"ভাৰতৰ স্বাধীনতাৰ অমৃত কালত, আমি সৌৰাষ্ট্ৰ তামিল সংগমৰ দৰে গুৰুত্বপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হৈছোঁ"
"তামিল সৌৰাষ্ট্ৰ সংগম হৈছে চৰ্দাৰ পেটেল আৰু সুব্ৰমণ্য ভাৰতীৰ দেশপ্ৰেমমূলক প্ৰস্তাৱৰ এক সংগম"
"ভাৰত হৈছে এনে এখন দেশ যিয়ে ইয়াৰ বৈচিত্ৰ্যক এক বিশেষত্ব হিচাপে প্ৰত্যক্ষ কৰে"
"যেতিয়া আমি ইয়াক জানিব পাৰো তেতিয়াহে আমাৰ ঐতিহ্যৰ ওপৰত গৌৰৱ বৃদ্ধি পাব, দাসত্বৰ মানসিকতাৰ পৰা মুক্ত হৈ নিজকে জানিবলৈ চেষ্টা কৰিম"
"পশ্চিম আৰু দক্ষিণৰ সৌৰাষ্ট্ৰ আৰু তামিলনাডুৰ এই সাংস্কৃতিক সংমিশ্ৰণ হৈছে এক প্ৰবাহ যি হাজাৰ হাজাৰ বছৰ ধৰি চলি আহিছে"
"আটাইতকৈ কঠিন পৰিস্থিতিতো ভাৰতৰ উদ্ভাৱন কৰাৰ ক্ষমতা আছে"

ৱণক্কম সৌৰাষ্ট্ৰ! ৱণক্কম তামিলনাডু!

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী এল গণেশন জী, ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী ভাই পুৰুষোত্তম ৰূপালা জী, এল মুৰুগান জী, মীনাক্ষী লেখীজী, এই কাৰ্যসূচীৰ সৈতে জড়িত অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল, ‘সৌৰাষ্ট্ৰ তামিল সঙ্গমম, নিগল-চিয়িল, পঙ্গেৰ-কে ভান্দিৰুক্কুম, তামিলং সোন্দংগল আনাইভাৰায়ুম, ভাৰুগা ভাৰুগা এন ভাৰ্ভাৰকিৰেন। উঙ্গল আনাইভাৰাইয়ুম, গুজৰাট মন্নীল, ইন্দ্ৰু, সন্দিতাদিল্ পেৰু মাগিলচি’।

বন্ধুসকল,

এইটো কথা সঁচা যে আতিথ্যৰ আনন্দ অতিক অনন্য হয়। কিন্তু, যেতিয়া এজন ব্যক্তিয়ে বহু বছৰৰ পিছত নিজৰ ঘৰখনলৈ উভতি আহে, তেতিয়া সন্তোষ, উত্সাহ আৰু উল্লাস যেন কিছু বেলেগ হয়। আজি সেই একেই উত্সাহ-আনন্দৰেই একান্ত আন্তৰিকতাৰে সৌৰাষ্ট্ৰৰ প্ৰতিগৰাকী ব্যক্তিয়ে তামিলনাডুৰ পৰ অহা তেওঁলোকৰ ভাই-ভনীসকলক আদৰণি জনোৱাৰ বাবে তত্পৰ হৈ উঠিছে। আজি, সেই একেই উত্সাহ-আনন্দৰেই, ময়ো তামিলনাডুৰ মোৰ প্ৰিয়জনৰ মাজত ‘ভাৰ্চুৱেলী’ উপস্থিত হৈছোহি।

মোৰ মনত আছে, যেতিয়া মই মুখ্যমন্ত্ৰী আছিলোঁ, ২০১০ চনত মই মাদুৰাইত ইমান ডাঙৰ সৌৰাষ্ট্ৰ সংগমৰ আয়োজন কৰিছিলো। সৌৰাষ্ট্ৰৰ পৰা অহা আমাৰ ৫০,০০০তকৈয়ো অধিক ভাই-ভনী সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল। আৰু আজি সৌৰাষ্ট্ৰৰ মাটিত একেধৰণৰ মৰম আৰু আন্তৰিকতাৰ লহৰ দেখা গৈছে। আপোনালোক সকলো ইমান বৃহৎ সংখ্যাৰে তামিলনাডুৰ পৰা আপোনালোকৰ পূৰ্বপুৰুষৰ দেশলৈ আহিছে, আপোনালোকৰ ঘৰলৈ আহিছে। আপোনালোকৰ মুখৰ সন্তুষ্টি দেখি, মই নিশ্চিত ভাবে ক'ব পাৰোঁ আপোনালোকে ইয়াৰ পৰা বহুতো স্মৃতি আৰু আৱেগিক অনুভৱ আপোনালোকৰ লগত লৈ যাব।

আপোনালোকে নিশ্চয় সৌৰাষ্ট্ৰৰ পৰ্যটনকো যথেষ্ট উপভোগ কৰিছে। আপোনালোকে সৌৰাষ্ট্ৰৰ পৰা তামিলনাডুলৈ দেশখনক সংযোগ কৰা চৰ্দাৰ পেটেলৰ ‘ষ্টেচু অব ইউনিটী’ও পৰিদৰ্শন কৰিছে। অৰ্থাৎ অতীতৰ মূল্যৱান স্মৃতি, বৰ্তমানৰ সম্পৰ্ক তথা অভিজ্ঞতা, আৰু ভৱিষ্যতৰ বাবে সংকল্প আৰু অনুপ্ৰেৰণা, 'সৌৰাষ্ট্ৰ-তামিল সঙ্গম'ত, আমি এই সকলোবোৰৰ দৰ্শন একেলগে কৰিব পাৰিছো। এই অনন্য অনুষ্ঠানৰ বাবে মই সৌৰাষ্ট্ৰ আৰু তামিলনাডুৰ সকলো লোককে অভিনন্দন জনাইছো, আপোনালোক সকলোকে অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি স্বাধীনতাৰ অমৃত কালত আমি ‘সৌৰাষ্ট্ৰ-তামিল সঙ্গমম’ৰ দৰে সাংস্কৃতিক অনুষ্ঠানৰ এক নতুন পৰম্পৰা প্ৰত্যক্ষ কৰিছো। কেইমাহমান আগতে, বেনাৰসত কাশী-তামিল সঙ্গমমৰ আয়োজন কৰা হৈছিল, যাৰ বিষয়ে সমগ্ৰ দেশতে ব্যাপকভাৱে চৰ্চা হৈছিল। তেতিয়াৰ পৰা, দেশৰ বিভিন্ন প্ৰান্তত এনে কাৰ্যসূচীৰ বহুতো স্বতঃস্ফূৰ্ত প্ৰচেষ্টা আৰম্ভ হৈছে। আৰু আজি সৌৰাষ্ট্ৰৰ মাটিত আমি আকৌ এবাৰ ভাৰতৰ দুটা প্ৰাচীন ধাৰাৰ সঙ্গম প্ৰত্যক্ষ কৰিছো।

সৌৰাষ্ট্ৰ তামিল সঙ্গমম'ৰ এই অনুষ্ঠানটো কেৱল গুজৰাট আৰু তামিলনাডুৰে সঙ্গম নহয়। এইটো দেৱী মীনাক্ষী আৰু দেৱী পাৰ্বতীৰ ৰূপত 'এক শক্তি'ৰ উপাসনাৰো উৎসৱ। এইটো ভগৱান সোমনাথ আৰু ভগৱান ৰামনাথৰ ৰূপত 'এক শিৱ'ৰ ভাৱনাৰো উৎসৱ। এই সঙ্গমটো নাগেশ্বৰ আৰু সুন্দৰেশ্বৰৰ ভূমিৰো সঙ্গম। এয়া হৈছে শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰঙ্গনাথৰ ভূমিৰ সঙ্গম। এইটো নৰ্মদা আৰু বৈগাইৰ সঙ্গম। এইটো দাণ্ডিয়া আৰু কোলাট্টমৰ সঙ্গম! এইটো দ্বাৰকা আৰু মাদুৰাইৰ দৰে পবিত্ৰ বিশুদ্ধিৰ পৰম্পৰাৰ সঙ্গম! আৰু, এয়া হৈছে সৌৰাষ্ট্ৰ-তামিল সঙ্গম সঙ্গম– চৰ্দাৰ পেটেল আৰু সুব্ৰমনিয়াম ভাৰতীৰ ৰাষ্ট্ৰ-প্ৰথম মন্ত্ৰৰে সংপৃক্ত সংকল্পৰ! আমি এই সংকল্পসমূহৰ সৈতে আগবাঢ়িব লাগিব। আমি এই সাংস্কৃতিক ঐতিহ্যক সাৰথী কৰি লৈ ৰাষ্ট্ৰ নিৰ্মাণৰ পথত আগবাঢ়িব লাগিব।

 

বন্ধুসকল,

ভাৰত এখন দেশ যিয়ে এক বিশেষত্ব হিচাপে বৈচিত্ৰ্যৰ মাজত বাস কৰে। আমি এনে লোক যিয়ে বৈচিত্ৰ্যক উদযাপন কৰো। আমি বিভিন্ন ভাষা আৰু উপভাষা, বিভিন্ন কলা আৰু শৈলীক উদযাপন কৰোঁ। আমাৰ বিশ্বাসৰ পৰা আমাৰ আধ্যাত্মিকতালৈকে, সকলো ঠাইতেই বৈচিত্ৰ্য বিৰাজমান। আমি শিৱক উপাসনা কৰোঁ, কিন্তু ‘দ্বাদশ জ্যোতিৰ্লিংগ’ৰ আকৌ উপাসনা পদ্ধতিৰ নিজাকৈ ভিন্নতা আছে। আমি ব্ৰহ্মক বিভিন্ন ৰূপত 'একো অহম বহু শ্যাম' বুলি বিভিন্ন ৰূপত অন্বেষণ আৰু উপাসনা কৰোঁ। আমি 'গঙ্গে চ যমুনে চৈৱ, গোদাৱৰী সৰস্বতী'ৰ দৰে মন্ত্ৰত দেশৰ বিভিন্ন নদীসমূহক প্ৰণিপাত জনাওঁ।

এই বৈচিত্ৰ্যই আমাক বিভক্ত নকৰে, বৰঞ্চ, আমাৰ বান্ধোন, আমাৰ সম্পৰ্কক শক্তিশালী কৰিহে তোলে। কিয়নো আমি জানো, যেতিয়া বিভিন্ন সোঁত একেলগে আহে, সঙ্গমৰ সৃষ্টি হয়। সেয়েহে, আমি বহু শতাব্দী ধৰি এই পৰম্পৰাসমূহক কঢ়িয়াই লৈ আহিছো, আমি নদীৰ সঙ্গমৰ পৰা কুম্ভৰ দৰে আয়োজনৰে চিন্তাধাৰাৰ সংগম পৰ্যন্ত এই পৰম্পৰাসমূহক শতাব্দীৰ পিচত শতাব্দী ধৰি প্ৰতিপালন কৰি আহিছো।

এয়া হৈছে সঙ্গমৰ শক্তি, যাক সৌৰাষ্ট্ৰ তামিল সঙ্গমে আজি এক নতুন ৰূপত আগবঢ়াই নিছে। আজি যেতিয়া এনে মহান উৎসৱৰ ৰূপত দেশৰ ঐক্য গঢ়া হৈছে, চৰ্দাৰ চাহেবে নিশ্চয় আমাক আশীৰ্বাদ দি আছে। এয়া হৈছে দেশৰ হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামীৰ সপোনৰ পূৰ্তি, যিসকলে নিজৰ জীৱন উৎসৰ্গা কৰি 'এক ভাৰত-শ্ৰেষ্ঠ ভাৰত'ৰ সপোন দেখিছিল।

বন্ধুসকল,

আজি যেতিয়া আমি স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছো, দেশে 'ঐতিহ্যত গৌৰৱ'ৰ 'পঞ্চ প্ৰাণ'ৰ আহ্বান জনাইছে। আমাৰ ঐতিহ্যৰ ক্ষেত্ৰত গৌৰৱ তেতিয়াহে বৃদ্ধি পাব যেতিয়া আমি ইয়াক জানিম, দাসত্বৰ মানসিকতাৰ পৰা মুক্ত হম আৰু নিজকে জানিবলৈ চেষ্টা কৰিম! কাশী তামিল সঙ্গময়েই হওঁক বা সৌৰাষ্ট্ৰ তামিল সঙ্গময়েই হওঁক, এই অয়োজন ইয়াৰ বাবে এক প্ৰভাৱশালী অভিযান হৈ উঠিছে।

আপোনালোকে চাওকচোন, গুজৰাট আৰু তামিলনাডুৰ মাজত এনে বহুতো কথা আছে যিবোৰক ইচ্ছাকৃতভাৱে আমাৰ জ্ঞানৰ পৰা নিলগাই ৰখা হৈছে। বিদেশী আক্ৰমণৰ কালছোৱাত, সৌৰাষ্ট্ৰৰ পৰা তামিলনাডুলৈ হোৱা প্ৰব্ৰজনৰ বিষয়ে কিছু আলোচনা ইতিহাসৰ কেইজনমান বিশেষজ্ঞৰ মাজতে সীমাবদ্ধ আছিল! কিন্তু তাৰ আগতেও প্ৰাচীন কালৰ পৰাই এই দুখন ৰাজ্যৰ মাজত গভীৰ সম্পৰ্ক আছে। সৌৰাষ্ট্ৰ আৰু তামিলনাডু, পশ্চিম আৰু দক্ষিণৰ এই সাংস্কৃতিক সঙ্গম হৈছে এক প্ৰবাহ যি হাজাৰ হাজাৰ বছৰ ধৰি গতিশীল হৈ আহিছে।

বন্ধুসকল,

আজি আমাৰ ওচৰত ২০৪৭ চনৰ ভাৰতৰ লক্ষ্য আছে। আমাৰ সন্মুখত দাসত্ব আৰু পৰৱৰ্তী সাতটা দশকৰ প্ৰত্যাহ্বানো আছে। আমি দেশখনক আগুৱাই নিব লাগিব, কিন্তু বাটত বিঘিনি ঘটাব খোজা শক্তিও থাকিব, এনে লোকো থাকিব যিয়ে বিপথে পৰিচালিত কৰিব। কিন্তু, আটাইতকৈ কঠিন পৰিস্থিতিতো ভাৰতৰ উদ্ভাৱন কৰাৰ শক্তি আছে, সৌৰাষ্ট্ৰ আৰু তামিলনাডুৰ উমৈহতীয়া ইতিহাসে আমাক এই প্ৰত্যয়কে প্ৰদান কৰে।

আপোনালোকে মনত পেলাওকচোন, যেতিয়া ভাৰতত বিদেশী আক্ৰমণকাৰীৰ আক্ৰমণ আৰম্ভ হৈছিল, সোমনাথৰ ৰূপত দেশৰ সংস্কৃতি আৰু সন্মানৰ ওপৰত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ আক্ৰমণ হৈছিল, সেই যুগত আজিৰ দৰে কোনো সংসাধনো নাছিল। তথ্য প্ৰযুক্তিৰ যুগ নাছিল, অহা যোৱা কৰিবলৈ কোনো দ্ৰুত ৰেল আৰু বিমানৰ ব্যৱস্থা নাছিল। কিন্তু, আমাৰ পূৰ্বপুৰুষসকলে এই কথা জানিছিল যে- ‘হিমালয়াত্ সমাৰভ্য, যাৱত ইন্দু সৰোবৰম। তঁ দেৱ-নিৰ্মিত দেশঁ, হিন্দুস্থান প্ৰচক্ষতে’।। অৰ্থাৎ হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈকে এই সমগ্ৰ দেৱভূমি আমাৰ নিজৰ ভাৰত দেশ। সেয়েহে তেওঁলোকৰ এনে চিন্তা হোৱা নাছিল যে ইমান দূৰৈত এটা নতুন ভাষা, নতুন মানুহ, নতুন পৰিৱেশ থাকিব, গতিকে, তাতনো তেওঁলোক কেনেকৈ থাকিবগৈ। বহু সংখ্যক লোকে তেওঁলোকৰ বিশ্বাস আৰু পৰিচয় সুৰক্ষিত কৰিবলৈ সৌৰাষ্ট্ৰৰ পৰা তামিলনাডুলৈ প্ৰব্ৰজন কৰিছিল। তামিলনাডুৰ ৰাইজে তেওঁলোকক মুক্ত হৃদয়ৰে, একে পৰিয়ালৰ লোক বুলি আদৰণি জনাইছিল, তেওঁকলোকক এক নতুন জীৱনৰ বাবে সকলো স্থায়ী সুবিধাই প্ৰদান কৰিছিল। 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ ইয়াতকৈ ডাঙৰ আৰু উন্নত উদাহৰণ আন কি হ'ব পাৰে?

 

বন্ধুসকল,

 

মহান সন্ত থিৰুৱল্লাৱৰজীয়ে কৈছিল – “অগন্ অমৰ্ণ্ডু, চেয়াল উৰৈয়ুম মুগন্ অমৰ্ণ্ডু, নল ৱিৰুণ্ডু, ওম্বুৱান ইল” অৰ্থাত, সুখ, সমৃদ্ধি আৰু ভাগ্য, সেইসকল ব্যক্তিৰ লগত থাকে যিসকলে তেওঁলোকৰ ঠাইলৈ আনক আনন্দেৰে স্বাগতম জনায়। সেয়েহে, আমি সাংস্কৃতিক সংঘৰ্ষৰ ওপৰত নহয়, সমন্বয়ৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি সঙ্গম আৰু সমাৱেশক কঢ়িয়াই নিব লাগিব, বিবাদক নহয়। আমি ভিন্নতা বিচাৰিব নালাগিব, আমি আৱেগিক সম্পৰ্কহে গঢ়ি তুলিব লাগিব।

তামিলনাডুত বসতি স্থাপন কৰা সৌৰাষ্ট্ৰ মূলৰ লোক আৰু তামিলগমৰ লোকসকলে মিলা-প্ৰীতেৰে জীয়াই থাকি এই নিদৰ্শনকে দাঙি ধৰিছে। আপোনালোক সকলোৱে তামিলক আপোন কৰি লৈছিল, কিন্তু একে সময়তে সৌৰাষ্ট্ৰৰ ভাষা, খাদ্য আৰু ৰীতি-নীতিকো মনত ৰাখিছে। এয়া হৈছে ভাৰতৰ অমৰ পৰম্পৰা, যিয়ে সকলোকে লগত লৈ, সকলোকে গ্ৰহণ কৰি আগবাঢ়ি যায়, সকলোকে আকোৱালী আগবাঢ়ি যায়।

মই সুখী যে আমি সকলোৱে আমাৰ পূৰ্বপুৰুষসকলৰ সেই অৱদান কৰ্তব্যবোধেৰে আগবঢ়াই আনিছো। মই বিচাৰো যে আপোনালোকে স্থানীয় পৰ্যায়তো এইদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলকো আমন্ত্ৰণ জনাব, তেওঁলোকক ভাৰতক জানিবলৈ আৰু জীয়াই থাকিবলৈ সুযোগ দিব। মই নিশ্চিত যে সৌৰাষ্ট্ৰ তামিল সঙ্গম এই দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে চিহ্নিত হ'ব।

এই মনোভাৱৰে, তামিলনাডুৰ পৰা আপোনালোক ইমান বৃহৎ সংখ্যাৰে আহিছে। মই নিজে গৈ আপোনালোকক আদৰণি জনাব পৰাহেতেন মোৰ বেছি ভাল লাগিলহেতেন। কিন্তু সময়ৰ অভাৱত, মই আহিব নোৱাৰিলোঁ। কিন্তু ‘ভাৰ্চুৱেলী’ হ’লেও আজি মই আপোনালোক দৰ্শন কৰাৰ সুযোগ পাইছো। পিচে যি মনোভাৱৰে এই সংগমৰ আয়োজন কৰা হৈছে, সেই ভাৱনাক আমি আগবঢ়াই নিব লাগিব। আমি সেই অনুভৱৰে জীৱন অতিবাহিত কৰিব লাগিব। আৰু আমাৰ ভৱিষ্যত প্ৰজন্মও সেই অনুভৱৰ বাবে সাজু থাকিব লাগিব। ইয়াকে কামনা কৰি, আপোনালোকক বহুত ধন্যবাদ! ‘ৱণক্কম্’!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Tiruvallur district of Tamil Nadu
June 21, 2026

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to a mishap in Tiruvallur district of Tamil Nadu.

The Prime Minister conveyed his condolences to those who have lost their loved ones.

Shri Modi also prayed for the speedy recovery of the injured.

The Prime Minister’s Office posted on X;

“Deeply pained to hear about the loss of lives due to a mishap in Tiruvallur district of Tamil Nadu. My condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured: PM @narendramodi”