকলে কৰ্তব্যৰ পথ বাছি লৈছে। এই পদক্ষেপৰ বাবে মই সকলো সাংসদক অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছো আৰু সকলোকে ধন্যবাদ জনাইছো।

বাজেট অধিৱেশন নিৰ্ধাৰিত সময়তকৈ আগত বন্ধ কৰিবলগীয়া হৈছেল। এইবাৰো দিনটোত দুবাৰ অৰ্থাৎ এবাৰ ৰাজ্যসভা আৰু এবাৰ লোকসভাৰ অভিৱেশন বহিব, সময়ো সলনি কৰিবলগীয়া হৈছে। শনিবাৰ আৰু দেওবাৰো এইবাৰ বাতিল কৰা হৈছে। সকলো সদস্যই এই সিদ্ধান্তক আদৰণি জনাইছে আৰু কৰ্তব্যৰ পথত আগুৱাই যোৱাৰ সিদ্ধান্ত লৈছে।

এই অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। অনেক বিষয়ৰ ওপৰত আলোচনা হ’ব আৰু আমাৰ সকলোৰে অভিজ্ঞতা আছে যে লোকসভাত যিমান গভীৰ চৰ্চা হয়, যিমান বিবিধতাৰে ভৰা চৰ্চা হয়, সিমানে সদনৰো লাভ হয় আৰু দেশবাসীও উপকৃত হয়।

এইবাৰো সেই মহান পৰম্পৰাক অটুট ৰাখি আমি সকলো সাংসদে ঐক্যবদ্ধভাৱে value addition কৰিম, এয়া মোৰ বিশ্বাস। কৰ’নাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে যিসমূহ সতৰ্কতামূলক ব্যৱস্থা জাৰি কৰা হৈছে, সেইবোৰ আমি সকলোৱে পালন কৰিবই লাগিব। আৰু এই কথাও স্পষ্ট যে যেতিয়ালৈকে দৰৱ নাহে, তেতিয়ালৈকে আমি শিথিল হ’ব নোৱাৰো। আমি বিচাৰিছো যে অতি সোনকালে বিশ্বৰ কোনো প্ৰান্তত কৰ’নাৰ ভেকছিন উপলব্ধ হওক, আমাৰ বৈজ্ঞানিকসকল সোনকালে সফল হওক আৰু বিশ্বৰ সকলো লোকক এই সংকটৰ পৰা উদ্ধাৰ কৰাত আমি সফল হও।

এই সদনক মই আৰু এটা বিশেষ দায়িত্ব অৰ্পন কৰিব বিচাৰো। আজি আমাৰ সেনাৰ বীৰ জোৱানসকল সীমান্তত সাহস আৰু বিশ্বাসেৰে পহৰা দি আছে, আত্মবিশ্বাসেৰে দূৰ্গম পাহাৰীয়া অঞ্চলত কৰ্তব্য পালন কৰি আছে, মাতৃভূমিৰ ৰক্ষাৰ বাবে তেওঁলোকে দিনে-নিশাই ত্যাগ, কষ্ট স্বীকাৰ কৰিছে। কেইদিনমানপ পিছত আকৌ বৰ্ষাও আৰম্ভ হ’ব। তেওঁলোকে যি বিশ্বাস আৰু দৃঢ়তাৰে মাতৃভূমিৰ ৰক্ষাৰ বাবে সীমান্তত থিয় হৈ আছে, এই সদনৰ সকলো সদস্যইও এক কণ্ঠ, এক চিন্তা, এক সংকল্পৰে দেশৰ সেনা জোৱানসকলক বাৰ্তা দিও আহক যে সেনাৰ সৈতে সমগ্ৰ দেশ, সংসদ আৰু সংসদৰ সদস্যসকল থিয় হৈ আছে। সম্পূৰ্ণ সদন এক স্বৰেৰে বীৰ জোৱানসকলৰ সৈতে আছে। এই শক্তিশালী বাৰ্তা সদনৰ পৰা আমি তেওঁলোকলৈ প্ৰেৰণ কৰা উচিত। এয়া মোৰ পূৰ্ণ বিশ্বাস। মই আপোনালোকক অনুৰোধ জনাব বিচাৰো যে কৰ’নাৰ এই জটিল ক্ষণত আপোনালোকে পূৰ্বৰ দৰে মুক্ত মনেৰে সকলো স্থানলৈ যোৱাৰ সুযোগ নাপাব। সকলোৱে নিজৰ নিজৰ আপোন মানুহখিনিক ভালকৈ সম্ভালিব। এয়া মোৰ আপোনালোকৰ ওচৰত ব্যক্তিগত প্ৰাৰ্থনা।

ধন্যবাদ বন্ধুসকল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership