এই সাংস্কৃতিক কেন্দ্ৰত চৰ্দাৰ পেটেলৰ মূর্তি স্থাপন কৰা হৈছে
চৰ্দাৰ পেটেলৰ এই মূর্তিয়ে কেৱল আমাৰ সাংস্কৃতিক মূল্যবোধকে শক্তিশালী নকৰে, ই দুয়োখন দেশৰ মাজত সম্পর্কৰ প্রতীক হৈ ৰ’ব
ভাৰত কেৱল এটা জাতি নহয়, বৰঞ্চ এক আদর্শ আৰু সংস্কৃতিৰ দেশ
ভাৰতে কেতিয়াও আনৰ ক্ষতি কৰি নিজৰ উন্নতিৰ সপোন নেদেখে
স্বাধীনতা সংগ্রামীসকলে এনে এক আধুনিক আৰু প্রগতিশীল ভাৰতৰ সপোন দেখিছিল, যাৰ সৈতে চিন্তা-ভাৱনা আৰু দর্শনৰ বান্ধোন গভীৰ আছিল
চৰ্দাৰ পেটেল হাজাৰ হাজাৰ বছৰৰ পৰম্পৰা স্মৰণ কৰিবলৈ সোমনাথ মন্দিৰ পুনৰুদ্ধাৰ কৰিছিল
আজাদী কা অমৃত মহোৎসৱৰ সময়ত চৰ্দাৰ পেটেলৰ সপোনৰ এখন নতুন ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি লৈ আমি নিজেই পুনৰ উৎসৰ্গা কৰিছো
ভাৰতৰ অমৃত শপত সমগ্ৰ বিশ্বত বিয়পি পৰিছে আৰু সেইবোৰে সমগ্ৰ বিশ্বৰ সৈতে যোগসূত্র স্থাপন হৈছে
আমাৰ কঠোৰ পৰিশ্রম কেৱল নিজৰ বাবেই নহয়, বৰঞ্চ ভাৰতৰ অগ্রগতিৰ লগতে সমগ্ৰ মানৱ জাতিৰ কল্যাণ নিহিত আছে

নমস্কাৰ!

আপোনালোক আটাইকে আজাদী কা অমৃত মহোৎসৱ আৰু গুজৰাট দিৱসৰ শুভেচ্ছা জনালো! কানাডাত ভাৰতীয় সংস্কৃতি আৰু ভাৰতীয় প্ৰমূল্যৰাজিক সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত অন্টাৰিঅ'-স্থিত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰই পালন কৰা ভূমিকা সম্পৰ্কে আমি সকলো অৱগত। মই কানাডা ভ্ৰমণ কৰি অনুভৱ কৰিছো যে আপোনাসৱ আপোনালোকৰ এই প্ৰচেষ্টাৰাজিত সফল হৈছে আৰু আপোনালোকে নিজৰ মনত এক ইতিবাচক ধাৰণা গ্ৰহণ কৰিছে। আমি ২০১৫ ৰ অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰো, কানাডাত ভাৰতীয় মূলৰ লোকসকলৰ সেই স্নেহ আৰু মৰমৰ কথা। মই এই উদ্ভাৱনীমূলক প্ৰচেষ্টাৰে জড়িত সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰ আৰু আপোনালোক আটাইকে অভিনন্দন জনালো। সনাতন মন্দিৰত চৰ্দাৰ বল্লভভাই পেটেলৰ এই প্ৰতিমূৰ্তিয়ে কেৱল আমাৰ সাংস্কৃতিক মূল্যবোধক সুদৃঢ় কৰাই নহয়, বৰঞ্চ দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ প্ৰতীক হৈ উঠিব।

বন্ধুসকল, এজন ভাৰতীয়ই বিশ্বখনৰ য'তেই বসবাস নকৰক কিয়, তেওঁ যিমান প্ৰজন্ম ধৰি বাস নকৰক কিয়, তেওঁৰ ভাৰতীয়ত্ব, ভাৰতৰ প্ৰতি তেওঁৰ আনুগত্য অলপো হ্ৰাস নহয়। ভাৰতীয় লোকে যিখন দেশতে বাস নকৰক কিয়, তেওঁ সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে সেই দেশত সেৱা আগবঢ়ায়। গণতান্ত্ৰিক মূল্যবোধ, তেওঁৰ পূৰ্বপুৰুষসকলে ভাৰতৰপৰা কঢ়িয়াই অনা কৰ্তব্যবোধ, তেওঁৰ হৃদয়ত সদায়েই সজীৱ হৈ থাকে।

ইয়াৰ কাৰণ হৈছে, ভাৰত এখন ৰাষ্ট্ৰ হোৱাৰ লগতে, এক মহান পৰম্পৰাও, এক আদৰ্শগত প্ৰতিষ্ঠান, এক সংস্কাৰ ব্যৱস্থা। ভাৰত হৈছে 'বসুধৈৱ কুটুম্বকম' সম্পৰ্কে কোৱা শীৰ্ষ চিন্তাধাৰা। ভাৰতে আনৰ ক্ষতিৰ বিনিময়ত নিজৰ উত্থানৰ সপোন নেদেখে। ভাৰতে ইয়াৰ লগতে সমগ্ৰ মানৱতা, সমগ্ৰ বিশ্বৰ কল্যাণ কামনা কৰে। সেয়েহে, কানাডা বা আন যিকোনো দেশত ভাৰতীয় সংস্কৃতিৰ প্ৰতি সমৰ্পিত এক চিৰন্তন মন্দিৰ নিৰ্মাণ কৰা কাৰ্য্যই সেই দেশৰ মূল্যবোধকো সমৃদ্ধ কৰে।

সেয়েহে, আপোনাসৱে কানাডাত ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা কাৰ্য্যই গণতন্ত্ৰৰ সহভাজিত ঐতিহ্য উদযাপন কৰাকো সূচিত কৰে। আৰু সেয়েহে, ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই উদযাপনে কানাডাৰ জনসাধাৰণক ভাৰতক অধিক নিবিড়ভাৱে চাবলৈ এটি সুযোগো প্ৰদান কৰিব বুলি মই বিশ্বাস কৰো।

বন্ধুসকল,

অমৃত মহোৎসৱ, সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰৰ স্থান আৰু চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিৰে সম্পৰ্কীয় এই কাৰ্য্যসূচী নিজেই ভাৰতৰ এক মহান ছবি। স্বাধীনতা সংগ্ৰামত আমাৰ স্বাধীনতা সংগ্ৰামীসকলে কি সপোন দেখিছিল? তেওঁলোকে কেনেকৈ এখন মুক্ত দেশৰ বাবে সংগ্ৰাম কৰিছিল? এনে এখনি ভাৰত যি আধুনিক, এনে এখনি ভাৰত যি প্ৰগতিশীল! আৰু একে সময়তে, এনে এখনি ভাৰত যি ইয়াৰ চিন্তাধাৰাৰদ্বাৰা, ইয়াৰ ভাৱনাৰাজিৰদ্বাৰা, ইয়াৰ দৰ্শনৰদ্বাৰা বদ্ধমূলভাৱে সংযুক্ত। সেয়েহে, চৰ্দাৰ চাহেবে ভাৰতক ইয়াৰ কেইবা হাজাৰ বছৰীয়া লিগেছীৰ কথা মনত পেলাই দিবলৈ সোমনাথ মন্দিৰক পুনৰুজ্জীৱিত কৰে, যি স্বাধীনতাৰ পিছত এক নতুন সন্ধিক্ষণ হিচাপে পৰিগণিত হৈছিল। গুজৰাট সেই সাংস্কৃতিক মহাযজ্ঞৰ সাক্ষী আছিল।

আজি স্বাধীনতাৰ অমৃত মহোৎসৱত আমি এনেধৰণৰ এখনি নৱ্য ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰিছো। আমি চৰ্দাৰ চাহেবৰ সেই সপোন পৰিপূৰণৰ সংকল্পৰ কথা পুনৰ স্মৰণ কৰিছো। আৰু এই 'একতাৰ প্ৰতিমূৰ্তি' (Statue of Unity) দেশখনৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা। 'ষ্টেচু অৱ ইউনিটি' ৰ প্ৰতিকৃতি হিচাপে, কানাডাৰ সনাতন মন্দিৰ সাংস্কৃতিক কেন্দ্ৰত চৰ্দাৰ চাহেবৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব।

বন্ধুসকল,

আজিৰ কাৰ্য্যসূচী ভাৰতৰ অমৃত সংকল্প কেৱল ভাৰতৰ সীমাতে যে সীমাবদ্ধ নহয়, তাকে সূচিত কৰিছে। এই সংকল্পৰাজি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে, সমগ্ৰ বিশ্বকে সংযোগ কৰিছে। আজি আমি 'আত্মনিৰ্ভৰ ভাৰত' অভিযানক আগুৱাই নিয়াৰ সময়তে আমি বিশ্বখনৰ বাবে প্ৰগতিৰ নতুন সম্ভাৱনা মুকলিৰ কথাও কৈছো। আজি আমি যোগৰ প্ৰসাৰৰ বাবে চেষ্টা কৰাৰ সময়তে, আমি বিশ্বৰ প্ৰতিজন ব্যক্তিৰ 'সৰ্বে সন্তু নিৰাময়' কামনা কৰিছো।

তদুপৰি, জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ দৰে বিষয়ত ভাৰতৰ কণ্ঠস্বৰে সমগ্ৰ মানৱজাতিক প্ৰতিনিধিত্ব কৰিছে। ভাৰতৰ এই অভিযানক আগুৱাই নিয়াৰ সময় সমাগত। আমাৰ কঠোৰ পৰিশ্ৰম কেৱল আমাৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ মানৱজাতিৰ কল্যাণৰ অৰ্থে যি ভাৰতৰ প্ৰগতিৰে সংযুক্ত আৰু আমি ইয়াক বিশ্বক উপলব্ধি কৰাব লাগিব। আপোনালোক সকলো ভাৰতীয় আৰু ভাৰতীয় মূলৰ সকলো লোকৰে এই ক্ষেত্ৰত এক বৃহৎ ভূমিকা আছে।

অমৃত মহোৎসৱৰ এই কাৰ্য্যসূচীৰাজি ভাৰতৰ প্ৰচেষ্টা, ভাৰতৰ ধাৰণাসমূহ বিশ্বলৈ লৈ যোৱাৰ এক মাধ্যম হ'ব লাগে আৰু ই আমাৰ অগ্ৰাধিকাৰ হ'ব লাগে! মই নিশ্চিত যে আমাৰ এই আদৰ্শসমূহ অনুসৰণেৰে আমি এখন নৱ্য ভাৰতো গঢ়ি তুলিম আৰু এখন উন্নত বিশ্বৰ সপোন বাস্তৱায়িত কৰিম। সেই ভাৱনাৰেই, আপোনালোক আটাইকে অশেষ ধন্যবাদ জনালো!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Bishkek Balancing Act: How India’s dual engagements define its strategic autonomy

Media Coverage

The Bishkek Balancing Act: How India’s dual engagements define its strategic autonomy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives in firecracker factory mishap in Kaushambi
August 31, 2026
PM announces ex-gratia from Prime Minister’s National Relief Fund

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the loss of lives in a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. Shri Modi conveyed his condolences to the bereaved families and prayed for the speedy recovery of the injured.

Shri Modi also announced an ex-gratia of ₹2 lakh from the Prime Minister’s National Relief Fund (PMNRF) to the next of kin of each deceased and ₹50,000 for the injured.

The Prime Minister posted on X;

Extremely saddened by the loss of lives due to a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi